Public Policy in India Unit 2 ৰাজ্য আৰু লোক নীতি, College and University Answer Bank for BA, B.com, B.sc, and Post Graduate Notes and Guide Available here, Public Policy in India Unit 2 ৰাজ্য আৰু লোক নীতি Solutions to each Unit are provided in the list of UG-CBCS Central University & State University Syllabus so that you can easily browse through different College and University Guide and Notes here. Public Policy in India Unit 2 ৰাজ্য আৰু লোক নীতি Question Answer can be of great value to excel in the examination.
Public Policy in India Unit 2 ৰাজ্য আৰু লোক নীতি
Public Policy in India Unit 2 ৰাজ্য আৰু লোক নীতি Notes cover all the exercise questions in UGC Syllabus. The Public Policy in India Unit 2 ৰাজ্য আৰু লোক নীতি provided here ensures a smooth and easy understanding of all the concepts. Understand the concepts behind every Unit and score well in the board exams.
State and Public Policy
PUBLIC POLICY IN INDIA
ভাৰতৰ লোক নীতি
অতি চমু প্রশ্নোত্তৰ
১। সংগঠনৰ সনাতন তত্ত্বৰ আন এটা নাম কি?
উত্তৰঃ যান্ত্ৰিক তত্ত্ব বা গাঁথনিমূলক তত্ত্ব।
২। “General and Industrial Management” গ্ৰন্থখন কোনে লিখিছিল?
উত্তৰঃ হেনৰী ফেয়লে।
৩। প্রশাসনিক বিজ্ঞানৰ ‘ক্লাচিক গ্রন্থ’ বুলি কোনখন কিতাপক বিবেচনা কৰা হয়?
উত্তৰঃ হেনৰী ফেয়লৰ।
৪। কোনটো তত্ত্বই সংগঠনক এটা ‘বন্ধ ব্যবস্থা’ বুলি বিবেচনা কৰে?
উত্তৰঃ সনাতন তত্ত্বই।
৫। সনাতন তত্ত্বক কোনে ‘মেচিন মডেল তত্ত্ব’ বুলি আখ্যা দিছে?
উত্তৰঃ মার্চ আৰু চাইমনে।
৬। “Max Weber and the Theory of Modern Politics” গ্ৰন্থখন কোনে লিখিছিল?
উত্তৰঃ ডেভিড বিথামে।
৭। “Parliament and Government in the Newly Organised Germany” নামৰ প্ৰৱন্ধটো কোনে লিখিছিল?
উত্তৰঃ ওৱেবাৰে (Weber)।
৮। হথৰ্ণ পৰীক্ষা (Hawthorne Experiments) কোনজন চিন্তাবিদে চলাইছিল?
উত্তৰঃ এলটন্ মেৱো আৰু তেওঁৰ সহযোগীসকলে।
৯ l সনাতন তত্ত্বৰ দুগৰাকী উদ্ভাৱকৰ নাম লিখা।
উত্তৰঃ হেনৰী ফেয়ল আৰু লুথাৰ গুলিক।
১০। “Bureaucracy and Political Development” কিতাপখন কোনে লিখিছিল?
উত্তৰঃ জোচেফ লা পালম্বাৰা।
১১। “Bureaucracy in Modern Society” নামৰ কিতাপখন কোনে লিখিছিল?
উত্তৰঃ পিটাৰ এম. ব্লউৱে।
১২। Constructive Conflict” ধাৰণাটো কোনে আগবঢ়াইছিল?
উত্তৰঃ এম. পি. ফলেটে।
১৩। “Personality and Organization” কিতাপখন কোনে লিখিছিল?
উত্তৰঃ গ্ৰীচ আৰজিৰিছে।
১৪। “Theory X and Theory Y” ৰ উদ্ভাৱক কোন আছিল?
উত্তৰঃ ড’গলাছ এম এছ গ্ৰেগৰ।
১৫। “New ways of Managing Conflict” কিতাপখনৰ ৰচক কোন?
উত্তৰঃ ৰেনচিছ লিকার্ট।
১৬। “ব্যৱস্থাপনা তত্ত্ব” (The System Approach) ৰ উদ্ভাৱক কোন?
উত্তৰঃ টেলক’ট পাৰচন।
১৭। “The System Approach” কিতাপখনৰ ৰচক কোন?
উত্তৰঃ চি. ৱেষ্ট চার্চমেন।
১৮। “The practice of Management” কিতাপখনৰ ৰচক কোন?
উত্তৰঃ পিটাৰ ড্ৰাকাৰ।
১৯। “The New Comparative Administration : A proposal” প্ৰৱন্ধটো কোনে লিখিছিল?
উত্তৰঃ চাৰ্লছ টি. শুডচেলে।
২০। “Administration in Developing Countries: The Theory of Prismatic Society” কিতাপখনৰ ৰচক কোন?
উত্তৰঃ ফ্ৰেড ডব্লিউ ৰিগছ।
২১। “Development Administration” শব্দটো কোনে পোন প্রথমে উদ্ভাবন কৰিছিল?
উত্তৰঃ ইউ. এল. গোস্বামীয়ে।
২২। “The structure of Development Administration in India” প্ৰৱন্ধটোৰ লিখক কোন?
উত্তৰঃ ইউ. এল. গোস্বামী।
২৩। “Development Administration” ৰ পিতৃ বুলি কাক কোৱা হয়?
উত্তৰঃ জর্জ গান্টক।
২৪। “Development Administration: Concept, Goals and Method” পুথিখনৰ ৰচক কোন?
উত্তৰঃ জর্জ গান্ট।
২৫। “Development Administration” শব্দটো কোনে প্রথমে ব্যৱহাৰ কৰিছিল?
উত্তৰঃ ড’নাল্ড চি ষ্টোনে।
২৬। Dependency Theory” ৰ উদ্ভাৱক কোন?
উত্তৰঃ এনড্ৰে গুনডাৰ ফ্ৰেঙ্ক।
২৭। “Positive Reinforcement Theory”– কোনে আগবঢ়াইছিল?
উত্তৰঃ বি. এফ. স্কিনাৰ।
২৮। “Motivation Hygiene Theory” টো কোনে আগবঢ়াইছিল?
উত্তৰঃ ফ্ৰেড্রিক হার্জবার্গে।
২৯। Motivation Hygiene Theory” ৰ আন এটা নাম কি?
উত্তৰঃ টু ফেক্টৰ থিয়োৰি।
৩০। “Means Mix Approach” ৰ প্ৰবক্তা কোন?
উত্তৰঃ কৌটিল্য।
৩১। “Equity Theory” কোনে আগবঢ়াইছিল?
উত্তৰঃ ষ্টেচি আদমছে।
৩২। ‘স্থানীয় আৰু আঞ্চলিক চৰকাৰ’ কিতাপখনৰ লেখক কোন হয়?
উত্তৰঃ জি. ডি. এইচ কোলে।
৩৩। (ক) স্থানীয় চৰকাৰৰ জনক কোন?
উত্তৰঃ লৰ্ড ৰিপণ।
৩৩। (খ) বিকেন্দ্ৰীকৰণ (১৯০৭) ৰয়াল কমিচনৰ সভাপতি কোন আছিল?
উত্তৰঃ হেনৰী উইলিয়াম প্ৰিমৰোজ
৩৪। কোন চনত কমিউনিষ্ট ডেভলপমেন্ট প্রোগ্রামটো গৃহীত হৈছিল?
উত্তৰঃ ১৯৫২ চনত।
৩৫। বলবস্তু ৰায় মেহতা কমিটি ৰিপোৰ্ট কোন বছৰত অনুষ্ঠিত হৈছিল?
উত্তৰঃ ১৯৫৭ চনৰ ২৪ নৱেম্বৰ।
৩৬। অশোক মেহেতা কমিটি য়ে (১৯৭৮) কিমানখন পৰামৰ্শ দিছিল?
উত্তৰঃ ১৩২ খন।
৩৭। কোন চনত জি. ভি. কে. ৰাও কমিটি গঠিত হৈছিল?
উত্তৰঃ ১৯৮৫ চনত।
৩৮। ৭৩ নং সংশোধনীত কিমানখন আসন পঞ্চায়তে মহিলাৰ বাবে সংৰক্ষিত আছে?
উত্তৰঃ ৩৩.৩%।
৩৯। সংবিধানৰ কোন অনুচ্ছেদত ৰাজ্যক গাঁও পঞ্চায়তে প্রতিষ্ঠাত যোগদান কৰে?
উত্তৰঃ ৪০ নং অনুচ্ছেদ।
৪০। মণ্ডল পঞ্চায়ত কিমান জনসংখ্যাক লৈ গঠন কৰা হয়?
উত্তৰঃ ১৫০০০ ৰ পৰা ২০০০০।
৪১। MGNREGA ৰ সম্পূৰ্ণ নাম কি?
উত্তৰঃ The Mahatma Gandhi National Rural Employment Guarantee ACT.
৪২। পোন প্ৰথমবাৰৰ বাবে ভাৰতৰ স্থানীয় চৰকাৰসমূহক কোন চনত সাংবিধানিক মর্যাদা।
উত্তৰঃ ১৯৯২ চনত সংবিধানৰ ৭৩ তম্ আৰু ৭৪ তম সংবিধান সংশোধনী আইনৰ জৰিয়তে পোন প্ৰথমবাৰৰ বাবে ভাৰতৰ স্থানীয় চৰকাৰসমূহক সাংবিধানিক মর্যদা প্ৰদান কৰা হয়।
৪৩। ৱাৰ্ড সমিতি গঠনত নগৰৰ একোটা বাৰ্ডত কিমান জনসংখ্যা থাকে?
উত্তৰঃ নাকৰ একোটা ৱাৰ্ডত ৩০,০০০ ৰ পৰা প্ৰায় ২,০০,০০০ পর্যন্ত জনসংখ্যা থাকে আৰু ক্ষুদ্ৰ আকাৰৰ নগৰ অঞ্চলবিলাকত ১৫০০ ৰ পৰা ৬০০০ পর্যন্ত জনসংখ্যা থাকিব।
৪৪। ১৯৯৪ চনৰ অসম পঞ্চায়তীৰাজ আইনখন কোন কোন দফাত উল্লেখ কৰা হৈছে?
উত্তৰঃ ১৯৯৪ চনৰ অসম পঞ্চায়তীৰাজ আইনখনৰ ৮৮, ৮৯, ৯০ আৰু ৯৯ নং দফাত উল্লেখ কৰা হৈছে।
৪৫। চৰকাৰী হিচাপ কমিটি কোন চনত গঠিত হৈছিল।
উত্তৰঃ ১৯২১-২২ চনত।
৪৬। চৰকাৰী হিচাপ কমিটিৰ সভাত স্থূল গঠিত হ’বলৈ কেইজন সদস্যৰ প্ৰয়োজন হয়?
উত্তৰঃ চাৰিজন সদস্য।
৪৭। পি. কে. থুংগন সমিতি, ১৯৮৮ ৰ এটা পৰামৰ্শ উল্লেখ কৰা।
উত্তৰঃ পঞ্চায়তীৰাজ অনুষ্ঠানসমূহক সাংবিধানিকভাৱে স্বীকৃতি প্ৰদান কৰা।
চমু আৰু ৰচনাধৰ্মী প্ৰশ্নোত্তৰ
১। ফোয়লে আগবঢ়োৱা সংগঠনৰ কাৰ্যাৱলী কেইটা উল্লেখ কৰা।
উত্তৰঃ ফেয়লে সংগঠনৰ কাৰ্যাৱলীক ছয়টা ভাগত বিভক্ত কৰিছে। এই ভাগবিলাক হ’ল–
(ক) কাৰিকৰী কাৰ্য।
(খ) ব্যবসায়িক কার্য।
(গ) বিত্তীয় কার্য।
(ঘ) নিৰাপত্তামূলক কার্য।
(ঙ) হিচাপ ৰখা কাৰ্য।
(চ) প্ৰশাসনীয় কার্য।
২। ফেয়লৰ মতে প্ৰশাসনৰ প্ৰাথমিক কামবোৰ কি কি?
উত্তৰঃ ফেনালৰ মতে প্ৰশাসনৰ প্ৰাথমিক কাম হ’ল-
(ক) পৰিকল্পনা কৰা।
(খ) জনসম্পদ আৰু উৎপাদন উপকৰণ সংগঠিত কৰা।
(গ) কি কৰিব লাগিব সেই সম্পর্কে অধস্তন কর্মীসকলক নির্দেশদান কৰা।
(ঘ) সমন্বয় সাধন কৰা।
(ঙ) নিয়ন্ত্ৰণ কৰা।
৩। প্ৰশাসনৰ যিকোনো চাৰিটা নীতি লিখা।
উত্তৰঃ প্ৰশাসনৰ চাৰিটা নীতি তলত উল্লেখ কৰা হ’ল—
(ক) কামৰ ভাগবতৰা (Division of Work)।
(খ) কেন্দ্ৰীকৰণ (Centralization)।
(গ) কর্তৃত্ব আৰু দায়িত্ব ( Authority and Responsibility)।
(ঘ) নিয়মানুৱর্তিতা (Discipline)।
৪। মেক্স ওৱেৰাৰৰ আমোলাতন্ত্ৰৰ বৈশিষ্ট্যসমূহ উল্লেখ কৰা।
উত্তৰঃ (ক) আমোলাতন্ত্ৰত সকলো কৰ্মচাৰীৰে নিৰ্ধাৰিত কৰ্তৃত্ব থাকে।
(খ) আমোলাতন্ত্ৰৰ বিষয়াসকলক পৰীক্ষাৰ দ্বাৰা বাচনি কৰা হয়।
(গ) বিষয়াসকলক নিৰ্দিষ্ট দৰমহা প্ৰদান কৰা হয়।
(ঘ) বিষয়াসকলৰ জ্যেষ্ঠতাৰ ভিত্তিত পদোন্নতিৰ ব্যৱস্থা থাকে।
(ঙ) তেওঁ দৃঢ় আৰু প্ৰণালীবদ্ধ নিয়মানুবর্তিতাৰে কাম কৰিব লাগে।
৫। Mooney আৰু Reiley য়ে প্ৰশাসনৰ সংগঠনৰ বিষয়ে আগবঢ়োৱা নীতি কেইটা কি কি?
উত্তৰঃ James D. Monney আৰু Alan C. Reiley য়ে ১৯৩১ চনত “Onwani Industry” নামৰ কিতাপখনত সনাতন তত্ত্ব সম্পৰ্কে প্ৰথমে আলোচনা কৰিছিল। পৰৱৰ্ত্তী সময়ত, ১৯৩৯ চনত একে কিতাপখন “The Principle of Organization” নামে প্ৰকাশ কৰে আৰু তেওঁলোকে ইয়াত চাৰিটা নীতিৰ কথা উল্লেখ কৰে। সেয়া হ’ল—
(ক) সমন্বয়।
(খ) অধিক্রম প্রক্রিয়া।
(গ) কাৰ্যকৰী বিভেদ।
(ঘ) সহায়ক আৰু কাৰ্যবাহী গোট।
৬। আমোলাতান্ত্রিক তত্ত্বৰ দুগৰাকী সমৰ্থকৰ নাম লিখা।
উত্তৰঃ (ক) মেক্স ওৱেবাৰ (Max Weber), (খ) গেটেনো মেক্স (Gaetano Mosca)।
৭। Max Weberৰ আমোলাতন্ত্ৰৰ আৰ্হিৰ সমালোচক কেইগৰাকীৰ নাম লিখা।
উত্তৰঃ (ক) টেলকট পাৰচন।
(খ) ৰবাৰ্ট কে মার্টন।
(গ) ফিল্লিপ চেলজনিক।
(ঘ) এলভিন গ’ল্ডনাৰ।
(ঙ) মাইকেল ক্ৰ’জিয়াৰ।
(চ) থৰ্ছটেইন বেবলেন।
(ছ) ডিউৱে।
(জ) ভিক্টৰ এ থমছন।
(ঝ) চাইমন আৰু বাৰ্ণাৰ্ড।
(ঞ) চাইমন আৰু মাৰ্চ।
৮। মানৱিক সম্পৰ্ক তত্ত্বৰ মূল উপাদান কেইটা কি কি?
উত্তৰঃ মানৱিক সম্পর্ক তত্ত্বৰ তিনিটা প্ৰধান উপাদান আছে। সেইকেইটা হ’ল–
(ক) ব্যক্তি।
(খ) অনানুষ্ঠানিক সংগঠন।
(গ) অংশগ্ৰহণকাৰী পৰিচালনা।
৯। পঞ্চায়তিৰাজ প্ৰতিষ্ঠাৰ মাধ্যমেদি কাৰ্যকৰী কৰা ৰাজ্য আৰু কেন্দ্ৰীয় চৰকাৰৰ দুটা উন্নয়নমূলক কাৰ্যসূচীৰ নাম কি?
উত্তৰঃ (ক) প্রধানমন্ত্রী আদর্শ গ্রাম্য যোজনা,
(খ) গ্ৰাম্য স্বৰাজ অভিযান।
১০। চিডিপি আৰু এন. ই. এছ ৰ সম্পূৰ্ণ ৰূপ লিখা।
উত্তৰঃ Community Development Programme (CDP) and National Extension Services (NES)।
১১। চৰকাৰী হিচাপ কমিটিৰ সদস্যসকলৰ কাৰ্যকাল কিমান বছৰ?
উত্তৰঃ চৰকাৰী হিচাপ কমিটিৰ সদস্যসকলে এক বছৰৰ বাবে কাৰ্যকাল ভোগ কৰে। কিন্তু তেওঁলোকক দ্বিতীয়বাৰ নিৰ্বাচিত হোৱাৰ সুযোগ দিয়া হয়।
১২। শূন্যভিত্তিক বাজেট।
উত্তৰঃ পৰম্পৰাগত বাজেট ব্যৱস্থাৰ আসোঁৱাহ সমূহ দুৰ কৰিবৰ বাবে বাজেট ব্যৱস্থাৰ বিভিন্ন সংস্কাৰৰ বাবে পৰামৰ্শ আগবঢ়োৱা হয়। তেনে এক বাজেট ব্যবস্থাকে শূন্যভিত্তিক বাজেট ব্যৱস্থা বোলা হয়। পূর্বনির্ধাৰিত আৰু নৱ নিৰ্ধাৰিত হ্রস্বকালীন আৰু দীর্ঘকালীন সকলো আয়-ব্যয় নির্ধাৰিত সময় পৰিসৰত মূল্যায়ন কৰা বাজেট শূন্য ভিত্তিক বাজেট বোলে। অৰ্থাৎ চৰকাৰী ব্যয়ৰ অপচয় হ্ৰাসৰ বাবে বাজেটৰ বিভিন্ন শিতানত আবণ্টন পৰীক্ষা কৰিব লাগে এই বাজেটত পুৰণা আয় ব্যয়ক পুনঃ পুনঃ মূল্যায়নলৈ অনা নহয় যদিও পুৰণা আয়- প্রয়োজন সাপেক্ষে পৰীক্ষা কৰি চোৱা হয়। পৰম্পৰাগ বাজেট ব্যৱস্থাত বিভিন্ন শিতানত C নিৰ্ধাৰণ কৰোতে প্রচলিত পুঁজি নিৰ্দ্ধাৰণ স্তৰক ভিত্তি হিচাপে লৈ সাধাৰণতে আগন্তুক ব বাবে অধিক পুঁজি ধাৰ্য কৰা হয়। ফলত অপ্রয়োজনীয় শিতানত পুঁজি নিৰ্ধাৰিত হৈ চৰকাৰী ব্যয়ৰ অপচয় হ্ৰাস কৰিবৰ বাবে শূন্য ভিত্তিক বাজেট ব্যৱস্থা প্ৰৱৰ্ত্তনৰ পৰামৰ্শ আগবঢ়োৱা হয়।
১৩। বাজেট কার্যকৰীকৰণে কি কি কাৰ্য সামৰি লয়?
