মংগল পাণ্ডে জীৱনী | Mangal Pandey Biography

মংগল পাণ্ডে | Mangal Pandey Essay in Assamese | Biography of Mangal Pandey in Assamese | মংগল পাণ্ডে বিষয়ে জীৱনী | মংগল পাণ্ডে বিষয়ে ৰচনা | মংগল পাণ্ডেৰ চমু পৰিচয়।

Join Telegram channel

ব্ৰিটিছে ভাৰতবৰ্ষ দখল কৰাৰ পৰৱৰ্তী সময়ত ভাৰতৰ অধিকাংশ ব্যক্তিয়ে ভাৰতবৰ্ষক ব্ৰিটিছৰ দখলৰ পৰা মুক্ত কৰিবলৈ প্ৰচেষ্টা হাতত লৈছিল। ইংৰাজ কবলৰ পৰা ভাৰতক মুকলি কৰিবলৈ প্ৰথমখন স্বাধীনতা সংগ্ৰামৰ সূচনা হৈছিল ১৮৫৭ চনত। এই স্বাধীনতা সংগ্ৰামৰ সময়ত ভাৰতৰ বহুকেইখন ৰাজ্যৰ ৰজাসকলৰ সমান্তৰালকৈ সাধাৰণ জনসাধাৰণো ব্ৰিটিছৰ সৈতে সাহসেৰে মুখামুখি হৈছিল। তান্টিয়া ট’পে, ৰাণী লক্ষ্মীবাই, মংগল পাণ্ডেৰ দৰে লোকে এই স্বাধীনতা সংগ্ৰামখন সফল কৰাৰ বাবে সকলো শক্তি প্ৰয়োগ কৰিছিল। ভাৰতৰ স্বাধীনতা সংগ্ৰামৰ ইতিহাসত মংগল পাণ্ডে হ’ল এটা উল্লেখযোগ্য নাম। ১৮৫৭ চনত ব্ৰিটিছৰ বিৰুদ্ধে সূচনা হোৱা ‌প্ৰথমখন স্বাধীনতা সংগ্ৰাম তথা চিপাহী বিদ্ৰোহৰ অন্যতম উল্লেখযোগ্য নেতা হ’ল মংগল পাণ্ডে। তেওঁ ব্ৰিটিছৰ হাতোৰাৰ পৰা ভাৰতৰ মুক্ত কৰিবলৈ নিজৰ সৰ্বোচ্চ ত্যাগ কৰি শ্বহীদ বৰণ কৰিছিল।

Mangal Pandey

মংগল পাণ্ডে জীৱনী | Mangal Pandey Biography

নামমংগল পাণ্ডে (Mangal Pandey)
জন্ম চন১৯ জুলাই, ১৮২৭ চন
জন্ম স্থাননগৱা গাওঁ, বালিয়া জিলা, উত্তৰ প্ৰদেশ
পিতৃৰ নামদিবাকৰ পাণ্ডে
মৃত্যু৮ এপ্ৰিল, ১৮৫৭ চন

ভাৰতৰ স্বাধীনতা সংগ্ৰামত প্ৰথম শ্বহীদ বৰণ কৰা মংগল পাণ্ডেৰ জন্ম হৈছিল ১৮২৭ চনৰ ১৯ জুলাই তাৰিখে তেতিয়াৰ নগৱা গাঁৱত, বৰ্তমান উত্তৰ প্ৰদেশৰ বলিয়া জিলাৰ এটা অতি ৰক্ষণশীল উচ্চ বৰ্ণৰ হিন্দু পৰিয়ালত। অৱশ্যে একাংশ‌ ব্যক্তিয়ে মংগল পাণ্ডেৰ জন্ম স্থান ফৈজাবাদ জিলাৰ সুৰহুৰ গাঁৱত বুলিও অভিহিত কৰিছে।  মংগল পাণ্ডেৰ পিতৃৰ নাম হ’ল দিবাকৰ পাণ্ডে।

