এনি বেছান্ট জীৱনী | Annie Besant Biography

এনি বেছান্ট | Annie Besant Essay in Assamese | Biography of Annie Besant in Assamese | এনি বেছান্ট বিষয়ে জীৱনী | এনি বেছান্ট বিষয়ে ৰচনা | এনি বেছান্টৰ চমু পৰিচয়।

Join Telegram channel

থিয়’ছফিষ্ট, মহিলা অধিকাৰ কৰ্মী, লেখিকা, বক্তা, ৰাজনীতিবিদ, শিক্ষাবিদ এনি বেছান্ট হ’ল ভাৰতীয় সমাজ জীৱনৰ এটা উল্লেখযোগ্য সত্বা।

সক্ৰীয় ৰাজনৈতিক কৰ্মী, স্বাধীনতা সংগ্ৰামী, নাৰী অধিকাৰৰ হকে মাত মাতি অহা শক্তিশালী নাৰীবাদী কন্ঠ এনি বেছাণ্টৰ জন্ম হৈছিল ১৮৪৭ চনৰ ১ অক্টোবৰ তাৰিখে লণ্ডনৰ Irish মূলৰ এটা পৰিয়ালত। তেওঁৰ পিতৃৰ নাম হ’ল পিতৃৰ নাম- উইলিয়াম পেজ উদ্‌ আৰু মাতৃৰ নাম হ’ল – এমিলি উদ্‌।

Annie Besant

এনি বেছান্ট জীৱনী | Annie Besant Biography

নামএনি বেছাণ্ট (Annie Besant)
জন্ম চন১ অক্টোবৰ, ১৮৪৭ চন
জন্ম স্থানলণ্ডন
পিতৃৰ নামউইলিয়াম পেজ উদ্‌
মাতৃৰ নামএমিলি উদ্‌
মৃত্যু২০ ছেপ্টেম্বৰ, ১৯৩৩ চন

আন আন শিশুৰ দৰে শৈশৱ মধুৰ নাছিল এনি বেছান্টৰ। পাঁচ বছৰ বয়সতে পিতৃয়ে ইহলীলা সম্বৰণ কৰাত যথেষ্ট প্ৰত্যাহ্বানৰ সন্মুখীন হৈছিল এনি বেছাণ্ট। যাৰ বাবে এনি বেছাণ্টে তেওঁৰ মাতৃৰ আগ্ৰহত এনেল মেৰীয়েটৰ তত্বাৱধানত শিক্ষা গ্ৰহণ কৰিছিল। সৰুৱে পৰা সমাজৰ প্ৰতি দায়বদ্ধতা ভাৱ পোষণ কৰা এনি বেছান্টে আত্মনিৰ্ভৰশীল হোৱাৰ ক্ষেত্ৰতো গুৰুত্ব আৰোপ কৰিছিল।

১৮৬৭ চনত ২০ বছৰ বয়সত ধৰ্মগুৰু ফ্ৰেঙ্ক বেছাণ্টৰ সৈতে বিবাহপাশত আৱদ্ধ হৈছিল এনি বেছান্ট। কিন্তু দুটা সন্তান জন্মৰ পিছতেই ধৰ্মীয় মতানৈক্যৰ বাবে ১৯৭৩ চনত আইনগত ভাৱে বিবাহ বিচ্ছেদ হৈছিল এনি বেছাণ্টৰ। ইয়াৰ পৰৱৰ্তী সময়ত ১৮৭৪ চনত  National Secular Society ত যোগদান কৰি Charles Bradlaugh ৰ নেতৃত্বত মুক্ত চিন্তা বিকাশৰ বাবে বিভিন্ন সময়ত বৈপ্লৱিক কাৰ্যসূচী হাতত লৈছিল। উল্লেখ্য যে Charles Bradlaugh ৰ সৈতেই এনি বেছান্টে যুটীয়া ভাৱে সাপ্তাহিক কাকত National Reformer সম্পাদনাৰ কাম কৰিছিল।‌ উল্লেখ্য যে এই কাকতখনৰ জৰিয়তে ১৮৭৪- ৮৮ চনৰ এই সময়চোৱাত  এনি বেছাণ্টে ট্ৰেড ইউনিয়ন, ৰাষ্ট্ৰীয় শিক্ষা, মহিলাৰ ভোটাধিকাৰ, জন্ম নিয়ন্ত্ৰণ আদি বিভিন্ন মুক্ত চিন্তাৰ বিষয়‌ সমূহ সাধাৰণ জনতাৰ মাজলৈ লৈ যোৱাৰ প্ৰয়াস কৰিছিল। 

