Public Policy in India Unit 1 লোক নীতি আৰু বিশ্লেষণ

Public Policy in India Unit 1 লোক নীতি আৰু বিশ্লেষণ, College and University Answer Bank for BA, B.com, B.sc, and Post Graduate Notes and Guide Available here, Public Policy in India Unit 1 লোক নীতি আৰু বিশ্লেষণ Solutions to each Unit are provided in the list of UG-CBCS Central University & State University Syllabus so that you can easily browse through different College and University Guide and Notes here. Public Policy in India Unit 1 লোক নীতি আৰু বিশ্লেষণ Question Answer can be of great value to excel in the examination.

Public Policy in India Unit 1 লোক নীতি আৰু বিশ্লেষণ

Join Telegram channel

Public Policy in India Unit 1 লোক নীতি আৰু বিশ্লেষণ Notes cover all the exercise questions in UGC Syllabus. The Public Policy in India Unit 1 লোক নীতি আৰু বিশ্লেষণ provided here ensures a smooth and easy understanding of all the concepts. Understand the concepts behind every Unit and score well in the board exams.

২৪। এক কার্য আঁচনি (A plan of Action) কি ?

উত্তৰঃ The Oxford Advanced Learners’ Dictionary এ নীতি’ অভিধাটোক এক কার্য আঁচনি (A Plan of Action) হিচাপে সংজ্ঞায়িত কৰিছে। নীতি হৈছে এক কর্ম পৰিকল্পনা যাক নেকি সমূহীয়াভাৱে কোনো সংস্থা বা অভিকৰণ বা চৰকাৰ তথা ইয়াৰ প্ৰশাসনৰ দ্বাৰা সন্মিলিতভাবে সহমত পোষণ কৰে।

মেকিয়াভেলিৰ দৃষ্টিৰে নীতি হৈছে ক্ষমতাৰ ভিত্তি। ৰাজনৈতিক নেতাসকলে নীতি ৰূপায়ণৰ বিয়তে নির্বাচকসকলৰ দৃষ্টি আকৰ্ষণ কৰি কৰ্তৃত্ব আহৰণ কৰে। ডেভিদ ইষ্ট (David on)ৰ মতে, নীতি হৈছে ৰাজনৈতিক ব্যৱস্থাৰ উপপাদ আৰু লোক নীতি হৈছে সমগ্র বাবে মূল্যৰ কৰ্তৃত্বসম্পন্ন আৱন্টন।

২৫। নীতি মূল্যায়নৰ ধাৰণা সম্পৰ্কে লিখা।

উত্তৰঃ নীতি প্ৰক্ৰিয়াৰ নীতি মূল্যায়ন এক অতি গুৰুত্বপূৰ্ণ পৰ্যায়। দৰাচলতে, মূল্যায়নকৰণে নীতিৰ সংজ্ঞায়িত লক্ষ্য আৰু উদ্দেশ্যৰাজি পুৰণৰ ক্ষেত্ৰত কিমানদূৰ অগ্ৰসৰ হৈছে তাৰ প্ৰকৃতি আৰু বিস্তৃতি নিৰূপণৰ লগতে নীতিৰ উপযোগিতা পৰিমাপণৰ বেলিকা এক গুরুত্বপূর্ণ ভূমিকা গ্ৰহণ কৰে। নীতি/আঁচনিৰ মূলনীতিসমূহ লক্ষ্যৰাজি আৰু সফলতাৰ নৈৰ্ব্যক্তিক বিশ্লেষণৰ লগতে নীতি প্ৰক্ৰিয়াৰ মূলতঃ নীতি নিৰ্ধাৰণ আৰু কাৰ্যকৰীকৰণৰ লগত জড়িত বিষয়া তথ্য মানৱ সম্পদৰাজিৰ কৰ্মৰাজিৰ মূল্যায়নকৰণৰ লগত মূল্যায়ন প্ৰক্ৰিয়াটো জড়িত। চৰকাৰৰ বিভিন্ন আঁচনি, প্রকল্পসমূহ নিৰ্দিষ্ট নির্ধাৰিত গোটৰ আৰ্থ-সামাজিক উন্নয়নৰ বাবে ৰূপায়ণ কৰা হয়। প্ৰতিটো আঁচনিৰ বাবে নিৰ্ধাৰিত পুঁজি আবণ্টন কৰা হয়। সেই পুঁজিৰে নিৰ্দিষ্ট কার্য এক নিৰ্ধাৰিত সয়মৰ ভিতৰত সমাধা কৰাৰ ব্যৱস্থা কৰা হয়। মূল্যায়ন বুলিলে নির্দিষ্ট আবণ্টিত পুজি খৰছ কৰা হৈছেনে নাই? যাৰ উদ্দেশ্যে ধন ব্যয় কৰা হৈছে তেওঁলোক উপকৃত হৈছেনে নাই? প্রকল্পবোৰৰ গুণগত মানদণ্ড সঠিক হৈছেনে নাই? নিৰ্ধাৰিত সময়ৰ ভিতৰত কাৰ্য সম্পাদন হৈছেনে নাই ইত্যাদি প্ৰশ্নৰ উত্তৰবোৰৰ সমীক্ষা কৰাটোক বুজায়। মূল্যায়নৰ যোগেদি কাৰ্যৰ মানদণ্ড, কৃতকার্যতা, বিফলতাসমূহৰ পুনৰ পৰ্যালোচনা কৰা হয়।

২৬। লোক নীতি ৰূপায়নৰ প্ৰয়োজন আৰু তাৎপর্য সম্পর্কে লিখা।

উত্তৰঃ ৰূপায়ণকৰণ নীতি নিৰ্ধাৰণৰ পৰৱৰ্তী আৰু অত্যন্ত গুৰুত্বপূৰ্ণ পৰ্যায়। ৰূপায়ণকৰণ অবিহনে যিকোনো চৰকাৰী নীতি বা আঁচনি মাত্ৰ এটুকুৰা কাগজ হৈয়েই থাকিব আৰু সেয়া অপ্রয়োজনীয় আৰু বৃথা প্রচেষ্টা হৈয়েছে ৰ’ব। প্ৰকৃততে, কেতবোৰ নিৰ্ধাৰিত লক্ষ্য আৰু উদ্দেশ্য সাধনৰ নিমিত্তেহে চৰকাৰী নীতি, আঁচনিসমূহ নিৰ্ধাৰণ কৰা হয়। নীতি কাৰ্যকৰীকৰণে লোক নীতিক কৰ্ম আৰু বাস্তবতালৈ পৰ্যবেসিত কৰে। ই কেৱল এটা কাৰ্য আৰু লোক নীতিৰ কাৰ্যকৰী প্ৰয়োগ যিয়েই নেকি বিচৰা ফল আৰু সমাজৰ বা নিৰ্ধাৰিত গোটৰ বাবে সু-ফল আদায় কৰে।

ৰূপায়ণকৰণ হৈছে লোক নীতি আঁচনিৰ সন্নিবিষ্ট কৰ্ম আঁচনিৰ কাৰ্যকৰী অংশ। চৰকাৰে লোক নীতি নিৰ্ধাৰণ কৰাৰ সময়ত ইয়াৰ ৰূপায়ণৰ প্ৰক্ৰিয়া আৰু সময়সীমাও নিৰ্ধাৰণ কৰি দিয়ে।

চৰকাৰৰ সকলো লোক নীতি/আঁচনি কাৰ্যকৰীকৰণৰ দায়িত্ব আৰু কৰ্তব্য লোক প্ৰশাসনৰ হাতত ন্যস্ত থাকে। তাৰোপৰি লোক নীতিসমূহত নিৰ্ধাৰণ কৰা লক্ষ্য আৰু উদ্দেশ্যসমূহ যাতে ফলপ্রসূভাবে নিশ্চিত কৰা হয় তাৰো লোক প্ৰশাসনে নিশ্চয়তা প্ৰদান কৰিব লাগে। আঁচনি/নীতি ৰূপায়ণকৰণ কাৰ্য নীতি আৰু ইয়াৰ প্ৰয়োগৰ মাজত এখন সেতুস্বৰূপ হৈ পৰে যিয়েই নেকি প্ৰশাসনক লোক নীতিৰ হিতাধিকাৰী বা নিৰ্ধাৰিত গোটৰ ওচৰ চপাই নিয়াত সহায় কৰাৰ লগতে নীতিৰ নিৰ্ধাৰিত লক্ষ্য আৰু উদ্দেশ্যৰ দিশত ফলৱৰ্তী হোৱাৰ ক্ষেত্ৰত সঠিক পথৰ নির্দেশনা প্রদান কৰে।

২৭। লোক নীতিৰ তাৎপৰ্য সম্পৰ্কে লিখা।

উত্তৰঃ মূল্যায়নৰ প্ৰধান কাৰ্য হৈছে প্ৰকল্পই ইয়াৰ লক্ষ্য কিমানদূৰ সফল কৰিব পাৰিছে সফলতা বা বিফলতাৰ কাৰণ কি, নির্ধাৰিত ব্যয়তকৈ কিমান অধিক বা কম ব্যয় কৰা হৈছে। ইয়াৰ পৰা শিকিব লগা কি আছে ইত্যাদি প্রধান সমিধান বিচৰা মূল্যায়নৰ এটা গৌণ উদ্দেশে হৈছে প্ৰকল্পৰ কৃতকাৰ্যতাৰ বাবে ল’বলগা যাৱতীয় পৰামৰ্শ দান কৰা। চলিত মূল্যায়নৰ উদ্দেশ হৈছে আঁচনিত উল্লেখ কৰা ধৰণে প্ৰকল্পৰ কাম সময়মতে, নির্ধারিত খৰচত, ৰূপায়ণ করা হৈছেনে নাই তাৰ বিচাৰ কৰা, যদি আঁচনি অনুসৰি কাম হোৱা নাই তেন্তে ইয়াৰ কাৰণ বিশ্লেষণ কৰা আৰু ফলাফল বিচাৰ কৰা চলিত মূল্যায়নৰ উদ্দেশ্য।

(ক) নীতি মূল্যায়নৰ দ্বাৰা নীতি কাৰ্যকাৰীকৰণ আৰু তাৰ প্ৰকৃত কর্ম দক্ষতা সম্বন্ধে বিশ্বাসযোগ্য তথা আহৰণ কৰাত সহায়ক হয়।

(খ) মূল্যায়ন নীতি-নির্ধাৰকসকলৰ দ্বাৰা বাছনিকৃত লক্ষ্য আৰু উদ্দেশ্যৰ গুৰুত্ব অধিক প্ৰকট কৰি তোলে।

(গ) মূল্যায়ন হৈছে সকলো কর্মকর্তাৰ বাবে এক শিক্ষন অনুশীলন। ই ভাল-বেয়া, শুদ্ধ- সকলো ধৰণৰ তথা প্ৰদান কৰাৰ লগতে ভবিষ্যতে গ্ৰহণ কৰিব লগা নীতি সম্বন্ধে সঠিক নির্দেশনা প্রদান কৰে।

(ঘ) নীতি মূল্যায়নে সমগ্র আঁচনি পদ্ধতি আৰু ইয়াৰ কৰ্ম পদ্ধতিৰ বিশ্লেষণ কৰে। সফলতা, বিষলতা, অপর্যাপ্ততা আৰু ভৱিষ্যতৰ বাবে এক অভিজ্ঞতা প্রদান কৰে।

(ঙ) নীতি মূল্যায়নৰ জৰিয়তে নীতি প্রত্রিয়াত বিশেষতঃ নীতিৰ কাৰ্যকৰীকৰণৰ বেলিকা যাৱতীয় সংশোধন কৰাৰ ক্ষেত্ৰত নীতি কৰ্তাসকলক সক্ষম কৰি তোলে। 

(চ) নীতি মূল্যায়নৰ দ্বাৰা নীতি/আঁচনিৰ সামাজিক উপযোগিতাৰো এক সঠিক মূল্যায়ন কৰা সম্ভৱ হয়।

২৮। লোক নীতিৰ ধাৰণা সম্পর্কে লিখা।

উত্তৰঃ সাধাৰণভাৱে ‘লোক’ (Public)ৰ অৰ্থ ব্যক্তিগত নোহোৱাটোকে সুচায়। ই ৰাজহুৱা পৰিক্ৰমা বা ৰাজহুৱা কাৰ্য, ৰাজহুৱা বা মালিকীস্বৰ ৰাজহুৱা সম্পদ, ৰাজহুৱা উদ্দেশ্যৰাজি ইত্যাদিক সূচিত কৰে। লোক প্ৰশাসনৰ প্ৰেক্ষাপটত ‘লোক’ অভিধাটোৰে সমাজত মানৱীয় কাৰ্যকলাপৰ সৈতে সম্পর্কিত কাৰ্যসূচী আৰু সিদ্ধান্তৰাজিক বুজোৱাৰ অর্থে ব্যৱহাৰ কৰা হয়। যিহেতু চৰকাৰে নিজ দেশৰ সকলো জনগণৰ কল্যান হকে কাম কৰে সেয়ে ইয়াৰ নীতি সিদ্ধান্ত কাৰ্যসূচী আৰু আঁচনিসমূহক লোকনীতি, জন সিদ্ধান্ত আৰু লোক আচনি হিচাপে সুচিত কৰিব পাৰি। ইয়াৰ ভিত্তিতেই আমি ক’ব পাৰো যে লোক নীতি হৈছে সেইসমূহ নীতি বা আঁচনি যিবিলাক চৰকাৰী সংস্থা আৰু প্ৰাধিকাৰীসকলৰ দ্বাৰা নিৰ্ধাৰণ আৰু ৰূপায়ণ কৰা হয়। লোক নীতিবিলাক হৈছে চৰকাৰী বিধি, আঁচনি আৰু কৰ্মসূচী যিবিলাক বাধ্যতামূলক আৰু কতৃত্বশীল প্ৰকৃতিৰ। উল্লেখ্য যে লোক প্রশাসন হৈছে চৰকাৰী প্ৰশাসন আৰু ই চৰকাৰী নীতি নিৰ্ধাৰণ আৰু ৰূপায়নকৰণৰ প্ৰক্ৰিয়াৰ লগত জড়িত। এই ক্ষেত্ৰত লোক নীতিৰ জৰিয়তে জনস্বাৰ্থৰ লগতে জনগণ আৰু তেওঁলোকৰ সমাজৰ সামগ্রিক উন্নয়নৰ লক্ষ্যত উপনীত হোৱাৰ প্ৰয়াস কৰা হয়।

২৯। (ক) লোক নীতিৰ সূত্ৰ গঠনক প্ৰভাৱিত কৰা যিকোনো দুটা কাৰণ লিখা। 

উত্তৰঃ (ক) নীতি নির্ধাৰণ কেৱল বিভিন্ন বিকল্পৰ মাজৰ পৰা সাম্ভাব্য বা পর্যাপ্ত থকা নীতি বিকল্পৰ নিৰ্বাচিত কৰি কোনো বিশেষ নীতি নিৰ্ধাৰণ কৰাকে নুবুজায় : ই অপৰিহাৰ্যভাৱে কোনো কর্ম আঁচনি নিৰ্বাচন আৰু নিৰ্ধাৰণৰ লগত কোনো বিশেষ নীতি বিকল্প বা সিদ্ধান্ত নিৰ্বাচন কৰাৰ লগতে প্ৰকৃততে এটা নীতি বিকল্প নির্বাচিত কৰাৰ পিছত সেইবিলাকক প্ৰয়োজনীয় সংশোধন বা সালসলনি ঘটাই প্রয়োজন অনুসাৰে তাত কিছু নতুন কথা সংযোগ কৰি লোক নীতি প্ৰস্তুত কৰা হয় যাতে ই আকাংক্ষিত লক্ষ্য আৰু উদ্দেশ্যত উপনীত হ’ব পাৰে।

(খ) নীতি নির্ধাৰণ এক নিৰৱচ্ছিন্ন অনুশীলন যি নেকি নীতি কার্যকৰীকৰণৰ প্ৰক্ৰিয়াৰ সময়ছোৱাত প্ৰাপ্ত তথ্য আৰু অভিজ্ঞতাৰ ভিত্তিত পুনঃ নির্ধাৰণ আৰু সংশোধন ঘটোৱাৰ লগত অপৰিহাৰ্যভাৱে জড়িত থাকে : নীতি নিৰ্ধাৰণ  প্ৰক্ৰিয়াই নীতি কাৰ্যকৰীকৰণৰ বেলিকা সম্মুখীন হোৱা পৰিৱৰ্তিত পৰিবেশ আৰু জনগণৰ নিত্য নতুন প্রয়োজনীয়তাৰ লগত নতুন বিষয় তথা সমস্যাৰাজিৰ প্ৰতিও লক্ষ্য ৰাখিব লাগে।

২৯। (খ) প্রভাব গোষ্ঠী সম্পর্কে লিখা।

উত্তৰঃ সংগঠিত বা স্বার্থান্বেষী গোট বিলাকৰ জৰিয়তে ৰাজনৈতিক প্ৰভাৱ বিস্তাৰ কৰাটো আমাৰ গণতান্ত্ৰিক চৰকাৰৰ এক আধিপত্যমূলক বৈশিষ্ট্য। নাগৰিকৰ বাবে স্বার্থান্বেষী গোটবিলাকে এক গুৰুত্বপূৰ্ণ যোগাযোগৰ মাধ্যম হিচাপে কাম কৰে। নাগৰিকসকলৰ তুলনাত স্বার্থান্বেষী গোটবিলাকে নীতি সংক্রান্তীয় বিষয়সমূহত চৰকাৰী বিষয়াসকলৰ সৈতে অধিক ফলপ্রসূভাৱে যোগাযোগ ৰক্ষা কৰে।

উল্লেখ্য যে এই গোটবিলাকে ৰাজনৈতিক পদবী দখল নকৰাকৈয়েই চৰকাৰৰ বিভিন্ন সিদ্ধান্ত সমূহক প্রভাবিত কৰাৰ চেষ্টা কৰে। প্ৰসংগক্রমে উল্লেখ কৰাটো সমুচিত হ’ব যে কোনো নির্দিষ্ট নীতি বিষয়ত সিদ্ধান্ত গ্ৰহণৰ বেলিকা যিহেতু কাৰ্যকৰী গোটবিলাকৰ মাজত আদর্শগত মত পার্থক্য থাকে, গতিকে তেনে পৰিস্থিতিত নীতি নিৰ্ধাৰকসকলে এনে সংঘাতজনিত দাবীসমূহৰ ক্ষেত্ৰত সিদ্ধান্ত গ্ৰহণ কৰিবলৈ যাওঁতে সমস্যাৰ সন্মুখীন হয়। এনে পৰিপ্ৰেক্ষিতত সু-সংগঠিত আৰু সক্রিয় প্রভাব গোষ্ঠীবিলাকে দুর্বলভাবে সংগঠিত আৰু নিষ্ক্ৰিয় প্ৰভাৱগোষ্ঠীবিলাকৰ তুলনাত সবলভাৱে নিজৰ দাৰী কাৰ্যকৰী কৰাই ল’বলৈ সক্ষম হ’ব পাৰে।

৩০। ডেভিড ইষ্টনৰ মতে ৰাজনৈতিক ব্যৱস্থাৰ সমৰ্থনৰ প্ৰধান উপাদান তিনিটা কি কি? 

উত্তৰঃ ডেভিড ইষ্টনৰ ম’তে, ৰাজনৈতিক ব্যৱস্থাৰ সমৰ্থনৰ প্ৰধান উপাদান তিনিটা হৈছে–

(ক) ৰাজনৈতিক সম্প্রদায় : ৰাজনৈতিক সম্প্রদায় ৰাজনৈতিক ব্যৱস্থাৰ অন্যতম প্রধান উপাদান। যেতিয়া একেলগে বসবাস কৰা কিছুমান মানুহৰ সহযোগিতাৰে স্বইচ্ছাতে ৰাজনৈতিক ব্যৱস্থাৰ সমস্যা সমাধানৰ চেষ্টা কৰা হয় তেতিয়াই ৰাজনৈতিক সম্প্রদায়ৰ জন্ম হয়।

(খ) ৰাজনৈতিক শাসন প্রণালী : ৰাজনৈতিক শাসন প্ৰণালীয়ে দেশৰ সংবিধানে প্রবর্তন কৰা শাসন ব্যৱস্থাক বুজায়। তদুপৰি ই কেতবোৰ লিখিত আৰু অলিখিত নিয়ম, দেশাচাৰ আদিকো সামৰি লয়। আন কথাত ক’বলৈ হ’লে কোনো এক ৰাজনৈতিক ব্যৱস্থাত কর্তৃপক্ষ ওচৰত দাবী উত্থাপন কৰাৰ পৰা আৰম্ভ কৰি দাবীৰ মীমাংসাৰ অন্তত গৃহীত সিদ্ধান্ত বাস্তবায়িত কৰা পৰ্যন্ত গোটেই ব্যৱস্থাপনাসমূহকে ৰাজনৈতিক শাসন প্ৰণালীয়ে সামৰি লয়।

(গ) ৰাজনৈতিক কর্তৃপক্ষ : কৰ্তৃত্বসম্পন্ন মূল্যমানৰ বিতৰণৰ দায়িত্ব যিসকলৰ ওপৰত ন্যস্ত থাকে তেওঁলোকক ৰাজনৈতিক কর্তৃপক্ষ বোলা হয়। আন কথাত, নির্দিষ্ট সময়ৰ কাৰণে চৰকাৰৰ পৰিচালনা কৰা কিছুমান ব্যক্তি সমষ্টিক ৰাজনৈতিক কর্তৃপক্ষ বুলি কোৱা হয়।

৩১। নিয়ন্ত্রণমুখী কৌশল কৌশল প্ৰকাৰসমূহ ৰ আৰু কি কি উল্লেখ কৰা।

উত্তৰঃ নিয়ন্ত্রণমুখী কৌশল চাৰি প্ৰকাৰৰ আৰু প্ৰকাৰসমূহ তলত উল্লেখ কৰা হ’ল—

(ক) গাঁথনিগত কৌশল : গাঁথনিগত কৌশলৰ জৰিয়তে দাবীৰ সংখ্যা হ্ৰাস কৰিব পাৰি। ৰাজনৈতিক ব্যৱস্থাত কেতবোৰ অনৌপচাৰিক ৰাজনৈতিক সংগঠন (যেনে– ৰাজনৈতিক দল, প্রভাৱগোষ্ঠী আদি) আছে, যিবিলাকে ৰাজনৈতিক ব্যৱস্থাৰ পৰিধিত দ্বাৰৰক্ষক (Gatekeeper)ৰ ভূমিকা পালন কৰে।

(খ) সাংস্কৃতিক কৌশল নিষেধাজ্ঞা : প্রতি ৰাজনৈতিক ব্যৱস্থাত সমাজৰ কেতবোৰ সাংস্কৃতিক প্ৰমূল্য আছে। গতিকে এই ৰীতি-নীতিবিলাকৰ লগত সংগতিবিহীন দাবীসমূহ অগ্রাহ্য কৰা হয়।

