⚡ Durga Puja Special Offer Class 10 & 12 All-in-One Bundles (6 Subjects @ ₹299 ₹599)
Ends: 08: 45: 20

দিপালী বৰঠাকুৰ জীৱনী | Dipali Borthakur Biography

দিপালী বৰঠাকুৰ | Dipali Borthakur Essay in Assamese | Biography of Dipali Borthakur in Assamese | দিপালী বৰঠাকুৰ বিষয়ে জীৱনী | দিপালী বৰঠাকুৰ বিষয়ে ৰচনা | দিপালী বৰঠাকুৰৰ চমু পৰিচয়।

অসমৰ সংগীত জগতৰ এটা অন্যতম ভোটাতৰা হ’ল দিপালী বৰঠাকুৰ। নিজৰ কোকিলকন্ঠেৰে অসমবাসী ৰাইজৰ সুৰৰ মায়াজালেৰে বান্ধি ৰখা দিপালী বৰঠাকুৰক জনা যায় অসমৰ নাইটিংগেল ৰূপে।

Dipali Borthakur

দিপালী বৰঠাকুৰ জীৱনী | Dipali Borthakur Biography

নামদিপালী বৰঠাকুৰ (Dipali Borthakur)
জন্ম চন৩০ জানুৱাৰী, ১৯৪১ চন
জন্ম স্থাননীলমণি চাহ বাগিচা
পিতৃৰ নামবিশ্বনাথ বৰঠাকুৰ
মাতৃৰ নামআইমণি বৰঠাকুৰ
স্বামীৰ নামনীলপৱন বৰুৱা
মৃত্যু২১ ডিচেম্বৰ, ২০১৮ চন
বঁটা সন্মান১) ১৯৫৬ চনত ‘অসম সংগীত নাটক একাডেমী’ৰ উদ্যোগত অনুষ্ঠিত ‘সংগীত সমাৰোহ’ত শ্ৰেষ্ঠ গায়িকাৰ সন্মান।
২) ১৯৯৮ চনত পদ্মশ্ৰী সন্মান
৩) ২০১০ চনত অসম চৰকাৰৰ শিল্পী বঁটা
৪) ২০০৭ চনত লিঅ’ এক্সপো শিল্পী সন্মান
৫) ২০১২ চনত আইদেউ সন্দিকৈ বঁটা

এটা সাংস্কৃতিক পৰিবেশত ডাঙৰ দীঘল হোৱা দীপালী বৰঠাকুৰে পিতৃ বিশ্বনাথ বৰঠাকুৰ আৰু জেষ্ঠ ভাতৃ ভূপেন আৰু ভবেন বৰঠাকুৰৰ সৈতে নিজ বাসগৃহতেই সংগীত চৰ্চা কৰিছিল। পৰৱৰ্তী সময়ত শৈশৱৰে পৰা সংগীতৰ প্ৰতি ধাউতি থকা দিপালী বৰঠাকুৰে মইনা মেলৰ জৰিয়তে নিজৰ প্ৰতিভাৰ উমান দিছিল।

স্কুলত পঢ়ি থাকোঁতেই ১৯৫৮ চনত লীলা গগৈয়ে ৰচনা কৰা গীত “মোৰ বোপাই লাহৰী/নাপাইছো আহৰি” শীৰ্ষক গীতেৰে আকাশবাণী গুৱাহাটী কেন্দ্ৰৰ সংগীত পৰিবেশন কৰি সাংগীতিক যাত্ৰা আৰম্ভ কৰা দীপালী বৰঠাকুৰে‌ ক’তো থমকি ৰ’ব লগা হোৱা নাই।

