আশফাকুল্লা খান জীৱনী | Ashfaqulla Khan Biography

আশফাকুল্লা খান | Ashfaqulla Khan Essay in Assamese | Biography of Ashfaqulla Khan in Assamese | আশফাকুল্লা খান বিষয়ে জীৱনী | আশফাকুল্লা খান বিষয়ে ৰচনা | আশফাকুল্লা খানৰ চমু পৰিচয়।

Join Telegram channel

আশফাকুল্লা খান বৃটিছৰ বিৰুদ্ধে দেশজুৰি সূচনা হোৱা স্বাধীনতা আন্দোলনত জপিয়াই পৰিছিল ভাৰতৰ বিভিন্ন প্ৰান্তৰ বহু যুৱক যুৱতী। দেশৰ স্বাৰ্থত এই স্বাধীনতা আন্দোলনত সক্ৰিয়ভাৱে অংশগ্ৰহণ কৰি দেশপ্ৰেমৰ এক নজিৰ সৃষ্টি কৰিছিল বহু যুৱক যুৱতীয়ে। বৃটিছৰ বিৰুদ্ধে সূচনা হোৱা স্বাধীনতা সংগ্ৰামৰ এগৰাকী শক্তিশালী সেনানী তথা ভাৰতৰ স্বাধীনতা সংগ্ৰামত অতি গুৰুত্বপূৰ্ণ ভূমিকা পালন কৰা এজন উল্লেখযোগ্য ব্যক্তি হ’ল আশফাকুল্লা খান। ২৭ বছৰ বয়সতে দেশৰ বাবে প্ৰাণ বিসৰ্জন দিছিল আশফাকুল্লা খানে।

Ashfaqulla Khan

আশফাকুল্লা খান জীৱনী | Ashfaqulla Khan Biography

নামআশফাকুল্লা খান (Ashfaqulla Khan)
জন্ম চন২২ অক্টোবৰ, ১৯০০ চন
জন্ম স্থানশ্বাহজাহানপুৰ, উত্তৰ-প্ৰদেশ
অভিভাৱকপিতৃৰ নাম – শ্বফিক উল্লাহ খান
মাতৃৰ নাম – মাঝুৰ-উন-নিচা
মৃত্যু১৯ ডিচেম্বৰ, ১৯২৭ চন

খাইবাৰ জনগোষ্ঠীৰ এটা মুছলমান সম্প্ৰদায়ৰ পৰিয়ালত ১৯০০ চনৰ ২২ অক্টোবৰ তাৰিখে জন্ম হৈছিল আশফাকুল্লা খানৰ। তেওঁৰ পিতৃৰ নাম হ’ল- শ্বফিক উল্লাহ খান আৰু মাতৃৰ নাম হ’ল- মাঝুৰ-উন-নিচা। ছয় জন সহোদৰ ভাতৃ ভগ্নীৰ মাজত আশফাকুল্লা খান আছিল সকলোতকৈ কনিষ্ঠ। উল্লেখ্য যে আশফাকুল্লা খানৰ মাতৃ পৰিয়ালৰ সদস্যসকল পেছাগত ভাৱে ব্ৰিটিছ চৰকাৰৰ আৰক্ষী আৰু প্ৰশাসনিক বিষয়া হিচাপে কৰ্মৰত আছিল অন্যহাতে পিতৃ পৰিয়ালৰ সদস্যসকলৰ অধিকাংশই অশিক্ষিত বা অৰ্ধ শিক্ষিত আছিল। 

গুৰুত্বপূৰ্ণ কথা যে, সমাজবাদী আৰ্দশত বিশ্বাসী আশফাকুল্লা খানৰ সাহিত্য চৰ্চাৰ প্ৰতি আছিল গভীৰ অনুৰাগ। বিশেষকৈ তেওঁ  Warsi আৰু Hasrat ছদ্মনামেৰে উৰ্দু ভাষাত বিভিন্ন কবিতা লিখাৰ ‌লগতে গজলো লিখিছিল। তেওঁ লিখনিৰ জৰিয়তে বিট্ৰিছ ঔপনিৱেশিকতাবাদৰ ষড়ন্ত্ৰৰ বিষয়ে জনতাক সজাগ কৰাৰ লগতে নিজৰ অধিকাৰৰ প্ৰতিও সচেষ্ট হ’বলৈ আহ্বান জনাইছিল। ইয়াৰ ওপৰিও তেওঁ লিখনিৰ জৰিয়তে ব্ৰিটিছ সাম্ৰাজ্যবাদী শক্তিৰ কু-প্ৰভাৱৰ বিষয়েও আঙুলিয়াই দিছিল।