উল্লেখ্য যে, এনি বেছান্টে শ্ৰমিক আৰু বিভিন্ন সমাজবাদী আন্দোলনত সক্ৰীয় ভাৱে অংশগ্ৰহণ কৰিছিল। Fabian Society আৰু Social Democratic Federation ৰ সদস্য এনি বেছান্টে ট্ৰেড ইউনিয়নৰ জৰিয়তে শ্ৰমিকসকলৰ বাবে বিভিন্ন কাম হাতত লৈছিল।

গুৰুত্বপূৰ্ণ কথা যে এনি বেছান্ট আছিল Irish independence ৰ সমৰ্থক। ধৰ্মীয় বিষয়বস্তুৰ ওপৰতো বিভিন্ন প্ৰশ্ন সমাজত উত্থাপন কৰিছিল এনি বেছান্টে। Church of England সমালোচনা কৰিছিল এনি বেছান্টে। 

বৌদ্ধিক স্বাধীনতা, নাৰী অধিকাৰৰ পোষকতা কৰা এনি বেছান্ট শ্ৰমিকসকলৰ প্ৰাপ্য অধিকাৰৰ প্ৰতিও সজাগ আৰু সচেতন আছিল। শ্ৰমিক সকলৰ কৰ্ম পৰিস্থিতি তথা কাম কৰাৰ পৰিৱেশ স্বাস্থ্যসন্মত কৰি ৰখাৰ বাবে বহু কেইটা শ্ৰমিক বিক্ষোভৰ প্ৰতি সমৰ্থন আগবঢ়াইছিল এনি বেছান্টে।‌ ১৯৮৮ চনত তেওঁ পূব লণ্ডনৰ Bryant and May match factory ৰ শ্ৰমিকসকলে হাতত লোৱা ধৰ্মঘট কাৰ্যসূচীত সহযোগীতা আগবঢ়াইছিল। উল্লেখ্য যে এই ফেক্টৰীত এটা স্বাস্থ্যসন্মত পৰিৱেশত শ্ৰমিকসকলে কাম কৰাৰ সুবিধা লাভ কৰা নাছিল। ফেক্টৰীৰ পৰা নিৰ্গত হোৱা ফচফৰাচৰ ধোঁৱাই কৰ্মচাৰী সকলৰ স্বাস্থ্যত নেতিবাচক প্ৰভাৱ পেলাইছিল। ধৰ্মঘটৰ পৰৱৰ্তী সময়ত ফেক্টৰীৰ কৰ্ম পৰিৱেশ যথেষ্ট উন্নতি সাধন হৈছিল।

গীৰ্জাই মানুহৰ জীৱনত হস্তক্ষেপ কৰাৰ ক্ষেত্ৰত বিৰোধিতা কৰিছিল এনি বেছান্ট। ১৮৮৯ চনত Helena Blavatsky ক লগ পোৱাৰ পিছত কৰ্ম আৰু পুনৰ্জন্মৰ হিন্দু ধাৰণাসমূহৰ ওপৰত আধাৰিত ধৰ্মীয় আন্দোলন থিয়’ছফিৰ প্ৰতি আগ্ৰহী হৈ পৰিছিল। যাৰ বাবে তেওঁ তেওঁ  থিয়’ছফিকেল ছ’চাইটিৰ সদস্য ভৰ্তি হৈ পৰৱৰ্তী সময়ত থিয়’ছফিকেল ছ’চাইটিৰ নেতৃত্ব বহন কৰি  থিয়’ছফিক বিশ্বাসসমূহ সমগ্ৰ বিশ্বতে প্ৰচাৰ কৰাত গুৰুত্বপূৰ্ণ ভূমিকা পালন কৰিছিল। ১৮৯৩ চনত চিকাগোত অনুষ্ঠিত বিশ্বৰ ধৰ্ম সংসদত থিয়’ছফিকেল ছ’চাইটি হৈ প্ৰতিনিধিত্ব আগবঢ়াইছিল এনি বেছান্টে।