অনাতাঁৰ কেন্দ্ৰৰো স্বীকৃতিপ্ৰাপ্ত শিল্পী দিপালী বৰঠাকুৰৰ পৰিবেশন কৰা ‘বন্ধু সময় পালে আমাৰ ফালে এবাৰ আহি যাবা’ শীৰ্ষক গীতটিৰে অসমীয়া শ্ৰোতা ৰাইজৰ মনত এক নিগাজিকৈ স্থান দখল কৰিবলৈ সক্ষম হয়। নেপথ্য কণ্ঠশিল্পী হিচাপে গীত গোৱাৰ দীপালী বৰঠাকুৰৰ প্ৰথমখন বোলছবি হ’ল “লাচিত বৰফুকন”। ১৯৫৯ চনত  মুক্তি পোৱা এই চলচ্চিত্ৰখনত দীপালী বৰঠাকুৰে কন্ঠদান কৰিছিল কৰিছিল “আবেগৰ বোকোচা বʼব মই নোৱাৰো, যৌৱনে আমনি কৰে” শীৰ্ষক গীতটোত।

পৰৱৰ্তী সময়ত দীপালী বৰঠাকুৰে কন্ঠদান কৰা কেইটামান চিৰসেউজ গীত হ’ল- বন্ধু সময় পালে এবাৰ আহি যাবা(কথা : ৰুদ্ৰ বৰুৱা),  চেনাই মই যাওঁ দেই

(কথা : কমল হাজৰিকা) , আগলি কলাপাত লৰে কি চৰে

(কথা : নিৰ্মলপ্ৰভা বৰদলৈ), জোন বাই এ বেজী এটি দে

(কথা : নিৰ্মলপ্ৰভা বৰদলৈ), ডালে ডালে গাই কুলি বুলবুলি

(কথা : ফণী তালুকদাৰ), জোনধনে জোনালীতে তৰাৱতী চাই(কথা : মুক্তি বৰদলৈ), কণমান বৰশীৰে চিপ

কথা : জয়ন্ত বৰুৱা, সোণৰ খাৰু নেলাগে মোক

(কথা : নিৰ্মলপ্ৰভা বৰদলৈ) ইত্যাদি।

কিন্তু দুৰ্ভাগ্যবশতঃ মাত্ৰ ২৭ বছৰ বয়সতে ১৯৬৮ চনত  ধৰা পৰিছিল দিপালী বৰঠাকুৰৰ ধৰা পৰিছিল  মটৰ-নিউৰণ ৰোগ। এই দুৰাৰোগ্য বেমাৰে ক্ৰমান্বয়ে কণ্ঠ ৰোধ পেলাইছিল এক অসাধাৰণ কন্ঠৰ অধিকাৰী দিপালী বৰঠাকুৰৰ। যাৰ বাবে পৰৱৰ্তী সময়ত কোনো গীত বাণীবদ্ধ কৰিব নোৱাৰিলে, অসমৰ নাইটিংগেল ৰূপে অভিহিত দীপালী বৰঠাকুৰকে। ১৯৬৯ চনত কণ্ঠদান কৰা ” লুইত অ নাযাবি বৈ ” গীতটো আছিল দীপালী বৰঠাকুৰৰ জীৱনৰ অন্তিম গীত। 

Read Also: ইন্দ্ৰ বণিয়া জীৱনী | Indra Bania Biography

১৫ বছৰৰ ভিতৰত বাণীবদ্ধ কৰি থৈ দীপালী বৰঠাকুৰৰ কন্ঠত ৪৪ টা গীতেই প্ৰতিটো সময়ত মোহাচ্ছন্ন কৰি ৰাখে সংগীত প্ৰেমী জনতাক। প্ৰজন্মৰ পৰা প্ৰজন্মলৈ ৰাখি থৈ যোৱা এইসমূহ গীতে মানুহৰ মনলৈ কঢ়িয়াই আনে গভীৰ প্ৰশান্তি।

