বিজয় লক্ষ্মী পণ্ডিত জীৱনী | Vijaya Lakshmi Pandit Biography

বিজয় লক্ষ্মী পণ্ডিত | Vijaya Lakshmi Pandit Essay in Assamese | Biography of Vijaya Lakshmi Pandit in Assamese | বিজয় লক্ষ্মী পণ্ডিত বিষয়ে জীৱনী | বিজয় লক্ষ্মী পণ্ডিত বিষয়ে ৰচনা | বিজয় লক্ষ্মী পণ্ডিতৰ চমু পৰিচয়।

Join Telegram channel

সক্ৰীয় ৰাজনৈতিক ক্ষেত্ৰখনত এতিয়াও পুৰুষৰ প্ৰাধান্য বেছি দেখা যায়। খুব কম সংখ্যক মহিলাইহে সক্ৰীয় ৰাজনৈতিক ক্ষেত্ৰখনত সবল ভাৱে নিজৰ দক্ষতাৰে স্থান লাভ কৰিবলৈ সক্ষম হৈছে। তাৰ ভিতৰত বিজয় লক্ষ্মী পণ্ডিত হ’ল তেনে এগৰাকী নাৰী। বিখ্যাত নেহৰু পৰিয়ালৰ সদস্য হ’লেও ৰাজনৈতিক ক্ষেত্ৰখনত নানান প্ৰত্যাহ্বানৰ সম্মুখীন হৈছিল বিজয় লক্ষ্মী পণ্ডিত। পুৰুষতান্ত্ৰিক সমাজ ব্যৱস্থাত সবল ভাৱে নিজৰ স্থান সুনিশ্চিত কৰিছিল তেওঁ। তেওঁ খুব সচেতনাৰে নিজৰ ক্ষমতা ব্যৱহাৰ কৰিছিল। স্বাধীনতাৰ পূৰ্বৱৰ্তী আৰু স্বাধীনোত্তৰ কালত ভাৰতীয় কূটনীতিবিদ, ৰাজনীতিবিদ, ভাৰতীয় স্বাধীনতা আন্দোলনৰ সক্ৰীয় কৰ্মী বিজয় লক্ষ্মী পণ্ডিত ৰাষ্ট্ৰীয় তথা আন্তঃৰাষ্ট্ৰীয় উচ্চ পদবীত অধিষ্ঠিত হৈ আছিল। ই কথাটো সমগ্ৰ নাৰী সমাজৰ বাবেই সাফল্য তথা গৌৰৱৰ বিষয়। বিজয় লক্ষ্মী পণ্ডিত প্রাক-স্বাধীন ভাৰতত ৰাজনৈতিক পদবী দখল কৰা প্রথমগৰাকী মহিলাই নহয়, ৰাষ্ট্রসংঘৰ সাধাৰণ পৰিষদৰ সভানেত্রী হোৱা প্রথমগৰাকী মহিলা আছিল বিজয় লক্ষ্মী পণ্ডিত।   ভাৰতৰ স্বাধীনতাৰ প্ৰতি অটল বিশ্বাসী বিজয় লক্ষ্মী পণ্ডিতে ঔপনিৱেশিকতাবাদ আৰু সাম্ৰাজ্যবাদক মুকলিকৈ গৰিহণা দিছিল।

Vijaya Lakshmi Pandit

বিজয় লক্ষ্মী পণ্ডিত জীৱনী | Vijaya Lakshmi Pandit Biography

নামবিজয় লক্ষ্মী পণ্ডিত (Vijaya Lakshmi Pandit)
জন্ম চন১৮ আগষ্ট, ১৯০০ চন
জন্ম স্থানএলাহাবাদ, উত্তৰ প্ৰদেশ
পিতৃৰ নামমতিলাল নেহৰু
মাতৃৰ নামস্বৰূপাৰাণী
মৃত্যু১ ডিচেম্বৰ, ১৯৯০ চন

