⚡ Durga Puja Special Offer Class 10 & 12 All-in-One Bundles (6 Subjects @ ₹299 ₹599)
Ends: 08: 45: 20

নানা চাহেব জীৱনী | Nana Saheb Biography

নানা চাহেব | Nana Saheb Essay in Assamese | Biography of Nana Saheb in Assamese | নানা চাহেব বিষয়ে জীৱনী | নানা চাহেব বিষয়ে ৰচনা | নানা চাহেবৰ চমু পৰিচয়।

ভাৰতীয় ইতিহাসত ব্ৰিটিছৰ বিৰুদ্ধে প্ৰথম স্বাধীনতা যুদ্ধৰ নেতৃত্ব দিছিল মাৰাঠা যোদ্ধা নানা চাহেবে। ১৮৪৯ চনত ছত্ৰপতি শিৱাজীৰ মৃত্যুৰ পৰৱৰ্তী পৰ্যায়ত নানা সাহেব আছিল মাৰাঠা সাম্ৰাজ্যৰ এজন অন্যতম শক্তিশালী শাসক। ব্ৰিটিছ ঔপনিৱেশিক শাসনৰ পৰা ভাৰতক মুক্ত কৰিবৰ কাৰণেই নানা সাহেবৰ নেতৃত্বতে দহ-পোন্ধৰ হাজাৰ সৈন্যই ব্ৰিটিছ শাসনৰ বিৰুদ্ধে যুদ্ধত অংশ গ্ৰহণ কৰিছিল। নানা সাহেব আছিল ভাৰতীয় স্বাধীনতা আন্দোলনৰ এজন গুৰুত্বপূৰ্ণ পথ প্ৰদৰ্শক। ইংৰাজ কবলৰ পৰা ভাৰতক মুকলি কৰিবলৈ ১৮৫৭ চনত সূচনা হোৱা প্ৰথমখন স্বাধীনতা সংগ্ৰামৰ অন্যতম নেতা আছিল নানা সাহেব।

Nana Saheb

নানা চাহেব জীৱনী | Nana Saheb Biography

নামনানা সাহেব (Nana Saheb)
প্ৰকৃত নামনানা গোবিন্দ ধেনু পান্থ
জন্ম চন১৯ মে’, ১৮২৪ চন
জন্ম স্থানবিথুৰ, উত্তৰ প্ৰদেশ
পিতৃৰ নামনাৰায়ণ ভাট
মাতৃৰ নামগংগা বাই
মৃত্যু২৪ চেপ্তেম্বৰ, ১৮৫৯ চন

নানা সাহেবৰ জন্ম হৈছিল ১৮২৪ চনৰ ১৯ মে’ত বৰ্তমান উত্তৰ প্ৰদেশৰ বিথুৰত। তেওঁৰ সম্পূৰ্ণ নাম হ’ল নানা গোবিন্দ ধেনু পন্থ। নানা সাহেবৰ পিতৃৰ নাম হ’ল নাৰায়ণ ভাট আৰু মাতৃৰ নাম হ’ল গংগা বাই। নানা সাহেবৰ দুই ভাতৃদ্বয় হ’ল  ৰঘুনাথ ৰাও আৰু জনাৰ্ধন। গুৰুত্বপূৰ্ণ কথা যে, ৰঘুনাথ ৰাওৱে ব্ৰিটিছৰ লগত সংস্পৰ্শলৈ আহি  মাৰাঠাসকলক প্ৰতাৰণা কৰিছিল।  

গুৰুত্বপূৰ্ণ কথা যে, শেষৰজন মাৰাঠী শাসক দ্বিতীয় বাজিৰাও আছিল সন্তানহীন। যাৰ পৰিপ্ৰেক্ষিতত নানা গোবিন্দ ধেনু পন্থক তুলনীয়া সন্তান হিচাপে বাজিৰাওৱে বিথুৰৰ উত্তৰাধিকাৰ ঘোষণা কৰিছিল। 

সুশিক্ষিত নানা গোবিন্দ ধেনু পন্থে সংস্কৃত ভাষাত প্ৰচুৰ অধ্যয়ন কৰাৰ লগতে তেওঁৰ সংস্কৃত ভাষাৰ ওপৰতো আছিল অধিক দখল। ধৰ্মৰ বিষয়ে গভীৰ জ্ঞান থকা নানা সাহেবে এজন দক্ষ মাৰাঠা যোদ্ধা হিচাপে যুদ্ধ কলাও আয়ত্ত কৰিছিল। দ্বিতীয় বাজিৰাওৰ মৃত্যুৰ পিছত বিথুৰত বিশ বছৰ শাসন কৰিছিল নানা সাহেবে। 