(গ) যোগাযোগ মাধ্যম : ৰাজনৈতিক ব্যৱস্থাই শাসন প্ৰণালীৰ বিকাশ সাধন কৰিব পাৰে। ইয়াৰ জৰিয়তে দাবীবিলাক সিঁচৰতি হৈ পৰে আৰু ফলশ্ৰুতিত নোহোৱা হৈ যায়।

(ঘ) লঘুকৰণ প্ৰক্ৰিয়া : ৰাজনৈতিক ব্যৱস্থাৰ বহুতো লঘুকৰণৰ বা হ্ৰাসকৰণৰ  প্ৰক্ৰিয়া আছে, যাৰ দ্বাৰা দাবীসমূহক বিষয়লৈ সালসলনি কৰিব পাৰি, উদাহৰণস্বৰূপে— বর্তমান সময়ত আইনসভা আৰু কাৰ্যপালিকাৰ ওচৰত বহু দাবী উত্থাপিত হ’লেও সেই আটাইবোৰ দাবীকেই উপপাদ হিচাপে আইনত পৰিণত কৰা নহয়। যি কি নহওক, ডেভিড ইষ্টনৰ এই ব্যৱস্থাপক, দৃষ্টিভংগীটো গণতান্ত্রিক কিম্বা আন যিকোনো শাসন ব্যৱস্থাৰ ক্ষেত্ৰতেই প্রয়োগ কৰিব পাৰি।

৩২। নীতি কার্যকৰীকৰণ প্ৰক্ৰিয়াৰ দিশসমূহ উল্লেখ কৰা। 

উত্তৰঃ নীতি কাৰ্যকৰীকৰণ প্ৰক্ৰিয়াত নিম্নোক্ত দিশসমূহ জড়িত—

(ক) এক স্পষ্ট, পদ্ধতিগতভাৱে নীতি নির্দেশনা আৰু প্ৰয়োগিক কৰ্ম আঁচনি জাৰী কৰা।

(খ) পৰিচালনাৰ গোটবিলাক গঠন কৰা আৰু ব্যক্তিসকলক আৰোপিত কৰ্ম সম্পাদন কৰাৰ বাবে দায়িত্ব ন্যস্ত কৰা।

(গ) সংশ্লিষ্ট বিষয়াসকলক সকলো প্রয়োজনীয় তথ্য পাতিৰ যোগান ধৰা আৰু তেওঁলোকৰ মাজত যোগাযোগ আৰু সমন্বয় সাধনৰ এক দক্ষ ব্যৱস্থাৰ নিশ্চয়তা প্ৰদান কৰা।

(ঘ) আঁচনি কাৰ্যকৰীকৰণৰ বাবে সকলো যাৱতীয় সম্পদ প্রয়োজনীয় আন্তঃগাঁথনি আৰু যাৱতীয় সম্পদ ব্যৱস্থা কৰা।

(ঙ) নীতি ৰূপায়ণকৰণৰ এক অনুসূচী যুগুত কৰা কাৰ্য আঁচনিৰ পদ্ধতিগত কার্যকাৰিতা আৰু সমগ্ৰ ৰূপায়ণকৰণৰ প্ৰক্ৰিয়াটোক সংগঠিত কৰি চলাই নিয়া।

(চ) ৰূপায়ণকৰণ প্ৰক্ৰিয়াৰ তদাৰকীকৰণ ব্যৱস্থাৰ বিকাশ আৰু পৰিচালনা কৰা আৰু লক্ষ্যত উপনীত হোৱাৰ প্ৰক্ৰিয়াটো তৰান্বিতকৰণৰ বাবে যাৱতীয় পদক্ষেপ গ্ৰহণ কৰা।

(ছ) ৰূপায়ণকৰণ কাৰ্যৰ লগত জড়িত সকলো বিষয়া কৰ্মচাৰী আৰু অভিকৰণৰ কাৰ্যকলাপ সমূহৰ অবিৰত মূল্যায়ন আৰু সমন্বয় সাধন।

৩৩। ক্রিষ্টোফাৰ হুডছে আঁচনি কাৰ্যকৰীকৰণ সফল আৰু উৎপাদনমুখী কৰিবলৈ কোন কোন বিষয়সমূহ উল্লেখ কৰিছে।

উত্তৰঃ ক্রিষ্টোফাৰ হুছ (Christopher Hoods) এ আঁচনি কাৰ্যকৰীকৰণ সফল আৰু উৎপাদনমুখী কৰিবলৈ নিম্নোক্ত প্রয়োজনীয় অবস্থাসমূহৰ বিষয়ে উল্লেখ কৰিছে এনেদৰে—

(ক)  আদর্শ কাৰ্যকৰীকৰণ হৈছে— সেনা বাহিনীৰ দৰে ঐক্যমুলক সংগঠ লগতে স্পষ্ট কৰ্তৃত্বৰ সীমাৰেখা।

(খ) প্রতিমান (Norms) সমূহৰ প্ৰয়োগ আৰু উদ্দেশ্য আগত ৰাখি কাৰ্য সম্পাদন কৰা। 

(গ) জনতাক সেৱা কৰিবলৈ দিব লাগে যিটো তেওঁলোকক কৰিবলৈ কোৱা হয়।

(ঘ) কাৰ্যকৰীকৰণ পদ্ধতিত জড়িত সকলো সংগঠন আৰু ব্যক্তিৰ মাজত উপযুক্ত যোগাযোগ আৰু সমন্বয় সাধন কৰা।

(ঙ) এই ক্ষেত্ৰত কাৰ্যকৰীকৰণৰ সময়সীমাৰ বিষয়টোও গুৰুত্বপূৰ্ণ। তাৰ বাবে আৰম্ভি পৰা এক সময়সূচী তৈয়াৰ কৰি যথাসম্ভৱ সেইমতে কামত আগবাঢ়িব লাগে। এই পদক্ষেপবিলাকে প্রণালীবদ্ধভাৱে ব্যৱস্থাপনাৰ যোগেদি নিশ্চিতভাৱে আঁচনি কার্যকৰীকৰণ ব্যৱস্থা কৰিব লাগে।

৩৪। নীতি আয়োগৰ প্ৰধান উদ্দেশ্যসমূহ আলোচনা কৰা।

উত্তৰঃ নীতি আয়োগৰ প্ৰধান উদ্দেশ্যসমূহ হৈছে—

(ক) নীতি আয়োগে ভাৰতৰ সকলো ৰাজ্যৰ উন্নয়নমূলক প্ৰক্ৰিয়াত এক সমালোচনাত্মক আৰু কৌশলগত উপকৰণ প্ৰদান কৰিব বিচাৰে।

(খ) লেহেমীয়া গতিৰ নীতি ৰূপায়ণকৰণ প্ৰক্ৰিয়াক আয়োগে ত্বৰান্বিত কৰাৰ প্ৰয়াস কৰে। 

(গ) আন্তঃমন্ত্রণালয় সমন্বয় আৰু উচ্চ পৰ্যায়ৰ কেন্দ্ৰ ৰাজ্যৰ সমন্বয় সাধন কৰা আয়োগৰ অন্যতম গুৰুত্বপূর্ণ কাম। ই ৰাষ্ট্ৰীয় বিকাশৰ অগ্ৰাধিকাৰ ক্ষেত্ৰসমূহৰ এক অংশীদাৰীকৃত দৃষ্টিভঙ্গী তথা সহযোগিতামূলক যুক্তৰাজ্যবাদক উৎসাহিত কৰে।

(ঘ) বিকাশৰ কাৰ্যসূচী সমূহৰ ৰূপায়ণকৰণ ত্বৰান্বিত কৰণৰ হকে আন্তঃবিভাগীয় বিষয় তথা সমস্যাৰাজি নিষ্পত্তি কৰিবলৈ নীতি আয়োগে এক উমৈহতীয়া মঞ্চ প্ৰদান কৰাৰ প্ৰয়াস কৰে।

(ঙ) নীতি আয়োগে আঁচনিসমূহৰ ৰূপায়ণ কাৰ্য তদাৰকী আৰু মূল্যায়নকৰণ, প্ৰযুক্তিৰ উন্নীতকৰণ আৰু সামৰ্থতা গঢ়ি তোলাৰ ওপৰত বিশেষভাৱে গুৰুত্ব আৰোপ কৰে।

৩৫। পৰিকল্পনা আয়োগ সম্পর্কে চমুটোকা লিখা।

উত্তৰঃ এক সহায়কাৰী অভিকৰণ হিচাপে পৰিকল্পনা আয়োগে ভাৰত চৰকাৰৰ এক উপদেষ্ট সংস্থা (Advisory Body) হিচাপে কাৰ্য সম্পাদন কৰিব লাগে। ১৯৫০ দশকৰ আগভাগতে ভাৰতে সমাজবাদী আৰ্হিৰ সমাজ প্ৰতিষ্ঠা কৰাটো ইয়াৰ এক লক্ষ্য হিচাপে গ্ৰহণ কৰাৰে পথা পৰিকল্পনা আয়োগে এক গুৰুত্বপূৰ্ণ ভূমিকাত অৱতীৰ্ণ হৈ পৰিল। কেন্দ্ৰীয় চৰকাৰৰ লগতে ৰাজ্য চৰকাৰসমূহৰ বাবেও পঞ্চবার্ষিক পৰিকল্পনা যুগুত কৰাটো পৰিকল্পনা আয়োগৰ প্ৰধান দায়িত্ব আছিল। সেয়েহে প্ৰশাসনৰ সামগ্রিক ক্ষেত্ৰসমূহৰ সৈতে সম্পর্কিত লোকনীতি সম নিৰ্ধাৰণৰ ক্ষেত্ৰত পৰিকল্পনা আয়োগে গুৰুত্বপূৰ্ণ প্ৰভাৱ বিস্তাৰ কৰিছিল। ইয়াক প্ৰায়েই ‘Supra Cabinet’ হিচাপে অভিহিত কৰিবলৈ আৰম্ভ কৰিছিল। প্ৰধানমন্ত্ৰীৰ অধ্যক্ষতা আৰু কেইজনমান গুৰুত্বপূর্ণ দপ্তৰ দায়িত্বত থকা মন্ত্ৰীক লৈ পৰিকল্পনা আয়োগখন গঠন কৰা হৈছিল। দেশৰ সম্পদৰাজি অধিক ফলপ্ৰসু আৰু সুষম ব্যৱহাৰৰ লক্ষ্যৰে কেৱল পঞ্চবার্ষিক পৰিকল্পনাসমূহ যুগুত কৰাই নহয় বৰং পৰিকল্পনাৰ অগ্ৰাধিকাৰসমূহৰ ভিত্তিত কাৰ্যক্ৰমণিকা আগবঢ়াই নিলা কার্যও পৰিকল্পনা আয়োগে সম্পাদন কৰিব লাগিছিল।

৩৬। নীতি মূল্যায়নৰ অৰ্থ আৰু কাৰ্যাৱলী ব্যাখ্যা কৰা।

উত্তৰঃ লোক নীতি মূল্যায়ন হৈছে যাক উদ্দেশ্য কৰি নীতি যুগুত কৰা হৈছে তেওঁলোকৰ ওপৰত আঁচনিৰ বিষয়বস্তু আৰু পৰিণতিৰ মূল্য নিৰ্ণয় কৰা।

মূল্যায়নৰ প্ৰধান কাৰ্য হৈছে প্ৰকল্পই ইয়াৰ লক্ষ্য কিমানদূৰ সফল কৰিব পাৰিছে বা সফলতা বা বিফলতাৰ কাৰণ কি, নিদ্ধাৰিত ব্যয়তকৈ কিমান অধিক বা কম ব্যয় কৰা হৈছে, ইয়াৰ পৰা শিকিব লগা কি আছে ইত্যাদি প্ৰশ্নৰ সমিধান বিচৰা। মূল্যায়নৰ এটা গৌণ উদ্দেশ্যে হৈছে প্ৰকল্পৰ কৃতকার্যতাৰ বাবে ল’বলগা যাৱতীয় পৰামৰ্শ দান কৰা। চলিত মূল্যায়নৰ উদ্দেশ্য হৈছে আঁচনিত উল্লেখ কৰা ধৰণে প্ৰকল্পৰ কাম সময়মতে, নিদ্ধাৰিত খৰছত, ৰূপায়ণ কৰা হৈছেনে নাই তাৰ বিচাৰ কৰা; যদি আঁচনি অনুসৰি কাম হোৱা নাই তেন্তে ইয়াৰ কাৰাণ বিশ্লেষণ কৰা আৰু ফলাফল বিচাৰ কৰা চলিত মূল্যায়নৰ উদ্দেশ্য।

(ক) নীতি মূল্যায়নৰ দ্বাৰা নীতি কার্যকৰীকৰণ আৰু তাৰ প্ৰকৃত কৰ্ম দক্ষতা সম্বন্ধে বিশ্বাসযোগ্য তথ্য আহৰণ কৰাত সহায়ক হয়।

(খ) মূল্যায়ন নীতি-নিৰ্ধাৰকসকলৰ দ্বাৰা বাছনিকৃত লক্ষ্য আৰু উদ্দেশ্যৰ গুৰুত্ব অধিক প্ৰকট কৰি তোলে।

(গ) মূল্যায়ন হৈছে সকলো কৰ্মকৰ্তাৰ বাবে এক শিক্ষণ অনুশীলন। ই ভাল-বেয়া, শুদ্ধ- অশুদ্ধ সকলো ধৰণৰ তথ্য প্ৰদান কৰাৰ লগতে ভবিষ্যতে গ্ৰহণ কৰিব লগা নীতি সম্বন্ধে সঠিক নির্দেশনা প্রদান কৰে।

(ঘ) নীতি মূল্যায়নে সমগ্ৰ আঁচনি পদ্ধতি আৰু ইয়াৰ কৰ্ম পদ্ধতিৰ বিশ্লেষণ কৰে। সফলতা, বিফলতা, অপর্যাপ্ততা আৰু ভৱিষ্যতৰ বাবে এক অভিজ্ঞতা প্ৰদান কৰে।

(ঙ) নীতি মূল্যায়নৰ জৰিয়তে নীতি প্ৰক্ৰিয়াত বিশেষতঃ নীতিৰ কাৰ্যকৰীকৰণৰ বেলিকা যাৱতীয় সংশোধন কৰাৰ ক্ষেত্ৰত নীতি কৰ্তাসকলক সক্ষম কৰি তোলে।

(চ) নীতি মূল্যায়নৰ দ্বাৰা নীতি/আঁচনিৰ সামাজিক উপযোগিতাৰো এক সঠিক মূল্যায়ন কৰা সম্ভৱ হয়।

৩৭। লোকনীতি ৰূপায়ন বুলিলে কি বুজা? ইয়াৰ প্ৰয়োজন আৰু তাৎপর্য আলোচনা, কৰা।

উত্তৰঃ আঁচনি মুখ্য সিদ্ধান্ত আগবঢ়াই নিয়া যেনে— এক প্রস্তুত আৰু উপযুক্তভাবে মনোনীত লোক নীতি যিটো সাধাৰণতে আইনৰ অন্তৰ্ভুক্ত কৰা হয় বা এটা প্ৰশাসনীয় আদেশ বা ন্যায়পালিকাৰ সিদ্ধান্ত হ’ব পাৰে।

প্ৰয়োজন আৰু তাৎপৰ্য : ৰূপায়ণকৰণ নীতি নিৰ্দ্ধাৰণৰ পৰৱৰ্তী আৰু অবিহনে যিকোনো চৰকাৰী নীতি বা আঁচনি মাত্র এটুকুৰা কাগজ হৈয়েই থাকি আৰু সেয়া অপ্রয়োজনীয় আৰু বৃথা প্রচেষ্টা হৈয়েই ৰ’ব। প্ৰকৃততে, কেতবোৰ নিৰ্দ্ধাি লক্ষ্য আৰু উদ্দেশ্য সাধনৰ নিমিত্তেহে চৰকাৰী নীতি, আঁচনিসমূহ নিৰ্দ্ধাৰণ কৰা হয়। নাি কার্যকৰীকৰণে লোক নীতিক কৰ্ম আৰু বাস্তবতালৈ পর্যবসিত কৰে। ই কেৱল এটা কা আৰু লোক নীতিৰ কাৰ্যকৰী প্ৰয়োগ যিয়েই নেকি বিচৰা ফল আৰু সমাজৰ বা নিদ্ধাৰিত গোটৰ বাবে সু-ফল আদায় কৰে।

ৰূপায়ণকৰণ হৈছে লোক নীতি আঁচনিৰ সন্নিবিষ্ট কৰ্ম আঁচনিৰ কাৰ্যকৰী অংশ। চৰকাৰে লোক নীতি নিৰ্দ্ধাৰণ কৰাৰ সময়ত ইয়াৰ ৰূপায়ণৰ প্ৰক্ৰিয়া আৰু সময়সীমাও নিৰ্দ্ধাৰণ কৰি দিয়ে।

চৰকাৰৰ সকলো লোক নীতি/আঁচনি কাৰ্যকৰীকৰণৰ দায়িত্ব আৰু কৰ্তব্য লোক প্ৰশাসনৰ হাতত ন্যস্ত থাকে। তাৰোপৰি লোক নীতিসমূহত নিৰ্দ্ধাৰণ কৰা লক্ষ্য আৰু উদ্দেশ্যসমূহ যাতে ফলপ্ৰসূভাৱে নিশ্চিত কৰা হয় তাৰো লোক প্রশাসনে নিশ্চয়তা প্ৰদান কৰিব লাগে। আঁচনি/নীতি ৰূপায়ণকৰণ কাৰ্য নীতি আৰু ইয়াৰ প্ৰয়োগৰ মাজত এখন সেতুস্বৰূপ হৈ পৰে যিয়েই নেকি প্ৰশাসনক লোক নীতিৰ হিতাধিকাৰী বা নিদ্ধাৰিত গোটৰ ওচৰ চপাই নিয়াত সহায় কৰাৰ লগতে নীতিৰ নিৰ্দ্ধাৰিত লক্ষ্য আৰু উদ্দেশ্যৰ দিশত ফলৱৰ্তী হোৱাৰ ক্ষেত্ৰত সঠিক পথ নিৰ্দেশনা প্রদান কৰে।

৩৮। লোকনীতিৰ উদ্দেশ্য সম্পর্কে লিখা।

উত্তৰঃ লোক নীতিৰ উদ্দেশ্য : উন্নয়নশীল ৰাষ্ট্ৰত বাঢ়ি অহা ৰাজহুৱা প্ৰয়োজন আৰু চাহিদাৰ পৰিপ্ৰেক্ষিতত আৰু ক্ৰমবর্ধিত অন্য প্রবণতা, যেনে— প্ৰযুক্তিৰ জটিলতা, সামাজিক সংগঠন ঔদ্যোগীকৰণ আৰু নগৰীকৰণৰ ফলত ৰাজহুৱা খণ্ডৰ সুযোগ দিনক দিনে বৃদ্ধি পোৱা পৰিলক্ষিত হৈছে। উন্নয়নশীল দেশসমূহৰ চৰকাৰৰ বাঢ়ি অহা জটিল কৰ্মৰাজীৰ সৈতে ৰাষ্ট্ৰনিৰ্মাণ আৰু আৰ্থ-সামাজিক উন্নয়নৰ ফলত লোক নীতিৰ সুযোগ দিনে দিনে বৃদ্ধি পাইছে। সম্প্রতি এখন চৰকাৰ কেৱল শাস্তি ৰক্ষকেই নহয়, বিবাদ নিষ্পত্তিকাৰী আৰু জনসাধাৰণৰ দ্ৰব্য আৰু দৈনিক সেৱাসমূহৰ যোগান ধৰোঁতা, আনকি ই মুখ্য সংস্কাৰকো তথা আৰ্থ-সামাজিক কাৰ্যসূচীৰ প্ৰধান নির্ণায়ক আৰু প্ৰধান অৰ্থ যোগান ধৰোঁতা। তদুপৰি, ই আৰ্থিক উদ্যোগ আৰু উন্নয়নৰ প্ৰধান অনুঘটকো।

বহু উন্নয়নশীল দেশত ৰাষ্ট্ৰীয় উন্নয়ন বৃদ্ধি কৰিবলৈ, শেহতীয়া আৰু প্ৰয়োজনীয় কাৰিকৰী উদ্ভাৱনসমূহ ব্যৱহাৰ কৰা, প্রয়োজনীয় আনুষ্ঠানিক পৰিৱৰ্তন গ্ৰহণ আৰু সুবিধা দিয়া, ৰাষ্ট্ৰীয় উৎপাদন বৃদ্ধি কৰা, মানৱ সম্পদ আৰু অন্যান্য সম্পদৰ সদব্যৱহাৰ আৰু জীৱন ধাৰণৰ মান উন্নীত কৰা আদি বিষয়ক লৈ চৰকাৰৰ ওপৰত বৃহৎ চাপ থাকে। এনে প্রবৃত্তি আৰু উন্নয়নে সেয়ে লোক নীতিৰ আকাৰ আৰু সুবিধাসমূহ বৃদ্ধি কৰে। লোক নীতিৰ পৰিসৰ অতি ব্যাপক। ‘লোক নীতি’য়ে প্রায় সকলো দিশতে জনগণৰ জীৱন যাত্ৰাক স্পৰ্শ কৰি যায়। ব্যক্তিগতকৰণৰ মাত্ৰা ক্ৰমাৎ বৃদ্ধি পাই অহাৰ লগে লগে আৰু বাহিৰৰ পৰা অহা অভিকৰণ সমূহৰ পৰিপ্ৰেক্ষিতত উন্নয়নশীল দেশ বিলাকতো দ্রুত পৰিৱৰ্তন সম্ভব হয়। বর্তমান লোকনীতি অন্যান্য ক্ষেত্রলৈকো যেনে— প্ৰতিৰক্ষা, পৰিৱেশ সংৰক্ষণ, চিকিৎসা সেৱা আৰু স্বাস্থ্য, শিক্ষা, গৃহনির্মাণ, কৰ সংগ্রহ, মুদ্রাস্ফীতি, বিজ্ঞান আৰু প্ৰযুক্তি আৰু আনুষংগিক বহুতো খণ্ডলৈয়ো সম্প্ৰসাৰিত কৰা হৈছে।

৩৯। লোকনীতিৰ উপাদানসমূহ উল্লেখ কৰা।

উত্তৰঃ লোক নীতিৰ উপাদানসমূহ : লোক নীতি হৈছে কোনো এক নিৰ্দিষ্ট সময়সীমাৰ ভিতৰত কোনো এক বিষয় তথা সমস্যাৰ লগত সম্পর্কিত এক উদ্দেশ্যধর্মী কর্মসূচী। লোক নীতিৰ প্ৰধান উপাদানসমূহ হ’ল—