বিজয় লক্ষ্মী পণ্ডিত জন্ম হৈছিল উত্তৰ প্ৰদেশৰ এলাহাবাদত ১৯০০ চনৰ ১৮ আগষ্ট তাৰিখে। তেওঁৰ পিতৃৰ নাম হ’ল- মতিলাল নেহৰু আৰু মাতৃৰ নাম হ’ল- স্বৰূপা ৰাণী নেহৰু। উল্লেখ্য যে বিজয় লক্ষ্মী পণ্ডিতৰ জন্মসূত্ৰে নাম আছিল স্বৰূপ কুমাৰী নেহৰু। ১৯২১ চনত স্বৰূপ কুমাৰী নেহৰু Kathiawar ৰ বিদেশত শিক্ষা লাভ গ্ৰহণ কৰা বেৰিষ্টাৰ ৰঞ্জিত সীতাৰাম পণ্ডিতৰ সৈতে বিবাহপাশত আৱদ্ধ হয়। তেতিয়া পৰাই তেওঁ নাম পৰিৱৰ্তন কৰি বিজয় লক্ষ্মী পণ্ডিত হিচাপে সমাজত পৰিচিত হয়। 

গুৰুত্বপূৰ্ণ কথা যে, বিজয় লক্ষ্মী পণ্ডিতে কোনো ধৰণৰ আনুষ্ঠানিক শিক্ষা গ্ৰহণ কৰা নাছিল ইয়াৰ পৰিৱৰ্তে ঘৰুৱা শিক্ষকৰ সহায়তহে বিভিন্ন বিষয়ৰ ওপৰত জ্ঞান আহৰণ কৰিছিল। বিজয় লক্ষ্মী পণ্ডিতৰ পিতৃ মতিলাল নেহৰু বৃত্তিগত ভাৱে আছিল এজন আইনজীৱী। অন্যহাতে ভাৰতৰ স্বাধীনতা সংগ্ৰামতো গুৰুত্বপূৰ্ণ ভূমিকা পালন কৰিছিল মতিলাল নেহৰুৱে। ভাৰতীয় জাতীয় কংগ্ৰেছত দল গঠন কৰাটো মতিলাল নেহৰুৰ অনবদ্য অৱদান আছিল। উল্লেখ্য যে দুটা বছৰ ভাৰতীয় জাতীয় কংগ্ৰেছৰ সভাপতি হিচাপে দায়িত্ব পালন কৰিছিল মতিলাল নেহৰুৱে। স্বাধীন ভাৰতৰ প্ৰথম প্ৰধান মন্ত্ৰী জৱাহৰলাল নেহৰু আছিল বিজয় লক্ষ্মী পণ্ডিতৰ ভাতৃ। গতিকে সুস্থ সামাজিক বাতাবৰণ মাজত, এক ৰাজনৈতিক পৰিৱেশত সামাজিকীকৰণ হৈছিল বিজয় লক্ষ্মী পণ্ডিতৰ। যাৰ বাবে নিচেই কম বয়সতে সক্ৰীয় ৰাজনীতিৰ প্ৰতি আকৃষ্ট হৈছিল বিজয় লক্ষ্মী পণ্ডিত।

১৬ বছৰ বয়সতে দক্ষিণ আফ্ৰিকাত ভাৰতীয় শ্ৰমিক সকলৰ বিৰুদ্ধে হোৱা অন্যায়ৰ প্ৰতিবাদ কৰিবলৈ ৰামেশ্বৰী নেহৰুৰ নেতৃত্বত এলাহাবাদ বিশ্ববিদ্যালয়ৰ Manyo Hall ত অনুষ্ঠিত হোৱা ৰাজনৈতিক সভাত অংশগ্ৰহন কৰিছিল বিজয় লক্ষ্মী পণ্ডিতে। ইয়াৰ ওপৰিও সেই সময়ত বিজয় লক্ষ্মী পণ্ডিতে তাই এনি বেচাণ্টৰ নেতৃত্বত প্ৰতিষ্ঠা হোৱা হোম ৰুল লীগত যোগদান কৰাৰ ইচ্ছা প্ৰকাশ কৰিছিল কিন্তু বয়স কম হৈ থকাৰ বাবে স্বেচ্ছাসেৱক হিচাপেহে দায়িত্ব পালন কৰিবলৈ দিয়া হৈছিল বিজয় লক্ষ্মী পণ্ডিতক।