তান্টিয়া ট’পে, আশফাকুল্লা খান, মৰ্ণিকৰ্ণিকা টাম্বে আছিল নানা সাহেবৰ শৈশৱৰ বন্ধু। এওঁলোকৰ সৈতে নানা সাহেবে পৰৱৰ্তী সময়ত ব্ৰিটিছ বিৰোধী এখন শক্তিশালী যুঁজ আজিমুল্লাহ খান আৰু মণিকৰ্ণিকা টাম্বে যিয়ে পৰৱৰ্তী সময়ত তেওঁক ব্ৰিটিছ বিৰোধী এখন শক্তিশালী যুঁজত অৱতীৰ্ণ হৈছিল।

উল্লেখ্য যে, ১৮৪৮ চনৰ পৰা ইষ্ট ইণ্ডিয়া কোম্পানীৰ ভাইচৰয় লৰ্ড ডেলহাউচিয়ে স্বত্ব বিলোপ নীতি প্ৰয়োগ কৰি ভাৰতৰ ৰাজ্যসসূহক ব্ৰিটিছ শাসনৰ অধীন কৰাৰ ক্ষেত্ৰত বিশেষ গুৰুত্ব প্ৰদান কৰিছিল। এই নীতি অনুসৰি কোনো ব্ৰিটিছৰ ওপৰত নিৰ্ভৰশীল কোনো ভাৰতীয় ৰজাৰ সন্তানহীন অৱস্থাত মৃত্যু হয়, তেন্তে সেই ৰাজ্য ইষ্ট ইণ্ডিয়া কোম্পানীৰ অধীন হৈ পৰে। ইয়াৰ ওপৰিও কোনো সন্তানহীন ৰজাই কোনো ল’ৰা ছোৱালী তুলি ল’ব বিচাৰিলে ইষ্ট ইণ্ডিয়া কোম্পানীৰ অনুমতি লোৱাৰ প্ৰয়োজন হৈ পৰে।

লৰ্ড ডেলহাউচিয়ে এই নীতি প্ৰয়োগৰ জৰিয়তে সম্বলপুৰ, জৈনপুৰ, ঝান্সি আৰু নাগপুৰ ৰাজ্য দখল কৰি নিজ ৰাজ্যৰ অন্তৰ্ভুক্ত কৰিছিল। যাৰ পৰিণতিত থলুৱা ৰজাসকলৰ মাজত অসন্তুষ্টি বৃদ্ধি পোৱাৰ ওপৰিও বৰ্ণবাদ, অৰ্থনৈতিক শোষণ আৰু এশ বছৰ ধৰি কৰি অহা ব্ৰিটিছ শাসনৰ বিৰুদ্ধে থলুৱা মানুহৰ ক্ষোভ পুঞ্জীভূত হৈ আছিল। যাৰ ফলত ব্ৰিটিছক ভাৰতৰ পৰা বিতাৰণ কৰিবলৈ মংগল পাণ্ডেয়ে প্ৰথমে ১৮৫৭ চনত বংগৰ বৰাকপুৰ সেনা শিবিৰত ব্ৰিটিছৰ বিৰুদ্ধে বিদ্ৰোহ আৰম্ভ কৰিছিল। লাহে লাহে বিদ্ৰোহ সমগ্ৰ ভাৰতত বিয়পি পৰিল।

