কোঁৱৰ সিং জীৱনী | Kunwar Singh Biography

কোঁৱৰ সিং | Kunwar Singh Essay in Assamese | Biography of Kunwar Singh in Assamese | কোঁৱৰ সিং বিষয়ে জীৱনী | কোঁৱৰ সিং বিষয়ে ৰচনা | কোঁৱৰ সিংৰ চমু পৰিচয়।

Join Telegram channel

ইংৰাজৰ ২০০ বছৰীয়া ৰাজত্বৰ পৰা ভাৰতবৰ্ষই একেদিনাই মুক্তি পোৱা নাছিল। ইয়াৰ গুৰিতে আছিল স্বাধীনতাকামী জনতাৰ প্ৰয়াসী মনোভাৱ আৰু অপ্ৰাণ চেষ্টা। সমষ্ট জনতাই ঐক্যবদ্ধতাৰে ব্ৰিটিছ বিৰোধী এক বিপ্লৱৰ সূচনা কৰিছিল আৰু এই বিপ্লৱত অংশগ্ৰহণ কৰিছিল বৃহত্তৰ ভাৰতৰ বিভিন্ন প্ৰান্তৰ যুৱক-যুৱতী, আবাল বৃদ্ধ বণিতাই। দেশৰ স্বাৰ্থত এই স্বাধীনতা আন্দোলনত সক্ৰিয়ভাৱে অংশগ্ৰহণ কৰি দেশপ্ৰেমৰ এক নজিৰ সৃষ্টি কৰিছিল এইসকল যুৱক যুৱতী, আবাল বৃদ্ধ বণিতাই। বৃটিছৰ বিৰুদ্ধে সূচনা হোৱা স্বাধীনতা সংগ্ৰামৰ এগৰাকী শক্তিশালী সেনানী তথা ভাৰতৰ স্বাধীনতা সংগ্ৰামত অতি গুৰুত্বপূৰ্ণ ভূমিকা পালন কৰা এজন উল্লেখযোগ্য ব্যক্তি হ’ল কোঁৱৰ সিং। ৮০ বছৰ বয়সতো প্ৰচুৰ মনোবলেৰে ব্ৰিটিছৰ বিৰুদ্ধে যুঁজ দি এক উদাহৰণ দাঙি ধৰিছিল তেওঁ।

Kunwar Singh

কোঁৱৰ সিং জীৱনী | Kunwar Singh Biography

নামকোঁৱৰ সিং | Kunwar Singh
জন্ম চন১৩ নৱেম্বৰ, ১৭৭৭ চন
জন্ম স্থানজগদীশপুৰ (বৰ্তমান বিহাৰৰ ভোজপুৰ জিলা)
অভিভাৱকপিতৃৰ নাম – ৰাজা চাহাবজাদা সিং
মাতৃৰ নাম – ৰাণী পঞ্চৰতন কুঁৱৰী দেৱী
মৃত্যু২৬ এপ্ৰিল, ১৮৫৮ চন

কোঁৱৰ সিঙৰ জন্ম হৈছিল ১৭৭৭ চনৰ ১৩ নৱেম্বৰ তাৰিখে বিহাৰৰ শ্বাহাবাদ (বৰ্তমান ভোজপুৰ) জিলাৰ অন্তৰ্গত জগদীশপুৰ নামৰ ঠাইত। উজ্জ্বনিয়া ৰাজপুত বংশত জন্মগ্ৰহণ কৰা কোঁৱৰ সিঙৰ পিতৃৰ নাম হ’ল-ৰাজা চাহাবজাদা সিং আৰু মাতৃৰ নাম হ’ল- ৰাণী পঞ্চৰতন কুঁৱৰী দেৱী। উল্লেখ্য যে এজন ব্ৰিটিছ ন্যায়িক বিষয়াই কোঁৱৰ সিঙৰ বৰ্ণনা আগবঢ়াই ব্যক্ত কৰিছিল প্ৰায় ছয় ফুট উচ্চতাৰ কোঁৱৰ সিঙৰ মুখখন আছিল বহল, তেওঁৰ নাক আছিল অত্যন্ত জোঙা। উল্লেখ্য যে কোঁৱৰ সিঙে চিকাৰ কৰি ভাল পোৱাৰ লগতে ঘোঁৰা চলোৱাতো আছিল পাকৈত। জনসমাজত কোঁৱৰ সিং বিশেষকৈ বীৰ বাবু কোঁৱৰ সিং আৰু বীৰ কোঁৱৰ সিং নামেৰে বেছিকৈ জনপ্ৰিয় আছিল।

