সুখদেৱ থাপৰ জীৱনী | Sukhdev Thapar Biography

সুখদেৱ থাপৰ | Sukhdev Thapar Essay in Assamese | Biography of Sukhdev Thapar in Assamese | সুখদেৱ থাপৰ বিষয়ে জীৱনী | সুখদেৱ থাপৰ বিষয়ে ৰচনা | সুখদেৱ থাপৰৰ চমু পৰিচয়।

Join Telegram channel

প্ৰায় ২০০ বছৰীয়া ব্ৰিটিছ শাসনৰ পৰা ভাৰতবৰ্ষ একেদিনাই মুক্তি পোৱা নাছিল। ইয়াৰ অন্তৰালত আছিল ভাৰতৰ জনতাৰ স্বাধীনতা প্ৰতি প্ৰয়াসী মনোভাৱ। ভাৰতৰ জনতাই ঐক্যবদ্ধ ভাৱে ব্ৰিটিছৰ বিৰুদ্ধে এক বিপ্লৱৰ সূচনা কৰিছিল। আৰু এই বিপ্লৱত অংশগ্ৰহণ কৰিছিল বৃহত্তৰ ভাৰতৰ বিভিন্ন প্ৰান্তৰ যুৱক-যুৱতীয়ে। দেশৰ স্বাৰ্থত এই স্বাধীনতা আন্দোলনত সক্ৰিয়ভাৱে অংশগ্ৰহণ কৰি দেশপ্ৰেমৰ এক নজিৰ সৃষ্টি কৰিছিল এইসকল যুৱক যুৱতীয়ে। বৃটিছৰ বিৰুদ্ধে সূচনা হোৱা স্বাধীনতা সংগ্ৰামৰ এগৰাকী শক্তিশালী সেনানী তথা ভাৰতৰ স্বাধীনতা সংগ্ৰামত অতি গুৰুত্বপূৰ্ণ ভূমিকা পালন কৰা এজন উল্লেখযোগ্য ব্যক্তি হ’ল সুখদেৱ থাপৰ। মাত্ৰ ২৩ বছৰ বয়সতে দেশৰ বাবে প্ৰাণ বিসৰ্জন দি স্বদেশ প্ৰেমৰ জলন্ত নিদৰ্শন দাঙি ধৰিছিল সুখদেৱ থাপৰে।

Sukhdev Thapar

সুখদেৱ থাপৰ জীৱনী | Sukhdev Thapar Biography

নামসুখদেৱ থাপৰ (Sukhdev Thapar)
জন্ম চন১৫ মে’, ১৯০৭ চন
জন্ম স্থানলুধিয়ানা, পাঞ্জাৱ
পিতৃৰ নামৰামলাল থাপৰ
মাতৃৰ নামৰেলী দেৱী
শিক্ষানেচনেল কলেজ, লাহোৰ
মৃত্যু২৩ মাৰ্চ, ১৯৩১ চন

ভাৰতৰ স্বাধীনতা সংগ্ৰামত গুৰুত্বপূৰ্ণ ভূমিকা পালন কৰা এজন অন্যতম বিপ্লৱী নেতা হ’ল সুখদেৱ থাপৰ। হিন্দু সম্প্ৰদায়ৰ এটা পঞ্জাৱী খাত্ৰী পৰিয়ালত ১৯০৭ চনৰ ১৫ মে’ত জন্মগ্ৰহণ কৰা সুখদেৱ থাপৰে ভাৰতৰ স্বাধীনতাৰ বাবে নিজৰ প্ৰাণ আহুতি দিছিল।  পঞ্জাৱৰ লুধিয়ানাত জন্ম গ্ৰহণ কৰা সুখদেৱ থাপৰৰ পিতৃৰ নাম হ’ল-ৰামলাল থাপৰ আৰু মাতৃৰ নাম হ’ল – ৰেলী দেৱী। জন্মৰ তিনি বছৰৰ পিছতেই সুখদেৱ থাপৰৰ পিতৃয়ে ইহলীলা সম্বৰণ কৰিছিল। যাৰ বাবে নানান সমস্যা প্ৰত্যাহ্বানৰ মাজত খুৰাক লালা অচিন্তৰামৰ তত্বাৱধানত ডাঙৰ-দীঘল হৈছিল সুখদেৱ থাপৰ। লালা অচিন্তৰামে আৰ্য সমাজবাদী আদৰ্শত বিশ্বাস কৰাৰ লগতে তেওঁ আছিল কংগ্ৰেছৰ এজন সক্ৰিয় সদস্য।