১৮৫১ চনত মাৰাঠী শাসক দ্বিতীয় বাজিৰাওৰ মৃত্যু হয়। উল্লেখ্য যে যে, সেই সময়ত বৃটিছ কোম্পানীয়ে মাৰাঠী শাসক দ্বিতীয় বাজিৰাওক আশী হাজাৰ টকা ভাট্টা হিচাপে প্ৰদান কৰিছিল। তেওঁৰ মৃত্যুৰ পিছত তোলনীয়া সন্তান হিচাপে নানা চাহেব আছিল মাৰাঠী সিংহাসনৰ যোগ্য উত্তৰাধিকাৰী ইয়াৰ ওপৰিও নানা চাহেব ইষ্ট ইণ্ডিয়া কোম্পানীৰ পৰা  দত্তক পিতৃৰ বাৰ্ষিক ৮০,০০০ পাউণ্ডৰ পেঞ্চনৰ বাবে যোগ্য আছিল। কিন্তু দ্বিতীয় বাজিৰাওৰ মৃত্যুৰ পিছত ব্ৰিটিছ কোম্পানীয়ে পেঞ্চন বন্ধ কৰি দিয়াৰ লগতে ‌নানা চাহেবক মাৰাঠী উত্তৰাধিকাৰী বুলি গণ্য কৰা নাছিল। এই সমগ্ৰ কথা বতৰাত নানা চাহেব ক্ষুব্ধ হৈ পৰিছিল। যাৰ বাবে নানা চাহেবে ১৮৫৩ চনত ইংলেণ্ডলৈ এজন আজিমুল্লাহ খানক পঠিয়াই ব্ৰিটিছ চৰকাৰৰ ওচৰত বন্ধ কৰা ভাট্টা আৰু অনুদানসমূহ পুনৰ দিবলৈ আবেদন জনাইছিল। কিন্তু আজিমুল্লাহ খানে ব্ৰিটিছ সকলক পতিয়ন নিয়াব নোৱাৰি ইংলেণ্ডৰ পৰা বিফল হৈহে ১৮৫৫ চনত ঘূৰি আহিছিল। ইংলেণ্ডৰ পৰা আজিমুল্লাহ খান উভতি অহাৰ পাছত ব্ৰিটিছ বাহিনীৰ ৰাছিয়াৰ পৰাজয়ৰ কথা নানা চাহেবক ব্যক্ত কৰাৰ নানাচাহেবক উৎসাহিত কৰিছিল যে ভাৰতৰ পৰা ব্ৰিটিছ ক্ষমতা ধ্বংস কৰিব লাগে।

Read Also: মংগল পাণ্ডে জীৱনী | Mangal Pandey Biography

উল্লেখ্য যে, নানাচাহেবে এলাহাবাদত থকা General Wheeler ক ১৯৫৭ চনৰ ৫ জুন তাৰিখে এখন পত্ৰ প্ৰেৰণ কৰি ৬ জুন তাৰিখে নানা চাহেবে ব্ৰিটিছ সকলক আকস্মিক আক্ৰমণ কৰিছিল। যাৰ ফলত ফলত ব্ৰিটিছ সৈন্যই পিছুৱাই গৈ কোম্পানীটোৰ দুৰ্গবোৰত আশ্ৰয় লৈছিল।  তাত ব্ৰিটিছ সৈন্য অনাহাৰত, সূৰ্য্যৰ অতিমাত্ৰা সংস্পৰ্শলৈ আহি মৃত্যুমুখত সাৱটি ল’ব লগা হৈছিল। ইয়াৰ পৰৱৰ্তী সময়ত ১০ জুনলৈকে অধিক বিদ্ৰোহী সৈন্যই নানাচাহেবৰ সৈতে যোগদান কৰিছিল।  তেওঁ প্ৰায় দহৰ পৰা বাৰ হাজাৰ সৈন্যক একত্ৰিত কৰি ব্ৰিটিছৰ বিৰুদ্ধে নেতৃত্ব দিছিল বুলি অনুমান কৰা হয়। উল্লেখ্য যে, ২৩ জুন তাৰিখে নানা চাহেবে এক বৃহৎ সেনাবাহিনীৰে পুনৰ General Wheeler আক্ৰমণ কৰিছিল। এই আক্ৰমণৰ ফলত General Wheeler পুত্ৰ Leftenant Gordon Wheeler মৃত্যু মুখত পৰে। ইয়াৰ পৰৱৰ্তী সময়ত General Wheeler ৱে আত্মসমৰ্পণ কৰি এলাহাবাদ এৰি যোৱাৰ সিদ্ধান্ত লয়।  