(ক) লোক নীতিৰ এটা উদ্দেশ্য বা লক্ষ্য থাকিবই লাগিব। ই যদৃচ্ছাকৃত বা হঠাৎ উদ্ভব হোৱা নহয়। এবাৰ একোটা লক্ষ্য নিৰ্ধাৰণ কৰাৰ পাছত ই বিভিন্ন পথ উলিয়াই লৈ কৰ্ম আঁচনি স্থিৰ কৰি নিৰ্ধাৰিত লক্ষ্যত উপনীত হয়।

(খ) লোক নীতি সু-চিন্তিত আৰু এলানি বিমূর্ত চিন্তন নহয়।

(গ) লোক নীতি প্রকৃততে কি কৰা হ’ব আৰু কি কৰিবলৈ ইচ্ছা কৰা হৈছে সেয়া নহয়; কোনো লক্ষ্যৰ এটা বিবৃতিয়েই কেৱল এক নীতি নহয়।

(ঘ) লোক নীতিয়ে এটা নির্দিষ্ট সময়সীমা বান্ধি লয়; যিটো সময়সীমাৰ ভিতৰত নীতি বা আঁচনিখনৰ সফলতা লাভ কৰিব লাগিব।

(ঙ) ইয়াত সদায় নির্দিষ্ট অনুক্রমিক ভাৱে নিৰ্ধাৰণ, ৰূপায়নকৰণ, তদাৰীকৰণ আৰু কাৰ্য সম্পাদন কৰা হয়।

৪০। নীতি মূল্যায়নৰ কাৰ্যাৱলীসমূহ আলোচনা কৰা।

উত্তৰঃ মূল্যায়নৰ এটা গৌণ উদ্দেশ্যে হৈছে প্ৰকল্পৰ কৃতকার্যতাৰ বাবে ল’ব লগা যাৱতীয় পৰামৰ্শ দান কৰা। চলিত মূল্যায়নৰ উদ্দেশ্য হৈছে আঁচনিত উল্লেখ কৰা ধৰণে প্ৰকল্পৰ কাম সময়মতে, নির্ধাৰিত খৰছত, ৰূপায়ণ কৰা হৈছেনে নাই তাৰ বিচাৰ কৰা; যদি আঁচনি অনুসৰি কাম হোৱা নাই তেন্তে ইয়াৰ কাৰণ বিশ্লেষণ কৰা আৰু ফলাফল বিচাৰ কৰা চলিত মূল্যায়নৰ উদ্দেশ্য।

(ক) নীতি মূল্যায়নৰ দ্বাৰা নীতি কার্যকৰীকৰণ আৰু তাৰ প্ৰকৃত কৰ্ম দক্ষতা সম্বন্ধে বিশ্বাসযোগ্য তথ্য আহৰণ কৰাত সহায়ক হয়।

(খ) মূল্যায়ন নীতি-নিৰ্ধাৰকসকলৰ দ্বাৰা বাছনিকৃত লক্ষ্য আৰু উদ্দেশ্যৰ গুৰুত্ব অধিক প্ৰকট কৰি তোলে।

(গ) মূল্যায়ন হৈছে সকলো কৰ্মকৰ্তাৰ বাবে এক শিক্ষণ অনুশীলন। ই ভাল-বেয়া, শুদ্ধ অশুদ্ধ সকলো ধৰণৰ তথ্য প্ৰদান কৰাৰ লগতে ভবিষ্যতে গ্ৰহণ কৰিব লগা নীতি সম্বন্ধে। সঠিক নির্দেশনা প্রদান কৰে।

(ঘ) নীতি মূল্যায়নে সমগ্ৰ আঁচনি পদ্ধতি আৰু ইয়াৰ কৰ্ম পদ্ধতিৰ বিশ্লেষণ কৰে। ইবিলাকৰ সফলতা, বিফলতা, অপর্যাপ্ততা আৰু ভৱিষ্যতৰ বাবে এক অভিজ্ঞতা প্ৰদান কৰে। 

(ঙ) নীতি মূল্যায়নৰ জৰিয়তে নীতি প্রক্রিয়াত বিশেষতঃ নীতিৰ কাৰ্যকৰীকৰণৰ বেলিকা যাৱতীয় সংশোধন কৰাৰ ক্ষেত্ৰত নীতি কৰ্তাসকলক সক্ষম কৰি তোলে।

(চ) নীতি মূল্যায়নৰ দ্বাৰা নীতি আঁচনিৰ সামাজিক উপযোগিতাৰো এক সঠিক মূল্যায়ন কৰা সম্ভৱ হয়।

৪১। অনা চৰকাৰী সংস্থাসমূহ কি কি আলোচনা কৰা। 

উত্তৰঃ ভাৰতৰ লোকনীতি নির্ধাৰণ প্রক্রিয়াই বিধানমণ্ডল, কার্য পালিকা, বিচাৰালয় আৰু আমোলাতন্ত্ৰৰ উপৰিও ৰাজনৈতিক দল, প্ৰভাৱগোষ্ঠী, সংবাদ মাধ্যম আৰু ব্যক্তিগত নাগৰিকৰ দৰে কেতবোৰ বেচৰকাৰী সংস্থাকো সামৰি লয়। লোকনীতি নিৰ্ধাৰণ প্ৰক্ৰিয়াত এই সংস্থাবিলাকৰ অভিমত আৰু প্ৰভাৱ বিশেষভাৱে লক্ষ্যণীয় হৈ পৰে।

(ক) ৰাজনৈতিক দলীয় ব্যৱস্থা : বহুদলীয় ব্যৱস্থা ভাৰতীয় ৰাজনৈতিক দলীয় ব্যৱস্থাৰ গুৰুত্বপূৰ্ণ বৈশিষ্ট্য। সংসদীয় প্ৰতিনিধিত্বই ৰাষ্ট্ৰীয় আৰু গুৰুত্বপূৰ্ণ আঞ্চলিক দলসমূহ উভয়কে সামৰি লয়। বহুদলীয় ব্যৱস্থাৰ দেশ হিচাপে ভাৰতৰ সংসদীয় ব্যৱস্থাত অধিকাংশ আর্থ-সামাজিক, নীতিয়েই সংসদত হোৱা আলাপ-আলোচনা, বাক্-বিতণ্ডাৰ ফলশ্ৰুতি স্বৰূপে পৰিৱৰ্তিত ৰূপত গ্ৰহণ কৰা হয়।

(খ) প্রভাৱ গোষ্ঠী : সংগঠিত বা স্বার্থান্বেষী গোট বিলাকৰ জৰিয়তে ৰাজনৈতিক প্ৰভাৱ বিস্তাৰ কৰাটো আমাৰ গণতান্ত্ৰিক চৰকাৰৰ এক আধিপত্যমূলক বৈশিষ্ট্য। নাগৰিকৰ বাবে স্বার্থান্বেষী গোটবিলাকে এক গুৰুত্বপূৰ্ণ যোগাযোগৰ মাধ্যম হিচাপে কাম কৰে। নাগৰিকসকলৰ তুলনাত স্বার্থান্বেষী গোটবিলাকে নীতি সংক্রান্তীয় বিষয়সমূহত চৰকাৰী বিষয়াসকলৰ সৈতে অধিক ফলপ্রসূভাৱে যোগাযোগ ৰক্ষা কৰে।

উল্লেখ্য যে এই গোটবিলাকে ৰাজনৈতিক পদবী দখল নকৰাকৈয়েই চৰকাৰৰ বিভিন্ন সিদ্ধান্ত সমূহক প্ৰভাৱিত কৰাৰ চেষ্টা কৰে। প্ৰসংগক্ৰম উল্লেখ কৰাটো সমূচিত হ’ব যে কোনো নির্দিষ্ট নীতি বিষয়ত সিদ্ধান্ত গ্ৰহণৰ বেলিকা যিহেতু কাৰ্যকৰী গোটবিলাবল মাজত আদর্শগত মত পার্থক্য থাকে, গতিকে তেনে পৰিস্থিতিত নীতি নির্ধাৰকসকলে এনে সংঘাতজনিত দাবীসমূহৰ ক্ষেত্ৰত সিদ্ধান্ত গ্ৰহণ কৰিবলৈ যাওঁতে সমস্যাৰ সন্মুখীন হয়। এনে পৰিপ্ৰেক্ষিতত সু-সংগঠিত আৰু সক্ৰিয় প্রভাব গোষ্ঠীবিলাকে দুর্বলভাবে সংগঠিত আৰু নিষ্ক্রিয় প্রভাৱগোষ্ঠীবিলাকৰ তুলনাত সবলভাৱে নিজৰ দাৰী কাৰ্যকৰী কৰাই ল’বলৈ সক্ষম হ’ব পাৰে।

(গ) ব্যক্তি নাগৰিক : এখন গণতান্ত্ৰিক চৰকাৰে জনগণৰ আশা-আকাংক্ষাক প্রতিফলিত কৰে বুলি গণ্য কৰা হয়। কিন্তু বাস্তৱ ক্ষেত্ৰত নীতি নির্ধাৰণ প্ৰক্ৰিয়াত জন অংশগ্রহণ অধিক পয়ালগা। দেশৰ বহু সংখ্যক লোকেই তেওঁলোকৰ ভোটদান নকৰে বা দলীয় ৰাজনীতিত অংশগ্ৰহণ কৰিবলৈ মুঠেই আগ্রহী নহয়। গতিকে এনে পৰিস্থিতিত কেৱল মুষ্টিমেয় লোকেহে লোকনীতি বাঁচনিকৰণৰ প্ৰক্ৰিয়াত প্ৰভাৱ বিস্তাৰ কৰা পৰিলক্ষিত হয়।

৪২। নীতি নির্ধাৰণ প্ৰক্ৰিয়াৰ সংস্কাৰ সম্পৰ্কে বিস্তৃত আলোচনা কৰা। 

উত্তৰঃ ইতিমধ্যে ওপৰৰ আলোচনাত ভাৰতৰ লোক নীতি নিৰ্দ্ধাৰণ প্ৰক্ৰিয়াৰ আসোঁৱাহসমূহ চিনাক্ত কৰাৰ প্ৰয়াস কৰা হৈছে। উক্ত আলোচনাই আমাৰ মনত এটা প্ৰশ্নৰ উদ্ৰেক কৰে—

(ক) নীতি নির্ধাৰণ কাৰ্যক নীতি ৰূপায়ণকৰণৰ পৰা পৃথকীকৰণ আৰু ৰূপায়ণকাৰী কৰ্তৃপক্ষৰ বিকেন্দ্ৰীকৰণ : ভাৰত চৰকাৰৰ জেষ্ঠ পৰ্যায়ৰ অসামৰিক সেৱাৰ বিষয়া- সকলে (১) দৈনন্দিন প্ৰশাসনীয় বা ৰূপায়ণ কাৰ্যৰ গধুৰ বোজা বহন কৰা (২) প্ৰশাসনীয় ক্ষমতাৰ উচ্চ পৰ্যায়ৰ কেন্দ্ৰীয়কৰণৰ পৰিপ্ৰেক্ষিতত ইতিমধ্যেই অধিক বোজা বহন কৰিব লগীয়া হয়। এই ক্ষেত্ৰত প্ৰস্তাৱিত সংস্কাৰমূলক পদক্ষেপটো হৈছে যুটীয়া সচিব বা অতিৰিক্ত সচিবৰ এজন সঞ্চালক প্ৰধানৰ নেতৃত্বত নিকায়সমূহ (Boards) আৰু অভিকৰণসমূহৰ ওপৰত লোকনীতি ৰূপায়ণৰ দায়িত্ব ন্যস্ত কৰা উচিত। এই প্রধানজনে নীতি ৰূপায়ণ কৰাটো মৌলিক দায়িত্ব হ’ব যদিও নীতি নিৰ্ধাৰণৰ বেলিকা প্ৰয়োজনীয় উপকৰণ (Inputs) যোগান ধৰিব।

এনেদৰে সঞ্চালক প্ৰধানজন নীতি নিৰ্ধাৰণ আৰু নীতি ৰূপায়ণৰ মাজত এক প্ৰাচীৰ স্বৰূপে উপস্থাপিত হ’ব। নীতি নিৰ্ধাৰণৰ বেলিকাহে সচিবজন জবাবদিহি হ’ব। সচিবৰ নীতি ৰূপায়ণৰ ক্ষেত্ৰত কোনো দায়বদ্ধতা নাথাকে।

(খ) চৰকাৰ যন্ত্ৰৰ বাহিৰৰ পৰা জ্ঞানৰ প্ৰৱাহ আৰু সংহতকৰণৰ উন্নীতকৰণ : নীতি নিৰ্ধাৰকসকলক নীতি নিৰ্ধাৰণৰ বেলিকা বেচৰকাৰী উপকৰণ আৰু বিষয় বস্তুৰ বিশেষজ্ঞৰ পর্যাপ্ততাৰ নিশ্চয়তা প্ৰদান কৰিব লাগে। প্ৰতিটো মন্ত্রণালয় বা বিভাগতে এক নীতি উপদে গোট গঠন কৰা উচিত। এই উপদেষ্টা গোটটি নিম্নোক্ত বিষয়াবৰ্গক লৈ গঠন কৰিব লাগে (১) সম্পর্কিত খণ্ডক সামৰি নিৰ্বাচিত শীৰ্ষ পৰ্যায়ৰ অসামৰিক সেৱাৰ বিষয়া, (২) অংশীদাৰী -বা ঔদ্যোগিক প্রতিনিধিবর্গ, (৩) নির্দিষ্ট ক্ষেত্ৰত অভিজ্ঞ শিক্ষাবিদ তথা বুদ্ধিজীবি। এই নীতি উপদেষ্টা গোটসমূহে বিভাগীয় দৃষ্টিভংগীসমূহ বিচাৰ-বিশ্লেষণ কৰি এক সংহত নীতিৰ পৰামৰ্শ আগবঢ়াব। উল্লেখ্য যে সকলো ধৰণৰ নীতি সংক্ৰান্তীয় বিষয়ত কেবিনেটত কোনো এক প্রস্তাব উত্থাপন কৰাৰ পূৰ্বে এক উপদেষ্টা গোটৰ সৈতে আলোচনা কৰা আৰু গোটৰ পৰামৰ্শক বিচাৰ বিবেচনা কৰাটো বাধ্যতামূলক কৰিব লাগে।

(গ) নীতি নির্ধাৰণ মানৱ শক্তিৰ কৰ্মদক্ষতাৰ উন্নীতকৰণ : নীতি নির্ধাৰণ কাৰ্য তথ্যভিজ্ঞ (Informed) আৰু বুদ্ধিমান বিশেষজ্ঞৰ দ্বাৰা তদাৰকী তথা পৰ্যবেক্ষণ কৰাৰ ব্যৱস্থা কৰিব লাগে। অৱশ্যে এই তথ্যভিজ্ঞ আৰু বুদ্ধিমান বিশেষজ্ঞ সকলৰ কেতবোৰ সামৰ্থতা (যেনে– সমস্যা চিনাক্তকৰণ, উদ্ভাবিত হ’ব পৰা বিষয়সমূহ মূল্যায়ণ কৰা যথাযোগ্য তথ্য আৰু বিশেষজ্ঞ অভিমতৰ বাবে অনুসন্ধান চলোৱা, বিশেষজ্ঞসকলৰ সৈতে ফলপ্রসূভাৱে যোগাযোগ স্থাপন কৰা আৰু বিশেষজ্ঞ অভিমতসমূহৰ যথাযথ বাখ্যা আগবঢ়াবলৈ বিশেষজ্ঞসকলৰ ভাষা ভালদৰে বোধগম্য হোৱা আৰু ক’ব পৰা) থাকিব লাগিব।

৪৩। লোক নীতিৰ ক্ৰমবৰ্ধমান আৰ্হিৰ বিতৰ্কসমূহ লিখা।

উত্তৰঃ লোক নীতিৰ ক্ৰমবৰ্ধমান আৰ্হিয়ে নীতি নির্ধাৰণ আৰু কাৰ্যকৰীকৰণৰ কেতবোৰ জটিলতাক স্বীকাৰ কৰে। নীতি নিৰ্ধাৰক (চৰকাৰ আৰু প্ৰশাসন) সকলৰ কেতবোৰ সাধাৰণ বাধা নিষেধেৰে পৰিপূৰ্ণ এক বাতাবৰণৰ মাজেৰেহে নীতি নিৰ্ধাৰণ কাৰ্য সম্পন্ন হয়। প্রশাসন। হৈছে সম্ভাব্য কলা; ই আদর্শ নহয়। ইনীতি নিৰ্ধাৰণৰ এক সম্পূর্ণ যুক্তিনিষ্ঠ প্ৰক্ৰিয়া নহয়। ইয়াৰ কৰ্মৰাজিও এক সম্ভাব্য কলা আদর্শ নহয়। ই নীতি নিৰ্ধাৰণৰ ১০০ শতাংশই যুক্তি সংগত প্রক্রিয়া নহয়।

যুক্তিনিষ্ঠ আৰ্হিৰ পৰিৱৰ্তে চাৰ্লছ লিণ্ডৰাম (Charles Lindblom)কে আদি কৰি একাংশ সমাজবিজ্ঞানীয়ে লোক নীতি নিৰ্ধাৰণৰ ক্ৰমবৰ্ধমান আৰ্হিৰ পোষকতা কৰে। লিণ্ডবামৰ মতে, নীতি নিৰ্ধাৰকসকলে চৰকাৰৰ বাজেট আৰু গ্ৰহণীয় আঁচনিৰাজিৰ সৈতে আৰম্ভ কৰে আৰু প্রচলিত আঁচনিৰ লগত অতিৰিক্তভাৱে নতুন নীতি আৰু আঁচনি সংযোজন কৰিব বিচাৰে। চৰকাৰী প্ৰশাসনত প্ৰকৃততে যিটো চলি আছে সেয়ে ক্ৰমবৰ্ধমান এই অৰ্থত যে “পূৰ্বৰ কৰ্মৰাজিৰ কিছুমান সালসলনি ঘটাই অবিৰতভাৱে চলাই যোৱা হয়”। প্ৰকৃত সত্যটো হ’ল প্ৰতিখন চৰকাৰৰেই সিদ্ধান্ত গ্ৰহণৰ এক ঐতিহাসিক শৃংখল থাকে, যাক প্রশাসক সকলে ভৱিষ্যতৰ নীতি/আঁচনি বিষয়ক সিদ্ধান্ত গ্ৰহণৰ ক্ষেত্ৰত ব্যৱহাৰ কৰে। যুক্তিনিষ্ঠ আৰ্হিয়ে এনে ধৰণৰ লোক নীতিৰ আৰ্হি প্ৰদান কৰে। পূৰ্বৰ আঁচনিক সামান্যতম পৰিবৰ্তন কৰি বা ক্ৰম বৃদ্ধিমূলক পৰিৱর্তন সাধন কৰি গ্ৰহণ কৰা হয়। 

লিণ্ডবাম-এ প্রান্তীয় ক্রমবর্ধমান (Marginal Incrementalism) আৰু পক্ষপাতমূলক পাৰস্পৰিক নিষ্পত্তি (Partisan Mutual Adjustment) সীমিত, ক্ৰমিক আৰু প্ৰায় বিপৰীতমুখী আঁচনি যিবোৰ প্ৰয়োজনীয় আৰু সাম্ভাব্য বিশেষ অৱস্থাত সলনি কৰিব লগা হয় সেইবিলাকক বুজাবলৈ প্ৰথম অভিধাটো ব্যৱহাৰ কৰিছিল। দ্বিতীয় অভিধাটো কোনো এক সিদ্ধান্ত গ্ৰহণৰ পৰিস্থিতিত ভিন্ন স্বাৰ্থ আৰু মতামতৰ সমাযোজনৰ গুৰুত্বক বুজাবলৈ ব্যৱহাৰ কৰিছিল। একেদৰে নীতি নিৰ্দ্ধাৰণ সদায়েই ক্ৰমবৰ্দ্ধমান চৰিত্ৰৰ, যাক তুলনা আৰু অধ্যয়ন কৰা হয়।

চাইমন আৰু ড্ৰ’ৰ (Simon and Dror) ৰ দৰে যুক্তিবাদীসকলে ক্ৰমবৰ্ধমান আৰ্হিটোৰ তীব্ৰ সমালোচনা কৰে এইকাৰণেই যে প্ৰতিখন চৰকাৰেই বহুতো নতুনত্ব আৰু নতুন প্রত্যহ্বান আৰু প্ৰত্যাহ্বানযুক্ত অৱস্থাৰ সন্মুখীন হয় যিবিলাকৰ নীতি নিৰ্ধাৰণৰ ক্ষেত্ৰত পূৰ্বৰ অভিজ্ঞতা প্রকৃততে নাথাকে। প্ৰতিখন চৰকাৰেই নতুন নীতি, আঁচনি গ্ৰহণ কৰে আৰু সদায় নতুন পৰিকল্পনা কার্যকৰী কৰে। সেয়েহে লোক নীতি অধ্যয়নত ক্ৰমবৰ্ধমানবাদৰ খুব কম পৰিমাণৰহে প্ৰয়োগ কৰা হয়।

৪৪। লোকনীতিৰ অৰ্থ আৰু প্ৰকৃতি সম্পর্কে আলোচনা কৰা। 

উত্তৰঃ লোক (জনতা) আৰু নীতি (Policy)ৰ অৰ্থ ব্যাখ্যা কৰাৰ পিছত লোক নীতি (Public Policy) ৰ সংজ্ঞা তলত আগবঢ়োৱা হ’ল—

সৰল ভাষাত ক’বলৈ গ’লে, লোকনীতি মানে জনতাৰ বাবে, জনতাৰ স্বাৰ্থত, জনতাৰ দাবীত আৰু তেনেধৰণৰ বিষয়ৰ লগত জড়িত নীতি আৰু ই কোনো ব্যক্তিৰ ব্যক্তিগত স্বাৰ্থত বা কার্যৰ সৈতে সম্পর্কিত নহয়। লোকনীতি বা লোক-আঁচনিসমূহ চৰকাৰে বা প্ৰশাসনে জনতাৰ স্বাৰ্থত বা এলানি জনতাৰ উদ্দেশ্য বা কিছুমান জনতাৰ লাভৰ লক্ষ্য আৰু উদ্দেশ্য লৈ কৰে। ই এনে এক আহিলা যাৰ জৰিয়তে চৰকাৰে কোনো এক বা একাধিক উদ্দেশ্য বা নির্দিষ্ট লক্ষ্য যেনে— নিৰক্ষৰতা নির্মূলকৰণ, দৰিদ্ৰতা দূৰীকৰণ, নিয়োগ সৃষ্টি, বহনক্ষম পৰিৱেশ সৃষ্টি কৰা আৰু তেনেধৰণৰ ক্ষেত্ৰত সফলতা লাভ কৰিবলৈ প্ৰয়াস কৰে।

