Public Policy in India Unit 2 ৰাজ্য আৰু লোক নীতি

Public Policy in India Unit 2 ৰাজ্য আৰু লোক নীতি, College and University Answer Bank for BA, B.com, B.sc, and Post Graduate Notes and Guide Available here, Public Policy in India Unit 2 ৰাজ্য আৰু লোক নীতি Solutions to each Unit are provided in the list of UG-CBCS Central University & State University Syllabus so that you can easily browse through different College and University Guide and Notes here. Public Policy in India Unit 2 ৰাজ্য আৰু লোক নীতি Question Answer can be of great value to excel in the examination.

Public Policy in India Unit 2 ৰাজ্য আৰু লোক নীতি

Join Telegram channel

Public Policy in India Unit 2 ৰাজ্য আৰু লোক নীতি Notes cover all the exercise questions in UGC Syllabus. The Public Policy in India Unit 2 ৰাজ্য আৰু লোক নীতি provided here ensures a smooth and easy understanding of all the concepts. Understand the concepts behind every Unit and score well in the board exams.

৫০। Maslow ৰ “Need Hierarchy” (প্রয়োজনৰ পদানুক্রম) তত্ত্বটো ব্যাখ্যা কৰা।

উত্তৰঃ ‘Hierarchy of Need’ ধাৰণাটো পোনপ্ৰথমে মানৱতাবাদী মনোবিজ্ঞানী Abraham Maslow ই ১৯৪৩ চনত আগবঢ়াইছিল। তেওঁৰ ‘Psychological Review প্ৰকাশ পোৱা ‘ A Theory of Human Motivation’ত এই সম্পৰ্কে আলোচনা কৰিছে। পৰৱৰ্তী সময়ত তেওঁ মানুহৰ আচৰণ অধ্যয়ন কৰি এই ধাৰণাটোৰ পৰিসৰ বৃদ্ধি কৰিছিল।

এই তত্ত্বটোৱে সমান্তৰালভাৱে আন মনোবৈজ্ঞানিক বিকাশৰ বিষয়েও ব্যাখ্যা আগবঢ়ায়। ইয়াত মানুহৰ বিকাশত সহায় কৰা বিভিন্ন স্তৰসমূহৰ ওপৰতো গুৰুত্ব দিছে। এই তত্ত্বটোত Maslow এ কিছুমান শব্দৰ প্ৰয়োগ কৰিছিল যেনে-আত্ম-নিয়ন্ত্রণ, আত্ম-প্রবৃত্ত কৰা নিৰাপত্তা, মানসিক প্রয়োজন আদি।

এই তত্ত্বটোৱে মানুহৰ ব্যক্তিত্বৰ জৈৱিক আৰু মানৱিক দিশকো অন্তর্ভুক্ত কৰিছে। Maslow তত্ত্ব আৰু জৈৱিক উপাদানৰ সংযোগে মানৱিক তত্ত্বৰ আৰু ব্যক্তিত্বৰ জৈৱিক দিশসমূহৰ ব্যাখ্যা কৰাত সহায় কৰে।

The Hierarchy (পদানুক্রম) : ১৯৫৪ চনত Maslow ৰ ‘Motivation and Personality’ কিতাপখনত এই তত্ত্বৰ ব্যাখ্যা আগবঢ়াইছে। এই তত্ত্বটো বিভিন্ন ক্ষেত্র যেনে– বিজ্ঞান, ব্যৱস্থাপনা, সমাজতত্ত্বৰ গৱেষণা আৰু মনোবিজ্ঞান আদিত জনপ্ৰিয় হৈছিল।

Maslow’sৰ Hierarchy of Need’ এটা পিৰামিড (Pyramid)ৰ সহায়ত দেখুওৱা হৈছে। য’ত মৌলিক প্রয়োজনীয়টো একেবাৰে তলত আৰু অতি প্ৰয়োজনীয়টো পিৰামিডৰ ওপৰত ৰখা হয়। এই তত্ত্বৰ মতে, Maslowই চাৰিটা প্ৰয়োজনৰ বিষয়ে উল্লেখ কৰিছে।

(ক) দৈনিক প্রয়োজন (Psychological Need)।

(খ) মর্যাদা বা সন্মান (Esteem)।

(গ) প্ৰেম বা মৰম (Love)।

(ঘ) অভাৱ (Deficiency Need)।

মানুহৰ মৌলিক প্ৰয়োজনীয়তাসমূহ পূৰণ কৰিবলৈ এই চাৰিওটাৰ আৱশ্যক। তদুপৰি এ তত্ত্বই পুনৰ কয় যে প্ৰাথমিক স্তৰৰ প্ৰয়োজনসমূহে মানুহৰ ব্যক্তিত্বক সবল কৰে।

Maslowৰ মূল ‘Need Hierarchy’ৰ পাঁচটা স্তৰৰ এটি আৰ্হি আছে।

তলত এই আৰ্হিটো ব্যাখ্যা কৰা হ’ল—

প্ৰথম স্তৰ : জৈৱিক আৰু দৈহিক প্ৰয়োজন (Biological and Physiological Needs বায়ু, পানী, খাদ্য, তাপ, বাসস্থান, নিদ্ৰা আৰু কাম।

দ্বিতীয় স্তৰ : নিৰাপত্তাৰ প্ৰয়োজন (Safety Needs)। 

ভয়ৰ পৰা মুক্তি, প্রাকৃতিক উপাদানৰ পৰা নিৰাপত্তা, নিয়ম-কানুন, সুৰক্ষা আৰু সুস্থিৰতা।

তৃতীয় স্তৰ : প্ৰেম (Love) প্ৰেম, বন্ধুত্ব, মৰম, বিশ্বাস আৰু গ্ৰাহ্যতা, ঘনিষ্ঠতা, আদান-প্রদান, কোনো বন্ধু বা কামৰ লগত জড়িত থকা আদি।

চতুর্থ স্তৰ : সম্মান বা মর্যাদা (Esteem) আত্মমর্যাদা, স্বাধীনতা, সাফল্য, গৌৰৱ, অৱস্থা, প্রভৃত্ব, আত্মসম্মান।

পঞ্চম স্তৰ : আত্ম সত্যকৰণ আত্মপূর্ণতা, ব্যক্তিগত বিকাশ আৰু নিজৰ সম্ভাৱনাক উপলব্ধি কৰা। কিন্তু ১৯৬০ চনৰ পৰা ১৯৭০ৰ ভিতৰত Maslowৰ এই পাঁচটা স্তৰৰ আৰ্হিক সংশোধন ক হয় আৰু ইয়াক আঠটা স্তৰৰ আৰ্হি কৰি গঢ়ি তোলা হয়। সেইসমূহ হ’ল—

প্ৰথম স্তৰ : জৈৱিক আৰু দৈহিক চাহিদা পানী, খাদ্য, বায়ু, তাপ, বাসস্থান, নিদ্ৰা আৰু কাম প্রবৃত্তি।

দ্বিতীয় স্তৰ : নিৰাপত্তা ভয়ৰ পৰা ৰক্ষা, প্রাকৃতিক তত্ত্বৰ পৰা নিৰাপত্তা, আইন-কানুন, সুৰক্ষা আৰু সুস্থিৰতা।