পিতৃৰ পৰলোকপ্ৰাপ্তিৰ পিছত ১৮২৬ চনত জগদীশপুৰৰ তালুকদাৰ হয় হিচাপে দায়িত্ব গ্ৰহন কৰিছিল কোঁৱৰ সিঙে। উল্লেখ্য যে, কোঁৱৰ সিঙে গয়া ৰাজ্যৰ ছিছ’দিয়া ৰাজপুত বংশৰ দেও ৰাজ বাগিচাৰ ধনী জমিদাৰ ৰাজা ফাতেহ নাৰায়ণ সিঙৰ কন্যাৰ সৈতে বিবাহ পাশত আবদ্ধ হৈছিল।

ব্ৰিটিছৰ বিৰুদ্ধে ভাৰতৰ স্বাধীনতাৰ বাবে ১৯৫৭ চনত সূচনা হোৱা প্ৰথমটো মহাবিদ্ৰোহ চিপাহী বিদ্ৰোহৰ এজন শক্তিশালী নেতা আছিল কোঁৱৰ সিং। চিপাহী বিদ্ৰোহ হ’ল ভাৰতৰ স্বাধীনতাৰ হকে সূচনা হোৱা প্ৰথমখন সংগ্ৰাম। ১৮৫৭ চনৰ ১০ মে’ত মিৰাটত ব্ৰিটিছ ইষ্ট ইণ্ডিয়া কোম্পানীৰ বিৰুদ্ধে ভাৰতীয় সেনাই প্ৰথম বিদ্ৰোহৰ সূত্ৰপাত কৰিছিল।

বিদ্ৰোহৰ সূত্ৰপাত ঘটিছিল যেতিয়া ভাৰতীয় সেনাই নতুন ৰাইফলৰ কাৰ্টিজ ব্যৱহাৰ কৰিবলৈ অস্বীকাৰ কৰিছিল। কাৰণ কাৰ্টিজ অৰ্থাৎ গুলি ভৰোৱাৰ আগতে কাৰ্টিজৰ খোলাটো দাঁতৰ সৈতে ফালি পেলাব লাগিছিল।  ভাৰতত এই অস্ত্ৰ জনপ্রিয় হোৱাৰ লগে লগে কার্টিজৰ খোলাটো গৰু-গাহৰিৰ চৰ্বিৰে বনোৱা বুলি খবৰ বিয়পি পৰিছিল। ইয়াৰ ফলত হিন্দু আৰু মুছলমান উভয় সৈন্যই জাতি হেৰুৱাৰ উপক্ৰম হৈছিল। কাৰণ ভাৰতীয় সমাজত হিন্দুৰ খাদ্য হিচাপে গৰু আৰু মুছলমানৰ বাবে গাহৰি ধৰ্মীয়ভাৱে নিষিদ্ধ। ধৰ্ম নষ্ট হোৱাৰ আকাংক্ষাত অধিকাংশ ভাৰতীয় সৈন্যই ৰাইফল ব্যৱহাৰ কৰিবলৈ অস্বীকাৰ কৰাৰ বিপৰীতে ব্ৰিটিছে তেওঁলোকক বাৰে বাৰে ৰাইফল ব্যৱহাৰ কৰিবলৈ হেঁচা প্ৰদান কৰিছিল। ইয়াৰ ফলত ব্ৰিটিছৰ বিৰুদ্ধে ভাৰতীয় সৈন্যসকলৰ মনত ক্ষোভৰ সৃষ্টি হৈছিল।

উল্লেখ্য যে ১৮৫৭ চনৰ ২৯ মাৰ্চত বেৰাকপুৰৰ সেনা ছাউনীত মংগল পাণ্ডে নামৰ এজন ভাৰতীয় সৈনিকে আন আন সৈনিক সকলক ব্ৰিটিছ বিষয়াৰ বিৰুদ্ধে বিদ্ৰোহ কৰিবলৈ উৎসাহিত কৰাৰ লগতে ব্ৰিটিছ বিষয়াকো আক্ৰমণ কৰিছিল। ইংৰাজক আক্ৰমণ কৰিবলৈ সাহস কৰাৰ বাবে তেওঁক আদালতত হাজিৰ কৰি বিচাৰ প্ৰক্ৰিয়াৰ শেষত ১৮৫৭ চনৰ ৭ এপ্ৰিলত ২৯ বছৰ বয়সত ফাঁচী দিছিল মংগল পাণ্ডেক। মংগল পাণ্ডে হ’ল ভাৰতৰ স্বাধীনতা আন্দোলনৰ প্ৰথমগৰাকী শ্বহীদ। মংগল পাণ্ডেৰ মৃত্যুৰ পিছত ক্ষিপ্ৰতাৰে মিৰাট, দিল্লী, লক্ষ্ণৌ, ঝাঞ্চি, গোৱালিয়কে আদি কৰি ভাৰতৰ বিভিন্ন প্ৰান্তলৈ বিদ্ৰোহ বিয়পি পৰিছিল।