মোহনদাস কৰমচান্দ গান্ধীৰ আদৰ্শৰ প্ৰতি প্ৰভাৱান্বিত বিজয় লক্ষ্মী পণ্ডিতে ভাৰতৰ স্বাধীনতা সংগ্ৰামতো সক্ৰীয় ভাৱে অংশগ্ৰহণ কৰিছিল। উল্লেখ্য যে স্বাধীনতা সংগ্ৰামত অংশগ্ৰহণ কৰাৰ বাবে কাৰাবৰণো কৰিব লগা হৈছিল বিজয় লক্ষ্মী পণ্ডিতে। তেওঁ ১৯৩২-৩৩ চন, ১৯৪০ চন, ১৯৪২-৪৩ চনত তিনিবাৰকৈ কাৰাবন্দীত্বৰ জীৱন কটাইছিল বিজয় লক্ষ্মী পণ্ডিতে।

বিজয় লক্ষ্মী পণ্ডিতে ১৯৩৪ চনত এলাহাবাদ পৌৰ ব’ৰ্ডলৈ নিৰ্বাচিত হৈ আনুষ্ঠানিকভাৱে ৰাজনৈতিক জীৱনৰ শুভাৰম্ভ কৰে। ইয়াৰ পৰৱৰ্তী সময়ত ১৯৩৭ চনত সংযুক্ত প্ৰদেশৰ প্ৰাদেশিক বিধায়িনী দলৰ নিৰ্বাচনত জয়লাভ কৰে বিজয় লক্ষ্মী পণ্ডিতে।  এই সময়ছোৱাত তেওঁক local self-government and public health দপ্তৰৰ মন্ত্ৰী হিচাপে দায়িত্বভাৰ গ্ৰহণ কৰি প্ৰাক-স্বাধীন ভাৰতৰ কেবিনেট পদত অধিষ্ঠিত হোৱা প্ৰথমগৰাকী মহিলা হিচাপে পৰিগণিত হয় বিজয় লক্ষ্মী পণ্ডিত।

উল্লেখ্য যে ইয়াৰ পৰৱৰ্তী সময়ত ১৯৪০ চনত ভাৰতৰ সন্মতি অবিহনে জাৰ্মানীৰ বিৰুদ্ধে যুদ্ধ ঘোষণা কৰাৰ ভাইচৰয়ৰ সিদ্ধান্তৰ প্ৰতিবাদত কংগ্ৰেছৰ আন আন মন্ত্ৰীসকলৰ লগতে বিজয় লক্ষ্মী পণ্ডিতেও পদত্যাগ কৰে। 

১৯৪১ চনৰ পৰা ১৯৪৩ চনলৈ বিজয় লক্ষ্মী পণ্ডিতে All-India Women’s Conference ৰ সভানেত্ৰী হিচাপে কাৰ্যনিৰ্বাহ কৰিছিল। All-India Women’s Conference ৰ সভানেত্ৰী হিচাপে পণ্ডিতে লিংগ অধিকাৰ, সমতা আৰু মহিলা কল্যানৰ বাবে বিভিন্ন ধৰণৰ পদক্ষেপ গ্ৰহণ কৰিছিল।

গুৰুত্বপূৰ্ণ কথা যে, ১৯৪২ চনত মহাত্মা গান্ধীৰ নেতৃত্বত সূচনা হোৱা ভাৰত ত্যাগ আন্দোলনত অংশগ্ৰহণ কৰি কাৰাবাস খাটিব লগা হোৱা বিজয় লক্ষ্মী পণ্ডিতে কাৰাগাৰৰ পৰা মুক্তি পোৱাৰ পিছত ১৯৪৫ চনত স্বাধীনতা সংগ্ৰামৰ আন আন নেতা H.N. Kunzru and B. Shiva Rao ৰ সৈতে Pacific Relations Conference ত অংশগ্ৰহণ কৰিছিল। Virginia ত অনুষ্ঠিত হোৱা এইখন Conference ত দ্বিতীয় বিশ্বযুদ্ধৰ পৰৱৰ্তী সময়ত সমগ্ৰ বিশ্বই সন্মুখীন হ’ব লগা বিভিন্ন সমস্যা তথা প্ৰত্যাহ্বানৰ বিষয়ে আলোচনা কৰা হৈছিল।

