⚡ Durga Puja Special Offer Class 10 & 12 All-in-One Bundles (6 Subjects @ ₹299 ₹599)
Ends: 08: 45: 20

সমাজবাদ কি? বৈশিষ্ট্য, প্ৰকাৰ, অৰ্থনৈতিক উদাৰীকাৰণ আৰু সাম্প্ৰতিক কালীন পৰিঘটনা | What is Socialism? Types, Characteristics

সমাজবাদ কি? বৈশিষ্ট্য, প্ৰকাৰ, অৰ্থনৈতিক উদাৰীকাৰণ আৰু সাম্প্ৰতিক কালীন পৰিঘটনা, সাম্প্ৰতিক কালীন পৰিঘটনা – What is Socialism? Characteristics, Types, Economic liberalization and current events

সমাজবাদ কি? বৈশিষ্ট্য, প্ৰকাৰ, অৰ্থনৈতিক উদাৰীকাৰণ আৰু সাম্প্ৰতিক কালীন পৰিঘটনা, সাম্প্ৰতিক কালীন পৰিঘটনা - What is Socialism? Characteristics, Types, Economic liberalization and current events

পৰিচয় (Introduction)

সমাজবাদ হৈছে এটা ৰাজনৈতিক আৰু অৰ্থনৈতিক মতবাদ, য’ত সামাজিক ন্যায়-বিচাৰ, সাম্য আৰু উৎপাদনৰ সামূহিক বা চৰকাৰী অধিকাৰক গুৰুত্ব দিয়া হয়। সমাজবাদী ধাৰণা অনুসৰি, সমাজৰ সম্পদ আৰু উৎপাদন ব্যৱস্থা কেৱল ব্যক্তিগত লাভৰ বাবে নহয়, বৰঞ্চ সমগ্ৰ সমাজৰ মংগলৰ বাবে ব্যৱহাৰ হ’ব লাগে।

সমাজবাদৰ বৈশিষ্ট্য (Characteristics of Socialism)

সমাজবাদী অৰ্থনীতি হৈছে এটা এনে অৰ্থনৈতিক ব্যৱস্থা য’ত উৎপাদনৰ মূল উপকৰণসমূহ (ভূমি, কল-কাৰখানা, প্ৰাকৃতিক সম্পদ আদিৰ) ব্যক্তিগত মালিকানাৰ সলনি ৰাজহুৱা বা চৰকাৰী নিয়ন্ত্ৰণত থাকে। ই ব্যক্তিগত মুনাফাৰ সলনি সমাজৰ সামূহিক কল্যাণক মুখ্য উদ্দেশ্য হিচাপে ধৰে। তলত সমাজবাদী অৰ্থনীতিৰ মূল বৈশিষ্ট্যসমূহ দিয়া হ’ল:

(ক) উৎপাদনৰ সামাজিক অধিকাৰ সমাজবাদত, ভূমি, কল-কাৰখানা, আৰু অন্যান্য উৎপাদন উপকৰণ ব্যক্তি বিশেষৰ অধিকাৰত নাথাকে। এইসকল উপকৰণ সমাজ বা চৰকাৰৰ অধীনত থাকে যাতে সকলো লোকৰ মুঠ উপকাৰ নিশ্চিত হয়।

(খ) অর্থনৈতিক সাম্য সমাজবাদী অৰ্থনীতি ধনী আৰু দুখীয়াৰ মাজত থকা গভীৰ বৈষম্য কমোৱাৰ চেষ্টা কৰে। ধন-সম্পত্তিৰ সঠিক বণ্টনৰ জৰিয়তে সমাজত এক ধৰণৰ সাম্য স্থাপন কৰা হয়।

(গ) কল্যাণমূলক ৰাজ্য এই ধৰণৰ অৰ্থনীতিৰ মূল লক্ষ্য হৈছে নাগৰিকসকলৰ মৌলিক প্ৰয়োজন। যেনে: শিক্ষা, স্বাস্থ্যসেৱা, খাদ্য, বাসগৃহ আদি পূৰণ কৰা। এইবোৰ সেৱা সাধাৰণতে বিনামূল্যে বা অতি কম খৰচত চৰকাৰে প্ৰদান কৰে।

(ঘ) পৰিকল্পিত অৰ্থনীতি সমাজবাদত বজাৰ ব্যৱস্থাৰ ওপৰত নিৰ্ভৰ নকৰি কেন্দ্ৰীয়ভাৱে এক দীঘলীয়া পৰিকল্পনা নিৰ্মাণ কৰা হয়। এই পৰিকল্পনা অনুসৰি সম্পদৰ বণ্টন আৰু উৎপাদন হয়।

