Public Policy in India Unit 1 লোক নীতি আৰু বিশ্লেষণ

Public Policy in India Unit 1 লোক নীতি আৰু বিশ্লেষণ, College and University Answer Bank for BA, B.com, B.sc, and Post Graduate Notes and Guide Available here, Public Policy in India Unit 1 লোক নীতি আৰু বিশ্লেষণ Solutions to each Unit are provided in the list of UG-CBCS Central University & State University Syllabus so that you can easily browse through different College and University Guide and Notes here. Public Policy in India Unit 1 লোক নীতি আৰু বিশ্লেষণ Question Answer can be of great value to excel in the examination.

Public Policy in India Unit 1 লোক নীতি আৰু বিশ্লেষণ

Join Telegram channel

Public Policy in India Unit 1 লোক নীতি আৰু বিশ্লেষণ Notes cover all the exercise questions in UGC Syllabus. The Public Policy in India Unit 1 লোক নীতি আৰু বিশ্লেষণ provided here ensures a smooth and easy understanding of all the concepts. Understand the concepts behind every Unit and score well in the board exams.

Public Policy and Analysis

PUBLIC POLICY IN INDIA

ভাৰতৰ লোক নীতি

অতি চমু প্রশ্নোত্তৰ

১। নীতি মূল্যায়ন কি?

উত্তৰঃ নীতিক নিৰ্ধাৰিত লক্ষ্যসমূহৰ উদেশ্যক সংহতকৰণ আৰু সংজ্ঞায়িত কৰাৰ হকে ব্যৱহৃত কৰা হয়।

২। ৰূপায়ন বুলিলে কি বুজা?

উত্তৰঃ ৰূপায়নৰ অৰ্থ হৈছে সম্পাদন কৰা, পূৰণ কৰা, উৎপাদন কৰা প্ৰতিযোগিতা কৰা।

৩। জন ডিউইৰ মতে লোকনীতি কি?

WhatsApp Group Join Now
Telegram Group Join Now
Instagram Join Now

উত্তৰঃ জন ডিউইৰ মতে, লোক নীতিয়ে জনসাধাৰণ আৰু তেওঁলোকৰ সমস্যাৰাজিৰ ওপৰত দৃষ্টি নিক্ষেপ কৰে।

৪। নীতি কি?

উত্তৰঃ নীতি বুলি ক’লে ৰাষ্ট্ৰ বা চৰকাৰী নীতিক সংজ্ঞায়িত কৰিব পাৰি। কেতিয়াবা কেতিয়াবা চৰকাৰী সিদ্ধান্ত ৰাজিৰ পৰিপূৰক হিচাপেও ‘নীতি’ অভিধাটো ব্যৱহাৰ কৰা হয়।

৫। ‘Advanced Introduction to Public Policy’ গ্ৰন্থখন কোনে লিখিছিল?

উত্তৰঃ বি.পাঁটাৰছ। (B. Guy Peters.)

৬। “জনসাধাৰণৰ বোধগম্য সিদ্ধান্তসমূহ কিতাপটো কোনে লিখিছিল?

উত্তৰঃ বি.ডেন্টে। (B. Dente.) 

৭। নীতি বিজ্ঞান শব্দটো প্ৰথম কোনে ব্যৱহাৰ কৰিছিল?

উত্তৰঃ প্লেটো। 

৮। নীতি শব্দটো কোন ভাষাৰ পৰা আহিছে?

উত্তৰঃ গ্রীক ভাষাৰ ‘Polis’ শব্দৰ পৰা আহিছে।

৯। জার্ণাল ‘নীতি বিজ্ঞান’ কোন চনত প্ৰকাশিত হৈছে?

উত্তৰঃ ১৯৭০ চনত।

১০। “ৰাজনৈতিক বিশ্লেষণ পদ্ধতি’ গ্ৰন্থটোৰ লেখক কোন হয়? 

উত্তৰঃ ডেভিড ইষ্টন।

১১। ‘লোক প্ৰশাসনৰ সাৰাংশ হৈছে নীতি নিৰ্ধাৰণ’— কাৰ মন্তব্য? 

উত্তৰঃ এপলবি।

১২। Richard Titmeess ৰ মতে লোক নীতিৰ সংজ্ঞাটো কি?

উত্তৰঃ কোনো এক নির্ধাৰিত লক্ষ্যত উপনীত হোৱাৰ অর্থে নির্দেশনা প্রদান কার্যৰ নীতিসমূহ।

১৩। ডেভিদ ইষ্টনে লোক নীতি নির্ধাৰণ প্রক্রিয়াক কি হিচাপে অভিহিত কৰিছে?

উত্তৰঃ কলা বাকচ। (Black Box.)

 ১৪। Thomas Pyes ৰ মতে নীতি মূল্যায়নৰ সংজ্ঞাটো কি?

উত্তৰঃ Thomas Pyes ৰ মতে, “মূল্যায়নকৰণ হৈছে লোক নীতিৰ পৰিণতি বিষয়ক শিক্ষা”।

১৫। নীতি আয়োগৰ নতুন নামটো কি?

উত্তৰঃ National Institution for Transforming India NITI Commission.

১৬। নীতি আয়োগৰ এটা উদ্দেশ্য লিখা।

উত্তৰঃ লেহেমীয়া গতিৰ নীতি ৰূপায়ণকৰণ প্ৰক্ৰিয়াক আয়োগে ত্বৰান্বিত কৰাৰ প্ৰয়াস কৰে।

১৭। নীতি নিৰ্ধাৰকৰ সৰ্বোচ্চ সংস্থা কোনটো?

উত্তৰঃ কেবিনেট বা মন্ত্রীসভা। 

১৮। “Introduction to the study of public administration” নামৰ গ্ৰন্থখনৰ লেখক কোন?

উত্তৰঃ এল. ডি. হোৱাইট (L. D. White)।

১৯। “Administration” শব্দটো কোনটো ভাষাৰ পৰা অহা শব্দ?

উত্তৰঃ লেটিন (Latin) ভাষাৰ পৰা।

২০। লোক প্ৰশাসনৰ জনক বুলি কাক জনা যায়? 

উত্তৰঃ উইড্রো উইলচন (Widrow Wilson)।

২১। লোক প্রশাসন সম্পর্কে উইড্রো উইলচনে লিখা বিখ্যাত প্রবন্ধতো কি?

উত্তৰঃ “The Study of Public Administration”। 

২২। “Politics and Administration” গ্ৰন্থখনৰ ৰচক কোন?

উত্তৰঃ ফ্ৰেংক গুডনাউ (Frank Goodnow)।

২৩। “Principles of Public Administration” গ্ৰন্থখনৰ ৰচক কোন?

উত্তৰঃ ডব্লিউ এফ উইলোবি (WF. Willoughby)।

২৪। বৈজ্ঞানিক পৰিচালনা তত্ত্বৰ পৃষ্ঠপোষক কোন?

উত্তৰঃ এফ ডব্লিউ টেইলৰ (F. W. Taylor)।

 ২৫। “Administrative Behaviour” নামৰ কিতাপখনৰ লেখক কোন?

উত্তৰঃ হাৰ্বাৰ্ট চাইমন (Herbert Simon)।

২৬। অভিন্ন দৃষ্টিভংগীক সমর্থন কৰিছিল— ডিমকে/ চাইমনে/ থমছনে।

উত্তৰঃ ডিমকে (Dimock)।

২৭। পৰিচালনামূলক দৃষ্টিভংগীত সমৰ্থন কৰিছে— চাইমনে/ ডিমকে/ দায়োলে/ লুথাৰ গুলিকে।

উত্তৰঃ চাইমনে (Simon)।

২৮। ‘POSDCORB’ শব্দটো ব্যৱহাৰ কৰিছিল— গুলিক আৰু আৰউইকে/ উইলচনে/ চাইমনে।

উত্তৰঃ গুলিক আৰু আউইকে (Gullick and Urwick)।

২৯। “Public Administration in A time of Turbulence” ৰ সম্পাদনা কৰিছিল— ওৱালদোৱে / মেৰিনিবৱে/চাইমনে।

উত্তৰঃ ওৱালডোৱে (Waldow)।

৩০। “ লোক প্রশাসন হৈছে বিস্তৃত আৰু প্ৰণালীবদ্ধভাৱে আইন প্রযোগ কৰা ব্যৱস্থা— এই কথাষাৰ কোনে কৈছিল? লুথাৰ গুলিকে উইড্রো উইলচনে/ পিফনাৰে।

উত্তৰঃ উইড্রো উইলচনে (Woodrow Wilson)।

৩১। “লোক প্রশাসন হ’ল ৰাজহুৱা নীতিসমূহ প্ৰয়োগ কৰাৰ ক্ষেত্ৰত এক সমূহীয়া প্ৰচেষ্টাৰ সমন্বয়”- এই কথাষাৰ কোনে কৈছিল? এল. ডি. হোৱাইটে/ পিফনাৰে/ শুৱাল্ডোই।

উত্তৰঃ পিফনাৰে (Piffner)।

৩২। “প্রশাসন হ’ল বিশেষ উদ্দেশ্য সাধনৰ বাবে বহুতো, ব্যক্তিৰ প্ৰতি নির্দেশদান, সমন্বয় আৰু নিয়ন্ত্রণ”– কথাষাৰ কৈছিল এল. ডি. হোৱাইটে / হার্বার্ট চাইমনে/পিফনাৰে। 

উত্তৰঃ এল.ডি. হোৱাইটে (L. D. White)।

৩৩। “ৰাষ্ট্ৰৰ কাৰ্য পৰিচালনা কৰাৰ কলা আৰু বিজ্ঞানক লোক প্রশাসন বোলা হয়।”– এই কথাষাৰ কৈছিল নিগ্রোই/ গ্লেডেনে/ ওৱাল্ডোৱে।

উত্তৰঃ গুৱাল্ডোৰ (Waldow)।

৩৪। “The Spirit of Law” কিতাপখন কোনে লিখিছিল? 

উত্তৰঃ মনটেস্কোৰে (Montesquieu)।

৩৫। “Principles de Administration Publique” কিতাপখনৰ ৰচক কোন?

উত্তৰঃ চাৰ্লছ জ্যা বনিন (Charles Jean Bonnin)।

চমু আৰু ৰচনাধৰ্মী প্রশ্নোত্তৰ

১। “অধ্যয়নৰ বিষয় হিচাপে লোক প্রশাসন”। আলোচনা কৰা। 

উত্তৰঃ লোক প্রশাসন সমাজৰ এক প্ৰয়োজনীয় অংশ আৰু আধুনিক জীৱনৰ এটা বিশেষ উপাদান। সুস্থ সমাজ এখন প্ৰতিষ্ঠা কৰাৰ বাবে সুশাসনৰ অতি প্রয়োজন। গতিকে সমাজ জীৱনৰ চাহিদাৰ প্ৰতি লক্ষ্য ৰাখি লোক প্রশাসন বর্তমান অধ্যয়নৰ এক গুৰুত্বপূর্ণ বিষয়ত পৰিণত হৈছে।

লোক প্রশাসন যেনেকৈ এফালে এটা কার্যপদ্ধতি বা লক্ষ্য সাধনৰ মাধ্যম, আনফালে তেনেকৈ ই এটা অধ্যয়নৰ বিষয়। কর্ম পদ্ধতি হিচাপে লোক প্রশাসন অতীত কালৰ পৰাই সমাজত প্রচলিত। সেয়েহে তেতিয়া প্ৰশাসনক সম্পূৰ্ণৰূপে এটা বেলেগ অধ্যায় হিচাপে বিবেচনা কৰা হৈছিল।

কিন্তু বিংশ শতাব্দীৰ প্ৰথম ভাগৰ পৰা ৰাষ্ট্ৰৰ কৰ্তব্য আৰু দায়িত্ব বৃদ্ধি পাবলৈ ধৰে। যাৰ ফলত প্ৰশাসনৰ কাম-কাজত জটিলতাই দেখায়। তেতিয়াৰ পৰাই প্ৰশাসন সম্পর্কে পৃথক শাখা হিচাপে অধ্যয়নৰ গুৰুত্ব বৃদ্ধি পাবলৈ ধৰে।

লোক প্রশাসন হৈছে এক আধুনিক বিজ্ঞান। ৰাজনীতি বিজ্ঞানৰ আলোচনাৰ পৰা লোক প্ৰশাসনৰ উদ্ভৱ হৈছে। লোক প্ৰশাসনৰ উদ্ভৱ হৈছে মার্কিন যুক্তৰাষ্ট্ৰত। উইড্রো উইলচনক লোক প্ৰশাসনৰ জনক বুলি অভিহিত কৰা হয়। লোক প্রশাসন আধুনিক জীৱন-যাপনৰ কথা চিন্তা কৰিব নোৱাৰি। বৰ্তমান আধুনিক কল্যাণকামী ৰাষ্ট্ৰৰ লগতে উন্নত সকলো ৰাষ্ট্ৰকে সু লোক প্ৰশাসনৰ আৱশ্যক। হয়তো প্ৰশাসনৰ কাৰ্যাৱলী ৰাষ্ট্ৰ ভেদে বেলেগ বেলেগ হ’ব পাৰে। লোক প্রশাসন চৰকাৰৰ এটা গুৰুত্বপূৰ্ণ আহিলা যাৰ জৰিয়তে চৰকাৰী নীতিবিলাক আৰু অন্যান্য কার্যাৱলী জনস্বাৰ্থৰ খাতিৰত সম্পাদন কৰা হয়।