বিজয় লক্ষ্মী পণ্ডিতে ১৯৪৫ চনত San Francisco ত অনুষ্ঠিত ৰাষ্ট্ৰসংঘৰ চনদ সম্পৰ্কীয় সন্মিলনত  বেচৰকাৰী প্ৰতিনিধি হিচাপে ভাৰতৰ দৰে উপনিবেশৰ বাবে বিভিন্ন যুক্তি দাঙি ধৰিছিল।  উল্লেখ্য যে তেওঁ ব্ৰিটিছ ভাৰতীয় প্ৰতিনিধিসকলক British stooges বুলি উল্লেখ কৰিছিল, যিসকলৰ উপনিবেশসমূহৰ দুখ-কষ্টৰ বিষয়ে কোনো ধাৰণা নাছিল।  

উল্লেখ্য যে, ১৯৪৬ চনত সংযুক্ত প্ৰদেশৰ পৰা সংবিধান সভাৰ বাবে নিৰ্বাচিত হৈছিল বিজয় লক্ষ্মী পণ্ডিত। ১৯৪৭ চনত ভাৰতে স্বাধীনতা লাভ কৰাৰ পিছত কুটনৈতিক সেৱাত ব্ৰতী হয় বিজয় লক্ষ্মী পণ্ডিত।  ১৯৪৭ চনত ছোভিয়েট ইউনিয়নৰ ৰাষ্ট্ৰদূত হিচাপে নিযুক্তি লাভ কৰি ১৯৪৯ চনলৈকে কাৰ্যনিৰ্বাহ কৰিছিল বিজয় লক্ষ্মী পণ্ডিতে। ইয়াৰ পৰৱৰ্তী সময়ত ১৯৪৯ চনৰ পৰা ১৯৫১ চনলৈকে আমেৰিকা যুক্তৰাষ্ট্ৰ আৰু মেক্সিকোত ভাৰতৰ ৰাষ্ট্ৰদূত হিচাপে নিযুক্তি লাভ কৰিছিল।

গুৰুত্বপূৰ্ণ কথা যে, বিজয় লক্ষ্মী পণ্ডিত ১৯৫৩ চনত ৰাষ্ট্ৰসংঘৰ সাধাৰণ পৰিষদৰ সভানেত্ৰী নিৰ্বাচিত হৈছিল। তেওঁ ৰাষ্ট্ৰসংঘৰ সাধাৰণ পৰিষদৰ অষ্টম অধিৱেশনৰ সভাপতিত্ব কৰিছিল। ৰাষ্ট্ৰসংঘৰ সাধাৰণ পৰিষদৰ সভানেত্ৰী হিচাপে নিৰ্বাচিত হোৱা বিজয় লক্ষ্মী পণ্ডিত আছিল প্ৰথমগৰাকী মহিলা। উল্লেখ্য যে এই স্থানত অধিস্থিত হোৱা বাবে বিজয় লক্ষ্মী পণ্ডিতক ১৯৭৮ চনত Alpha Kappa Alpha sorority ৰ সন্মানীয় সদস্য হিচাপে অন্তৰ্ভুক্ত কৰা হৈছিল। 

১৯৫৪ চনৰ পৰা ১৯৬১ চনৰ ভিতৰত বিজয় লক্ষ্মী পণ্ডিতে আমেৰিকা যুক্তৰাজ্যত ভাৰতৰ India’s high commissioner হিচাপে কাৰ্যনিৰ্বাহ কৰাৰ লগতে আয়াৰলেণ্ডত ৰাষ্ট্ৰদূত হিচাপেও দায়িত্ব পালন কৰিছিল।  উল্লেখ্য যে,ভাৰতৰ স্বাধীনতাৰ প্ৰাৰম্ভিক সময়ছোৱাত ভাৰত আৰু ব্ৰিটেইনৰ মাজত কূটনৈতিক সম্পৰ্ক পৰিৱৰ্তনৰ বাবে অহোপুৰুষাৰ্থ কৰিছিল বিজয় লক্ষ্মী পণ্ডিতে। ইয়াৰ পৰৱৰ্তী সময়ত তেওঁ ১৯৫৮ চনৰ পৰা ১৯৬১ চনলৈকে স্পেইনত ভাৰতৰ ৰাষ্ট্ৰদূত হিচাপে কাৰ্যনিৰ্বাহ কৰিছিল।