গুৰুত্বপূৰ্ণ কথা যে, আশফাকুল্লা খানৰ ডাঙৰ ভাতৃ চোটা উল্লা খান আছিল ৰামপ্ৰসাদ বিসমিলৰ সহপাঠী। উল্লেখ্য যে, ১৯১৮ চনত মৈনপুৰী ষড়যন্ত্ৰত চামিল হোৱা বাবে ব্ৰিটিছ আৰক্ষীৰ পৰা পলাই ফুৰিছিল ৰামপ্ৰসাদ বিসমিল। ৰামপ্ৰসাদ বিসমিলৰ সাহসী দেশপ্ৰেমমূলক কাহিনীবোৰ নিজৰ ভাতৃৰ মুখেৰে শুনিবলৈ পাইছিল আশফাকুল্লা খানে। যাৰ বাবে পণ্ডিত ৰামপ্ৰসাদ বিসমিলৰৰ দেশপ্ৰেমিক ব্যক্তিত্বৰ পৰা অনুপ্ৰাণিত হৈছিল আশফাকুল্লা খান। বিসমিলৰ সাহসী ব্যক্তিত্বৰ প্ৰতি অনুপ্ৰাণিত হৈয়ে আশফাকুল্লা খানে তেওঁক লগ কৰাৰো প্ৰচেষ্টা অব্যাহত ৰাখিছিল। উল্লেখ্য যে, ১৯২২ চনত মহাত্মা গান্ধীৰ নেতৃত্বত সূচনা হোৱা অসহযোগ আন্দোলনৰ সময়ত  এখন জনসভাত খানে  লগ পাইছিল ৰামপ্ৰসাদ বিসমিলৰক। অৱশ্যে তেওঁলোকৰ বাৰ্তালাপ কবিতা আৰু গজলৰ আদান-প্ৰদানতেই সীমাবদ্ধ আছিল।

১৯২২ চনত উত্তৰ প্ৰদেশৰ গোৰক্ষপুৰ জিলাৰ চৌৰী চোৰাত অসহযোগ আন্দোলনত অংশগ্ৰহণ কৰা প্ৰতিবাদী আৰু ব্ৰিটিছ চৰকাৰৰ পুলিচৰ মাজত এক বিতৰ্কৰ সূত্ৰপাত হৈ পৰৱৰ্তী সময়ত হিংসাত্মক ৰূপ পৰিগ্ৰহণ কৰিছিল এই ঘটনাই। পুলিচে প্ৰতিবাদকাৰী সকলৰ ওপৰত কৰা আক্ৰমণৰ বাবেই প্ৰতিবাদীকাৰী সকলেও প্ৰত্যাক্ৰণ কৰিছিল পুলিচক। যাৰ পৰিণতিত বহুকেইজন পুলিচ আৰু সাধাৰণ লোকে মৃত্যুক আকোঁৱালি ল’ব লগা হৈছিল। অহিংস পথেৰে কৰিব বিচৰা সংগ্ৰামখনে হিংসাত্মক ‌ৰূপ পোৱাত মহাত্মা গান্ধীয়ে তেওঁৰ নেতৃত্বত আৰম্ভ হোৱা অসহযোগ আন্দোলন স্থগিত ৰাখিছিল। ভাৰতৰ স্বাধীনতাৰ বাবে সংগ্ৰাম কৰিবলৈ বৃহৎ সংখ্যক যুৱক-যুৱতী আৰু বিপ্লৱী এই আন্দোলনৰ সৈতে জড়িত হৈ পৰিছিল। যাৰ বাবে অসহযোগ আন্দোলন স্থগিত ৰখাই কাৰ্যই যুৱ স্বাধীনতা সংগ্ৰামীসকলক হতাশ কৰি তুলিছিল। হতাশ হোৱা যুৱক যুৱতী সকলৰ ভিতৰত আশফাকুল্লা খান আছিল অন্যতম।