শিশু অৱস্থাৰ পৰাই নিজৰ বাসগৃহতে এক সমাজ সচেতন মূলক পৰিৱেশ পাইছিল সুখদেৱ থাপৰে। তেতিয়া পৰাই পৰাধীনতাৰ অৰ্থ অনুধাৱন কৰিব পাৰিছিল। ব্ৰিটিছ সকলে বহু সময়ত ভাৰতৰ জনতাৰ ওপৰত কৰা নৃশংস অত্যাচাৰৰ সাক্ষী আছিল তেওঁ। যাৰ বাবে শৈশৱৰ পৰাই ‌তেঁওৰ মনত ব্ৰিটিছ বিৰোধী ভাৱৰ উন্মেষ হোৱাৰ লগতে তেওঁৰ মনত স্বদেশ প্ৰেমৰ জোৱাৰ উঠিছিল। বিদ্যালয়ত পঢ়ি থকাৰ সময়তে সুখদেৱ থাপৰে বিদ্যালয়লৈ অহা ব্ৰিটিছ সামৰিক বিষয়া সকলক চেল্যুট মাৰিবলৈ অস্বীকাৰ কৰিছিল। ব্ৰিটিছ সামৰিক বিষয়াৰ প্ৰতি সুখদেৱ থাপৰে প্ৰদৰ্শন কৰা অ-সৌজন্যতা মূলক আচৰণৰ‌ বাবে শিক্ষকৰ শাস্তিৰ সন্মুখীন হ’ব লগা হৈছিল তথাপিও তেওঁ নিজৰ স্বাভীমান ত্যাগ কৰা‌ নাছিল। সুখদেৱ থাপৰৰ খুৰাক লালা অচিন্তৰাম আছিল এজন স্বাধীনতা সংগ্ৰামী। ব্ৰিটিছ ঔপনিৱেশিকতাৰ বিৰুদ্ধে যুঁজ দি তেওঁ খুৰাকে গ্ৰেপ্তাৰ বৰণ কৰিব লগা হৈছিল। শৈশৱতে ব্ৰিটিছ ঔপনিৱেশিক শাসনৰ পৰা লাভ কৰা এইসমূহ তিক্ত অভিজ্ঞতাই স্বাভাৱিকতে ব্ৰিটিছৰ বিৰুদ্ধে ক্ষোভৰ সৃষ্টি কৰিছিল তেওঁৰ মনত। উল্লেখ্য মহাবিদ্যালয়ত অধ্যয়নৰ সময়ছোৱাত সুখদেৱে পৃথিৱীৰ বিভিন্ন বিপ্লৱ যেনে ৰাছিয়ান বিপ্লৱকে আদি কৰি বিভিন্ন বিপ্লৱৰ ওপৰত অধ্যয়ন কৰিছিল।নিজৰ জন্মস্বত্ব অধিকাৰ স্বাধীনতাক আজুৰি আনিবৰ বাবে ব্ৰিটিছ সকলৰ বিৰুদ্ধে বিপ্লৱৰ সূচনা কৰাৰ প্ৰয়াস কৰিছিল সুখদেৱ থাপৰে। 

১৯২১ চনত লাহোৰৰ নেচনেল কলেজত নামভৰ্তি কৰাৰ পিছত ভগত সিং, ভাগৱতী চৰণ, যশপালকে ধৰি বহু কেইজন বিপ্লৱী মনোভাৱৰ যুৱকৰ সংস্পৰ্শলৈ আহিছিল সুখদেৱ থাপৰে।  ইয়াৰ পৰৱৰ্তী সময়ত তেওঁ ১৯২৮ Hindustan Socialist Republican Association ত যোগদান কৰে। সেই সময়ত তেওঁ পঞ্জাৱ আৰু উত্তৰ ভাৰতৰ বিভিন্ন অঞ্চলত বিপ্লৱী গোট গঠন কৰাত গুৰুত্বপূৰ্ণ ভূমিকা পালন কৰিছিল। উল্লেখ্য যে, Hindustan Socialist Republican Association ৰ পঞ্জাৱ গোটৰ মুৰব্বী আছিল সুখদেৱে সংগঠনটোৰ বিভিন্ন গুৰুত্বপূৰ্ণ সিদ্ধান্ত ‌লোৱাৰ ক্ষেত্ৰতো বিশেষ ভূমিকা পালন কৰিছিল। Hindustan Socialist Republican Association হ’ল ব্ৰিটিছ চৰকাৰৰ বিৰুদ্ধে বৈপ্লৱিক কাৰ্যকলাপত জড়িত এটা মৌলবাদী সংগঠন। প্ৰথম অৱস্থাত সুখদেৱৰ লগতে তেওঁৰ সহযোগী সংগ্ৰামীসকল নৈৰাজ্যবাদৰ পিতৃ Pierre-Joseph Proudhon, ৰাছিয়াৰ বিপ্লৱী Mikhail Bakunin আদৰ্শৰ দ্বাৰা প্ৰভাৱিত হৈছিল। অৱশ্যে পৰৱৰ্তী সময়ত ভাৰতীয় কমিউনিষ্ট Chhabil Das আৰু  Sohan Singh Josh ৰ চিন্তা আদৰ্শ, ক্ৰিয়া-কলাপৰ প্ৰতিহে আকৰ্ষিত হৈছিল।