ভাৰতলৈ প্ৰত্যাবৰ্তন কৰা পিছত বিজয় লক্ষ্মী পণ্ডিতে ১৯৬২ চন পৰা ১৯৬৪ চনলৈ মহাৰাষ্ট্ৰ ৰাজ্যপাল হিচাপে কাৰ্যনিৰ্বাহ কৰিছিল। ১৯৭৮ চনত তেওঁ ৰাষ্ট্ৰসংঘৰ মানৱ অধিকাৰ আয়োগত ভাৰতৰ প্ৰতিনিধি হিচাপে অংশগ্ৰহণ কৰিছিল। ইয়াৰ পৰৱৰ্তী সময়ত তেওঁ ইংলেণ্ড আৰু আয়াৰলেণ্ডত ৰাষ্ট্ৰদূত হিচাপে কাৰ্যনিৰ্বাহ কৰিছিল। 

১৯৬৪ চনত বিজয় লক্ষ্মী পণ্ডিতৰ ভাতৃ তথা ভাৰতৰ প্ৰথম প্ৰধানমন্ত্ৰী জৱাহৰলাল নেহৰুৰ মৃত্যুৰ পিছত পণ্ডিতে জৱাহৰলাল নেহৰুৱে ১৭ বছৰ ধৰি প্ৰতিদ্বন্দিতা কৰা ফুলপুৰ সমষ্টিৰ পৰা লোকসভা নিৰ্বাচনত প্ৰতিদ্বন্দিতা কৰি জয়লাভ কৰিছিল।  তেওঁ ১৯৬৪ চনৰ পৰা ১৯৬৮ চনৰ ভিতৰত সংসদ হিচাপে কাৰ্যনিৰ্বাহ কৰিছিল। ১৯৬৮ চনত কিছু কাৰণবশতঃ সংসদ পদৰ পৰা পদত্যাগ কৰিছিল বিজয় লক্ষ্মী পণ্ডিতে।

উল্লেখ্য যে, ১৯৭৫ চনত জৰুৰীকালীন অৱস্থা জাৰি কৰাৰ সময়ত ভতিজী তথা তেতিয়াৰ প্ৰধানমন্ত্ৰী ইন্দিৰা গান্ধীৰ বিৰুদ্ধে তীব্ৰ প্ৰতিবাদ সাব্যস্ত কৰিছিল বিজয় লক্ষ্মী পণ্ডিতে। গুৰুত্বপূৰ্ণ কথা যে, বিজয় লক্ষ্মী পণ্ডিতে ইন্দিৰা গান্ধীৰ এই সিদ্ধান্তৰ বিৰোধিতা কৰি তেওঁৰ বিপক্ষে নিৰ্বাচনী প্ৰচাৰ কাৰ্যতো অংশগ্ৰহণ কৰিছিল। 

ইয়াৰ পৰৱৰ্তী সময়ত, ভাৰতৰ পঞ্চমজন ৰাষ্ট্ৰপতি ফখৰুদ্দিন আলী আহমেদৰ হঠাৎ মৃত্যুৰ লগে লগে বিজয়া পণ্ডিতে ৰাষ্ট্ৰপতি পদৰ বাবে নিৰ্বাচনী যুঁজৰ বাবে মনোনয়ন দাখিল কৰিছিল  যদিও অৱশেষত নীলম সঞ্জীৱ ৰেড্ডী ৰাষ্ট্ৰপতি হিচাপে নিৰ্বাচিত হয়। 

উল্লেখ্য যে, ১৯৭০ চনত সক্ৰীয় সামাজিক জীৱনৰ পৰা অৱসৰ লৈছিল বিজয় লক্ষ্মী পণ্ডিতে। ইয়াৰ পৰৱৰ্তী সময়ত তেওঁ ৰাষ্ট্ৰসংঘৰ মানৱ অধিকাৰ আয়োগত ভাৰতৰ প্ৰতিনিধি হিচাপেও অংশগ্ৰহণ কৰিছিল।

বিজয় লক্ষ্মী পণ্ডিতে কেইবাখনো গ্ৰন্থ ৰচনা কৰিছিল।‌ সেইসমূহ হ’ল- So I Became a Minister (১৯৩৯), Prison Days (১৯৪৬), The Scope of Happiness: A Personal Memoir(১৯৭৯), The evolution of India(১৯৭৯).