Read Also: জীৱনী: এনি বেছান্ট | Annie Besant

তাৎপৰ্যপূৰ্ণ কথা যে কলমেৰে বিপ্লৱৰ সূচনা কৰিলেও ৰামপ্ৰসাদ বিসমিলৰ স্বাধীনতা সংগ্ৰামৰ আদৰ্শ মহাত্মা গান্ধীৰ আদৰ্শৰ সম্পূৰ্ণ বিপৰীত আছিল আৰু তেওঁ মহাত্মা গান্ধীৰ অহিংসা নীতিৰ ওপৰত বিশ্বাসী নাছিল। তেওঁৰ ধাৰণা আছিল যে অহিংসাৰ জৰিয়তে স্বাধীনতা প্ৰাপ্ত কৰিব পৰা নাযায়। বিভিন্ন ধৰণৰ মতাদৰ্শগত সংঘাত, কংগ্ৰেছৰ বিভিন্ন নেতাৰ সৈতে বৃদ্ধি হোৱা অসন্তুষ্টিৰ বাবে ১৯২৪ চনত ৰামপ্ৰসাদ বিসমিলে শচীন্দ্ৰ নাথ সান্যাল আৰু যদুগোপাল মুখাৰ্জীৰ সৈতে লগ লাগি হিন্দুস্তান ৰিপাব্লিক এছ’চিয়েচন গঠন কৰিছিল আৰু এই এছ’চিয়েচনৰ লগত ভগত সিং আৰু চন্দ্ৰশেখৰ আজাদৰ দৰে নেতা জড়িত হৈ পৰিছিল। গুৰুত্বপূৰ্ণ কথা যে, ৰামপ্ৰসাদ বিসমিলে প্ৰথম অৱস্থাত আশফাকুল্লা খানক হিন্দুস্তান ৰিপাব্লিক এছ’চিয়েচনত জড়িত কৰিব বিচৰা নাছিল। অৱশ্যে পৰৱৰ্তী সময়ত ৰামপ্ৰসাদ বিসমিলৰ বিপ্লৱী আন্দোলনত আশফাকুল্লা খানো চামিল হয়।

ভাৰতত ব্ৰিটিছ ৰাজৰ বিৰুদ্ধে অহিংস নীতিৰ পৰিৱৰ্তে সশস্ত্ৰ বিপ্লৱৰ ওপৰত গুৰুত্ব আৰোপ কৰি  হিন্দুস্তান ৰিপাব্লিকান এছ’চিয়েশ্যন গঠন কৰাৰ পিছত সংগঠনটোৰ সদস্যসকলে অনুধাৱন কৰিছিল যে ব্ৰিটিছ শাসনৰ বিৰুদ্ধে শক্তিশালী ভাৱে সশস্ত্ৰ সংগ্ৰাম কৰিবলৈ বিত্তীয় পুঁজিৰ প্ৰয়োজন। বিত্তীয় পুঁজি সংগ্ৰহৰ বাবে পোনপ্ৰথমে তেওঁলোকে স্থানীয় অঞ্চল লুট কৰিছিল। মহাত্মা গান্ধীৰ অহিংস আন্দোলনৰ বিপৰীতে সশস্ত্ৰ বাহিনীৰ জৰিয়তে ব্ৰিটিছসকলৰ পৰা স্বাধীনতা লাভ কৰাটোৱেই আছিল হিন্দুস্তান ৰিপাব্লিকান এছ’চিয়েশ্যন মূল লক্ষ্য। উল্লেখ্য যে আশফাকুল্লা খানে নিজ ভাতৃৰ অনুজ্ঞা পত্ৰপ্ৰাপ্ত ৰাইফল ব্যৱহাৰ কৰি স্থানীয় ডকাইটিৰ সৈতে জড়িত আছিল।