ইয়াৰ ওপৰিও সুখদেৱ থাপৰে শিক্ষাৰ্থীসকলক ভাৰতৰ গৌৰৱময় সোণালী স্বাধীন ইতিহাসৰ কথা বৰ্ণিত কৰিছিল। যাৰ জৰিয়তে ছাত্ৰ ছাত্ৰীসকলে নিজৰ ঐতিহাসিক গুৰুত্বতা উপলদ্ধি কৰি প্ৰতি সচেষ্ট হৈছিল, নিজৰ জন্মস্বত্ব অধিকাৰ আজুৰি আনিবৰ বাবে বদ্ধপৰিকৰ হৈছিল। গুৰুত্বপূৰ্ণ কথা যে, আন আন সহযোগী বিপ্লৱী সকলৰৰ লগতে ভগত সিঙৰ সৈতে একত্ৰিত হৈ সুখদেৱ থাপৰে লাহোৰত ১৯২৬ চনত Naujawan Bharat Sabha গঠন কৰাত বিশেষ ভূমিকা পালন কৰিছিল।  Naujawan Bharat Sabha ৰ জৰিয়তে যুৱক-যুৱতী সকলক ব্ৰিটিছৰ বিৰুদ্ধে স্বাধীনতা সংগ্ৰামৰ বাবে সাজু কৰাৰ ওপৰিও যুক্তিবাদী বৈজ্ঞানিক মনোভাৱ গঢ়ি তোলা সাম্প্ৰদায়িকতাবাদ আৰু অস্পৃশ্যতাৰ বিৰোধিতাৰে শ্ৰমিক তথা কৃষক শ্ৰেণীৰ বাবে বিভিন্ন ইতিবাচক পদক্ষেপ গ্ৰহণ কৰিছিল তেওঁলোকে। ইয়াৰ ওপৰিও মহাবিদ্যালয় আৰু স্কুলৰ ছাত্ৰ ছাত্ৰীসকলৰ বাবে Lahore Students Union আৰু Bal Bharat Sabha গঠন কৰিছিল। এক কথাত তেওঁলোকে দেশৰ যুৱ-প্ৰজন্মৰ মাজত ৰাষ্ট্ৰীয় চেতনা বৃদ্ধিৰ বাবে বিভিন্ন পদক্ষেপ গ্ৰহণ কৰিছিল। 

Read Also: নানা চাহেব জীৱনী | Nana Saheb Biography

ইয়াৰ পৰৱৰ্তী সময়ত চাইমন কমিচনৰ বিৰুদ্ধে হোৱা বিক্ষোভ কাৰ্যসূচীত অংশগ্ৰহণ কৰিছিল সুখদেৱ থাপৰে। চাইমন কমিচন আছিল ব্ৰিটিছ ভাৰতত চৰকাৰ ব্যৱস্থা, শিক্ষাৰ বিকাশ আৰু প্ৰতিনিধি প্ৰতিষ্ঠানসমূহৰ বিকাশৰ অনুসন্ধান আৰু পৰৱৰ্তী সাংবিধানিক সংস্কাৰৰ ওপৰত ভৱিষ্যতৰ নীতিৰ পৰামৰ্শ দিয়াৰ বাবে ১৯২৭ চনৰ ২৬ নৱেম্বৰত ব্ৰিটিছ চৰকাৰৰ দ্বাৰা গঠন কৰা এখন আয়োগ। কিন্তু এই কমিচনত কোনো ভাৰতীয়ক সদস্য হিচাপে অন্তৰ্ভুক্ত কৰা হোৱা নাছিল। যাৰ বাবে ভাৰতৰ বিভিন্ন প্ৰান্তত গণতান্ত্ৰিক ভাৱে প্ৰতিবাদ সাব্যস্ত কৰা হৈছিল। ১৯২৮ চনৰ ৩০ অক্টোবৰত চাইমন কমিছনৰ বিৰুদ্ধে হোৱা পাঞ্জাৱত সূচনা হোৱা এটা  প্ৰতিবাদী কাৰ্যসূচীত অংশগ্ৰহণ কৰিছিল পঞ্জাৱৰ বিখ্যাত নেতা লালা লাজপত ৰায়ে। গণতান্ত্ৰিক তথা শান্তিপূৰ্ণ ভাৱে হোৱা এই প্ৰতিবাদ স্থলীত আৰক্ষী বাহিনীৰ লোক উপস্থিত হৈ প্ৰতিবাদী জনতাৰ ওপৰত কৰা লাঠী চাৰ্জৰ ফলত আন আন প্ৰতিবাদীৰ লগতে লালা লাজপত ৰায়ো গুৰুতৰভাৱে আঘাতপ্ৰাপ্ত হৈছিল। যাৰ ফলত ১৯২৮ চনৰ ১৭ নৱেম্বৰত লালা লাজপত ৰায়ে মৃত্যুক সাৱটি লয়।