তৃতীয় স্তৰ : প্ৰেম আৰু বন্ধুত্ব প্রেম, বন্ধুত্ব, মৰম, বিশ্বাস আৰু গ্ৰহণ কৰা, ঘনিষ্ঠতা, আদান-প্রদান, বন্ধু আৰু কামৰ লগত সংযুক্ত হৈ থকা।

চতুর্থ স্তৰ : মর্যাদা আত্ম-মর্যাদা, স্বাধীনতা, আধিপত্য, প্রভুত্ব, সাফল্য, মান-সম্মান, পৰিস্থিতি, আত্ম-সম্মান।

পঞ্চম স্তৰ : জ্ঞান উদ্ভাৱন, আগ্রহ, বুজিব পৰা ক্ষমতা আৰু জ্ঞান, ভৱিষ্যতৰ জ্ঞান।

ষষ্ঠ স্তৰ : সৌন্দৰ্য্য সুন্দৰৰ সন্ধান, প্রশংসা।

সপ্তম স্তৰ : আত্ম সত্যকৰণ চহকী অভিজ্ঞতা, আত্মপূর্ণতা, ব্যক্তিগত সমভাৱনাক উপলব্ধি কৰা আৰু ব্যক্তিগত বিকাশৰ চেষ্টা। 

অষ্টম স্তৰ : শ্ৰেষ্ঠত্বৰ প্ৰয়োজন : আত্মসত্যৰণ লাভৰ বাবে আনৰ প্ৰতি সহায় আগবঢ়োৱা।

৫১। তিনিসেৰীয়া আৰ্হি বা প্রিজম আৰ্হি (Prismatic Model) ৰ প্ৰধান বৈশিষ্ট্য কেইটা কি কি?

উত্তৰঃ প্রিজম আৰ্হিৰ (Prismatic Model) প্রশাসন ব্যৱস্থাৰ তিনিটা প্রধান বৈশিষ্ট্য আছে। সেইকেইটা হ’ল–

(ক) বিভিন্নতা : প্রশাসনত বিভিন্নতা প্রিজম আৰ্হিৰ এক উল্লেখযোগ্য বৈশিষ্ট্য। পৰিৱৰ্তিত সমাজখনত গাঁৱলীয়া অঞ্চলৰ লগতে নগৰীয়া জীৱন-যাপন গঢ় লৈ উঠে। ফলত গাঁও আৰু নগৰীয়া দুয়োটা অঞ্চলৰ জনসাধাৰণৰ অভাৱ-অভিযোগ দূৰ কৰিবলৈ প্ৰশাসনে চেষ্টা চলায়। য’ত প্ৰশাসনে বিভিন্ন পদ্ধতি বা ব্যৱস্থা অবলম্বন কৰিব লাগে।

(খ) আনুষ্ঠানিকতা : এই প্রশাসন সাধাৰণতে আনুষ্ঠানিক নিয়মাৱলী অথবা সংবিধানৰ আধাৰত হয়। কিন্তু প্ৰকৃতাৰ্থত প্রশাসনিক কাম-কাজত জনসাধাৰণে ক্ষিপ্ৰতাৰে অংশগ্ৰহণৰ সুবিধা নাপায়। আৰু বহু সময়ত তেওঁলোকে প্রশাসনিক কার্য নিয়ন্ত্ৰণ কৰিবলৈ সক্ষম নহয়। গতিকে প্ৰশাসনৰ বাস্তৱ আৰু আদৰ্শৰ ক্ষেত্ৰত যথেষ্ট পার্থক্য দেখা যায়।

(গ) পুনৰাবৃত্তি : প্ৰশাসনত আনুষ্ঠানিক ৰীতি-নীতি বা সাংবিধানিক চতুৰ বান্ধোন থাকিলেহে প্ৰশাসনীয় আচৰণ ৰাজনৈতিক, সামাজিক, ধর্মীয় আদি বিভিন্ন কাৰকৰ দ্বাৰা প্ৰভাৱিত হয়। আধুনিক আদর্শক সমাজে আনুষ্ঠানিকভাবে স্বীকৃতি দিলেও পৰম্পৰাগত আদৰ্শ বা বীচি নীতিৰ প্ৰভাৱৰ পৰা সমাজখন মুক্ত নহয়। গতিকে এনে ৰীতি-নীতিৰে পুনৰাবৃত্তি ঘটি থাকে।

৫২। পাৰিবেশিক দৃষ্টিভংগীৰ ৰ তিনিটা ত্রুটি লিখা। 

উত্তৰঃ Riggsৰ পাৰিবেশিক দৃষ্টিভংগীৰ বিষয়ে বিভিন্ন সমালোচকে সমালোচনা কৰিছে।

(ক) সমালোচক সকলৰ মতে, Riggs এ পদার্থবিদ্যা, জীৱবিদ্যা আদি বিভিন্ন প্রাকৃতি বিজ্ঞানত ব্যৱহৃত শব্দৰ আধাৰত উন্নয়ণৰ ধাৰণাটো ব্যাখ্যা কৰিছে, কিন্তু Prisma, Ecolog আদি শব্দৰ প্ৰয়োগে বিষয়টোক আৰু অধিক জটিল কৰিছে।

(খ) Riggsৰ মতে সামাজিক পৰিৱেশে প্রশাসনিক আচৰণৰ ওপৰত প্ৰভাৱ পেলায় আৰু প্রশাসনে পৰিৱৰ্তিত সামাজিক পৰিৱেশৰ সৈতে নিজকে খাপ খুৱাই কাৰ্যক্ষম হৈ সমাজ আশা-আকাংক্ষা পূৰণ কৰে। কিন্তু সামাজিক পৰিৱৰ্তনত উন্নয়ন প্রশাসনেও (Development Administration) য়ে গুৰুত্বপূৰ্ণ ভূমিকা পালন কৰে এই বিষয়ে Riggsএ গুৰুত্ব দিয়া পৰিলক্ষিত নহয়।

(গ) Riggs এ উন্নয়নৰ ক্ষেত্ৰত তিনি ধৰণৰ সামাজিক আৰ্হিৰ বিষয়ে উল্লেখ কৰিছে কিন্তু সমালোচকসকলৰ মতে, তেনে আৰ্হি তেওঁৰ কিছুমান নিজস্ব ধাৰণাৰ ওপৰত প্ৰতিষ্ঠিত, এই ধৰণৰ আৰ্হি নিৰ্ণয় কৰাৰ কোনো সুনির্দিষ্ট মানদণ্ড নাই আৰু ই বিজ্ঞানসন্মত নহয়।

৫৩। অধিক্রমমূলক গাঁথনিৰ মূল বৈশিষ্ট্যসমূহ লিখা।

উত্তৰঃ অধিক্রম গাঁথনিৰ মূল বৈশিষ্ট্যসমূহ হ’ল—

(ক) এজন বিষয়াই অকল এজন ওপৰৱালাৰ পৰা আদেশ গ্রহণ কৰিব। অর্থাৎ এজন বিষয়াৰ ওপৰত বহুতো উচ্চপদস্থ বিষয়া থাকিলেও তেওঁক তেওঁৰ ঠিক ওপৰতে থকা বিষয়াইয়ে আদেশ দিব পাৰিব।

(খ) সেই বিষয়াজনক নিম্নপদস্থ কোনো বিষয়াই আদেশ প্রদান কৰিব নোৱাৰে।

(গ) অধিক্রমত থকা বিষয়াসকলে তলৰ পৰা ওপৰলৈ বা ওপৰৰ পৰা তললৈ একাদিক্ৰমেহে যোগাযোগ কৰিব পাৰিব।