অধ্যয়নৰ বিষয় হিচাপে লোক প্ৰশাসনৰ অন্তৰ্ভূক্ত ক্ষেত্রসমূহ হ’ল—

(ক) লোক প্ৰশাসনৰ অধ্যয়নত ৰাজনীতি বিজ্ঞান আৰু লোক প্ৰশাসনক পৃথক কৰাৰ চেষ্টা কৰা হৈছে। ৰাজনীতি আৰু প্ৰশাসনৰ দ্বি-বিভাজন ধাৰণা মতে ৰাজনৈতিক নেতাসকলে। নিৰ্ধাৰণ কৰা নীতি সম্পৰ্কে প্ৰশাসনৰ পৰিচালকসকলে কোনো ধৰণৰ প্ৰশ্ন তুলিব বা নীতি নিৰ্ধাৰণ কাৰ্যত অংশগ্ৰহণ কৰিব নোৱাৰে।

(খ) লোক প্ৰশাসনৰ অধ্যয়নে সংগঠন পৰিচালনাৰ লগতে, ইয়াৰ উদ্দেশ্য আৰু নীতিও অন্তৰ্ভূক্ত কৰে। 

(গ) লোক প্ৰশাসনৰ অন্য বিষয়সমূহৰ লগত থকা সম্পৰ্কও অধ্যয়নৰ বিষয়ত অন্তৰ্ভুক্ত হয়।

(ঘ) লোক প্রশাসনত নতুন লোক প্ৰশাসনৰ ধাৰা যুক্ত হোৱাৰ লগতে, সু-শাসনৰ নতুন সংযোগ হয়।

(ঙ) লোক প্রশাসনত অন্য ৰাষ্ট্ৰৰ প্ৰশাসনৰ তুলনামূলক (Comparative) অধ্যয়নৰ সূচনা কৰিছে।

২। লোক প্ৰশাসনৰ বৈশিষ্ট্যবোৰ লিখা। 

উত্তৰঃ লোক প্ৰশাসনৰ বৈশিষ্ট্যসমূহ তলত দিয়া ধৰণৰ—

(ক) লোক প্রশাসনে আমোলাতন্ত্র (Bureaucracy) ৰ মাধ্যমেৰে কাৰ্য সম্পাদন কৰে। আমোলাতন্ত্র বর্তমান প্রশাসনীয় ব্যৱস্থাৰ এটা অবিচ্ছেদ্য অংগ হৈ উঠিছে।

(খ) লোক প্রশাসন পৰিৱৰ্তনশীল আৰু মানৱীয়  সভ্যতা আগবঢ়াৰ লগে লগে লোক প্ৰশাসনৰ দিশসমূহো পৰিৱৰ্তন হৈ থাকিব।

(গ) লোক প্রশাসন কলা আৰু বিজ্ঞান।

(ঘ) নির্দিষ্ট ৰাজনৈতিক পৰিস্থিতিত লোক প্ৰশাসনৰ কিছুমান ৰাজনৈতিক চৰিত্ৰ আৰু কাৰ্য থাকে। 

(ঙ) লোক প্ৰশাসনৰ মূল লক্ষ্য আৰু উদ্দেশ্য হৈছে জনসাধাৰণৰ হিতৰ বাবে কাম কৰা।

(চ) লোক প্ৰশাসনক জনসাধাৰণক সেৱা আগবঢ়াবলৈ বিভিন্ন দল আৰু সংগঠনৰ সহায়, সহযোগিতাৰ প্ৰয়োজন।

(ছ) যদিও লোক প্ৰশাসনৰ ধাৰণাটো কাৰ্যপালিকাৰ সৈতে জড়িত, কিন্তু ইয়াৰ অৰ্থ ইয়াতে সীমিত নহয়। কিয়নো লোক প্ৰশাসনত কাৰ্য সাধনৰ ক্ষেত্ৰত সদায় চৰকাৰৰ আন আন অংগৰ সহায়ৰ প্ৰয়োজন। সেয়েহে লোক প্রশাসন, প্রশাসনিক কাম-কাজ পৰিচালনাৰ এক জটিল ব্যবস্থা।

৩। নিগ্ৰো আৰু নিগ্ৰোয়ে আগবঢ়োৱা লোক প্ৰশাসনৰ বৈশিষ্ট্যবোৰ লিখা।

উত্তৰঃ নিগ্ৰো আৰু নিগ্ৰোয়ে লোক প্ৰশাসনৰ তলত দিয়া বৈশিষ্ট্যসমূহ আগবঢ়াইছে—

(ক) লোক প্রশাসন হৈছে ৰাজহুৱা ব্যৱস্থাত লোৱা সামূহিক প্রচেষ্টা।

(খ) লোক প্ৰশাসনে চৰকাৰৰ তিনিওটা অংগ— বিধানমণ্ডল, কার্যপালিকা আৰু ন্যায়পালিকা আৰু তেওঁলোকৰ মাজৰ সম্পৰ্কৰ্ক সামৰি লয়। কিন্তু ঠেক অৰ্থত ই কেৱল কার্যপালিকাৰ কার্যকহে সূচায়।

(গ) জনসাধাৰণৰ নীতি নিৰ্ধাৰণত ই এক গুৰুত্বপূৰ্ণ ভূমিকা পালন কৰে। সেয়েহে ই ৰাজনৈতিক ব্যৱস্থাৰ এটা অংশ।

(ঘ) লোক প্রশাসন ব্যক্তিগত প্ৰশাসনতকৈ পৃথক।

(ঙ) লোক প্রশাসন বহুতো ব্যক্তিগত সংগঠন আৰু ব্যক্তিৰ লগত জনসেৱা আগবঢ়োৱাৰ উদ্দেশ্যে ওতঃপ্রোতভাৱে জড়িত।

৪। ”POSDCORB’ সম্পর্কে চমুকৈ লিখা।

উত্তৰঃ লোক প্ৰশাসনৰ পৰিসৰ সম্পৰ্কে বিভিন্নজনে বিভিন্ন মতামত দাঙি ধৰিছে। ইয়াৰ ভিতৰত লুথাৰ গুলিক অন্যতম। তেওঁ প্ৰশাসনৰ বিভিন্ন বিভাগৰ সম্ভাৱ্য কামবিলাকক ইয়াৰ পৰিসৰ বুলি বিবেচনা কৰিছে। গুলিকে প্ৰশাসনীয় বিভাগৰ বিভিন্ন কামৰ প্ৰথম আখৰটো লৈ এক আখৰৰ সমষ্টিৰ সৃষ্টি কৰিছে। এই আখৰবিলাকেৰে সৃষ্টি কৰা শব্দটো হ’ল– ‘POSDCORB’

লুথাৰ গুলিকৰ এই ‘POSDCORB’ ধাৰণাটোৱে লোক প্ৰশাসনৰ বিভিন্ন বিভাগৰ কাৰ্যাৱলীক সূচায় ৷

তেওঁৰ মতে লোক প্ৰশাসনৰ বিভিন্ন বিভাগৰ কাৰ্যাৱলীসমূহ হ’ল–

(ক) পৰিকল্পনা কৰা (Planning)।

(খ) সংগঠন কৰা (Organising)।

(গ) কর্মী নিয়োগ কৰা (Staffing)।

(ঘ) নির্দেশদান কৰা (Directing)।

(ঙ) সমন্বয় সাধন কৰা (Co-Ordinating)।

(চ) প্রতিবেদন পেচ কৰা (Reporting)।  

(ছ) আয়-বায়ৰ হিচাপ পেচ কৰা (Budgeting)। 

গতিকে দেখা যায় যে, লুথাৰ গুলিকৰ মতে প্ৰশাসনীয় বিভাগৰ কাম, ওপৰত উল্লেখিত কামসমূহতে সীমাবদ্ধ।

৫। লোক প্ৰশাসনৰ অভিন্ন আৰু পৰিচালনামূলক দৃষ্টিভংগীৰ মাজৰ পাৰ্থক্য লিখা।

উত্তৰঃ লোক প্ৰশাসনৰ প্ৰকৃতি সম্পৰ্কত দুটা ভিন ভিন দৃষ্টিভংগী থকা দেখা যায়। সেই দৃষ্টিভংগী দুটা হ’ল— (ক) অভিন্ন দৃষ্টিভংগী (Integral view) আৰু (খ) পৰিচালনামূলক দৃষ্টিভংগী (Managerial view)।

লোক প্ৰশাসনৰ অভিন্ন আৰু পৰিচালনামূলক দৃষ্টিভংগীৰ মাজৰ পাৰ্থক্যসমূহ তলত উল্লেখ কৰা হ’ল—

(ক) অভিন্ন দৃষ্টিভংগী মতে, প্রশাসন বুলিলে জনস্বাৰ্থৰ বাবে সম্পাদনা কৰা সকলো ধৰণৰ কার্যকে বুজায়, আনহাতে পৰিচালনামূলক দৃষ্টিভংগী মতে, প্ৰশাসনৰ পৰিচালক বৰ্গৰ কাৰ্যাৱলীকহে প্ৰশাসনৰ অন্তৰ্ভুক্ত কৰিব পাৰি।

(খ) অভিন্ন দৃষ্টিভংগীয়ে প্ৰশাসনৰ লগত জড়িত সকলো কৰ্মচাৰীকে সামৰি লয়, আনহাতে পৰিচালনামূলক দৃষ্টিভংগীয়ে কেৱল উচ্চ পৰ্যায়ৰ কৰ্মচাৰীকহে সূচায়।

(গ) অভিন্ন দৃষ্টিভংগী মতে বিভিন্ন ক্ষেত্ৰত প্রশাসন বিভিন্ন ধৰণৰ হ’ব পাৰে কিন্তু পৰিচালনামূলক দৃষ্টিভংগীৰ মতে বিভিন্ন কাৰ্যৰ বাবে গঠন কৰা প্ৰশাসনীয় ব্যবস্থা ভিন্ন প্ৰকৃতিৰ নহয়। সকলো প্ৰশাসনীয় সংগঠনত একেধৰণৰ পৰিচালনা পদ্ধতি প্ৰয়োগ কৰিব পাৰি।

৬। লোক প্রশাসনক কিয় বিজ্ঞান বুলি অভিহিত কৰা হয় দুটা যুক্তি আগবঢ়োৱা।

উত্তৰঃ লোক প্ৰশাসনক বিজ্ঞান বুলি অভিহিত কৰা দুটা কাৰণ তলত উল্লেখ কৰা হ’ল—

(ক) বিজ্ঞানৰ দৰে লোক প্রশাসনতো যথার্থতা, প্রণালীবদ্ধ চৰ্ত আৰু সুনির্দিষ্ট লক্ষ্য আছে। তদুপৰি প্ৰতিটো বিষয় বা সমস্যাৰ সূক্ষ্ম পর্যবেক্ষণ কৰাটো লোক প্ৰশাসনৰ এক গুৰুত্বপূৰ্ণ কাম। চৰকাৰী কার্যাবলী সম্পর্কে অভিজ্ঞতা অর্জন আৰু বৈজ্ঞানিক দৃষ্টিভংগীৰে জনসাধাৰণৰ সমস্যাৰাজিৰ পৰ্যালোচনা কৰা আৰু সেইসমূহৰ সমাধানৰ পথ অনুসন্ধান কৰা লোক প্ৰশাসনৰ অন্যতম কাম। লোক প্ৰশাসনৰ আন এটা নীতি হৈছে প্ৰমাণযোগ্য তথ্য সংগ্ৰহ কৰি কোনো সিদ্ধান্ত গ্ৰহণ কৰা।

(খ) লোক প্ৰশাসনক বিজ্ঞান বুলি অভিহিত কৰাৰ আন এটা কাৰণ হ’ল ইয়াৰ অধ্যয়ন ক্ষেত্র কিছু পৰিমাণে স্পষ্ট। ইতিমধ্যে বৈজ্ঞানিক পদ্ধতি অৱলম্বন কৰি প্রশাসন সম্পৰ্কীয় বহুত তথ্য-পাতি সংগ্ৰহ কৰি বিশ্লেষণো কৰা হৈছে।

৭। লোক প্ৰশাসনক কলা বুলি অভিহিত কৰাৰ দুটা কাৰণ উল্লেখ কৰা। 

উত্তৰঃ লোক প্ৰশাসনক কলা বুলি অভিহিত কৰাৰ দুটা কাৰণ হ’ল—

(ক) লোক প্রশাসন আদৰ্শৰ সৈতে জড়িত। সামাজিক দর্শন, উদ্দেশ্য, নৈতিকতা আদিৰ সৈতে ইয়াৰ নিবিড় সম্বন্ধ আছে। কিয়নো সমাজখনক উন্নতিৰ পথত আগুৱাই নিয়াটোৱেই হৈছে ইয়াৰ মূল উদ্দেশ্য। কিন্তু বিজ্ঞান আদৰ্শৰ ওপৰত প্ৰতিস্থিত নহয়। ইসদায় সত্য উদ্‌ঘাটন। কৰি সাধাৰণ নীতিৰ অনুসন্ধান কৰি সূত্ৰ আৱিস্কাৰ কৰে। সেয়ে, লোক প্রশাসন এক কলা।