উত্তৰঃ বাজেট কার্যকৰীকৰণে তলত দিয়া কার্যকেইটা সামৰি লয়– (ক) সংগ্রহ, (খ) জিম্মা, (গ) পৰিশোষ, (ঘ) হিচাপ, (ঙ) হিচাপ পৰীক্ষা, (চ) প্রতিবেদন।
১৪। স্থানীয় স্বায়ত্ব শাসনৰ অৰ্থ সম্পৰ্কে লিখা।
উত্তৰঃ স্থানীয় স্বায়ত্ব শাসন হৈছে গণতান্ত্রিক শাসন ব্যৱস্থাৰ এক অবিচ্ছেদ্য অংগস্বৰূপ। ই হৈছে যুক্তৰাষ্ট্ৰীয় চৰকাৰ ব্যৱস্থাৰ সেইটো অংশ যি ৰাজ্য চৰকাৰৰ অধীনস্থ স্থানীয় কার্য, প্রশাস ব্যৱস্থাৰ লগত প্ৰধানকৈ জড়িত। স্থানীয় প্রশাসনিক অনুষ্ঠানসমূহৰ সদস্যসকল যোগ্যতাস সম্পন্ন সংশ্লিষ্ট অঞ্চলৰ স্থানীয় বাসিন্দাৰ দ্বাৰাই নিৰ্বাচিত হয়। ৰাজ্যিক কৰ্তৃপক্ষৰ নিয়ন্ত্ৰণৰ পৰা মুক্তভাৱে এই স্থানীয় চৰকাৰৰ সদস্যসকল নির্বাচিত হয়। সাধাৰণ অৰ্থত ক’বলৈ হ’লে স্থানীয় চৰকাৰ মানে কোনো এটা স্থানীয় অঞ্চলৰ প্ৰশাসনিক কাৰ্য পৰিচালনা কৰিবৰ বাবে গঠন কৰা এখন স্থানীয় চৰকাৰ।
১৫। পঞ্চায়ত সমিতিৰ সভাপতি সম্পর্কে লিখা।
উত্তৰঃ পঞ্চায়ত সমিতিৰ কাম-কাজবিলাক নিয়াৰিকৈ পৰিচালনা কৰিবৰ কাৰণে সমিতি সদস্যসকলৰ মাজৰ পৰা এজন সভাপতি নিৰ্বাচিত কৰি লোৱা হয়। পঞ্চায়ত সমিতিৰ সভাপতি কার্যকাল ৫ বছৰ। কিন্তু কার্যকাল শেষ হোৱাৰ পূৰ্বে সভাপতিয়ে বিধি অনুসৰি নিজে পদত্যাগ কৰিব পাৰে। তাৰোপৰি বিভিন্ন অভিযোগৰ ভিত্তিত পঞ্চায়ত সমিতিৰ দুই তৃতীয়াংশ সদস্যৰ সমৰ্থনত সভাপতিৰ বিৰুদ্ধে অনাস্থা প্রস্তাৱ আনি তেওঁক পদৰ পৰা অপসাৰিত কৰিব পাৰে। সভাপতিজনে সমিতিৰ বৈঠক বিলাকত সভাপতিত্ব কৰাৰ লগতে সমিতিৰ কাম কাজবিলাক সূচাৰুৰূপে পৰিচালনা কৰিব লাগে। সভাপতিৰ অনুপস্থিতিত উপ-সভাপতিয়ে সভাপতিৰ দায়িত্ব পালন কৰিব লাগে।
১৬। গাঁও সভা বুলিলে কি বুজা?
উত্তৰঃ ভাৰতৰ সংবিধানৰ ৭৩তম সংশোধনী আইনৰ জৰিয়তে দেশৰ পঞ্চায়তীৰাজ ব্যৱস্থাক সৱলীকৰণ কৰাৰ চেষ্টা চলোৱা হৈছে যাতে এই অনুষ্ঠানবিলাকে গ্রাম্য এলেকাত এক শক্তিশালী জনপ্রতিনিধিত্বমূলক অনুষ্ঠান হিচাপে কাম কৰিব পাৰে। সংশোধনী আইনৰ জৰিয়তে আনিব খোজা ব্যৱস্থা সমূহৰ ভিতৰত কিছুমান হৈছে বাধ্যতামূলক আৰু আন কিছুমান হৈছে স্বেচ্ছামূলক। বাধ্যতামূলক দফাসমূহ ৰাজ্য চৰকাৰ বিলাকে নিজ ৰাজ্যৰ বাবে পঞ্চায়তীৰাজ আইন প্রণয়ন কৰোতে অন্তৰ্ভুক্ত কৰাটো বাধ্যতামলুক। আনহাতে স্বেচ্ছামূলক ব্যৱস্থাৱলী ৰাজ্য চৰকাৰ বিলাকৰ বিচাৰ-বিবেচনাৰ বাবে এৰি দিয়া হৈছে আৰু এনে ব্যৱস্থাসমূহৰ বেলিকা ৰাজ্য চৰকাৰ সমূহে আইন প্রণয়ন কৰোতে নিজৰ বিচাৰ বিবেচনাৰে বিধি বিধান প্রস্তুত কৰি ল’ব পাৰিব। ৰাজ্য চৰকাৰে কাৰ্যকৰী কৰিবলগীয়া এই বাধ্যতামূলক দফাসমূহৰ ভিতৰত প্ৰথম ব্যৱস্থাটোরেই হৈছে গ্রাম সভাৰ গঠন।
১৭। গ্রাম সভাৰ বৈঠক সম্পর্কে লিখা।
উত্তৰঃ ৭৩তম সংশোধনী আইন অনুসৰি প্ৰতি বছৰে কমেও দুবাৰকৈ গ্ৰাম সভাৰ বৈঠক অনুষ্ঠিত হ’ব লাগে। অৱশ্যে ৰাজ্য ভেদে এই বৈঠকৰ সংখ্যা বেলেগ বেলেগ। ১৯৯৪ চনৰ অসম পঞ্চায়তীৰাজ অনুসৰি অসমত গ্রাম সভাৰ বৈঠক বছৰেকত চাৰিবাৰকৈ অনুষ্ঠিত কৰিব লাগে।
গাঁও পঞ্চায়তৰ সচিবে সংশিষ্ট গাঁও পঞ্চায়তৰ সভাপতি গৰাকীৰ অনুমোদন সাপেক্ষে আৰু এলেকাটোৰ খণ্ড উন্নয়ন প্ৰাধিকাৰী বিষয়াজনৰ লগত কৰা আলোচনামৰ্মে গ্ৰাম সভাৰ বৈঠক আহ্বান কৰিব পাৰে।
গ্রাম সভাৰ বৈঠকবিলাকত গাঁও পঞ্চায়তৰ সভাপতিজনে সভাপতিত্ব কৰে। সভাপতিৰ অনুপস্থিতিত উপসভাপতিজনে আৰু উপসভাপতিজনৰ অনুপস্থিতিত বৈঠকত উপস্থিত সংখ্যাগৰিষ্ঠ সদস্যৰ সমৰ্থনত যিকোনো এজন সদস্যই গ্রাম সভাৰ বৈঠকত সভাপতিত্ব কৰিব পাৰে।
১৮। পঞ্চায়তৰ সভাপতিৰ গঠন সম্পৰ্কে লিখা।
উত্তৰঃ গাঁও পঞ্চায়তৰ এজন মুৰব্বী থাকে। তেওঁক ভাৰতৰ বিভিন্ন ৰাজ্যত বিভিন্ন নামেৰে অভিহিত কৰা হয়। অসম, কেৰেলা, তামিলনাড়ু আদি ৰাজ্যত ‘সভাপতি’ মহাৰাষ্ট্ৰ, গুজৰাট আদিত ‘চাৰপান্স’ নামেৰে জনা যায়। গাঁও পঞ্চায়তৰ সভাপতিজনক জনসাধাৰণে প্ৰত্যক্ষভাবে ভোট দি নির্বাচন কৰে। গাঁও পঞ্চায় এলেকাত থকা অনুসূচিত জাতি, অনুসূচিত জনজাতি সম্প্ৰদায়ৰ লগতে মহিলাৰ বাবেও অনুসৰি গাঁও পঞ্চায়তৰ সভাপতিৰ পদবীটো ক্রমানুসাৰে সংৰক্ষণৰ ব্যৱস্থা কৰা হয়।
গাঁও পঞ্চায়তৰ সভাপতিজনৰো কাৰ্যকাল ৫ বছৰ। কিন্তু নিৰ্ধাৰিত কার্যকাল শেষ হোৱা পূর্বে পঞ্চায়তৰ দুই তৃতীয়াংশ সদস্যৰে সমৰ্থনেৰে সভাপতিৰ বিৰুদ্ধে অনাস্থা প্রস্তাব প্রত কৰি তেওঁক পদৰ পৰা অপসাৰণ কৰাৰ ব্যৱস্থা আছে।
১৯। গণতান্ত্রিক বিকেন্দ্ৰীকৰণৰ সিদ্ধান্তসমূহ কি কি লিখা।
উত্তৰঃ গণতান্ত্রিক বিকেন্দ্ৰীকৰণৰ সিদ্ধান্তসমূহ হ’ল–
(ক) দৃষ্টিভংগী হ’ল কেতবোৰ সাধাৰণ নিয়মৰ সমষ্টি যিয়ে কোনো বিষয়ৰ অধ্যয়ন আৰু বিশ্লেষণত সহায় কৰে।
(খ) দৃষ্টিভংগী হৈছে কোনো এক বিষয় অধ্যয়নৰ বাবে গ্ৰহণ কৰা বিজ্ঞানসন্মত কৌশল।
(গ) দৃষ্টিভংগী হৈছে কেতবোৰ পৰ্যায়ৰ সমষ্টি। অর্থাৎ সমস্যাৰ বাছনি কৰা, সমস্যাৰ লগ সংগতিপূৰ্ণ তথ্যসমূহ আহৰণ কৰা, তথ্যবোৰ বিশ্লেষণ কৰা আৰু তাৰপৰা কোনো এক সিদ্ধান্ত উপনীত হোৱা।
(ঘ) দৃষ্টিভংগী হৈছে তত্ত্বৰ প্ৰতিষ্ঠাপক। ই বাস্তৱতাক ব্যাখ্যা কৰি তত্ত্ব প্রতিষ্ঠাত সহায় কৰে। অৰ্থাৎ যেতিয়া এটা দৃষ্টিভংগীয়ে সমস্যা নিৰ্বাচন আৰু তথ্যৰ বিশ্লেষণৰ পৰা সাৰ্বজনীন সিদ্ধান্ত তৈয়াৰ কৰিব পাৰে তেতিয়া ই তত্ত্বলৈ ৰূপান্তৰিত হয়।
২০। ১৯১৮ চনৰ বিকেন্দ্ৰীকৰণ আয়োগৰ প্ৰস্তাৱৰ মূল ভাৱধাৰাসমূহ কি আছিল লিখা।
উত্তৰঃ ১৯১৮ চনৰ বিকেন্দ্ৰীকৰণ আয়োগৰ প্ৰস্তাৱৰ মূল ভাৱধাৰাসমূহ হ’ল–
(ক) গাঁও অঞ্চলত পঞ্চায়ত ব্যৱস্থা পুনৰ গঠন কৰিব লাগে।
(খ) স্থানীয় অনুষ্ঠানবিলাকত অধিক সংখ্যক নির্বাচিত প্রতিনিধি থাকিব লাগে।
(গ) মুক্ত নির্বাচন প্ৰক্ৰিয়াৰ জৰিয়তে স্থানীয় অনুষ্ঠানবিলাকত অধিক সংখ্যক জনসাধাৰণৰ জড়িত কৰিব লাগে।
(ঘ) স্থানীয় অনুষ্ঠানবিলাকৰ সভাপতিজন মনোনীত হোৱাতকৈ জনসাধাৰণৰ পৰা নিৰ্বাচিত হ’ব লাগে।
(ঙ) স্থানীয় অনুষ্ঠানবিলাকৰ নিজৰ বাজেট প্রণয়ন কৰা, নিৰ্ধাৰণ কৰা আৰু কাৰ্যাৱলী ক্ষেত্ৰত স্বাধীনতা প্রদান কৰিব লাগে।
২১। মেক্স ওৱেবাৰৰ আমোলাতান্ত্ৰিক আৰ্হিৰ সমালোচনাসমূহ দাঙি ধৰা।
উত্তৰঃ সমাজবিজ্ঞানী কিছুমানে মেক্স ওৱেবাৰ (Max Weber)ৰ আমোলাতান্ত্রিক আৰ্হিৰ বহু ক্ষেত্ৰৰ পৰা সমালোচনা কৰিছে।
সেইবোৰ তলত দিয়া ধৰণৰ–
(ক) ইয়াক ‘মেচিন তত্ত্ব’ (Machine Theory) বুলি অভিহিত কৰা হৈছে। কিয়নো ইয়াত সংগঠনৰ আনুষ্ঠানিক দিশৰ ওপৰত বেছি গুৰুত্ব দিয়া হৈছে আৰু মানৱিক দিশসমূহক উপেক্ষা কৰা হৈছে।
(খ) ইয়াক এক ‘বন্ধ ব্যৱস্থাৰ আৰ্হি’ (Closed System Model) বুলি কোৱা হয়; কিয়নো ইয়াত সংগঠন আৰু ইয়াৰ পৰিবেশৰ মাজৰ সম্পৰ্কৰ বিষয়ে কোনো পুংখানুপুংখ আলোচনা কৰা হোৱা নাই।
(গ) ই পৰিৱৰ্তিত পৰিৱেশত (Unstable Environment) কাৰ্য কৰিব নোৱাৰে।
(ঘ) ই কেৱল দৈনন্দিন নীতি-নিয়মৰ আৰু পুনৰাবৃত্তি হোৱা কামৰ ক্ষেত্ৰতহে প্রযোজ্য; সৃজনশীল আৰু উদ্ভাৱনীমূলক কামৰ বাবে ই প্ৰযোজ্য নহয়।
২২। আমোলাতান্ত্রিক গাঠনিৰ বৈশিষ্ট্যসমূহ উল্লেখ কৰা।
উত্তৰঃ আমোলাতান্ত্ৰিক গাঠনিৰ বৈশিষ্ট্যসমূহ হ’ল—
(ক) কাৰ্যালয়ৰ কাম নিৰৱচ্ছিন্ন আৰু নিয়ন্ত্ৰিত ভিত্তিত হয়।
(খ) কামবিলাক কার্যগত ভিত্তিত বিভিন্ন শ্রেণীত বিভক্ত হয় আৰু প্ৰত্যেক ক্ষেত্ৰতে কর্তৃত্ব আৰু অনুমোদন প্রদান কৰা হয়।
(গ) অফিচৰ কাৰ্যাৱলী আইনগত নিয়মানুসাৰে পৰিচালিত হয়। ইয়াৰ বাবে প্ৰশিক্ষণপ্রাপ্ত ব্যক্তিৰ প্ৰয়োজন হয়।
(ঘ) অধিক্রম বা স্তৰ বিন্যাসৰ ভিত্তিত অফিচ বা কাৰ্যালয় গঠিত হয়, অভিযোগ আৰু নিয়ন্ত্ৰণৰ অধিকাৰ বিভিন্ন স্তৰৰ মাজত নিৰ্দিষ্ট কৰা হয়।
(ঙ) সংগঠন সম্পদ কৰ্মচাৰীসকলৰ ব্যক্তিগত সম্পদতকৈ সম্পূর্ণ বেলেগ।
(চ) বিষয়াসকল পেছাগত যোগ্যতা আৰু প্ৰতিযোগিতামূলক পৰীক্ষাৰ ভিত্তিত নিযুক্ত হয়।
(ছ) দপ্তৰৰ কাম সুস্পষ্টভাৱে নির্দিষ্ট।
(জ) বিষয়াসকল একমুখী নিয়ন্ত্ৰণ আৰু নিয়মৰ অধীন।
২৩। স্থানীয় স্বায়ত্ব শাসনৰ দুটা প্ৰাথমিক বৈশিষ্ট্য লিখা।
উত্তৰঃ স্থানীয় স্বায়ত্ব শাসনৰ দুটা প্ৰাথমিক বৈশিষ্ট্য হ’ল—
(ক) বৈধ সত্ত্বা : স্থানীয় শাসনৰ কৰ্তৃপক্ষবোৰৰ এক বৈধ সত্ত্বা আছে। আইনৰ দৃষ্টিত এই স্থানীয় স্বায়ত্ব শাসিত গোটবিলাকৰ সুকীয়া অস্তিত্ব আৰু ক্ষমতা আছে। স্থানীয় কর্তৃপক্ষই যুগুত কৰি লোৱা নীতি-নিয়মবোৰ ইয়াৰ নিজৰ এলেকাৰ ভিতৰত প্ৰযোজ্য হয়। ইয়াৰ কোনো সুকীয়া আইন প্ৰণয়নকাৰী কৰ্তৃপক্ষ নাই।
(খ) স্থানীয় সমস্যাৰ লগত জড়িত : স্থানীয় চৰকাৰ কেৱল স্থানীয় সমস্যাবিলাকৰ লগতহে জড়িত। স্থানীয় সমস্যাবিলাক স্থানীয় লোকসকলৰ লগত জড়িত হোৱাৰ বাবে এইবিলাক স্থানীয় লোকৰ দ্বাৰা গঠন হোৱা প্ৰশাসনীয় অনুষ্ঠানৰ দ্বাৰা সফলতাৰে সমাধান কৰাতো অতি সহজ। কাৰণ, স্থানীয় লোকসকল নিজ এলেকাৰ সমস্যাৱলীৰ লগত দৈনন্দিন ওতঃপ্রোতঃ ভাবে জড়িত হৈ থকা বাবে এইবিলাকৰ সমাধান কেনেদৰে সহজতে কৰাতো সম্ভৱ সেই বিষয়ে স্থানীয় কর্তৃপক্ষই ভালদৰে জানে। আকৌ, এই সমস্যাবিলাক তেওঁলোকৰ নিজৰ সমস্যাবলী বুলি অনুভৱ কৰি সমাধান কৰিবলৈ সদায় আগবাঢ়ি আহিছে।
২৪। পৌৰ নিগম বুলিলে কি বুজা?