(ঘ) এজন বিষয়াৰ ওপৰত যদি কিবা দায়িত্ব অর্পণ কৰা হয়, তেতিয়াহ’লে তেওঁক এই কামটো সম্পাদন কৰিবৰ বাবে কৰ্তৃত্বও দিয়া হ’ব। অর্থাৎ বিষয়াজনৰ দায়িত্ব আৰু কৰ্তব্যৰ মাজত ভাৰসাম্যতা থাকিব লাগিব।

৫৪। অধিক্রম নীতিৰ দোষ আৰু গুণ উল্লেখ কৰা।

উত্তৰঃ অধিক্রম নীতিৰ দোষ আৰু গুণসমূহ তলত উল্লেখ কৰা হ’ল—

গুণসমূহ :

(ক) এই ব্যবস্থাত নিম্ন পৰ্যায়ৰ পৰা উচ্চ পৰ্যায়লৈ ভালদৰে যোগাযোগ ৰক্ষা কৰিব পাৰি। 

(খ) প্রত্যেক কর্মীয়ে নিজৰ দায়িত্ব আৰু কৰ্তব্য সম্পর্কে সজাগ থাকে।

(গ) এই ব্যৱস্থাৰ ফলত ক্ষমতা বিকেন্দ্ৰীকৰণ কৰিব পাৰি।

(ঘ) প্ৰশাসনত এই ব্যৱস্থাৰ দ্বাৰা সমন্বয় স্থাপন আৰু সংহতি আনিব পাৰি।

(ঙ) এনে ব্যৱস্থাত বিষয়াসকলক ভালদৰে নিয়ন্ত্ৰণ কৰিব পাৰি।

দোষসমূহ :

(ক) এই ব্যৱস্থাৰ প্ৰধান দোষ হ’ল যে ইয়াত সিদ্ধান্ত গ্ৰহণ কৰোতে যথেষ্ট সময় লাগে। প্ৰশাসনৰ ব্যৱস্থা লেহেম গতিত চলে।

(খ) ইয়াত বিষয়াসকলৰ মাজত শ্রেণীগত ভাব থাকে। কিন্তু প্ৰশাসনৰ লক্ষ্য সাধনত এনে, মনোভাৱ থকা উচিত নহয়।

(গ) এনে ব্যবস্থাই জনসাধাৰণক ভালদৰে সেৱা কৰিব নোৱাৰে। 

(ঘ) এই নীতিয়ে প্রশাসন কাৰ্যক জটিল কৰি পেলায়।

৫৫। উন্নয়নৰ প্ৰশাসনত আমোলাতন্ত্ৰৰ ভূমিকা ব্যাখ্যা কৰা। 

উত্তৰঃ আধুনিক ৰাষ্ট্ৰৰ কৃতকার্যতা সম্পূর্ণভাৱে আমোলাতন্ত্ৰৰ ওপৰত নিৰ্ভৰশীল বুলি ক’ব পাৰি। চৰকাৰৰ ই অতি গুৰুত্বপূর্ণ অংগ। এল. ডি. হোৱাইটে আমোলাতন্ত্ৰক চৰকাৰৰ প্ৰাণ আখ্যা দিছে। আধুনিক গণতান্ত্ৰিক ৰাষ্ট্ৰসমূহে কল্যাণকামী ৰাষ্ট্ৰৰ ধাৰণা গ্ৰহণ কৰাত ৰাষ্ট্ৰ কাৰ্যৰ পৰিধি বিস্তৃত হৈ পৰে। তদুপৰি উন্নয়নশীল ৰাষ্ট্ৰ এখনে বিভিন্ন ধৰণৰ সমস্যাৰ সন্মুখীন হয়। এনে ৰাষ্ট্ৰৰ জনসাধাৰণ আকৌ অর্থনৈতিক দৰিদ্ৰতা, উদ্যোগিক আৰু অন্যান্য সামাজিক অনগ্ৰসৰতা আৰু পৰম্পৰাগত ৰীতি-নীতি আদি প্ৰত্যাহ্বানৰ দ্বাৰা জুৰুলা হৈ থাকে।

উন্নয়ন প্রশাসন সদায়েই পৰিৱৰ্তনমুখী আৰু উদ্দেশ্যমুখী। সামাজিক পৰিৱৰ্তন যাতে সদায়েই সংস্কাৰমুখী অথবা উদ্দেশ্যমুখী হৈ উন্নতিৰ পথত আগুৱাই যাব পাৰে তাৰ প্ৰতি আমোলাতন্ত্রই এক গুৰুত্বপূৰ্ণ ভূমিকা পালন কৰিব লাগে। সুপৰিকল্পিত আৰু সু-নির্দিষ্ট আঁচনিয়েহে উন্নয়নৰ পথ সুগম কৰি তুলিব পাৰে। এই প্ৰশাসনে সদায়েই প্ৰগতিশীলতাবাদ, সংস্কাৰ, আঁচনিযুক্ত ব্যৱস্থা, জনসাধাৰণৰ সমস্যাৰ সূক্ষ্ম আৰু শুদ্ধ বিশ্লেষণ আদিৰ প্ৰতি চোকা দৃষ্টি ৰাখিব লাগে।

এইখিনিতে উল্লেখ কৰিব পাৰি যে উন্নয়নে কেৱল অর্থনৈতিক উন্নতি সাধনকেই নুবুজায়, হ অর্থনৈতিক, সামাজিক আৰু সাংস্কৃতিক দিশো সামৰি লয়। গতিকে এখন ৰাষ্ট্ৰ বা সমাজৰ উন্নতি সাধন কৰিবলৈ যাওঁতে আমোলাতন্ত্ৰৰ কেইটামান দিশ যেনে— উদ্দেশ্য, কার্য, সময় নিৰূপণ, অর্থব্যয়, গঠন, আমোলাৰ দৃষ্টিভংগী, আচৰণ অতি গুৰুত্বপূৰ্ণ বুলি ক’ব পাৰি। “কেম্প, আৰ, হপ (Kemp. R. Hope)-এ স্পষ্টভাবেই কৈছে যে উন্নতি বস্তুৰে আৰম্ভ নহয়, ই আৰম্ভ হয় মানৱ আৰু তেওঁলোকৰ শিক্ষা, সংগঠন আৰু শৃংখলাবদ্ধতাৰেহে।

উন্নয়নশীল সমাজৰ আশা-আকাংক্ষা, অভাব-অভিযোগ, প্ৰয়োজনীয়তা আদিৰ সম্যক জ্ঞান আহৰণ কৰি দৃঢ়তাৰে সমাজখনক উন্নতিৰ পথত আগুৱাই নিয়াৰ বাবে আমোলাসকলেই নেতৃত্ব বহন কৰিব লাগিব। সেইবাবেই আমোলাসকলে তেওঁলোকৰ দৃষ্টিভংগী, আচৰণ, মূল্যবোধ আদিৰ পৰিৱৰ্তন কৰিব পাৰিব লাগিব।