(খ) লোক প্রশাসনক বিজ্ঞান বুলি আখ্যা দিব নোৱাৰাৰ আন এটা কাৰণ হ’ল যে ইয়াৰ অধ্যয়ন-ক্ষেত্র মানব সমাজ। বিজ্ঞানৰ দৰে সমরূপতা (Uniformity) নীতিৰ ওপৰত ই প্রতিষ্ঠিত নহয়। মানুহৰ অভিৰুচি, আদর্শ, লক্ষ্য আদিৰ মাজত থকা বিভিন্নতাই ইয়াৰ মূল কাৰণ।

৮। লোক প্রশাসনক কিয় বিজ্ঞান বুলি অভিহিত কৰিব নোৱাৰি দুটা কাৰণ উল্লেখ কৰা।

উত্তৰঃ লোক প্ৰশাসনক বিজ্ঞান বুলি অভিহিত কৰিব নোৱাৰাৰ দুটা কাৰণ হ’ল—

(ক) লোক প্ৰশাসনৰ অধ্যয়নৰ ক্ষেত্ৰ মানৱ সমাজ। বিজ্ঞানৰ দৰে সমৰূপতা (Uniformity) নীতিৰ ওপৰত ই প্ৰতিস্থিত নহয়। মানুহৰ অভিৰুচি, আদর্শ, লক্ষ্য আদিৰ মাজত থকা বিভিন্নতাই ইয়াৰ মূল কাৰণ।

(খ) পদার্থ বিজ্ঞান, ৰসায়ন বিজ্ঞান আদিৰ বিষয়বস্তু গৱেষণা কেন্দ্ৰত পৰীক্ষা কৰি সাধাৰণ সূত্ৰ আৱিষ্কাৰ কৰি উলিয়াব পাৰি। কিন্তু লোক প্ৰশাসনৰ তেনে কোনো গৱেষণাগাৰ থাকিব নোৱাৰে। সমগ্ৰ মানৱ সমাজখনেই হৈছে লোক প্ৰশাসনৰ গৱেষণাৰ কেন্দ্ৰ। কোনো ধৰণৰ কৃত্ৰিম পৰিৱেশতেই মানৱ আচৰণৰ প্ৰকৃত ৰূপ দাঙি ধৰিব নোৱাৰি।

৯। ব্যক্তিগত প্ৰশাসনৰ দুটা বৈশিষ্ট্য উল্লেখ কৰা।

উত্তৰঃ ব্যক্তিগত প্ৰশাসনৰ দুটা বৈশিষ্ট্য হ’ল—

(ক) ব্যক্তিগত প্ৰশাসন অৰাজনৈতিক অনুষ্ঠান। ইয়াৰ ৰাজনৈতিক বিষয়াৰ লগত সম্পর্ক নাই।

(খ) ব্যক্তিগত প্ৰশাসনৰ কিছুমান কৌশল যেনে— সংগঠন, বাজেট, পৰিকল্পনা, নিয়ন্ত্রণ আদিৰ ওপৰত প্ৰতিস্থিত।

১০। লোক প্রশাসন অধ্যয়নৰ বিভিন্ন দৃষ্টিভংগীসমূহ কি কি?

উত্তৰঃ লোক প্রশাসন অধ্যয়নৰ বিভিন্ন দৃষ্টিভংগীসমূহ হ’ল—

(ক) ঐতিহাসিক দৃষ্টিভংগী (Historical Approach)।

(খ) বিধিসম্মত দৃষ্টিভংগী (Legal Approach)।

(গ) মানবিক সম্পর্ক (Human Relation Approach)।

(ঘ) ব্যৱস্থাপনা দৃষ্টিভংগী (Systems Approach)।

১১। লোক প্ৰশাসনৰ সংজ্ঞা দিয়া আৰু ইয়াৰ গুৰুত্বৰ বিষয়ে আলোচনা কৰা।

উত্তৰঃ সমাজ ব্যৱস্থা সুচাৰুৰূপে পৰিচালিত হোৱাৰ বাবে প্ৰশাসনৰ অতি আৱশ্যক। পাৰিবাৰিক জীৱনৰ পৰা আৰম্ভ কৰি সমাজৰ সকলো স্তৰতে প্ৰশাসনৰ ওপৰত গুৰুত্ব দিয়া হয়। লোক প্রশাসন (Public Administration), প্রশাসনৰে এটা ভাগ। সেয়েহে ‘ লোক প্ৰশাসনৰ ব্যাখ্যা আগবঢ়োৱাৰ আগতে ‘প্রশাসন’ সম্পর্কে জনা উচিত।

ইংৰাজী ‘Administration’ শব্দটোৰ অসমীয়া ৰূপান্তৰ হ’ল প্রশাসন। Administration’ শব্দটো লেটিন (Latin) ভাষাৰ দুটা শব্দ ‘Ad’ আৰু ‘Ministre’ ৰ পৰা উদ্ভব হৈছে। ইয়াৰ অর্থ হ’ল যত্ন লোৱা, তত্ত্বাবধান কৰা বা কাৰ্য পৰিচালনা কৰা। গতিকে চৰকাৰে জনসাধাৰণৰ কল্যাণৰ বাবে যি কাৰ্য পৰিচালনা কৰে তাক লোক প্রশাসন বুলি কোৱা হয়।

লোক প্রশাসন সম্পর্কে বিভিন্ন পণ্ডিতে বিভিন্ন সংজ্ঞা আগবঢ়াইছে। সেই সংজ্ঞাবিলাক তলত উল্লেখ কৰা হ’ল–

(ক) এ. ডি. হোৱাইট— “প্রশাসন হ’ল বিশেষ উদ্দেশ্য সাধনৰ বাবে বহুতো ব্যক্তিৰ প্ৰতি নির্দেশদান, সমন্বয় আৰু নিয়ন্ত্রণ” (The art of administration is the direction, co-ordination and control of many persons to achieve some purpose or objective.) I

(খ) উইড্রো উইলচন— “জন আইনৰ বিস্তাৰিত আৰু শৃংখলাবদ্ধ প্রয়োগেই হ’ল লোক প্রশাসন (Public Administration is detailed and systematic execution of law.)”।

(গ) হাৰ্বাৰ্ট চাইমন— “ব্যাপক অর্থত প্রশাসন হ’ল সাধাৰণ উদ্দেশ্য সাধনৰ বাবে বিভিন্ন গোষ্ঠীৰ মাজত সহযোগিতা” (In its broadest sense, administration can be defined as the activities of groups cooperating to accomplish common goals.) 

(ঘ) ওৱাল্ডো— “ৰাষ্ট্ৰৰ কাৰ্য পৰিচালনা কৰাৰ কলা আৰু বিজ্ঞানক লোক প্রশাসন বোলা হয় “(Public Administration is the art and science of management as applied to the affairs of the state)। 

(ঙ) ওৱাকাৰ— “চৰকাৰে কোনো আইনক কার্যকৰী কৰাকে লোক প্রশাসন বুলি কোৱা হয় “(The work which the government does to give effects to a law is called public administration) I

লোক প্ৰশাসনৰ উপৰোক্ত সংজ্ঞাবিলাক লক্ষ্য কৰিলে দেখা যায় যে লোক প্রশাসনক বহুল আৰু ঠেক দুটা অৰ্থত প্ৰয়োগ কৰা হয়। বহল অৰ্থত লোক প্রশাসনে চৰকাৰে পৰিচালনা কৰা সকলো কার্যাৱলীক বুজায়। চৰকাৰৰ তিনিওটা প্রধান অংগ অর্থাৎ- কার্যপালিকা, ন্যায়পালিকা আৰু বিধানমণ্ডলৰ কাৰ্যাৱলীক লোক প্রশাসন বোলা হয়। লোক প্ৰশাসনৰ এই বহুল অর্থ সম্পর্কে ব্যাখ্যা আগবঢ়োৱা পণ্ডিতসকল হ’ল— এ. ডি. হোৱাইট, উইড্রো উইলচন, পিফনাৰ, ডিমক ইত্যাদি।

ঠেক অৰ্থত লোক প্রশাসনে অকল চৰকাৰৰ কাৰ্যপালিকাৰ কাৰ্যাৱলীক বুজায়। লোক প্ৰশাসনৰ এই ঠেক অৰ্থৰ মুখ্য প্ৰমুখসকল হ’ল— গুলিক, চাইমন, উইলবি, ফেয়ল, টিড আদি।

গতিকে দেখা যায় লোক প্রশাসন হ’ল প্রশাসন কার্য পৰিচালনাৰ বাবে চৰকাৰৰ হাতত থকা এটা স্থায়ী আহিলা, যাৰ জৰিয়তে চৰকাৰী নীতিবিলাক আৰু অন্যান্য কার্যাবলী জনস্বাৰ্থৰ খাতিৰত সম্পাদনা কৰা হয়।

লোক প্ৰশাসনৰ অধ্যয়নৰ গুৰুত্ব:

(ক) বর্তমান সময়ত সমাজত সৃষ্টি হোৱা নতুন নতুন সমস্যাসমূহৰ মুখামুখি হ’বলৈ লোক প্ৰশাসনৰ অতি প্রয়োজনীয়তা আহি পৰিছে।

(খ) এখন সমাজত আইন শৃংখলা অবিহনে জীয়াই থকা সম্ভৱপৰ নহয় গতিকে চৰকাৰে লোক প্ৰশাসনৰ দ্বাৰা ব্যক্তিৰ সুৰক্ষা সুনিশ্চিত কৰিব পাৰে।

(গ) প্রত্যেক ৰাষ্ট্ৰক ভালদৰে পৰিচালিত কৰিবলৈ কিছুমান সুনির্দিষ্ট নীতি-নিয়মৰ প্ৰয়োজন। গতিকে এনে নীতি ৰচনাৰ বাবে লোক প্রশাসনে প্রয়োজনীয় তথ্যপাতি সংগ্ৰহ কৰে আৰু এই তথ্যপাতিৰ সহায়ত চৰকাৰে নীতি নিৰ্ধাৰণ কৰে। 

(ঘ) দেশ এখনৰ আৰ্থ-সামাজিক উন্নয়নৰ বাবে পৰিকল্পনাৰ অতি প্রয়োজন। গতিকে এনে পৰিকল্পনা প্রস্তুত তথা ৰূপায়ণ কৰাত লোক প্রশাসনে চৰকাৰক সহায় কৰে।

(ঙ) গণতান্ত্ৰিক ৰাষ্ট্ৰ এখনত চৰকাৰ পৰিৱৰ্তনশীল। গতিকে প্রকৃত অর্থত শাসনৰ ধাৰাবাহিকতা লোক প্রশাসনে পালন কৰে।

(চ) লোক প্ৰশাসনে চৰকাৰ আৰু জনসাধাৰণৰ মাজত সম্পৰ্ক ৰক্ষা কৰে। ই জনসাধাৰণৰ সমস্যাসমূহ চৰকাৰৰ আগত দাঙি ধৰে। তদুপৰি চৰকাৰী নীতিবিলাক জনকল্যাণৰ বাবে কাৰ্যত ৰূপায়িত কৰে।

গতিকে দেখা যায়, সময়ৰ অগ্ৰগতিৰ লগে লগে লোক প্ৰশাসনৰ গুৰুত্ব বৃদ্ধি পাবলৈ ধৰিছে।

১২। লোক প্ৰশাসনৰ প্ৰকৃতি সম্পর্কে বিতংভাৱে আলোচনা কৰা। 

উত্তৰঃ পণ্ডিতসকলৰ লোক প্ৰশাসনৰ প্ৰকৃতি সম্পৰ্কত দুটা ভিন ভিন দৃষ্টিভংগী আগবঢ়োৱা দেখা যায়।

লোক প্ৰশাসনৰ এই দৃষ্টিভংগী দুটা হ’ল—

(ক) অভিন্ন দৃষ্টিভংগী (Integral view)। 

(খ) পৰিচালনামূলক দৃষ্টিভংগী (Managerial view)।

তলত এই দৃষ্টিভংগী দুটাৰ বিষয়ে বিতংভাৱে আলোচনা কৰা হ’ল—

(ক) লোক প্ৰশাসনৰ অভিন্ন দৃষ্টিভংগী (Integral view) : লোক প্ৰশাসনৰ অভিন্ন দৃষ্টিভংগী মতে, প্রশাসন বুলিলে জনস্বাৰ্থৰ বাবে সম্পাদনা কৰা সকলো ধৰণৰ কাৰ্যক বুজায়। অভিন্ন দৃষ্টিভংগীৰ মতে, প্ৰশাসনৰ সৈতে জড়িত থকা প্ৰতিজন কৰ্মচাৰীৰ যৌথ কার্যক প্ৰশাসনৰ অংগ হিচাপে বিবেচনা কৰা হয়। অর্থাৎ প্রশাসন কার্যত জড়িত থকা ওপৰৰ পৰা তললৈকে প্ৰত্যেক কৰ্মচাৰীৰ কাৰ্যাৱলীক প্ৰশাসন বুলি আখ্যা দিয়া হয়। যদিও প্রশাসনত প্ৰতিজন কৰ্মচাৰীৰ দায়িত্ব গুৰুত্ব বেলেগ বেলেগ হ’ব পাৰে, তথাপি সকলো কৰ্মচাৰীয়ে প্ৰশাসনৰ অবিচ্ছেদ্য অংগ।