Read Also: জীৱনী: আন্না হাজাৰে – ভাৰতীয় সমাজ কৰ্মী | Anna Hazare

উল্লেখ্য যে, ১৯০৭ চনৰ পৰা ১৯৩৩ চনলৈকে এনি বেছাণ্টে থিয়’চফিকেল ছ’চাইটিৰ সভানেত্ৰী হিচাপে কাৰ্যনিৰ্বাহ কৰিছিল। ১৮৯৩ চনত এনি বেছান্ট থিঅ’চফিকেল চছাইটিৰ সদস্য হিচাপে প্ৰথমবাৰৰ বাবে ভাৰতলৈ আহিছিল। অৱশ্যে প্ৰথমবাৰৰ বাবে ভাৰত ভ্ৰমণ কৰি পৰৱৰ্তী সময়ত ভাৰততে স্থায়ীভাৱে বসবাস কৰিবলৈ লৈছিল এনি বেছান্ট। ভাৰতত উপস্থিত হোৱাৰ হোৱাৰ সময়ত ব্ৰিটিছ শাসনৰ বিৰুদ্ধে চলি থকা স্বাধীনতাৰ সংগ্ৰামৰ পৰা অনুপ্ৰাণিত হৈ ক্ৰমান্বয়ে ভাৰতীয় স্বাধীনতা সংগ্ৰামখনৰ সক্ৰিয় অংশগ্ৰহণকাৰী হৈ পৰিছিল এনি বেছান্ট।

১৯০২ চনত এনি বেচান্টে  মন্তব্য প্ৰকাশ কৰিছিল যে, ভাৰতীয় সকলৰ লাভৰ বাবে নহয় বৰঞ্চ ব্ৰিটিছ সকলৰ লাভৰ বাবেহে ভাৰতত শাসন চলোৱা হৈছে। ভাৰতীয় সমাজত জাতীয় জাগৰণ সৃষ্টি কৰাৰ বাবে গুৰুত্ব আৰোপ কৰা এনি বেছান্টে ইয়াৰ সমান্তৰালভাৱে জাতিগত বিভেদ দূৰ কৰা, বাল্যবিবাহৰ দৰে সামাজিক কু-সংস্কাৰৰ বিৰুদ্ধেও যুঁজ দিছিল।ভাৰতীয় সমাজত শিক্ষাৰ প্ৰচাৰ আৰু প্ৰসাৰৰ বাবেও বহু ত্যাগ স্বীকাৰ কৰিছিল এনি বেচান্টে। 

১৯১৩ চনত এনি বেচান্টে ভাৰতীয় জাতীয় কংগ্ৰেছত  যোগদান কৰি প্ৰত্যক্ষ ৰাজনীতিত যোগদান কৰিছিল। উল্লেখ্য যে, এনি বেচান্টে ভাৰতীয় জাতীয় কংগ্ৰেছত যোগদান কৰাৰ সময়ত ভাৰতে ব্ৰিটিছৰ পৰা মুক্ত হ’বলৈ সম্পূৰ্ণ স্বাধীনতা দাবীটো গণ আন্দোলনলৈ পৰিণত হোৱা নাছিল। 

গুৰুত্বপূৰ্ণ কথা যে, ১৯১৬ চনত এনি বেচান্টে অল ইণ্ডিয়া হোম ৰুল লীগ প্ৰতিষ্ঠা কৰিছিল। এইটোৱেই আছিল ভাৰতৰ প্ৰথমটো ফৈদ যি ব্ৰিটিছৰ পৰা মুক্ত হ’বলৈ ভাৰতৰ সম্পূৰ্ণ স্বাধীনতাৰ দাবী উত্থাপন কৰিছিল। এনি বেছান্টৰ নেতৃত্বত হোম ৰুল লীগে নিজৰ সাংগঠনিক শক্তি বৃদ্ধিৰ বাবে ভাৰতৰ বিভিন্ন অঞ্চলত শাখা গঠন কৰাৰ লগতে গণমুখী এক আন্দোলন সূচনা কৰিবলৈ প্ৰয়াস কৰিছিল। 

এইসমূহ কাৰ্যকলাপৰ বাবেই এনি বেছান্টক ব্ৰিটিছ চৰকাৰে গৃহ বন্দী কৰি ৰাখিছিল। অৱশ্যে এই সময়ত আন আন দল সংগঠনসমূহে এনি বেছান্টক মুকলি কৰি দিবলৈ দাবী উত্থাপন কৰিছিল। উল্লেখ্য যে গৃহবন্দীত্বৰ পৰা এনি বেচান্টক মুকলি কৰাৰ ক্ষেত্ৰত অন্যতম দাবীদাৰ আছিল মহাত্মা গান্ধী।