উত্তৰঃ নগৰ অঞ্চলৰ স্থানীয় স্বায়ত্ব শাসন ব্যৱস্থাত পৌৰ নিগম হৈছে আটাইতকৈ উচ্চস্তৰীয় অনুষ্ঠান। অৱশ্যে এই অর্থত উচ্চস্তৰীয় অনুষ্ঠান নহয় যে এই অনুষ্ঠানটোৱে ইয়াৰ নিম্ন অনুষ্ঠান পৌৰসভা বা নগৰ সমিতিবিলাকৰ ওপৰত কৰ্তৃত্ব আৰোপ কৰিব পাৰে। কাৰণ ভাৰতবৰ্ষত গ্ৰাম্য অঞ্চলৰ বাবে গঠন কৰা অনুষ্ঠানবিলাকৰ দৰে নগৰ অঞ্চলত গঠন কৰা স্বায়ত্ব শাসিত। অনুষ্ঠানবিলাক এটাৰ পৰা আনটো সম্পূৰ্ণ পৃথক। এটাৰ লগত আনটোৰ কোনো পোনপটীয়া সম্বন্ধ নাথাকে। গতিকে কেৱল এইটো ক’ব পৰা যায় যে নগৰ অঞ্চল এলেকা, জনসংখ্যা আৰু সমস্যাৰ ওপৰত ভিত্তি কৰি এই অনুষ্ঠানবিলাক গঠন কৰা হয়। অর্থাৎ বৃহৎ এলেকা, অধিক জনসংখ্যা আৰু ভিন্ন ধৰণৰ নাগৰিক সমস্যা থকা নগৰ অঞ্চলত পৌৰ নিগম, মধ্যম এলেকা আৰু তুলনামূলকভাৱে কিছু কম জনসংখ্যা আৰু সমস্যা থকা নগৰ অঞ্চলত পৌৰসভা আৰু ইয়াৰ তলত নগৰ সমিতি গঠনৰ ব্যৱস্থা কৰা হৈছে। অৱশ্যে এইটো ঠিক যে পৌৰসভা আৰু নগৰ সমিতিৰ তুলনাত পৌৰ নিগমে অধিক ক্ষমতা লাভ কৰাৰ লগতে এক সুকীয়া মৰ্য্যাদাও লাভ কৰে। ইয়াৰ উপৰিও পৌৰ নিগমে তুলনামূলকভাৱে অধিক স্বতন্ত্রতা লাভ কৰে।
২৫। পৌৰ নিগমৰ গঠন আৰু কাৰ্যকাল সম্পর্কে লিখা।
উত্তৰঃ গঠন: পৌৰ নিগমৰ সদস্য সংখ্যা কিমান হ’ব সেয়া মহানগৰখনৰ আয়তন, জনসংখ্যা আদিৰ ওপৰত ভিত্তি কৰি সংশ্লিষ্ট ৰাজ্য চৰকাৰখনে নিৰ্ধাৰণ কৰে। পৌৰনিগমৰ সদস্যসকলক নির্বাচন কৰিবলৈ নিগম এলেকাটোক নির্দিষ্ট সংখ্যক ৱাৰ্ডত বিভক্ত কৰি প্ৰতিটো ৱাৰ্ডৰ পৰা পঞ্জীয়নভুক্ত ভোটাৰৰ দ্বাৰা প্ৰত্যক্ষ ভোটৰ জৰিয়তে এজনকৈ নিৰ্বাচন কৰা হয়। নিৰ্বাচিত সদস্যসকলৰ উপৰিও বিধি অনুসৰি ৰাজ্য চৰকাৰে নগৰ প্ৰশাসন সম্পৰ্কে অভিজ্ঞ ৫ জন লোকক নিগমলৈ মনোনীত কৰিব পাৰে। নিগমৰ প্ৰশাসনীয় এলেকাৰ সাংসদ আৰু বিধায়ক সকলো পৌৰনিগমৰ পদেন সদস্য। নিগমৰ প্ৰশাসনীয় এলেকাটোত থকা অনুসূচিত জাতি আৰু অনুসূচিত জনজাতিৰ লোকৰ জনসংখ্যা অনুপাতে নিগমত তেওঁলোকৰ বাবে আসন সংৰক্ষণৰ ব্যৱস্থা কৰা হৈছে। এনেদৰে সংৰক্ষিত আসনৰ ১/৩ অংশ সংশ্লিষ্ট জাতিৰ মহিলাৰ বাবে সংৰক্ষণ কৰা হৈছে। সমিতিৰ মুঠ আসনৰ ১/৩ অংশ (বর্তমান ৫০%) মহিলাৰ বাবে সংৰক্ষণৰ ব্যৱস্থা কৰা হৈছে। তাৰোপৰি এলেকাটোত থকা অন্যান্য পিছপৰা শ্ৰেণীৰ লোকৰ স্বাৰ্থ ৰক্ষাৰ বাবে সংশ্লিষ্ট ৰাজ্য চৰকাৰে তেওঁলোকৰ বাবেও আসন সংৰক্ষণৰ ব্যৱস্থা কৰিব পাৰে।
কার্যকাল: পৌৰ নিগমৰ কাৰ্যকাল ৫ বছৰ। পাঁচ বছৰীয়া কাৰ্যকালৰ অন্ত পৰাৰ আগতে পৌৰনিগম ভঙ্গ কৰিব লগা হ’লে ৬ মাহৰ ভিতৰত নিৰ্বাচন অনুষ্ঠিত কৰাৰ দিহা কৰা হৈছে। অৱশ্যে ভঙ্গ কৰা পৌৰনিগমৰ কাৰ্যকাল ৬ মাহতকৈ কম হ’লে সেই সময়চোৱাৰ বাবে নিৰ্বাচন অনুষ্ঠিত কৰাৰ আৱশ্যক নহ’ব। কোনো এখন ভঙ্গ কৰা পৌৰনিগমৰ বাবে নির্বাচন অনুষ্ঠিত কৰিলে সেই পৌৰনিগমে কেৱল পূৰ্বৰ পৌৰনিগমৰ বাকী থকা কালছোৱাৰ বাবেহে কার্যনিবাহ কৰিব।
২৬। পৌৰ নিগমৰ সভাপতিৰ নিৰ্বাচন আৰু নিগমসমূহক কাৰ্যক্ষম কৰিবলৈ উল্লেখ কৰা পৰামৰ্শবিলাক লিখা।
উত্তৰঃ পৌৰ নিগমৰ সভাপতিৰ নিৰ্বাচন আৰু নিগমসমূহক কাৰ্যক্ষম কৰিবলৈ তলত উল্লেখ কৰা হ’ল—
(ক) নিগমৰ আয়ুক্ত গৰাকীক নিযুক্তি দিয়াৰ বেলিকা ৰাজ্যচৰকাৰে মেয়ৰজনৰ লগত আলোচনা ল’ব লাগে।
(খ) মেয়ৰজনক আয়ুক্তগৰাকীৰ কাম-কাজৰ ওপৰত ৰাজ্য চৰকাৰলৈ প্ৰতিবেদন পঠোৱাৰ ক্ষমতা দিব লাগে।
(গ) ৰাজ্য চৰকাৰ আৰু পৌৰ নিগমৰ মাজত হোৱা যিকোনো ধৰণৰ যোগাযোগ মেয়ৰ জনৰ জৰিয়তে হ’ব লাগে।
(ঘ) মেয়ৰ জনৰ পদমর্যাদা ৰাজ্যিক বিধান সভাৰ অধ্যক্ষ গৰাকীৰ পিছতে হোৱা ব্যৱস্থা কৰিব লাগে।
(ঙ) মেয়ৰ আৰু নিগমৰ বিভিন্ন সমিতিৰ অধ্যক্ষ বিলাকক লৈ আপীল আদালত গঠন কৰিব লাগে যাতে এই আদালতে পৌৰ আয়ুক্তজনৰ সিদ্ধান্তৰ বিৰুদ্ধে উত্থাপন হোৱা আবেদনৰ ওপৰত শুনানী গ্ৰহণ কৰিব পাৰে।
২৭। পৌৰ আয়ুক্ত নিযুক্তি আৰু কাৰ্যকাল সম্পর্কে লিখা।
উত্তৰঃ পৌৰ আয়ুক্তজনে নিগমৰ মুখ্য কাৰ্যনিৰ্বাহক বিষয়া হিচাপে কাম কৰে। এই বিষয়াজনে আইনে ন্যস্ত কৰা সকলো দায়িত্ব পালন কৰে। ইয়াৰ উপৰিও জৰুৰী অৱস্থাৰ সময়ত তেওঁ নিজৰ বিচাৰ বিবেচনাৰে বিভিন্ন বিষয়ত আৱশ্যকীয় ব্যৱস্থা গ্ৰহণ কৰিব পাৰে। আগতেই উল্লেখ কৰি অহা হৈছে যে আয়ুক্তজনক উচ্চখাপৰ প্ৰশাসনীয় বিষয়াসকলৰ পৰা ৰাজ্য চৰকাৰে নিয়োগ কৰে। গতিকে ক’ব পাৰি যে আয়ুক্তজন নিগমৰ এজন নিয়মীয়া আমোলা। আয়ুক্তজনে সকলো সময়তে নিগমত উপস্থিত থাকি কাম-কাজ পৰিচালনা কৰে। তেওঁৰ ওপৰতে নিগমৰ কাম-কাজৰ অগ্ৰগতি বহু পৰিমাণে নিৰ্ভৰ কৰে। গতিকে আয়ুক্তজন এজন দক্ষ বিষয়া হোৱাতো আৱশ্যক।
নিযুক্তি: পৌৰ আয়ুক্তজনক ৰাজ্য চৰকাৰে নিযুক্তি দিয়ে আৰু ৰাজ্য চৰকাৰে যিকোনো সয়মতে তেওঁক পদৰ পৰা অপসৰণ কৰিব পাৰে। আনকি পৰিষদখনেও এক প্ৰস্তাৱ গ্ৰহণৰ জৰিয়তে আয়ুক্তজনক পদৰ পৰা আঁতৰ কৰিব পাৰে।
কাৰ্যকাল: নিগমৰ আয়ুক্তজনক এটা নিৰ্দিষ্ট সময়ৰ বাবে নিযুক্তি দিয়া হয়। আগতেই উল্লেখ কৰা হৈছে যে নিগমৰ আয়ুক্তজনৰ কাৰ্যকাল সকলোতে একে নহয়। কিছুমান নিগমৰ আয়ুক্তজনৰ কাৰ্যকাল ৩ বছৰীয়া আৰু অন্য কিছুমানত ৫ বছৰীয়া উদাহৰণস্বৰূপে— মুম্বাই আৰু মাদ্ৰাছ পৌৰ নিগমৰ আয়ুক্তজনৰ কাৰ্যকাল ৩ বছৰ। কিন্তু অন্যহাতেদি দিল্লী আৰু কলিকতা পৌৰ নিগমৰ আয়ুক্তগৰাকীৰ কাৰ্যকাল ৫ বছৰীয়া।
২৮। জিলা পৰিকল্পনা সমিতি কি আৰু ইয়াৰ কাৰ্যাৱলী সম্পর্কে লিখা।
উত্তৰঃ এই নতুন আইনখনে প্রত্যেক ৰাজ্যতে জিলা স্তৰত এখন জিলা পৰিকল্পনা সমিতি গঠন কৰাৰ ব্যৱস্থা আগবঢ়াইছে। এই জিলা পৰিকল্পনা সমিতিখন গঠন কৰাৰ দায়িত্ব ৰাজ্যিক আইনসভাৰ হাতত ন্যস্ত কৰিছে। এই সমিতিখনৰ সদস্য সংখ্যা নিৰ্ধাৰণৰ দায়িত্ব ৰাজ্যিক আইনসভাৰ ওপৰত অৰ্পণ কৰা হৈছে। অৱশ্যে আইনখনত উল্লেখ কৰা হৈছে যে জিলা পৰিকল্পনা সমিতিৰ মুঠ সদস্যৰ চাৰি ভাগৰ এভাগ জিলা স্তৰত থকা পঞ্চায়ত আৰু পৌৰসংস্থা বিলাকৰ নিৰ্বাচিত সদস্যসকলে তেওঁলোকৰ মাজৰ পৰা জিলাখনৰ গ্ৰাম্য আৰু নগৰ অঞ্চলৰ জনসংখ্যাৰ অনুপাতৰ ভিত্তিত নির্বাচন কৰিব।
কাৰ্যাৱলী: এই আইনখনৰ মতে, জিলা পৰিকল্পনা সমিতিখনৰ মুখ্য কাম জিলাখনৰ পঞ্চায়ত আৰু পৌৰসংস্থাই যুগুত কৰা আঁচনিবিলাক একত্ৰীকৰণ কৰা আৰু সমগ্ৰ জিলাখন সামৰি উন্নয়ন আঁচনিৰ এক খচৰা প্ৰস্তুত কৰা। এই উন্নয়ন আঁচনিখন যুগুত কৰাৰ সময়ত জিলা পৰিষদে ৰাজ্যপালে নির্দিষ্ট কৰি দিয়া সকলো অনুষ্ঠান তথা সংস্থাৰ লগত আলোচনা কৰিব। এইদৰে জিলা পৰিকল্পনা সমিতিয়ে যুগুত কৰা আঁচনিখন ইয়াৰ সভাপতি গৰাকীয়ে ৰাজ্য চৰকাৰলৈ প্ৰেৰণ কৰিব।
২৯। মহানগৰ পৰিকল্পনা সমিতি সম্পর্কে লিখা।
উত্তৰঃ সমগ্ৰ ৰাজধানী এলেকাক সামৰি উন্নয়ন আঁচনিৰ খচৰা প্ৰস্তুতকৰণৰ বাবে এই আইনত এখন পৰিকল্পনা সমিতি গঠনৰ ব্যৱস্থা ৰখা হৈছে। এই সমিতিখন গঠন কৰাৰ ক্ষেত্ৰত ব্যৱস্থা গ্ৰহণ কৰিবলৈ সংবিধানে ৰাজ্যিক আইনসভাক কর্তৃত্ব প্ৰদান কৰিছে। ইয়াৰ উপৰিও ৰাজ্যিক আইনসভাক আইন প্রণয়ন কৰি এই সমিতিৰ সদস্য ভুক্তিৰ পদ্ধতি, কেন্দ্ৰীয় চৰকাৰ, ৰাজ্যিক চৰকাৰ আৰু এই সমিতিৰ কাম-কাজৰ লগত জড়িত অন্যান্য সংস্থা, অনুষ্ঠান আদিৰ প্ৰতিনিধি অন্তভুক্তি আৰু এই সমিতিৰ সভাপতি গৰাকীক বাচনি কৰাৰ বাবে ব্যৱস্থা গ্ৰহণৰ দায়িত্ব প্রদান কৰিছে।
এই আইনত আৰু উল্লেখ কৰা হৈছে যে নিজৰ প্ৰশাসনীয় এলেকাটোৰ ওপৰত উন্নয়ন আঁচনিৰ খচৰা প্ৰস্তুত কৰাৰ সময়ত প্রত্যেক পৰিকল্পনা সমিতিয়ে কেইটামান বিষয়ৰ ওপৰত বিশেষ চকু ৰাখিব লাগিব—
(ক) এলেকাৰ পৌৰসভা আৰু পঞ্চায়ত বিলাকে যুগুত কৰা আঁচনিসমূহ।
(খ) পৌৰসভা আৰু পঞ্চায়ত বিলাকৰ মাজত থকা উমৈহতীয়া বিষয়।
(গ) কেন্দ্ৰ আৰু ৰাজ্য চৰকাৰে বান্ধি দিয়া লক্ষ্য আৰু অগ্ৰাধিকাৰ প্ৰদান কৰা বিষয়।
(ঘ) নিগম এলেকাত কেন্দ্ৰ আৰু ৰাজ্য চৰকাৰৰ বিভিন্ন অভিকৰণ বিলাকে বিনিয়োগ। কৰিবলৈ বিচৰা ধনৰ সম্ভাব্য পৰিমাণ।
৩০। সংগঠনৰ সনাতন তত্ত্বটোৰ সমালোচনাত্মক ব্যাখ্যা দাঙি ধৰা।
উত্তৰঃ বিংশ শতিকাৰ প্ৰথমাৰ্দ্ধত সংগঠনৰ সনাতন তত্ত্বৰ বিকাশ সাধন হৈছিল। এই তত্ত্বৰ মূল উদ্ভাৱকসকল হ’ল- হেী ফেয়ল, লুথাৰ গুলিক, এল. এফ. আউইক, জে. ডি.মূলী, এ. ডি. ৰেলী, এম. পি. ফলেট, চাৰ চেলটন ইত্যাদি। পোনপ্ৰথমে হেনৰী ফেয়লে তেওঁৰ “General and Industrial Administration” নামৰ গ্ৰন্থত ব্যাখ্যা কৰিছে।
সনাতন তত্ত্বটোক যান্ত্রিক তত্ত্ব (Mechanistic Theory) বা গাঁথনিমূলক তত্ত্ব (Structural Theory) বুলিও কোৱা হয়।
সনাতন তত্ত্বৰ মূল বৈশিষ্ট্য হ’ল সংগঠনৰ বাবে কিছুমান নীতি ৰচনা কৰা। এই তত্ত্বৰ সমৰ্থকসকলে কিহৰ ভিত্তিত কামৰ বিভাজন কৰিব পাৰি আৰু সংগঠনে কিদৰে এই কামবিলাকৰ মাজত সমন্বয় সাধন কৰিব পাৰে তাৰ ওপৰত গুৰুত্ব আৰোপ কৰিছে।
সনাতন তত্ত্বৰ সমৰ্থকসকলে বিশ্বাস কৰে যে সংগঠনৰ কাৰ্যক্ষমতা কিছুমান নীতিৰ দ্বাৰাহে বৃদ্ধি কৰিব পৰা যায়। সেয়েহে সংগঠনৰ নীতি নিৰ্ধাৰণ কৰাটো আটাইতকৈ গুৰুত্ব তেওঁলোকৰ মতে কামৰ প্ৰকৃতি আৰু অৱস্থান যি নহওক প্রশাসন সকলোতে একেই, সেয়ে তেওঁলোকে কয় যে সংগঠনৰ নীতিৰ সাৰ্বজনীন (Universal) মূল্য আছে আৰু সবল। সংগঠনতে ইয়াৰ প্ৰয়োগ কৰিব পাৰি।
সনাতন তত্ত্বৰ মূল বিষয়বস্তু গুলিক আৰু আৰউইক (Gullick and Urwick) “Papers on the Science of Administration “ত ব্যাখ্যা কৰা হৈছে।
হেনৰী ফেয়লৰ সনাতন তত্ত্বৰ ধাৰণা (Henry Fayols concept of Classical Theory :
ফৰাচী ইঞ্জিনিয়াৰ হেনৰী ফেয়লক সনাতন তত্ত্বৰ পিতৃ আখ্যা দিয়া হয়। তেওঁৰ ‘General and Industrial Management’ নামৰ প্ৰৱন্ধটো ১৯১৬ চনত ফৰাচী ভাষাত প্ৰকাশ পায় আৰু ইয়াৰ ইংৰাজী অনুবাদ প্রকাশ পায় ১৯২৯ চনত।
ফেয়লৰ মতে এটা মাত্ৰ প্ৰশাসন বিজ্ঞান আছে যাৰ সূত্ৰবিলাক কেৱল ব্যৱসায়িক জগতকে নহয়, ধৰ্মীয় আৰু অন্যান্য সংগঠনৰ ক্ষেত্ৰতো প্রযোজ্য। তেওঁ ব্যক্তিগত আৰু চৰকাৰী প্ৰশাস মাজত কোনো পার্থক্য উল্লেখ কৰা নাই।
সনাতন তত্ত্বৰ বিকাশত ফেয়লৰ অৰিহণা আমি তিনিটা ক্ষেত্ৰৰ দ্বাৰা অধ্যয়ন কৰিব পাৰো—
(ক) সংগঠনৰ কাৰ্যাৱলী।
(খ) প্ৰশাসনৰ উপাদান।
(গ) সংগঠনৰ নীতি।
ফেয়লে সংগঠনৰ কাৰ্যাৱলীক ছয়টা ভাগত বিভক্ত কৰিছে। এই ভাগবিলাক হ’ল—
(ক) কাৰিকৰী কাৰ্য (Technical Activities)।