অধ্যাপক এ. ডি. হোৱাইটে লোক প্ৰশাসনৰ প্ৰকৃতি সম্পর্কে মতপোষণ কৰিছে যে, “কোনো কাৰ্যালয়ৰ পিয়নৰ পৰা আৰম্ভ কৰি বৰমুৰীয়ালৈকে সকলোৰে কাৰ্যাৱলী প্ৰশাসনৰ অন্তৰ্ভুক্ত।”

প্ৰশাসনৰ এই অভিন্ন দৃষ্টিভংগীৰ অন্য সমৰ্থকসকল হ’ল— ডিমক, হেনৰী, ফেয়ল।

(খ) লোক প্ৰশাসনৰ পৰিচালনামূলক দৃষ্টিভংগী (Managerial view) : লোক প্ৰশাসনৰ পৰিচালনামূলক দৃষ্টিভংগী মতে, প্ৰশাসনৰ পৰিচালকবর্গৰ কাৰ্যাৱলীকহে প্ৰশাসনৰ অন্তৰ্ভুক্ত কৰিব পাৰি। এই মতবাদ মতে, প্ৰশাসনৰ দায়িত্ব অকল পৰিচালকসকলেহে বহন কৰে। যিকোনো লক্ষ্য সাধনৰ বাবে মূল পৰিচালকসকলেহে সকলো ধৰণৰ ব্যৱস্থা গ্ৰহণ কৰে আৰু তলতীয়া কৰ্মচাৰীসকলে ওপৰৰ পৰা অহা নিৰ্দেশ অনুসৰি দায়িত্ব পালন কৰে। গতিকে তলতীয়া কৰ্মচাৰীসকলে প্ৰশাসনৰ লক্ষ্য সাধনৰ বাবে দায়ী নহয়। গতিকে এই তলতীয়া কৰ্মচাৰীৰ কাৰ্যাৱলীক প্ৰশাসনৰ অন্তৰ্ভুক্ত কৰিব নোৱাৰি। সেয়েহে পৰিচালনামূলক দৃষ্টিভংগীমতে প্রশাসন বুলিলে একমাত্ৰ পৰিচালকসকলৰ কাৰ্যাৱলীকহে বুজা যায়।

লোক প্ৰশাসনৰ পৰিচালনামূলক দৃষ্টিভংগীৰ সমৰ্থকসকল হ’ল— চাইমন, স্মিথবার্গ, থমছন, লুথাৰ গুলিক ইত্যাদি।

কিন্তু প্রকৃত অর্থত, লোক প্রশাসনৰ প্ৰকৃতি নিৰ্ভৰ কৰে কি প্ৰসংগত প্রশাসন শব্দটো ব্যৱহাৰ কৰা হৈছে তাৰ ওপৰতহে। সেয়েহে ওপৰত উল্লেখ কৰা দুয়োটা দৃষ্টিভংগীৰ কোনোটোৱে সম্পূর্ণ দোষমুক্ত নহয়। সেয়েহে ডিমক আৰু কোনিং (Dimock and Koening) এ মন্তব্য কৰিছে যে “অধ্যয়নৰ বিষয় হিচাপে লোক প্রশাসনে চৰকাৰে বলবৎ কৰা সকলো আইন আৰু নীতিৰ বিচাৰ-বিবেচনা কৰে, কিন্তু প্ৰক্ৰিয়া হিচাপে লোক প্রশাসনে সকলো ধৰণৰ প্ৰশাসনীয় কাৰ্যাৱলীক বুজায় আৰু বৃত্তি হিচাপেই নির্দেশ দিয়া আৰু সংগঠন কৰা বুজায়।”

১৩। লোক প্ৰশাসনৰ পৰিসৰ সম্পৰ্কে আলোচনা কৰা। 

উত্তৰঃ লোক প্ৰশাসনৰ পৰিসৰ সম্পৰ্কে বিভিন্নজনে বিভিন্ন মতামত আগবঢ়াইছে। কিছুমানৰ মতে, লোকপ্ৰশাসনৰ পৰিসৰ বহল। ই চৰকাৰৰ তিনিওটা অংগৰ কাৰ্যাৱলী অন্তৰ্ভুক্ত কৰি লয়। কিছুমানে মত পোষণ কৰে যে লোক প্রশাসনে চৰকাৰৰ কাৰ্যপালিকাৰ কাৰ্যাৱলীকহে বুজায়।

বিভিন্ন লিখকে লোক প্রশাসনৰ পৰিসৰ সম্পৰ্কে মতামত দাঙি ধৰিছে। সেইবিলাক তলত আলোচনা কৰা হ’ল—

(১) লুথাৰ গুলিকে প্ৰশাসনৰ বিভিন্ন বিভাগৰ সম্ভাব্য কামবিলাকক ইয়াৰ পৰিসৰ বুলি বিবেচনা কৰিছে। এই সম্পৰ্কে তেওঁ প্ৰশাসনীয় বিভাগৰ বিভিন্ন কামৰ প্ৰথম আখৰটো লৈ এটি শব্দ গঠন কৰিছে যাক ‘POSDCORB’ বুলি জনা যায়। লুথাৰ গুলিকৰ এই ‘POSDCORB’ ধাৰণাটোৱে লোক প্ৰশাসনৰ বিভিন্ন বিভাগৰ কাৰ্যাৱলীক সূচায়। সেইসমূহ হ’ল—

(ক) পৰিকল্পনা কৰা (Planning)।

(খ) সংগঠন কৰা (Organising)।

(গ) কর্মী নিয়োগ কৰা (Staffing)।

(ঘ) নির্দেশদান কৰা (Directing)।

(ঙ) সমন্বয় সাধন কৰা (Co-Ordinating)।

(চ) প্রতিবেদন দাখিল কৰা (Reporting)।

(ছ) আয়-বালে হিচাপ দাখিল কৰা (Budgeting)।

গতিকে দেখা যায় গুলিকৰ মতে, লোক প্ৰশাসনৰ পৰিসৰ বুলিলে প্ৰশাসনীয় বিভাগবিলাক উপৰোক্ত কামবিলাকৰ মাজতে সীমিত। 

(২) পিফনাৰেও তেওঁৰ গ্ৰন্থত লোক প্ৰশাসনৰ পৰিসৰ সম্পৰ্কে ব্যাখ্যা আগবঢ়াইছে। তেওঁ লোক প্ৰশাসনৰ পৰিসৰক দুটা ভাগত ভাগ কৰিছে—

(ক) লোক প্ৰশাসনৰ নীতিবিলাক : এই ভাগটোত প্ৰশাসনীয় নীতিৰ বিষয়ে আলোচনা কৰা হয়। এই বিষয়কেইটা হ’ল— সংগঠন, কৰ্মচাৰী পৰিচালনা, পদ্ধতি আৰু প্ৰক্ৰিয়া, বস্তু আৰু বস্তু যোগান, চৰকাৰী ৰাজহ প্ৰশাসনীয় দায়বদ্ধতা ইত্যাদি।

(খ) লোক প্ৰশাসনৰ অধিকাৰ ক্ষেত্ৰ : এই শিতানৰ অধীনত লোক প্ৰশাসনত কেন্দ্ৰীয় চৰকাৰ, ৰাজ্যিক চৰকাৰ, আঞ্চলিক আৰু স্থানীয় কর্তৃপক্ষসমূহ আৰু চৰকাৰী নিয়মসমূহৰ বিষয়ে আলোচনা কৰা হয়।

গতিকে পিফনাৰৰ মতে লোক প্রশাসন বুলিলে চৰকাৰৰ সকলো কাৰ্যাৱলীক বুজায়। 

(৩) ওৱাকাৰে লোক প্ৰশাসনৰ পৰিসৰৰ এটা বিস্তাৰিত বিৱৰণ দিছে। তেওঁলোক প্ৰশাসনৰ পৰিসৰত দুটা ভাগত ভাগ কৰিছে—

(ক) প্ৰশাসনীয় তত্ত্ব (Administrative Theory) : ওৱাকাৰৰ মতে প্ৰশাসনীয় তত্ত্বত প্রশাসনীয় গাঁথনি, সংগঠন, কার্যাবলী সকলো প্ৰশাসনীয় কৰ্তৃপক্ষৰ কার্যপদ্ধতি অধ্যয়ন কৰা, হয়। প্ৰশাসনীয় তত্ত্বত লোক প্রশাসন সম্পৰ্কীয় প্রায় সকলোবিলাক ধাৰণা অধ্যয়ন কৰা হয়।

(খ) ব্যৱহাৰিক লোক প্রশাসন (Applied Administration) : গুৱাকাৰৰ মতে ব্যৱহাৰিক প্ৰশাসনে অন্তৰ্ভুক্ত কৰা কাম কেইটা হ’ল– ৰাজনৈতিক, আইন সম্পৰ্কীয়, বিত্তীয়, সামরিক, শিক্ষা সম্পৰ্কীয়, সামাজিক, অর্থনৈতিক, বৈদেশিক, স্থানীয় আৰু সামাজিক কার্যসমূহ।

গতিকে উপৰোক্ত আলোচনাৰ পৰা দেখা যায় যে লোক প্ৰশাসনৰ পৰিসৰ সম্পৰ্কে এটা নির্দিষ্ট সীমাৰেখা নিৰ্ধাৰণ কৰা সম্ভৱপৰ নহয়। ই সমাজৰ পৰিবৰ্তন সাপেক্ষে পৰিৱর্তনশীল আৰু ক্ৰমবৰ্ধমান।

১৪। অধ্যয়নৰ বিষয় হিচাপে লোক প্ৰশাসনৰ বিকাশ সম্পর্কে আলোচনা কৰা।

উত্তৰঃ ‘লোক প্রশাসন’ শব্দটোৰ দুটা অর্থ থকা দেখা যায়। প্ৰথমতে, ই চৰকাৰৰ প্ৰশাসনিক কাম-কাজক সূচায় যেনে— নীতি-নিৰ্দেশনাৰ ৰুপায়ণ কৰা আৰু দ্বিতীয়তে, লোক প্রশাসনে অধ্যয়নৰ বিষয়ও বুজায়। সেয়েহে লোক প্রশাসন এফালে এটা কৰ্মপদ্ধতি আৰু আনফালে সমাজ বিজ্ঞানৰ এটা শাখা।

চৰকাৰৰ কাম-কাজৰ এক দিশ হিচাপে লোক প্রশাসন অতীজৰে পৰা প্ৰচলিত হৈ আহিছে। কিন্তু অধ্যয়নৰ বিষয় হিচাপে লোক প্রশাসন এটি নতুন বিষয়। যদিও প্রশাসন সম্পর্কে অতীজৰে পৰা ভালেমান চিন্তাবিদে বিভিন্ন বৰঙণি যোগায় আহিছে যেনে কৌটিল্যৰ ‘অর্থশাস্ত্র’, এৰিষ্ট ‘টলৰ ‘পলিটিক্‌চ’, মেকিয়াভেলিৰ ‘ডি প্রিন্স’ আদি।

১৮ শতিকাত জার্মানী আৰু অষ্ট্ৰিয়াত চৰকাৰৰ কাম-কাজ শৃংখলাবদ্ধভাৱে সমাপন কৰাৰ ওপৰত গুৰুত্ব দিয়া হৈছিল। তেওঁলোকে লোক প্রশাসন অধ্যয়নত বিশেষ গুৰুত্ব আৰোপ কৰিছিল।

১৮ শতিকাৰ শেষৰ ফালে, আমেৰিকা যুক্তৰাষ্ট্ৰত হেমিলটন (Hamilton) ‘The Federalist’ ত লোক প্রশাসনৰ অৰ্থ আৰু পৰিসৰ সম্পৰ্কে পোন প্ৰথমবাৰৰ বাবে ব্যাখ্যা আগবঢ়োৱা হৈছিল। ফ্ৰান্সৰ চাৰ্লছ জ্যা বওউনিন (Charles Jean Bonnin) Principles of Administration publique (1812) ক লোক প্ৰশাসনৰ প্ৰথম পৃথক কিতাপ বুলি গণ্য কৰা হয়। যদিও পৃথক বিষয় হিচাপে লোক প্ৰশাসনৰ জন্ম হৈছিল আমেৰিকা যুক্তৰাষ্ট্ৰত

বিকাশৰ পৰ্যায় : অধ্যয়নৰ বিষয় হিচাপে লোক প্ৰশাসনৰ তলত দিয়া পৰ্যায়সমূহৰ মাধ্যমেৰে বিকাশ লাভ হৈছে। সেইকেইটা হৈছে–

প্রথম পর্যায় : ৰাজনীতি-প্ৰশাসনৰ দ্বি-বিভাজন (১৮৮৭-১৯২৬) (Politics Administration Dichotomy 1887-1926)

দ্বিতীয় পৰ্যায় : প্ৰশাসনৰ নীতিসমূহ (১৯২৭-১৯৩৭) (Principles of Administration 1927-1937)

তৃতীয় পৰ্যায় : বিৰোধিতাৰ কাল ( ১৯৩৮-১৯৪৭) (Fro of Challenge 1938-1947)

চতুর্থ পৰ্যায় : সত্তাৰ সংকট (১৯৪৮-১৯৭০) (Identify Crisis 1948 1970)

পঞ্চম পৰ্যায় : ৰাজহুৱা আঁচনিৰ দৃষ্টিভংগী (১৯৭১-১৯৮০) (Public Policy Perspective: 1971-1980)

ষষ্ঠ পর্যায় : তুলনামূলক ধাৰা (১৯৮০-বৰ্তমানলৈ) (Comparative Stage 1980 till now)

সপ্তম পৰ্যায় : বিশ্বায়নৰ অভ্যাস (১৯৯২-বৰ্তমানলৈ) (The Practice of Globalization 1992 till now.)