তাৎপৰ্যপূৰ্ণ কথা যে, ১৯২৫ চনত ৰাম প্ৰসাদ বিসমিল আৰু হিন্দুস্তান ৰিপাব্লিকান এছ’চিয়েশ্যন সংগঠনৰ অন্যান্য বিপ্লৱীসকলে অস্ত্ৰ-শস্ত্ৰৰ খৰচ পূৰণৰ বাবে‌ কাকৌৰি ৰে’লখন লুট কৰাৰ পৰিকল্পনা কৰিছিল। প্ৰথম অৱস্থাত আশফাকুল্লা খান ৰে’লৰ ডকাইট কৰাৰ ক্ষেত্ৰত বিৰোধী আছিল। তেওঁ মতপোষণ কৰিছিল যে, ৰে’ল ডকাইটৰ ফলত বহু কেইজন নিৰীহ যাত্ৰীৰ মৃত্যু হোৱাৰ সম্ভাৱনা থাকে যাৰ বাবে তেওঁ সংগঠনৰ সদস্যসকলক এই পৰিকল্পনা ত্যাগ কৰিবলৈ পৰামৰ্শ দিছিল। তেওঁ মন্তব্য কৰিছিল যে, এটা দিশৰ পৰা বিশ্লেষণ কৰিলে ই এক ভাল পৰিকল্পনা হ’ব পাৰে। কিন্তু ই খৰখেদাকৈ গ্ৰহণ কৰা এক পদক্ষেপহে। ইয়াৰ ওপৰিও তেওঁ মন্তব্য কৰিছিল ধৰা পৰিলে শাস্তিৰ পৰা হাত সাৰিব পৰা নাযাব। তাতকৈ সংগঠন‌ শক্তিশালী কৰিবৰ কাৰণে বেলেগ পৰিকল্পনা গ্ৰহণ কৰাৰ ‌দৰকাৰ। কিন্তু আশফাকুল্লা খানৰ পৰামৰ্শক সংগঠনৰ আন আন সদস্যসকলে উপেক্ষা কৰিছিল। ভাৰত স্বাধীন কৰাৰ আৱেগত সঠিক সিদ্ধান্ত ল’ব পৰা নাছিল হিন্দুস্তান ৰিপাব্লিকান এছ’চিয়েশ্যনৰ সদস্য সকলে।‌

১৯২৫ চনৰ ৮ আগষ্টত শ্বাহজাহানপুৰত হিন্দুস্তান ৰিপাব্লিকান এছ’চিয়েশ্যনৰ বিপ্লৱী সদস্যসকলে কাকৌৰি ৰে’ল লুট কৰাৰ বাবে এখন সভা অনুষ্ঠিত কৰিছিল। উল্লেখ্য যে সংগঠনটোৰ সদস্যসকলে লক্ষ্য কৰিছিল যে কাকৌৰি-লক্ষ্ণৌ ৰেলখনৰ চৰকাৰী কোষাগাৰৰ কোনো নিৰাপত্তা ব্যৱস্থা নাছিল। ৰে’লখন লুট কৰাৰ দায়িত্বত আছিল আশফাকুল্লা খানকে প্ৰমুখ্যে কৰি ৰাম প্ৰসাদ বিসমিল, ৰাজেন্দ্ৰ লাহিৰী আদি ব্যক্তি।

১৯২৫ চনৰ ৯ আগষ্টত কাকৌৰি ৰে’লখনত বিপ্লৱীসকল উঠি যাত্ৰাৰ মাজতে কোনোবাই ৰেলখনৰ চেইন টানি ৰেলখন ৰখাই দিছিল। পৰিকল্পনা অনুসৰিয়ে সফল ভাৱে  কাকৌৰি-লক্ষ্ণৌ ৰে’লত সফলতাৰে ডকাইটি কাৰ্য সংঘটিত কৰিছিল তেওঁলোকে। ঘটনা সংঘটিত হোৱাৰ পিছত ব্ৰিটিছ চৰকাৰে তদন্তৰ জৰিয়তে বহু কেইবাৰ ৰে’ল ঘটনাৰ লগত জড়িত ডকাইট সকলৰ ধৰিবলৈ চেষ্টা কৰিছিল যদিও তেওঁলোকৰ অৱস্থানৰ বিষয়ে অজ্ঞাত আছিল ব্ৰিটিছ চৰকাৰ।