৫৬। সংগঠনৰ বৈজ্ঞানিক পৰিচালনা বা ব্যৱস্থাপনা তত্ত্ব সম্পর্কে আলোচনা কৰা।

উত্তৰঃ সংগঠনৰ এটা উল্লেখযোগ্য তত্ত্ব হ’ল বৈজ্ঞানিক পৰিচালনা তত্ত্ব। ঊনবিংশ শতিকাৰ শেষৰ ফালে প্ৰখ্যাত মার্কিন অভিযন্তা টেইলৰে (Frederick Winslow Taylor) পৰিচালনাৰ ক্ষেত্ৰত বৈজ্ঞানিক দৃষ্টিভংগীৰ প্ৰৱৰ্তন কৰে। তেওঁৰ মতে, ‘পৰিচালনা হ’ল এক ধৰণৰ বিজ্ঞান যি কিছুমান আইন, নিয়ম আৰু নীতিৰ ওপৰত প্ৰতিষ্ঠিত।’

এই তত্ত্বটোৰ বিকাশ কুৰি শতিকাৰ আৰম্ভণিতে ঘটে। সেই সময়ত বিভিন্ন কল-কাৰখানা আৰু উদ্যোগ-প্ৰতিষ্ঠানসমূহে কাৰ্য পৰিচালনাৰ ক্ষেত্ৰত সন্মুখীন হোৱা বিভিন্ন ধৰণৰ আসোঁৱাহ অন্ত পেলোৱাৰ উদ্দেশ্যে এই তত্ত্বৰ উদ্ভৱ হয়। পৰিচালক আৰু শ্ৰমিকৰ কাম আৰু চিন্তাধাৰাত বৈপ্লৱিক পৰিৱৰ্তন অনাই বৈজ্ঞানিক পৰিচালনাৰ মূল উদ্দেশ্য। পর্যবেক্ষণ, অনুসন্ধান, তথ্য বিশ্লেষণ আৰু গৱেষণাৰ মাধ্যমত ব্যৱসায়ৰ সামগ্রিক অৱস্থা পর্যালোচনা কৰি সঠিক সিদ্ধান্ত গ্ৰহণ কৰা হয়। ইয়াৰ বাবে বৈজ্ঞানিক পৰিচালনাত দুই ধৰণৰ পদ্ধতি অৱলম্বন কৰা হয়। প্রথমতে, বৈজ্ঞানক ভিত্তিত সময় আৰু গতি সমীক্ষা কৰি প্ৰত্যেকটো কামৰ বাবে একোটা সৰ্বোত্তম কর্মপদ্ধতি যুগুত কৰা। দ্বিতীয়তে, মানৱিক আৰু অ-মানৱিক সম্পদৰ সঠিক ব্যৱহাৰৰ ওপৰত গুৰুত্ব আৰোপ কৰা।

বৈজ্ঞানিক পৰিচালনাৰ উদ্দেশ্য হ’ল শ্ৰমিক আৰু মালিকৰ মাজত পাৰস্পৰিক সহযোগিতা বৃদ্ধি আৰু উভয়ৰ সৰ্বাধিক সমৃদ্ধিৰ সুযোগ প্ৰদান কৰা।

বৈজ্ঞানিক পৰিচালনাৰ নীতিসমূহ : 

(a) কাম আৰম্ভ কৰাৰ আগতে পৰিকল্পনা কৰা।

(b) বিজ্ঞানসন্মত পদ্ধতিসমূহ পৰিচালনাৰ ক্ষেত্ৰত প্ৰয়োগ কৰা।

(c) পৰ্যবেক্ষণ, অনুসন্ধান, তথ্য সংগ্ৰহ তথ্য বিশ্লেষণ আৰু গৱেষণা উৎপাদনৰ ক্ষেত্ৰত প্রয়োগ কৰা।

(d) পৰিকল্পনা ৰচনা আৰু ৰূপায়ণৰ বাবে পৃথক পৃথক গোটক দায়িত্ব দিয়া।

(e) পৰিকল্পনা ৰচনাৰ দায়িত্ব পৰিচালকে গ্ৰহণ কৰা। 

(f) কর্মীসকলক কাম নির্ধারণ, দক্ষতা আৰু আনুগত্য বৃদ্ধিৰ বাবে বৈজ্ঞানিক পদ্ধতিত নিয়োগ আৰু প্ৰশিক্ষণৰ ব্যৱস্থা কৰা।

(g) নির্দিষ্ট কামৰ বাবে সময়ৰ মাত্ৰা নিৰ্ধাৰণ কৰা।

(h) শ্রমিক আৰু মালিকৰ মাজত সুসম্পৰ্ক স্থাপন কৰা।

(i) সমৰূপতা আৰু আদেশৰ ঐক্য নিয়ন্ত্ৰণ আৰু নিৰ্দেশনাৰ কেন্দ্ৰীকৰণ।

(j) শ্রমিকসকলক কামত উৎসাহিত কৰিব পৰা ধৰণৰ মজুৰি প্ৰদান কৰা।

(k) সময়ৰ আৰু শ্ৰমৰ অপচয় ৰোধ কৰাৰ বাবে সময়, গতি আৰু অৱসাদ সমীক্ষাৰ ব্যৱস্থা প্ৰদান কৰা।

(l) প্রত্যেকটো কাম সমাধা কৰাৰ বাবে সর্বোত্তম পন্থা নিৰ্ধাৰণ কৰা।

(m) কার্যভিত্তিক কর্ম-নায়কত্ব ব্যবস্থা (functional foremanship) প্ৰৱৰ্তন কৰি কৰ্তৃত্বৰ সম্পর্ক স্থাপন কৰা

(n) ব্যক্তি হিচাপে কাৰ্য সম্পাদনৰ পৰিবৰ্তে গোট হিচাপে ঐক্যবদ্ধভাৱে কাৰ্য সম্পাদনৰ ওপৰত গুৰুত্ব দিয়া উচিত।

বৈজ্ঞানিক পৰিচালনাৰ দিশসমূহ : মানবীয় আৰু অ-মানৱীয় এই দুটা দিশক এই তত্ত্বই সামৰি লৈছে। 

মানৱীয় দিশসমূহ:

(a) শ্রমিক নির্বাচন : উপযুক্ত কামৰ বাবে উপযুক্ত শ্রমিক নিৰ্বাচনৰ ওপৰত উৎপাদনৰ দক্ষতা বহুতো পৰিমাণে নিৰ্ভৰ কৰে। সেয়ে কামৰ প্ৰকৃতি আৰু বৈশিষ্ট্য অনুসৰি কৰ্মী বাছনি কৰিব লাগে।

(b) প্রশিক্ষণ : যোগ্য কৰ্মীক নিযুক্তিৰ পাছত তেওঁলোকৰ কৰ্মদক্ষতা বৃদ্ধিৰ বাবে উপযুক্ত প্ৰশিক্ষণৰ ব্যৱস্থা কৰা।

(c) সময় সমীক্ষা : সময়ৰ অপচয় ৰোধ কৰাৰ বাবে নিৰ্দিষ্ট কামৰ বাবে নির্দিষ্ট সময় নিৰ্ধাৰণ কৰি দিব লাগে।

(d) গতি পৰীক্ষা : সময় আৰু প্ৰমৰ অপচয় ৰোধ কৰিবৰ বাবে এটা কাম কৰোতে এজন শ্ৰমিকৰ কি পৰিমাণৰ অংগ সঞ্চালন কৰিব লাগে, সেইটো নিৰ্ধাৰণ কৰি এটা নির্দিষ্ট প্রক্রিয়া উদ্ভাৱন কৰা হয় আৰু সকলো শ্রমিকক সেইটো অনুসৰণ কৰিবলৈ নিৰ্দেশ দিয়া হয়।