প্রথম পর্যায় (১৮৮৭-১৯২৬) : লোক প্রশাসনৰ বিকাশ এই পৰ্যায়টোৰ পৰাই আৰম্ভ হয়। এই পৰ্যায়টো আৰম্ভ হয় ১৮৮৭ চনত উইড্রো উইলচনৰ “The Study of Administration” নামৰ লেখাটি প্ৰকাশ হোৱাৰ পাছত। এই ৰচনাখনে লোক প্ৰশাসনৰ এটা পৃথক, স্বাধীন আৰু শৃংখলাবদ্ধ অধ্যয়নৰ বাট মুকলি কৰি দিয়ে। সেয়েহে উইলচনক লোক প্রশাসনৰ জনক বুলি কোৱা হয়।

উইলচনে প্রশাসনক ৰাজনীতিৰ পৰা পৃথক কৰিছে। তেওঁ মত প্ৰকাশ কৰিছে যে ৰাজনীতিৰ নীতি নিৰ্ধাৰণত আৰু প্ৰশাসন এই নীতি কার্যকৰীকৰণৰ লগত জড়িত। অর্থাৎ ৰাজনীতি আৰু প্ৰশাসনৰ দ্বি-বিভাজন ধাৰণা মতে ৰাজনৈতিক নেতাসকলে নিৰ্ধাৰণ কৰা নীতি সম্পৰ্কে প্ৰশাসনৰ পৰিচালকসকলে কোনো ধৰণৰ প্ৰশ্ন তুলিব বা নীতি-নির্ধাৰণ কার্যত অংশগ্রহণ কৰিব নোৱাৰে।

ফ্রেঙ্ক গুডনাউৱে (Frank Goodnow) তেওঁৰ “Politics” আৰু “Administration” গ্ৰন্থত ৰাজনীতিৰ পৰা লোক প্রশাসন কেনেকৈ পৃথক সেইটো ব্যাখ্যা কৰিছে। গুডনাউৰ মতে ৰাজনীতিয়ে ৰাষ্ট্ৰৰ নীতি সম্পর্কে আলোচনা কৰে আৰু লোক প্রশাসনে সেই নীতিবিলাক কাৰ্যকৰী কৰে। তদুপৰি ৰাজনীতি আৰু লোক প্ৰশাসনৰ কাৰ্যকলাপৰ প্ৰতিষ্ঠানগত অৱস্থিতিৰো পাৰ্থক্য আছে। ৰাজনীতিৰ অৱস্থান হ’ল আইনসভা আৰু ঊর্দ্ধতম ৰাজনৈতিক শাসন কর্তৃপক্ষৰ ওপৰত আৰু লোক প্রশাসন হ’ল চৰকাৰী কাৰ্যনির্বাহী বিভাগ বা আমোলাতন্ত্ৰ উইলচনৰ দৰে গুডনাউয়েও লোক প্রশাসন এক পৃথক বিষয় হিচাপে সমৰ্থন কৰে। গুডনাটক ” Father of American Public Administration” বুলি জনা যায়।

সেই সময়ছোৱাত লোক প্ৰশাসনৰ গুৰুত্ব সমাজ বিজ্ঞানীসকলৰ চিন্তাধাৰাতো স্বীকৃতি পায় ৷ ১৯২৬ চনত এল. ডি. হোৱাইটৰ (L. D. White) প্রথম লোক প্রশাসন সংক্রান্ত গ্রন্থ “Introduction to the Study of Public Administration” প্রকাশ পায়। তদুপৰি ১৯২৭ চনত উইলোবি (W.F. Willoughby) য়ে তেওঁৰ “Principles of Administration” নামৰ কিতাপখন প্ৰকাশ কৰিছিল। এই দুখন কিতাপৰ প্ৰকাশে লোক প্ৰশাসনৰ অধ্যয়নৰ জনপ্ৰিয়তা বৃদ্ধি কৰে।

দ্বিতীয় পর্যায় (১৯২৭-১৯৩৭) : এই পৰ্যায়ত পণ্ডিতসকলে বিশ্বাস কৰিছিল যে প্ৰশাসনৰ কিছুমান নীতি আছে, যিবোৰ লোক প্ৰশাসনৰ কাৰ্যদক্ষতা বৃদ্ধি কৰাৰ কাৰণে প্ৰয়োগ কৰিবলৈ আৱিষ্কাৰ কৰা প্রয়োজন। তেওঁলোকে মত প্রকাশ কৰিছিল যে প্রশাসন সকলোতে একে যদিও ইয়াৰ প্ৰকৃতি আৰু অৱস্থান বেলেগ হ’ব পাৰে, কিয়নো প্ৰশাসনৰ নীতিবিলাক সার্বজনীন। সেয়েহে তেওঁলোকে লোক প্রশাসনক বিজ্ঞান বুলি অভিহিত কৰিছিল।

এই যুগৰ সূচনা হয় উইলোবিৰ “Principles of Public Administration” প্ৰকাশ হোৱাৰ লগে লগে। এই পর্যায়ণ অন্যান্য গ্ৰন্থবিলাকৰ ভিতৰত ফলেটৰ (M.P. Follet) “Creative Experience”, ফোনৰ (Henry Fayol) “Industrial and General Management” মুনি আৰু ৰেলীৰ (Mooney and Railey) Principles of Organization” বিশেষ উল্লেখযোগ্য। ১৯৩৭ চনত প্ৰকাশিত লুথাৰ গুলিক আৰু আৰউইকৰ (Luthar Gullick and Lyndall Urwick) “Papers on the Science of Administration” এই যুগৰ শ্রেষ্ঠ অৱদান।

লোক প্ৰশাসনৰ বিকাশৰ এই দ্বিতীয় পৰ্যায়ৰ প্ৰধান বৈশিষ্ট্য হ’ল ইয়াক বৈজ্ঞানিক কৰাৰ প্রচেষ্টা। প্রশাসন বুলিলে কেৱল সংগঠন পৰিচালনা কৰাকে নুবুজায়, কিদৰে আৰু কি উদ্দেশ্যত লোক প্রশাসন পৰিচালনা কৰা হৈছে তাৰ প্ৰতিও ই লক্ষ্য ৰাখিব লাগিব। সেই উদ্দেশ্যে ফেড্ৰেৰিক টেইলৰে (Frederick Taylor) বৈজ্ঞানিক পৰিচালনা তত্ত্ব (Scientific Management Theory) উদ্ভাৱন কৰিছিল।

বৈজ্ঞানিক পৰিচালনাৰ সমৰ্থকসকলৰ লক্ষ্য আছিল প্ৰশাসনক মূল্যবোধ নিৰেপেক্ষ (Value Free) কৰা। গতিকে তেওঁলোকৰ মতে মূল্যবোধতকৈ বৈজ্ঞানিক নীতিক অগ্ৰাধিকাৰ দিব, লাগিব। এই পৰ্যায়ত সুনির্দিষ্ট নীতি-নিয়ম আৰু কামৰ পৰিপ্ৰেক্ষিতত প্ৰশাসনিক গোটবিলাক পুনৰ গঠন কৰি সেইবিলাকৰ কাৰ্যক্ষমতা বৃদ্ধিৰ বাবে চেষ্টা কৰা হয়। বৈজ্ঞানিক পৰিচালনা তত্ত্বৰ উদ্ভাৱনাৰ ফলত প্রশাসনিক গোটবিলাকক অধিক কাৰ্যমুখী কৰি গঢ়ি তোলা সম্ভৱপৰ হৈছিল। লোক প্ৰশাসনৰ এই পৰ্যায়ক সুবর্ণ যুগ (Golden Age) বোলা হয়। এই সময়ছোৱাত লোক প্রশাসনে সুউচ্চ মর্যাদা লাভ কৰে আৰু চৰকাৰী আৰু বেচৰকাৰী ক্ষেত্ৰত ইয়াৰ চাহিদা প্ৰচুৰ বৃদ্ধি পায়।

তৃতীয় পর্যায় (১৯৩৮-১৯৪৭) : লোক প্ৰশাসনৰ বিকাশৰ তৃতীয় পৰ্যায়ত মানবিক সম্পর্ক আন্দোলনৰ (Human Relation Movement) যথেষ্ট প্ৰভাৱ পৰা দেখা যায়। লোক প্ৰশাসনৰ উপৰোক্ত দুয়োটা সংজ্ঞায় বিৰোধিতাৰ সন্মুখীন হৈছিল। এওঁলোকৰ মতে প্ৰশাসনক কেতিয়াও ৰাজনীতিৰ পৰা পৃথক কৰিব নোৱাৰি, কিয়নো ইয়াৰ ৰাজনৈতিক প্ৰকৃতি আৰু ভূমিকা যাতে প্ৰশাসনৰ কাম কেৱল নীতিসমূহ কার্যত পৰিণত কৰাতে সীমাবদ্ধ নহয়। প্ৰশাসনৰ নীতি নিৰ্ধাৰণতও গুৰুত্বপূর্ণ ভূমিকা থাকে, যিটো ৰাজনীতিৰ এটা অংশ। গতিকে ৰাজনীতি আৰু প্ৰশাসনৰ দ্বি-বিভাজন (Dichotomy) সম্ভৱপৰ নহয়

সেইদৰে লোক প্ৰশাসনৰ নীতিসমূহক যান্ত্ৰিক ধাৰণা বুলি সমালোচনা কৰা হয়। কিয়নো সংগঠনৰ নীতিৰ এই ধাৰণাই কেৱল আনুষ্ঠানিক সংগঠনৰ ওপৰতহে গুৰুত্ব দিছিল। ই মানুহৰ মন দৈহিক দিশসমূহক উপেক্ষা কৰিছিল। সেয়েহে ১৯২৭ চনৰ পৰা ১৯৩২ চনলৈ আমেৰিকাৰ Western Electric Company ৰ থৰ্ণ কাৰখানাত (Hawthorne Factory) এলটন মেয়োই (Elton Mayo) যি পৰীক্ষা চলাইছিল ই প্ৰশাসনৰ নীতিৰ ধাৰণাত ভাবুকি আনি দিছিল। এই পৰীক্ষাৰ পৰা জনা যায় যে কৰ্মক্ষেত্ৰত সামাজিক আৰু মনস্তাত্ত্বিক, উপাদানৰ প্রভাৱ বেছি। কর্মীসকল যন্ত্ৰ নহয়, তেওঁলোক চেতনাসম্পন্ন জীৱ আৰু সামাজিক মানুহ। তেওঁলোকৰ আশা-আকাংক্ষা, অভাৱ-অসুবিধা আছে। আৰু তেওঁলোক ইজনে আনজনৰ পৰা পৃথক। গতিকে মানবিক সম্পৰ্কৰ ধাৰণাই বৈজ্ঞানিক পৰিচালনা তত্ত্বৰ সীমাবদ্ধতাসমূহ আঙুলিয়াই দিয়াত সফল হৈছে।

লোক প্ৰশাসনৰ বিকাশৰ এই পৰ্যায়ত আগতে উদ্ভৱ হোৱা এই প্ৰশাসনীয় নীতিৰ ধাৰণাৰ বিৰোধিতা কৰা হৈছিল। ছাইমন (Simon) ৰ মতে প্ৰশাসনীয় নীতিবিলাক প্রবাদবাক্য (Proverb) ৰ বাহিৰে একো নহয়।

ৰবাৰ্ট ঢালে (Robert Dhal) প্ৰশাসনীয় আচৰণত পৰিবেশৰ প্রভাৱৰ বিষয়েও গুৰুত্ব দিছে। তেওঁ বিশ্বাস কৰিছিল যে লোক প্রশাসনে জাতীয় মানসিক, সামাজিক, ৰাজনৈতিক আৰু সাংস্কৃতিক পৰিবেশ এৰাই চলিব নোৱাৰে। সেয়েহে তেওঁ তুলনামূলক অধ্যয়নৰ পোষকতা কৰিছিল।

চতুর্থ পর্যায় (১৯৪৮-১৯৭০) : লোক প্রশাসনে এই পৰ্যায়ত সংকটৰ সন্মুখীন হয়। দ্বিতীয় পৰ্যায়ত আগবঢ়োৱা ব্যৱস্থাপক বিজ্ঞানে আগবঢ়োৱা সূত্ৰক হথৰ্ণ কাৰখানাৰ পৰীক্ষাই ব্যৰ্থ কৰি পেলায়। ইয়াৰ ফলত এই বিষয়টোৰ ভবিষ্যত অনিশ্চিত বুলি পৰিগণিত হৈছিল। সেয়েহে এই পৰ্যায়ৰ আৰম্ভণিতে লোক প্রশাসনে সত্তাৰ সংকটৰ (Identify Crisis) সন্মুখীন হৈছিল।