(খ) ব্যৱসায়িক কার্য (Commercial Activities)।
(গ) বিত্তীয় কার্য (Financial Activities)।
(ঘ) নিৰাপত্তামূলক কার্য (Security Activities)।
(ঙ) হিচাপ ৰখা কাৰ্য (Accounting Work)।
(চ) প্রশাসনীয় কার্য (Administrative Work)।
ফেয়লৰ মতে প্ৰশাসনৰ প্ৰাথমিক কাম হ’ল—
(ক) পৰিকল্পনা কৰা (To Force and Plan)।
(খ) জনসম্পদ আৰু উৎপাদন উপকৰণ সংগঠিত কৰা (To Organised)।
(গ) কি কৰিব লাগিব সেই সম্পর্কে অবন্তন কৰ্মীসকলক নির্দেশদান কৰা (To Command)।
(ঘ) সমন্বয় সাধন কৰা (To Coordinate)।
(ঙ) নিয়ন্ত্ৰণ কৰা (To Control)।
সংগঠনৰ পৰিকল্পনা সাৰ্থক কৰিবৰ বাবে কিছুমান নীতি ৰচনা কৰা হয়। ফেয়লে তেওঁৰ গ্ৰন্থত ১৪ টা নীতিৰ উল্লেখ কৰিছে।
এই নীতিবিলাক হ’ল–
(ক) শ্রম বিভাজন বা বিশেষীকৰণ (Division of work specialisation)।
(খ) কর্তৃত্ব আৰু দায়িত্ব (Authority and Responsibility)।
(গ) শৃংখলা পৰায়ণতা (Discipline)।
(ঘ) আদেশৰ ঐক্য (Unity of Command)।
(ঙ) নির্দেশৰ ঐক্য (Unity of Direction)।
(চ) অধিক্ৰমিক যোগসুত্র (Scalar Chain)।
(ছ) কেন্দ্ৰীকৰণ (Centralisation)।
(জ) বিন্যাস (Order)।
(ঝ) সমতা (Equity)।
(ঞ)কৰ্মীসকলৰ পাৰিশ্রমিক (Staff Remuneration)।
(ট) সামগ্রিক স্বাৰ্থৰ ওচৰত ব্যক্তিস্বার্থৰ প্ৰতি নতি স্বীকাৰ (Acknowledging the inclination of personal interest over overall interest)।
(ঠ) কৰ্মীসকলৰ চাকৰিৰ স্থায়িত্ব (Stability of Tenure)।
(ড) কর্মদ্যোগ (Initiative)।
(ঢ) দলবদ্ধভাৱে কাম কৰাৰ মনোভাৱ (Esprits of Crops)।
ফেয়লে উপৰোক্ত নীতি কেইটাৰ ভিত্তিত সনাতন তত্ত্বৰ ব্যাখ্যা আগবঢ়াইছে। টেইলৰে তেওঁৰ তত্ত্বত কাৰখানাৰ শ্ৰমিকসকলৰ ওপৰত গুৰুত্ব দিছিল। কিন্তু ফেয়লে তেওঁৰ তত্ত্বত পৰিচালকৰ কাম আৰু সংগঠনৰ ওপৰত জোৰ দিছে। ফোলৰ এই নীতিসমূহে প্ৰশাসনক বিজ্ঞানৰ পর্যায় উন্নীত কৰিছে।
শ্রমিক আৰু আৰউইকৰ সনাতন তত্ত্ব সম্পর্কে ধাৰণা (Views of Gullick and Urwick on Classical Theory) : গুলিক আৰু আইউইকে ১৯৩৭ চনত “Papers on the Science of Administration” নামৰ প্ৰতিবেদন এখন ৰাষ্ট্ৰপতি ৰুডেণ্টৰ ওচৰত দাখিল কৰিছিল। তেওঁলোকে প্ৰশাসনৰ সাতোটা বৈজ্ঞানিক ঘোষণা কৰিছিল। এই নীতিকেইটাৰ প্ৰতিটো শব্দৰ প্ৰথম আখৰটো লৈ এটা শব্দ সৃষ্টি কৰিছে, সেয়া হ’ল POSDCORB
এই সাতোটা নীতি তলত উল্লেখ কৰা হ’ল—
(১) পৰিকল্পনা কৰা (P-Planning)।
(২) সংগঠন কৰা (O-Organising)।
(৩) কৰ্মী নিয়োগ কৰা (S-Staffing)।
(৪) নির্দেশদান কৰা (D-Directing)।
(৫) সমন্বয় সাধন কৰা (Co-Ordinating)।
(৬) প্রতিবেদন দাখিল কৰা (R-Reporting)।
(৭) আয়-ব্যয়ৰ হিচাপ কৰা (B-Budgeting)।
এই নীতিকেইটাই সনাতন তত্ত্বৰ বিকাশত এক বিশেষ অৱদান আগবঢ়াইছে। তদুপৰি জেমছ ডি. মুনি (James D. Mooney) আৰু এলান চি ৰেলী (Alan C Reiley) দুয়োজনে সনাতন তত্ত্বলৈ মূল্যবান অৱদান আগবঢ়াইছে।
তেওঁলোকে চাৰিটা নীতিৰ ওপৰত গুৰুত্ব আৰোপ কৰিছে—
(ক) কাৰ্যগত ঐক্যৰ বাবে সমন্বয় নীতি।
(খ) স্তৰানুক্রমিক নীতি।
(গ) কাৰ্যগত নীতিৰ জৰিয়তে বিভিন্ন বিভাগৰ কাম সংগঠিত কৰিব লাগিব আৰু
(ঘ) মূল পৰিচালকসকলক কর্তৃত্ব কৰাৰ বাবে পৰামৰ্শদান।
৩১। টেইলৰৰ বৈজ্ঞানিক ব্যৱস্থাপনা তত্ত্বটো ব্যাখ্যা কৰা।
উত্তৰঃ টেইলৰৰ বৈজ্ঞানিক ব্যৱস্থাপনা তত্ত্বটো সংগঠনৰ আন এক উল্লেখযোগ্য তত্ত্ব। প্রখ্যাত মার্কিন ইঞ্জিনিয়াৰ এফ ডব্লিউ টেইলৰে ঊনবিংশ শতিকাৰ শেষৰ ফালে পৰিচালনাৰ ক্ষেত্ৰত বৈজ্ঞানিক দৃষ্টিভংগীৰ প্ৰৱৰ্তন কৰে।
কুৰি শতিকাৰ আৰম্ভণিতে বিভিন্ন উদ্যোগ, কল-কাৰখানা আদিত কাম কৰাৰ সম্পৰ্কে কোনো পৰিকল্পনা বা আঁচনি নাছিল। শ্ৰমিকসকলে কাম কৰাৰ বাবে উপযুক্ত সঁজুলিৰ অভাৱ আছিল। ইয়াৰ ফলত উৎপাদন হাৰ নিম্নগামী আছিল। কিন্তু মালিকসকল এই ব্যৱস্থাৰ প্ৰতি অজ্ঞাত আছিল। সেয়েহে এইসমূহ অসুবিধা দূৰ কৰিবলৈ টেইলৰে বৈজ্ঞানিক পৰিচালনা তত্ত্বৰ উদ্ভাবন কৰে।
টেইলৰৰ মতে ব্যবসায়ত উন্নতি কৰাৰ কাৰণে পুৰণি ব্যৱস্থাক পৰিৱৰ্তন কৰি বৈজ্ঞানিক দৃষ্টিভংগীৰ প্ৰৱৰ্তন কৰা প্ৰয়োজন। বৈজ্ঞানিক দৃষ্টিভংগী সৃষ্টি কৰাৰ কাৰণে পর্যবেক্ষণ, অনুসন্ধান, তথ্যসংগ্ৰহ আৰু তথ্য বিশ্লেষণে সহায় কৰিব। ১৯১১ চনত বৈজ্ঞানিক পৰিচালনাৰ ওপৰত টেইলৰৰ বিখ্যাত গ্ৰন্থ “Principles of Scientific Management” প্রকাশ পায় । আৰু টেইলৰৰ চিন্তাধাৰাই গোটেই বিশ্বতে আলোড়নৰ সৃষ্টি কৰিছিল। বৈজ্ঞানিক ব্যৱস্থাপনা তত্ত্বৰ প্ৰতি অৰিহণা যোগোৱা আন চিন্তাবিদসকল হ’ল— গেন্ট (Gant), গিলবার্ট (Gilbert), কেন্ডেল (Kendall) আদি।
বৈজ্ঞানিক পৰিচালনাৰ মূল উদ্দেশ্য হ’ল পৰিচালক আৰু শ্ৰমিকৰ কাম আৰু চিন্তাধাৰাত বৈজ্ঞানিক পৰিৱৰ্তন অনা। বৈজ্ঞানিক পৰিচালনা তত্ত্বই ব্যৱসায়ৰ সঠিক সিদ্ধান্ত লোৱাৰ বাবে দুই ধৰণৰ পদ্ধতি অবলম্বন কৰিছে—
(ক) বৈজ্ঞানিক ভিত্তিত সময় আৰু গতি সমীক্ষা কৰি (Time and motion study) প্ৰত্যেকটো কামৰ বাবে একোটা সর্বোত্তম কর্মপদ্ধতি (One best way of doing jobs ) আবিষ্কাৰ কৰা প্ৰয়োজন।
(খ) মানৱিক আৰু অমানৱিক সম্পদৰ সঠিক ব্যৱহাৰ ব্যৱস্থা কৰা অতি প্রয়োজন। অমানবিক সম্পদ বুলিলে কেঁচামাল, যন্ত্রপাতি আদিৰ উপযুক্ত পৰিকল্পনা কৰিব লাগিব। আনহাতে মানৱিক সম্পদৰ ক্ষেত্ৰত বৈজ্ঞানিক পৰিচালনাৰ কাম হ’ল শ্ৰমিক আৰু মালিকৰ মাজত পাৰস্পৰিক সহযোগিতাৰ সম্পৰ্ক স্থাপন কৰা।
বৈজ্ঞানিক ব্যৱস্থাপনাৰ নীতি (Principles of Scientific Management) : বৈজ্ঞানিক পৰিচালনাৰ বাবে টেইলৰে কিছুমান নীতি ৰচনা কৰিছে।
এই নীতিসমূহ তলত উল্লেখ কৰা হ’ল—
(ক) বুঢ়া আঙুলিৰ অনুশাসনৰ (Rule of Thumb) পৰিৱর্তে বৈজ্ঞানিক পদ্ধতিসমূহ পৰিচালনাৰ ক্ষেত্ৰত প্ৰয়োগ কৰা উচিত।
(খ) পর্যবেক্ষণ, অনুসন্ধান, তথ্য সংগ্রহ, তথ্য বিশ্লেষণ আৰু গৱেষণা উৎপাদনৰ ক্ষেত্ৰত প্রয়োগ কৰা সম্ভৱ।
(গ) কাম আৰম্ভ কৰাৰ আগতে পৰিকল্পনা কৰি কামত আগবাঢ়িব লাগিব।
(ঘ) পৰিকল্পনা ৰচনা ইয়াৰ ৰূপায়ণতকৈ পৃথক হ’ব লাগিব।
(ঙ) পৰিকল্পনা ৰচনাৰ দায়িত্ব পৰিচালকে গ্ৰহণ কৰিব।
(চ) গতানুগতিক পদ্ধতিৰ পৰিৱর্তে বৈজ্ঞানিক ভিত্তিত প্ৰত্যেক কৰ্মীৰ বাবে কাম নির্ধাৰণ কৰিব লাগিব।
(ছ) কৰ্মীসকলৰ দক্ষতা আৰু আনুগত্য বৃদ্ধিৰ বাবে বৈজ্ঞানিক পদ্ধতিত তেওঁলোকৰ নিৰ্বাচন, নিয়োগ আৰু প্ৰশিক্ষণৰ ব্যৱস্থা কৰিব লাগিব।
(জ) নিৰ্দিষ্ট কামৰ বাবে সময়ৰ মাত্ৰা (Standard) নিৰ্ধাৰণ কৰিব লাগিব।
(ঝ) শ্ৰমিক আৰু মালিকৰ মাজত সহযোগিতা আৰু সৌহার্দ্যপূর্ণ সম্পর্ক স্থাপন কৰিব লাগিব।
(ঞ) সমৰূপতা আৰু আদেশৰ ঐক্য নিয়ন্ত্ৰণ আৰু নিৰ্দেশনাৰ কেন্দ্ৰীকৰণ।
(ট) শ্রমিকসকল যাতে কামত উৎসাহিত হয় তেনে মজুৰি নীতি প্ৰৱৰ্তন কৰিব লাগিব।
(ঠ) সময় আৰু শ্ৰমৰ অপচয় দূৰ কৰিবৰ বাবে সময়, গতি আৰু অৱসাদ সমীক্ষাৰ ব্যৱস্থাৰ প্ৰৱৰ্তন কৰিব লাগিব।
(ড) গোটেই কামটোক বিভক্ত কৰি প্ৰতিদিনৰ প্ৰয়োজন হ’লে প্ৰতি ঘণ্টাৰ কামৰ পৰিমাণ স্থিৰ কৰিব লাগিব।
(ঢ) প্রত্যেকটো কাম সমাধা কৰিবৰ বাবে এটা সর্বোত্তম পন্থা নিৰ্ধাৰণ কৰিব লাগিব।
(ণ) কাৰ্যভিত্তিক কৰ্ম-নায়কত্বৰ ব্যৱস্থা প্ৰৱৰ্তন কৰি কৰ্তৃত্বৰ সম্পৰ্ক স্থাপন কৰিব লাগিব।
(ত) নিজস্বভাৱে কাম কৰাৰ পৰিৱৰ্তে সমিলমিলভাৱে কাম কৰিবলৈ উৎসাহ দিয়া উচিত।
৩২। বৈজ্ঞানিক ব্যৱস্থাপনা তত্ত্বৰ নীতিসমূহ আলোচনা কৰা।
উত্তৰঃ বৈজ্ঞানিক পৰিচালনাৰ বাবে টেইলৰে কিছুমান নীতি ৰচনা কৰিছে।
সেই নীতিবিলাক তলত উল্লেখ কৰা হ’ল—
(ক) বুঢ়া আঙুলিৰ অনুশাসনৰ (Rule of Thumb) পৰিৱৰ্তে বৈজ্ঞানিক পদ্ধতিসমূহ পৰিচালনাৰ ক্ষেত্ৰত প্ৰয়োগ কৰা উচিত।
(খ) পর্যবেক্ষণ, অনুসন্ধান, তথ্য সংগ্রহ, তথ্য বিশ্লেষণ আৰু গৱেষণা উৎপাদনৰ ক্ষেত্ৰত প্রয়োগ কৰা সম্ভৱ।
(গ) কাম আৰম্ভ কৰাৰ পৰিকল্পনা কৰি কামত আগবাঢ়িব লাগিব।
(ঘ) পৰিকল্পনা ৰচনা ইয়াৰ ৰূপায়ণ (Execution) তকৈ পৃথক হ’ব লাগিব।
(ঙ) পৰিকল্পনা ৰচনাৰ দায়িত্ব পৰিচালকে গ্ৰহণ কৰিব।
(চ) গতানুগতিক পদ্ধতিৰ পৰিবৰ্ত্তে বৈজ্ঞানিক ভিত্তিত প্ৰত্যেক কৰ্মীৰ বাবে কাম নিৰ্ধাৰণ কৰিব লাগিব।
(ছ) কৰ্মীসকলৰ দক্ষতা আৰু আনুগত্য বৃদ্ধিৰ বাবে বৈজ্ঞানিক পদ্ধতিত তেওঁলোকৰ নিৰ্বাচন, নিয়োগ আৰু প্ৰশিক্ষণৰ ব্যৱস্থা কৰিব লাগিব।
(জ) নিৰ্দিষ্ট কামৰ বাবে সময়ৰ মাত্ৰা (Standard Time) নিৰ্ধাৰণ কৰিব লাগিব।
(ঝ) শ্ৰমিক আৰু মালিকৰ মাজত সহযোগিতা আৰু সৌহার্দ্যপূর্ণ সম্পর্ক স্থাপন কৰিব লাগিব।
(ঞ) সমৰূপতা আৰু আদেশৰ ঐক্য নিয়ন্ত্ৰণ আৰু নিৰ্দেশনাৰ কেন্দ্ৰীকৰণ।
(ট) শ্ৰমিকসকল যাতে কামত উৎসাহিত হয় তেনে মজুৰি নীতি প্ৰৱৰ্তন কৰিব লাগিব।
(ঠ) সময় আৰু শ্ৰমৰ অপচয় দূৰ কৰিবৰ বাবে সময়, গতি আৰু অৱসাদ সমীক্ষাৰ ব্যৱস্থাৰ প্ৰৱৰ্তন কৰিব লাগিব।
(ড) গোটেই কামটোক বিভক্ত কৰি প্ৰতিদিনৰ প্ৰয়োজন হ’লে প্ৰতি ঘণ্টাৰ কামৰ পৰিমাণ স্থিৰ কৰিব লাগিব।
(ঢ) প্ৰত্যেকটো কাম সমাধা কৰিবৰ বাবে এটা সর্বোত্তম পন্থা নির্ধাৰণ কৰিব লাগিব।
(ণ) কার্যভিত্তিক কৰ্ম-নায়কত্বৰ ব্যৱস্থা প্ৰৱৰ্তন কৰি কৰ্তৃত্বৰ সম্পৰ্ক স্থাপন কৰিব লাগিব।
(ত) নিজস্বভাৱে কাম কৰাৰ পৰিবৰ্তে সমিলমিলভাৱে কাম কৰিবলৈ উৎসাহ দিয়া উচিত।
৩৩। বৈজ্ঞানিক ব্যৱস্থাপনাৰ মানৱীয় দিশসমূহ উল্লেখ কৰা।
উত্তৰঃ বৈজ্ঞানিক ব্যৱস্থাপনাৰ মানৱীয় দিশসমূহ তলত উল্লেখ কৰা হ’ল–
(ক) শ্রমিক নির্বাচন : কামৰ প্ৰকৃতি আৰু বৈশিষ্ট্য অনুসৰি উপযুক্ত শ্রমিক নিৰ্বাচন কৰাটো অতি আৱশ্যকীয়। শ্ৰমিকৰ কাৰ্যদক্ষতা বিবেচনা কৰিহে পদ এটাৰ নিৰ্বাচন কৰা উচিত। নহ’লে সংগঠনৰ কাৰ্যদক্ষতা হ্ৰাস পাব আৰু উৎপাদনৰ মাত্ৰাও কমি যাব।
(খ) প্রশিক্ষণ : কর্মী নিযুক্তিৰ পিছত তেওঁলোকক উপযুক্ত প্রশিক্ষণ দিয়াটো প্রয়োজনীয়। প্ৰশিক্ষণৰ দ্বাৰাহে কৰ্মকৌশল আয়ত্ত্ব কৰিব পাৰে। তদুপৰি পৰিৱৰ্তিত অৱস্থাৰ সৈতে খাপ খাব পৰাকৈ প্ৰশিক্ষণে কৰ্মীসকলক সক্ষম কৰি তোলে।
(গ) সময় সমীক্ষা : এটা নিৰ্দিষ্ট কাম কৰোতে এজন শ্ৰমিকৰ কিমান সহায়ৰ প্রয়োজন সেইটো পৰ্যবেক্ষণ কৰি এটা নিৰ্দিষ্ট কামৰ বাবে নির্দিষ্ট সময় নিৰ্ধাৰণ কৰা হয়। (