এলাহাবাদ এৰি যোৱাৰ সময়ত নানাচাহেবৰ সৈন্যই ব্ৰিটিছ সেনাৰ সৈতে পুনৰ সংঘৰ্ষত লিপ্ত হয়। উল্লেখ্য যে,  নানাচাহেবৰ সহযোগী তান্তীয়া টপিৰ নিৰ্দেশত ব্ৰিটিছ মহিলা আৰু শিশুক বন্দী কৰি ব্ৰিটিছ সৈন্যক হত্যা কৰিছিল  কিন্তু ১৫ জুলাইত নানাচাহেবে ব্ৰিটিছ মহিলা আৰু শিশুকো হত্যাৰ নিৰ্দেশ দিয়ে। এই ঘটনাৰ প্ৰতি লক্ষ্য ৰাখি ১৮৫৭ চনৰ ১৬ জুলাইত ইষ্ট ইণ্ডিয়া কোম্পানীয়ে General Havelock ক কানপুৰলৈ প্ৰেৰণ কৰিছিল। তেওঁক জনোৱা হৈছিল যে নানাচাহেব কানপুৰৰ ওচৰৰ Ahirara গাঁৱত আছে।  General Havelock ক Ahirara গাঁৱত উপস্থিত হৈ সকলো গাওঁবাসীক নিৰ্বিচাৰে হত্যা কৰিছিল  নানাচাহেব সেই গাঁৱৰ পৰা বিভিন্ন কৌশলেৰে পলায়ন কৰিবলৈ সক্ষম হৈছিল।  আৰু ফলস্বৰূপে General Havelock কে কানপুৰক পুনৰ ব্ৰিটিছ শাসনৰ অধীনলৈ আনিবলৈ সক্ষম হৈছিল।

ইয়াৰ পৰৱৰ্তী সময়ত অধিক শক্তি আহৰণৰ বাবে নেপালৰ প্ৰধানমন্ত্ৰী জং বাহাদুৰ ৰানাৰ ওচৰত আশ্ৰয় লৈছিল নানাচাহেবে।  চিপাহী বিদ্ৰোহৰ সময়ত নানাচাহেবে ঝাঁচীৰ ৰাণী লক্ষ্মীবাইৰ সৈতে ব্ৰিটিছৰ বিৰুদ্ধে যুদ্ধ কৰিছিল।

ব্ৰিটিছ কোম্পানীয়ে কানপুৰ দখল কৰাৰ পিছত নিৰুদ্দেশ হৈ পৰিছিল নানা চাহেব। কিন্তু ১৮৫৭ চনৰ নৱেম্বৰ মাহত নানা চাহেবে তান্টিয়া ট’পেৰ সৈতে কানপুৰ পুনৰ দখল কৰিবলৈ চেষ্টা কৰিছিল। তেওঁ কানপুৰৰ পশ্চিম আৰু উত্তৰ-পশ্চিমৰ সকলো পথ নিয়ন্ত্ৰণ কৰিবলৈ সক্ষম হয় যদিও পৰৱৰ্তী সময়ত কানপুৰৰ দ্বিতীয় যুদ্ধত পৰাজিত হয়।

গুৰুত্বপূৰ্ণ ১৮৫৭ চনৰ চেপ্তেম্বৰ মাহত নানা চাহেব মেলেৰিয়া জ্বৰত আক্ৰান্ত খবৰ পোৱা গৈছিল। ৰাণী লক্ষ্মীবাই, তান্টিয়া ট’পে আৰু ৰাও চাহেব ১৯৫৮ চনৰ জুন মাহত গোৱালিয়ৰত নানা চাহেবক Peshwa হিচাপে ঘোষণা কৰিছিল।

গুৰুত্বপূৰ্ণ কথা যে, দীৰ্ঘসময় ধৰি নানা চাহেব নেপালত আত্মগোপন কৰি আছিল। Perceval Landon লিপিবদ্ধ কৰিছিল যে, নানা চাহেবে নেপালৰ প্ৰধানমন্ত্ৰী Jang Bahadur Rana ৰ সুৰক্ষাত পশ্চিম নেপালত সুৰক্ষিত ভাৱে পত্নীৰ সৈতে দিনবোৰ পাৰ কৰিছিল।

গুৰুত্বপূৰ্ণ কথা যে নেপালত থকাৰ সময়তে ১৮৫৯ চনৰ ২৪ ছেপ্টেম্বৰত চিকাৰ কৰা সময়ত বাঘে আক্ৰমণ কৰাৰ পিছত নানা চাহেবৰ মৃত্যু হৈছিল বুলি কিছুমান প্ৰাৰম্ভিক চৰকাৰী ৰেকৰ্ডত কোৱা হৈছিল যদিও এই বিষয়ত আন ৰেকৰ্ডৰ মাজত পাৰ্থক্য আছে। নানা চাহেবৰ জীৱনৰ অন্তিম সময়ৰ কথা সঠিককৈ গম পোৱা হোৱা নাছিল।