শৈশৱৰ পৰাই সমাজ হৈতিষী মনৰ অধিকাৰী মংগল পাণ্ডেই প্ৰাথমিক আৰু মাধ্যমিক শিক্ষা সমাপ্ত কৰাৰ পিছত  ১৮৪৯ চনত বাইশ বছৰ বয়সতে ব্ৰিটিছ ইষ্ট ইণ্ডিয়া কোম্পানীত চিপাহী হিচাপে যোগদান কৰে।  উচ্চাভিলাষী মনৰ মংগল পাণ্ডেৰ বাবে তেওঁৰ চিপাহী চাকৰিটো আছিল উন্নতি পথৰ এডাল জখলা। উল্লেখ্য যে, ১৮৫৭ চনৰ মহাবিদ্ৰোহৰ সময়ত ৩৪ নং বংগ নেটিভ ৰেজিমেণ্টৰ সৈনিক হিচাপে কৰ্মৰত আছিল মংগল পাণ্ডে । কিন্তু উচ্চাভিলাষী মনৰ চিপাহী বৃত্তিত নিয়োজিত মংগল পাণ্ডেৰ জীৱনৰ উচ্চাকাংক্ষৰ সৈতে ধৰ্মীয় বিশ্বাসৰ এক সংঘাত সৃষ্টি হৈছিল। 

গুৰুত্বপূৰ্ণ কথা যে, ব্ৰিটিছ ইষ্ট ইণ্ডিয়া কোম্পানীত চিপাহী হিচাপে যোগদান কৰাৰ পিছতেই মংগল পাণ্ডেই তাত কৰ্মৰত ব্ৰিটিছ সৈনিক আৰু ভাৰতীয় সৈনিকৰ মাজত বৈষম্যমূলক আচৰণ তথা বিভেদ প্ৰত্যক্ষ কৰিছিল। ইংৰাজ বিষয়াৰ সন্মুখত ব্ৰিটিছ সেনা আৰু ভাৰতীয় সেনাৰ আচৰণৰ মাজত আছিল আকাশ পাতাল প্ৰভেদ।

Read Also: কোঁৱৰ সিং জীৱনী | Kunwar Singh Biography

উল্লেখ্য যে,  থলুৱা সৈন্যই সদায় ইংৰাজ বিষয়াৰ আগত প্ৰণাম কৰিবলৈ বাধ্য আছিল যদিও ইংৰাজ সৈন্যৰ ক্ষেত্ৰত এই সমূহ বাধ্য বাধ্যবাধকতা পৰিলক্ষিত হোৱা নাছিল। ইয়াৰ ওপৰিও থলুৱা সেনা আৰু ব্ৰিটিছ সেনাৰ মাজত দৰমহা দিয়াৰ ক্ষেত্ৰতো বৈষম্য আছিল।  এজন থলুৱা জোৱানৰ দৰমহা আছিল মাত্ৰ সাতটকা।  আনহাতে ইংৰাজ চিপাহীসকলৰ দৰমহা আছিল উচ্চস্তৰৰ। এজন ইংৰাজ সৈনিকৰ হাতত থকা কোনো সকলো সুবিধা থলুৱা সৈনিকৰ বাবে উপলব্ধ নাছিল। পদোন্নতিৰ সুযোগো নাছিল থলুৱা সৈনিকৰ। উল্লেখ্য যে যুদ্ধত ভাৰতীয় সৈন্যৰ মৃত্যু হোৱা হ’লে আৰ্থিক সাহায্য কথা বাদেই সৌজন্যতাৰ খাতিৰত পৰিয়ালৰ খবৰো লোৱা নাছিল ব্ৰিটিছে।

গুৰুত্বপূৰ্ণ কথা যে , ১৮৫৩ চনত ব্ৰিটিছ চৰকাৰে এনফিল্ড ৰাইফল (৫৫৬ কেলিবাৰ পি / ৫৩) নামৰ এক নতুন ধৰণৰ আগ্নেয়াস্ত্ৰ প্ৰৱৰ্তন কৰিছিল।  য’ত কাৰ্টিজ অৰ্থাৎ গুলি ভৰোৱাৰ আগতে কাৰ্টিজৰ খোলাটো দাঁতৰ সৈতে ফালি পেলাব লাগিছিল।  ভাৰতত এই অস্ত্ৰ জনপ্রিয় হোৱাৰ লগে লগে কার্টিজৰ খোলাটো গৰু-গাহৰিৰ চৰ্বিৰে বনোৱা বুলি খবৰ বিয়পি পৰিছিল। ইয়াৰ ফলত হিন্দু আৰু মুছলমান উভয় সৈন্যই জাতি হেৰুৱাৰ উপক্ৰম হৈছিল। কাৰণ ভাৰতীয় সমাজত হিন্দুৰ খাদ্য হিচাপে গৰু আৰু মুছলমানৰ বাবে গাহৰি ধৰ্মীয়ভাৱে নিষিদ্ধ। ধৰ্ম নষ্ট হোৱাৰ আকাংক্ষাত অধিকাংশ ভাৰতীয় সৈন্যই ৰাইফল ব্যৱহাৰ কৰিবলৈ অস্বীকাৰ কৰাৰ বিপৰীতে ব্ৰিটিছে তেওঁলোকক বাৰে বাৰে ৰাইফল ব্যৱহাৰ কৰিবলৈ হেঁচা প্ৰদান কৰিছিল। ইয়াৰ ফলত ব্ৰিটিছৰ বিৰুদ্ধে ভাৰতীয় সৈন্যসকলৰ মনত ক্ষোভৰ সৃষ্টি হৈছিল।