(ঘ) গতি পৰীক্ষা : সময় আৰু শ্ৰমৰ অপচয় ৰোধ কৰিবৰ কাৰণে এটা কাম কৰোতে শ্রমিক এজনৰ কি পৰিমাণ অংগ সঞ্চালন কৰিব লাগে সেয়া নিৰ্ধাৰণ কৰি এটা নির্দিষ্ট প্রক্রিয়া উদ্ভাৱন কৰা হয় আৰু সকলো শ্রমিকক সেইটো অনুসৰণ কৰিবলৈ নিৰ্দেশ দিয়া হয়।
(ঙ) ক্লান্তি পৰীক্ষা : একেৰাহে দীর্ঘকাল কোনো এটা কাম কৰি থাকিলে ক্লান্তিৰ সৃষ্টি হয়। মানসিক বা শাৰীৰিক ক্লান্তিৰ বাবে উৎপাদনৰ পৰিমাণ হ্রাস পায়, দুর্ঘটনা বৃদ্ধি পায়, উৎপাদনৰ মানৰ অৱনতি ঘটে, শ্ৰমিকৰ কামত অনুপস্থিতি বৃদ্ধি পায় আৰু মানসিক অৱসাদৰ সৃষ্টি হয়।
(চ) প্ৰেৰণামূলক মজুৰিৰ ব্যৱস্থা : শ্ৰমিকসকলে উপযুক্ত মজুৰি পালেহে কাম কৰাৰ প্ৰতি আগ্ৰহী হ’ব। শ্ৰমিকৰ দৰমহা বেছি হ’লে তেওঁলোকৰ দক্ষতা বৃদ্ধি পায় আৰু মজুৰি সম্পৰ্কীয় ব্যয় কম হয়। কিন্তু মজুৰি কম হ’লে শ্ৰমিকৰ কৰ্মদক্ষতা হ্ৰাস পায় আৰু মজুৰি সম্পর্কীয় ব্যয় বৃদ্ধি পায়। গতিকে কামৰ ওপৰত ভিত্তি কৰি উপযুক্ত মজুৰিৰ ব্যৱস্থা থাকিব লাগিব।
(ছ) শ্ৰমিক আৰু মালিকৰ সহযোগিতা : যিকোনো এটা সংগঠন চলাবলৈ শ্ৰমিক আৰু মালিকৰ মাজত সহযোগিতা থকাটো অতি প্রয়োজন। শ্রমিকসকলক মর্যাদা দিব লাগিব। তদুপৰি কাৰ্য সম্পাদনত উভয়ৰে মাজত মতামত প্ৰকাশৰ বাবে যোগাযোগ থাকিব লাগিব।
৩৪। বৈজ্ঞানিক ব্যৱস্থাপনাৰ অমানৱীয় দিশসমূহ আলোচনা কৰা।
উত্তৰঃ বৈজ্ঞানিক ব্যৱস্থাপনাৰ অ-মানৱীয় দিশসমূহ তলত উল্লেখ কৰা হ’ল–
(ক) যন্ত্রপাতি : বৈজ্ঞানিক যন্ত্ৰপাতিৰ ব্যৱহাৰৰ ওপৰত ব্যৱসায়ৰ উৎপাদিকা শক্তি নিৰ্ভৰ কৰে। যন্ত্ৰপাতিৰ দক্ষতাই ব্যৱসায়ৰ সামগ্রিক দক্ষতা বৃদ্ধি কৰে। গতিকে যন্ত্রপাতি ব্যৱহাৰৰ লগতে ইয়াৰ বৈজ্ঞানিক পন্থাত ৰক্ষণাবেক্ষণৰ ব্যৱস্থাও কৰিব লাগিব।
(খ) কেঁচামাল : উদ্যোগত উৎপাদনৰ বাবে কেঁচামালৰ প্ৰয়োজন। উৎপাদনৰ গতি অব্যাহত ৰাখিবলৈ হ’লে উপযুক্ত পৰিমাণৰ কেঁচামালৰ যোগান ধৰিব লাগিব।
(গ) কাৰখানাৰ পৰিবেশ : কাৰখানাৰ পৰিৱেশে শ্রমিকৰ কৰ্মদক্ষতাৰ ওপৰত প্ৰভাৱ পেলায়। কাম কৰা ঠাইৰ পৰিবেশ যেনে— অৱস্থান, কোঠাৰ তাপ, পোহৰ, বতাহৰ চলাচল, খোৱাৰ ব্যৱস্থা, পানীৰ ব্যৱস্থা, জিৰণিৰ ঠাই আদিয়ে শ্ৰমিকৰ শাৰীৰিক, মানসিক অৱস্থাত প্রভাৱ পেলায়। কম পোহৰ আৰু ঠেক ঠাইৰ ফলত দুৰ্ঘটনাৰ সম্ভাৱনা অধিক হয়।
(ঘ) কার্যভিত্তিক কর্তব্য বণ্টন : পৰিচালনাৰ উন্নতিৰ বাবে টেইলৰে পুৰণি সৰলৰৈখিক কর্তৃত্ব সম্পৰ্কৰ পৰিৱৰ্তে কৰ্মভিত্তিক নেতৃত্বৰ প্ৰৱৰ্তন কৰিছে। বিভিন্ন কাম বিভিন্ন ব্যক্তিক ভাগ কৰি প্ৰত্যেক ব্যক্তিৰ ওপৰত বিশেষ দায়িত্ব অর্পণ কৰা হয়।
(ঙ) কেন্দ্ৰীয় পৰিকল্পনা : প্রত্যেক শিল্প প্ৰতিষ্ঠানত এটা পৰিকল্পনা বিভাগ থাকে। এই বিভাগে বিভিন্ন বিভাগৰ মাজত সমন্বয় সাধনৰ উদ্দেশ্যে কাম কৰে। ই উৎপাদন সংক্রান্ত সকলো পৰিকল্পনা প্রস্তুত কৰে। বিভিন্ন বিভাগীয় কাৰ্যৰ মাজত যাতে ভাৰসাম্য আৰু সমন্বয় স্থাপিত হয় তাৰ বাবে কৰ্ম-পৰিকল্পনা সর্বোচ্চ স্তৰত থকাতো প্রয়োজনীয়।
৩৫। সনাতন তত্ত্বৰ আসোৱাহসমূহ লিখা।
উত্তৰঃ সনাতন তত্ত্বৰ আসোৱাহসমূহ তলত উল্লেখ কৰা হ’ল—
(ক) সনাতন তত্ত্বই সংগঠনৰ কেৱল ধৰণৰ আনুষ্ঠানিক দিশটোৰ কথাহে চিন্তা কৰিছে। ই কোনো অনুষ্ঠানৰ অনানুষ্ঠানিক দিশৰ প্ৰতি লক্ষ্য ৰখাত ব্যৰ্থ হৈছে।
(খ) এই তত্ত্বই সংগঠনৰ মানসিক দিশটোক অৱজ্ঞা কৰিছে। ইয়াত মানুহক যন্ত্ৰৰ অংশ হিচাপে বিবেচনা কৰা হয়।
(গ) সনাতন তত্ত্বটোৰ বাস্তৱ পৰিবেশ বা পৰিস্থিতিৰ লগত সম্পর্ক নাই। ই সংগঠন কেনে হোৱা উচিত তাৰ ওপৰতহে গুৰুত্ব আৰোপ কৰিছে।
(ঘ) এই তত্ত্বই সংগঠনক এটা বন্ধ ব্যৱস্থা’ (Closed System) বুলি বিবেচনা কৰে। কিন্তু প্ৰশাসনৰ কোনো সংগঠনক বন্ধ ব্যৱস্থা বুলি ক’ব নোৱাৰি। ইয়াৰ বিকাশ সাধন কৰিবই লাগিব।
(ঙ) সনাতন তত্ত্বই সংগঠনৰ প্ৰকৃত আচৰণ বিশ্লেষণ কৰাত ব্যৰ্থ হৈছে।
(চ) সনাতন তত্ত্বত নির্দিষ্টতাৰ অভাৱ আছে। ইয়াৰ বাবে ই প্ৰশাসকক ব্যৱহাৰিক ক্ষেত্ৰত বিশেষ সহায় কৰিব নোৱাৰে।
(ছ) মাৰ্চ আৰু চাইমনে সনাতন তত্ত্বক “মেচিন মডেল তত্ত্ব” (Machine Model Theory) বুলি আখ্যা দিছে। কাৰণ এই তত্ত্বৰ মানৱ-প্ৰকৃতিৰ লগত কোনো সম্পৰ্ক নাই। ওৱাৰেণ বেনিছ (Warren Bennis)-ৰ মতে সনাতন তত্ত্বই জনশূন্য সংগঠনৰ ওপৰত আলোকপাত কৰিছে।
(জ) ভিনচেণ্ট অষ্টম (Vincent Ostrom)ৰ মতে সনাতন তত্ত্বৰ সমৰ্থকসকলে ৰাজনীতি নিৰপেক্ষ স্বয়ংসম্পূর্ণ শাস্ত্ৰ প্ৰশাসনক বিবেচনা কৰিবলৈ যাওঁতে লোক প্ৰশাসনৰ গণতান্ত্রিক স্বৰূপ উপলব্ধি কৰাত ব্যৰ্থ হৈছে।
৩৬। বৈজ্ঞানিক ব্যৱস্থাপনা তত্ত্বৰ সুবিধা আৰু অসুবিধাসমূহ আলোচনা কৰা।
উত্তৰঃ বৈজ্ঞানিক পৰিচালনাৰ সুবিধাসমূহ তলত দিয়া ধৰণৰ—
(ক) বৈজ্ঞানিক ব্যৱস্থাপনা প্রত্যেক শিল্পপ্রতিষ্ঠানৰ দক্ষতা বৃদ্ধিত অৰিহণা যোগাইছে।
(খ) যোগ্য ব্যক্তিক যোগা কামত নিয়োগ কৰাৰ ফলত উৎপাদনশীলতা বৃদ্ধি পাব ধৰিছে। তদুপৰি উৎপাদন ক্ষমতা বাঢ়িলেহে উৎপাদন ব্যয় হ্রাস পায়।
(গ) সময় আৰু গতি সমীক্ষাৰ মাধ্যমত শ্ৰম আৰু সময়ৰ অপচয় ৰোধ কৰিব পাৰি।
(ঘ) অৱসাদ সমীক্ষাৰ মাধ্যমত শ্ৰমিকৰ ক্লান্তি হ্ৰাস কৰি তাৰ দক্ষতা বৃদ্ধি কৰিব পাৰি।
(ঙ) প্ৰেৰণামূলক মজুৰি ব্যৱস্থাই শ্রমিকক কামত উৎসাহ যোগোৱাত সহায় কৰে।
(চ) শ্ৰমিক আৰু মালিকৰ মাজৰ সহযোগিতাই কামৰ পৰিবেশ অনুকূল কৰি তোলে।
(ছ) গবেষণা আৰু সতর্ক পর্যবেক্ষণৰ দ্বাৰা নতুন পদ্ধতিৰ অৱলম্বন কৰি উদ্যোগৰ উন্নয়ন সম্ভৱপৰ হৈ উঠে।
(জ) উপযুক্ত প্রশিক্ষণে কামত দক্ষতা বৃদ্ধিত অৰিহণা যোগায়।
বৈজ্ঞানিক ব্যৱস্থাপনাৰ অসুবিধাসমূহ তলত দিয়া ধৰণৰ—
(ক) বৈজ্ঞানিক ব্যৱস্থাপনা সৰু ব্যৱসায় প্রতিষ্ঠানৰ ক্ষেত্ৰত প্ৰয়োগ কৰিব নোৱাৰি। ই কেৱল বৃহৎ আকৃতিৰ ব্যৱসায়ৰ ক্ষেত্ৰতহে প্রযোজ্য।
(খ) বৈজ্ঞানিক ব্যৱস্থাত উৎপাদন প্ৰক্ৰিয়াৰ সঘন পৰিবৰ্তনে উৎপাদনৰ ধাৰাবাহিক প্ৰক্ৰিয়াত ব্যাঘাত জন্মাব পাৰে।
(গ) বৈজ্ঞানিক ব্যৱস্থাপনাত কেন্দ্ৰীয় পৰিকল্পনা বিভাগৰ নিয়োগে ব্যৱসায়ৰ ব্যয় বৃদ্ধি কৰিব পাৰে।
(ঘ) বৈজ্ঞানিক ব্যবস্থাপনা তত্ত্ব কেৱল উৎপাদন সংক্রান্ত পৰিচালনাৰ মাজতে সীমাবদ্ধ। ই বিক্ৰী পৰিচালনা, অৰ্থ সংগ্ৰহ আদি বিষয়ে তে গুৰুত্ব নিদিয়ে।
(ঙ) মায়াৰ্ছে (CS. Myers) বৈজ্ঞানিক পৰিচালনাকে অ-বৈজ্ঞানিক (Unscientific) আৰু সমাজবিৰোধী (Antisocial) আৰু মানসিকতাবিৰোধী (Unpsychological) বুলি আখ্যা দিছে।
(চ) বৈজ্ঞানিক নীতিৰ লগতে বৈজ্ঞানিক সা-সঁজুলিৰো প্ৰয়োজন পূৰ কৰিবলৈ ব্যৱসায় প্রতিষ্ঠানবোৰে অধিক মাত্ৰাত ব্যয় কৰিব লগা হৈছে।
৩৭। মেক্স ওৱেবাৰৰ আমোলাতান্ত্রিক তত্ত্ব ব্যাখ্যা কৰা।
উত্তৰঃ লোক প্ৰশাসনত আমোলাতন্ত্ৰক এটা গুৰুত্বপূৰ্ণ সংগঠন হিচাপে বিবেচনা কৰা হয়। তদুপৰি সমাজতত্ত্ববিদসকলে ইয়াক এটা বিশেষ শ্রেণী বা গোষ্ঠী হিচাপে অভিহিত কৰে। “আমোলাতন্ত্ৰ’ শব্দটো এয়েই নিন্দাসূচক অর্থত ব্যৱহাৰ কৰে। ইয়াক সাধাৰণতে আত্মসচেতন, স্বাৰ্থপৰ, উচ্চ স্বাভিমানী কৰ্মচাৰীৰ দ্বাৰা ক্ষমতাৰ অপব্যৱহাৰক বুজায়।
“আমোলাতন্ত্ৰ’ শব্দটো ফৰাচী অর্থনীতিবিদ ভিনচেণ্ট দা গুৰনেই (Vincent de Gourney) ১৭৪৫ চনত ব্যৱহাৰ কৰিছিল। আমোলাতন্ত্ৰ সম্পৰ্কে সনাতন চিন্তাধাৰাৰ উৎস হ’ল তিনিজন চিন্তাবিদ-মার্ক্স, মেক্স ওৱেবাৰ আৰু ৰবাৰ্ট মিচেল্ছ।
আমোলাতন্ত্র সম্পর্কে গঠনাত্মক অধ্যয়ন কৰা ব্যক্তিগৰাকী হৈছে মেক্স ওৱেবাৰ। তেওঁ আমেলাতন্ত্ৰক আধিপত্যৰ ৰূপ হিচাপে আলোচনা কৰিছে।
ওৱেবাৰে তিনি ধৰণৰ আধিপত্যৰ উল্লেখ কৰিছে—
(ক) অসাধাৰণ গুণৰ বাবে আধিপত্য : নেতাসকলৰ অসাধাৰণ গুণে অনুগামী সকলক প্রভাৱিত কৰে।
(খ) চিৰাচৰিত আধিপত্য : চিৰাচৰিত আধিপত্য পুৰণি প্ৰথা বা বিশ্বাসৰ পৰা গঢ়ি উঠে। ইয়াত শাসকৰ পৰম্পৰাগত সামাজিক স্থান অনুসৰি আধিপত্য গঢ়ি উঠে।
(গ) আইনগত আধিপত্য : ওৱেবাৰে আইনগত যুক্তিসিদ্ধ কর্তৃত্বৰ কথা কৈছে। এই ব্যৱস্থাত কর্তৃপক্ষ আৰু জনগণৰ মাজত সম্পৰ্ক কিছুমান বিধিসম্মত উপায়ে নিৰ্ধাৰণ কৰা হয়।
ওৱেবাৰে আচৰণ আৰু গাঁথনিৰ ফালৰ পৰা আমোলাতন্ত্ৰৰ বিষয়ে আলোচনা কৰিছে। সেই দুটা হ’ল—
(ক) গাঁথনিৰ দিশ : গাঁথনিৰ ফালৰ পৰা আমোলাতন্ত্র মানৱিক সম্পৰ্কৰ সংগঠিত ৰূপ (Structure of human relationship in any organised way), শ্রমবিভাগ আৰু স্তৰবিন্যাস ইয়াৰ গাঁথনিৰ দিশ।
(খ) আচৰণগত দিশ : উদ্দেশ্যমূলকতা (Objectivity), (Discretionary), যথার্থতা (Precision) আৰু সামঞ্জস্যপূর্ণতা (Consistency) ইত্যাদি।
তদুপৰি ওৱেবাৰে বিধিসম্মত আৰু বৈজ্ঞানিক কর্তৃত্বৰ সম্পৰ্ক গঠনৰ বাবে কিছুমান নীতি উদ্ভাৱন কৰিছে। এই নীতিবিলাকৰ ভিত্তিত আমোলাতান্ত্রিক সংগঠন গাঁথনি প্ৰস্তুত কৰিব লাগে।
এই নীতিসমূহ হ’ল—
(ক) কাৰ্যালয়ৰ কাম নিৰৱচ্ছিন্ন আৰু নিয়ন্ত্ৰিত ভিত্তিত সংগঠিত হয়।
(খ) কামবিলাক কার্যগত ভিত্তিত বিভিন্ন শ্রেণীত বিভক্ত হয় আৰু প্ৰত্যেক ক্ষেত্ৰতে উপযুক্ত কর্তৃত্ব আৰু অনুমোদন প্রদান কৰা হয়।
(গ) অধিক্রম বা স্তরবিন্যাসৰ ভিত্তিত অফিচ বা কাৰ্যালয় গঠিত হয়, অভিযোগ আৰু নিয়ন্ত্ৰণৰ অধিকাৰ বিভিন্ন স্তৰৰ মাজত নিৰ্দিষ্ট কৰা হয়।
(ঘ) অফিচৰ কাৰ্যাৱলী আইনগত নিয়মানুসাৰে পৰিচালিত হয়। ইয়াৰ বাবে প্ৰশিক্ষণপ্রাপ্ত ব্যক্তিৰ প্ৰয়োজন হয়।
(ঙ) সংগঠনৰ সম্পদ কৰ্মচাৰীসকলৰ ব্যক্তিগত সম্পদতকৈ সম্পূৰ্ণ বেলেগ।
(চ) বিষয়াই কার্যালয়ক আত্মসাৎ কৰিব নোৱাৰে।
(ছ) প্রশাসন লিখিত দলিল বা ফাইলৰ ভিত্তিত চলে বুলি কাৰ্যালয় বা দপ্তৰেই হ’ল আধুনিক সংগঠনৰ প্ৰাণকেন্দ্ৰ।
(জ) আইনগত কর্তৃত্বই বিভিন্ন ৰূপ গ্ৰহণ কৰিব পাৰে, কিন্তু আমোলাতান্ত্রিক প্রশাসনেই তাৰ বিশুদ্ধ ৰূপ।
ওৱেবাৰে তেওঁৰ আদৰ্শ বা বিশুদ্ধ আমোলাতন্ত্ৰ গঠনৰ সম্পৰ্কত ১০ টা বৈশিষ্ট্য আগবঢ়াইছে।
ওৱেবাৰে আগবঢ়োৱা বৈশিষ্ট্যসমূহ হ’ল—
(ক) প্রশাসনিক কর্মীবৃন্দই দপ্তৰত নৈব্যত্তিক কর্তব্য সম্পাদন কৰে। ব্যক্তিগতভাৱে বিষয়াসকল মুক্ত।
(খ) দপ্তৰৰ সুস্পষ্ট স্তৰবিন্যাস থাকে।
(গ) দপ্তৰৰ কাম সুস্পষ্টভাৱে নির্দিষ্ট।
(ঘ) বিষয়াসকল চুক্তিৰ ভিত্তিত নিযুক্ত হয়।
(ঙ) বিষয়াসকল পেছাগত যোগ্যতা আৰু প্ৰতিযোগিতামূলক পৰীক্ষাৰ ভিত্তিত নিযুক্ত হয়।
(চ) বিষয়াসকলে আর্থিক দৰমহা পায় আৰু পেন্সন ভোগ কৰে। পদৰ গুৰুত্ব আৰু দায়িত্ব হিচাপে দৰমহা দিয়া হয়। বিষয়াসকলে পদত্যাগ কৰিব পাৰে আৰু বিশেষ ক্ষেত্ৰত তেওঁলোকক পদচ্যুত কৰিব পাৰি।