কিন্তু ইয়াৰ পৰৱৰ্তী সময়ত ১৯২৫ চনৰ ২৬ অক্টোবৰত হিন্দুস্তান ৰিপাব্লিকান এছ’চিয়েশ্যনৰ আন্দোলনৰ মুৰব্বী ‘ৰাম প্ৰসাদ বিসমিলৰ লগতে সংগঠনৰ আন আন সদস্যসকলক গ্ৰেপ্তাৰ কৰে ব্ৰিটিছ চৰকাৰে। কিন্তু আশফাকুল্লা খান নেপাল হৈ কানপুৰলৈ পলায়ন কৰে। ইয়াৰ পৰৱৰ্তী সময়ত তেওঁ বানাৰস হিন্দু বিশ্ববিদ্যালয়ৰ অভিমুখে ৰাওনা হয়। ব্ৰিটিছৰ চকুত ধূলি দিয়ে palamau জিলাত কিছুদিন কাম কৰে আশফাকুল্লা খানে। ইয়াৰ পৰৱৰ্তী সময়ত স্বাধীনতা সংগ্ৰামৰ সাহায্য বিচাৰি বিদেশলৈ উৰা মাৰিবলৈ পৰিকল্পনা কৰিছিল খানে। যাৰ বাবে দিল্লীৰ শৈশৱৰ বন্ধুৰ ঘৰত আশ্ৰয় গ্ৰহণ কৰিছিল তেওঁ। কিন্তু দূৰ্ভাগ্যজনক ভাৱে  ‌শৈশৱৰ বন্ধুৱে প্ৰতাৰণা কৰিছিল আশফাকুল্লা খানক। খানৰ‌ অৱস্থিতিৰ বিষয়ে আৰক্ষীক অৱগত কৰিছিল তেওঁৰ বন্ধুৱে। যাৰ পৰিপ্ৰেক্ষিতত বন্ধুৰ গৃহৰ পৰা আৰক্ষীয়ে গ্ৰেপ্তাৰ কৰিছিল আশফাকুল্লা খানক।

গ্ৰেপ্তাৰৰ পিছতেই খানক ফৰিদাবাদ জেললৈ প্ৰেৰণ কৰে ব্ৰিটিছ চৰকাৰে। কাৰাগাৰত থকা সময়খিনিত খুব ধৰ্মপৰায়ণ হৈ দিন কটাইছিল আশফাকুল্লা খানে। কাৰাগাৰত তেওঁ প্ৰতিদিনাই নামাজ পঢ়িছিল।

পৰৱৰ্তী সময়ত বিচাৰ প্ৰক্ৰিয়াৰ অন্ততঃ ১৯২৮ চনৰ ১৯ ডিচেম্বৰত ৰাম প্ৰসাদ বিসমিল, আশফাকুল্লা খান, ৰাজেন্দ্ৰ লাহিৰী, ঠাকুৰ ৰোষণ সিংহক কাকৌৰী ট্ৰেইন ডকাইটৰ ঘটনাৰ বাবে ফাঁচী দিয়াৰ  বিপৰীতে আন আন সদস্যসকলক ন্যায়াধীশে যাৱজ্জীৱন কাৰাদণ্ড বিহে। উল্লেখ্য যে আনফাকুল্লা খান আছিল ভাৰতীয় স্বাধীনতা সংগ্ৰামৰ ইতিহাসত প্ৰথম জন মুছলমান শ্বহীদ। অৱশ্যে ভাৰতৰ স্বাধীনতাৰ সংগ্ৰামৰ ইতিহাসত আশফাকুল্লা খানৰ অৱদান প্ৰথম মুছলমান সম্প্ৰদায়ৰ শ্বহীদ হিচাপেই সীমাবদ্ধ নহয়। আশফাকুল্লা খান আছিল এজন প্ৰগতিশীল চিন্তাবিদ। প্ৰথম মুছলমান সম্প্ৰদায়ৰ শ্বহীদ হিচাপেই আশফাকুল্লা খানক বহু সময়ত বিচাৰ কৰা হয় যদিও নিজকে সমাজবাদী বুলি অভিহিত কৰা খান হ’ল ভাৰতৰ স্বাধীনতা সংগ্ৰামী সকলৰ মাজত এজন অন্যতম সংগ্ৰামী যুদ্ধা। তেওঁ কেৱল সাম্ৰাজ্যবাদৰ কবলৰ পৰাই ভাৰতীয় সকলক মুক্ত কৰাই নহয়, শ্ৰমিক শ্ৰেণীয়ে সন্মুখীন হোৱা শোষণৰ পৰাও মুক্ত কৰি এখন শ্ৰেণীহীন সমাজ গঢ়াৰ কথা কল্পনা কৰিছিল।