(e) ক্লান্তি পৰীক্ষা : শ্ৰমিকৰ ক্লান্তি হ্ৰাস কৰাৰ উদ্দেশ্যে কাৰ্যকালৰ মাজত সময়ে সময়ে কৰ্মবিৰতিৰ ব্যৱস্থা কৰিব লাগে।

(f) প্ৰেৰণামূলক মজুৰীৰ ব্যৱস্থা : শ্ৰমিকৰ মজুৰীৰ লগত তেওঁৰ কৰ্মদক্ষতাৰ জন্ম ওতঃপ্রোতভাৱে জড়িত। সেয়ে ন্যায় দিনৰ কামৰ বাবে ন্যার্য মজুৰী প্ৰদানৰ ব্যৱস্থা থাকিব লাগে। এই উদ্দেশ্যে বেইলৰে সময়ভিত্তিক আৰু কাৰ্যভিত্তিক মজুৰিৰ সংমিশ্ৰণত পাৰ্থক্যমূলক গোট মজুৰি হাৰৰ প্ৰৱৰ্তন কৰিছে।

(g) মালিক আৰু শ্ৰমিকৰ সহযোগিতা : যিকোনো ব্যৱসায়ৰ সাফল্যৰ বাবে মালিক আৰু শ্ৰমিকৰ সহযোগিতাৰ প্ৰয়োজন। শ্রমিকক মালিকৰ আদেশ পালনৰ যন্ত্ৰ হিচাপে ব্যৱহাৰ কৰিব নেলাগিব। মালিকে শ্ৰমিকৰ মতামতৰ যথাযোগ্য মর্যাদা দিব লাগিব।

অ-মানৱীয় দিশসমূহ:

(a) যন্ত্রপাতি :  বৈজ্ঞানিক পদ্ধতিত সর্বাধুনিক যন্ত্ৰৰ ব্যৱহাৰ বৈজ্ঞানিক পৰিচালনাৰ এটা দিশ। যন্ত্র-পাতি বিলাক বৈজ্ঞানিক পন্থাত ৰক্ষণা-বেক্ষণৰ ব্যৱস্থা কৰিব লাগিব।

(b) কেঁচামাল : উৎপাদনৰ বাবে কেঁচামাল অপৰিহাৰ্য। উৎপাদনৰ গতি অব্যাহত ৰখাৰ বাবে কেঁচামালৰ যোগান সুনিশ্চিত কৰা উচিত।

(c) কাৰখানাৰ পৰিবেশ : কাৰখানাৰ আভ্যন্তৰীণ পৰিবেশৰ ওপৰত শ্ৰমিকৰ দক্ষতা যথেষ্ট পৰিমাণে নিৰ্ভৰ কৰে। সেয়ে কাম কৰা পৰিবেশত পোহৰ, বতাহ চলাচল, তাপ, খোৱাৰ ব্যৱস্থা, পানীৰ ব্যৱস্থা, জিৰণিৰ ব্যৱস্থা যথেষ্ট আছে নে নাই ইয়াৰ প্ৰতি দৃষ্টি ৰাখিব লাগে।

(d) কার্যভিত্তিক কৰ্তব্য বণ্টন : পৰিচালনাৰ উন্নতিৰ বাবে টেইলৰে পুৰণি সৰলৰৈখিক (Line Authority) কৰ্তৃত্বৰ পৰিবৰ্তে কৰ্মভিত্তিক নেতৃত্বৰ প্ৰৱৰ্তন কৰিছে। প্ৰত্যেক ব্যক্তিৰ ওপৰত বিশেষ দায়িত্ব অর্পণ কৰাত কাৰো পক্ষে দায়িত্ব পৰিহাৰ কৰাৰ সম্ভৱ নহয়।

(e) কেন্দ্ৰীয় পৰিকল্পনা : বিভিন্ন বিভাগৰ মাজত সমন্বয় সাধনৰ উদ্দেশ্যে প্রত্যেক শিল্প প্ৰতিষ্ঠানৰ এটা পৰিকল্পনা বিভাগ থাকে। পৰিকল্পনা বিভাগে উৎপাদন সংক্রান্ত সকলো পৰিকল্পনা প্রস্তুত কৰে আৰু ব্যৱসায়ীক প্ৰতিষ্ঠানৰ সকলো বিভাগে কেন্দ্ৰীয় পৰিকল্পনা অনুসৰি কাম কৰে।

সুবিধাসমূহ:

(a) বৈজ্ঞানিক ব্যৱস্থাপনা সঠিকভাৱে কাৰ্যকৰি হ’লে শ্ৰমিক আৰু শিল্প প্ৰতিষ্ঠানৰ দক্ষতা বৃদ্ধি পাব।

(b) সময় আৰু গতি সমীক্ষাৰ মাধ্যমত শ্ৰম আৰু সময়ৰ অপচয় ৰোধ কৰিব পৰা যায়।

(c) অৱসাদ সমীক্ষাৰ মাধ্যমত শ্রমিকৰ ক্লান্তি হ্ৰাস কৰি দক্ষতা বৃদ্ধি কৰিব পৰা যায়। 

(d) প্ৰেৰণামূলক মজুৰি ব্যৱস্থা প্ৰৱৰ্তন কৰা হ’লে উৎপাদনৰ পৰিমাণ বৃদ্ধিৰ লগতে শ্ৰমিকৰ জীৱন-ধাৰণৰ মানদণ্ডও বৃদ্ধি পাব।

(e) শ্ৰমিক আৰু মালিকৰ মাজত সহযোগিতা বৃদ্ধিৰ সুযোগ থাকিলে উৎপাদন নিবিচ্ছিন্নভাৱে বৃদ্ধি হোৱাৰ সম্ভাবনা থাকে।

(f) গৱেষণা আৰু সতর্ক পর্যবেক্ষণৰ ফলত ব্যয় হ্রাস পাব।

সমালোচনা : পৰিচালনাৰ ক্ষেত্ৰত এটা নতুন ভাৱধাৰাৰ সৃষ্টি কৰিলে এই তত্বক বিভিন্ন দৃষ্টিকোণৰ পৰা সমালোচনা কৰা হৈছে। 

(a) এনে বৈজ্ঞানিক পদ্ধতি যথেষ্ট ব্যয়বহুল হোৱাৰ বাবে ইয়াৰ সুবিধা প্ৰধানকৈ বৃহৎ উদ্যোগসমূহে গ্ৰহণ কৰিব পাৰে।

(b) সঘনে উৎপাদন প্রক্রিয়াক সলনি কৰাৰ বাবে উৎপাদন ব্যয় বৃদ্ধি হোৱাৰ সম্ভাৱনা থাকে।

(c) বৈজ্ঞানিক ব্যৱস্থাপনাৰ পৰিকল্পনা আয়োগ গঠন কৰি বিশেষজ্ঞক নিযুক্তি দিয়াৰ ব্যৱস্থা কৰা হৈছে। এনে প্ৰক্ৰিয়াই ব্যৱসায়ৰ স্থিৰ বায় (Fixed cost) বৃদ্ধি কৰিব।