গুৰুত্বপূৰ্ণ কথা যে, লালা লাজপত ৰায়ৰ লগত সুখদেৱ থাপৰেৰ আছিল কিছু আদৰ্শগত মতপাৰ্থক্য। কিন্তু ব্ৰিটিছৰ অমানৱীয়তাৰ বাবে জীৱন হেৰুওৱাব লগা হোৱা লালা লাজপত ৰায়ৰ মৃত্যুক তেওঁ সহজভাৱে গ্ৰহণ কৰিব পৰা নাছিল। লাজপত ৰায়ৰ মৃত্যুক ঔপনিৱেশিক আমোলাতন্ত্ৰই কৰা জাতীয় অপমান বুলি গণ্য কৰি Hindustan Socialist Republican Association ৱে তেওঁৰ মৃত্যুৰ প্ৰতিশোধ লোৱাৰ সিদ্ধান্ত গ্ৰহণ কৰিছিল। এই সিদ্ধান্তৰ মাষ্টাৰ মাইণ্ড আছিল সুখদেৱ থাপৰে। ভগত সিং, চন্দ্ৰশেখৰ আজাদ, ৰাজগুৰু আদিয়ে সফলতাৰে সম্পন্নহে কৰিছিল এই কাম।

উল্লেখ্য যে, ৰাজপত ৰায়ৰ মৃত্যুৰ প্ৰায় এমাহ পিছত ১৯২৮ চনৰ ১৭ ডিচেম্বৰ তাৰিখে পুলিচ ছুপাৰিন্টেন্ট স্কটক চন্দ্ৰশেখৰ আজাদ আৰু ৰাজগুৰুৱে মিলি হত্যা কৰিবলৈ ষড়যন্ত্ৰ কৰিছিল। কিন্তু ভুলতে স্কটৰ পৰিৱৰ্তে তেওঁলোকে আৰক্ষী বিষয়া জন পি চণ্ডাৰছকহে গুলীয়াই হত্যা কৰিছিল। উল্লেখ্য যে ব্ৰিটিছে জন পি চণ্ডাৰছকৰ হত্যাকাৰীক গ্ৰেপ্তাৰৰ বাবে ব্যাপক তালাচী চলোৱাৰ পিছতো গ্ৰেপ্তাৰৰ পৰা ৰক্ষা পৰিছিল।

১৯২৯ চনত Hindustan Socialist Republican Association ৰ বহু কেইজন সদস্যই Public Safety Bill আৰু Trade Dispute Bill ৰ বিৰোধিতা কৰি দুটি বোমা আইনসভা কক্ষত পেলাই দিছিল। যাৰ বাবে ব্ৰিটিছ চৰকাৰে সেই বছৰৰে মে’ মাহত লাহোৰত সুখদেৱ আৰু তেওঁৰ সতীৰ্থসকলক গ্ৰেপ্তাৰ কৰিছিল ব্ৰিটিছ চৰকাৰে। উল্লেখ্য যে, গ্ৰেপ্তাৰ কৰাৰ পিছত নিজৰ অধিকাৰ সাব্যস্ত কৰিবলৈ ১৯২৯ চনত ‘কাৰাগাৰৰ অনশন’ৰ দৰে কেইবাটাও বৈপ্লৱিক কাৰ্যকলাপত সক্ৰিয় অংশগ্ৰহণ কৰিছিল।