ভাৰতৰ স্বাধীনতা সংগ্ৰামৰ ইতিহাসত নানা চাহেবেৰ অৱদান অতিকৈ গুৰুত্বপূৰ্ণ। ব্ৰিটিছৰ বিৰুদ্ধে সূচনা হোৱা প্ৰথম স্বাধীনতা সংগ্ৰামৰ এজন শক্তিশালী এজন যোদ্ধা আছিল নানা চাহেব।  ভাৰতীয় উপমহাদেশত ব্ৰিটিছ শাসনৰ ভেটি জোকাৰি যোৱা ১৮৫৭ চনৰ চিপাহী বিদ্ৰোহৰ সময়ত নানা চাহেবৰ সাহস সদায় অনুপ্ৰেৰণাৰ উৎস হৈ থাকি যাব। এক কথাত নানা চাহেব হ’ল দেশপ্ৰেম আৰু ৰাষ্ট্ৰীয় গৌৰৱৰ এক গৌৰৱময় উদাহৰণ। তেওঁ হ’ল সমগ্ৰ দেশৰ জনতাৰ বাবে অনুপ্ৰেৰণাৰ উৎস। তেওঁৰ নাম  ভাৰতৰ ইতিহাসত সোণালী আখৰত সদায় লিপিবদ্ধ হৈ থকাৰ লগতে  প্ৰতিজন ভাৰতীয়ৰ হৃদয়ত সজীৱ হৈ থাকিব।

FAQ

১) নানা চাহেবৰ প্ৰকৃত নাম কি?

উত্তৰ- নানা চাহেবৰ প্ৰকৃত নাম হ’ল-নানা গোবিন্দ ধেনু পান্থ।

২) নানা চাহেবৰ জন্ম ক’ত হৈছিল?

উত্তৰ- নানা চাহেবৰ জন্ম ১৮২৪ চনৰ ১৯ মে’ তাৰিখে উত্তৰ প্ৰদেশৰ বিথুৰত হৈছিল।

৩) নানা চাহেবৰ পিতৃ আৰু মাতৃৰ নাম কি আছিল?

উত্তৰ- নানা চাহেবৰ পিতৃৰ নাম হ’ল- নাৰায়ণ ভাট আৰু মাতৃৰ নাম হ’ল- গংগা বাই।

৪) নানা চাহেবক কোনে বিথুৰৰ উত্তৰাধিকাৰ ঘোষণা কৰিছিল?

উত্তৰ- শেষৰজন মাৰাঠী শাসক দ্বিতীয় বাজিৰাও আছিল সন্তানহীন। যাৰ পৰিপ্ৰেক্ষিতত নানা গোবিন্দ ধেনু পন্থক তুলনীয়া সন্তান হিচাপে বাজিৰাওৱে বিথুৰৰ উত্তৰাধিকাৰ ঘোষণা কৰিছিল।

৫) ব্ৰিটিছে নানা চাহেবক কিয়‌  মাৰাঠী উত্তৰাধিকাৰী হিচাপে গণ্য কৰা নাছিল?

উত্তৰ- নানা চাহেব হ’ল মাৰাঠী শাসক দ্বিতীয় বাজিৰাওৰ তোলনীয়া সন্তান। ব্ৰিটিছে প্ৰৱৰ্তন কৰা স্বত্ব বিলোপ নীতি অনুসৰি তোলনীয়া সন্তানে কোনো অধিকাৰ ভোগ কৰিব নোৱাৰে। যাৰ পৰিপ্ৰেক্ষিতত দ্বিতীয় বাজিৰাওৰ মৃত্যুৰ পিছত নানা চাহেব ইষ্ট ইণ্ডিয়া কোম্পানীৰ পৰা দত্তক পিতৃৰ বাৰ্ষিক ৮০,০০০ পাউণ্ডৰ পেঞ্চনৰ বাবে যোগ্য আছিল যদিও তোলনীয়া সন্তান হোৱাৰ বাবেই ব্ৰিটিছ কোম্পানীয়ে পেঞ্চন বন্ধ কৰি দিয়াৰ লগতে ‌নানা চাহেবক মাৰাঠী উত্তৰাধিকাৰী বুলি গণ্য কৰা নাছিল।

NEW VIDEO CLASS

Subject Ka Complete Video Solution Dekhein

Step-by-step easy concept explanation aur full questions Answer ke liye watch karein ya app download karein:

2 thoughts on “নানা চাহেব জীৱনী | Nana Saheb Biography”

Leave a Reply

This site uses Akismet to reduce spam. Learn how your comment data is processed.

Scroll to Top