(d) এই তত্ত্বই ব্যৱসায়ৰ লগত জড়িত কেইটামান বিষয় যেনে— বিক্ৰী পৰিচালনা, অর্থ সংগ্ৰহ আদি বিষয়ে আলোচনা কৰা নাই।

(e) কার্যভিত্তিক কর্মনায়কত্বৰ ব্যৱস্থা যতেই প্ৰৱৰ্তন কৰা হৈছিল তাতেই চৰম বিশৃংখলাই দেখা দিছিল।

(f) বৈজ্ঞানিক পৰিচালনা তত্ত্বত বিশেষীকৰণৰ সীমাক উপেক্ষা কৰা হৈছে। কামত বৈচিত্ৰ্যৰ অভাৱ হয় আৰু ইয়াৰ পৰিণামস্বৰূপে কৰ্মদক্ষতা বৃদ্ধিৰ পৰিবৰ্তে ই হ্ৰাস পায়।

(g) বৈজ্ঞানিক পৰিচালনা তত্ত্বত শ্ৰমিকৰ কল্যাণৰ বিষয়ে ঘোষণা কৰা হৈছে। কিন্তু এই ব্যৱস্থাত কামৰ গতিবেগ (speed) বৃদ্ধি হোৱাত শ্ৰমিকৰ দেহ আৰু মনৰ ওপৰত বিশেষ চাপ পৰে।

মুল্যায়ন : টেইলৰৰ বৈজ্ঞানিক পৰিচালনা তত্ত্বৰ কিছুমান দোষ থাকিলেও এই তত্ত্বটো কেবল ব্যবসায়ৰ ক্ষেত্ৰত নহয়। চৰকাৰী প্ৰশাসনতো প্ৰয়োগ কৰা হৈছে। লোক প্ৰশাসনৰ কর্মপন্থাৰ অনুসৰণ, সুসম্বদ্ধ প্ৰণালীৰ বিশ্লেষণ বা মানৱিক সম্পর্কৰ দৰে গুৰুত্বপূর্ণ বিষয়বিলাকৰ । প্রতি মনযোগ দিয়া হৈছে আৰু এনে বিষয়সমূহৰ ওপৰত টেইলৰে ইতিমধ্যে সুসংবদ্ধভাৱে আলোচনা কৰিছে।

৫৭। স্থানীয় প্ৰশাসনৰ পদ্ধতিটো চিত্ৰৰ সহায়ত বিশ্লেষণ কৰা।

উত্তৰঃ স্থানীয় সমস্যাসমূহ সমাধান কৰা আৰু স্থানীয় সেবা যেনে– পানী যোগান, স্বাস্থ্য ৰক্ষণ, আলি-পদুলিৰ মেৰামতি, পোহৰ যোগান আদি আগবঢ়োৱাই হ’ল স্থানীয় স্বায়ত্ত শাসিত অনুষ্ঠানৰ মূল কৰ্তব্য। এটা স্থানীয় এলেকাৰ জনসাধাৰণৰ বিভিন্ন সমস্যা, অভাৱ-অভিযোগ আদি জনসাধাৰণে দাবীৰ আকাৰত স্থানীয় শাসিত কৰ্তৃপক্ষৰ আগত দাঙি ধৰে। জনসাধাৰণৰ এই অভাৱ-অভিযোগ, সমস্যা আদি পোনে পোনে স্থানীয় চৰকাৰৰ প্ৰক্ৰিয়াত সোমাব নোৱাৰে। সংগঠিত বিভিন্ন সামাজিক অনুষ্ঠান-প্ৰতিষ্ঠান বা সংস্থা, সংঘ আদিৰ মাধ্যমেৰে দাবীৰ আকাৰত স্থানীয় চৰকাৰী প্ৰক্ৰিয়াত প্ৰৱেশ কৰে। চৰকাৰী প্ৰক্ৰিয়াত এই দাবীসমূহৰ ওপৰত সিদ্ধান্ত লোৱা হয় আৰু জনসাধাৰণৰ প্ৰতি সেৱা আগবঢ়োৱা হয়। এইদৰে স্থানীয় চৰকাৰী প্ৰক্ৰিয়াৰ মাধ্যমেৰে সিদ্ধান্ত গ্ৰহণ কৰি স্থানীয় এলেকাৰ বিভিন্ন সেৱাৰ জৰিয়তে উন্নতি সাধন কৰা হয়। ওপৰত বাশোৱা পদ্ধতিটো অন্তবিহীনভাৱে চলি থাকে। অর্থাৎ সদায় জনসাধাৰণৰ অভাৱ-অভিযোগবোৰ পূৰোৱা হয় আৰু নতুন নতুন দাবী উত্থাপিত হৈ স্থানীয় চৰকাৰৰ প্ৰক্ৰিয়ালৈ প্ৰেৰণ কৰা হৈ থাকে। এই পদ্ধতিটো এটা চিত্ৰৰ সহায়ত তলত দিয়া ধৰণে ব্যৱহাৰ কৰিব পাৰি।

ওপৰৰ আলোচনাৰ পৰা দেখা যায় যে স্থানীয় বাসিন্দাসকলে তেওঁলোকৰ অভিযোগ- আপত্তিসমূহ স্থানীয় চৰকাৰৰ জৰিয়তে সমাধা কৰি ল’ব পাৰে; আৰু এই ক্ষেত্ৰত স্থানীয় চৰকাৰৰ প্ৰক্ৰিয়া যন্ত্ৰই স্থানীয় সমস্যাবোৰ বা ৰাইজৰ অভাৱ-অভিযোগ অতি সহজে সমাধা কৰিব পাৰে।

গতিকে ক’ব পাৰি যে স্থানীয় সমস্যাসমূহ চোৱা-চিতা কৰাৰ বাবে ৰাজ্যচৰকাৰে ইয়াৰ এক অংগ হিচাপে গঠন কৰা এখন চৰকাৰ। এই চৰকাৰৰ কৰ্তৃপক্ষই ৰাজ্য চৰকাৰৰ অধীনত কাম- কাজ চলায় যদিও ৰাজ্যিক চৰকাৰৰ কৰ্তৃপক্ষক নিৰ্বাচিত কৰা ভোটদাতাসকলৰ দ্বাৰাই এওঁলোক নির্বাচিত হয়। অসমত ভাৰতবৰ্ষৰ আন ৰাজ্যবিলাকৰ দৰে গ্ৰাম্য অঞ্চলত গাঁও পঞ্চায়ত, উন্নয়ন খণ্ড পৰ্যায়ত মধ্যবর্তী স্তৰৰ পঞ্চায়ত (অসমত আঞ্চলিক পঞ্চায়ত), জিলা পৰ্যায়ত জিলা পৰিষদ আৰু চহৰ অঞ্চলত পৌৰসভা আৰু পৌৰ নিগম গঠনৰ ব্যৱস্থা কৰা হৈছে।

৫৮। বলবন্ত ৰায় মেহেতা কমিটি আৰু অশোক মেহেতা কমিটি ৰিপোৰ্টৰ মাজত পাৰ্থক্য বৰ্ণনা কৰা। 

উত্তৰঃ বলবন্ত ৰায় মেহেতা কমিটি আৰু অশোক মেহেতা কমিটি ৰিপোৰ্টৰ মাজত পাৰ্থক্য হ’ল—