সাধাৰণ অৰ্থত, লোক নীতিৰ অৰ্থ হৈছে ৰাজহুৱা পৰিক্ৰমা ৰাজহুৱা স্বাৰ্থ, ৰাজহুৱা দাবী দাবাজ ইত্যাদিৰ লগত জড়িত নীতিসমূহ। ব্যক্তিগত পৰিক্ৰমা বা জনগণৰ কাৰ্যকলাপসমূহক লোক নীতিয়ে সামৰি নলয় । লোক নীতিবিলাক চৰকাৰ আৰু প্ৰশাসনে কেতবোৰ ৰাজহুৱা উদ্দেশ্য সিদ্ধিৰ হকে নতুবা কেতবোৰ ৰাজহুৱা লক্ষ্য সাধনৰ নিমিত্তে নিৰ্ধাৰণ আৰু কাৰ্যকৰী কৰে।

লোক নীতিৰ সংজ্ঞা বিভিন্নজনে বিভিন্নধৰণে আগবঢ়াইছে—

এপলবি (Appleby)ৰ ভাষাত, লোক প্ৰশাসনৰ সাৰাংশ হৈছে নীতি নিৰ্ধাৰণ।

থমাছ ডাই (Thomas Dye)ৰ মতে, “চৰকাৰে যি কৰিবলৈ বা যি নকৰিবলৈ নিৰ্ণয় কৰে। সেয়ে লোক নীতি”। 

কাল জে ফ্ৰেডৰিক (Carl J. Friedrich) ৰ মতে, “লোকনীতিৰ হৈছে চৰকাৰে (গোট বা সংগঠনে) পর্যাপ্ত সম্পদৰাজিৰ প্ৰয়োগ আৰু প্ৰতিবন্ধকতাসমূহ দূৰীকৰণৰ জৰিয়তে নিৰ্ধাৰিত লক্ষ্যত উপনীত হ’বলৈ গ্ৰহণ কৰা এক কাৰ্যসূচী”।

লোক নীতিসমূহ ৰাষ্ট্ৰ সংবিধান আৰু প্ৰচলিত আইন অনুসৰি কেতবোৰ বিষয় আৰু সমস্যাক কেন্দ্ৰ কৰি চৰকাৰৰ প্ৰধানতঃ বিধানমণ্ডল (Legislature) আৰু কাৰ্যপালিকা (Executive) এই বিভাগ দুটাই ক্রমে নিৰ্ধাৰণ আৰু কাৰ্যকৰী কৰে।

লোক নীতি হৈছে মূল ক্রিয়াকলাপ তথা পদক্ষেপ। ই হৈছে চৰকাৰৰ দ্বাৰা জনগণ আৰু তেওঁলোকৰ সংস্থা আৰু সংগঠনবিলাকৰ কল্যাণৰ হকে কেতবাৰ সংজ্ঞায়িত লক্ষ্য আৰু উদ্দেশ্যৰ নিশ্চয়তা প্ৰদানৰ হকে নিৰ্ধাৰিত আৰু ৰূপায়িত এক পদ্ধতিগত তথা সংজ্ঞায়িত কর্মসূচী। উল্লেখনীয় যে কোনো এক লোক নীতিক তেতিয়াহে উৎকৃষ্ট বুলি গণ্য কৰা হয় যেতিয়া ই অধিক দক্ষতাৰে আৰু ফলপ্ৰদভাবে সমস্যাৰ সমাধান কৰে, ন্যায় প্ৰদান কৰে, চৰকাৰী প্রতিষ্ঠানসমূহক সমৰ্থন কৰাৰ লগতে সক্রিয় জন অংশগ্রহণক উৎসাহিত কৰিব

গতিকে সংক্ষেপতে ক’বলৈ হ’লে লোক নীতি হৈছে চৰকাৰী নীতি যাৰ সহায়ত চৰকাৰে কেতবোৰ লক্ষ্য আৰু উদ্দেশ্যৰ লগতে জনসেৱাৰ অৱধাৰণাটোক সংপৃক্ত কৰে। জনসেৱাৰ জৰিয়তে জনগণৰ দৃষ্টি আকৰ্ষণ কৰি ক্ষমতা আহৰণৰ দিশটো চৰকাৰী নীতিৰ সৈতে ওতঃপ্রোতভাবে জড়িত কৰি তোলে।

৪৫। লোক নীতিৰ পৰিসৰ আৰু প্ৰাসংগিকতা সম্পর্কে আলোচনা কৰা।

উত্তৰঃ লোকনীতিৰ পৰিসৰ : উন্নয়নশীল ৰাষ্ট্ৰসমূহৰ ক্ৰমবর্ধিত ৰাজহুৱা প্ৰয়োজনীয়তা আৰু দাবীসমূহ প্ৰযুক্তিৰ জটিলতা, সামাজিক সংগঠন, উদ্যোগিকীৰণ আৰু নগৰীকৰণৰ দৰে অনান্য ধাৰাসমূহৰ বৰ্ধিত প্ৰভাৱে ৰাজহুৱা খণ্ডৰ পৰিসৰ প্ৰচুৰভাৱে বৃদ্ধি পাইছে। উন্নয়নশীল ৰাষ্ট্ৰবিলাকৰ চৰকাৰসমূহৰ বৰ্ধিত জটিল কাৰ্যাৱলীৰ পৰিপ্ৰেক্ষিতত জাতি গঠন আৰু আৰ্থ-সামাজিক বিকাশৰ পথ প্রশস্ত হৈছে যিয়েই লোক নীতিৰ পৰিসৰ সুদূৰ প্ৰসাৰী কৰি তুলিছে। সম্প্ৰতি চৰকাৰ কেৱল শান্তিৰক্ষক, বিবাদ, নিৰাময়কর্তা, উমৈহতীয়া সামগ্ৰী আৰু দৈনন্দিন সেৱাসমূহ যোগান ধৰোতাই নহয় বৰং ই মূল উদ্ভাৱক, আর্থ-সামাজিক আঁচনিসমূহৰ প্ৰধান নিৰ্ধাৰক আৰু অৰ্থনৈতিক উদ্যোগ আৰু উন্নয়নৰ মূল বিনিয়োগকর্তা আৰু মূল অনুঘটন হিচাপে কাম কৰে।

বহু উন্নয়নশীল ৰাষ্ট্ৰত ৰাষ্ট্ৰীয় উন্নয়নৰ ধাৰণ তৰাম্বিতকৰণ, অত্যাধুনিক আৰু প্ৰাসংগিক প্ৰযুক্তিৰ ব্যৱহাৰ, যাৱতীয় আনুষ্ঠনিক পৰিৱৰ্তনৰ পথ সুচল কৰা ৰাষ্ট্ৰীয় উৎপাদন বৃদ্ধি কৰা মাননীয় আৰু অনান্য সম্পদৰাজিৰ পূৰ্ণ ব্যৱহাৰ আৰু জীৱন নিৰ্বাহৰ মানদণ্ড উন্নীতকৰণৰ ক্ষেত্ৰত চৰকাৰৰ ওপৰত অত্যাধিক হেঁচা থাকে। এনেধৰণৰ ধাৰা আৰু বিকাশে লোক নীতিৰ অৱয়ৰ আৰু পৰিসৰ ইমানেই বিস্তৃত হৈ পৰিছে যে ই নাগৰিকৰ জীৱন পৰিক্ৰমা সকলোবিলাক দিশকে সামৰি লৈছে। ব্যক্তিগতকৰণ আৰু ৰাজহুৱা অভিকৰণসমূহৰ ওপৰত বহিঃবিনিয়োগকৰণে উন্নয়নশীল ৰাষ্ট্ৰসমূহৰ দ্ৰুত পৰিৱৰ্তন সাধন কৰিছে। সাম্প্রতিক সময়ত, লোক নীতিয়ে প্ৰতিৰক্ষা, পাৰিপাৰ্শ্বিকতাৰ সুৰক্ষা, স্বাস্থ্য, শিক্ষা, আৱাসগৃহ, ৰাজহ সংগ্ৰহ, মূল্যবৃদ্ধি বিজ্ঞান আৰু প্রযুক্তিবিদ্যাকে আদি কৰি সকলো ধৰণৰ অর্থবহ দিশৰে লগতে সম্পর্কিত হৈ পৰিছে।

লোক নীতিৰ প্ৰাসংগিকতা :  একবিংশ শতিকাত লোক নীতি’য়ে গুৰুত্বপূর্ণ স্থান দখল কৰিছে। ই কেৱল চৰকাৰী কাৰ্যাৱলীৰ কাৰক আৰু পৰিণতি সমূহৰ কেৱল বৰ্ণনা আৰু ব্যাখ্যা কৰাই নহয়; বৰং লোক নীতি নিৰ্ধাৰণৰ অন্যতম কাৰক হিচাপে ক্ৰিয়া কৰা বৈজ্ঞানিক জ্ঞানৰ বিকাশ সাধনৰ লগতো জড়িত। যদিওবা ইয়াত অধ্যয়ন নিচেই নতুন তথাপিও ই তাত্ত্বিক আৰু বিশ্লেষণাত্মক প্রয়োজনীয়তাৰাজি পূৰণ কৰিবলৈ অৱধাৰণাগত আৰু পদ্ধতিগত ক্ষেত্ৰত বহুতো সংস্কাৰ সাধন কৰিবলৈ সক্ষম হৈছে। তেওঁলোকৰ সমস্যাসমূহেই হৈছে লোক নীতি বিলাকৰ প্রধান কেন্দ্র বিন্দু। কেনেকৈ বিষয় তথা সমস্যাসমূহক সংজ্ঞায়িত আৰু সংগঠিত কৰি ৰাজনৈতিক আৰু নীতি কাৰ্যসূচীত উত্থাপন কৰা হ’ব তাৰ ওপৰত লোক নীতিয়ে আলোকপাত কৰে।

প্ৰকৃততে, লোক নীতিৰ পৰিসৰ ৰাষ্ট্ৰৰ চৰকাৰখনে সমাজৰ বাবে নিজে কি পদক্ষেপ গ্রহণ কৰিছে তাৰ ওপৰত নিৰ্ভৰ কৰে। ঊনবিংশ শতিকাত ৰাষ্ট্ৰক এক সীমিত ভূমিকা ন্যস্ত কৰা হৈছিল আৰু এইটো আশা কৰা হৈছিল যে ৰাষ্ট্ৰই আৰ্থ-সামাজিক কৰ্মৰাজিৰ উত্তৰক হিচাপে নহয়, ব’ৰং নিয়ন্ত্রক হিচাপেহে কাম কৰিব। কিন্তু কুৰি শতিকাৰ মাজভাগৰ পৰা সমাজক বিভিন্ন দিশৰ উত্তৰণৰ বেলিকা ৰাষ্ট্ৰই এক সক্ৰিয় অভিকৰণ হিচাপে ভূমিকা পালন কৰিবলৈ ধৰিলে। ফলস্বৰূপে, লোক নীতিবিলাকৰ পৰিসৰ নিয়ন্ত্ৰকৰ ভূমিকাৰ পৰা উন্নয়ন আৰু উদ্যমৰ উত্তৰকৰ ভূমিকালৈ সম্প্ৰসাৰিত হয়। ভাৰতৰ দৰে উন্নয়নশীল ৰাষ্ট্ৰৰ বেলিকা ৰাষ্ট্ৰৰ সক্ৰিয় ভূমিকাৰ অৰ্থ হ’ল দেশে অনুসৰণ কৰিবলগীয়া নিৰ্দেশনাক স্থিৰ কৰিবলৈ দীৰ্ঘম্যাদী বিকাশশীল নীতি আৰু আঁচনি নিৰ্ধাৰণৰ দায়বদ্ধতা ৰাষ্ট্ৰৰ হাতত ন্যস্ত কৰা। ভাৰতৰ দৰে উন্নয়নশীল ৰাষ্ট্ৰৰ বেলিকা লোক নীতিসমূহৰ প্ৰথম গুৰুত্বপূৰ্ণ লক্ষ্যটো আৰ্থ-সামাজিক বিকাশৰ ক্ষেত্ৰৰ লগত সংযুক্ত হৈ আছে। এই উদ্দেশ্যেৰেই কৃষি আৰু ঔদ্যোগিক খণ্ডৰ বিকাশ সাধন, ব্যক্তিগত খণ্ডৰ নিয়ন্ত্ৰণকৰণৰ বাবে সুদূৰ প্ৰসাৰী নীতিসমূহ নিৰ্ধাৰণ কৰা হৈছে। 

সময়ে সময়ে ৰাষ্ট্ৰ আৰু অ ৰাষ্ট্ৰীয় কর্তা খণ্ডসমূহত উৎপাদন কৰিবলগীয়া সামগ্ৰীসমূহৰ নিৰ্দিষ্ট কৰা হৈছে। নীতি পৰিবৰ্তনৰ সহগামী হিচাপে নিয়ন্ত্রণবিলাক আৰোপ কৰণ তথা উদাৰীকৰণ কৰা হৈছে। উদাৰীকৰণ প্ৰক্ৰিয়াৰ প্ৰেক্ষাপটত নিঃনিয়ন্ত্রণকৰণৰ নীতিও ভাৰতত সূচনা কৰা হৈছে। ভাৰতত চৰকাৰে সামাজিক ক্ষেত্র সমূহত এক গুৰুত্বপূর্ণ দায়িত্ব বহন কৰিছে। যৌতুক প্রথা বিৰোধী অধিনিয়ম, বিবাহ বিচ্ছেদ অধিনিয়ম এইক্ষেত্ৰত সুন্দৰ উদাহৰণ। ভাৰতত ৰাষ্ট্ৰীয় ঐক্য সংহতিৰ উত্তৰণ সাধন, অনগ্ৰসৰ শ্ৰেণীৰ উত্তৰণৰ হকে ভালেমান কল্যাণকামী নীতি গ্ৰহণ কৰা হৈছে। তাৰোপৰি মহিলা সৱলীকৰণ, বিকেন্দ্ৰীকৰণ, স্থানীয় নিকায়সমূহলৈ ক্ষমতাৰ হস্তান্তৰকৰণৰ হকে কেতবোৰ গুৰুত্বপূৰ্ণ সাংবিধানিক নীতি ভাৰত চৰকাৰে ইতিমধ্যেই গ্ৰহণ কৰিছে। ৰাজস্ব নীতি বিষয়ত ভাৰতীয় অভিজ্ঞতাৰ পৰা এইটো স্পষ্ট হয় যে সাম্প্রতিক লোক নীতি বিলাকে ৰাষ্ট্ৰৰ ভূমিকাৰ বিষয়ত প্রেক্ষাপটসমূহ প্রতিফলিত নকৰে।

সাম্প্রতিক সময়ত লোক প্ৰশাসনৰ অধ্যয়নৰ ক্ষেত্ৰত নীতিৰ বিশ্লেষণে বিশেষ তাৎপর্যপূর্ণ ভূমিকা বহন কৰিছে। এই প্রৱণতা সমগ্র বিশ্বব্যাপি লক্ষণীয় হৈ পৰিছে। নীতি নিৰ্ধাৰণ, ৰূপায়ণকৰণ আৰু তদাৰকীকৰণৰ কাৰ্যকাৰিতা শুদ্ধ নীতি বিশ্লেষণৰ ওপৰত বহু পৰিমাণে নিৰ্ভৰ কৰিব। ১৯৯০-১১ চনৰ বৈদেশিক মুদ্ৰাৰ সংকটকালীন পৰিস্থিতিৰ পৰৱৰ্তী সময়ত নীতিসমূহ বিশৃংখল হৈ পৰিছিল। ৰাষ্ট্ৰৰ ভূমিকাৰ ‘উচ্চ’ আৰু ‘নিম্ন’ স্থিতিয়ে নীতি বিশ্লেষক সকললৈ শিক্ষণ অভিজ্ঞতা সৰবৰাহ কৰে। নীতি বিশ্লেষক সকল বিশ্লেষণৰ নতুন নতুন অৱধাৰণা আৰু পৰিকাঠামোড়ৰ বাবে আগ্ৰহী তথা মুক্ত মনৰ গৰাকী হোৱা বাঞ্চনীয়। নীতি নির্ধাৰণ হৈছে এক ৰাজনৈতিক কাৰ্য আৰু নীতি ৰূপায়ণকৰণ হৈছে এক প্ৰশাসনীয় কার্য। কিন্তু এই প্রভেদ ক্ৰমশঃ অস্পষ্ট হৈ এনে অৱস্থা পালেগৈ যে নীতি নিৰ্ধাৰণ ক’ত শেষ হৈছে আৰু নীতিৰ কাৰ্যকৰীকৰণ ক’ত আৰম্ভ হৈছে সেয়া চিহ্নিত কৰাটো জটিল হৈ পৰিছে। অৱধাৰণাগত আৰু বিশ্লেষণাত্মক ক্ষেত্ৰত হোৱা পৰিৱৰ্তনৰে সৈতে লোক প্ৰশাসনৰ গৱেষকসকলে নীতি নিৰ্ধাৰণৰ ক্ষেত্ৰত থকা ত্রুটি বিচ্যুতিসমূহৰ লগতে নীতি কাৰ্যকৰীকৰণৰ আৰ্হিক প্ৰভাৱিত কৰিব পৰা প্ৰাসংগিক বিষয়সমূহৰ ওপৰত অধিক গুৰুত্ব দিবলৈ আৰম্ভ কৰিলে।

৪৬। লোক নীতি নিৰ্ধাৰণ বুলিলে কি বুজা? আৰু ইয়াৰ প্ৰকৃতি সম্পৰ্কে আলোচনা কৰা।

উত্তৰঃ লোক নীতি নির্ধাৰণ : নীতি নিৰ্ধাৰণ আঁচনি প্ৰক্ৰিয়াৰ অতি প্রয়োজনীয় প্রাথমিক অৱস্থা। ই নীতিৰ বিষয় বা সমস্যা বা প্রয়োজনীয়তা লোক নীতিলৈ ৰূপান্তৰ কৰে। অৰ্থাৎ ই হৈছে এক নীতিগত আৰু স্থায়ী কৰ্ম আঁচনি যাৰ দ্বাৰা আকাংক্ষিত লক্ষ্য বা উদ্দেশ্যত উপনীত হোৱাৰ প্ৰয়াস কৰা হয়।

সহজ ভাষাত ক’বলৈ গ’লে, লোক নীতি হৈছে অধিক সুবিধাসম্পন্ন আঁচনি গ্ৰহণ কৰা পদ্ধতি বিভিন্ন বিকল্পৰ মাজৰ পৰা চৰকাৰে বা চৰকাৰী বিষয়াসকলে নির্বাচন কৰি উপযুক্তভাৱে মনোনীত কৰা কৰ্ম আঁচনি। প্রস্তুত আৰু মনোনীত আঁচনিসমূহ সেয়ে কৰ্তৃত্বশীল আৰু বন্ধনযুক্ত লোক আঁচনি হয় হোৱা দেখা যায়। 

ডেভিদ ইষ্টনৰ ৰাজনৈতিক ব্যৱস্থাৰ আৰ্হি ব্যৱহাৰ কৰি আমি ক’ব পাৰো “লোক নীতি হৈছে নীতিয়ে দাবী কৰা পদ্ধতিক লোক নীতিলৈ পৰিৱৰ্তন কৰা”।

নীতি নিৰ্ধাৰণ হৈছে পৰিবেশৰ পৰা সৃষ্ট প্রত্যাহ্বান আৰু দাবীসমূহৰ সৈতে মোকাবিলা কৰণৰ ক্ষেত্ৰত চৰকাৰৰ এক প্ৰতিক্ৰিয়া। এই নীতি নির্ধাৰণ প্ৰক্ৰিয়াত বহুতো চৰকাৰী বিষয়া, অভিকৰণ আৰু সংগঠন জড়িত হৈ থাকে।

নীতি নিৰ্ধাৰণ প্ৰক্ৰিয়াৰ প্ৰকৃতিসমূহ হৈছে :

(ক) নীতি নিৰ্দ্ধাৰণ কেৱল বিভিন্ন বিকল্পৰ মাজৰ পৰা সাম্ভাব্য বা পর্যাপ্ত থকা নীতি বিকল্পৰ নিৰ্বাচিত কৰি কোনো বিশেষ নীতি নির্ধাৰণ কৰাকে নুবুজায় : ই অপৰিহাৰ্যভাৱে কোনো কর্ম আঁচনি নিৰ্বাচন আৰু নিৰ্ধাৰণৰ লগত কোনো বিশেষ নীতি বিকল্প বা সিদ্ধান্ত নিৰ্বাচন কৰাৰ লগতে প্ৰকৃততে এটা নীতি বিকল্প নির্বাচিত কৰাৰ পিছত সেইবিলাকক প্রয়োজনীয় সংশোধন বা সালসলনি ঘটাই প্রয়োজন অনুসাৰে তাত কিছু নতুন কথা সংযোগ কৰি লোক নীতি প্ৰস্তুত কৰা হয় যাতে ই আকাংক্ষিত লক্ষ্য আৰু উদ্দেশ্যত উপনীত হ’ব পাৰে।

(খ) নীতি নির্ধাৰণ এক নিৰৱচ্ছিন্ন অনুশীলন যি নেকি নীতি কার্যকৰীকৰণৰ প্ৰক্ৰিয়াৰ সময়ছোৱাত প্ৰাপ্ত তথ্য আৰু অভিজ্ঞতাৰ ভিত্তিত পুনঃনিৰ্ধাৰণ আৰু সংশোধন ঘটোৱাৰ লগত অপৰিহাৰ্যভাবে জড়িত থাকে : নীতি নির্ধাৰণৰ প্ৰক্ৰিয়াই নীতি কার্যকৰীকৰণৰ বেলিকা সন্মুখীন হোৱা পৰিৱৰ্তিত পৰিবেশ আৰু জনগণৰ নিত্য নতুন প্রয়োজনীয়তাৰ লগত নতুন বিষয় তথা সমস্যাৰাজিৰ প্ৰতিও লক্ষ্য ৰাখিব লাগে।