স্পষ্ট চিন্তাধাৰা, সাহস, দেশপ্ৰেমীক আছিল আশফাকুল্লা খান যিয়ে ভাৰতৰ স্বাধীনতা সংগ্ৰামৰ বাবে ব্ৰিটিছ সাম্ৰাজ্যবাদৰ বিৰুদ্ধে থিয় দিছিল। আন এক গুৰুত্বপূৰ্ণ কথা যে, আশফাকুল্লা খান আৰু ৰামপ্ৰসাদ বিসমিলৰ মাজত থকা বন্ধুত্বও ভাৰতীয় সমাজৰ আন এক আদৰ্শ। খান আৰু ৰামপ্ৰসাদ বিসমিলে একেলগে কাম কৰিছিল, ভাৰতৰ স্বাধীনতাৰ হকে একেলগে যুঁজ দিছিল। দুটা ভিন্ন ধৰ্মৰ ব্যক্তি হৈও তেওঁলোকৰ অনৈক্যৰ মাজত যি একতা থাকে তাকে প্ৰতিফলিত কৰিছিল। একেটা কোঠাতে আশফাকুল্লা খানে নামাজ পঢ়াৰ বিপৰীতে ৰামপ্ৰসাদ বিসমিলেও নিজৰ ধৰ্মীয় দেৱতাক উপাসনা কৰিছিল।

গুৰুত্বপূৰ্ণ কথা যে, ভাৰতৰ স্বাধীনতা সংগ্ৰামত শ্বহীদ আশফাকুল্লা খানৰ ত্যাগক সন্মান জনাই  উত্তৰ প্ৰদেশ চৰকাৰে ২০২০ চনৰ জানুৱাৰী মাহত খানৰ নামেৰে ১২১ একৰ ভূমিত এখন প্ৰাণী উদ্যান নিৰ্মাণৰ ঘোষণা কৰে। ভাৰতীয় ডাক সেৱাই ১৯৯৭ চনৰ ১৯ ডিচেম্বৰত আশফাকুল্লা খান আৰু ৰাম প্ৰসাদ বিসমিলৰ নাম আৰু ফটো থকা ডাকটিকট মুকলি কৰিছিল তেওঁলোকৰ স্মৃতি যুগমীয়া কৰাৰ বাবে। এইসমূহৰ ওপৰিও আশফাকুল্লা খানৰ স্মৃতিত ধাৰাবাহিক, চলচ্চিত্ৰ নিৰ্মাণ কৰা হৈছে।

FAQ

  1. আশফাকুল্লা খানৰ জন্ম কেতিয়া হৈছিল?

Ans. আশফাকুল্লা খানৰ জন্ম ২২ অক্টোবৰ, ১৯০০ চনত হৈছিল।

2. আশফাকুল্লা খানৰ মৃত্যু কেতিয়া হৈছিল?

Ans. আশফাকুল্লা খানৰ মৃত্যু ১৯ ডিচেম্বৰ, ১৯২৭ চনত হৈছিল।

3. আশফাকুল্লা খানৰ পিতৃৰ নাম কি আছিল?

Ans. আশফাকুল্লা খানৰ পিতৃৰ নাম শ্বফিক উল্লাহ খান আছিল।

4. আশফাকুল্লা খানৰ মাতৃৰ নাম কি আছিল?

Ans. আশফাকুল্লা খানৰ মাতৃৰ নাম মাঝুৰ-উন-নিচা আছিল।

5. আশফাকুল্লা খান কত জন্ম গ্ৰহন কৰিছিল?

Ans. আশফাকুল্লা খান শ্বাহজাহানপুৰ, উত্তৰ – প্ৰদেশত জন্ম গ্ৰহন কৰিছিল।

Leave a Comment

Your email address will not be published. Required fields are marked *

Scroll to Top