এই ঈৰ্ষণীয় ৰাজনৈতিক জীৱনৰ অধিকাৰী হ’লেও বিজয় লক্ষ্মী পণ্ডিতে ব্যক্তিগত জীৱনত নানান প্ৰত্যাহ্বানৰ সম্মুখীন হৈছিল। উল্লেখ্য যে ১৯৪৪ চনত তেওঁৰ স্বামী ৰঞ্জিত সীতাৰাম পণ্ডিতৰ মৃত্যুৰ পিছত বিজয় লক্ষ্মী পণ্ডিতৰ জীৱন কিছু দুৰ্বিসহ হৈ পৰিছিল। মৃত্যুৰ পিছত বিজয় লক্ষ্মী পণ্ডিতে স্বামীৰ ধন উত্তৰাধিকাৰী সূত্ৰে লাভ কৰিব পৰা নাছিল। কাৰণ  বিজয় লক্ষ্মীৰ তিনিগৰাকী কন্যা সন্তানৰ মাতৃ আছিল যদিও তেওঁলোকৰ কোনো পুত্ৰ সন্তান নাছিল। যাৰ বাবে উত্তৰাধিকাৰী সূত্ৰে তেওঁ পাবলগা স্বামীৰ ভাতৃয়েহে লাভ কৰিছিল।

গুৰুত্বপূৰ্ণ কথা যে, আনুষ্ঠানিক শিক্ষা লাভ নকৰিলেও বিজয় লক্ষ্মী পণ্ডিতে আলিগড় মুছলিম বিশ্ববিদ্যালয়ৰ কাৰ্যনিৰ্বাহক পৰিষদৰ সদস্য আছিল। ইয়াৰ ওপৰিও তেওঁ Oxford Somerville College অনাৰেৰী ফেলো আছিল। উল্লেখ্য যে এডৱাৰ্ড হেলিডে অংকিত কৰা বিজয় লক্ষ্মী পণ্ডিতৰ এখন প্ৰতিকৃতি Somerville College ৰ পুথিভঁৰালত ওলমি আছে।  

কেইবা দশক ভাৰতৰ ৰাজনীতিত গুৰুত্বপূৰ্ণ ভূমিকা পালন কৰা বিজয় লক্ষ্মী পণ্ডিতে ১৯৯০ চনৰ ১ ডিচেম্বৰ তাৰিখে ডেৰাডুনত ইহলীলা সম্বৰণ কৰে।

বিজয় লক্ষ্মী পণ্ডিত হ’ল মহিলা সবলীকৰণৰ এটা উদাহৰণ। ৰাষ্ট্ৰীয় আৰু আন্তৰাষ্ট্ৰীয় ৰাজনীতিত নিজৰ স্থিতি সবল কৰি তেওঁ ভৱিষ্যত প্ৰজন্ম তথা নাৰীসমাজলৈ এটা বাট কাটি থৈ গৈছে। ৰাজনীতিবিদ, কুটনীতিবিদ, বিপ্লৱী হিচাপে  সমাজ জীৱনলৈ অৱদান আগবঢ়োৱা বিশাল ব্যক্তিত্বৰ অধিকাৰী ব্যক্তি হিচাপে বিজয় লক্ষ্মী পণ্ডিতৰ বৌদ্ধিক দৃষ্টিভংগী,কঠোৰ পৰিশ্ৰম তথা নম্ৰ ব্যৱহাৰৰ বাবে বৰ্তমান সময়তো সকলোৰে মাজত জনপ্ৰিয়। বৰ্তমান সময়তো বিজয় লক্ষ্মী চিন্তাৰ প্ৰাসংগিকতা আছে।

FAQ

১) প্ৰাক স্বাধীন ভাৰতৰ কেবিনেট পদত অধিষ্ঠিত হোৱা প্ৰথমগৰাকী মহিলাৰ নাম কি?