গুৰুত্বপূৰ্ণ কথা যে এই সময়ত ভাৰতৰ বহু জমিদাৰ আৰু স্থানীয় নেতাই ব্ৰিটিছক সমৰ্থন কৰাৰ বিপৰীতে আন কিছুমানে ভাৰতৰ স্বাধীনতা আঁজুৰি আনিবৰ বাবে সূচনা হোৱা বিদ্ৰোহক সমৰ্থন কৰিছিল। কিন্তু জগদীশপুৰৰ জমিদাৰ হিচাপে সেই সময়ত কাৰ্যনিৰ্বাহ কৰি থকা কোঁৱৰ সিং আছিল এনে এজন ব্যক্তি যি সন্মূখৰ পৰা এই বিদ্ৰোহৰ নেতৃত্ব বহন কৰিছিল। উল্লেখ্য যে কোঁৱৰ সিঙে বিহাৰৰ পৰা চিপাহী বিদ্ৰোহৰ নেতৃত্ব বহন কৰিছিল।

সেই সময়ত দানপুৰ, ছোটা নাগপুৰ, মানভূম, সিংভূম, পালামূ আদি অঞ্চলৰ বিদ্ৰোহী সৈনিকসকলেও কোঁৱৰ সিঙৰ নেতৃত্বত স্বাধীনতা সংগ্ৰামখন সবল ভাৱে আগবঢ়ায় নিয়াৰ লগতে সহায়ৰ হাত আগবঢ়ায় সমৰ্থন কৰিছিল। দানাপুৰৰ পৰা যাত্ৰা কৰা Bengal Native Infantry সপ্তম, অষ্টম আৰু ৪০ নম্বৰ ৰেজিমেন্টৰ সৈতে কোঁৱৰ সিং আৰু তেওঁৰ সমৰ্থনত থকা অনান্য বিদ্ৰোহী সকলে ২৭ জুলাই তাৰিখে বিহাৰৰ Arrah ত ব্ৰিটিছসকলৰ জিলা সদৰ ঘেৰাও কৰিছিল।। কিন্তু এলাহাবাদ অভিমূখে গৈ থকা Major General Vincent Eyer ৱে ব্ৰিটিছ সকলৰ বিহাৰ স্থিত জিলা সদৰ ঘেৰাও  কৰাৰ বাৰ্তা লাভ কৰি বিহাৰৰ Arrah লৈ যাত্ৰা কৰে‌ আৰু বিদ্ৰোহী সকলৰ এই কাৰ্যৰ বিৰোধিতা কৰিছিল। ইয়াৰ পৰৱৰ্তী সময়ত ৩ আগষ্ট তাৰিখে Major General Vincent Eyer  ৰ বাহিনীয়ে কোঁৱৰ সিং আৰু সহযোগীসকলক পৰাস্ত কৰে। General Vincent Eyer সৈন্য বাহিনীয়ে জগদীশপুৰত লুটপাত চলাই জগদীশপুৰৰ ৰাজপ্ৰসাদ ধংস কৰাৰ চেষ্টা চলাইছিল। উল্লেখ্য যে গেৰিলা কৌশলত পাকৈত কোঁৱৰ সিঙে প্ৰায় এবছৰ ব্ৰিটিছৰ পৰা পলাই থাকিবলৈ সমৰ্থ হৈছিল।

গুৰুত্বপূৰ্ণ কথা যে, ব্ৰিটিছৰ বিৰুদ্ধে সংগ্ৰামত অৱতীৰ্ণ হোৱাৰ সময়ত তেওঁৰ‌ বয়স আছিল ৮০ বছৰ। জীৱনৰ ভাটিবেলাত ভাৰতৰ স্বাধীনতা বাবে অহোপুৰুষাৰ্থ কৰা কোঁৱৰ সিঙৰ সাহস, সততা আৰু দেশপ্ৰেমৰ ওচৰত আন একোৰে তুলনা নহয়।Major General Vincent Eyer ওচৰত পৰাজয় বৰণ কৰাৰ পিছতো কোঁৱৰ সিং থমকি ৰোৱা নাছিল। ব্ৰিটিছৰ বিৰুদ্ধে সূচনা হোৱা সংগ্ৰামখশন  বিহাৰৰ পৰা উলিয়াই আনি  গোৱালিয়ৰ, লক্ষ্ণৌ, কানপুৰকে ধৰি ভাৰতৰ অন্যান্য প্ৰান্তৰ বিদ্ৰোহী সংগঠনৰ সহযোগত ব্ৰিটিছক প্ৰতিহত কৰাৰ প্ৰচেষ্টা হাতত লৈছিল।