লোক প্ৰশাসনৰ চিন্তাবিদসকলে দুটা মতত উপনীত হৈছিল—

(ক) বহুতো প্রশাসকে সংকটত পৰি লোক প্ৰশাসনক পুনৰ ৰাজনীতি বিজ্ঞানৰ লগত চামিল। কৰিবলৈ ইচ্ছা প্ৰকাশ কৰিছিল, কিন্তু ৰাজনীতি বিজ্ঞানীসকলে ইয়াৰ প্ৰতি কোনো সঁহাৰি জনোৱা নাছিল। John Gaus যে তেওঁৰ “Trends in the Theory of Public Administration (1970)”ত উল্লেখ কৰিছে যে লোক প্ৰশাসনৰ তত্ত্ব বুলিলে ৰাজনৈতিক তত্ত্বক বুজায়।

(খ) তদুপৰি অন্য কিছুমানে প্রশাসন বিজ্ঞানৰ পিনে ঢাপলি মেলে। তেওঁলোকে মতপোষণ কৰিছিল যে প্ৰশাসনৰ যিয়ে আৰ্হি নহওক কিয় ই সদায় প্রশাসনে।

অৱশ্যে এই দুয়ো ক্ষেত্ৰতে লোক প্রশাসনে ইয়াৰ স্বতন্ত্র সত্তা হেৰুৱাই এটা বৃহত্তৰ শাস্ত্ৰৰ অন্তৰ্ভুক্ত হৈ পৰে। তদুপৰি দ্বিতীয় বিশ্বযুদ্ধৰ কালত লোক প্ৰশাসনৰ ক্ষেত্ৰত নতুন পৰিৱৰ্তনৰ সুচনা হয়। ইয়াত লোক প্রশাসনৰ সামাজিক চৰিত্ৰ অনুধাৱন কৰাৰ ওপৰত গুৰুত্ব আৰোপ কৰা হৈছিল।

পঞ্চম পর্যায় (১৯৭১-১৯৮০) : লোক প্রশাসনে পূর্বৱর্তী যুগৰ অনিশ্চয়তা সত্ত্বেও ইয়াৰ পঞ্চম পৰ্যায়ত যথেষ্ট সমৃদ্ধি লাভ কৰিছে। লোক প্ৰশাসনে ইয়াৰ সমৃদ্ধিত আন বিষয়সমূহৰ প্ৰতিও গুৰুত্ব দিবলৈ ধৰে আৰু পণ্ডিতসকলে ইয়াক আন্তঃশাস্ত্রীয় (Inter-disciplinary) ৰূপে আখ্যা দিয়ে।

ষষ্ঠ দশকৰ শেষৰ পৰা লোক প্ৰশাসনৰ ৰাজনীতি বিজ্ঞান আৰু অন্যান্য সমাজ বিজ্ঞানৰ সৈতে আন্তঃশাস্ত্র সম্পর্ক গঢ়ি তোলাৰ চেষ্টা কৰা হয়। ষষ্ঠ দশকৰ শেষৰ ফালে আমেৰিকাত লোক প্রশাসন আলোচনা কৰাৰ ক্ষেত্ৰত যি পৰিৱৰ্তন আহিছিল তাক “নতুন লোক প্রশাসন” (New Public Administration) বুলি আখ্যা দিয়া হয়। ইয়াৰ মূল মন্ত্ৰ হ’ল সামাজিক সমস্যাৰ প্ৰতি প্ৰশাসকসকলক সচেতন কৰা।

১৯৭১ চনত ফ্রান্স মেৰিনীৰ সম্পাদিত “Towards A New Public Administration” আৰু ডুইট ওৱাল্ডোৰ সম্পাদিত “Public Administration in a time of Turbulence” গ্ৰন্থ দুখনে এই নতুন দৃষ্টিভংগী প্ৰতিষ্ঠাৰ ক্ষেত্ৰত বৰঙণি যোগায়। গতিকে ১৯৭১ চনত নতুন লোক প্রশাসন (New Public Administration) নামটোৱে লোক প্রশাসনৰ পৰিভাষাত এক বিশেষ স্থান লাভ কৰে।

লোক প্ৰশাসনৰ এই স্তৰত নতুন লোক প্রশাসনে চাৰিটা বিষয়ৰ ওপৰত গুৰুত্ব দিছে। সেইকেইটা হ’ল—

(ক) প্রাসংগিকতা (Relevance)।

(খ) মূল্যবোধ (Values)।

(গ) সামাজিক সমতা (Social Equity)।

(ঘ) পৰিৱৰ্তন (Change)।

ষষ্ঠ পর্যায় (১৯৮০-১৯৮১) : লোক প্ৰশাসনৰ বিকাশৰ এই পৰ্যায়টোত তুলনামূলক ধাৰাৰ নৱ-উন্মেষৰ সুযোগ সৃষ্টি হয়। ১৯৮১ চনত চাৰ্লছ, ডি. গুডচেলৰ প্ৰবন্ধ “The New Comparative Administration : A proposal” প্রবন্ধটিয়ে তুলনামূলক লোক প্ৰশাসনৰ পৰিসৰৰ ক্ষেত্ৰ বিস্তাৰ কৰাৰ পোষকতা কৰে।

ফেৰেল হেইডীৰ মতে লোক প্রশাসনে এনে সন্ধিক্ষণত পুৰণি কাম-কাজৰ বিচাৰ-খোচাৰ কৰি থকাতকৈ আগবাঢ়ি যোৱাৰহে বিশাল পৰিকল্পনা কৰা উচিত, যাতে নতুন নতুন দিশৰ উন্মোচন হয়।

জঙ. এছ. জুন (Jong S. Jun) ত পৰামৰ্শ দিছে যে, আন্তঃসাংস্কৃতিক পর্যায়ত সাংগঠনিক পৰিৱৰ্তন আৰু সাংগঠনিক বিকাশৰ তুলনামূলক পদ্ধতি আৰু কৌশলসমূহ লোক প্রশাসনে গ্ৰহণ নকৰা বা কৰিব নোৱাৰাৰ বাবে সত্তৰৰ দশকত ই বিপর্যয়ৰ সন্মুখীন হৈছিল। সেয়ে পুনৰুত্থানৰ সময়ত এই বিষয়সমূহলৈ দৃষ্টি দিয়া উচিত।

সপ্তম পর্যায় (১৯৯২- বৰ্তমানলৈ) : লোক প্ৰশাসনৰ বিকাশত লাহে লাহে বিশ্বায়ন (Globalization)ৰ প্ৰভাৱ পৰিবলৈ ধৰে। বহু চিন্তাবিদে মতপোষণ কৰে যে উদাৰতাবাদৰ নীতিৰে বজাৰ অৰ্থনীতিৰ প্ৰভাৱ বৃদ্ধি পোৱাৰ বাবে এই পৰ্যায়ত লোক প্ৰশাসনৰ গুৰুত্ব কমিবলৈ ধৰিছে।

১৯৯২ চনত ডেভিদ ওছবর্ণ (David Osborne) আৰু টেড গেবলাৰ (Ted Gaebler) নামৰ দুজন চিন্তাবিদে “Reinventing Government : How the Entrepreneurial Spirit is Transforming the Public Sector” নামৰ গ্ৰন্থ প্ৰকাশ কৰি উলিয়ায়। এই গ্ৰন্থখনে চৰকাৰৰ কাৰ্যাৱলী সম্পর্কে নতুন ব্যাখ্যা আগবঢ়াই লোক প্ৰশাসনৰ অধ্যয়নত যুগান্তকাৰী পৰিৱৰ্তনৰ সূচনা কৰে।

এই পৰ্যায়ৰ দুটা উল্লেখযোগ্য ধাৰণা হৈছে—

(ক) নতুন লোক ব্যবস্থাপনা (New Public Management)।

(খ) সুশাসন (Good Governance)।

গতিকে দেখা যায় লোক প্রশাসনে এই বিভিন্ন পৰ্যায়ৰ মাজেৰে আহি আজিৰ ৰূপ লাভ কৰিছে। কিন্তু বর্তমানো ইয়াৰ বিকাশ স্তব্ধ হৈ পৰা নাই। সামাজিক প্ৰয়োজনৰ পৰিপ্ৰেক্ষিতত ইয়াৰ পৰিধিৰ পৰিৱৰ্তন হৈ আছে।

১৫। চৰকাৰী প্ৰশাসন আৰু বেচৰকাৰী প্ৰশাসনৰ মাজত পাৰ্থক্য আলোচনা কৰা।

উত্তৰঃ লোক প্রশাসনে সাধাৰণতে চৰকাৰী প্ৰশাসনক বুজায়। কেন্দ্ৰীয় ৰাজ্যিক, স্থানীয় বা বিধিগত অনুষ্ঠানসমূহে যি প্ৰশাসন পৰিচালনা কৰে তাক লোক প্রশাসন বোলা হয়।

আনহাতে বেচৰকাৰী প্ৰশাসন বুলি ক’লে কোনো ব্যক্তি, ব্যক্তিসমষ্টি বা বেচৰকাৰী অনুষ্ঠানে চলোৱা প্ৰশাসনক বুজা যায়।

চৰকাৰী প্ৰশাসন আৰু বেচৰকাৰী প্ৰশাসনৰ মাজৰ পাৰ্থক্যসমূহ তলত উল্লেখ কৰা হ’ল—

(ক) হার্বার্ট ছাইমন (Herbert Simon) ৰ মতে চৰকাৰী প্ৰশাসন আমোলাতন্ত্ৰৰ ওপৰত নির্ভৰশীল। এই প্রশাসন আমোলাতান্ত্রিক নিয়ম-কানুনৰ মাজত সীমাবদ্ধ। কিন্তু বেচৰকাৰী প্রশাসন অধিক পৰিমাণে ব্যৱসায়ী মনোবৃত্তিসম্পন্ন। এই প্রশাসন ব্যৱস্থাত নীতি-নিয়মৰ জটিলতা নাই আৰু আমোলাসকলৰ ওপৰত ইমান নিৰ্ভৰশীল নহয় ।

(খ) চৰকাৰী প্ৰশাসন সদায় নিৰপেক্ষ হৈ থাকিব লাগে। প্রশাসকসকলে কোনো দিনে পক্ষপাতিত্ব কৰিব নোৱাৰে। কিন্তু বেচৰকাৰী প্ৰশাসনত পক্ষপাতিত্ব চলে। ইয়াৰ বিৰুদ্ধে কোনেও বেছি প্রতিবাদ কৰিব নোৱাৰে।

(গ) চৰকাৰী প্ৰশাসন জনস্বাৰ্থ ৰক্ষা কৰিবৰ বাবেহে গঠন কৰা হয়। কিন্তু বেচৰকাৰী  প্রশাসন সকলোকে সেৱা কৰিবৰ বাবে গঠন কৰা নহয়। সকলো ৰাইজক সেৱা কৰা ইয়াৰ মূল লক্ষ্য নহয়।

(ঘ) লোক প্ৰশাসনৰ কৰ্তৃত্ব আৰু মৰ্যাদা বেচৰকাৰী প্ৰশানতকৈ বহুতো বেছি। বেচৰকাৰী প্ৰশাসনক চৰকাৰী প্ৰশাসনে নানাভাবে নিয়ন্ত্রণ কৰিব পাৰে।

(ঙ) জোছিয়া ষ্টাম্পে কৈছে যে লোক প্রশাসন কিছুমান আইনৰ দ্বাৰা পৰিচালিত হয়। আইনৰ স্ৰষ্টা হিচাপে আইন সভাই প্রশাসনে আইন পালন কৰিছে নে নাই, তাৰ প্ৰতি নজৰ ৰাখে। ইয়াৰ ফলত বহুতো সময়ত শাসন বিভাগে আইন সভাৰ পূৰ্বে অনুমোদন নোহোৱাকৈ কোনো কাম কৰিব নোৱাৰে। কিন্তু বেচৰকাৰী প্ৰশাসনত এনে ধৰণৰ কোনো পূর্ব অনুমোদনৰ প্রয়োজন নহয়। ইয়াৰ ওপৰত আইন সভাৰ প্ৰত্যক্ষ নিয়ন্ত্রণ ক্ষমতা নাই।

(চ) জোছিয়া ষ্টাম্পে আকৌ কৈছে যে লোক প্ৰশাসনৰ কাৰ্যাৱলী এটা সুনির্দিষ্ট দায়িত্ব আৰু নীতিৰ পৰিপ্ৰেক্ষিতত পৰিচালিত হয়। কিন্তু বেচৰকাৰী প্ৰশাসন তেনেধৰণৰ কোনো নীতিৰ দ্বাৰা পৰিচালিত নহয়। বেচৰকাৰী প্ৰশাসনৰ সামাজিক বা ৰাজনৈতিক দায়বদ্ধতা নাই।

(ছ) লোক প্রশাসন দেশৰ সকলোবিলাক বিষয়ৰ সৈতে জড়িত। ই জনসাধাৰণৰ সৰু-বৰ সকলো সমস্যাৰ প্ৰতি চকু দিব লাগিব। জনসাধাৰণৰ জীৱন আৰু সম্পত্তি ৰক্ষা কৰা ইয়াৰ বিশেষ দায়িত্ব। কিন্তু বেচৰকাৰী প্ৰশাসনৰ পৰিসৰ ঠেক। জনসাধাৰণৰ সকলো বিষয়ৰ লগত ই সম্পর্কীত নহয়।