(ছ) বিষয়াৰ পদেই তেওঁৰ একমাত্ৰ পদ ৷
(জ) বিষয়াসকলৰ জ্যেষ্ঠতা বা দক্ষতাৰ ভিত্তিত পদোন্নতি হয়।
(ঝ) বিষয়া পদ বা ইয়াৰ সম্পদৰ পৰা সম্পূৰ্ণ পৃথক।
(ঞ) বিষয়াসকল একমুখী নিয়ন্ত্ৰণ আৰু নিয়মৰ অধীন।
ওৱেবাৰে আমেলাতন্ত্ৰৰ এক আদর্শ ৰূপ দাঙি ধৰিছে।
৩৮। সংগঠনৰ মানৱিক সম্পর্ক তত্ত্ব সম্পর্কে আলোচনা কৰা।
উত্তৰঃ সংগঠনৰ মানৱিক সম্পর্কক নব্য সনাতন তত্ত্বও ব্যাখ্যা দিয়া হয়। কিয়নো ইয়াৰ বহুতো নীতি আৰু বৈশিষ্ট্যৰ সনাতন তত্ত্বৰ লগত সাদৃশ্য আছে।
প্রশাসনিক তত্বৰ বুৰঞ্জীত মানৱিক সম্পর্ক তত্ত্বই এক বিশেষ স্থান দখল কৰি আছে। এই তত্ত্বই সংগঠনক এটা সামাজিক ব্যৱস্থা (Social System) বুলি বিবেচনা কৰে। তেওঁলোকৰ মতে সংগঠন হ’ল এটা প্রথা বহির্ভূত বা আনুষ্ঠানিক গোট।
মানৱিক সম্পর্ক তত্ত্বই মানুহ আৰু সংগঠনৰ সম্পৰ্কৰ বিষয়ে উল্লেখ কৰিছে। ইয়াত মনস্তাত্বিক আৰু নৈতিক দিশসমূহো সামৰি লোৱা হয়। সংগঠনৰ মানবিক সম্পর্ক তত্ত্বৰ মূল উদ্দেশ্য হৈছে শ্ৰমিকসকলৰ মানসিক আৰু নৈতিক দিশসমূহ বিবেচনা কৰা ।
সংগঠনৰ মানৱিক সম্পর্ক তত্ত্বৰ মূল ধাৰণাটো আগবঢ়াইছিল আমেৰিকাৰ সমাজতত্ত্ববিদ এলটন মেয়ো (Elton Maya) ই ১৯২০ৰ পৰা ১৯৩০ চনৰ ভিতৰত। তেওঁৰ উদ্যোগিক সমাজতত্ত্ব আৰু উদ্যোগিক মনোবিজ্ঞানৰ অধ্যয়ন ইমান গুৰুত্বপূৰ্ণ আছিল যে তেওঁক মানরিক সম্পর্ক তত্ত্বৰ জনক বুলি জনা যায়।
হথৰ্ণ পৰীক্ষা : হথৰ্ণ পৰীক্ষা মানৱিক সম্পর্ক তত্ত্বৰ ভিত্তি। মার্কিন যুক্তৰাষ্ট্ৰত এই শতিকাৰ দ্বিতীয় আৰু তৃতীয় দশকৰ আগৰফালে হথৰ্ণ নামৰ ঠাইত এটা পৰীক্ষা সম্পন্ন হৈছিল। এই পৰীক্ষাই সনাতন তত্ত্বৰ জনপ্ৰিয়তা হ্ৰাস কৰি তুলিছিল। মার্কিন যুক্তৰাষ্ট্ৰৰ চিকাগো চহৰৰ হথৰ্ণ নামৰ ঠাইত Western Election Company-ত এলটন মেৱো আৰু তেওঁৰ সহকাৰীসকলে এই পৰীক্ষা চলায়।
উক্ত পৰীক্ষাটোত টেলিফোন, ‘চুইচ’ প্রস্তুতকাৰী কৰ্মীৰ গোট এটাৰ কাৰ্যাৱলী পৰ্যবেক্ষণ কৰা হয়। এই কর্মীসকলে কার্যভিত্তিক মজুৰি (Price Rate) নীতিত কাম কৰিছিল আৰু পৰিচালকসকলৰ বিশ্বাস আছিল যে এই ব্যৱস্থাই কর্মীসকলক অধিক মজুৰি উপাৰ্জন কৰাত সহায় কৰিব। কিন্তু দেখা গ’ল যে কৰ্মীসকলে ভিন্ন ৰূপেহে আচৰণ কৰিলে। তেওঁলোকে এনেদৰে কাম কৰে যে তেওঁলোকৰ উপযুক্ত মজুৰি লাভ নিশ্চিত হয় আৰু অধিক উৎপাদন কৰাত নিরুৎসাহিত কৰে। তেওঁলোকৰ আশংকা যে যদি তেওঁলোকে বেছি উৎপাদন কৰে তেতিয়া হ’লে তেওঁলোকৰ কিছুমানে কাম হেৰুৱাব বা তেওঁলোকৰ মজুৰিৰ হাৰ কমিব।
আন এটি পৰীক্ষাত কিছুমান মহিলা কর্মীক আন কৰ্মীসকলৰ পৰা পৃথক কৰি এটা পৰীক্ষাগাৰত ৰাখি তেওঁলোকৰ কাৰ্যাৱলী পর্যবেক্ষণ কৰা হ’ল। তেওঁলোকে কাম কৰা পৰিবেশৰ সঘনে পৰিৱৰ্তন সাধন কৰা হয়। ইয়াৰ বাবে ঘৰত পোহৰ কেতিয়াবা কম আৰু কেতিয়াবা বেছি কৰা হয়, কেতিয়াবা কৰ্ম বিৰতিৰ (Rest Pause) ব্যৱস্থা কৰি তাক বাতিল কৰা হয়। কিন্তু এইবিলাক পৰিবৰ্তন সত্ত্বেও মহিলা কৰ্মীসকলৰ উৎপাদন ক্রমাগত বাঢ়িবলৈ ধৰে।
উপৰোক্ত দুয়োটা পৰীক্ষাৰ ফলত গৱেষকসকল আচৰিত হৈ পৰে। প্ৰথম পৰীক্ষাত পৰিচালক পৰিকল্পনাত কৰ্মীৰ প্ৰতিক্ৰিয়া ঋণাত্মক, দ্বিতীয় পৰীক্ষাত ই ধনাত্মক। দ্বিতীয় পৰীক্ষা মহিলাসকলে জানিছিল যে তেওঁলোকক পর্যবেক্ষণ কৰি থকা হৈছে। সেয়ে তেওঁলোকা আত্মসচেতনতা বৃদ্ধি পাইছিল। সেয়েহে তেওঁলোকে পৰিচালকসকলৰ সৈতে সহযোগিত কৰে আৰু উৎপাদন বৃদ্ধি হয়।
হথৰ্ণ পৰীক্ষাই প্ৰমাণ কৰে যে মানুহ অচল বা বিচ্ছিন্ন জীৱ নহয়, তেওঁলোকে নিজস্ব পন্থাৰে প্ৰতিক্ৰিয়া প্ৰকাশ কৰে। সেয়ে সংগঠন এটা সামাজিক ব্যৱস্থা।
মানৱিক সম্পর্ক তত্ত্বৰ বৈশিষ্ট্য :
(ক) কৰ্মীসকলৰ মনোভাৱ, তেওঁলোকৰ আশা-আকাংক্ষা, অভাৱ-অভিযোগ থাকে। গতিকে এইসমূহৰ প্ৰতি লক্ষ্য ৰাখিলেহে সংগঠনৰ পৰিচালনাৰ কাম ফলপ্রসূ হ’ব।
(খ) মানুহ সামাজিক জীৱ। মানুহে একগোট হৈ কাম কৰে আৰু এই গোট একোটা আনুষ্ঠানিক সংগঠনাতকৈ কম শক্তিশালী নহয়।
(গ) যিকোনো কামৰ ক্ষেত্ৰতে কৰ্মীসকলে স্বীকৃতি বিচাৰে। সেয়েহে কৰ্মীসকলৰ সৈতে পৰামৰ্শ কৰি কাম কৰিলে তেওঁলোকৰ কামৰ প্ৰতি আগ্ৰহ বাঢ়ে।
(ঘ) মানৱিক সম্পর্ক তত্ত্বই কামৰ সামাজিক পৰিবেশৰ ওপৰত গুৰুত্ব দিয়ে।
(ঙ) এই তত্ত্বই সংগঠনৰ সামাজিক আৰু মানসিক দিশৰ প্ৰতি গুৰুত্ব আৰোপ কৰে।
(চ) ই সংগঠনক এক আৱেগিক আৰু সামাজিক ব্যৱস্থা বুলি গণ্য কৰে।
মানৱিক সম্পর্ক তত্ত্বৰ তিনিটা দিশ আছে—
(ক) ব্যক্তি : মানৱিক সম্পর্ক তত্ত্বই বিশ্বাস কৰে যে প্ৰত্যেক ব্যক্তি ইজনে আনজনৰ পৰা পৃথক। কামৰ প্ৰতি ব্যক্তিৰ আগ্ৰহ আৰু ব্যক্তিত্বই সকলোকে আনৰ পৰা পৃথক কৰি তোলে। সেয়েহে প্রত্যেক ব্যক্তিয়ে কামৰ ক্ষেত্ৰত নিজস্ব ক্ষমতা, পাৰদৰ্শিতা, বিশ্বাস, পদ্ধতি বহন কৰে। প্ৰত্যেকৰে কামৰ পৰা কিছু আশা-আকাংক্ষা থাকে। প্ৰত্যেকেই সংগঠনৰ অংশগ্ৰহণকাৰী একোটা অংশ আৰু সেয়ে প্রত্যেককে মানুহ হিচাপে গণ্য কৰি সন্মান দিব লাগে। তদুপৰি সদস্যসকলৰ গোটবোৰৰ মাজৰ সম্পৰ্কও সংগঠনৰ বাবে অপৰিহাৰ্য ।
(খ) গোটসমূহৰ সামাজিক দিশ অনানুষ্ঠানিক সংগঠন : মানৱিক সম্পর্ক তত্ত্বই কৰ্মীৰ গাটসমূহৰ ওপৰত গুৰুত্ব দিছে। মানুহ সামাজিক প্রাণী। মানুহে একগোট হৈ কাম কৰে যিটোৱে এটা ঘৰুৱা গোষ্ঠী [Informal Group]ৰ সৃষ্টি কৰে। এই গোটে কামৰ সফলতা, উৎসাহ, উৎপাদন, সন্তুষ্টি আদিত বহুল প্রভাৱ পেলায়।
(গ) অংশগ্ৰহণকাৰী ব্যৱস্থাপনা : মানৱিক সম্পৰ্ক তত্ত্বই অংশগ্ৰহণৰ পৰা ব্যৱস্থাপনাৰ ওপৰত গুৰুত্ব আৰোপ কৰিছে। এই ব্যৱস্থাত কৰ্মীসকলক সিদ্ধান্ত লোৱাৰ ক্ষেত্ৰত অংশগ্ৰহণৰ সুবিধা প্ৰদান কৰা হয়। মালিকে কোনো পৰিৱৰ্তন অনাৰ আগতে তলতীয়া কৰ্মীৰ লগত আলোচনা কৰিলে ইয়াৰ সদস্য কৰ্মীসকলৰ কামৰ প্ৰতি আগ্ৰহ বাঢ়ে আৰু ই সংগঠনৰ উন্নতিৰ কাৰণেও ফলপ্রসু।
৩৯। হার্বাট চাইমনৰ যুক্তিযুক্ত সিদ্ধান্ত গ্রহণ তত্ত্বৰ ব্যাখ্যা কৰা।
উত্তৰঃ সিদ্ধান্ত গ্রহণ মানে হৈছে কোনো এটা কাৰ্য বা কাম কৰাৰ বাবে মন স্থিৰ কৰা। সিদ্ধান্ত গ্রহণ মানে হৈছে বহু বিকল্পৰ মাজৰ পৰা এটা বিকল্প বাচনি কৰা কাৰ্য। এইটো সমস্যা সমাধান প্রক্রিয়া। সিদ্ধান্ত গ্রহণ আঁচনি নিৰ্মাণৰ লগত সম্পর্কিত, যদিও দুয়োটা পৃথক।
পৰম্পৰাগত চিন্তাবিদসকলে সিদ্ধান্ত গ্ৰহণৰ ক্ষেত্ৰত বেছি গুৰুত্ব প্ৰদান কৰা নাছিল। কিন্তু পোন প্ৰথমবাৰৰ বাবে চেষ্টাৰ বাৰ্ণাৰ্ডে সিদ্ধান্ত গ্ৰহণৰ প্ৰণালী সম্পৰ্কে গঠনাত্মক ব্যাখ্যা আগবঢ়াই গৈছে।
সিদ্ধান্তৰ প্রথম চিন্তাবিদ আছিল হার্বাট চাইমন। তেওঁ সিন্ধান্ত গ্রহণক বহু বিকল্পৰ মাজত এটা বিকল্প বাচনি কৰা যুক্তিসংগত কাৰ্য বুলি বিবেচনা কৰিছে।
চাইমনৰ মতে গোটেই সংগঠনটোৰ প্ৰত্যেকটো স্তৰতে সিদ্ধান্ত গ্ৰহণ কৰা হয়। সেয়ে তেওঁ সংগঠন এটাক সিদ্ধান্ত গ্রহণকর্তাৰ গাঁথনি বুলি গণ্য কৰে। তেওঁ সিদ্ধান্ত গ্রহণক প্ৰশাসনৰ সৈতে ৰিজাব খোজে। কিয়নো প্ৰশাসনৰ প্ৰতিটো দিশ সিদ্ধান্তৰ দ্বাৰাই পৰিচালিত হয়।
চাইমনে তেওঁৰ বিখ্যাত গ্রন্থ “Administrative Behaviour” ত লোক প্ৰশাসনক সিদ্ধান্ত গ্ৰহণৰ বিজ্ঞান বুলি প্ৰতিষ্ঠা কৰে। তেওঁ লক্ষ্য কৰিছিল যে সিদ্ধান্ত গ্রহণ প্ৰশাসনৰ সকলো ক্ষেত্রতে উপস্থিত থাকে।
চাইমনে সনাতন তত্ত্বৰ তীব্ৰ বিৰোধিতা কৰিছিল। তেওঁৰ মতে প্ৰশাসনীয় নীতিবিলাক প্রবাদবাক্য (Proverb)ৰ বাহিৰে একো নহয়। সেয়েহে তেওঁ সনাতন তত্ত্বৰ বিকল্প হিচাপে সিদ্ধান্ত গ্রহণ (Decision Making) তত্ত্ব আগবঢ়াইছিল।
সিদ্ধান্ত গ্ৰহণৰ স্তৰ :
Tery ৰ মতে সিদ্ধান্ত গ্ৰহণৰ ভৰসমূহ ক্রম অনুসৰি তলত দিয়া ধৰণৰ—
(ক) সমস্যাটো চিনাক্তকৰণ।
(খ) সমস্যাটোৰ বিষয়ে মূল সংবাদ বা খবৰ আৰু বিভিন্ন মতামত গ্রহণ।
(গ) কামৰ অতি উপযুক্ত পদ্ধতিটো বাচনি।
(ঘ) সম্ভাব্য সিদ্ধান্তৰ অনুসন্ধান।
(ঙ) সম্ভাব্য সিদ্ধান্তটোৰ মূল্যায়ণ।
(চ) সিদ্ধান্ত গ্ৰহণ আৰু কাৰ্যত ৰূপায়ণ।
(ছ) সংগঠনে তাক মানি চলা আৰু প্ৰয়োজন হ’লে প্ৰাপ্ত ফলৰ ওপৰত নিৰ্ভৰ কৰি সালসলনি কৰা।
চাইমনৰ সিদ্ধান্ত গ্ৰহণৰ ভেটি :
চাইমনৰ মতে প্ৰত্যেক সিদ্ধান্তই দুটা প্ৰস্তাৱনাৰ ওপৰত নিৰ্ভৰ কৰে—
(ক) প্রকৃত প্রস্তাবনা : প্রকৃত প্রস্তাৱনা নিৰীক্ষণ আৰু গণনাৰ দ্বাৰা প্ৰমাণ কৰিব পাৰি। যিটো দেখি-শুনি পৰীক্ষা কৰিব পাৰি।
(খ) প্ৰমূল্য প্ৰস্তাৱনা : আনহাতে প্ৰমূল্য প্রস্তাৱনাক গণনা বা প্ৰমাণ কৰিব নোৱাৰি। ই প্ৰাধান্যৰ এটা বহিপ্ৰকাশহে।
৪০। ওৱেবাৰৰ আদৰ্শ আমোলাতন্ত্ৰৰ বৈশিষ্ট্যসমূহ লিখা।
উত্তৰঃ ওৱেবাৰৰ মতে আদর্শ আমোলাতন্ত্ৰৰ বৈশিষ্ট্য তলত দিয়া ধৰণৰ—
(ক) সংগঠনৰ প্ৰত্যেকজন কৰ্মচাৰী তথা বিষয়াৰ বেলেগ বেলেগ দায়িত্ব থাকে।
(খ) অধিক্রম পদ্ধতিত সংগঠনৰ সৃষ্টি কৰা হয়, তলৰ প্ৰত্যেকজন বিষয়াৰ কাম ওপৰজনৰ নিয়ন্ত্রণত থাকে, সেয়েহে ওপৰৰ জনে তলৰ জনৰ কামৰ পৰ্যবেক্ষণ কৰিব পাৰে।
(গ) সংগঠনৰ বিষয়তহে কৰ্তব্য সীমাবদ্ধ থাকে। সংগঠনৰ কামৰ বাহিৰে আন কাম তথা ব্যক্তিগত কামত ওপৰৰজনে তলৰজনৰ ওপৰত কৰ্তৃত্ব চলাব নোৱাৰে।
(ঘ) সংগঠনৰ কৰ্মচাৰীসকলক নিয়োগ কৰা হয়, অর্থাৎ সংগঠন আৰু কৰ্মচাৰীৰ মাজত এক প্ৰকাৰৰ চুক্তি থাকে।
(ঙ) অৰ্হতাৰ ভিত্তিত কৰ্মচাৰীসকলক বাছনি কৰা হয়। পৰীক্ষা, প্রশিক্ষণ আদিৰ জৰিয়তে অৰ্হতা নিৰ্ণয় কৰা হয়।
(চ) কৰ্মচাৰীসকলক কৰ্তৃপক্ষই স্বোচ্চাকৃতভাৱে আঁতৰ কৰিব নোৱাৰে, জ্যেষ্ঠতা আৰু মেধাৰ ভিত্তিত প্ৰমোচন দিয়াৰ ব্যৱস্থা থাকে।
(ছ) কৰ্মচাৰীসকলে তেওঁলোকৰ কাৰ্যালয়ৰ মৰ্যাদাৰ অপব্যৱহাৰ কৰিব নোৱাৰে।
(জ) নীতি-নিয়মৰ জৰিয়তে কৰ্মচাৰীসকলৰ আচৰণ নিয়ন্ত্ৰণ কৰাৰ ব্যৱস্থা থাকে।
(ঝ) নিৰপেক্ষভাৱে আৰু কোনো লোকৰ প্ৰতি আক্ষেপ নথকাকৈ সংগঠনৰ দায়িত্ব পালন কৰা হয়।
(ঞ) কৰ্মচাৰীসকলক টকাৰে দৰমহা দিয়া হয়। তেওঁলোকৰ নিৰ্দিষ্ট শ্ৰেণী আৰু দৰমহা আৰু পেঞ্চনৰ ব্যৱস্থা থাকে।
(ট) আমোলাসকলৰ ওপৰত এজন ৰাজনৈতিক পদবীধাৰী ব্যক্তি থাকে। নীতি সম্পর্কে তেওঁ সিদ্ধান্ত গ্ৰহণ কৰে আৰু আমোলাসকলে সেই নীতি কার্যকৰী কৰে। আমোলাসকলক নিয়োগ কৰা হয়, কিন্তু তেওঁলোকৰ ওপৰত কৰ্তৃত্ব চলোৱা ব্যক্তিজনক নিৰ্বাচিত কৰা হয়।
৪১। মেক্স ওৱেবাৰে আগবঢ়োৱা আমোলাতন্ত্ৰৰ উপাদানকেইটা কি কি?
