জয় বৰুৱা জীৱনী | Joi barua Biography

জয় বৰুৱা | Joi barua Essay in Assamese | Biography of Joi barua in Assamese | জয় বৰুৱা বিষয়ে জীৱনী | জয় বৰুৱা বিষয়ে ৰচনা | জয় বৰুৱাৰ চমু পৰিচয়।

নিজস্ব স্বকীয়তাৰে অসমৰ লগতে মুম্বাইতো জনপ্ৰিয়তা অৰ্জন কৰা এজন শিল্পী হ’ল জয় বৰুৱা (Joi barua)। সস্তীয়া জনপ্ৰিয়তাৰ বিপৰীতে প্ৰকৃত শিল্পী সুলভ মনোবৃত্তিৰে সংগীতৰ সাধনা কৰা জয় বৰুৱা অসমৰ গৌৰৱ।

Joi barua

জয় বৰুৱা জীৱনী | Joi barua Biography

নামজয় বৰুৱা (Joi barua)
জন্ম স্থানডিগবৈ, তিনিচুকীয়া, অসম
পিতৃৰোহিনি ধৰ বৰুৱা
মাতৃৰঞ্জনা বৰুৱা
শিক্ষাশ্বিলংৰ চেইণ্ট এণ্টনিচ্ স্কুল (St. Anthony’s School, Shillong)
স্নাতক- গুৱাহাটী কমাৰ্চ কলেজ (Gauhati Commerce College)
বঁটা/ সন্মান১) শ্ৰেষ্ঠ নবাগত কণ্ঠশিল্পী (পুৰুষ) – বিগ অসমীয়া মিউজিক এৱাৰ্ড ২০১০ (“জয়: লুকিং আউট দা উইণ্ডো”-ৰ বাবে )
২) ‘কাঁ চলচ্চিত্ৰ মহোৎসৱ’ত  ‘শ্ৰেষ্ঠ ছাউণ্ডট্ৰেক’ বঁটা।

কৰ্মজীৱন

শৈশৱৰ পৰা সংগীত সাধনাৰ প্ৰতি ধাউতি থকা জয় বৰুৱা(Joi Barua)ই  বিজ্ঞাপন জিংগলত কন্ঠদানৰ দ্বাৰাই সংগীতক জীৱিকা হিচাপে লৈ যাত্ৰা আৰম্ভ কৰিছিল ।ইয়াৰ পৰৱৰ্তী সময়ত জয় বৰুৱাই আৰু থমকি ৰ’ব লগা হোৱা নাই। অসমীয়া ভাষাৰ সমান্তৰালকৈ হিন্দী আৰু তেলেগু ভাষাতো গীত পৰিৱেশন কৰি দৰ্শকৰ সমাদৰ লাভ কৰা জয় বৰুৱাৰ “জয়” নামৰ এটা দল(Band)ও আছে।

জয় বৰুৱাই কন্ঠদান কৰা বোলছবি সমূহ হৈছে- “মুঝচে ফ্ৰেণ্ডচিপ কৰোগে” (Mujhse Fraaandship Karoge )(২০১১), “জীন্দেগী না মিলেগী দুবাৰা” (Zindagi Na Milegi Dobara)(২০১১), “লাভ কা দি এণ্ড” (Luv Ka The End)(২০১১), “ন’ ৱান কিল্ড জেছিকা” (No One Killed Jessica )(২০১১), “উড়ান” (Udaan)(২০১০), “হেল্প” (Help)(২০১০), “ডেভ ডি” (Dev D)(২০০৯), “অজব প্ৰেম কি গজব কাহানী”(Ajab Prem Ki Ghazab Kahani ) (২০০৯), “জাম্বো” (Jumbo)(২০০৮), “গোলমাল ৰিটাৰ্ণচ” (Golmal Returns)(২০০৮), “টচন” (Tashan)(২০০৮), “জব উই মেট” (Jab We Met)(২০০৭), “ভুল ভুল্লৈয়া” (Bhool Bhulaiyaa)(২০০৭), “ভাগম ভাগ” (Bhagam Bhag)(২০০৬), “গেঙষ্টাৰ” (Gangster)(২০০৬), “লগে ৰহো মুন্না ভাই” (Lage Raho Munna Bhai)(২০০৬), “জীন্দেগী ৰকচ্” (Zindaggi Rocks)(২০০৬), “ৱক্ত: দা ৰেচ এগেইনষ্ট টাইম” (Waqt: The Race Against Time)(২০০৫), “ক্যা কুল হে হাম” (Kyaa Kool Hain Hum)(২০০৫), “এক আজনবি” (Ek Ajnabee )(২০০৫), “নীল এণ্ড নিক্কি” (Neal ‘n’ Nikki)(২০০৫), “মুন্না ভাই এম বি বি এচ” (Munna Bhai M.B.B.S.)(২০০৩) ইত্যাদি।