(জ) অধ্যাপক মাৰ্ছনৰ মতে লোক প্ৰশাসনৰ উদ্দেশ্য আর্থিক লাভালাভ নহয়। সমাজ সেৱাই হৈছে ইয়াৰ প্ৰধান উদ্দেশ্য। কিন্তু বেচৰকাৰী প্ৰশাসনৰ মূল উদ্দেশ্য হ’ল আর্থিক লাভালাব কৰা। কলো ক্ষেত্ৰতে এই প্রশাসন এনে মনোবৃত্তিৰ দ্বাৰা পৰিচালিত হয়।

(ঝ) জোছিয়া ষ্টাম্পৰ মতে লোক প্ৰশাসনৰ এটা সুনির্দিষ্ট নীতি আছে আৰু ই আইনানুসাৰে পৰিচালিত হয়। প্রশাসনে আইন ভংগ কৰিব নোৱাৰে। কিন্তু বেচৰকাৰী প্ৰশাসনত তেনে সুনির্দিষ্ট নীতি নাই বাবে আইনৰ কটকটীয়া বান্ধোনৰ মাজত নাথাকে। ই প্ৰয়োজন সাপেক্ষে নীতি-নিয়ম সাল-সলনি কৰিব পাৰে।

(ঞ) দায়বদ্ধতাই লোক প্ৰশাসনক ব্যক্তিগত প্ৰশাসনৰ পৰা পৃথক কৰি ৰাখিছে। কোনো ব্যক্তিগত প্ৰশাসনৰ কৰ্তৃপক্ষ নিজৰ কামৰ বাবে জনসাধাৰণৰ ওচৰত জবাবদিহি নহয়। কিন্তু লোক প্রশাসন জনসাধাৰণৰ ওপৰত দায়িত্বশীল।

১৬। চৰকাৰী আৰু বেচৰকাৰী প্ৰশাসনৰ মাজত থকা সাদৃশ্যসমূহ আলোচনা কৰা।

উত্তৰঃ চৰকাৰী আৰু বেচৰকাৰী প্ৰশাসনৰ মাজত বহুতো সাদৃশ্য থকা দেখা যায়। সেইসমূহ হ’ল—

(ক) উমৈহতীয়া লক্ষ্য : চৰকাৰী আৰু বেচৰকাৰী উভয়ৰে লক্ষ্য একে বুলিব পাৰি। জনসাধাৰণৰ চাহিদা আৰু প্ৰয়োজন অনুসৰিহে চৰকাৰী প্ৰশাসনে কাম কৰিব লাগে। কিন্তু বেচৰকাৰী প্ৰশাসনেও ৰাইজৰ চাহিদা আৰু প্ৰয়োজনক উপেক্ষা কৰি কাম কৰিব নোৱাৰে।

(খ) সমদক্ষতা : চৰকাৰী আৰু বেচৰকাৰী দুয়োটা প্রশাসনতে দক্ষতা থকাটো নিতান্তই প্রয়োজনীয়। দক্ষতা অবিহনে দুয়োটা প্ৰশাসনে কাৰ্য কৰাত অসমৰ্থ হ’ব।

(গ) পৰিচালনাৰ নীতি : চৰকাৰী আৰু বেচৰকাৰী উভয় প্রশাসনকে পৰিচালনাৰ বাবে কিছুমান পূৰ্বনিৰ্ধাৰিত নীতিৰ প্ৰয়োজন। এই নীতি অবিহনে প্রশাসন কার্যত বেমেজালিৰ সৃষ্টি হয়।

(ঘ) শ্রেণীবিভাগ : চৰকাৰী আৰু বেচৰকাৰী উভয় প্রশাসনতে শ্রেণীবিভাগ থাকে। কার্য পৰিচালনাৰ বাবে বিভিন্ন কৰ্মচাৰীক কাৰ্যাৱলী ভাগ কৰি দিয়া হয়।

(ছ) একে ধৰণৰ কাম : চৰকাৰী আৰু বেচৰকাৰী উভয়ৰে কামত সাদৃশ্য থকা দেখা যায়। উদাহৰণস্বৰূপে চৰকাৰী প্ৰশাসনৰ ইঞ্জিনিয়াৰ বা প্ৰশাসকে যি কাম কৰে বেচৰকাৰী প্ৰশাসনৰ ইঞ্জিনিয়াৰ এজনেও একে ধৰণৰ কাম কৰে।

(চ) জনসাধাৰণৰ সেৱা : দুয়ো প্ৰশাসনৰ মূল লক্ষ্য হ’ল জনসাধাৰণক সেৱা কৰা। দুয়োবিধ প্ৰশাসনৰ মাজত দৃষ্টিভংগীৰ ফালৰ পৰা পাৰ্থক্য থাকিলেও দুয়োৰে লক্ষ্য হ’ল বৃহৎসংখ্যক জনসাধাৰণক ভালদৰে সেৱা কৰা আৰু তেওঁলোকক সকলো প্ৰকাৰে সন্তুষ্ট ৰখা।

১৭। গণতন্ত্ৰত লোক প্ৰশাসনৰ গুৰুত্ব সম্পর্কে আলোচনা কৰা।

উত্তৰঃ সকলো  ধৰণৰ ৰাষ্ট্ৰতে লোক প্ৰশাসনৰ গুৰুত্ব থকা দেখা যায়। কিন্তু গণতন্ত্ৰত লোক প্রশাসনৰ গুৰুত্ব সর্বাধিক। গণতান্ত্ৰিক চৰকাৰ ব্যৱস্থাত ৰাইজেই হৈছে মূল। গতিকে ৰাইজৰ প্রয়োজন পূৰণৰ বাবে আৰু তেওঁলোকক সুস্থিৰ পৰিবেশ এটি দিয়াৰ বাবে এক সবল শৃংখলিত নীতি বা কার্যপন্থা প্রয়োজন, যিটো কেবল লোক প্রশাসনেহে পূৰ কৰিব পাৰে।

তলত গণতন্ত্ৰত লোক প্ৰশাসনৰ গুৰুত্ব বা প্রয়োজনীয়তাসমূহ উল্লেখ কৰা হ’ল—

(ক) গণতান্ত্ৰিক ৰাষ্ট্ৰ এখনত জনসাধাৰণৰ কল্যাণৰ বাবে নীতি নির্ধাৰণ তথা তাক কাৰ্যকৰীকৰণৰ বাবে সুদক্ষ আমোলাসকলৰ প্ৰয়োজন।

(খ) গণতান্ত্রিক অৱস্থাত সঘনে চৰকাৰ সলনি হয়। গতিকে এনে অৱস্থাত লোক প্রশাসনে শাসনব্যৱস্থাৰ ধাৰাবাহিকতা ৰক্ষা কৰি দায়িত্ব পালন কৰে।

(গ) গণতন্ত্ৰত ৰাজনৈতিক নেতাসকলৰ প্ৰশাসন সম্পৰ্কীয় অভিজ্ঞতা মুঠেই কম, গতিকে সকলো বিষয়তে লোক প্ৰশাসনৰ ওপৰত নিৰ্ভৰ কৰে।

(ঘ) গণতন্ত্ৰত দলীয় ৰাজনীতিয়ে প্রশাসনত বা জন জীৱনত বাধা জন্মাব পাৰে। দলীয় স্বাৰ্থৰ বাবে জনহিতৰ কাম সফল নহবও পাৰে। গতিকে এনে ক্ষেত্ৰত লোক প্রশাসনৰ নিৰপেক্ষ ভূমিকাৰ অতি আবশ্যক।

(ঙ) প্রশাসকসকলে জনসাধাৰণৰ সমস্যাসমূহ ভালদৰে অনুধাৱন কৰি তাৰ ওপৰত চৰকাৰৰ দৃষ্টি আৰোপ কৰাব পাৰে। কিয়নো লোক প্রশাসকসকলে প্ৰশিক্ষণ আৰু সামৰ্থৰ দ্বাৰা সেই বিষয়ত দক্ষতা অর্জন কৰে।

(চ) প্রকৃত অর্থত গণতান্ত্রিক ব্যৱস্থাত লোক প্রশাসকসকল নিকা, নিস্বাৰ্থ, সৎ আৰু সুদক্ষ হ’লেহে গণতন্ত্র সফল হ’ব পাৰে। তেওঁলোকৰ দক্ষতা আৰু সততাৰ ওপৰত দেশখনৰ উন্নতি নিৰ্ভৰ কৰে।

(ছ) আইন আৰু শৃংখলা অবিহনে মানুহে সমাজত জীয়াই থাকিব নোৱাৰে। গতিকে চৰকাৰে লোক প্ৰশাসনৰ জৰিয়তে ব্যক্তিক সুৰক্ষা প্ৰদান কৰে।

১৮। লোক প্ৰশাসনক কলা বুলি অভিহিত কৰাৰ কাৰণসমূহ লিখা।

উত্তৰঃ বহু চিন্তাবিদৰ মতে লোক প্ৰশাসনক বিজ্ঞান বুলি মানি লোৱাটো সম্ভৱ নহয়। প্রশাসন। এক কলাহে। লোক প্রশাসনক কলা বুলি অভিহিত কৰাৰ সপক্ষে যুক্তিসমূহ তলত দিয়া ধৰণৰ–

(ক) মানৱ সমাজৰ লগত সম্পর্ক: লোক প্রশাসনৰ অধ্যয়নৰ ক্ষেত্ৰ হৈছে মানৱ সমাজ। প্ৰতিখন সমাজৰে পৰিৱেশ, চিন্তাধাৰা বেলেগ বেলেগ। গতিকে মানৱ সমাজৰ ক্ষেত্ৰত এটা বৈজ্ঞানিক সূত্ৰ আৱিষ্কাৰ কৰাটো সম্ভৱ নহয়।

(খ) লোক প্রশাসন আদৰ্শৰ লগত জড়িত: লোক প্ৰশাসনৰ সমাজৰ সামাজিক দর্শন, উদ্দেশ্য, নৈতিকতা আদিৰ সৈতে নিবিড় সম্বন্ধ আছে। সমাজখনক উন্নতিৰ পথত আগুৱাই নিয়াটোৱেই ইয়াৰ মূল উদ্দেশ্য। কিন্তু বিজ্ঞান আদৰ্শৰ ওপৰত প্ৰতিস্থিত নহয়।

(গ) যথাৰ্থতা আৰু সাৰ্বজনীনতাৰ অনুপস্থিতি: বিজ্ঞানৰ মূল উপাদান হ’ল যথার্থতা, ভৱিষ্যতবাণী আৰু সাৰ্বজনীনতা। কিন্তু লোক প্ৰশাসনৰ ক্ষেত্ৰত এই উপাদান কেইটাৰ অনুপস্থিতি পৰিলক্ষিত হয়।

১৯। লোক প্রশাসন আৰু ৰাজনীতি বিজ্ঞানৰ মাজত থকা সম্পৰ্ক ব্যাখ্যা কৰা।

উত্তৰঃ লোক প্ৰশাসনে চৰকাৰৰ প্ৰশাসনিক কাম-কাজৰ লগত জড়িত হৈ থাকে। পিফনাৰে মন্তব্য কৰিছে যে লোক প্রশাসন ৰাজহুৱা আঁচনি ৰূপায়ণৰ বাবে কৰা এটা সংঘবদ্ধ প্রচেষ্টা। চৰকাৰৰ প্ৰশাসনিক সংস্থাসমূহে কৰিব পৰা সকলো ধৰণৰ কাম-কাজ ই সামৰি লয়।

লোক প্রশাসন প্ৰকৃততে ৰাজনীতি বিজ্ঞানৰ এক অংশ যদিও ইয়াক বর্তমান এটা পৃথক বিষয় হিচাপে গণ্য কৰা হয়। বহল অর্থত, লোক প্রশাসনে চৰকাৰৰ বিভিন্ন বিভাগৰ কাম-কাজসমূহক অন্তৰ্ভুক্ত কৰে আৰু ঠেক অর্থত, ই কেবল প্রশাসনৰ প্ৰশাসনিক বিভাগৰ কাৰ্যকহে বুজায়, যিয়ে নীতি কার্যত ৰূপায়ণ কৰে।

নীতি নিৰ্দ্ধাৰণ কাৰ্যটো চৰকাৰৰ ৰাজনৈতিক কাৰ্যত অন্তৰ্ভুক্ত কৰা হৈছিল আৰু নীতিসমূহ কার্যত ৰূপায়ণক প্রশাসনিক কার্যৰ ভিতৰত বিবেচনা কৰা হৈছিল আৰু ইচৰকাৰৰ দুটা বিভাগৰ মাজৰ এই পাৰ্থক্যই লোক প্ৰশাসনক এক পৃথক বিষয় ৰূপে জন্ম হোৱাত অৰিহণা যোগায়।