উত্তৰঃ মেক্স ওৱেবাৰে আমোলাতন্ত্ৰৰ কেইটামান প্ৰধান উপাদানৰ বিষয়ে উল্লেখ কৰিছে। সেই উপাদানকেইটা হ’ল–
(ক) অব্যক্তিক নিৰ্দেশ : এই উপাদানৰ ভিত্তিতেই উচ্চ পৰ্যায়ৰ বিষয়াসকলে নিম্ন পৰ্যায়ৰ বিষয়াসকললৈ আদেশ জাৰি কৰে আৰু নিম্ন পৰ্যায়ৰ বিষয়াসকলেও সেই আদেশ মানি চলে।
(খ) নিয়মাৱলী : ওৱেবাৰৰ আমোলাতন্ত্ৰৰ আন এটা মৌলিক উপাদান হ’ল নিয়মাৱলী। প্ৰতিটো কাৰ্য সম্পাদনৰ উদ্দেশ্যেই লিখিত নিয়মাৱলী থাকে আৰু সেই লিখিত নিয়মাৱলী সংৰক্ষিত কৰি ৰখা হয়।
(গ) দক্ষতা : ওৱেবাৰৰ আমোলাতন্ত্ৰত কৰ্মবিভাজন নীতি মানি চলা হয়। অর্থাৎ কৰ্মৰ প্রকৃতি, প্রয়োজনীয় দক্ষতা, চৰ্ত আদিৰ ভিত্তিত কৰ্মৰ বিভাজন কৰা হয়। বিভিন্ন পদত অধিষ্ঠিত ব্যক্তিক কাৰ্য সম্পাদনৰ বাবে আৱশ্যকীয় কৰ্তৃত্ব প্ৰদান কৰা হয়। বিভিন্ন কৰ্মৰ বাবে ভিন ভিন ধৰণৰ কৰ্মদক্ষতা নিৰ্ধাৰণ কৰি আমোলাতন্ত্ৰৰ উদ্দেশ্য সাধনৰ বাবে ব্যৱস্থা লোৱা হয়।
(ঘ) ক্রমোচ্চ শ্রেণীবিভাগ : ক্রমোচ্চ শ্রেণীবিভাজন ওৱেবাৰৰ আমোলাতন্ত্ৰৰ আন এটা মৌলিক উপাদান। বিভিন্ন স্তৰত যাতে সঠিকভাৱে কাৰ্য পৰিচালনা হয় তাৰ বাবে পৰ্যায়ক্রমে তদাৰক কৰা ব্যৱস্থা ক্রমোচ্চ শ্রেণীবিভাগত আছে। উচ্চ পৰ্যায়ৰ স্তৰৰ সৈতে নিম্নতম স্তৰসমূহৰ প্রশাসনিক যোগাযোগ প্রতিষ্ঠা কৰাই হৈছে এই ব্যৱস্থাৱলীৰ প্ৰধান লক্ষ্য।
(ঙ) ব্যক্তিগত আৰু সামাজিক লক্ষ্য : মেক্স ওৱেবাৰে তেওঁৰ আমোলাতন্ত্ৰত সম্পত্তিৰ ব্যক্তিগত মালিকীস্বত্ব আৰু প্ৰশাসনিক পদ খাতে ব্যক্তিগত উদ্দেশ্য সাধনৰ বাবে ব্যৱহৃত নহয় তাৰ বাবে আমোলাতন্ত্ৰত লিখিত তথ্য আৰু নিয়মাৱলীৰ ওপৰত গুৰুত্ব আৰোপ কৰা হৈছে।
(চ) লিখিত নিয়মাৱলী : আমোলাতন্ত্ৰত প্ৰশাসনীয় কার্যসমূহ লিখিত আইনৰ দ্বাৰাহে পৰিচালনা কৰা হয়। মুঠতে সমস্ত প্রশাসনিক ব্যৱস্থাৱলী লিখিত আইনৰ দ্বাৰা নিয়ন্ত্রিত হয়।
৪২। সনাতন তত্ত্বৰ গুৰুত্বসমূহ আলোচনা কৰা।
উত্তৰঃ সনাতন তত্ত্বই সংগঠনৰ ধাৰণা আৰু প্ৰশাসনিক চিন্তাধাৰাত গুৰুত্বপূর্ণ ভূমিকা পালন কৰিছে।
(ক) সনাতন তত্ত্বই বিজ্ঞান হিচাপে প্ৰশাসনৰ বিকাশত অৰিহণা যোগাইছে।
(খ) সনাতন তত্ত্বই প্রশাসনৰ বিভিন্ন পৃথক কাৰ্যবোৰৰ ধাৰণাৰ বিকাশ ঘটাইছে।
(গ) পৰম্পৰাগত চিন্তাবিদ সকলেই ব্যৱস্থাপনাৰ কিছুমান পদ্ধতিৰ বিকাশ কৰিছে যাৰ অবিহনে লোক প্রশাসন আধৰুৱা।
(ঘ) সনাতন তত্ত্বই কর্তৃত্ব, দায়বদ্ধতা আদি সম্পৰ্কত ধাৰণা স্পষ্ট কৰিছে। ই প্ৰশাসনৰ ধাৰণা গঢ়ি তুলি গৱেষণা কার্যত সহায় কৰিছে।
(ঙ) বাস্তৱিক, যুক্তিযুক্ত আৰু সুদক্ষ সংগঠনিক আৰ্হি গঠন কৰাৰ বাবে সনাতন তত্ত্বই এক ভেটি প্ৰদান কৰে।
সেয়েহে বিংশ শতিকাৰ প্ৰশাসনিক চিন্তাধাৰাৰ বাবে সনাতন তত্ত্বক ভেটি বুলি ক’ব পাৰি। ১৯৩০-১৯৫০ চনলৈ ই আমেৰিকাত বৃহৎ প্রভাৱ পেলাইছিল। সনাতন তত্ত্বই বহুতো প্রশাসনিক সংশোধন কমিটিতো প্রভাৱ পেলাইছে। যেনে—
(i) The Brownlow Committee (1937)
(ii) First Hoover Commission (1949)
(iii) The Second Hoover Commission (1955)
৪৩। হাজবাৰ্গৰ ‘Two Factor’ তত্ত্বৰ ত্রুটিসমূহ আলোচনা কৰা।
উত্তৰঃ হাজবাৰ্গৰ ‘Two Factor’ তত্ত্বজনপ্রিয় যদিও বহুতো চিন্তাবিদে ইয়াক সমালোচনা কৰিছে—
House আৰু Wingdorয়ে তলত দিয়া পাঁচটা ক্ষেত্ৰত ইয়াৰ সমালোচনা কৰিছে—
(ক) ই গৱেষণাৰ পদ্ধতি আৰু তথ্য সংগ্ৰহৰ পদ্ধতিৰ দ্বাৰা সীমাবদ্ধ। এই পদ্ধতি অনুসৰি উত্তৰ দিওতাজনক কেৱল একেবাৰে সন্তুষ্টিজনক আৰু অসন্তুষ্টিপূৰ্ণ কামৰ ঘটনাৰ বিষয়েহে প্রশ্ন কৰা হয়।
(খ) নিৰীক্ষকৰ পক্ষপাতিত্ব ইয়াত দেখা যায়, বিচানো নিৰীক্ষণকে মূল্যায়নৰ সংগতি অব্যাহত ৰখাত নিয়ন্ত্রণ নাই।
(গ) যিহেতু ইয়াত কেবল মাত্রাধিক সন্তুষ্টি আৰু অসন্তুষ্টিহে নিৰীক্ষণ কৰা হয়, সেয়েহেই চাকৰিৰ সামগ্রিক সত্ত্বষ্টি মূল্যায়নত ব্যৰ্থ হৈছে।
(ঘ) পূৰ্বৰ গৱেষণাৰ লগত ই সংগতিহীন; কিয়নো ই পৰিস্থিতিৰ চলক বিলাকক উপেক্ষা কৰে।
(ঙ) ইয়াৰ গৱেষণা পদ্ধতিয়ে কেবল সন্তুষ্টিতহে গুৰুত্ব দিছে, উৎপাদনত নহয়।
Michael Nash এ Maslow আৰু Herzberg ৰ এই তত্ত্বক ‘প্রধান মূল তত্ত্ব (Major Wrong Theories) বুলি আখ্যা দিছে।
Hinton য়েও Herzberg ৰ গৱেষণা পদ্ধতিৰ বিষয়ে প্রশ্ন কৰিছে। তদুপৰি যেতিয়া Donald Schewab Herzberg এই পদ্ধতিৰ ব্যৱহাৰ কৰিছিল, তেওঁ পৃথক ফলাফল লাভ কৰিছিল।
৪৪। Agraria-Industria আৰ্হিৰ সমালোচনা আগবঢ়োৱা।
উত্তৰঃ Agraria Industria আৰ্হিৰ সমালোচনাসমূহ তলত উল্লেখ কৰা হ’ল—
(ক) এই আৰ্হিয়ে পৰিৱৰ্তিত সমাজৰ বিষয়ে অধ্যয়ন কৰাত সহায় নকৰে। ইয়াৰ মধ্যবর্তী আৰ্হিটো দুই মেৰু প্ৰকাৰতকৈ অনুন্নত।
(খ) মিশ্র সমাজ ব্যৱস্থা অধ্যয়ন কৰিবলৈ ই কোনো বৈজ্ঞানিক পদ্ধতিৰ কথা উল্লেখ কৰা নাই।
(গ) ই Agraria ৰ পৰা Industria লৈকে কোনো সঠিক দিশৰ কথা কোৱা নাই।
(ঘ) প্রশাসনিক ব্যবস্থাতকৈ ই মূলতঃ প্ৰশাসনৰ পৰিৱেশৰ ওপৰতহে গুৰুত্ব দিয়ে।
(ঙ) ই বেছি সাধাৰণ আৰু বিমূৰ্ত্ত যাৰ বাস্তৱৰ লগত সাদৃশ্য নাই।
৪৫। Riggs Agraria আৰু Industria আৰ্হিৰ পাৰ্থক্যসমূহ দাঙি ধৰা।
উত্তৰঃ Riggs এ Agraria-Industria শব্দ দুটাৰ পোন প্ৰথমে ১৯৫৬ চনত প্ৰয়োগ কৰিছিল। এই আৰ্হি দুটাক তেওঁ দুই প্ৰকাৰৰ সমাজৰ দ্বাৰা প্ৰকাশ কৰিছে। যিখন সমাজ কৃষিভিত্তিক অনুষ্ঠানৰ দ্বাৰা প্ৰভাৱিত সেইখন Agraria আৰু উদ্যোগ প্ৰতিষ্ঠানৰ দ্বাৰা প্ৰভাৱিত সমাজখনক Industria বুলি অভিহিত কৰা হৈছে। এই দুই আৰ্হিয়ে চীনা সাম্রাজ্য আৰু আমেৰিকাক একাদিক্রমে প্রতিনিধিত্ব কৰে। তেওঁ এই দুই আৰ্হিৰ মাজত গাঁথনিক দিশৰ ফালৰ পৰা পাৰ্থক্য উল্লেখ কৰিছে।
তলত উভয়ৰে মাজৰ পাৰ্থক্য উল্লেখ কৰা হ’ল—
৪৬। উন্নয়ন প্রশাসন আৰু পৰম্পৰাগত প্ৰশাসনৰ মাজৰ পাৰ্থক্য দাঙি ধৰা।
উত্তৰঃ উন্নয়ন প্ৰশাসন আৰু পৰম্পৰাগত প্ৰশাসনৰ মাজৰ পাৰ্থক্যসমূহ হ’ল–
(ক) উন্নয়ন প্রশাসন পৰিৱৰ্তনশীল, আনহাতে পৰম্পৰাগত প্ৰশাসনে স্থিতাবস্থা অব্যাহত ৰাখে।
(খ) উন্নয়ন প্রশাসন গতিশীল আৰু নমনীয়; কিন্তু পৰম্পৰাগত প্ৰশাসন অধিক্ৰমিক আৰু দৃঢ়।
(গ) উন্নয়ন প্ৰশাসনত লক্ষ্য প্ৰাপ্তিৰ ফলপ্ৰসূতাত গুৰুত্ব দিয়া হয়; আনহাতে পৰম্পৰাগত প্রশাসনত মিতব্যয়িতা আৰু দক্ষতাত গুৰুত্ব দিয়া হয়।
(ঘ) উন্নয়ন প্রশাসনৰ উদ্দেশসমূহ জটিল আৰু বহুসংখ্যক, আনহাতে পৰম্পৰাগত প্ৰশাসনৰ উদ্দেশ্যবোৰ সৰল।
(ঙ) উন্নয়ন প্রশাসন সদায় নতুন কাৰ্যৰ লগত জড়িত, আনহাতে পৰম্পৰাগত প্ৰশাসন দৈনন্দিন কার্যপ্ৰণালীৰ লগত জড়িত।
(চ) উন্নয়ন প্রশাসনে বিকেন্দ্ৰীকৰণত বিশ্বাস কৰে; আনহাতে পৰম্পৰাগত প্ৰশাসন কেন্দ্ৰীকৰণৰ ওপৰত বিশ্বাসী।
উন্নয়ন প্রশাসনে পৰিকল্পনাত অত্যাধিক নিৰ্ভৰ কৰে, আনহাতে পৰম্পৰাগত প্ৰশাসনে পৰিকল্পনাৰ ওপৰত বেছি নিৰ্ভৰ নকৰে।
(জ) উন্নয়ন প্রশাসন সৃজনাত্মক আৰু উদ্ভাবনীমূলক আনহাতে পৰম্পৰাগত প্ৰশাসনে পৰিৱৰ্তনৰ বিৰোধিতা কৰে।
(ঝ) উন্নয়ন প্রশাসনে গণতান্ত্রিক আৰু অংশগ্ৰহণকাৰী পদ্ধতিৰ ব্যৱহাৰ কৰে। আনহাতে পৰম্পৰাগত প্ৰশাসনে কৰ্তৃত্বশীল আৰু নিৰ্দেশমূলক পদ্ধতিত বিশ্বাস কৰে।
(ঞ) উন্নয়ন প্ৰশাসনৰ পৰিসৰ অতি বহল; আনহাতে পৰম্পৰাগত প্ৰশাসনৰ পৰিসৰ সীমিত।
উন্নয়ন প্ৰশাসনৰ মাত্ৰা ক্ষন্তেকীয়া; আনহাতে পৰম্পৰাগত প্ৰশাসনৰ কোনো সময়ৰ দিশ নাই।
(ঠ) উন্নয়ন প্ৰশাসনৰ বাহ্যিক দৃষ্টি আছে, আনহাতে পৰম্পৰাগত প্ৰশাসনৰ দৃষ্টি আভ্যন্তৰীণ দিশে।
৪৭। উন্নয়ন প্রশাসন (Development Administration)ৰ বৈশিষ্ট্যসমূহ লিখা।
উত্তৰঃ উন্নয়ন প্ৰশাসনৰ বৈশিষ্ট্যসমূহ তলত উল্লেখ কৰা হ’ল—
(ক) ই পৰিৱৰ্তনত বিশ্বাসী: উন্নত প্ৰশাসনত স্থিতাৱস্থা বাহাল ৰখাতকৈ সামাজিক-অর্থনৈতিক পৰিৱৰ্তন অনাৰ চেষ্টা কৰা হয় ৷
(খ) লক্ষ্য প্রণোদিত: উন্নয়ন প্রশাসনে নির্দিষ্ট লক্ষ্যত বা ফলাফল লাভত গুৰুত্ব দিয়ে। ইয়াত সামাজিক, অর্থনৈতিক আৰু সাংস্কৃতিক লক্ষ্যত উপনীত হোৱাৰ চেষ্টা কৰা হয়।
(গ) প্ৰতিশ্ৰুতি: উন্নয়নৰ লক্ষ্যত উপনীত হ’বলৈ কাৰ্যক্ষেত্ৰত উচ্চ নৈতিকতা আৰু উৎসাহৰ ওপৰত গুৰুত্ব দিয়া হয়।
(ঘ) গ্ৰাহকৰ প্ৰতি দায়বদ্ধ: উন্নয়ন প্রশাসনে সকলো শ্ৰেণীৰ যেনে ক্ষুদ্র কৃষক, শিশু আদিৰ প্ৰত্যেকৰে প্রয়োজন পূৰণৰ প্ৰতি চেষ্টা অব্যাহত ৰাখে।
(ঙ) নাগৰিকৰ অংশগ্রহণ: ইনাগৰিকৰ সমৰ্থন আৰু অংশগ্ৰহণৰ প্ৰতি সচেতন। উন্নয়নৰ আঁচনি প্ৰস্তুতকৰণ আৰু কাৰ্যকৰীকৰণত উন্নত প্ৰশাসনে জনসাধাৰণক অংশগ্ৰহণৰ সুবিধা প্ৰদান কৰে।
(চ) উদ্ভাৱনীমূলক: উন্নয়নৰ লক্ষ্যসমূহ পূৰণৰ বাবে ই প্ৰশাসনিক গাঁথনি; পদ্ধতি আদিত
নতুন উদ্ভাৱনৰ ধাৰণা প্ৰয়োগৰ পোষকতা কৰে।
(ছ) সময়ৰ প্ৰতি সচেতন: উন্নত প্রশাসনে বিকাশৰ কাম-কাজবোৰ সীমিত সময়ৰ ভিতৰতে সম্পূৰ্ণ কৰাৰ পোষকতা কৰে।
(জ) ফলপ্রসু সমন্বয়: উন্নয়নৰ কার্যত জড়িত সকলো গোটৰ মাজত সমন্বয় সাধন কৰা ই গুৰুত্ব দিয়ে।
(ঝ) দায়বদ্ধতা: ই জনসাধাৰণৰ প্ৰয়োজন আৰু প্ৰয়োজনৰ প্ৰতি সহাৰি জনায়।
(ঞ) পৰিস্থিতিক সমন্বয়: ইয়াত উন্নয়নশীল আমোলাতন্ত্ৰ আৰু ইয়াৰ সামাজিক অৰ্থনৈতিক আৰু ৰাজনীতি পৰিৱেশৰ মাজৰ ভাব-বিনিময় বা সম্পৰ্কৰ বিষয়ে গুৰুত্ব দিয়া হয়।