১৯১৭ চনৰ ছেপ্টেম্বৰ মাহত এনি বেচাণ্টক ব্ৰিটিছ চৰকাৰে গৃহবন্দীৰ পৰা মুকলি কৰি দিয়ে। উল্লেখ্য যে সেই বছৰৰেই ডিচেম্বৰ মাহত তেওঁ ভাৰতীয় জাতীয় কংগ্ৰেছৰ সভানেত্ৰী হিচাপে এবছৰৰ বাবে নিৰ্বাচিত হয়। অৱশ্যে পৰৱৰ্তী সময়ত কিছুমান মতপাৰ্থক্যৰ বাবে কংগ্ৰেছ দলৰ পৰা আঁতৰি আহিব লগা হয় এনি বেছান্ট। অৱশ্যে নিজৰ পদমৰ্যাদা হেৰুৱালেও ভাৰতীয় সকলৰ বাবে কাম কৰি গৈছিল এনি বেছান্টে।

উল্লেখ্য যে, ১৯১৪ চনত এনি বেছান্টে Young Men’s Indian Association গঠন কৰিছিল। ইয়াৰ ওপৰিও তেওঁ The commonweal আৰু ‌New India নামৰ দুখন সাপ্তাহিক কাকত ১৫ বছৰ ধৰি প্ৰকাশ কৰিছিল। ১৯১৮ চনত এনি বেচান্তে Madras  Parliament আৰম্ভ কৰিছিল, বৰ্তমান অন্ধ্ৰপ্ৰদেশত Madanapalle College প্ৰতিষ্ঠা কৰাত গুৰুত্বপূৰ্ণ ভূমিকা পালন কৰিছিল। Adyar ত Arts League ৰ কামৰ আৰম্ভণি কৰিছিল, বেনাৰসত এখন মহিলা মহাবিদ্যালয় প্ৰতিষ্ঠা কৰাত গুৰুত্বপূৰ্ণ ভূমিকা পালন কৰিছিল, Order of the bother of service প্ৰতিষ্ঠা কৰাত গুৰুত্বপূৰ্ণ ভূমিকা পালন কৰিছিল। উল্লেখ্য যে এনি বেচান্টে Adyar ত Women’s India Association ত সভাপতি হিচাপে কাৰ্যনিৰ্বাহ কৰিছিল আৰু ইয়াৰ পৰাই ১৯২৭ চনত পুনেত All India Women’s Conference আৰু লাহোৰত All Asian Women Conference অনুষ্ঠিত হৈছিল। এই সমূহৰ ওপৰিও বেচান্টে Society for the Promotion of National Education (SPNE) আৰম্ভ কৰিছিল।

এগৰাকী শিক্ষাবিদ হিচাপে সমাজ জীৱনলৈ এনি বেচান্টৰ অৱদান উল্লেখযোগ্য। তেওঁ সমগ্ৰ ভাৰতত আধুনিক শিক্ষা প্ৰৱৰ্তনৰ বাবে ১৮৯৮ চনত ছাত্ৰ সকলৰ বাবে বানাৰসত চেন্ট্ৰেল হিন্দু কলেজ (CHC) স্থাপন হোৱাত গুৰুত্বপূৰ্ণ ভূমিকা পালন কৰিছিল। চেন্ট্ৰেল হিন্দু কলেজৰ মূল লক্ষ্য আছিল ভাৰতৰ বাবে নতুন নেতৃত্ব গঢ়ি তোলা। উল্লেখ্য যে এই মহাবিদ্যালয় খন থিয়’চফিক নীতি আদৰ্শৰ ওপৰত ভিত্তি কৰি গঢ়ি তোলা হৈছিল। এই মহাবিদ্যালয়ৰ শিক্ষাৰ্থীসকলক ধৰ্মীয় শিক্ষাৰ লগতে বিজ্ঞানমুখী শিক্ষাও প্ৰদান কৰা হৈছিল।