(গ) নীতি নির্ধাৰণ শূন্য স্থানত কৰা নহয়, নীতি নিৰ্ধাৰণৰ বেলিকা নিৰ্ধাৰকসকলে বিভিন্ন সামাজিক, অর্থনৈতিক, ৰাজনৈতিক, সাংস্কৃতিক কাৰক আৰু সম্পদৰাজিৰ ওপৰত নিক্ষেপ কৰে : নীতি নিৰ্ধাৰণ প্ৰক্ৰিয়া ৰাষ্ট্ৰৰ সংবিধান, বিধান মণ্ডলৰ আইন, ৰাষ্ট্ৰত সাংবিধানিক আইনৰ ভিত্তিত ন্যায়ালয়ৰ বাধা, সামাজিক বাখ্যা, ৰীতি-নীতি, পৰম্পৰা, লোকাচাৰ, প্ৰথা, জনমত, বিশ্ব জনমত, স্বার্থজড়িত গোটৰ দাবী আৰু আবেদন, প্ৰভাৱ গোষ্ঠী, ট্রেড ইউনিয়ন আৰু নাগৰিক সমিতিৰ সদস্যবৰ্গৰ মতামতৰ দ্বাৰা পৰিচালিত হয়। বৃহৎ সংখ্যক সমাজ বিজ্ঞানীয়ে এইক্ষেত্ৰত একমত হয় যে নীতি নির্ধারণত এটা প্ৰধান কাৰকে ক্ৰিয়া কৰে— সেয়া হৈছে প্রায় সকলো নীতিয়েই সংস্কৃতিৰ ওপৰত নিৰ্ভৰশীল আৰু সেয়ে ৰাষ্ট্ৰভেদে নীতিসমূহ পৃথক পৃথক হয়।

(ঘ) নীতি নিৰ্ধাৰণত বহুতো কৰ্তা আৰু প্ৰতিষ্ঠান জড়িত হৈ থাকে। ই সদায়েই এক সহযোগিতামূলক কার্য, এক বুজাবুজিৰ কাৰ্য আৰু এক তথ্য বিনিময় প্ৰক্ৰিয়া : ছেকলাৰ হাডছনৰ মতে, নীতি সকলো পথৰ পৰা আহে, বহুতো কাৰকৰ ওপৰত নিৰ্ভৰশীল আৰু ইয়াত বহুতো ব্যক্তি তথা সংগঠন জড়িত হৈ থাকে, যি সকলে প্ৰত্যক্ষভাৱে বা পৰোক্ষভাৱে নীতি নির্ধাৰণ প্রক্রিয়াত সহায় কৰে। নীতি নির্ধাৰণ প্রক্রিয়া সমাজভেদে বেলেগে বেলেগ হয় আৰু প্রতিখন সমাজতে সময় অনুযায়ী পৃথক পৃথক হয়। এক সামুহিক কার্য, এক সহযোগিতামূলক প্রচেষ্টা আৰু অনুশীলন যত বহুতো লোক আৰু সংগঠনে অংশগ্ৰহণ কৰে।

(ঙ) নীতি নির্ধাৰণ প্ৰক্ৰিয়াক প্রচলিত আর্থ-সামাজিক বাতাবৰণ তথা বাধা নিষেধসমূহে সদায় প্ৰভাৱান্বিত কৰে : স্বাৰ্থৰ দ্বন্দ্বৰ উপস্থিতি, বিভিন্ন ব্যক্তিগত আৰু ৰাজহুৱা গোটৰ মতামত আৰু দাবীসমূহে সদায়েইনীতি নিৰ্ধাৰণত গুৰুত্বপূৰ্ণ কাৰক হিচাপে চিহ্নিত হৈ আহিছে। সমসাময়িক সময়ত অর্থনৈতিক উন্নয়নৰ পৰ্যায় আৰু দেশীয় আৰু গোলকীয় অর্থনৈতিক। কাৰক সমূহে সমগ্ৰ বিশ্বৰ প্ৰতিখন দেশতে নীতি নির্ধাৰণৰ বেলিকা নির্ণায়ক ভূমিকা গ্রহণ কৰে।

এনেদৰে বিশ্লেষণ কৰি চালে দেখা যায় যে নীতি নির্ধাৰণ এক অতি জটিল কার্য। এই কার্যত বহুতো লোক আৰু অভিকৰণ (চৰকাৰী আৰু ব্যক্তিগত দুয়োটা) জড়িত হৈ থাকে যি প্ৰত্যক্ষ আৰু পৰোক্ষভাৱে নীতি নির্ধাৰণত গুৰুত্বপূর্ণ ভূমিকা গ্ৰহণ কৰে।

৪৭। লোকনীতিৰ বৈশিষ্ট্যসমূহ বৰ্ণনা কৰা। 

উত্তৰঃ লোক নীতিৰ বৈশিষ্ট্যসমূহ হ’ল—

(ক) লোক নীতিবিলাক সদায় ৰাজহুৱা পৰিক্ৰমা আৰু ৰাজহুৱা উদ্দেশ্যক সূচায় : ৰাজস্ব নীতিবিলাক সদায় ৰাজহুৱা পৰিক্ৰমা প্ৰয়োজনীয়তা, উদ্দেশ্য তথা দাবীসমূহৰ লগত জড়িত। ব্যক্তিগত সংস্থা তথা ব্যক্তিৰ ব্যক্তিগত পৰিক্ৰমাসমূহৰ পৰা লোকনীতিসমূহ সম্পূৰ্ণৰূপে পৃথক। ব্যক্তিগত পৰিক্ৰমাসমূহৰ বিপৰীতে ৰাজহুৱা পৰিক্ৰমাসমূহৰ সৈতে সম্পর্কিত লোকনীতিসমূহ জনস্বাৰ্থৰ উদ্দেশ্যৰ দ্বাৰা নিৰ্দ্দেশিত আৰু পৰিচালিত হোৱা দেখা যায়।

(খ) লোক নীতিসমূহ উদ্দেশ্যধৰ্মী আৰু ফলাফল অভিমুখী : লোক নীতিসমূহ সদায় উদ্দেশ্যধৰ্মী আৰু ফলাফল অভিমুখী কেতবোৰ সিদ্ধান্ত আৰু কৰ্মসূচীৰ সমষ্টিগত ৰূপ। লোক নীতিবিলাক লক্ষ্যহীন আচৰণ তথা তদর্থ সিদ্ধান্ত নহয় প্ৰতিটো ৰাজস্ব নীতিয়েই উদ্দেশ্যধর্মী আৰু ফলাফলভিত্তিক। এইবিলাক কোনো এক সংজ্ঞায়িত লক্ষ্য তথা লক্ষ্যৰাজি পূৰণৰ লক্ষ্যৰে  নিৰ্ধাৰণ কৰা হয় আৰু ই হৈছে এক ফলাফলভিত্তিক কর্মসূচী।

(গ) লোক নীতি হৈছে নীতি নিৰ্ধাৰকসকলৰ নীতি বিষয়ক সিদ্ধান্তৰ এক সমষ্টি : লোক নীতি বুলিলে এক নিৰ্ধাৰিত সময়ৰ ভিতৰত লোক প্রশাসক সকলে কোনো এক নির্দিষ্ট বিষয় বা সমস্যা বা লক্ষ্য সাধনৰ বাবে গ্ৰহণ কৰা কাৰ্য বা সিদ্ধান্তৰ আৰ্হিক সূচায়। ই পৃথক, তদর্থ আৰু অনা-সম্পর্কিত সিদ্ধান্তৰ গোট নহয়। লোকনীতি সমূহ হৈছে নীতি নিৰ্ধাৰকসকলৰ সম্পর্কিত নীতি বিষয়ক সিদ্ধান্তসমূহ আৰু কেতবোৰ নীতিৰ সমষ্টিগত ৰুপ।

(ঘ) জনস্বার্থ, ৰাজহুৱা দাবী বা জনগণৰ প্ৰয়োজনীয়তাই হৈছে লোক নীতিসমূহৰ প্ৰধান ভিত্তি : ইতিপূর্বে উল্লেখ কৰি অহা হৈছে যে লোক নীতিবিলাক জনগণৰ দাবী, প্ৰয়োজনীয়তা আৰু জনগণৰ স্বাৰ্থৰ ভিত্তিত নিৰ্ধাৰণ কৰা হয়। লোক নীতিবিলাক সদায় জন স্বাৰ্থৰ আধাৰত প্রতিষ্ঠিত আৰু জনস্বার্থৰ নিশ্চয়তা প্ৰদানৰ লক্ষ্যৰে এই নীতিবিলাক কাৰ্যকৰী কৰা হয়। চৰকাৰৰ অভিকৰণসমূহ আৰু চৰকাৰী প্ৰাধিকাৰীসকলৰ দ্বাৰা চৰকাৰী নীতিসমূহ যুগুত কৰা হয়। অৱশ্যে এই ক্ষেত্ৰত চৰকাৰী সংস্থাবিলাকে কেতবোৰ বেচৰকাৰী সংস্থা, স্বার্থান্বেষী গোটৰ পৰা সহায় সহযোগিতা আৰু দিহা পৰামৰ্শ গ্ৰহণ কৰা পৰিলক্ষিত হয়।

(ঙ) লোক নীতিবিলাক হৈছে কেতবোৰ সামূহিক সিদ্ধান্ত গ্ৰহণৰ ফলশ্ৰুতি : লোক নীতি হৈছে নীতি নিৰ্ধাৰক সকলে সমূহীয়া সিদ্ধান্ত গ্ৰহণৰ জৰিয়তে সংজ্ঞায়িত কৰা কাৰ্যসূচী। এই নীতি নিৰ্ধাৰণ প্ৰক্ৰিয়াত কেতবোৰ চৰকাৰী প্ৰাধিকাৰী, চৰকাৰী সংস্থা তথা সংগঠন জড়িত হৈ থাকে। এই বিষয়া তথ্য সংস্থাবিলাকে সামুহিকভাৱে লোক নীতিৰ সংজ্ঞায়িত লক্ষ্য আৰু উদ্দেশ্য অনুসাৰে কাৰ্য পৰিচালনা কৰে। আন কথাত ক’বলৈ হ’লে, লোক নীতি হৈছে চৰকাৰী প্ৰাধিকাৰী আৰু কৰ্তৃপক্ষৰ কাৰ্যকলাপৰ এক সূচী বা আৰ্হি স্বৰূপ।

(চ) লোক নীতি হৈছে এক নির্দিষ্ট নীতিগত কর্মসূচী : লোক নীতি সদায় এক সংজ্ঞায়িত আৰু পৰিকল্পিত কৰ্মসূচী। ইয়াৰ লগত সদায় এক নীতিগত আৰু নিৰ্দিষ্ট কৰ্মসূচী জড়িত হৈ থাকে যি নেকি সম্পূর্ণৰূপে সাধাৰণ আৰু অর্থহীন নহয়। অৱশ্যে ই এক দৃঢ় আৰু অবিৰতভাৱে ধর্ম মতানুসাৰে কৰ্মসূচীও নহয়। এই নীতিবিলাকৰ প্ৰয়োগিক দিশৰ বেলিকা কেতবোৰ নমনীয়তাৰ পৰিসৰ পৰিলক্ষিত হয়।

(ছ) আইনগত বা সাংবিধানিক ভিত্তি : এখন চৰকাৰৰ দ্বাৰা প্ৰণোদিত লোক নীতিবিলাক সদায় ৰাষ্ট্ৰৰ কোনো এক আইন বা একাধিক আইন নতুবা ৰাষ্ট্ৰৰ সাংবিধানিক আইনৰ আধাৰত প্রতিষ্ঠিত হয়।

(জ) লোক নীতিবিলাক ইতিবাচক বা নেতিবাচক হ’ব পাৰে :  জনগণৰ প্ৰয়োজনীয়তা আৰু সমস্যাক কেন্দ্ৰ কৰি গ্ৰহণ কৰা চৰকাৰী কাৰ্যাৱলী তথা পদক্ষেপৰ লগত লোক নীতিসমূহ জড়িত থাকিলে তেনেবিলাক লোক নীতিক ইতিবাচক লোক নীতি বুলিব পাৰি। আনহাতে, যেতিয়া কোনো লোক নীতি চৰকাৰী বিষয়া কৰ্মচাৰী সকলে কাৰ্যতঃ বলবৎ কৰাৰ পৰা বিৰত থাকে তেনে লোক নীতিক নেতিবাচক লোক নীতি বুলি অভিহিত কৰা হয়।

(ঝ) লোক নীতি বিলাক চৰকাৰী বিষয়াসকলৰ ওপৰত প্ৰভুত্বজ্ঞাপক আৰু বাধ্যতামূলক চৰিত্ৰৰ আৰু তেওঁলোকে এই নীতিবিলাক ৰূপায়ণ কৰিব লাগে : লোক নীতি বিলাকে চৰকাৰী বিষয়াসকলে সম্পাদন কৰিবলগীয়া কাৰ্যৰ নিৰ্দেশনা প্ৰদান কৰে। লোক নীতিসমূহ হৈছে চৰকাৰৰ এক কৰ্তৃত্ববাদী আৰু বাধ্যতামূলক সিদ্ধান্ত যিবিলাক সিদ্ধান্ত চৰকাৰে লোৱ নীতিৰ সংজ্ঞায়িত লক্ষ্য আৰু উদ্দেশ্যত উপনীত হোৱাৰ অৰ্থে কার্যকৰী কৰে ।

(ঞ)  লোক নীতিবিলাক আইনৰ দমনমূলক শক্তিৰ দ্বাৰা সমৰ্থিত : যিহেতু লোকনীতিবিলাক সদায় আইনৰ ভিত্তিত প্রতিষ্ঠিত, সেয়ে এই নীতিবিলাক সদায় কর্তৃত্বসূচক আৰু বাধ্যবাধকতামূলক। এই নীতিবিলাক ৰাষ্ট্ৰৰ দমনমূলক ক্ষমতাৰ সৈতে সম্পর্কিত। এই নীতিবিলাক ৰাষ্ট্ৰৰ সকলো নাগৰিক চৰকাৰী বিষয়া আৰু অনা চৰকাৰী বিষয়াৰ ওপৰত বলবং যোগ্য।

এনেদৰে বিশ্লেষণ কৰি চালে ক’ব পাৰি যে লোক নীতিবিলাক হৈছে এক সংজ্ঞায়িত নীতিগত কৰ্মসূচী যিবিলাক চৰকাৰী বিষয়াসকলে কেতবোৰ নিৰ্দিষ্ট লক্ষ্য আৰু উদ্দেশ্যত উপনীত হোৱাৰ বাবে নিৰ্ধাৰণ আৰু ৰূপায়ণ কৰে। চৰকাৰে জনগণ আৰু তেওঁলোকৰ সমাজ ব্যৱস্থাৰ আর্থ-সামাজিক সাংস্কৃতিক বিকাশৰ লক্ষ্যৰ নিশ্চয়তা প্ৰদানৰ বাবে গ্ৰহণ কৰা কেতবোৰ কাৰ্যব্যৱস্থাৰ ফলশ্ৰুতিয়েই হৈছে এই লোক নীতিসমূহ। সেয়ে কোৱা হয় লোক নীতি বিলাক হৈছে কেতবোৰ নিৰ্মীয়মান নমনীয়তাৰ সৈতে লক্ষ্য অভিমুখী কর্মসূচী।

৪৮। লোক নীতিৰ গুৰুত্বপূৰ্ণ প্ৰকাৰসমূহ ব্যাখ্যা কৰা।

উত্তৰঃ কিছুমান সমাজ বিজ্ঞানী আৰু পণ্ডিতে নীতিৰ বিষয়টো শ্রেণীবদ্ধ হিচাপে আলোচনা কৰিবলৈ চেষ্টা কৰে। তেওঁলোকে সমস্যা আৰু নীতিৰ মাজৰ তুলনা সহজ কৰি তোলে। উদাহৰণ স্বৰূপে ল’ৱি-য়ে নীতিৰ সমস্যাসমূহ শ্রেণীবদ্ধ কৰিছে এনেদৰে— (১) বিতৰণ কৰা, (২) পুনঃ বিতৰণ কৰা, (৩) নিয়ন্ত্রক, (৪) সংগতিপূর্ণ নীতি, (৫) সংঘাত নীতি আৰু (৬) দৰদাম কৰা নীতি সমস্যা।

(ক) বিতৰণমূলক নীতি : বিতৰণমূলক নীতি সমাজৰ বিশেষ শ্ৰেণীৰ বাবে যুগুত কৰা হয়। ৰাজসাহায্য আৱণ্টন, শিক্ষাৰ ক্ষেত্ৰত ঋণৰ সুবিধা, কল্যাণমূলক বা স্বাস্থ্য সেৱা বা ৰাইজক প্ৰদান কৰা অন্যান্য সাহায্য আঁচনিসমূহ ইয়াৰ এক্তিয়াৰৰ অন্তৰ্ভুক্ত। বিতৰণমূলক নীতিৰ আৰু কেইটামান উদাহৰণ হ’ল— প্রাপ্তবয়স্ক শিক্ষা আঁচনি, খাদ্য সুৰক্ষা, ৰাজহুৱা বীমা, সামাজিকভাবে অনগ্ৰসৰ ছাত্ৰ-ছাত্ৰীক জলপানি প্রদান, বৃদ্ধ, শাৰীৰিক অক্ষম ব্যক্তিক সাহায্য প্রদান আদি।

(খ) পুনঃ বিতৰণমূলক নীতি : পুনঃ বিতৰণ আঁচনিসমূহ পূৰ্বতে মজুতকৃত থকা সম্পদসমূহৰ বিতৰণৰ পৰিৱৰ্তনৰ লগত সম্পর্কিত। পুনঃ বিতৰণ নীতিসমূহত নীতিৰ পুনৰ বিন্যাস ঘটোৱা হয়, যিটোৱে প্ৰাথমিক আৰ্থ-সামাজিক পৰিবৰ্তন আৰম্ভ কৰাত সহায় কৰে। একাংশ জনগণৰ মংগলদায়ক আৰু কল্যাণমূলক সেৱাক অসমানুপাতিকভাৱে সমাজৰ কিছুমান শ্ৰেণীক ভাগ কৰি দিয়া হয়, এই উৎপাদিত সামগ্ৰী আৰু সেৱাসমূহেই পুনঃ বিতৰণ নীতিৰ প্ৰৱাহৰেখা। আয়কৰ নীতিসমূহে সাধাৰণতে আয়ৰ পুনঃ বিতৰণৰ অংশসমূহক সামৰি লয়।

(গ) নিয়ন্ত্রক নীতি :  নিয়ন্ত্রক নীতি কাৰ্যকলাপৰ বিধি বিধান আৰু বিষয়সূচীৰ লগত জড়িত। বাণিজ্য, ব্যবসায়, সতর্কতামূলক ব্যৱস্থা, জনসাধাৰণৰ ব্যৱহাৰ যোগ্য সামগ্ৰী ইত্যাদিত। এনে ধৰণৰ নিয়ন্ত্ৰণবিলাক স্বাধীন সংস্থাবোৰে চৰকাৰৰ হৈ কাম কৰে। ভাৰতত নিয়ন্ত্রণমূলক কৰ্মৰাজিৰ ক্ষেত্ৰত ভাৰতীয় ৰিজাৰ্ভ বেংক, ভাৰতীয় কণ্ট্ৰলাৰ অৰু ড্ৰাগছ এণ্ড ফার্মাচিউটিকেলছ, ব্যুৰো অব ইণ্ডিয়ান ষ্টেণ্ডাৰ্ড, চিকিউৰিটিজ এণ্ড এক্সেঞ্জ ব’র্ড অব ইণ্ডিয়া (SEBI) ব’ৰ্ড অব কন্ট্রল ফৰ ক্ৰিকেট ইন ইণ্ডিয়া (BCCI), ইত্যাদি জড়িত হৈ থাকে। বিশ্ববিদ্যালয় অনুদান আয়োগ (UGC), কাৰিকৰি শিক্ষাৰ সৰ্বভাৰতীয় পৰিষদ (AICTE), কেন্দ্রীয় মাধ্যমিক শিক্ষা পৰিষদ (CBSE) এ উন্নয়ন আৰু নিয়ন্ত্রণমূলক দুয়োধৰণৰ কামেই কৰে। Indian Medical Council, Bar Council of India, National Council of India— ইত্যাদি এনে কিছুমান নিয়ন্ত্রক সংস্থাৰ উদাহৰণ যিয়ে সংশ্লিষ্ট বৃত্তিৰ মান সুৰক্ষিত কৰণৰ হকে কাম কৰে। চৰকাৰৰ যিবিলাক নীতিয়ে প্ৰাসংগিক সেৱা আৰু সংজ্ঞাসমূহৰ লগত জড়িত সেৱাৰাজি আগবঢ়ায় সেইবিলাককে নিয়ন্ত্রক নীতি বুলি অভিহিত কৰা হয় । 

(ঘ) সংগতিপূর্ণ নীতি : সংগতিপূর্ণ নীতি উদ্যোগ স্থাপন বা পুনৰ-স্থাপনৰ লগত জড়িত। প্ৰতিখন আঁচনিত বিভিন্ন বিষয়ৰ বিশেষ বিশেষ ক্ষেত্ৰসমূহক সামৰি লয়। প্ৰসংগক্রমে এইটো উল্লেখ কৰিব পাৰি যে লবি (Lowi)য়ে আগবঢ়োৱা ৰাজনীতিক নীতিৰ এক কাৰ্য হিচাপে সংজ্ঞাক অধিক সৰলীকৃত, পদ্ধতিগতভাৱে সন্দেহৰ আৱৰ্তত আৰু সন্দেহজনক পৰীক্ষণীয় বুলি সমালোচনা কৰা হয়। ক’বী (Cobbe) আৰু এল্ডাৰ (Elder)য়ে লৱিৰ পদ্ধতিত প্রাথমিকভাৱে সীমাবদ্ধতা আছে বুলি যুক্তি দশহিছে। লবিয়ে আগবঢ়োৱা পৰিবৰ্তনৰ বিষয়ে বুজি পোৱা ধাৰণা আৰু শ্ৰেণীবদ্ধতা কম স্পষ্ট আৰু অধিক বিসংগতিপূৰ্ণ।

(ঙ) সংঘাত নীতি : ক’ব্বে আৰু এলডাৰে নীতিৰ এক বিকল্প শ্রেণীবিভাজন আগবঢ়াইছে যিটোৱে সন্তুষ্টি প্ৰদান কৰাতকৈ সংঘাতৰহে সূচনা কৰিছে। তেওঁলোকে কি পথেৰে সংঘাত সৃষ্টি আৰু পৰিচালিত হয় তাৰ প্ৰতিহে দৃষ্টি নিক্ষেপ কৰিছে। তেওঁলোকৰ মতে, পদমর্যদা বা সম্পদৰ বিতৰণক লৈ দুটা বা অধিক দলৰ মাজত সংঘাত সৃষ্টি হ’ব পাৰে। এইটো কোনো প্রতিবাদী দলে এনেধৰণে বিকল্প নীতিক এক উপায় বা আহিলা হিচাপে উপস্থাপন কৰিব পাৰে, যি অপর্যাপ্ত বা পক্ষপাতিত্বমূলক ক্ষমতা আৰু সম্পদৰ ব্যৱহাৰৰ বাবে, ব্যক্তিগত বা দলগত লাভৰ বাবে সমস্যা সৃষ্টি কৰিব পাৰে; আৰু অপ্রত্যাশিতভাবে মানৱসৃষ্ট ঘটনা, প্রাকৃতিক দুর্যোগ, আন্তঃৰাষ্ট্ৰীয় সংঘাত, যুদ্ধ আৰু প্ৰযুক্তিগত পৰিৱৰ্তন আনিব পাৰে। এনে সমস্যাসমূহ আলোচনাত সামৰি লৈ আঁচনি বা সিদ্ধান্ত গ্ৰহণ কৰোতাসকলে প্ৰস্তুত কৰা নীতিকে ‘সংঘাত নীতি’ বোলা হয়।