ইয়াৰ পৰৱৰ্তী সময়ত ইংৰাজৰ বিৰুদ্ধে চিপাহী সকলৰ সংঘবদ্ধ বিদ্ৰোহৰ সূত্ৰপাত হৈছিল বাৰাকপুৰৰ সেনা ছাউনীত। উল্লেখ্য যে ১৮৫৭ চনৰ ২৯ মাৰ্চত বেৰাকপুৰৰ সেনা ছাউনীত মংগল পাণ্ডেই আন আন সৈনিক সকলক ব্ৰিটিছ বিষয়াৰ বিৰুদ্ধে বিদ্ৰোহ কৰিবলৈ উৎসাহিত কৰিছিল। তেওঁ আন সেনা সকলক কৈছিল যে, Come out, the Europeans are here,” আৰু “from biting these cartridges we shall become infidels”.

মংগল পাণ্ডেৰ এই আচৰণৰ কথা জ্ঞাত হৈ Sergeant-Major James Hewson সেই সেনা ছাউনীত উপস্থিত হৈ ভাৰতীয় সেনা বিষয়া Jemadar Ishwari Prasad ক মংগল পাণ্ডেক গ্ৰেপ্তাৰৰ নিদেৰ্শ দিছিল। কিন্তু Ishwari Prasad ৱে Major James Hewson ৰ আদেশ অমান্য কৰিছিল। ইয়াৰ পৰৱৰ্তী সময়ত এই পৰিস্থিতি নিয়ন্ত্ৰণ কৰিবলৈ Sergeant-Major’s adjutant Lieutenant Henry Baugh ঘোঁৰাত উঠি সেই স্থানত উপস্থিত হৈছিল তেতিয়া মংগল পাণ্ডেয়ে Henry Baugh হত্যাৰ প্ৰচেষ্টা চলাইছিল। গুৰুত্বপূৰ্ণ কথা যে, এই সময়চোৱাত কোনো ভাৰতীয় সেনাই ব্ৰিটিছ সকলক সহায়ৰ হাত আগবঢ়োৱা নাছিল। উল্লেখ্য যে Shaikh Paltu নামৰ এজন সেনা জোৱানে ব্ৰিটিছ সকলক সহায়ৰ হাত আগবঢ়ালৈ যত্ন কৰিছিল যদিও তেওঁক ভাৰতীয় সৈনিক সকলে শিলগুটি আৰু জোটাৰে আক্ৰমণ কৰিছিল।

মংগল পাণ্ডেৰ আক্ৰমণৰ বলি হৈ দুয়োজন ব্ৰিটিছ বিষয়া গুৰুতৰভাৱে আঘাতপ্ৰাপ্ত হৈছিল।

যাৰ বাবে ব্ৰিটিছ বিষয়া সকলে মংগল পাণ্ডেক গ্ৰেপ্তাৰৰ নিদেৰ্শ দিছিল। কিন্তু ব্ৰিটিছৰ হাতত ধৰা দিবলৈ অনিচ্ছুক পাণ্ডেয়ে নিজৰ বন্দুকৰে নিজকে গুলীয়াই প্ৰাণে মৰিবলৈ চেষ্টা কৰিছিল। অৱশ্যে গুলিৰ আঘাত বেছি গুৰুতৰ নাছিল বাবে ক্ৰমান্বয়ে সুস্থ হৈছিল তেওঁ। একাংশ লোকে ভাং বা আফিঙৰ প্ৰভাৱত এই কাৰ্য সংঘটিত কৰিছিল বুলি মত পোষণ কৰিছিল। কিন্তু যেতিয়া পৰৱৰ্তী সময়ত ইংৰাজক আক্ৰমণ কৰিবলৈ সাহস কৰাৰ বাবে তেওঁক আদালতত হাজিৰ কৰা হৈছিল তেতিয়া বিচাৰত তেওঁ মদ্যপান কৰিছিল নেকি বুলি সোধাত পাণ্ডেয়ে উত্তৰ দিছিল যে তেওঁ সম্পূৰ্ণ সচেতনতাৰে আৰু সুস্থ অৱস্থাত এই কাৰ্য সংঘটিত কৰিছিল। বিচাৰ প্ৰক্ৰিয়াৰ শেষত ফাঁচী দণ্ডেৰে দণ্ডিত কৰা হৈছিল মংগল পাণ্ডেক।