উল্লেখ্য যে, বোমা বিস্ফোৰণৰ এই বিচাৰ চলি থকাৰ সময়তেই পুলিচৰ হাতত ছাউণ্ডাৰ্চ হত্যাৰ লগত সুখদেৱ থাপৰে জড়িত বুলি প্ৰমাণ পাইছিল ব্ৰিটিছ চৰকাৰে। যাৰ পৰিপ্ৰেক্ষিতত  সুখদেৱ,ৰাজগুৰু, ভগত সিঙকে প্ৰমুখ্যে কৰি হিন্দুস্তান এছোচিয়েছনৰ আন আন সদস্যকো গ্ৰেপ্তাৰ কৰে ব্ৰিটিছ চৰকাৰে। গুৰুত্বপূৰ্ণ কথা যে স এই বিচাৰ প্ৰক্ৰিয়া সমাপন হোৱাৰ পিছত ভগত সিঙক ফাঁচী দণ্ডেৰে দণ্ডিত কৰাৰ আদেশ দিয়ে চৰকাৰে।

ফাঁচি নিদেৰ্শ পোৱাৰ পিছতো সুখদেৱ থাপৰ, ভগত সিঙ আৰু তেওঁলোকৰ সহযোগীসকলে অলপো বিচলিত নহৈ সবল মনোভাৱেৰে জেইলৰ পৰাই জনজাগৰণৰ চেষ্টা কৰিছিল।  পৰৱৰ্তী সময়ত  সুখদেৱ, ভগত সিঙক ৰাজগুৰু সহিতে ১৯৩১ চনৰ  ২৩ মাৰ্চ তাৰিখে ফাঁচী কাঠত ওলমোৱা হয়। মাত্ৰ ২৩ বছৰ বয়সতে দেশৰ বাবে নিজৰ জীৱন উৰ্চগা কৰা সুখদেৱৰ দেশপ্ৰেম সকলোৱে বাবে আদৰ্শ আৰু অনুপ্ৰেৰণাৰ উৎস হৈ ৰ’ব।

FAQ

১) সুখদেৱ থাপৰে ক’ত জন্ম হৈছিল?

উত্তৰ- ১৯০৭ চনৰ ১৫ মে’ত  পঞ্জাৱৰ লুধিয়ানাত সুখদেৱ থাপৰে জন্মগ্ৰহণ কৰিছিল।

২) সুখদেৱ থাপৰৰ পিতৃ আৰু মাতৃৰ কি?

উত্তৰ- সুখদেৱ থাপৰৰ পিতৃৰ নাম হ’ল- ৰামলাল থাপৰ আৰু মাতৃৰ নাম হ’ল- ৰেলী দেৱী।

৩) সুখদেৱ থাপৰে কেতিয়া মৃত্যুবৰণ কৰিছিল?

উত্তৰ- ১৯৩১ চনৰ ২৩ মাৰ্চ তাৰিখে ২৩ বছৰ বয়সতে দেশৰ বাবে প্ৰাণ বিসৰ্জন দিছিল সুখদেৱ থাপৰে।

৪) ব্ৰিটিছ চৰকাৰে কিয় সুখদেৱ থাপৰক মৃত্যুদণ্ডেৰে দণ্ডিত কৰিছিল?

উত্তৰ- ১৯২৮ চনৰ ১৭ ডিচেম্বৰ তাৰিখে পুলিচ ছুপাৰিন্টেন্ট স্কটক হত্যাৰ ষড়যন্ত্ৰ কৰিছিল সুখদেৱ থাপৰ, ভগত সিঙে। কিন্তু ভুলতে স্কটৰ পৰিৱৰ্তে তেওঁলোকে আৰক্ষী বিষয়া জন পি চণ্ডাৰছকহে গুলীয়াই হত্যা কৰিছিল। যাৰ পৰিপ্ৰেক্ষিতত  সুখদেৱ,ৰাজগুৰু, ভগত সিঙকে প্ৰমুখ্যে কৰি হিন্দুস্তান এছোচিয়েছনৰ আন আন সদস্যকো গ্ৰেপ্তাৰ কৰিছিল ব্ৰিটিছ চৰকাৰে। পৰৱৰ্তী সময়ত বিচাৰ প্ৰক্ৰিয়াৰ অন্ততঃ ব্ৰিটিছ চৰকাৰে ফাঁচী দণ্ডেৰে দণ্ডিত কৰিছিল সুখদেৱ থাপৰকে প্ৰমুখ্যে কৰি বাকী কেইজন সংগ্ৰামী সদস্যক।

Leave a Comment

Your email address will not be published. Required fields are marked *

Scroll to Top