লোক প্ৰশাসন আৰু ৰাজনীতি বিজ্ঞানৰ মাজৰ সম্পৰ্কসমূহ হ’ল—

(ক) লোক প্রশাসন ৰাজনীতি বিজ্ঞানৰে এক অংশ। ৰাজনীতি বিজ্ঞানে লোক প্রশাসনক সেই ক্ষেত্ৰখন প্ৰদান কৰে যাৰ ওপৰত লোক প্রশাসনে নিজৰ কাৰ্য সাধন কৰে।

(খ) লোক প্ৰশাসন আৰু ৰাজনীতি বিজ্ঞান উভয়ে সমাজ বিজ্ঞানৰ অংশ। 

(গ) ৰাজনীতি বিজ্ঞানে নীতি নির্মাণ কার্যত আৰু লোক প্রশাসনে সেই নীতি কার্যত ৰূপায়ণ কৰাত সহায় কৰে।

(ঘ) এখন দেশৰ ৰাজনৈতিক পৰিবেশে ইয়াৰ প্ৰশাসনিক ব্যৱস্থাৰ চৰিত্ৰ আৰু কাৰ্য গঢ়ি তোলে।

(ঙ) লোক প্রশাসকসকলে ৰাজনৈতিক নেতাসকলৰ সহযোগিতা আৰু নিৰ্দেশাৱলীৰ জৰিয়তে কার্য সম্পাদন কৰে।

(চ) এনে কিছুমান উমৈহতীয়া অধ্যয়নৰ ক্ষেত্ৰ আছে যিয়ে লোক প্ৰশাসন আৰু ৰাজনীতি বিজ্ঞানক বেছি ঘনিষ্ঠ কৰিছে যেনে– সাংবিধানিক আইন, প্রশাসনিক আইন, চৰকাৰী বাজেট, স্থানীয় প্রশাসন ইত্যাদি।

(ছ) ৰাজনীতি বিজ্ঞান চৰকাৰৰ সৈতে জড়িত, সেইদৰে লোক প্রশাসন চৰকাৰৰ কাৰ্যৰ সৈতে জড়িত।

লোক প্ৰশাসন আৰু ৰাজনীতি বিজ্ঞানৰ মাজৰ পাৰ্থক্য—

(ক) লোক প্রশাসন মূর্ত বিষয়, আনহাতে ৰাজনীতি বিজ্ঞান বিমূর্ত।

(খ) ৰাজনীতি বিজ্ঞানৰ পৰিসৰ, লোক প্ৰশাসনৰ পৰিসৰতকৈ বহুল। কিয়নো লোক প্রশাসন ৰাজনীতি বিজ্ঞানৰ এটা অংশহে।

(গ) লোক প্রশাসন ব্যৱহাৰিক আনহাতে ৰাজনীতি বিজ্ঞান তাত্ত্বিক। অন্য কথাত ক’বলৈ হ’লে লোক প্রশাসন হৈছে, প্ৰশাসনৰ প্ৰকৃত ক্ষেত্ৰ আনহাতে ৰাজনীতি বিজ্ঞান হ’ল চৰকাৰৰ। বিশ্লেষণ।

(ঘ) ৰাজনীতি বিজ্ঞান নিৰাপত্তাৰ আৰু ক্ষমতা আহৰণৰ যুঁজ, আনহাতে লোক প্রশাসন নিজে সেই ক্ষমতা প্রয়োগত জড়িত যাৰ দ্বাৰা নীতিসমূহ কাৰ্যত ৰূপায়ণ কৰা হয়।

(ঙ) ৰাজনীতি বিজ্ঞান নৈতিক, সেয়েহে মূল্যবোধ প্রবুদ্ধ আনহাতে লোক প্রশাসন। তথ্যভিত্তিক আৰু কাৰিকৰী বিষয়। 

২০। সাম্প্রতিক আধুনিক সমাজত লোক প্ৰশাসনৰ ভূমিকা সম্পৰ্কে লিখা।

উত্তৰঃ সুশৃংখলিত প্ৰশাসন ব্যৱস্থা অবিহনে দেশ এখনৰ পৰিচালনা সম্ভৱ নহয়। দেশ এখন শান্তি, নিৰাপত্তা, বিকাশ আদি লোক প্ৰশাসনৰ দক্ষতাৰ ওপৰত নিৰ্ভৰ কৰে। সাম্প্ৰতিক সময়ত বিজ্ঞান, প্রযুক্তিৰ বিকাশৰ লগতে মানুহৰ আশা-আকাংক্ষাও বৃদ্ধি পাইছে। গতিকে মানুহৰ প্রয়োজনসমূহৰ পূৰণৰ বাবে চৰকাৰে লোক প্ৰশাসনৰ কাৰ্যকাৰিতাৰ ওপৰত নিৰ্ভৰ কৰিব লগা হয়।

আধুনিক সমাজত লোক প্ৰশাসনৰ ভূমিকা তলত দিয়া ধৰণৰ—

(ক) লোক প্রশাসন হৈছে চৰকাৰৰ মূল ভেটি; লাগিলে এই চৰকাৰ ব্যৱস্থা ৰাজতন্ত্র, গণতন্ত্র নাইবা সাম্যবাদী শাসনে নহওক কিয়। 

(খ) চৰকাৰৰ দ্বাৰা বনোৱা আইন, আঁচনি আদিৰ কাৰ্যত ৰূপায়ণ কৰাৰ বাবে লোক প্রশাসনে এক আহিলা বা মাধ্যম হিচাপে কাম কৰে।

(গ) লোক প্রশাসনে সামাজিক পৰিৱৰ্তন আৰু অৰ্থনৈতিক বিকাশৰ মাধ্যম হিচাপে কাম কৰে, বিশেষকৈ তৃতীয় বিশ্বৰ দেশত যিয়ে দেশৰ নিৰ্মাণৰ কাৰ্যত লিপ্ত হৈ আছে।

(ঘ) লোক প্রশাসনে বিশেষকৈ উন্নয়নশীল দেশসমূহৰ বাবে জাতীয় সংহতিৰ আহিলা হিচাপে কাম কৰে।

(ঙ) ই জনসাধাৰণক বিভিন্ন সেৱা যেনে— শিক্ষা, স্বাস্থ্য, যাতায়াত আদি আগবঢ়োৱাত দেশৰ আহিলা হিচাপে কাম কৰে।

(চ) লোক প্ৰশাসনে চৰকাৰ পৰিৱৰ্তনৰ সময়ত স্থিতাৱস্থা বাহাল ৰাখি দেশ পৰিচালনা কৰাত সহায় কৰে।

Gerald Caiden-এ তেওঁৰ ‘The Dynamic of Public Administration’ নামৰ কিতাপখনত আধুনিক সমাজত লোক প্ৰশাসনৰ ভূমিকা সম্পর্কে উল্লেখ কৰিছে।

(১) আঁচনিৰ সংৰক্ষণ।

(২) সুস্থিৰতা আৰু নিয়মানুবর্তিতা অটুট ৰখা।

(৩) সামাজিক-অর্থনৈতিক পৰিবৰ্তনৰ আহিলা।

(৪) বৃহৎ বাণিজ্যিক সেৱাৰ পৰিচালনা।

(৫) অর্থনৈতিক বিকাশ আৰু উন্নয়ন সাধন।

(৬) সমাজৰ দুৰ্বল শ্ৰেণীৰ ৰক্ষণাবেক্ষণ। 

(৭) ৰাজহুৱা মতামত গঠন। 

(৮) ৰাজহুৱা নীতি আৰু ৰাজনৈতিক ধাৰাক প্ৰভাৱিত কৰা। 

২১। ৱাকাৰে (Walkar) প্ৰশাসনৰ কাৰ্যসমূহক কি কি ভাগত বিভক্ত কৰিছে? আলোচনা কৰা।

উত্তৰঃ বাকাৰে (Walkar) প্ৰশাসনৰ কাৰ্যসমূহ ১০টা প্ৰধান ভাগত ভাগ কৰিছে।

(ক) ৰাজনৈতিক কার্য : ৰাজনৈতিক কাৰ্যৰ দিশটোৱে কাৰ্যপালিকা আৰু বিধানমণ্ডলৰ সম্বন্ধ, মন্ত্ৰী পৰিষদৰ ৰাজনৈতিক আৰু প্ৰশাসনিক কার্যাৱলী, মন্ত্রী আৰু লোকসেৱকৰ সম্পৰ্ক আদিক বুজায়।

(খ) আইন প্রণয়ন কার্য : কোনো বিল বিধানমণ্ডলত উত্থাপন কৰিবৰ বাবে আৱশ্যকীয় প্রশাসনিক প্রস্তুতি আৰু বিলখনে বিধানমণ্ডলত সকলো পৰ্যায় অতিক্ৰম কৰি আইনত পৰিণত হোৱালৈকে প্ৰশাসনিক দায়িত্ব অব্যাহত থাকে।

(গ) বিত্তীয় কার্য : সমগ্র বিত্তীয় প্রশাসনেই বিত্তীয় কাৰ্যৰ ভিতৰত পৰে। যেনে-বাজেট প্রস্তুতি, কাৰ্যকৰীকৰণ, হিচাপ ৰখা, পৰীক্ষা আৰু ৰাজকোষ পৰিচালনা আদি।

(ঘ) প্ৰতিৰক্ষা কার্য : এই কাৰ্যই সামৰিক প্ৰশাসনক বুজায়।

(ঙ) শৈক্ষিক কার্য : সকলো ধৰণৰ শিক্ষা সম্বন্ধীয় কাৰ্য এই দিশত অন্তৰ্ভুক্ত কৰা হৈছে।

(চ) সামাজিক প্রশাসন : খাদ্য, গৃহ, সামাজিক নিৰাপত্তা, নিয়োগ আদি কাৰ্যসমূহ এই সামাজিক প্ৰশাসনৰ ভিতৰত পৰে।

(ছ) অর্থনৈতিক প্রশাসন : উদ্যোগ আৰু কৃষিৰ উন্নতি সাধন, বৈদেশিক বাণিজ্য, নিগম নিয়ন্ত্রণ আদিক অর্থনৈতিক প্ৰশাসনৰ অন্তৰ্ভুক্ত কৰা হয়।

(জ) বৈদেশিক প্রশাসন : বৈদেশিক প্ৰশাসনৰ ভিতৰত বৈদেশিক পৰিক্ৰমা বিভাগ, কূটনীতি, আন্তর্জাতিক সস্থাসমূহৰ পৰিচালনা আহি পৰে।

(ঝ) সাম্রাজীয় প্রশাসন : এটা জাতিয়ে আন এটা জাতিক শাসন কৰোতে আৱশ্যকীয় নীতিসমূহ আৰু উদ্ভৱ হোৱা সমস্যাৰাজিক বুজায়।

(ঞ) স্থানীয় প্রশাসন : লোক প্রশাসনে স্থানীয় অধিকাৰৰ কাৰ্যাৱলীক বুজায়।

২২। লোক নীতিৰ যিকোনো এটা আৰ্হি সম্পর্কে লিখা।

উত্তৰঃ বিতৰণমূলক নীতি : বিতৰণমূলক নীতি সমাজৰ বিশেষ শ্ৰেণীৰ বাবে যুগুত কৰা হয়। ৰাজসাহায্য আৱণ্টন, শিক্ষাৰ ক্ষেত্ৰত কৰ সুবিধা, কল্যাণমূলক বা স্বাস্থ্য সেৱা বা ৰাইজক প্ৰদান কৰা অন্যান্য সাহায্য আঁচনিসমূহ ইয়াৰ এক্টিয়াৰৰ অন্তর্ভুক্ত। বিতৰণমূলক নীতিৰ আৰু কেইটামান উদাহৰণ হ’ল— প্রাপ্তব্যাস্ত শিক্ষা আঁচনি, খাদ্য সুৰক্ষা, ৰাজহুৱা বীমা, সামাজিকভাবে অনগ্রসৰ ছাত্র-ছাত্রীক জলপানি প্ৰদান, বৃদ্ধ, শাৰীৰিক অক্ষম ব্যক্তিক সাহায্য প্রদান আদি।

২৩। নীতি নিৰ্ধাৰণত নিহিত হৈ থকা তিনিধৰণৰ কাৰ্যাৱলী কি কি লিখা। 

উত্তৰঃ প্ৰকৃততে নীতি নিৰ্দ্ধাৰণত তিনি ধৰণৰ কাৰ্যাৱলী নিহিত হৈ থাকে—

(ক) বৌদ্ধিক ক্রিয়া কলাপ (Intellectual Activity) অৰ্থাৎ কেনেধৰণৰ নীতি প্ৰস্তুত কৰা হ’ব আৰু প্ৰয়োগ কৰা হ’ব সেই সম্পৰ্কীয় জ্ঞান। নীতি-নিৰ্দ্ধাৰকৰ দক্ষতা আৰু তেওঁলোকৰ অভি প্ৰেৰণা আৰু বোধগম্যতা বুজি পোৱাৰ উপায়।

(খ) সামাজিক ক্রিয়াকলাপ (Social Activity) যেনে পূৰ্বৰ কৰ্মৰাজি নীতিসমূহ আৰু সামাজিক প্ৰমূল্যৰাজিৰ জ্ঞান।

(গ) বিকল্প নীতিৰ সুবিধা অসুবিধাৰ জ্ঞান আৰু উৎকৃষ্ট বিকল্পৰ সন্ধানৰ সামৰ্থতা।

Leave a Comment

Your email address will not be published. Required fields are marked *

Scroll to Top