১৯৭৬ চনত বিনন্দ চন্দ্ৰ বৰুৱাৰ পুত্ৰ চিত্ৰশিল্পী  নীল পৱন বৰুৱাৰ সৈতে বিবাহ পাশত আবদ্ধ হোৱা দিপালী বৰঠাকুৰৰ যুগ্মজীৱন আছিল স্বৰ্গীয় প্ৰেমৰ জীৱন্ত প্ৰতিভূৰ সাক্ষী। প্ৰজন্মৰ আদৰ্শ তথা সাহস। কন্ঠৰোদ্ধ হ’লেও স্বামী নীলপৱন বৰুৱাৰ অকৃত্ৰিম পৰিচৰ্য্যাত জীয়াই থকা সময়লৈকে দীপালী বৰঠাকুৰৰ মুখত পৰিস্ফুত হৈ আছিল এটা সৰল হাঁহি।

কণ্ঠত লোক জীৱনৰ সৰলতা আৰু মাধুৰ্য থকা দীপালী বৰঠাকুৰ জন্মগত প্ৰতিভাৰ সুউচ্চ কণ্ঠৰ অধিকাৰী হ’লেও তেখেতৰ ব্যক্তিত্ব আছিল সাধাৰণ। অসমীয়া সংগীত জগতত এখন চিৰ-স্মৰণীয় সন্মানীয় আসন দখল কৰা বৰঠাকুৰক ১৯৯৮ চনত চৰকাৰে সন্মানিত পদ্মশ্ৰী সন্মানেৰে।

পদ্মশ্ৰী সন্মান, অসম চৰকাৰৰ শিল্পী বঁটা, লিঅ’ এক্সপো শিল্পী সন্মান লগতে আইদেউ সন্দিকৈ বঁটা লাভ কৰা দীপালী বৰঠাকুৰে ২০১৮ চনৰ ২১ ডিচেম্বৰ ইহলীলা সম্বৰণ কৰিলেও তেখেতৰ অসাধাৰণ ব্যক্তিত্ব, চিৰসেউজ গীতসমূহ অসমবাসী ৰাইজৰ মাজত চিৰযুগমীয়া হৈ থাকিব। তেওঁৰ অবৰ্তমানতো চিৰসেউজ গীতবোৰত নামি আহে প্লাবন। আৱেগৰ ঢৌ আৰু মাটিৰ পৰশেৰে জীপাল হোৱা গীতবোৰত আজিও আছে আৱেগ আৰু সুকণ্ঠৰ এক মায়া। সুৰৰ যাদুৰে জনতাক মোহাচ্ছন্ন কৰি থকা  দিপালী বৰঠাকুৰ হ’ল অসমবাসীৰ আৱেগ,স্বাভীমান।

FAQ

  1. দিপালী বৰঠাকুৰৰ জন্ম কেতিয়া হৈছিল?

Ans. দিপালী বৰঠাকুৰৰ জন্ম ৩০ জানুৱাৰী,১৯৪১ চনত হৈছিল।

2. দিপালী বৰঠাকুৰৰ মৃত্যু কেতিয়া হৈছিল?

Ans. দিপালী বৰঠাকুৰৰ মৃত্যু ২১ ডিচেম্বৰ, ২০১৮ চনত হৈছিল।

3. দিপালী বৰঠাকুৰৰ পিতৃৰ নাম কি আছিল?

Ans. দিপালী বৰঠাকুৰৰ পিতৃৰ নাম বিশ্বনাথ বৰঠাকুৰ আছিল।

4. দিপালী বৰঠাকুৰৰ মাতৃৰ নাম কি আছিল?

Ans. আশফাকুল্লা খানৰ মাতৃৰ নাম আইমণি বৰঠাকুৰ আছিল।

5. দিপালী বৰঠাকুৰ কত জন্ম গ্ৰহন কৰিছিল?

Ans. দিপালী বৰঠাকুৰ নীলমণি চাহ বাগিচাত জন্ম গ্ৰহন কৰিছিল।

NEW VIDEO CLASS

Subject Ka Complete Video Solution Dekhein

Step-by-step easy concept explanation aur full questions Answer ke liye watch karein ya app download karein:

Leave a Reply

This site uses Akismet to reduce spam. Learn how your comment data is processed.

Scroll to Top