বলবস্তু ৰায় মেহেতা কমিটি : জিলা পৰিষদখন জিলা ভিত্তিত গঠন কৰা হ’ব। জিলা পৰিষদখন পঞ্চায়ত সমিতিৰ সভাপতি সকল, সমিতিৰ এলেকাক প্ৰতিনিধিত্ব কৰা বিধান সভা আৰু সংসদ সদস্য সকল আৰু জিলাৰ উচ্চ পদস্থ বিষয়াসকলক লৈ গঠিত হ’ব লাগে। জিলা সমাহতাজনেই জিলা পৰিষদৰ সভাপতি হ’ব লাগে। জিলা পৰিষদখনে উপদেষ্টা বোৰ্ডৰ ভূমিকা পালন কৰিব লাগে। উপদেষ্টা বোর্ড হিচাপে জিলা পৰিষদে পৰিকল্পনা প্ৰস্তুতকৰণৰ লগতে পঞ্চায়ত সমিতিবোৰৰ মাজত সমন্বয়ৰক্ষকৰ ভূমিকা পালন কৰিব লাগে। কৰ সংগ্ৰহ আৰু কৰ নিৰ্ধাৰণৰ ক্ষেত্ৰত জিলা পৰিষদৰ কোনো ধৰণৰ ক্ষমতা থাকিব নালাগে। 

মেহতা সমিতিয়ে জিলা পৰিষদক নিজৰ অধিকাৰ ক্ষেত্ৰৰ ভিতৰত থাকি পঞ্চায়ত সমিতিৰ বাজেট পৰীক্ষা আৰু অনুমোদন কৰা, পঞ্চায়ত সমিতিবোৰৰ মাজত সাহায্য দিয়া, পঞ্চায়ত সমিতিৰ কিছুমান বিশেষ উদ্‌গনিমূলক সাহায্যৰ বাবে চৰকাৰলৈ বিবেচনাৰ বাবে প্ৰেৰণ, পঞ্চায়ত সমিতিৰ কাৰ্যৰ পৰিদৰ্শন আৰু কৰ্মচাৰীসকলৰ শৃংখলা ৰক্ষা কৰা আদি কাম সম্পাদন কৰাৰ পৰামৰ্শ আগবঢ়াইছে। জিলা পৰিষদ কাৰ্যবাহী গোট নহয়। ই বিভিন্ন সমিতিৰ মাজত বিভিন্ন কাৰ্যৰ দ্বাৰা সমন্বয় সাধন কৰে। সেয়েহে ইয়াক পঞ্চায়ত সমিতি আৰু চৰকাৰৰ মাজৰ যোগাযোগৰ মাধ্যম বুলি ক’ব পাৰি।

অশোক মেহেতা কমিটি : জিলা পৰিষদ হ’ল স্থানীয় প্ৰশাসনৰ শীৰ্ষস্তৰৰ সংগঠন। এই জিলা পৰিষদ পঞ্চায়তৰ সভাপতিসকল, বৃহৎ পৌৰ নিগমৰ মনোনীত সদস্যসকল, সীমামূৰীয়া, নির্বাচনী ৱাৰ্ডৰ লগতে জিলা কো-অপাৰেটিভ ফেডাৰেচন, দুগৰাকী মহিলা, এজন গ্রামোন্নয়নত বিশেষ জ্ঞান থকা ব্যক্তি আৰু এজন শিক্ষকতাৰ বৃত্তিৰ লগত জড়িত থকা লোকক লোৱা হ’ব।

অনুসূচীত জাতি আৰু অনুসূচীত জনজাতিৰ জন সংখ্যাৰ অনুপাতে তেওঁলোকৰ বাবে আসন সংৰক্ষণৰ ব্যৱস্থা কৰিব লাগে। জিলা পৰিষদ এলেকাৰ সকলো বিধান সভাৰ সদস্য সাংসদ ইয়াৰ পদে সদস্য হ’ব লাগে। সদস্যসকলৰ মাজৰ পৰা এজন সভাপতি নির্বাচন কৰি ল’ব লাগে।

(ক) মণ্ডল পঞ্চায়ত আৰু জিলা পৰিষদ উভয়ৰে কাৰ্যকাল ৪ বছৰীয়া হ’ব লাগে বুলি। সমিতিয়ে পৰামৰ্শ আগবঢ়াইছিল। 

(খ) অশোক মেহতা সমিতিয়ে অঞ্চল পঞ্চায়ত আৰু জিলা পৰিষদ উভয় পৰ্যায়তে সমিতি গঠনৰ ব্যৱস্থাক উৎসাহিত কৰিছিল।

(গ) পঞ্চায়তীৰাজ অনুষ্ঠানবিলাকৰ নিৰ্বাচনত ৰাজনৈতিক দলবিলাকৰ সক্ৰিয় অংশ গ্ৰহণৰ হকে অশোক মেহতা সমিতিয়ে পৰামৰ্শ আগবঢ়াইছিল।

(ঘ) পঞ্চায়তীৰাজ অনুষ্ঠানবিলাকৰ স্বতন্ত্রতা ৰক্ষাৰ লগতে ইয়াৰ নিৰ্বাচন সুচাৰুৰূপে আৰু সময়মতে অনুষ্ঠিত কৰিবৰ বাবে সমিতিয়ে ৰাজ্যিক নির্বাচনী আয়োগৰ দ্বাৰা পঞ্চায়তীৰাজ অনুষ্ঠান বিলাকৰ নিৰ্বাচন অনুষ্ঠিত কৰাৰ পোষকতা কৰিছিল।

৫৯। ৭৩ তম্ সংবিধান সংশোধন আইনৰ চাৰিটা বৈশিষ্ট্য উল্লেখ কৰা।

উত্তৰঃ ৭৩ তম সংবিধান সংশোধন আইনৰ চাৰিটা বৈশিষ্ট্য তলত উল্লেখ কৰা হ’ল—

(ক) গাঁও সভা : ৭৩ তম সংবিধান সংশোধনী আইনখনে পঞ্চায়তীৰাজ ব্যৱস্থাৰ ভেটি হিচাপে গাঁও সভা গঠনৰ পোষকতা কৰিছে। গাঁও সভা হ’ল গাঁও পঞ্চায়ত এলেকাৰ ভোটাৰ তালিকাত পঞ্জীভুক্ত হোৱা ভোটাৰ ৰাইজৰ গ্ৰাম্য সংসদ। গাঁৱৰ ভিতৰত প্ৰায় সকলোবিলাক বিষয়ৰ ওপৰত গাঁও সভাই ক্ষমতা প্রয়োগ কৰিব পাৰে। সংশ্লিষ্ট ৰাজ্য চৰকাৰসমূহে আইন। প্ৰণয়ন কৰি নিজ নিজ ৰাজ্যত এনে গাঁও সভা বিলাকৰ ক্ষমতা আৰু দায়িত্ব তথা কর্তব নিৰ্ধাৰণ কৰি দিব।