(চ) দৰদামৰ নীতি : হগউদ (Hogwood) আৰু উইলচন (Wilson) এ বিভিন্ন ফলাফলৰ সম্ভাৱনীয়তা, দৰদাম আৰু সংঘাতৰ ৰূপ আৰু বিকল্পৰ এটি পৰিসীমাৰ দৃষ্টিকোণেৰে ব্যয় আৰু সুফলৰ নিৰ্ধাৰকসমূহৰ ব্যৱহাৰ কৰিছে। ইয়াৰ লগতে পুনঃ বিতৰণৰ বিষয়টো সম্পর্কিত যি নেকি কোনে কি পালে কোনে অধিক বা কমকৈ লাভ কৰিলে ইত্যাদি বিষয়ৰ দৰ-দামৰ লগত জড়িত। উইলছন (Wilson)ৰ মতে, ব্যয় আৰু সুফলৰ নিৰ্ধাৰকৰ বিষয়টো কেন্দ্রীভূত বা বিক্ষিপ্ত হ’ব পাৰে। সৰ্বাধিক সংখ্যক লোকক সৰ্বাধিক সুখ প্রদানকাৰী নীতি অর্থাৎ উপযোগিতাবাদী দৰ্শনৰ পোষকতা কৰা সকলে কম সংখ্যক লোকক সুফল প্রদান কৰা কিন্তু অধিক ব্যয়বহুল বিষয়ৰ পোষকতা নকৰে। অৱশ্যে ব্যয় আৰু ফলৰ লগত সম্পর্কিত এনে ধৰণৰ শ্ৰেণীবিভাজনে জটিলতা, কাৰিকৰী আৰু বিশেষজ্ঞ জ্ঞানৰ দৰে গুৰুত্বপূৰ্ণ দিশসমূহ বহিঃর্ভূত কৰি ৰাখে। উদহাৰণস্বৰূপে— Gormly এ কাৰিকৰী জটিলতাৰ মাত্ৰা আৰু আৰ্হিয়ে বিভিন্ন প্ৰকাৰৰ সংঘাতৰ সূচনা কৰাৰ আশংকা ব্যক্ত কৰিছে।

৪৯। লোকনীতিৰ বিশ্লেষণ কি? লোক নীতিৰ বিশ্লেষণ ব্যৱস্থাৰ যিকোনো এটা আৰ্হি ব্যাখ্যা কৰা।

উত্তৰঃ নীতি নিৰ্ধাৰণে লোকনীতি বিজ্ঞানৰ এক গতিশীল দিশক প্রতিনিধিত্ব কৰে, ইয়াৰ অৰ্থ এয়ে যে সিদ্ধান্ত গ্ৰহণৰ দৃষ্টিকোণসমূহ বিষয় আৰু ৰাজনৈতিক ব্যৱস্থা ভেদে ভিন্ন প্ৰকৃতিৰ হোৱা দেখা যায়। নীতি নিৰ্ধাৰণৰ প্ৰক্ৰিয়াই নীতি নিৰ্ধাৰণৰ ভালেসংখ্যক আৰ্হিক আকৰ্ষিত কৰিছে। তলত লোক নীতিৰ এটা আৰ্হিৰ বিষয়ে বহুলভাৱে আলোচনা কৰা হ’ল—

লোক নীতিৰ বিশ্লেষণৰ ব্যৱস্থাপক আৰ্হি : ডেভিদ ইষ্টনে লোক নীতি নিৰ্ধাৰণ প্রক্রিয়াক সমাজৰ দাবীসমূহক নীতিলৈ পৰ্যবেসিত কৰা ‘কলা বাকচ’ (Black Box) হিচাপে গণ্য কৰিছে।

ৰাজনৈতিক ব্যৱস্থাৰ বিশ্লেষণ কৰিবলৈ যাওঁতে ডেভিদ ইষ্টনে যুক্তি দর্শাইছে যে ৰাজনৈতিক ব্যৱস্থা সমাজৰ সেইটো অংশ যি প্ৰমূল্যৰ কৰ্তৃত্বসম্পন্ন আৱেষ্টনীৰ লগত নিয়োজিত হৈ থাকে।

ডেভিস ইষ্টনে নীতি নিৰ্দ্ধাৰণ প্ৰক্ৰিয়াক এক ৰাজনৈতিক ব্যৱস্থা হিচাপে বৰ্ণনা কৰিছে। তেওঁৰ মতে, ৰাজনৈতিক ব্যৱস্থা এটা উপকৰণ আৰু উপপাদৰ জৰিয়তে ইয়াৰ পৰিৱেশৰ লগত জড়িত হৈ থাকে। লোক নীতিৰ ব্যৱস্থাপকীয় মতবাদে লোক নীতিক দেশৰ ৰাজনৈতিক ব্যৱস্থাৰ কৰ্তৃত্ব আৰু বন্ধন হিচাপে ব্যাখ্যা কৰে। ই ডেভিদ ইষ্টন (David Easton) ৰ ৰাজনৈতিক ব্যৱস্থাৰ উপকৰণ-উপপাদ আৰ্হি ব্যৱহাৰ কৰি নীতি নিৰ্ধাৰণক ৰাজনৈতিক ব্যৱস্থাৰ উপপাদ হিচাপে অধ্যয়ন কৰে। ই দাবী স্বৰূপ উপকৰণক সমর্থনস্বৰূপ উপপাদলৈ সলনিকৰণৰ প্ৰক্ৰিয়াৰ লগত জড়িত। ৰাজনৈতিক ব্যৱস্থা এটাৰ দাবী আৰু সমর্থনৰ ভিত্তিতেই হৈছে উপকৰণ। পৰিৱেশৰ কায়িক, সামাজিক, অর্থনৈতিক আৰু ৰাজনৈতিক উপাদনসমূহেই হৈছে উপকৰণ। এই উপকৰণসমূহ দাবী অভিযোগৰ মাধ্যমেৰে ৰাজনৈতিক ব্যৱস্থালৈ যায় অর্থাৎ, দাবীসমূহ হৈছে ব্যক্তি বা সমূহে ৰাজনৈতিক ব্যৱস্থাৰ ওচৰত কৰা বৰ্তমানৰ পৰিৱেশৰ বিকল্প সন্ধান। উপপাদসমূহ হৈছে ৰাজনৈতিক ব্যৱস্থাৰ প্ৰমূল্যৰ কতৃত্বযুক্ত আৱন্টন আৰু এই আবন্টন সমূহেই লোকনীতি যুগুত কৰে। ব্যৱস্থাপক তত্ত্বই সেয়ে লোক নীতিসমূহক ৰাজনৈতিক ব্যৱস্থাৰ এক উপপাদ হিচাপে গণ্য কৰে।

ডেভিড ইষ্টনৰ ব্যৱস্থাপক দৃষ্টিভংগীৰ আন এক অবিচ্ছেদ্য অংগ হৈছে— তথ্য আৰু অভিজ্ঞতা প্ৰেৰক পথ। ইষ্টনৰ ম’তে, ৰাজনৈতিক ব্যৱস্থা এটাত উপপাদবিলাকে ক্রিয়া-প্ৰতিক্ৰিয়াৰ সৃষ্টি কৰে আৰু এনে ধৰণৰ ক্ৰিয়া প্ৰতিক্ৰিয়াৰ ফলাফলসমূহে ৰাজনৈতিক ব্যৱস্থাৰ পৰিৱেশৰ ওপৰত প্ৰভাৱ পেলায়, যাৰ ফলত উপপাদসমূহৰ পৰা নতুন নতুন উপকৰণৰ সৃষ্টি হয়। এই নতুন উপকৰণৰ পৰা নতুন নতুন উপপাদ সৃষ্টি হয় আৰু এই প্ৰক্ৰিয়াটো এনেদৰে চক্ৰাকাৰে (Cyclical) চলিয়েই থাকে। ডেভিড ইষ্টনৰ মতে, এনেদৰে ৰাজনৈতিক ব্যৱস্থাই উপকৰণসমূহক উপপাদত পৰিণত কৰে। যি প্ৰক্ৰিয়াৰ মাধ্যমেৰে ৰাজনৈতিক ব্যৱস্থা আৰু পৰিৱেশৰ মাজত সমন্বয় সাধন কৰা হয়, তাক তথ্য আৰু অভিজ্ঞতা প্ৰেৰক পথ হিচাপে অভিহিত কৰা হয়। যি কি নহওক, ডেভিড ইষ্টনৰ ব্যৱস্থাপক দৃষ্টিভংগীটো নিম্নোক্ত ৰেখাচিত্ৰৰ সহায়ত প্ৰকাশ কৰিব পাৰি—

ডেভিড ইটনৰ ম’তে, ৰাজনৈতিক ব্যৱস্থা সদায় মুক্ত আৰু উপযোগীমূলক। তেওঁৰ ম’তে ৰাজনৈতিক ব্যৱস্থাৰ স্থিৰতা বাৰ্তাই ৰাখিবলৈ হ’লে উপকৰণ আৰু উপপাদৰ মাজত সমতা ৰক্ষা কৰাটো নিতান্তই প্রয়োজনীয়। ৰাজনৈতিক ব্যৱস্থাত দেখা দিয়া সংকট আৰু তেনে সংকট প্ৰতিৰোধৰ বিষয়েও ডেভিড ইষ্টনে আলোচনা কৰিছে। প্ৰতিটো ৰাজনৈতিক ব্যৱস্থাতে দাবী আৰু সমর্থনৰ পৰা সংকটৰ সূচনা হ’ব পাৰে। সাধাৰণতে ৰাজনৈতিক ব্যৱস্থাত দাবীৰ পৰা দুই ধৰণৰ সংকটন সূত্রপাত হ’ব পাৰে। প্ৰথমতে, ৰাজনৈতিক ব্যৱস্থা এটাত ৰাজনৈতিক কৰ্তৃপক্ষই যদি সর্বাধিক। সংখ্যক লোক নতুবা বিশেষ প্ৰভাৱশালী ব্যক্তিৰ দাবী পূৰণ কৰাৰ ক্ষেত্ৰত অসমৰ্থতা প্রতিফলিত হয় তেন্তে তেনে ব্যক্তিসকলৰ মাজতে অসন্তুষ্টিৰ মনোভাৱ জাগ্ৰত হ’ব পাৰে আৰু এই ব্যৱস্থাই। সিদ্ধান্ত গ্ৰহণৰ ভেটি দুৰ্বল হোৱাত অৰিহণা যোগাব। দ্বিতীয়তে, কোনো ৰাজনৈতিক ব্যৱস্থাই ৰাজনৈতিক কৰ্তৃপক্ষৰ ওচৰত সীমাহীন দাবী উত্থাপন কৰিলেও সংকটজনক পৰিস্থিতি সৃষ্টি হোৱাৰ আশংকা থাকে। কাৰণ, কোনো ৰাজনৈতিক ব্যৱস্থাৰ পক্ষেই সীমাহীন দাবীক উপপাদত পৰিণত কৰাটো সম্ভৱ নহয়। গতিকে ৰাজনৈতিক ব্যৱস্থাই যদি কেতিয়াবা অত্যাধিক বোজাৰ দাবী। কঢ়িয়াব লগা হোৱাৰ পৰিপ্ৰেক্ষিতত এনে সকলোবিলাক দাবী পূৰণ কৰিবলৈ অপৰাগ হয়, তেতিয়াও ৰাজনৈতিক ব্যৱস্থাত সংকটজনক পৰিস্থিতিয়ে দেখা দিব পাৰে।

৫০। লোকনীতিৰ আনুষ্ঠানিক আৰ্হি সম্পর্কে লিখা। 

উত্তৰঃ “চৰকাৰী প্ৰচেষ্টাতেই লোক নীতি বিলাকৰ উৎপত্তি আৰু নিৰ্ধাৰণ হয়”– এই ধাৰণাৰ আধাৰতেই আনুষ্ঠানিকতাবাদী দৃষ্টিভঙ্গী প্রতিষ্ঠিত। লোক নীতি হৈছে চৰকাৰৰ কৰ্তৃত্বশীল আৰু বাধ্যতামূলক সিদ্ধান্তৰাজি বা নীতিসমূহৰ এক সমষ্টিগত ৰূপ আৰু ইয়াৰ এক আইনগত ভিত্তি থাকে। এই নীতিসমূহ চৰকাৰী সংস্থাবিলাকে কর্তৃত্বশীলভাৱে নিৰ্ধাৰণ কৰে আৰু জন প্ৰাধিকাৰী সকলৰ লগতে ৰাষ্ট্ৰৰ জনগণৰ ওপৰত বলবৎ কৰা হয়। নীতি নির্ধাৰণ প্ৰক্ৰিয়াত জড়িত চৰকাৰী সংস্থাবিলাকে সংশ্লিষ্ট নীতিৰ প্ৰকৃতি, পৰিসৰ নিৰ্দিষ্ট আৰু সংজ্ঞায়িত কৰে। এনেদৰে নীতি নিৰ্ধাৰণৰ প্ৰক্ৰিয়াত অনুষ্ঠানবিলাকৰ অধ্যয়ন সম্পর্কিত আৰু সমান্তৰালভাৱে নীতি বিলাকৰ ৰূপায়নকৰণো সদায় উপযোগী আৰু অপৰিহার্য। ইগৱেষকসকলক লোকনীতিৰ প্ৰকৃতি আৰু বিষয়বস্তু অধ্যয়নৰ সুবিধা দিয়াৰ লগতে নীতি নিৰ্ধাৰক সকলৰ লক্ষ্যও অনুধাৰন কৰিব পাৰে।

বহুত্ববাদী সমাজত ব্যক্তি আৰু গোটবিলাকৰ কাৰ্যকলাপসমূহ সাধাৰণতে আইন সভা, কার্যপালিকা ন্যায়পালিকা, আমোলাতন্ত্ৰৰ দৰে চৰকাৰী সংখ্যাবিলাকৰ দিশে পৰিচালিত হয়। লোকনীতিসমূহ চৰকাৰী সংস্থাবিলাকৰ দ্বাৰা নিৰ্ধাৰণ, কাৰ্যকৰীকৰণ আৰু বলবৎ কৰা হয়। আন কথাত ক’বলৈ হ’লে, চৰকাৰী সংস্থাসমূহৰ দ্বাৰা গৃহীত আৰু কাৰ্যকৰীকৰণ অবিহনে কোনো এক নীতিয়ে চৰকাৰী নীতিৰ ৰূপ পৰিগ্ৰহ কৰিব নোৱাৰে।

চৰকাৰী সংস্থাবিলাকে লোক নীতিবিলাকক তিনিটা বৈশিষ্ট্য প্ৰদান কৰে; প্ৰথমতে, চৰকাৰে লোকনীতিবিলাক হৈছে কেতবোৰ সিদ্ধান্তৰ ফলশ্রুতি আৰু বিধিগত অনুমোদনৰ ব্যৱহাৰ এইবিলাকৰ অন্যতম বৈশিষ্ট্য। ইয়াক এক বিধিগত দায়বদ্ধতা হিচাপে গণ্য কৰা হয়, যি জনগণৰ পৰা আনুগত্য আদায় কৰে। দ্বিতীয়তে, লোকনীতিৰ প্ৰয়োগ সার্বজনীন। কেৱল লোক নীতিসমূহে ৰাষ্ট্ৰৰ সকলো নাগৰিকলৈ সম্প্ৰসাৰণ হ’ব পাৰে। তৃতীয়তে, লোক নীতিসমূহক চৰকাৰী অনুষ্ঠানসমূহে বৈধতা প্রদান কৰে। এনে নীতি জনগণেও মানি চলিবলৈ বাধ্য থাকে। লোক নীতি উলংঘনকাৰী ব্যক্তিক চৰকাৰে শাস্তি প্ৰদান কৰিব পৰা ক্ষমতা আছে।

এনেদৰে লোক নীতি আৰু চৰকাৰী সংস্থাবিলাকৰ মাজত এক নিবিড় সম্বন্ধ পৰিলক্ষিত হয়। সমাজ বিজ্ঞানীসকলে চৰকাৰী গাঁথনি আৰু সংস্থাবিলাকৰ অধ্যয়নৰ ওপৰত আলোকপাত কৰিলে সেয়া কোনো আশ্চৰ্যকৰ নহয়। আনুষ্ঠানিক অধ্যয়ন লোক নীতিৰ এক কেন্দ্ৰীয় বিষয়ৰূপে পৰিগণিত হৈছে। এনেদৰে আনুষ্ঠানিক দৃষ্টিকোণক লোকনীতি নিৰ্ধাৰণ ব্যৱস্থাৰ এক আৰ্হি হিচাপে অভিহিত কৰিব পাৰি কিয়নো ই সংবিধান, চৰকাৰৰ বা বিধানমণ্ডলৰ দ্বাৰা সৃষ্ট সংস্থাসমূহৰ আন্তঃক্ৰিয়াৰ ওপৰত নিৰ্ভৰশীল।

থোৰতে ক’বলৈ হ’লে, আনুষ্ঠানিক আৰ্হিয়ে লোকনীতি আৰু চৰকাৰী সংস্থাসমূহৰ মাজৰ সম্বন্ধৰ বিষয়ে অধ্যয়ন কৰাৰ প্ৰয়াস কৰে। অনুষ্ঠানসমূহৰ আইনগত আৰু গাঁথনিগত দিশসমূহৰ ওপৰত আলোকপাতকৰণেৰে আনুষ্ঠানিকতাবাদক নীতি বিশ্লেষণৰ ক্ষেত্ৰত প্ৰয়োগ কৰিব পাৰি। চৰকাৰী সংস্থাসমূহৰ সংগঠন আৰু আন্তঃক্রিয়াই লোক নীতিৰ ওপৰত এক তাৎপৰ্যপূৰ্ণ প্রভাৱ বিস্তাৰ কৰে।

৫১। নীতি মূল্যায়নৰ নিৰ্ধাৰকসমূহ আলোচনা কৰা। 

উত্তৰঃ নীতি মূল্যায়নৰ লগত নিম্নোক্ত উপাদান কেইটা জড়িত—

(ক) কার্যকাৰিতা : ই নীতিৰ লক্ষ্য আৰু উদ্দেশ্যত সফলতা মূল্যায়ন নিৰ্ধাৰণৰ লগত জড়িত থাকে। ই লগতে সেৱা আগবঢ়োৱা আৰু ব্যয় হোৱা ধনৰ বিষয়েও লক্ষ্য ৰাখে।

(খ) দক্ষতা : ই ব্যয় কৰা ধন আৰু লাভ কৰা সফলতাৰ সমানুপাতৰ মূল্যায়নৰ লগত জড়িত থাকে। ই এই প্ৰশ্নৰ উত্তৰ বিচাৰে নিৰ্ধাৰিত গোটৰ কিমান সংখ্যকক সেৱা আগবঢ়াবলৈ সক্ষম হ’ল।

(গ) পর্যাপ্ততা : ই আঁচনিখনৰ লক্ষ্য আৰু উদ্দেশ্য প্ৰাপ্তিৰ বাবে পৰ্যাপ্ত প্রচেষ্টা আগবঢ়োৱা হৈছিল নে নাই? আঁচনি ৰূপায়নত সম্মুখীন হোৱা বাধাসমূহ অতিক্ৰম কৰিবৰ বাবে পর্যাপ্ত চেষ্টা কৰা হৈছিল নে নাই? শীৰ্ষক প্ৰশ্নৰাজিৰ উত্তৰ বিচৰাৰ প্ৰয়াস কৰে।

(ঘ) সমন্যায় : সমন্যায়ে নীতিৰ কাৰ্যকৰীকৰণৰ ব্যয় আৰু লাভালাভ সমূহ নিৰ্ধাৰিত গোটবিলাকৰ মাজত ন্যায় সংগতভাৱে ভাগ বাটোৱাৰা কৰা হৈছেনে নাই সেয়া মূল্যায়ন কৰাৰ লগত জড়িত।

(ঙ) দায়িত্ববোধ : আঁচনিখনে লক্ষ্য কৰা গোট বা গোটসমূহৰ প্ৰয়োজন আৰু অভাৱসমূহ পূৰণ কৰাত কিমানদূৰ সফল হৈছে তাৰ মূল্যায়ন কৰাৰ লগত জড়িত।

(চ) যথাৰ্থতা : আঁচনিখনৰ মূল লক্ষ্য আৰু উদ্দেশ্য কিমান দূৰ উপযুক্ত আৰু ন্যায়সংগতভাৱে শুদ্ধ আৰু কাৰ্যকৰী কৰা হৈছে তাৰ মূল্যায়ন কৰা।

নীতি নিৰ্ধাৰণ আৰু কাৰ্যকৰীকৰণৰ দৰে নীতি মূল্যায়নো এক জটিল প্রক্রিয়া। ই নিৰ্ধাৰিত গোট বা এলেকা বা সামগ্ৰিকভাৱে সমাজৰ ওপৰত নীতিৰ প্ৰভাৱৰ মূল্যায়নকৰণৰ লগত জড়িত। ইলগতে চৰকাৰী নীতিৰ নিৰ্ধাৰিত লক্ষ্য আৰু উদ্দেশ্যত উপনীত হোৱাৰ অৰ্থে গ্রহণ কৰা কৌশল আৰু এই কৌশলবিলাকৰ কাৰ্যদক্ষতাৰ মূল্যায়নৰ লগত জড়িত। নীতি মূল্যায়ন কার্য এক নির্দিষ্ট মূল্যায়ন নিৰ্ধাৰকৰ আধাৰতহে কৰা হয়।

তাৰোপৰি সমগ্ৰ লোকনীতি প্ৰক্ৰিয়াটোকেই সম্পূর্ণ প্রণালীবদ্ধ অনুশীলন হিচাপে গণ্য কৰিলেহে ইয়াৰ উদ্দেশ্য কাৰ্য্যকৰী উৎপাদনক্ষম হোৱাৰ আশা কৰিব পাৰি। ইয়াৰ পৰিকল্পনা প্রণালীবদ্ধভাৱে কৰিব লাগে আৰু সু-পৰিকল্পিত প্রণালীবদ্ধভাৱে পৰ্যায় অনুসাৰে অগ্ৰসৰ হ’ব লাগে ।

