ইন্দ্ৰ বণিয়া জীৱনী | Indra Bania Biography

ইন্দ্ৰ বণিয়া | Indra Bania Essay in Assamese | Biography of Indra Bania in Assamese | ইন্দ্ৰ বণিয়া বিষয়ে জীৱনী | ইন্দ্ৰ বণিয়া বিষয়ে ৰচনা | ইন্দ্ৰ বণিয়াৰ চমু পৰিচয়।

Join Telegram channel

ওৰেটো জীৱন অভিনয় চৰ্চা কৰি সবল আৰু সাৱলিল অভিনয়ৰে কায়িক ভাৱে নাথাকিলেও দৰ্শকৰ মনত সুকীয়া স্থান দখল কৰি থকা এজন শক্তিশালী অভিনেতা হৈছে ইন্দ্ৰ বণিয়া(Indra Bania)। প্ৰথম বাৰৰ বাবে আন্তৰাষ্ট্ৰীয় চলচিত্ৰ মহোৎসৱত অসমলৈ শ্ৰেষ্ঠ অভিনেতাৰ সন্মান লাভ কৰি অসম গৌৰৱ কঢ়িয়াই অনা ব্যক্তিজন হ’ল ইন্দ্ৰ বণিয়া।

Indra Bania

ইন্দ্ৰ বণিয়া জীৱনী | Indra Bania Biography

নামইন্দ্ৰ বণিয়া (Indra Bania)
জন্ম চন১৯৪২ চন, ২৪ ডিচেম্বৰত
জন্মৰ স্থানলখিমপুৰৰ ঢলপুৰ
পিতৃ-মাতৃৰ নামপিতৃ আনন্দৰাম বণিয়া আৰু মাতৃ পদুমী বৰুৱা
পত্নীমিনু বণিয়া
পুত্ৰগৌৰৱ বণিয়া
মৃত্যু২০১৫ চন, ২৫ মাৰ্চ
সন্মান/ বঁটা(১) Silver Leopard (লোকাৰ্ণ’ চলচ্চিত্ৰ মহোৎসৱ, ১৯৮৮)
(২) নটসূৰ্য ফণী শৰ্মা বঁটা (২০১০)

নাট্যপ্ৰেমী ৰাইজৰ হিয়াৰ আমঠু আছিল ইন্দ্ৰ বণিয়া।লখিমপুৰৰ ঢলপুৰৰ এক সাংস্কৃতিবান পৰিয়ালত ডাঙৰ হোৱা ইন্দ্ৰ বণিয়া শৈশৱতে ভাওনাত অভিনয়ৰ জৰিয়তে আকৃষ্ট হৈছিল নাট্যচৰ্চাৰ প্ৰতি। গাৱঁৰ নামঘৰত লগৰ সমনীয়াৰ সৈতে ভাওনাৰ বচন মতাৰ সমান্তৰালকৈ অভিনয় প্ৰতি ৰাপ থকাৰ বাবেই ‘মইনা-মেল’ত ভাগ লৈছিল আৰু তেতিয়াৰ পৰাই ৬৪ ক’লাৰ ভিতৰত এক অন্যতম নাট্য ক’লাৰ প্ৰতি অহেতুক প্ৰীতি থকা ইন্দ্ৰ বণিয়া পৰৱৰ্তী সময়ত এজন সবল অভিনেতা ৰূপে প্ৰতিষ্ঠিত হৈছিল।

অসমৰ নাট্যজগতৰ অন্যতম অভিন্ন সত্বা চন্দ্ৰ ফুকন আৰু সাৰদাকান্ত বৰদলৈৰ অভিনয়ৰ প্ৰতি আকৃষ্ট হোৱা  ইন্দ্ৰ বণিয়া কলকাতাৰ পৰা অসমলৈ অভিনয় কৰিবলৈ অহা প্ৰখ্যাত নাট্যশিল্পী শম্ভু মিত্ৰ, উৎপল দত্ত, তৃপ্তি মিত্ৰৰ অভিনয়ৰ প্ৰতি আকৰ্ষিত হোৱাৰ লগতে অনুপ্ৰাণিত হৈছিল।

গহীন তথচ সৰলতাৰ প্ৰতিভু, ধেমেলীয়া ব্যক্তিত্বৰ গৰাকী ইন্দ্ৰ বণিয়া আকাশবাণী গুৱাহাটী’ যোগে প্ৰচাৰিত আৰু তৰুণ শইকীয়া ৰচিত নাটক ‘গোবৰ্ধন চৰিতʼত কেন্দ্ৰীয় চৰিত্ৰৰ লগতে ‘মইনা সংবাদ’ত কেন্দ্ৰীয় চৰিত্ৰত অভিনয় কৰি অসমবাসী জনতাৰ হৃদয়ত নিজৰ স্থান যুগমীয়া কৰিছিল।