উল্লেখ্য যে, ১৮৯৭ চনত ছেপ্টেম্বৰ মাহত কোঁৱৰ সিঙে মধ্যপ্ৰদেশৰ Rewa‌ ত  প্ৰৱেশ কৰাৰ এক প্ৰচেষ্টা চলাইছিল আৰু ইয়াৰ পৰৱৰ্তী সময়ত পিছত তেওঁ উত্তৰ প্ৰদেশৰ বান্দালৈ যাত্ৰা কৰিছিল। বান্দাৰ পৰাই তেওঁ সহযোগী Nishan Singh কল্পীলৈ গৈ গোৱালিয়ৰ সৈন্যৰ লগত যোগদান কৰি কানপুৰ দখলৰ বাবে প্ৰচেষ্টা হাতত লৈছিল। অৱশ্যে তেওঁলোক ব্ৰিটিছৰ হাতত পৰাস্ত হয়।

কিন্তু যুঁজত পৰাজয় বহন কৰিও দৃঢ় মনোবলেৰে লক্ষ্ণৌৰ ফালে যাত্ৰা কৰিছিল কোঁৱৰ সিং। ১৯৫৮ চনৰ মাৰ্চ মাহত তেওঁ সহযোগী সতীৰ্থ সকলৰ সৈতে Atraulia, Azamgarh ত বাহৰ পাতে। ব্ৰিটিছ Lt General George Bryan Milman আৰু Colonel ৰ অধীনত ব্ৰিটিছ সৈন্যই কোঁৱৰ সিঙক স্থানান্তৰ কৰিবলৈ চেষ্টা কৰিছিল সফলতা লাভ কৰিব নোৱাৰিলে। কোঁৱৰ সিঙে ব্ৰিটিছৰ দুৰ্বলতম স্থানত আক্ৰমণ কৰিছিল, যাৰ ফলত বিদ্ৰোহৰ জুই উমি উমি জ্বলি আছিল আৰু তেওঁ Azamgarh ক নিজৰ নিয়ন্ত্ৰণত ৰাখিছিল। ইয়াৰ পৰৱৰ্তী সময়ত ‌Lord Mark Kerr আৰু Sir Edward Lingard ক Azamgarh ক কোঁৱৰ সিঙৰ নেতৃত্বৰ পৰা মুক্ত কৰিবলৈ ব্ৰিটিছ সকলে পঠোৱাৰ বাৰ্তা পাই পিচে নিজৰ সৈন্যৰ এটা অংশ লৈ গাজীপুৰ অভিমুখে ৰাওনা হৈছিল।

Read Also: জীৱনী: আশফাকুল্লা খান | Ashfaqulla Khan

গুৰুত্বপূৰ্ণ কথা যে, জগদীশপুৰ পুনৰ দখল কৰিবলৈ গংগা পাৰ হোৱাৰ প্ৰয়াস কৰি থকাৰ সময়ত কোঁৱৰ  সিঙে ১৮৫৮ চনৰ এপ্ৰিল মাহত Brigadier Douglas অধীনৰ ব্ৰিটিছ সৈন্যৰ সৈতে যুঁজত অৱতীৰ্ণ হৈছিল। এই যুঁজত ব্ৰিটিছ সৈন্যৰ গুলিত ‌গুলিবিদ্ধ হৈছিল কোঁৱৰ সিং। অসীম সাহসেৰে সাহসী কোঁৱৰ সিঙে তেওঁৰ বাহুত গুলীৰ আঘাতৰ ফলত হোৱা সংক্ৰমণ শৰীৰৰ বাকী অংশলৈ বিয়পি নপৰিবৰ কাৰণে হাতখনকে কাটি পেলাই থৈ গৈছিল।  

জগদীশপুৰ Captain Le Grand নেতৃত্বত ব্ৰিটিছ সশস্ত্ৰ বাহিনী কোঁৱৰ সিঙৰ নেতৃত্বত অহা সৈনিকৰ সৈতে যুঁজিবলৈ সাজু হৈয়ে আছিল। তথাপিও কোঁৱৰ সিঙে সুচতুৰ পাৰদৰ্শিতাৰে ব্ৰিটিছক পৰাভূত কৰিছিল। কোঁৱৰ সিঙৰ নেতৃত্বত ভাৰতীয় সৈন্যবাহিনীয়ে Captain Le Grand কে ধৰি প্ৰায় ১৩০ জন লোকক হত্যা কৰিছিল।কিন্তু ক্লান্তি আৰু অবিৰত যুদ্ধৰ ফলত ক্লান্ত হৈ পৰা কোঁৱৰ সিঙৰ দীৰ্ঘজীৱনৰ ভাগ্য নাছিল।  ১৮৫৮ চনৰ ২৬ এপ্ৰিলত শেষৰখন যুদ্ধত বিজয়ী হৈ তেওঁ শেষ নিশ্বাস ত্যাগ কৰে।