নীতি-মূল্যায়ন প্রক্রিয়া পদ্ধতিগতভাৱে সম্পাদন কৰিবলৈ হ’লে নিম্নোক্ত পদক্ষেপ কেইটা গ্ৰহণ কৰাটো বাঞ্চনীয় : 

(১) মূল্যায়নৰ উদ্দেশ্য চিনাক্তকৰণ।

(২) মূল্যায়নৰ পৰিসৰ আৰু এলেকা চিহ্নিতকৰাণ।

(৩) মূল্যায়ন নির্ধাৰণ আৰু মূল্যায়নৰ নিৰ্ধাৰকসমূহ গ্ৰহণ কৰা সম্পৰ্কত এক কৌশলগত আৰ্হি যুগুতকৰণ।

(৪) প্রণালীবদ্ধভাৱে তথ্য সংগ্ৰহ আৰু শ্ৰেণীবিভাজন।

(৫) তথ্যসমূহন সঠিক বিশ্লেষণ আৰু মূল্যয়নৰ ফলাফলসমূহ চিহ্নিতকৰণ।

(৬) অতিৰিক্ত তথ্য বা বস্তুনিষ্ঠ নৈব্যক্তিবাদৰ ভিত্তিত ফলাফলৰ বৈধতা নিৰূপণ। 

(৭) মূল্যায়নৰ প্ৰতিবেদন যুগুতকৰণ আৰু মূল্যায়ন ব্যৱস্থাৰ চূড়ান্ত সিদ্ধান্ত গ্রহণ।

এই নিৰ্ধাৰক বিলাকৰ আধাৰত আঁচনি মূল্যায়ন বিভিন্ন উপায়েৰে মান ভিত্তিকভাৱে কৰা হয়। ইয়াক পৰ্যায়ক্রমে চৰকাৰী বিষয়া বা আঁচনি প্ৰস্তুতকৰণত জড়িত সংগঠন বা কোনো বাহিৰৰ সংস্থাৰ যোগেদি মূল্যায়ন কৰা হয়। এনেদৰে আঁচনি মূল্যায়নে এটা গুরুত্বপূর্ণ ভূমিকা পালন কৰে। ইয়াৰ যোগেদি লোক প্রশাসকসকলে আঁচনিখনৰ সফলতা আৰু বিফলতাৰ বিষয়ে জ্ঞাত হোৱাত সহায়ক হয়।

৫২। ভাৰত চৰকাৰৰ নীতি নিৰ্ধাৰণ প্ৰক্ৰিয়া সম্পর্কে আলোচনা কৰা।

উত্তৰঃ লোক নীতি নিৰ্দ্ধাৰণ হৈছে এক জটিল প্রক্রিয়া। ভাৰত চৰকাৰৰ নীতি নিৰ্দ্ধাৰণ প্ৰক্ৰিয়া ইয়াৰ বাতাবৰণ অৰ্থাৎ ভাৰতৰ সাংবিধানিক কাঠামোড়, ৰাজনৈতিক, সামাজিক, আৰু অর্থনৈতিক সংস্থাবিলাকৰ দ্বাৰা প্রভাৱান্বিত। সেয়েহে কেন্দ্ৰীয় চৰকাৰেই হওক কিম্বা ৰাজ্য চৰকাৰেই হওক দেশৰ সংবিধানৰ দ্বাৰা নিৰ্ধাৰিত পৰিকাঠামোধাৰ ভিতৰত থাকিহে কাৰ্য সম্পাদন কৰিব লাগে। অর্থাৎ নীতিসমূহ ভাৰতৰ সংবিধান অনুসৰি হ’ব লাগে। সংবিধানৰ প্ৰস্তাৱনা, মৌলিক অধিকাৰ আৰু নির্দেশাত্মক নীতিসমূহেও প্রশাসনে নিৰ্ধাৰণ কৰিবলগীয়া নীতিসমূহৰ সন্দৰ্ভত নির্দেশনা প্রদান কৰিছে। প্ৰস্তাৱনাৰ লক্ষ্যসমূহ বা নির্দেশনাত্মক নীতিৰ ভিত্তিত নিৰ্ধাৰণ কৰিলেও নীতিসমূহে সংবিধানৰ অন্যান্য ধাৰাবিলাক উলংঘন কৰিব নোৱাৰিব।

ভাৰতৰ সংবিধানে ভাৰতৰ যুক্তৰাষ্ট্ৰীয় শাসন ব্যৱস্থা প্ৰৱৰ্তন কৰিছে। সেয়েহে নীতি নিৰ্ধাৰণ প্ৰক্ৰিয়াটো যুক্তৰাষ্ট্ৰীয় ব্যৱস্থাৰ সৈতে সামঞ্জস্যপূর্ণ হ’ব লাগে। ভাৰতৰ যুক্তৰাজ্যবাদৰ কেতবোৰ নির্দিষ্ট একক বৈশিষ্ট্য আছে। ই একাত্মক ব্যৱস্থাৰ মাজেৰে বিৱৰ্তিত হৈছে। কেন্দ্ৰীয় সূচী আৰু ৰাজ্যিক সূচীৰ জৰিয়তে ক্ৰমে কেন্দ্ৰীয় চৰকাৰ আৰু ৰাজ্য চৰকাৰসমূহলৈ ক্ষমতা ন্যস্ত কৰাৰ উপৰিও কেন্দ্ৰীয় চৰকাৰক অত্যাধিক ক্ষমতা অৰ্পন কৰা হৈছে। বিত্তীয় দিশতো ৰাজ্য চৰকাৰসমূহ কেন্দ্ৰীয় চৰকাৰৰ ওপৰত অত্যাধিকভাৱে নিৰ্ভৰশীল হোৱা পৰিলক্ষিত হয়। এই সকলোবিলাকে কেন্দ্ৰীয় চৰকাৰক নীতি নিৰ্ধাৰণ প্ৰক্ৰিয়াত আধিপত্যশীল ভূমিকা গ্ৰহণ কৰাত অৰিহণা যোগাইছে।

সংসদীয় পদ্ধতিৰ চৰকাৰ হৈছে ভাৰতৰ সাংবিধানিক ব্যৱস্থাপনাৰ অন্য এক গুৰুত্বপূৰ্ণ দিশ। সংসদেই হৈছে কাৰ্যবাহী ক্ষমতাৰ উৎসস্বৰূপ। লোক নীতি নিৰ্ধাৰণ প্ৰক্ৰিয়াই সংসদৰ অনুমোদন লাভ কৰাৰ পিছতহে কৰ্তৃত্বৰ মোহৰ লাভ কৰে। পঞ্চবার্ষিক পৰিকল্পনা কিম্বা, জনসংখ্যা নীতি বা নতুন শিক্ষা নীতি বা ঔদ্যোগিক নীতি যিয়েই নহওক কিয় এই লোক নীতিসমূহ সংসদত গৃহীত হোৱাৰ পিছতহে চূড়ান্ত ৰূপ লাভ কৰে। মন্ত্ৰীমণ্ডলীয়ে আগতীয়াকৈ নীতিসমূহ ঘোষণা কৰে কিয়নো এইবিলাক যে সংসদত গৃহীত হ’ব সেই সন্দৰ্ভত তেওঁলোক নিশ্চিত হৈ থাকে। সেয়েহে নীতি নিৰ্ধাৰণৰ বেলিকা ভাৰতীয় সংসদৰ ভূমিকা বাস্তৱভিত্তিক হোৱাতকৈ অধিক আনুষ্ঠানিক হৈ পৰা পৰিলক্ষিত হয়।

কোনো এক লোক নীতি হৈছে চৰকাৰী আৰু অনা-চৰকাৰী বিভিন্ন ব্যক্তি আৰু গোটসমূহৰ সহযোগিতামূলক প্ৰচেষ্টাৰ ফলশ্ৰুতি। ভাৰতৰ কেন্দ্ৰীয় চৰকাৰৰ মূল-নীতি নিৰ্ধাৰণকাৰী ব্যৱস্থাপনাই প্ৰধান মন্ত্ৰী আৰু তেওঁৰ পৰামৰ্শদাতাসকলকে ধৰি তেওঁৰ কার্যালয়, কেবিনেট মন্ত্ৰী বৰ্গ আৰু সচিবসকলক সামৰি লৈছে। ভাৰতৰ কেন্দ্ৰীয় পৰ্যায়ত ৪০০ লোক নীতি নিৰ্ধাৰক আৰু ৰাজ্যবিলাকত প্রায় ৪০০ নীতি নির্ধাৰকৰ উপস্থিতি প্রত্যক্ষ কৰা যায় ৷

নীতি নিৰ্দ্ধাৰণ প্ৰক্ৰিয়াত নিয়োজিত গুৰুত্বপূৰ্ণ সংস্থাসমূহ হৈছে কেবিনেট, প্রধানমন্ত্রী আৰু তেওঁৰ কাৰ্যালয়, কেবিনেট সচিবালয়, সচিবালয়, পৰিকল্পনা আয়োগ (বৰ্তমানৰ নীতি আয়োগ) আৰু ৰাষ্ট্ৰীয় উন্নয়ন পৰিষদ।

ভাৰতৰ লোকনীতি নিৰ্ধাৰণ প্ৰক্ৰিয়াত প্ৰভাৱ বিস্তাৰ কৰা বিভিন্ন নিৰ্ধাৰকসমূহৰ বিষয়ে তলত বহুলভাবে আলোচনা কৰা হ’ল—

সংসদ : ভাৰতবৰ্ষৰ সংসদ হৈছে সর্বোচ্চ নীতি নিৰ্ধাৰণকাৰী সংস্থা। সংসদখন সর্বোচ্চ এই কাৰণেই যে প্রধানমন্ত্ৰীৰ নেতৃত্বত গঠিত মন্ত্ৰী পৰিষদখনৰ কাৰ্যকাল সংসদীয় সংখ্যাগৰিষ্ঠ সমৰ্থনৰ ওপৰত নিৰ্ভৰশীল হোৱা পৰিলক্ষিত হয়। সংসদৰ দ্বাৰা প্ৰণোদিত আইনৰ জৰিয়তে নীতিসমূহক বাস্তৱায়িত কৰি তোলা হয়। সংসদে চৰকাৰৰ নীতি বিষয়ক সিদ্ধান্তসমূহৰো বৈধতা ৰূপ প্ৰদান কৰে।

কিন্তু বাস্তৱিকতে, নীতি নিৰ্ধাৰণৰ বেলিকা সংসদ সর্বোচ্চ নহয়। এক সাংবিধানিক ম্যাদৰ সময়ৰ বাহিৰে সংসদে লোকনীতিসমূহ নিৰ্ধাৰণ কৰিব নোৱাৰে। সংসদে সাধাৰণ আলোচনা আৰু বিতৰ্কৰ জৰিয়তে লোকনীতি সমূহক প্রভাৱিত কৰে। ভাৰতৰ বেলিকা অধিকাংশ আইনৰ খচৰা কাৰ্য নিৰ্বাহকৰ ভিতৰতে যুগুত কৰি এজন দায়বদ্ধশীল মন্ত্ৰীৰ জৰিয়তে সংসদৰ যিকোনো এখন সদনত বিলখন উত্থাপন কৰা হয়। কাৰ্যনিবাহকে প্রতিনিধিত্ব কৰা নীতি প্ৰস্তাৱ যে এক বিধায়িনী সংখ্যাগৰিষ্ঠতাৰ দ্বাৰা আস্থাভাজন হ’ব সেই সন্দৰ্ভত কার্যনির্বাহক নিশ্চিত থাকে।

কাপালিকা : সংসদত দাখিল কৰিবলগীয়া নীতি বিষয়ক সিদ্ধান্তবিলাক চূড়ান্ত কৰাৰ সাংবিধানিক দায়িত্ব কাৰ্যপালিকাৰ ওপৰতেই ন্যস্ত কৰা থাকে। ভাৰতৰ কেন্দ্ৰীয় কাৰ্যপালিকা ৰাষ্ট্ৰপতি, মন্ত্ৰী পৰিষদ আৰু চৰকাৰ যন্ত্ৰক লৈ গঠিত। ৰাষ্ট্ৰৰ মুৰব্বী হিচাপে ৰাষ্ট্ৰপতিয়ে মন্ত্ৰী পৰিষদৰ পৰামৰ্শক্রমে তেওঁৰ কার্যনির্বাহক ক্ষমতাসমূহ প্রয়োগ কৰে (অনুচ্ছেদ নং ৭৪)।

মন্ত্রীসভা : সংসদীয় চৰকাৰ ব্যৱস্থাত কেবিনেট বা মন্ত্রীসভা হৈছে সর্বোচ্চ নীতি নিৰ্ধাৰক সংস্থা। কেবিনেটেই ৰাষ্ট্ৰ নীতি নিৰ্দেশনা প্রদান কৰে। গুৰুত্বপূৰ্ণ নীতি বিষয়ত কেবিনেটৰ অনুমোদনৰ প্ৰয়োজন হয়। কেবিনেটে কোনো গুৰুত্বপূর্ণ নীতি বিষয়ত নিজাকৈ সিদ্ধান্ত গ্রহণ কৰিব পাৰে নতুবা কেবিনেটৰ যিকোনো এখন উপ-সমিতিলৈ বিষয়টো আলোচনাৰ বাবে প্ৰেৰণ কৰিব পাৰে। কেবিনেটৰ তিনিখন উপ-সমিতি থাকে— ৰাজনৈতিক পৰিক্ৰমা সমিতি, অর্থনৈতিক পৰিক্ৰমা সমিতি আৰু লোক নিযুক্তি সম্পৰ্কীয় সমিতি। অধিকাংশ কামেই মন্ত্ৰীসকলে তেওঁলোকৰ নিজা পৰ্যায়ত বা কেবিনেটৰ উপ-সমিতি পৰ্যায়ত নিষ্পত্তি কৰে। কেৱল অত্যন্ত গুৰুত্বপূৰ্ণ বিষয়সমূহহে সম্পূর্ণ কেবিনেটলৈ প্ৰেৰণ কৰা হয়। অৱশ্যে এক নীতি নিৰ্দ্ধাৰক নিকায় হিচাপে কেবিনেটৰ কাৰ্যকাৰিতা ইয়াৰ সদস্যসকল আৰু প্ৰধানমন্ত্ৰীৰ মৰ্যাদাৰ ওপৰত বহু পৰিমাণে নির্ভৰ কৰে। এজন শক্তিশালী, জনপ্ৰিয় আৰু প্ৰভাৱশালী ব্যক্তিত্বৰ প্ৰধানমন্ত্ৰীয়ে কেবিনেটৰ গুৰুত্ব সংকুচিত কৰাৰ অৱকাশ থাকি যায়।

কেবিনেট সচিবালয় : লোক নীতি নিৰ্ধাৰণৰ ক্ষেত্ৰত কেবিনেট সচিবালয়ৰ ভূমিকা স্পষ্ট নহয়। ইমূলতঃ এক সমন্বয় ৰক্ষাকাৰী অভিকৰণহে। কেবিনেট সচিবালয়ে প্রধানমন্ত্ৰীৰ নিৰ্দেশন মৰ্মেহে কার্য সম্পাদন কৰে। ই সৰ্বোচ্চ স্তৰত সিদ্ধান্ত গ্ৰহণৰ ক্ষেত্ৰত সমন্বয়ৰক্ষকৰ ভূমিকা পালন কৰে। কেবিনেট সচিবালয়ৰ কাৰ্যাৱলীসমূহে মূলতঃ কেবিনেট আৰু ইয়াৰ সমিতিসমূহলৈ বিভিন্ন বিষয়সমূহ উপস্থাপন কৰা, কেবিনেটত গৃহীত সিদ্ধান্তসমূহৰ তথ্য-পাতি প্ৰস্তুতকৰণ আৰু ইয়াৰ সফল ৰূপায়ণৰ বাবে গ্ৰহণ কৰা কাৰ্য আঁচনিক সামৰি লয়।

প্রধানমন্ত্ৰী আৰু তেওঁৰ কাৰ্যালয় : ভাৰতৰ সংসদীয় চৰকাৰ ব্যৱস্থাত ৰাষ্ট্ৰপতিজন হৈছে ৰাষ্ট্ৰৰ নামমাত্ৰ মুৰব্বী। ৰাষ্ট্ৰৰ প্ৰকৃত কর্তৃত্ব চৰকাৰৰ মুৰব্বী হিচাপে প্ৰধানমন্ত্ৰীৰ হাতত ন্যস্ত থাকে। তেওঁ কেবিনেটৰো মুৰব্বী। এক কথাত ক’বলৈ হ’লে, সাধাৰণভাৱে মন্ত্ৰীপৰিষদৰ ভিতৰত আৰু বিশেষতঃ কেবিনেটৰ ভিতৰতেই নীতি নির্ধাৰণৰ প্ৰসংগত প্রধানমন্ত্রীজনে আধিপত্যমূলক ভূমিকা গ্ৰহণ কৰে। প্ৰকৃতপক্ষে, নীতি বিষয়ক সিদ্ধান্ত গ্ৰহণৰ বেলিকা জেষ্ঠ অসামৰিক সেৱা বিষয়াসকলৰ তথ্য সংগ্ৰহৰ কৌশল, নীতি নির্ধারণ সংক্রান্তীয় সমস্যাৰাজি বিশ্লেষণ আৰু বাছনিকৃত নীতি বিকল্পৰাজিৰ সুবিধা-অসুবিধা এই সকলোবিলাকে নীতি বিষয়ক চুড়ান্ত সিদ্ধান্ত গ্ৰহণৰ ক্ষেত্ৰত যথেষ্ট প্রভাৱ পেলায়। মন্ত্ৰীসকলৰ ক্ষেত্ৰত প্ৰায়েই চাপ সৃষ্টিকাৰী নীতি বিকল্পসমূহ/পছন্দক প্ৰতিৰোধ কৰাটো যথেষ্ট কঠিন হৈ পৰে যদিও সেইসমূহ ভৱিষ্যতৰ প্রয়োজনীয়তাৰ উন্নত বিশ্লেষণৰ ওপৰত প্ৰতিষ্ঠিত হয়।

প্রতিষ্ঠিত সংস্থাসমূহ : ভাৰতৰ লোক নীতি নিৰ্ধাৰণৰ প্ৰক্ৰিয়াৰ বেলিকা সাধাৰণ আনুষ্ঠানিক ব্যৱস্থাপনাৰ বাহিৰেও কেতবোৰ কাৰ্যকৰী সংস্থা গঠন কৰা হৈছে আৰু ইয়াৰ ওপৰত নিৰ্দ্দিষ্ট আৰু সম্পর্কিত পৰামৰ্শমূলক ভূমিকা ন্যস্ত কৰা হৈছে। এই সংস্থাবিলাকৰ ভিতৰত ভাৰতীয় ৰিজাৰ্ভ বেংক, বিশ্ববিদ্যালয় অনুদান আয়োগ, কৃষিজাত দৰ আৰু ব্যয় আয়োগ ইত্যাদি। উল্লেখ্য যে নীতি পৰিকল্পনাত কেতবোৰ সংস্থা আৰু নিকায়েও এক গুৰুত্বপূৰ্ণ ভূমিকা গ্রহণ কৰা পৰিলক্ষিত হয়।

পৰিকল্পনা আয়োগ : এক সহায়কাৰী অভিকৰণ হিচাপে পৰিকল্পনা আয়োগে ভাৰত চৰকাৰৰ এক উপদেষ্টা সংস্থা হিচাপে কাৰ্য সম্পাদন কৰিব লাগে। ১৯৫০ দশকৰ আগভাগতে ভাৰতে সমাজবাদী আৰ্হিৰ সমাজ প্ৰতিষ্ঠা কৰাটো ইয়াৰ এক লক্ষ্য হিচাপে গ্ৰহণ কৰাৰ পৰা পৰিকল্পনা আয়োগে এক গুৰুত্বপূর্ণ ভূমিকাত অৱতীৰ্ণ হৈ পৰিল। কেন্দ্ৰীয় চৰকাৰৰ লগতে ৰাজ্য চৰকাৰসমূহৰ বাবেও পঞ্চবার্ষিক পৰিকল্পনা যুগুত কৰাটো পৰিকল্পনা আয়োগৰ প্ৰধান দায়িত্ব আছিল। সেয়েহে প্ৰশাসনৰ সামগ্রিক ক্ষেত্ৰসমূহৰ সৈতে সম্পর্কিত লোকনীতি সমূহ নিৰ্ধাৰণৰ ক্ষেত্ৰত পৰিকল্পনা আয়োগে গুৰুত্বপূর্ণ প্রভাৱ বিস্তাৰ কৰিছিল। ইয়াক প্ৰায়েই ‘Supra- Cabinet’ হিচাপে অভিহিত কৰিবলৈ আৰম্ভ কৰিছিল। প্ৰধানমন্ত্ৰীৰ অধ্যক্ষতা আৰু কেইজনমান গুৰুত্বপূৰ্ণ দপ্তৰ দায়িত্বত থকা মন্ত্ৰীক লৈ পৰিকল্পনা আয়োগখন গঠন কৰা হৈছিল। 

ৰাষ্ট্ৰীয় উন্নয়ন পৰিষদ : ৰাষ্ট্ৰীয় উন্নয়ন পৰিষদ হৈছে লোক নীতি নিৰ্ধাৰণৰ সৈতে জড়িত আন এক সংস্থা। ৰাষ্ট্ৰীয় উন্নয়ন পৰিষদ প্রধানমন্ত্রী, কেইজনমান কেন্দ্রীয় মন্ত্রী আৰু সকলো ৰাজ্য আৰু কেন্দ্ৰীয় শাসিত অঞ্চলৰ মুখ্যমন্ত্ৰীসকলক লৈ গঠিত। পৰিকল্পনা আয়োগে যুগুতোৱা কোনো এখন পঞ্চবার্ষিক পৰিকল্পনা চূড়ান্তকৰণ আৰু সংসদত দাখিলকৰণৰ পূৰ্বে ৰাষ্ট্ৰীয় উন্নয়ন পৰিষদলৈ বিচাৰ-বিবেচনাৰ বাবে প্ৰেৰণ কৰিব লাগে। ৰাষ্ট্ৰীয় উন্নয়নক প্রভাবিত কৰিব পৰা আৰ্থ-সামাজিক নীতি সংক্রান্তীয় গুৰুত্বপূৰ্ণ বিষয়সমূহ বিচাৰ-বিবেচনা কৰাটো। ৰাষ্ট্ৰীয় উন্নয়ন পৰিষদৰ অন্যতম প্রধান কার্য। গতিকে তাত্ত্বিকভাবে চালে ৰাষ্ট্ৰীয় উন্নয়ন পৰিষদ হৈছে সার্বভৌম নিকায়। পৰিকল্পনা আয়োগখন ইয়াৰ বহুতীয়া। কিন্তু বাস্তৱিক ক্ষেত্ৰত পৰিষদখনক এক আলংকাৰিক সংস্থাৰ পৰ্যায়লৈ সংকুচিত কৰা পৰিলক্ষিত হয়।