৪৮। আমোলাতন্ত্র আৰু উন্নয়নশীল দেশৰ মাজৰ সম্পৰ্ক ব্যাখ্যা কৰা।
উত্তৰঃ উন্নয়নশীল দেশসমূহৰ ক্ষেত্ৰত আমোলাতন্ত্ৰৰ অধ্যয়ন এক নতুন প্রচেষ্টা বুলি ক’লেও ভুল নহয়। উদাহৰণস্বৰূপে আমি ভাৰতবৰ্ষৰ কথাকে ক’ব পাৰো। ভাৰতবৰ্ষই স্বাধীনতা লাভ কৰাৰ পিছত আন আন বৃটিছ প্ৰশাসকৰ সৈতে উচ্চপদস্থ বিষয়াসকলো নিজ দেশলৈ উভতি যোৱাত সেইসমূহে প্রশাসনিক পদ ভাৰতবাসীৰ দ্বাৰা পূৰ্ণ কৰিবলগীয়া হৈছিল। যিহেতু স্বাধীন ভাৰতবৰ্ষক জনকল্যাণমূলক দেশ ৰূপে গণ্য কৰা হয়, সেয়ে দেশবাসীসকলক সকলো দিশতে উন্নতিৰ পথত আগুৱাই নিয়াৰ দায়িত্ব ভাৰতৰ প্ৰশাসনৰ ওপৰতে পৰিল।
স্বাধীন ভাৰতৰ জনকল্যাণমূলক কামসমূহৰ নিয়ন্ত্ৰণ আৰু পৰিচালনাৰ দায়িত্ব আমোলাতন্ত্রৰ ওপৰত পৰে। সাধাৰণতে জনকল্যাণকামী ৰাষ্ট্ৰ এখনত নাগৰিকৰ গোটেই জীৱন ৰাষ্ট্ৰীয় প্ৰশাসনৰ সৈতে ওতপ্রোতভাৱে জড়িত হৈ থাকে বা ৰাষ্ট্ৰীয় প্ৰশাসনৰ নিয়ন্ত্রণাধীন হয়। ঊনবিংশ শতিকাৰ পুলিচ ৰাষ্ট্ৰ (Police State)-ৰ কাৰ্যসমূহ, যেনে- প্ৰতিৰক্ষা, আৰক্ষী, কৰ-সংগ্ৰহ আদিৰ উপৰিও আমোলাতন্ত্রই এক গুরুত্বপূর্ণ ভূমিকা গ্ৰহণ কৰিবলগীয়া হয়। আধুনিক ভাৰতবৰ্ষতো চৰকাৰে জনকল্যাণৰ বাবে বিভিন্ন ধৰণৰ সেৱা কাৰ্য সম্পাদনৰ ক্ষেত্ৰত আমোলাতন্ত্রই এক গুৰুত্বপূৰ্ণ ভূমিকা পালন কৰে কিয়নো চৰকাৰে কেৱল আমোলাতত্ত্ব যোগেদিহে ৰাষ্ট্ৰৰ উদ্দেশ্য সাধন কৰিবলৈ সক্ষম হয়।
ভাৰতবৰ্ষত চৰকাৰৰ সাল-সলনি অর্থাৎ চৰকাৰ গঠন কৰা ৰাজনৈতিক দলৰ সপৰিবৰ্তনে প্ৰশাসনৰ তেনে কোনো পৰিৱৰ্তন সাধন নকৰে। কিন্তু স্বাধীন ভাৰতত ৰাষ্ট্ৰীয় উদ্দেশ্য বা লক্ষ্যৰ পৰিৱৰ্তনে প্ৰশাসকৰ ওপৰত যথেষ্ট পৰিমাণে প্ৰভাৱ পেলায়।
গণতন্ত্র, সমাজবাদ, উন্নয়নমূলক আঁচনি আদিব ৰূপায়ণৰ ক্ষেত্ৰত লোক প্রশাসনে এক অভি গুৰুত্বপূৰ্ণ ভূমিকা গ্ৰহণ কৰিবলগীয়া হৈছে। এনে পৰিস্থিতিত মেক্স ওৱেবাৰৰ আমোলাতন্ত্ৰ কিমানদূৰ প্ৰযোজ্য হয় সেই বিষয়ে পণ্ডিতসকলে অধ্যয়ন কৰা দেখা গৈছে। এম বার্গান (M. Berger)-ৰ মতে উন্নয়নশীল প্রশাসনত ওৱেবাৰৰ তত্ত্বত যথেষ্ট নহয়। গতিকে আমোলাতন্ত্রৰ দুৰ্বলতাসমূহ আতৰাই আৰু মানৱ সম্পদৰ ওপৰত গুৰুত্ব আৰোপ কৰিলেহে উন্নয়নশীল দেশসমূহত আমোলাতান্ত্রিক তত্ত্বৰ প্ৰাসংগিকতা বৃদ্ধি পাব।
৪৯। F. W. Rigg ৰ “পাৰিবেশিক দৃষ্টিভংগী”টো আলোচনা কৰা।
উত্তৰঃ সাম্প্ৰতিক সময়ত চৰকাৰে ইয়াৰ কাম-কাজ আৰু দায়িত্ব সম্পৰ্কত বিভিন্ন পৰিৱৰ্তনৰ মুখামুখি হৈছে। এনে পৰিৱৰ্তনৰ পৰিপ্ৰেক্ষিতত, লোক প্ৰশাসনৰ গুৰুত্ব আৰু অধিক বৃদ্ধি পাইছে। তদুপৰি প্ৰশাসনিক ব্যৱস্থাসমূহক বুজি পাবলৈ প্ৰশাসনিক তত্ত্বৰ অধ্যয়নৰো গুৰুত্ব বৃদ্ধি পাইছে। তৃতীয় বিশ্বৰ প্ৰশাসনিক কার্যত সমস্যাসমূহ বিতংভাৱে জানিবলৈ সেয়েহে কিছুমান নতুন তত্ত্বৰ প্ৰয়োজন হৈছে। তাৰ ভিতৰত ‘Ecological Approach’ অন্যতম।
দ্বিতীয় বিশ্বযুদ্ধৰ পিছত বিভিন্ন মহাদেশ যেনে– এছিয়া, আফ্ৰিকা আৰু লেটিন আমেৰিকা আদি দেশসমূহ উপনিবেশিক শাসনৰ পৰা মুক্তি লাভ কৰিছিল। সেয়ে এই নতুনকৈ স্বাধীন দেশসমূহে জনসাধাৰণৰ আকাংক্ষা পূৰ কৰাৰ কাৰণে পশ্চিমীয়া সংগঠনৰ নীতি মানি চলিবলৈ বাধ্য হৈছিল। কিন্তু পশ্চিমীয়া সংগঠন তত্ত্বই তৃতীয় বিশ্বৰ সমস্যাৰ সমাধান সূত্ৰ আগবঢ়োৱাত ব্যর্থ হৈছিল। সেয়েহে এই ব্যর্থতাই কিছুমান নতুন তত্ত্বৰ উদ্ভাৱনৰ সূত্ৰপাত ঘটায়।
পাৰিবেশিক দৃষ্টিভংগী (Ecological Approach) ৰ অৰ্থ : কোনো প্ৰশাসনে ইয়াৰ চাৰিওকাষৰ পৰিৱেশক বাদ দি কাৰ্য সম্পাদন কৰিব নোৱাৰে। দুয়োটা এটা আনটোৰ পৰিপূৰক । এটাক বাদ দি আনটো বর্তি থকা সম্ভৱ নহয়। সেয়েহে এই দুয়োটাৰে মাজৰ সম্পৰ্কটো ভালদৰে জনা উচিত। ‘Ecology” (পৰিস্থিতি তন্ত্ৰ) শব্দটো বায়’লোজি (Biology) অর্থাৎ জীৱবিজ্ঞানৰ পৰা অনা হৈছে। ই জীৱ আৰু তাৰ পৰিৱেশৰ মাজৰ আত্মসম্পৰ্কৰ অধ্যয়ন কৰা বিজ্ঞান। জীৱ আৰু তেওঁলোকৰ পাৰিবেশিক আৰু সামাজিক পৰিৱেশৰ সম্পৰ্কৰ অধ্যয়ন কৰে।
পাৰিবেশিক দৃষ্টিভংগী (Ecological Approach) ধাৰণা পোন প্ৰথমতে আগবঢ়াইছিল J. M. Gaus, Robert Dhal আৰু Robert A Merton য়ে ইয়াৰ পিছত F. W. Riggs এ প্রশাসনিক ব্যৱস্থা আৰু পাৰিবেশিক উপাদান যেনে- ঐতিহাসিক, সামাজিক গাঁথনি, ৰীতি- নীতি, অর্থনৈতিক গাঁথনি, ৰাজনৈতিক চিহ্ন, প্রযুক্তি আৰু যাতায়াত ইত্যাদি সম্পর্কক অধ্যয়ন কৰিছে। তেওঁ থাইলেণ্ড আৰু ফিলিপাইন আদিত কৰা অধ্যয়নৰ ভিত্তিত ব্যাখ্যা কৰিছিল যে পাৰিবেশিক অৱস্থাই কেনেদৰে প্ৰশাসনিক ব্যৱস্থাত প্ৰভাৱ পেলায়।
Riggs এ সংঠনৰ পশ্চিমীয়া ধাৰণাক উন্নয়নশীল দেশ (Developing Countries) সমূহৰ ক্ষেত্ৰত প্ৰয়োগ কৰিব পাৰি নে নাই সেই সম্পর্কে প্রশ্ন উত্থাপন কৰিছে। তেওঁ মত পোষণ কৰিছে যে প্রত্যেক সমাজৰে কিছুমান নিৰ্দিষ্ট পৃথক বৈশিষ্ট্য থাকে যিটোৱে উপ-প্রণালী বা ব্যৱস্থা (Sub-System)ৰ কাৰ্যত প্ৰভাৱ পেলায়। তেওঁৰ মতে বেছিভাগ পশ্চিমীয়া তত্ত্বই (Western Theories) প্ৰণালীৰ ভিতৰৰ বা আভ্যন্তৰীণ দিশটোৰ প্ৰতিহে গুৰুত্ব দিয়ে। বাহ্যিক দিশটোৱে সাধাৰণ সামাজিক-অর্থনৈতিক পৰিৱেশৰ ক্ষেত্ৰত পশ্চিমীয়া দেশসমূহ আৰু তৃতীয় বিশ্বৰ দেশসমূহৰ মাজত পার্থক্য আছে। সেয়েহে Riggs এই পশ্চিমীয়া তত্বৰ তৃতীয় বিশ্বৰ ক্ষেত্ৰত কেনেদৰে প্ৰয়োগ কৰিব পাৰি তাক অধ্যয়ন কৰিছে। সেয়েহে Riggs এই অধ্যয়নক তৃতীয় বিশ্বৰ প্ৰশাসনিক ব্যৱস্থাক বুজাত এক বৃহৎ অবিহা বুলি গণ্য কৰা হয়।
পাৰিবেশিক দৃষ্টিভংগী (Ecological Approach)ৰ আদৰ্শ, আৰ্হিসমূহ (Ideal Models) : পাৰিবেশিক দৃষ্টিভংগী (Ecological Approach)ত পৰিঘটনাসমূহ বুজিবলৈ “System Approach” (ব্যৱস্থাপক দৃষ্টিভংগী) টো গ্ৰহণ কৰিছে।
এই দৃষ্টিভংগী মতে, পৰিঘটনাসমূহ কিছুমান স্বাধীন অংশৰ দ্বাৰা গঠিত। সমাজৰ কেৱল এটা দিশৰ ওপৰত গুৰুত্ব আৰোপ কৰাতকৈ পাৰিবেশিক দৃষ্টিভংগী (Ecological Approach) য়ে সংগঠনৰ সমুদায় দিশৰ ওপৰত গুৰুত্ব দিয়ে। সেয়েহে (Riggs) এ বহল ব্যবস্থাক সুক্ষ্ম ভাগত বিভক্ত কৰিছে আৰু এই ভাগসমূহক সুক্ষ্ম উপ-ব্যবস্থা যেনে প্রশাসনত ব্যৱহাৰৰ চেষ্টা কৰিছে। ইয়াৰ বাবে তিনিটা আৰ্হি আগবঢ়াইছে সেয়া হ’ল– Fused, Prismatic আৰু Diffracted Model
তলত এই প্ৰশাসনীয় আৰ্হি কেইটাৰ বিষয়ে বিতংভাৱে আলোচনা কৰা হ’ল—
(ক) অখণ্ডিত আৰ্হি : Riggs এ অখণ্ডিত সমাজ বুলিলে কাৰ্যাৱলীৰ কোনো ধৰণৰ বিভাজন নোহোৱা আৰু এটা গাঁথনিয়ে সকলো কাৰ্য সম্পাদন কৰা সমাজক বুজায়। এনে সমাজ বিশেষভাৱে কৃষিৰ ওপৰত নিৰ্ভৰশীল। ইয়াত আধুনিকীকৰণ বা উদ্যোগীকৰণৰ কোনো ধৰণৰ ধাৰণা নাই। এনে অর্থনৈতিক ব্যৱস্থা মূলত সাল-সলনি বা বিনিময় প্ৰথাৰ ওপৰত নিৰ্ভৰশীল যিটোক Riggsএ পুনঃবিতৰণ (Redistributive) আখ্যা দিছে।
Fused Society (অখণ্ডিত সমাজত) প্রশাসন ব্যৱস্থা, পৰিয়ালৰ গাঁথনি আৰু বিশেষ স্বার্থ ওপৰত নিৰ্ভৰ কৰে। এনে সমাজে ন্যায়-অন্যায়ৰ মাজত পাৰ্থক্য বিচাৰ নকৰে। এনে সমাজ মূল্যবোধে প্রধান ভূমিকা পালন কৰে। তথা মানুহৰ ব্যৱহাৰ সম্পূৰ্ণৰূপে পৰম্পৰাগত হে দেখা যায়। পূৰ্বৰ পৰা প্ৰচলিত ৰীতি-নীতি, বিশ্বাস, বসবাসৰ পৰম্পৰাগত পদ্ধতি আি মানুহক একেলগে নিয়ন্ত্রিতভাবে বাস কৰিবলৈ সহায় কৰিছিল।
(খ) তিনি সেৰীয়া আৰ্হি : Riggs এ তেওঁৰ পৰিস্থিতিতন্ত্ৰৰ আৰ্হিত ‘Prismatic আহ্নিৰ কথা কৈছে। এই আৰ্হিৰ মূল বৈশিষ্ট্য হ’ল– ইয়াত বিভিন্ন ধৰণৰ নীতি-নিয়ম, ব্যৱস্থা, বিনাম আৰু মতামত থাকে। এই ব্যৱস্থাত বিভিন্ন দলৰ উপস্থিতি থাকে যাৰ সামৰ্থসমূহ ভিন্ন হয়। দ্বিতীয়তে, তত্ত্ব আৰু প্ৰয়োগৰ ক্ষেত্ৰত ইয়াত বৈষম্য থাকে। ই তত্ত্ব আৰু বাস্তৱৰ মাজত থকা পার্থক্যক দেখুৱায়। তৃতীয়তে, এটা ঐক্যবদ্ধ গাঁথনিত বিভিন্ন গাঁথনি সংঘবদ্ধ হৈ থাকে।
(গ) মণ্ডিৰ আৰ্হি : এনে সমাজ ব্যৱস্থা সার্বজনিক নীতিৰ ওপৰত প্ৰতিষ্ঠিত। ইয়াত ব্যাপকভাৱে বিশেষীকৰণ ব্যৱস্থা থাকে আৰু প্ৰত্যেক গাঁথনিয়ে পৃথক কার্য সম্পাদন কৰে। সমাজখন ব্যাপকভাৱে পৰিৱৰ্তনশীল। এনে সমাজত কিছুমান মুক্ত শ্রেণী গাঁথনি থাকে, যিয়ে বিভিন্ন সন্থাৰ দ্বাৰা প্ৰতিনিধিত্ব কৰে। সমাজৰ যুক্তিযুক্ত ফলাফল লাভৰ বাবে এনে সন্থাই গুরুত্বপূর্ণ ভূমিকা পালন কৰে। সমাজৰ সকলো সংগঠন আৰু গাঁথনি বৈজ্ঞানিক যুক্তিযুক্ততাৰ ওপৰত প্ৰতিষ্ঠিত।
অৰ্থনৈতিক ব্যৱস্থাটো বজাৰৰ ওপৰত নিৰ্ভৰশীল। সমাজৰ অন্য দিশৰ ওপৰত বজাৰৰ প্ৰত্যক্ষ বা পৰোক্ষ প্রভাৱ পৰে। এনে সমাজত যাতায়াত আৰু প্ৰযুক্তি বহু উন্নত। চৰকাৰেও এনে সমাজত সামাজিক সম্পর্ক ৰক্ষাক প্ৰাধান্য দিছে। চৰকাৰে জনসাধাৰণৰ প্ৰয়োজনৰ প্ৰতি সহাৰি জনায় আৰু নাগৰিকৰ অধিকাৰ ৰক্ষাত গুৰুত্ব দিয়ে। জনসাধাৰণেও চৰকাৰক নিজৰ স্বাৰ্থ ৰক্ষাৰ বাবে হেঁচা প্ৰয়োগ কৰিব পাৰে। চৰকাৰী বিষয়াসকলৰ কোনো ধৰণৰ শক্তি প্রয়োগৰ আৰু সাৰ্বভৌম ক্ষমতা নাথাকে। জনসাধাৰণে নিজৰ দেশৰ আইনৰ প্ৰতিহে গুৰুত্ব আৰু সম্মান প্রদর্শন কৰে