পুলক গগৈ পৰিচালিত ‘খোজ’ বোলছবি খনত ১৯৭৫ চনত অভিনেতা হিচাপে আত্মপ্ৰকাশ কৰি পৰৱৰ্তী সময়ত তেখেতে প্ৰায় ৩৫ খনৰো অধিক বোলছবিত অভিনয় কৰে। ইন্দ্ৰ বণিয়াই অভিনয় কৰা বোলছবি সমূহ হ’ল -খোজ (১৯৭৫), আদালত (১৯৭৬), শ্ৰীমতী মহিমাময়ী (১৯৭৯), অপৰূপা (১৯৮২), অপেক্ষা (অপৰূপাৰ হিন্দী সংস্কৰণ), সেন্দূৰ (১৯৮৪), অগ্নিস্নান (১৯৮৫), পূজা (১৯৮৫), সূৰুয (১৯৮৫), ব’হাগৰ দুপৰীয়া (১৯৮৫), পাপৰি (১৯৮৬), হালধীয়া চৰায়ে বাওধান খায় (১৯৮৭), জেতুকী (১৯৮৭), ধ্ৰুৱতৰা (১৯৯০), উত্তৰকাল (১৯৯০), ৰঙা মদাৰ (১৯৯২), হলধৰ (১৯৯২), মীমাংসা (১৯৯৪), উৰ্বশী (১৯৯৫), যৌৱনে আমনি কৰে (১৯৯৫), মৎস্যগন্ধা (২০০০), দমন (হিন্দী ২০০১), শেষ উপহাৰ (২০০২), কইনা মোৰ ধুনীয়া (২০০২), মৰমী হ’বানে লগৰী (২০০২), Freedom at the Edge (২০০৭), আই ক’ত নাই (২০০৮), জাংফাই জোনাক (২০১২)।

আন্তঃৰাষ্ট্ৰীয় পৰ্যায়ত বঁটাপ্ৰাপ্ত প্ৰথম অসমীয়া অভিনেতা হ’ল ইন্দ্ৰ বণিয়া।সাহিত্যিক হোমেন বৰগোহাঞিৰ কাহিনীৰ আধাৰত নিৰ্মিত জাহ্ন বৰুৱা দ্বাৰা পৰিচালিত ‘হালধীয়া চৰায়ে বাওধান খায়’ নামৰ বোলছবি খনত খেতিয়ক ৰসেশ্বৰৰ চৰিত্ৰত অভিনয় কৰি ছুইজাৰলেণ্ডৰ লোকাৰ্ণ চলচিত্ৰ মহোৎসৱত শ্ৰেষ্ঠ অভিনেতাৰ খিতাপ অৰ্জন কৰিছিল ইন্দ্ৰ বণিয়াই। এই বঁটা লাভ কৰা বণিয়া হৈছে প্ৰথমগৰাকী অসমীয়া আৰু পঞ্চমগৰাকী ভাৰতীয় ৷

Read Also: বিজয় লক্ষ্মী পণ্ডিত জীৱনী | Vijaya Lakshmi Pandit Biography

অসমৰ লগতে কলিকতা, দিল্লী, মুম্বাই, কটক, কেৰালা, ৰাণীগঞ্জ আদি বিভিন্ন স্থানত বিভিন্ন ধৰণৰ নাটকত অভিনয় কৰা ইন্দ্ৰ বণিয়াই আশীৰ দশকত পূবেৰুণ থিয়েটাৰৰ জৰিয়তে ভ্ৰাম্যমাণৰ জগততো অভিনয় কৰিছিল।

ইয়াৰ ওপৰিও প্ৰায় ১২ বছৰতকৈও অধিক সময় অসমৰ বিভিন্ন প্ৰান্তত সুধাকন্ঠ ভূপেন হাজৰিকা, অকালতে জীৱনৰ নাট সামৰিলেও চিৰদিন অসমৰ চিৰসেউজ গায়ক জয়ন্ত হাজৰিকাৰ সংগীতানুষ্ঠানৰ‌ লগত খুহুতীয়া অনুষ্ঠান পৰিবেশন কৰি জনপ্ৰিয়তা অৰ্জন কৰিছিল ইন্দ্ৰ বণিয়াই।

কঠোৰ শ্ৰম,অধ্যাবসায়, প্ৰজ্ঞা আৰু সাধনাৰে দৰ্শকৰ মনত  সাচ বঢ়াই থৈ থোৱা ইন্দ্ৰ বণিয়াই অসম ৰাজ্যিক বিদ্যুৎ পৰিষদৰ কৰ্মচাৰী হিচাপে অৱসৰ গ্ৰহণ কৰিছিল।

শিল্পীসুলভ প্ৰৱণতাৰে ওৰেটো জীৱন অভিনয় চৰ্চা কৰি যোৱা ইন্দ্ৰ বণিয়া কায়িক ভাৱে নাথাকিলেও দৰ্শকৰ মনত চিৰদিন এক সুকীয়া স্থান আজীৱন দখল কৰি থাকিব।

FAQ

  1. ইন্দ্ৰ বণিয়াৰ জন্ম কেতিয়া হৈছিল?

Ans. ইন্দ্ৰ বণিয়াৰ জন্ম ১৯৪২ চন, ২৪ ডিচেম্বৰত হৈছিল।

2. ইন্দ্ৰ বণিয়াৰ মৃত্যু কেতিয়া হৈছিল?

Ans. ইন্দ্ৰ বণিয়াৰ মৃত্যু ২০১৫ চন, ২৫ মাৰ্চত হৈছিল।

3. ইন্দ্ৰ বণিয়াৰ পিতৃৰ নাম কি আছিল?

Ans. ইন্দ্ৰ বণিয়াৰ পিতৃৰ নাম আনন্দৰাম বণিয়া আছিল।

4. ইন্দ্ৰ বণিয়াৰ মাতৃৰ নাম কি আছিল?

Ans. ইন্দ্ৰ বণিয়াৰ মাতৃৰ নাম পদুমী বৰুৱা আছিল।

5. ইন্দ্ৰ বণিয়া কত জন্ম গ্ৰহন কৰিছিল?

Ans. ইন্দ্ৰ বণিয়া লখিমপুৰৰ ঢলপুৰত জন্ম গ্ৰহন কৰিছিল।

Leave a Comment

Your email address will not be published. Required fields are marked *

Scroll to Top