ব্ৰিটিছৰ বিৰুদ্ধে সূচনা হোৱা ভাৰতৰ স্বাধীনতা আন্দোলনত কোঁৱৰ সিঙৰ অৱদানক সন্মান জনাই তেওঁৰ স্মৃতি যোগমীয়া কৰাৰ কাৰণে ১৯৬৬ চনৰ ২৩ এপ্ৰিলত ভাৰত চৰকাৰে এটা ডাকটিকট প্ৰচলন কৰিছিল।  বিহাৰ চৰকাৰে ১৯৯২ চনত Arrah ত বীৰ কোঁৱৰ সিং বিশ্ববিদ্যালয় প্ৰতিষ্ঠা কৰিছিল।

ইয়াৰ ওপৰিও ২০১৭ চনত উত্তৰ আৰু দক্ষিণ বিহাৰক সংযোগ কৰিবলৈ Arrah–Chhapra দলং নামেৰে জনাজাত বীৰ কোঁৱৰ সিং সেতু উদ্বোধন কৰা হয়। ২০১৮ চনত কোঁৱৰ সিঙৰ মৃত্যুৰ ১৬০ বছৰীয়া জয়ন্তী উদযাপনৰ বাবে বিহাৰ চৰকাৰে তেওঁৰ এটা প্ৰতিমূৰ্তি Hardinge স্থানান্তৰ কৰাৰ  উপৰিও আনুষ্ঠানিকভাৱে উদ্যানখনৰ নাম সলনি কৰি ‘বীৰ কোঁৱৰ সিং আজাদী উদ্যান’ নামকৰণ কৰা হয়। উল্লেখ্য যে ব্ৰিটিছ অত্যাচাৰৰ বিৰুদ্ধে যুঁজ দিয়া এজন নায়ক হিচাপে তেওঁৰ জীৱন বৃতান্তৰ কথা বহু ভোজপুৰী লোকগীতত উল্লেখ আছে।  

গুৰুত্বপূৰ্ণ কথা যে, বীৰ কোঁৱৰ সিং সাধাৰণ জনতাৰ মাজত কমকৈ পৰিচিত হ’লেও ব্ৰিটিছ বিৰোধী সংগ্ৰামখনত তেওঁৰ অৰিহণা আছিল বহুত। কোঁৱৰ সিঙে বহুতৰ মনত স্বাধীনতাকামী এক ধাৰা সৃষ্টি কৰিবলৈ প্ৰয়াস কৰিছিল। ব্ৰিটিছৰ বিৰুদ্ধে বিদ্ৰোহ কৰি নিজৰ অধিকাৰ সাব্যস্ত কৰিবলৈ অনুপ্ৰাণিত কৰিছিল।

FAQ

  1. কোঁৱৰ সিংৰ জন্ম কেতিয়া হৈছিল?

Ans. কোঁৱৰ সিংৰ জন্ম ১৩ নৱেম্বৰ, ১৭৭৭ চনত হৈছিল।

2. কোঁৱৰ সিংৰ মৃত্যু কেতিয়া হৈছিল?

Ans. কোঁৱৰ সিংৰ মৃত্যু ২৬ এপ্ৰিল, ১৮৫৮ চনত হৈছিল।

3. কোঁৱৰ সিংৰ পিতৃৰ নাম কি আছিল?

Ans. কোঁৱৰ সিংৰ পিতৃৰ নাম ৰাজা চাহাবজাদা সিং আছিল।

4. কোঁৱৰ সিংৰ মাতৃৰ নাম কি আছিল?

Ans. কোঁৱৰ সিংৰ মাতৃৰ নাম ৰাণী পঞ্চৰতন কুঁৱৰী দেৱী আছিল।

5. কোঁৱৰ সিং কত জন্ম গ্ৰহন কৰিছিল?

Ans. কোঁৱৰ সিং জগদীশপুৰ (বৰ্তমান বিহাৰৰ ভোজপুৰ জিলা) ত জন্ম গ্ৰহন কৰিছিল।

Leave a Comment

Your email address will not be published. Required fields are marked *

Scroll to Top