যাৰ বাবে ১৮৫৭ চনৰ ৭ এপ্ৰিলত ২৯ বছৰ বয়সত ফাঁচী দিয়া হৈছিল মংগল পাণ্ডে।  তাৰ কিছুদিন পিছত ২১ এপ্ৰিলত ঈশ্বৰ প্ৰসাদকো ফাঁচীদণ্ডেৰে দণ্ডিত কৰা হয়।  এই ঘটনাই থলুৱা জোৱানসকলৰ মাজত তীব্ৰ অসন্তুষ্টিৰ সৃষ্টি কৰিছিল।  ইয়াৰ পৰাই আৰম্ভ হয় ভাৰতৰ স্বাধীনতাৰ বাবে প্ৰথমটো মহাবিদ্ৰোহ, যিটো ইতিহাসত চিপাহী বিদ্ৰোহ নামেৰে জনাজাত।

পৰৱৰ্তী সময়ত মংগল পাণ্ডেয়ে আৰম্ভ কৰা এই বিদ্ৰোহ ক্ষিপ্ৰতাৰে মিৰাট, দিল্লীকে ধৰি ভাৰতৰ বিভিন্ন প্ৰান্তলৈ বিয়পি পৰে।  ভাৰতীয় বিদ্ৰোহীয়ে সেনা ছাউনীৰ পৰা অস্ত্ৰভাণ্ডাৰ লুট কৰি জুই জ্বলাই দিয়াৰ লগতে বিভিন্ন স্থানত ব্ৰিটিছ নাগৰিকক হত্যা কৰিছিল।  পৰৱৰ্তী সময়ত এই বিদ্ৰোহ দিল্লীলৈ বিয়পি কেইবাদিনো ধৰি চলিছিল। অৱশ্যে বেছি দিন ধৰি ভাৰতীয় সেনাই নিজৰ সংগ্ৰামী ধাৰা বৰ্তাই ৰাখিব নোৱাৰিলে।

আধুনিক ভাৰতত এজন শক্তিশালী নায়ক হিচাপে গণ্য কৰা মংগল পাণ্ডেক সন্মান জনোৱাৰ উদ্দেশ্যে   ১৯৮৪ চনত ভাৰত চৰকাৰে তেওঁৰ স্মৃতি যুগমীয়া কৰি ৰাখিবৰ বাবে ডাকটিকট প্ৰচলন কৰিছিল। ইয়াৰ ওপৰিও স্বদেশ প্ৰেমী মংগল পাণ্ডেৰ জীৱনাদৰ্শ প্ৰচাৰৰ বাবে Mangal Pandey: The Rising নামৰ এখন বোলছবি নিৰ্মাণ কৰা হৈছিল। এই বোলছবি খনত আমিৰ খান, ৰাণী মুখাৰ্জী, আমিষা পেটেলক আদি কৰি জনপ্ৰিয় অভিনেতা অভিনেত্ৰীয়ে অভিনয় কৰিছিল।

২০০৫ চনত The Roti Rebellion প্ৰদৰ্শন কৰা হৈছিল। ইয়াৰ ওপৰিও তেওঁৰ জীৱনৰ আধাৰত কেইবাখনো চিনেমা আৰু মঞ্চ নাটক ৰচনা কৰা হৈছে। মন কৰিবলগীয়া কথা যে, সমাজ জীৱনত মংগল পাণ্ডেৰ প্ৰভাৱ বেছি যে, ইংৰাজে এই স্বাধীনতা যুদ্ধত সকলো সৈনিকক ‘পাণ্ডে’ নামেৰে মাতিছিল। ইয়াৰ ওপৰিও মংগল পাণ্ডেৰ স্মৃতিত বৰাকপুৰত শ্বহীদ মংগল পাণ্ডে মহা উদ্যান নামৰ এখন উদ্যান স্থাপন কৰা হৈছে।