Read Also: দিপালী বৰঠাকুৰ জীৱনী | Dipali Borthakur Biography

ৰক(Rock), চ’ল(Soul), ৱৰ্ল্ড বিট(Worldbeat) আৰু লোক-সংগীতৰ সংমিশ্ৰণত ২০১০ চনত নিজা বেণ্ড “জয়”ৰ জৰিয়তে জয় বৰুৱাই মুক্তি দিয়ে অসমীয়া ভাষাৰ “জয়: লুকিং আউট অʼফ দা উইণ্ডʼ “(Joi: Looking out of the Window) নামৰ এটা গীতৰ এলবাম।২০১০ চনতেই জয় বৰুৱা(Joi Barua)ই এই এলবামটোৰ বাবেই বিগ অসমীয়া মিউজিক এৱাৰ্ডত “শ্ৰেষ্ঠ নৱাগত কন্ঠশিল্পী বঁটা” লাভ কৰে। হেঙুল থিয়েটাৰৰ নাটক “খিৰিকী” ত জয় বৰুৱাই পোন প্ৰথমবাৰৰ বাবে এটা অসমীয়া গীতত নেপথ্য গায়ক ৰূপে কন্ঠদান কৰে।

অমিত ত্ৰিবেদী, প্ৰিতম, অনু মালিক, আশিতোশ পাঠক, ৰাম সম্পত, শংকৰ-এহচান-লয়, চেলিম-চুলেমান, বিশাল-শেখৰ, ললিত পণ্ডিত আদি জনপ্ৰিয় সংগীত পৰিচালকৰ লগত কাম কৰা জয় বৰুৱাই  “কালভাৰ কিঙ” নামৰ তেলেগু ভাষাৰ ছবিত নেপথ্য গায়ক হিচাপে কণ্ঠদান কৰিছে।

বৰ্তমান মুম্বাই নিবাসী জয় বৰুৱা অসমীয়া সংগীতজগতৰ এজন প্ৰতিভাৱান শিল্পী। সস্তীয়া জনপ্ৰিয়তাৰ বিপৰীতে প্ৰকৃত শিল্পী সত্বাৰে সংগীত চৰ্চাত মনোনিবেশ কৰা জয় বৰুৱা (Joi Barua)ৰ ব্যক্তিত্ব আদৰণীয় তথা অনুকৰণীয়।

FAQ

1. জয় বৰুৱাৰ পিতৃৰ নাম কি আছিল?

Ans. জয় বৰুৱাৰ পিতৃৰ নাম ৰোহিনি ধৰ বৰুৱা আছিল।

2. জয় বৰুৱাৰ মাতৃৰ নাম কি আছিল?

Ans. জয় বৰুৱাৰ মাতৃৰ নাম ৰঞ্জনা বৰুৱা আছিল।

3. জয় বৰুৱা কত জন্ম গ্ৰহন কৰিছিল?

Ans. জয় বৰুৱা ডিগবৈ, তিনিচুকীয়া, অসমত জন্ম গ্ৰহন কৰিছিল।

NEW VIDEO CLASS

Subject Ka Complete Video Solution Dekhein

Step-by-step easy concept explanation aur full questions Answer ke liye watch karein ya app download karein:

Leave a Reply

This site uses Akismet to reduce spam. Learn how your comment data is processed.

Scroll to Top