উল্লেখ্য যে, ১৯১১ চনৰ এপ্ৰিল মাহত এনি বেসান্তে পণ্ডিত মদন মোহন মালব্যৰ লগত পৰিচিত হয়। গুৰুত্বপূৰ্ণ কথা যে,  তেওঁলোকে একত্ৰিত হৈ উমৈহতীয়া ভাৱে হিন্দু বিশ্ববিদ্যালয়ৰ বাবে কাম কৰাৰ বাবে সিদ্ধান্ত গ্ৰহণ কৰে। উল্লেখ্য যে, এনি বেচান্টে আৰু কেন্দ্ৰীয় হিন্দু মহাবিদ্যালয়ৰ কৰ্মচাৰী সকলে ভাৰত চৰকাৰৰ পূৰ্বচৰ্তত সন্মতি প্ৰকাশ কৰে যে, কেন্দ্ৰীয় হিন্দু মহাবিদ্যালয়খন হিন্দু বিশ্ববিদ্যালয়ৰ অংশ হ’ব লাগে। ইয়াৰ পৰৱৰ্তী সময়ত ১৯১৭ চনৰ ১ অক্টোবৰৰ পৰা কেন্দ্রীয় হিন্দু মহাবিদ্যালয়ক প্রথম গঠনমূলক মহাবিদ্যালয় হিচাপে লৈ বানাৰস হিন্দু বিশ্ববিদ্যালয়ে কাম-কাজ আৰম্ভ কৰে৷ ভাৰতীয় শিক্ষাৰ ক্ষেত্ৰখনলৈ এনি বেছান্টে আগবঢ়োৱা অৱদানৰ বাবে ১৯২১ চনত তেওঁক Doctor of Letters সন্মানেৰে সন্মানিত কৰা হয়।

ভাৰতবৰ্ষত স্কাউট আন্দোলন সফল কৰি তোলাৰ ক্ষেত্ৰতো এনি বেছান্টৰ অৱদান উল্লেখযোগ্য। তেওঁ ভাৰতীয় ল’ৰা সকলৰ কাৰণে Scouts Association গঠন কৰাত গুৰুত্বপূৰ্ণ ভূমিকা পালন কৰিছিল। উল্লেখ্য যে Baden Powell ৱে তেওঁক Scout Commissioner হিচাপে দায়িত্ব দিছিল। ১৯৩২ চনত Baden Powell ৱে লণ্ডনৰ পৰা তেওঁলৈ  সৰ্বোচ্চ Silver Wolf পদক প্ৰেৰণ কৰিছিল।

Read Also: জীৱনী: অৰুণা ৰয় – মজদুৰ কিষাণ শক্তি সংগঠনৰ প্ৰতিষ্ঠাপক | Aruna Roy

এনি বেছান্টে নিজৰ আদৰ্শ চিন্তা প্ৰসাৰিত কৰিবলৈ তথা সমাজত নতুনত্ব সূচনা কৰিবলৈ বহু কেইখন গ্ৰন্থ প্ৰকাশ কৰিছিল। সেইসমূহ হ’ল- 

Thought – Forms, An Introduction to Yoga, 

Esoteric Christianity, The Ancient Wisdom: An outline of Theosophical Teaching, Thought Power: it’s control and culture, Annie Besant: An Autobiography, Occult Chemistry: Investigations by Clairvoyant Magnification, Karma, Death and After, The Case for India, My path to Atheism, Man and his bodies, The Seven Principles of Man, The basis of Morality, Christianity: Its Evidences, Its Origin, Its Morality, Its History, Reincarnation, A Study in Consciousness – A Contribution to the Science of Psychology (1904), Sanatana Dharma ; An Elementary Textbook of Hindu Religion and Ethics, Riddle of Life ইত্যাদি।

এক দীঘলীয়া সময় থিয়’ছফিকেল ছ’চাইটি তথা মানৱ জাতিৰ বাবে নিষ্ঠাৰে সেৱা আগবঢ়ায় ১৯৩৩ চনৰ ২০ চেপ্তেম্বৰত ইহলীলা সম্বৰণ কৰে এনি বেছান্টে।

FAQ

  1. এনি বেছান্টৰ জন্ম কেতিয়া হৈছিল?

Ans. এনি বেছান্টৰ জন্ম ১ অক্টোবৰ, ১৮৪৭ চনত হৈছিল।

2. এনি বেছান্টৰ মৃত্যু কেতিয়া হৈছিল?

Ans. এনি বেছান্টৰ মৃত্যু ২০ ছেপ্টেম্বৰ, ১৯৩৩ চনত হৈছিল।

3. এনি বেছান্টৰ পিতৃৰ নাম কি আছিল?

Ans. এনি বেছান্টৰ পিতৃৰ নাম উইলিয়াম পেজ উদ্‌ আছিল।

4. এনি বেছান্টৰ মাতৃৰ নাম কি আছিল?

Ans. এনি বেছান্টৰ মাতৃৰ নাম এমিলি উদ্‌ আছিল।

5. এনি বেছান্ট কত জন্ম গ্ৰহন কৰিছিল?

Ans. এনি বেছান্ট লণ্ডনত জন্ম গ্ৰহন কৰিছিল।

Leave a Comment

Your email address will not be published. Required fields are marked *

Scroll to Top