পৰাধীন এটা জাতিক পৰাধীনতাৰ হাতোৰাৰ পৰা মুক্ত কৰি স্বাধীনতাৰ বাবে যুঁজিবলৈ অনুপ্ৰাণিত কৰা মংগল পাণ্ডে হ’ল এজন কিংবদন্তি।

ভাৰতীয় ইতিহাসত বৰ্তমান সময়লৈকে উজ্জ্বলী থকা সাহসী আৰু শক্তিশালী যুদ্ধা হ’ল মংগল পাণ্ডে। ভাৰতীয়সকলক ব্ৰিটিছ শাসনৰ পৰা মুক্ত কৰিবলৈ প্ৰৱল পৰাক্ৰমেৰে  প্ৰথম বাৰৰ বাবে সংগ্ৰাম কৰি স্বাধীনতা সংগ্ৰামত প্ৰথম শ্বহীদ হৈছিল তেওঁ। দেশপ্ৰেম আৰু ৰাষ্ট্ৰীয় গৌৰৱৰ এক গৌৰৱময় উদাহৰণ হ’ল মংগল পাণ্ডে। তেওঁ হ’ল সমগ্ৰ দেশৰ জনতাৰ বাবে অনুপ্ৰেৰণাৰ উৎস। তেওঁৰ নাম  ভাৰতৰ ইতিহাসত সোণালী আখৰত সদায় লিপিবদ্ধ হৈ থকাৰ লগতে  প্ৰতিজন ভাৰতীয়ৰ হৃদয়ত সজীৱ হৈ থাকিব।

 FAQ

১) ভাৰতৰ স্বাধীনতা আন্দোলনৰ প্ৰথমগৰাকী শ্বহীদ কোন?

উত্তৰ- ভাৰতৰ স্বাধীনতা আন্দোলনৰ প্ৰথমগৰাকী শ্বহীদ মংগল পাণ্ডে।

২) চিপাহী বিদ্ৰোহৰ সূত্ৰপাত কোনে কৰিছিল?

উত্তৰ- ১৮৫৭ চনৰ ২৯ মাৰ্চত বেৰাকপুৰৰ সেনা ছাউনীত মংগল পাণ্ডেই চিপাহী বিদ্ৰোহৰ সূচনা কৰিছিল।

৩) ব্ৰিটিছ চৰকাৰে মংগল পাণ্ডেক কিয় মৃত্যুদণ্ডেৰে দণ্ডিত কৰিছিল?

উত্তৰ- বেৰাকপুৰৰ সেনা ছাউনীত মংগল পাণ্ডেই ১৮৫৭ চনৰ ২৯ মাৰ্চত আন আন ভাৰতীয় সৈনিকক ব্ৰিটিছ বিষয়াৰ বিৰুদ্ধে বিদ্ৰোহ কৰিবলৈ উৎসাহিত কৰাৰ লগতে ব্ৰিটিছ বিষয়াক হত্যা কৰি চেষ্টা কৰাৰ অভিযোগত মৃত্যু দণ্ডেৰে দণ্ডিত কৰিছিল মংগল পাণ্ডেক।

৪) কোন চনত মংগল পাণ্ডেই মৃত্যুক সাৱটি লৈছিল?

উত্তৰ- ১৮৫৭ চনৰ ৭ এপ্ৰিলত ২৯ বছৰ বয়সত ব্ৰিটিছ চৰকাৰে ফাঁচী  দণ্ডেৰে দণ্ডিত কৰিছিল  মংগল পাণ্ডেক।

৫) মংগল পাণ্ডেই কেতিয়া জন্ম হৈছিল?

উত্তৰ- মংগল পাণ্ডেৰ জন্ম হৈছিল ১৮২৭ চনৰ ১৯ জুলাই তাৰিখে তেতিয়াৰ নগৱা গাঁৱত, বৰ্তমান উত্তৰ প্ৰদেশৰ বলিয়া জিলাৰ এটা অতি ৰক্ষণশীল উচ্চ বৰ্ণৰ হিন্দু পৰিয়ালত।

Leave a Comment

Your email address will not be published. Required fields are marked *

Scroll to Top