উত্তৰ-প্ৰাক-স্বাধীন ভাৰতৰ কেবিনেট পদত অধিষ্ঠিত হোৱা প্ৰথমগৰাকী মহিলা হ’ল বিজয় লক্ষ্মী পণ্ডিত। তেওঁ local self-government and public health দপ্তৰৰ মন্ত্ৰী হিচাপে দায়িত্বভাৰ গ্ৰহণ কৰিছিল ১৯৩৭ চনত।

২) ৰাষ্ট্ৰসংঘৰ সাধাৰণ পৰিষদৰ সভানেত্ৰী নিৰ্বাচিত হোৱা প্ৰথমগৰাকী মহিলা কোন?

উত্তৰ- ৰাষ্ট্ৰসংঘৰ সাধাৰণ পৰিষদৰ সভানেত্ৰী নিৰ্বাচিত হোৱা প্ৰথমগৰাকী মহিলা হ’ল বিজয় লক্ষ্মী পণ্ডিত। তেওঁ ১৯৫৩ চনত ৰাষ্ট্ৰসংঘৰ সাধাৰণ পৰিষদৰ অষ্টম অধিৱেশনত সভানেত্ৰী হিচাপে নিৰ্বাচিত হৈছিল। 

৩) বিজয় লক্ষ্মী পণ্ডিতৰ প্ৰকৃত নাম কি?

উত্তৰ- বিজয় লক্ষ্মী পণ্ডিতৰ প্ৰকৃত নাম হ’ল স্বৰূপ কুমাৰী নেহৰু।

৪) ভাৰতৰ স্বাধীনতা আন্দোলনৰ অংশগ্ৰহণ কৰি কেইবাৰ কাৰাবাস খাটিছিল বিজয় লক্ষ্মী পণ্ডিতে?

উত্তৰ- স্বাধীনতা সংগ্ৰামত অংশগ্ৰহণ কৰাৰ বাবে কাৰাবৰণো কৰি ১৯৩২-৩৩ চন, ১৯৪০ চন, ১৯৪২-৪৩ চনত তিনিবাৰকৈ কাৰাবন্দীত্বৰ জীৱন কটাইছিল বিজয় লক্ষ্মী পণ্ডিতে।

৫) কি কি ৰাষ্ট্ৰত ৰাষ্ট্ৰদূত হিচাপে কাৰ্যনিৰ্বাহ কৰিছিল বিজয় লক্ষ্মী পণ্ডিতে?

উত্তৰ- ছোভিয়েট ইউনিয়ন, আমেৰিকা যুক্তৰাষ্ট্ৰ, মেক্সিকো, আয়াৰলেণ্ড, স্পেইন আদি ৰাষ্ট্ৰত ৰাষ্ট্ৰদূত হিচাপে কাৰ্যনিৰ্বাহ কৰিছিল বিজয় লক্ষ্মী পণ্ডিতে।

৬) কিয় ইন্দিৰা গান্ধীৰ বিৰুদ্ধে প্ৰতিবাদ কৰিছিল বিজয় লক্ষ্মী পণ্ডিতে?

উত্তৰ- ১৯৭৫ চনত জৰুৰীকালীন অৱস্থা জাৰি কৰাৰ সময়ত ভতিজী তথা তেতিয়াৰ প্ৰধানমন্ত্ৰী ইন্দিৰা গান্ধীৰ বিৰুদ্ধে তীব্ৰ প্ৰতিবাদ সাব্যস্ত কৰিছিল বিজয় লক্ষ্মী পণ্ডিতে। সেইসময়ত বিজয় লক্ষ্মী পণ্ডিতে ইন্দিৰা গান্ধীৰ এই সিদ্ধান্তৰ বিৰোধিতা কৰি তেওঁৰ বিপক্ষে নিৰ্বাচনী প্ৰচাৰ কাৰ্যতো অংশগ্ৰহণ কৰিছিল।

৭) কিদৰে আনুষ্ঠানিক ভাৱে ৰাজনৈতিক জীৱন আৰম্ভ কৰিছিল বিজয় লক্ষ্মী পণ্ডিতে?

উত্তৰ- বিজয় লক্ষ্মী পণ্ডিতে ১৯৩৪ চনত এলাহাবাদ পৌৰ ব’ৰ্ডলৈ নিৰ্বাচিত হৈ আনুষ্ঠানিকভাৱে ৰাজনৈতিক জীৱনৰ শুভাৰম্ভ কৰিছিল।

Leave a Comment

Your email address will not be published. Required fields are marked *

Scroll to Top