(ঙ) লাভৰ পৰিৱৰ্তে কল্যাণ বেচা-বিক্ৰী আৰু লাভৰ ভিত্তিত চালিত পুঁজিবাদী অৰ্থনীতিৰ বিপৰীতে, সমাজবাদী অৰ্থনীতি মুনাফাৰ সলনি সামাজিক প্ৰয়োজন পূৰণৰ ওপৰত গুৰুত্ব দিয়ে।

(চ) পূৰ্ণ ৰোজগাৰ আৰু কৰ্মসংস্থান চৰকাৰে এই ব্যৱস্থাত সকলো নাগৰিকৰ বাবে কৰ্মসংস্থানের সুযোগ সৃষ্টিৰ দায়িত্ব লয়। বেকাৰত্ব কম কৰা সমাজবাদী অৰ্থনীতিৰ অন্যতম লক্ষ্য।

(ছ) মূল্য নিয়ন্ত্ৰণ আৰু ন্যায্য মজুৰি চৰকাৰে প্ৰয়োজনীয় সামগ্ৰীৰ মূল্য আৰু কৰ্মচাৰীৰ ন্যায্য মজুৰি নিৰ্ধাৰণ কৰে যাতে ভোক্তাৰ আৰু কৰ্মচাৰীৰ অধিকাৰ ৰক্ষা পায়।

সমাজবাদী অৰ্থনীতিত ধাৰ্মিক, জাতিগত বা লিংগভিত্তিক বৈষম্য কমোৱাৰ ক্ষেত্ৰতো গুৰুত্ব দিয়ে, যাতে সমাজত সঁচাকৈয়ে এক ন্যায়সংগত আৰু সুশৃঙ্খল ব্যৱস্থা গঢ়ি তোলা যায়।

সমাজবাদৰ প্ৰকাৰ (Types of Socialism)

(ক) গণতান্ত্ৰিক সমাজবাদ: গণতান্ত্ৰিক সমাজবাদ (Democratic Socialism) হৈছে এক ৰাজনৈতিক আৰু অৰ্থনৈতিক মতবাদ, য’ত সমাজবাদী আদৰ্শসমূহ গণতান্ত্ৰিক পদ্ধতিৰে বাস্তৱায়ন কৰা হয়। এই মতবাদ অনুসৰি, সামাজিক ন্যায়, সমতা, আৰু কল্যাণমূলক ৰাজনৈতিক ব্যৱস্থাৰ বিকাশ গণতান্ত্ৰিক পদ্ধতিত হ’ব লাগে।

(খ) বৈজ্ঞানিক সমাজবাদ: বৈজ্ঞানিক সমাজবাদ (Scientific Socialism) হৈছে এক সমাজবাদী মতবাদ, যি বিজ্ঞানভিত্তিক বিশ্লেষণৰ জৰিয়তে সমাজৰ পৰিৱর্তন ব্যাখ্যা কৰে আৰু ভৱিষ্যৎ সমাজৰ বিকাশৰ দিশ নিৰ্ধাৰণ কৰে। এই মতবাদ প্ৰথমে কাৰ্ল মাৰ্ক্স আৰু ফ্ৰিড্ৰিখ এংগেলছৰ দ্বাৰা বিকাশ লাভ কৰিছিল।

অৰ্থনৈতিক উদাৰীকাৰণ আৰু সাম্প্ৰতিক কালীন পৰিঘটনা (Economic liberalization and current events)

অৰ্থনৈতিক উদাৰীকৰণ (Economic Liberalism)

অৰ্থনৈতিক উদাৰিকৰণ হৈছে এনে এটা প্ৰক্ৰিয়া য’ত চৰকাৰী নিয়ন্ত্ৰণ হ্ৰাস কৰি বজাৰভিত্তিক অৰ্থনীতিৰ দিশে গতি দিয়া হয়। বিশেষকৈ, চৰকাৰী একাধিপত্য থকা ক্ষেত্ৰবোৰত বেচৰকাৰীক অংশগ্ৰহণৰ সুযোগ দিয়া হয়। ১৯৯১ চনত ভাৰতত মনমোহন সিংৰ নেতৃত্বত বৃহৎ অৰ্থনৈতিক উদাৰীকৰণ আৰম্ভ হৈছিল।