নীতি আয়োগ : ২০১৫ চনৰ ১ জানুৱাৰী তাৰিখে কেন্দ্ৰীয় কেবিনেটৰ এক প্ৰস্তাৱৰ জৰিয়তে পৰিকল্পনা আয়োগক নীতি আয়োগ বা চমুকৈ NITI Commission (National Institution for Transforming India) নামেৰে নতুনকৈ নামাকৰণ কৰা হয়। ভাৰতৰ জনগণৰ প্রয়োজনীয়তা আৰু আশা-আকাংক্ষাৰ প্ৰতি এক উৎকৃষ্ট মানদণ্ডৰে সেৱা আগবঢ়োৱাৰ লক্ষ্যৰে নীতি আয়োগ গঠন কৰা হৈছিল। ৰাষ্ট্ৰীয় স্বাৰ্থৰ খাতিৰত যাতে সকলো ৰাজ্যই একেলগে কাম কৰিব পাৰে আৰু তাৰ জৰিয়তে সহযোগিতামূলক যুক্তৰাজ্যবাদ (Co-operative Federalism) ৰ ধাৰণা সবল কৰি তোলাৰ ক্ষেত্ৰত নীতি আয়োগে ভাৰত চৰকাৰৰ এক গুৰুত্বপূৰ্ণ মঞ্চ হিচাপে কাম কৰে।

ন্যায়পালিকা : লোকনীতি নির্ধাৰণ প্ৰক্ৰিয়াত ন্যায়পালিকাই দুই ধৰণে ক্ৰমে ন্যায়িক সমীক্ষাৰ ক্ষমতা আৰু ন্যায়িক সিদ্ধান্তৰ জৰিয়তে প্রভাৱ বিস্তাৰ কৰে।

ভাৰতৰ সংবিধানে সর্ব্বোচ ন্যায়ালয় আৰু উচ্চ ন্যায়ালয় সমূহক আইন প্রণয়ন সংক্রান্তীয় ন্যায়িক সমীক্ষাৰ ক্ষমতা অৰ্পণ কৰিছে। ন্যায়িক সমীক্ষাই বিধানমণ্ডল আৰু কাৰ্যপালিকাৰ কাৰ্যাৱলীৰ সাংবিধানিক বৈধতা নিৰ্দ্ধাৰণ কৰাৰ ক্ষেত্ৰত ন্যায়ালয়ৰ যি ক্ষমতা সেই ক্ষমতাক সুচায়। যদিহে বিধানমণ্ডল আৰু কাৰ্যপালিকাৰ কাৰ্যাৱলী সাংবিধানিক প্রবন্ধাৱলীৰ সৈতে অসামঞ্জস্য পূর্ণ হয় তেন্তে তেনে কার্যক ন্যায়পালিকাই অসাংবিধানিক বুলি ঘোষণা কৰি বাতিল কৰিব পাৰে। সম্প্ৰতি চিকিৎসালয়, কাৰাগাৰ আৰু বিদ্যালয়ৰ দৰে ৰাজহুৱা অনুষ্ঠানসমূহৰ কার্যকলাপসমূহে আদালত বিলাকৰ মনোযোগ আকৰ্ষণ কৰিবলৈ সক্ষম হৈছে।

এনেদৰে প্ৰশাসনীয় কাৰ্যৰ বেলিকা ৰাষ্ট্ৰ সমূহৰ বৰ্দ্ধিত ক্ষমতাৰ বিপৰীতে নাগৰিকৰ অধিকাৰসমূহৰ সুৰক্ষা প্ৰদান কৰাত ন্যায়ালয়ৰ এক শক্তিশালী ভূমিকা পৰিলক্ষিত হয়।

৫৩। ভাৰতৰ লোক নীতি নিৰ্ধাৰণ প্ৰক্ৰিয়াৰ আসোঁৱাহসমূহ আলোচনা কৰা। 

উত্তৰঃ ভাৰতীয় লোক নীতি প্ৰস্তুতৰ ক্ষেত্ৰত বহুতো দুৰ্বলতা পৰিলক্ষিত হয়। লোক নীতি প্ৰস্তুতৰ ক্ষেত্ৰত দুৰ্বলতাসমূহ তলত দিয়া ধৰণে আলোচনা কৰিব পাৰি—

(ক) চিন্তা আৰু চিন্তাৰ কাৰ্যকৰীকৰণৰ ক্ষেত্ৰত থকা ভিন্নতা : ভাৰতীয় লোক নীতি নিৰ্ধাৰণৰ ক্ষেত্ৰত থকা দুৰ্বলতাসমূহৰ ভিতৰত চিন্তা আৰু চিন্তাৰ কাৰ্যকৰীকৰণৰ ক্ষেত্ৰত থকা ভিন্নতা হ’ল এক উল্লেখযোগ্য দুর্বলতা। এইক্ষেত্ৰত চিন্তাৰ কাৰ্যকৰীকৰণৰ বিভাগ বা কৰ্তৃপক্ষৰ গাঁথনিগত চূড়ান্ত ভিন্নতাৰ কথা উল্লেখ কৰিব পাৰি। উদাহৰণস্বৰূপে ভাৰতৰ পৰিবহণ বিভাগটোৰ ক্ষেত্ৰত ৫ টা বিভাগ বা মন্ত্রণালয় জড়িত হৈ আছে। কিন্তু আমেৰিকা ইংলেণ্ড আদি দেশবোৰলৈ চালে দেখা যায় যে পৰিবহণ বিভাগটো এটা বিভাগেই নিয়ন্ত্ৰণ কৰি আহিছে। আমেৰিকাত পৰিবহণ আৰু গড়কাপ্তানি বিভাগে পৰিচালনা কৰাৰ দৰে ইংলেণ্ডত পৰিবেশ, পৰিবহণ আৰু অঞ্চল বিভাগে পৰিচালনা কৰে। একেদৰে, ভাৰতত শক্তি, উদ্যোগ আৰু সমাজ কল্যাণৰ ক্ষেত্ৰটো ভিন্নতা দেখা যায়। এনেধৰণৰ বিষয়ৰ ক্ষেত্ৰত লোক নীতি নির্ধাৰণ কৰিবলৈ যাওঁতে গাঁথনিগত ভিন্নতাই বাধাৰ সৃষ্টি কৰে।

(খ) লোক নীতি নির্ধাৰণ আৰু কাৰ্যকৰীকৰণৰ মাজত হেতা-ওপৰা ব্যৱস্থা : লোক নীতি প্রস্তুত আৰু কাৰ্যকৰীকৰণৰ মাজত থকা হেতা ওপৰা ব্যৱস্থা হ’ল লোক নীতি প্ৰস্তুতৰ ক্ষেত্ৰত থকা আন এটা দুর্বলতা, যি জনসাধাৰণৰ প্ৰয়োজনীয়তাৰ ওপৰত গুৰুত্ব আৰোপ কৰাতকৈ কাৰ্যকৰীকৰণৰ ওপৰতহে গুৰুত্ব আৰোপ কৰে। ভাৰতত সাধাৰণতে সিদ্ধান্ত গ্রহণ প্ৰক্ৰিয়াটো সঞ্চালকালয়ৰ উৰ্ধৰ ভৰত সম্পন্ন কৰা হয়। কিন্তু বাস্তৱিকতে অৱশ্যে সচিবসকলে তেওঁলোকৰ অধিক সময় প্ৰশাসনৰ দৈনন্দিন কাম-কাজৰ ওপৰতে ব্যস্ত থাকিব লগা হয়। তেওঁলোকে বেছিভাগ সময় প্রয়োজনীয় সভা সমিতিত উপস্থিত থকাৰ লগতে সংসদীয় প্রশ্নোত্তৰ, লোকনীতি কাৰ্যকৰীকৰণৰ লগতে জড়িত থাকিব লগা হয়। সেয়ে তেওঁলোকে জনসাধাৰণৰ প্রয়োজনীয়তাৰ ওপৰত বিশেষ গুৰুত্ব দিবলৈ সুযোগ নাপায়।

(গ) বেচৰকাৰী অনুষ্ঠান-প্ৰতিষ্ঠানৰ উপকৰণৰ অভাৱ :  কেতিয়াবা চৰকাৰী নীতিসমূহ নিৰ্ধাৰণ কৰোতে বেচৰকাৰী সংগঠনৰ অংশগ্ৰহণৰ অবিহনে আৰু তথ্যভিত্তিক প্রয়োজনীয় বিতর্ক নোহোৱাকৈ গ্ৰহণ কৰা হয়। বহুক্ষেত্ৰত লোকনীতি নির্ধাৰণ তথা কাৰ্যকৰীকৰণৰ ক্ষেত্ৰত চৰকাৰতকৈ বেচৰকাৰী অনুষ্ঠানসমূহ বেছি ফলপ্রসূ। বর্তমান সময়ত লোকনীতিৰ নিৰ্ধাৰণ প্ৰক্ৰিয়া তথা চৰকাৰৰ গাঁঠনিয়ে বেচৰকাৰী সংগঠনসমূহক সুবিধা প্ৰদান নকৰি প্ৰয়োজনীয় তথ্যভিত্তিক বিতৰ্কৰ জৰিয়তে বিকল্প নীতি নিৰ্ধাৰণ তথা কাৰ্যকৰীকৰণৰ পদ্ধতিগত ব্যৱস্থা ৰখা নাই। উন্নত ৰাষ্ট্ৰসমূহলৈ লক্ষ্য কৰিলে দেখা যায় যে লোকনীতি নির্ধাৰণৰ ক্ষেত্ৰত বহুলভিত্তিক বিতৰ্কৰ অন্তত লোক নীতিসমূহত অনুমোদন জনোৱা হয় ।

(ঘ) লোক নীতি নিৰ্দ্ধাৰণৰ দুৰ্বল প্রাক-আলোচনা প্রক্রিয়া : ভাৰতত লোক নীতি নিৰ্ধাৰণ কৰণৰ প্ৰাক-আলোচনা প্রক্রিয়া বিশেষ ফলপ্রদ বুলি ক’ব নোৱাৰি। এই প্ৰাক-আলোচনা প্রক্রিয়া। দুৰ্বল হোৱাৰ মূলতে কিছুমান কাৰণ আছে। 

সেইবোৰ হৈছে—

(১) লোক নীতি নিৰ্ধাৰণৰ ক্ষেত্ৰত চৰকাৰৰ বাহিৰৰ ব্যক্তিৰ অস্তিত্ব বা বিশেষ ভূমিকা নাই। আৰু কোনো কোনো ক্ষেত্ৰত অৱস্থিতি থাকিলেও সেয়া মৃতপ্ৰায় অৱস্থাৰ দৰে হোৱা পৰিলক্ষিত হয়।

(২) লোক নীতি নির্ধাৰণৰ ক্ষেত্ৰত চৰকাৰৰ বাহিৰৰ ব্যক্তি বা সংগঠনৰ অভাৱ পৰিলক্ষিত হয়। কিছু ক্ষেত্ৰত চৰকাৰৰ বাহিৰৰ ব্যক্তিৰ বা সংগঠনৰ অৱস্থিতি থাকিলেও তেওঁলোকে এক নিৰ্দিষ্ট বিষয়ৰ নীতিৰ লগতহে জড়িত হয়।

(৩) লোক নীতি নিৰ্ধাৰণৰ ক্ষেত্ৰত চৰকাৰৰ বাহিৰৰ ব্যক্তি বা সংগঠনক কোনো নির্দিষ্ট বিষয়ৰ ওপৰত আলোচনা কৰিবলৈ কিছু কিছু ক্ষেত্ৰত সুবিধা প্ৰদান কৰা হয় যদিও তেখেতসকলে বিপৰীত ধৰ্মী আলোচনাৰ প্ৰত্যুত্তৰ দিবলৈ সমৰ্থ নহয়। সেয়েহে লোক নীতি নিৰ্ধাৰণৰ ক্ষেত্ৰত তেওঁলোকৰ পৰামৰ্শ আংশিকভাৱেহে গ্ৰহণ কৰা হয়।

(ঙ) লোক নীতি নিৰ্ধাৰণৰ পূৰ্বে পদ্ধতিগত আলোচনা তথ্য উপযুক্ত সংযুক্তকৰণৰ অভাৱ : লোক নীতি সমূহ কেতিয়াবা কাৰ্যকৰীকৰণৰ ব্যয়, ইয়াৰ লাভালাভ, পৰিণতিসমূহৰ ওপৰত আলোচনা নকৰাকৈ গ্ৰহণ কৰা হয় এইক্ষেত্ৰত বিভিন্ন কাৰণ পৰিলক্ষিত হয়—

(১) লোক নীতি নিৰ্ধাৰণৰ ক্ষেত্ৰত বিশেষকৈ চিন্তা আৰু চিন্তাৰ কাৰ্যকৰীকৰণৰ ক্ষেত্ৰত থকা অত্যাধিক ভিন্নতাৰ বাবে কেতিয়াবা আলোচনা নকৰাকৈ খৰতকীয়া ভাবে গ্ৰহণ কৰা হয়।

(২) লোক নীতি সমূহ নিৰ্ধাৰণ কৰাৰ ক্ষেত্ৰত প্ৰয়োজনতকৈ কম সময় ব্যয় কৰাৰ বাবে উপযুক্তভাৱে আলোচনা কৰি নীতি প্ৰস্তুত কৰিব পৰা নাযায় যাৰ বাবে কামৰ হেতা-ওপৰা হোৱাৰ সম্ভাৱনা থাকে।

(৩) লোক নীতি নিৰ্ধাৰণৰ বাবে প্রয়োজনীয় অভিজ্ঞ বৃত্তিমুখী উপদেষ্টাৰ অভাৱ। ভাৰতবৰ্ষত লোক নীতি নিৰ্ধাৰণৰ ক্ষেত্ৰত “সাধাৰণ” তথা “বিশেষজ্ঞ” লোকৰ অংশগ্ৰহণৰ প্ৰয়োজনীয়তা বিষয়ত বিতর্ক চলি অহা দেখা যায়। সেয়েহে এচাম লোকে ক’ব বিচাৰে যে যেতিয়ালৈকে লোক নীতি নিৰ্ধাৰণৰ ক্ষেত্ৰত বিশেষজ্ঞসকলে অংশগ্ৰহণ নকৰি ন্যূনতম জ্ঞানসম্পন্ন সাধাৰণ লোকে লোক নীতি নিৰ্ধাৰণ তথা কার্যকৰীকৰণত আগভাগ ল’ব তেতিয়ালৈকে এক ফলপ্রদ লোক নীতিৰ আশা কৰিব নোৱাৰি।

(৪) আভ্যন্তৰীণ বিশেষজ্ঞৰ সৈতে লোকনীতি নিৰ্ধাৰণৰ বেলিকা যি আলোচনা কৰা হয় ই যথেষ্ট নহয়। চৰকাৰী প্ৰশাসনৰ ভিতৰতে থকা বিভিন্ন বিশেষজ্ঞ সকলৰ লগত বহুলভিত্তিক আলোচনা কৰি লোকনীতি নিৰ্ধাৰণৰ পৰিবৰ্তে পর্যাপ্ত আলোচনা নকৰাকৈ লোক নীতি নির্ধাৰণ কৰা হয়।

(6) চৰকাৰৰ আভ্যন্তৰীণ বিশেষজ্ঞসকল মধ্যমীয়া ধৰণৰ। লোক নীতি নিৰ্ধাৰণৰ ক্ষেত্ৰত যেনেদৰে বিশেষ অভিজ্ঞতাসম্পন্ন লোকৰ অংশগ্রহণ আশা কৰা যায়, তেনে অভিজ্ঞ বিশেষজ্ঞ চৰকাৰৰ ভিতৰ চ’ৰাত অভাৱ, যাৰ পৰিপ্ৰেক্ষিতত বহু গৱেষকে চৰকাৰৰ বাহিৰৰ অভিজ্ঞ বিশেষজ্ঞৰো অংশগ্ৰহণৰ পোষকতা কৰে।

৫৪। চমুটোকা লিখা :

(ক) লোক প্ৰশাসনৰ অভিন্ন দৃষ্টিভংগী।

উত্তৰঃ লোক প্ৰশাসনৰ প্ৰকৃতি সম্পৰ্কে আগবঢ়োৱা এক অন্যতম দৃষ্টিভংগী হৈছে- অভিন্ন দৃষ্টিভংগী। পণ্ডিতসকলে আগবঢ়োৱা অভিন্ন দৃষ্টিভংগী মতে প্রশাসন বুলিলে জনস্বাৰ্থৰ বাবে সম্পাদনা কৰা সকলো ধৰণৰ কাৰ্যক বুজা যায়। প্রশাসন কার্য এটা পৰিচালনা কৰাৰ বাবে বহু ধৰণৰ কৰ্মচাৰীৰ প্ৰয়োজন। সেইসমূহৰ ভিতৰত থাকে পৰিচালক, নির্দেশক, নীতি-নিৰ্ধাৰক আৰু আনফালে কেৰাণী, পিয়ন, সাধাৰণ কৰ্মচাৰী ইত্যাদি। গতিকে অভিন্ন দৃষ্টিভংগী মতে প্ৰশাসনৰ সৈতে জড়িত থকা প্ৰতিজন কৰ্মচাৰীৰ যৌথ কাৰ্যক প্ৰশাসনৰ অংগ হিচাপে বিবেচনা কৰা হয়। অর্থাৎ প্রশাসন কার্যত জড়িত থকা ওপৰৰ পৰা তললৈ সকলো ধৰণৰ কৰ্মচাৰীৰ কাৰ্য সমষ্টি লোক প্ৰশাসনৰ অন্তৰ্ভুক্ত। যদিও প্রশাসন কার্যত প্ৰতিজন কর্মীৰে গুৰুত্ব বেলেগ বেলেগ হ’ব পাৰে, কিন্তু সকলো কৰ্মচাৰীয়েই প্ৰশাসনৰ অবিচ্ছেদ্য অংগ।

লোক প্ৰশাসনৰ এই অভিন্ন দৃষ্টিভংগীৰ সমৰ্থকসকল হ’ল— ডিমক, হেনৰী, ফেয়ল ই. এ. ডি. হোৱাইট আদি। অধ্যাপক এ. ডি. হোৱাইটৰ মতে, “কোনো কাৰ্যালয়ৰ পিয়নৰ পৰা আৰম্ভ কৰি বৰমুৰীয়ালৈকে সকলোৰে কাৰ্যাৱলী প্ৰশাসনৰ অন্তৰ্ভুক্ত।”

ডিমকৰ মতে, “প্ৰশাসনৰ ক্ষেত্ৰত প্ৰত্যেকৰ কাম গুৰুত্বপূৰ্ণ আৰু প্ৰত্যেকেই যৌথভাৱে প্ৰশাসনৰ লক্ষ্য পূৰণ কৰে।

ফেয়লৰ মতে, “সকলো স্তৰৰ সকলো ধৰণৰ কাৰ্যাৱলী হ’ল প্ৰশাসনৰ বিষয়-বস্তু।” গতিকে দেখা যায়, লোক প্রশাসনৰ অভিন্ন দৃষ্টিভংগীয়ে প্ৰশাসনত জড়িত প্ৰতিজন কৰ্মচাৰী আৰু এই কৰ্মচাৰীসকলৰ প্ৰত্যেকটো কাৰ্যাৱলীক সামৰি লয়। লোক প্রশাসন বিভিন্ন উপাদানৰ দ্বাৰা গঠিত, যিবোৰ কোনো এক আঁচনি ৰূপায়ণৰ ক্ষেত্ৰত জড়িত। ই এটা সংগঠিত কার্যপ্রণালী যিয়ে সংগঠন এটাৰ সমূহ কাৰ্যক সামৰি লয়।

(খ) লোক প্ৰশাসনৰ পৰিচালনামূলক দৃষ্টিভংগী।

উত্তৰঃ লোক প্ৰশাসনৰ প্ৰকৃতি সম্পর্কত আন এক অন্যতম দৃষ্টিভংগী হৈছে পৰিচালনামূলক দৃষ্টিভংগী। এই দৃষ্টিভংগী অনুসৰি প্ৰশাসনৰ পৰিচালকবর্গৰ কাৰ্যাৱলীকহে প্ৰশাসনৰ অন্তর্ভুক্ত কৰিব পাৰি। এই মতৰ সমৰ্থকসকলৰ মতে, প্ৰশাসনৰ দায়িত্ব অকল পৰিচালকসকলেহে বহন কৰে আৰু তলতীয়া কৰ্মচাৰীসমূহে ওপৰা পৰা দিয়া নিৰ্দেশসমূহ পালন কৰে। গতিকে তলতীয়া কৰ্মচাৰীসকল প্ৰশাসনৰ লক্ষ্য সাধনৰ বাবে দায়ী নহয়। সেয়ে তেওঁলোকৰ কাৰ্যাৱলীক প্ৰশাসনৰ অন্তৰ্ভুক্ত কৰিব নোৱাৰি। গতিকে কেৱল পৰিচালকৰ কাৰ্যাৱলী যেনে— পৰিকল্পনা (planning), সমন্বয় সাধন কৰা (co-ordination) নিয়ন্ত্রণ (control) আদিকহে লোক প্রশাসন বুলি গণ্য কৰা হয়। এজন পিয়ন বা কেৰাণীক প্রশাসক বুলি ধৰা নহয়। এই ধাৰণা মতে, কেৱল মাত্ৰ পৰিচালক এগৰাকীৰ কামহে লোক প্ৰশাসনৰ অন্তৰ্গত।

এই দৃষ্টিভংগীৰ সমৰ্থকসকল হ’ল— চাইমন, স্মিথবার্গ, থমছন, লুথাৰ গুলিক ইত্যাদি।

লুথাৰ গুলিকে (Luthar Gullick) প্ৰশাসনৰ এই পৰিচালনামূলক দৃষ্টিভংগীৰ বিষয়ে ব্যাখ্যা কৰিবলৈ তেওঁৰ ‘POSDCORB’ ধাৰণাটো আগবঢ়াইছিল। লুথাৰ গুলিকৰ এই ‘POSDCORB’ ধাৰণাটোৱে লোক প্ৰশাসনৰ বিভিন্ন বিভাগৰ কাৰ্যাৱলীক সূচায়। যেনে—

(১) পৰিকল্পনা কৰা (Planning)।

(২) সংগঠন কৰা (Organising)।

(৩) কৰ্মী নিয়োগ কৰা (Staffing)। 

(৪) নির্দেশদান কৰা (Directing)।

(৫) সমন্বয় সাধন কৰা (Co-Ordinating)।

(৬) প্রতিবেদন দাখিল কৰা (Reporting )।

(৭) আয়-ব্যয়ৰ হিচাপ দাখিল কৰা (Budjeting)।

Leave a Comment

Your email address will not be published. Required fields are marked *

Scroll to Top