অৰ্থনৈতিক উদাৰীকৰণৰ মূল বৈশিষ্ট্য (Characteristics)

অৰ্থনৈতিক উদাৰিকাৰণ (Economic Liberalization) হৈছে এনে এক প্ৰক্ৰিয়া, য’ত চৰকাৰে অৰ্থনৈতিক নীতি শিথিল কৰি ব্যক্তিগত উদ্যোগ আৰু বাণিজ্যৰ বাবে অধিক স্বাধীনতা প্ৰদান কৰে। ই মূলত চৰকাৰী নিয়ন্ত্ৰণ হ্ৰাস কৰি বজাৰ ভিত্তিক অৰ্থনীতিৰ বিকাশক উৎসাহিত কৰে।

(ক) বজাৰ ভিত্তিক অৰ্থনীতি: চৰকাৰী নিয়ন্ত্ৰণ কমি, যোগান আৰু চাহিদাৰ ওপৰত ভিত্তি কৰি বজাৰ নিজেই মূল স্থিৰ কৰে।

(খ) বৈদেশিক বিনিয়োগৰ সুযোগ: বিদেশী লগনি (FDI) আৰু বাণিজ্যৰ ওপৰত বাধা হ্ৰাস হয়।

(গ) বৈশ্বিকীকৰণৰ প্ৰভাৱ: আন্তঃৰাষ্ট্ৰীয় বজাৰত সংযোগ বৃদ্ধি পায় আৰু দেশীয় উদ্যোগৰ প্ৰতিযোগিতা শক্তি বৃদ্ধি হয়।

(ঘ) স্বাধীন উদ্যোগ আৰু বাণিজ্য: ব্যক্তিগত খণ্ড আৰু ব্যক্তিগত কোম্পানীসমূহক অধিক স্বাধীনতা দিয়া হয়।

(ঙ) চৰকাৰী সংস্থাৰ বেসৰকাৰীকৰণ: চৰকাৰী উদ্যোগসমূহ ব্যক্তিগত খণ্ডক হস্তান্তৰ কৰা হয়।

(চ)  শুল্ক আৰু বাধা হ্ৰাস: বাণিজ্য আৰু বিনিয়োগৰ ক্ষেত্ৰত শুল্ক কমোৱা হয় যাতে বাণিজ্য বৃদ্ধি পায়।

(ছ) প্ৰযুক্তি আৰু উদ্ভাৱনৰ বিকাশ: নতুন প্ৰযুক্তিৰ ব্যৱহাৰ বৃদ্ধি হয় আৰু উদ্ভাৱনী উদ্যোগৰ সংখ্যা বৃদ্ধি পায়।

Sl. No.CONTENTS
Unit – 1লোক নীতি আৰু বিশ্লেষণ
Unit – 2ৰাজ্য আৰু লোক নীতি
Unit – 3ৰাজনৈতিক অৰ্থনৈতিক আৰু নীতি
Unit – 4ভাৰতৰ নীতি সিদ্ধান্তৰ আৰ্হিসমূহ
Unit – 5আদৰ্শ আৰু নীতি

সাম্প্ৰতিক কালীন পৰিঘটনা (Current events)

১। ‘Make in India’ উদ্যোগ – ভাৰতত উৎপাদন বৃদ্ধি আৰু বিদেশী বিনিয়োগ আকৰ্ষণৰ চেষ্টা।

২। GST (Goods and Services Tax) পৰিচয় – একক কৰ ব্যৱস্থা, যিয়ে বজাৰৰ জটিলতা কমাই।

৩। ‘Atma Nirbhar Bharat’ অভিযান – আত্মনিৰ্ভৰশীল অৰ্থনীতিৰ দিশে আগবাঢ়ি যাওঁক।

৪। Digital Economy আৰু Fintech উন্নয়ন – UPI, Rupay, Startupsৰ উত্থান।

৫। চীন-ভাৰত বাণিজ্য সংগ্ৰাম – পৰ্যাপ্ত নিষেধাজ্ঞা আৰু আত্মনিৰ্ভৰতাৰ প্ৰচেষ্টা।

ভাৰতৰ শেহতীয়া অর্থনৈতিক বিকাশ আৰু NDA ৰ প্ৰস্তাৱ (India’s latest economic development and NDA proposals)

ভাৰতৰ শেহতীয়া অৰ্থনৈতিক বিকাশ এন.ডি.এ. চৰকাৰৰ বিভিন্ন প্ৰস্তাৱ আৰু পদক্ষেপৰ ফলস্বৰূপে পৰিলক্ষিত হৈছে।

তলত এই বিষয়ে কিছু তথ্য দিয়া হ’ল:

১। GDP বৃদ্ধি: অৰ্থবৰ্ষ ২০২৫-২৬ত ভাৰতৰ জিডিপি বৃদ্ধি হাৰ ৬.৩%ৰ পৰা ৬.৮%ৰ ভিতৰত হোৱাৰ সম্ভাৱনা আছে।

২। মূলধনী ব্যয় বৃদ্ধি: অৰ্থবৰ্ষ ২০২১ৰ পৰা ২০২৪ৰ সময়ছোৱাত মূলধনী ব্যয় ধারাবাহিকভাৱে বৃদ্ধি পাইছে, যাৰ ফলত পৰিকাঠামো উন্নয়নত গুৰুত্ব আৰোপ কৰা হৈছে।

৩। মূল্যস্ফীতি নিয়ন্ত্ৰণ: ভোগ্যপণ্যের মূল্যস্ফীতি হাৰ ৪%ৰ ওচৰচাপৰ থাকিব বুলি আশা কৰা হৈছে, যি অৰ্থনীতিৰ স্থিতিশীলতাৰ সংকেত।

NDA চৰকাৰৰ দ্বাৰা গৃহীত অৰ্থনৈতিক প্ৰস্তাৱ আৰু পদক্ষেপ:

১। নিয়ন্ত্ৰণমূলক সংস্কাৰ: এন.ডি.এ. চৰকাৰে নিয়ন্ত্ৰণমূলক সংস্কাৰ আৰু ইজ অফ ডুইং বিজনেছ ২.০ৰ জৰিয়তে ভাৰতৰ ক্ষুদ্ৰ আৰু মজলীয়া উদ্যোগ (MSME) ক্ষেত্ৰক শক্তিশালী কৰাৰ উদ্যোগ লৈছে।

২। বিনিয়োগ বৃদ্ধি: পৰিকাঠামো উন্নয়নত বেচৰকাৰী ক্ষেত্ৰৰ যোগদানৰ ওপৰত গুৰুত্ব আৰোপ কৰা হৈছে, যাৰ দ্বাৰা বিনিয়োগ বৃদ্ধি আৰু অৰ্থনৈতিক বিকাশ ত্বৱান্বিত হ’ব।

এই সকলো প্ৰস্তাৱ আৰু পদক্ষেপে ভাৰতৰ অৰ্থনৈতিক বিকাশ আৰু স্থিতিশীলতা বৃদ্ধি পোৱাৰ আশা কৰা হৈছে।

সামৰণি (Conclusion)

সমাজবাদ এক সমাজ-অৰ্থনৈতিক আৰু ৰাজনৈতিক মতবাদ, যি সম্পত্তিৰ সামূহিক স্বত্বাধিকাৰ, সামাজিক ন্যায়, আৰু সমানতাৰ ওপৰত গুৰুত্ব দিয়ে। ই মূলত ধনৰ্বিপ্লৱ আৰু বুজৰিয়া শ্ৰেণীৰ শোষণৰ বিৰুদ্ধে সংগঠিত এক মতবাদ হিচাপে বিকশিত হৈছিল। সমাজবাদৰ উদ্দেশ্য হৈছে সম্পদৰ সমবণ্টন নিশ্চিত কৰি এক শোষণমুক্ত আৰু সমতাভিত্তিক সমাজ গঠন কৰা।

যদিও সমাজবাদৰ বিভিন্ন শাখা (যেনে- গণতান্ত্ৰিক সমাজবাদ, বৈজ্ঞানিক সমাজবাদ, সাম্যবাদ) দেখা পোৱা যায়, তাৰ মূল সাৰাংশটো একেই – এটি শ্ৰেণীহীন সমাজ গঠন কৰা য’ত উৎপাদনৰ সামূহিক মালিকী আৰু নাগৰিকসকলৰ মাজত সাম্য নিশ্চিত কৰা হয়।

NEW VIDEO CLASS

Subject Ka Complete Video Solution Dekhein

Step-by-step easy concept explanation aur full questions Answer ke liye watch karein ya app download karein:

Leave a Reply

This site uses Akismet to reduce spam. Learn how your comment data is processed.

Scroll to Top