(খ) পঞ্চায়তৰ সাংবিধানিক মর্যদা : ৭৩ তম সংবিধান সংশোধনী আইনে সংবিধানৰ নৱম অনুচ্ছেদৰ অধীনত গঠিত পঞ্চায়তীৰাজ অনুষ্ঠানসমূহক স্থানীয় স্ব-প্ৰশাসনৰ সংগঠন হিচাপে সাংবিধানিক মর্যাদা প্ৰদান কৰিছে। এই সংশোধনীৰ জৰিয়তে স্থানীয় স্বায়ত্ব শাসন ব্যৱস্থাই কেন্দ্ৰীয় চৰকাৰ আৰু ৰাজ্য চৰকাৰৰ পিছতেই প্ৰশাসনৰ তৃতীয় স্তৰৰ মৰ্যদা লাভ কৰিছে। এই সাংবিধানিক স্বীকৃতিয়ে পঞ্চায়তীৰাজ ব্যৱস্থাক এক দায়বদ্ধশীল অনুষ্ঠানৰূপে পৰিগণিত কৰিছে।

(গ) পঞ্চায়তৰ এলেকা : দেশৰ কেইখনমান ৰাজ্য আৰু বছা বছা অঞ্চলৰ বাহিৰে (সংবিধানৰ ২৪৪ (১) আৰু ২৪৪ (২) নং অনুচ্ছেদত উল্লেখ কৰা জনজাতীয় অঞ্চল, নাগালেণ্ড, মেঘালয় আৰু মিজোৰাম ৰাজ্য , জিলা পৰিষদ মণিপুৰৰ পাৰ্বত্য এলেকা আৰু পার্বত্য পৰিষদ থকা দাৰ্জিলিঙৰ গোর্খাহিলৰ ক্ষেত্ৰত ৭৩ তম সংবিধান সংশোধনী অধিনিয়ম, ১৯২২ বলবৎ নহ’ব) ২০ লাখৰ অধিক জনসংখ্যাক লৈ গঠিত ৰাজ্যসমূহত গাঁও অঞ্চল আৰু জিলা স্তৰত তিনিতৰপীয়া পঞ্চায়ত ক্রমে গাঁও পঞ্চায়ত, পঞ্চায়ত সমিতি (অসমৰ ক্ষেত্ৰত আঞ্চলিক পঞ্চায়ত আৰু জিলা পৰিষদ গঠন কৰাটো বাধ্যতামূলক কৰিছে। আনহাতে ২০ লাখতকৈ কম জনসংখ্যা থকা ৰাজ্যসমূহে আঞ্চলিক বা মধ্যবর্তী স্তৰত পঞ্চায়ত গঠন নকৰাকৈয়ে গাঁও আৰু জিলা পৰ্যায়ত দুই তৰপীয়া পঞ্চায়ত গঠন কৰিব পাৰিব। আইনখনে তলত দিয়া ধৰণে এইবোৰৰ ব্যৱস্থা কৰিছে—

(১) ‘পঞ্চায়ত’ মানে গাঁও এলেকাৰ বাবে স্ব-শাসনৰ এক অনুষ্ঠান।

(২) ‘গাঁও’ মানে ৰাজ্যপালে দিয়া ৰাজহুৱা জাননীৰ জৰিয়তে এই উদ্দেশ্যৰ বাবে স্বীকৃতি দিয়া এখন গাঁও বা গাঁৱৰ সমষ্টি।

(৩) ‘মধ্যবর্তী পর্যায়’ মানে জিলা আৰু গাঁও পৰ্যায়ৰ মাজৰ এক স্তৰ যাক ৰাজ্যপালে ৰাজহুৱা জাননীৰ জৰিয়তে নির্দিষ্ট কৰি দিয়ে। 

(৪) ‘জিলা’ মানে এখন ৰাজ্যৰ পঞ্চায়তীৰাজৰ বাবে দিহা কৰা সুনিৰ্দিষ্ট জিলা।

(ঘ) পঞ্চায়তৰ সদস্য আৰু অধ্যক্ষৰ নিৰ্বাচন : সংবিধানৰ ৭৩ তম সংশোধনী আইন অনুসৰি পঞ্চায়তৰ প্ৰতিটো খলপতে সদস্য-সদস্যাসকলক ৰাজ্য চৰকাৰৰ দ্বাৰা নিৰ্ধাৰিত কৰি দিয়া সংশ্লিষ্ট সমষ্টিৰ ভোটাৰ সকলৰ দ্বাৰা পোনপটীয়াভাৱে নিৰ্বাচিত কৰাৰ ব্যৱস্থা কৰা হৈছে। পঞ্চায়ত সমিতি আৰু জিলা পৰিষদৰ প্ৰত্যক্ষভাৱে নিৰ্বাচিত সদস্য-সদস্যাসকলে তেওঁলোকৰ মাজৰ পৰা পঞ্চায়ত সমিতি আৰু জিলা পৰিষদৰ সভাপতি বা সভানেত্রীক নির্বাচিত কৰিব। গাঁও পঞ্চায়তৰ সভাপতিজনক পঞ্চায়তৰ এলেকাৰ ভোটাৰসকলে প্ৰত্যক্ষভাৱে ভেটি দি নির্বাচন কৰিব।

৬০। স্থানীয় স্বায়ত্ব শাসন ব্যৱস্থাই দেশৰ জনসাধাৰণক ৰাজনৈতিক, প্রশাসনিক, তথা গণতান্ত্ৰিক শিক্ষা আহৰণ কৰাত কেনেকৈ সহায় কৰে আলোচনা কৰা।

উত্তৰঃ ভাৰতৰ সংসদ আৰু ৰাজ্য বিধানসভা বিলাকত এনে বহুতো সদস্য আছে যিবিলাকে স্থানীয় প্রশাসনত অংশগ্ৰহণৰ জৰিয়তে অভিজ্ঞতাপুষ্ট হৈ নিজৰ কৰ্তব্য পালনত সফলতা অৰ্জন কৰিবলৈ সক্ষম হৈছে।

দ্বিতীয়তে, ক’ব পৰা যায় যে এখন গণতান্ত্রিক দেশৰ প্ৰশাসনীয় কাম-কাজ দক্ষতাৰে পৰিচালনা কৰিবলৈ যেনেকৈ কিছুমান সুদক্ষ প্রশাসকৰ প্রয়োজন ঠিক তেনেকৈ এই দেশৰ জনসাধাৰণৰ ৰাজনৈতিক চেতনাবোধৰো অতি প্রয়োজন। উল্লেখযোগ্য যে স্থানীয় স্বায়ত্ব শাসন ব্যবস্থাই দুয়ো পক্ষকে এনে গুণৰ অধিকাৰী কৰি তোলাত সহায় কৰিছে। এই ফালৰ পৰা চাবলৈ গলে স্থানীয় স্বায়ত্ব শাসন ব্যৱস্থাক ৰাজনৈতিক শিক্ষা প্ৰদানৰ কেন্দ্ৰস্থল বুলি ক’ব পাৰি।

তৃতীয়তে, ক’ব পাৰি যে স্থানীয় স্বায়ত্ব শাসন গণতন্ত্ৰৰ বুনিয়াদ বা ভেটি। কাৰণ, এখন গণতান্ত্রিক ৰাষ্ট্ৰৰ ভেটি সুদৃঢ়ভাৱে গঢ়ি তুলিবলৈ হ’লে স্থানীয় প্রশাসন ব্যৱস্থাক সুদৃঢ়ভাবে গঢ়ি তুলিবই লাগিব। এক সুস্থ, সবল আৰু দক্ষতাপূৰ্ণ স্থানীয় চৰকাৰৰ অবিহনে গণতান্ত্ৰিক ৰাষ্ট্ৰ জোট কেতিয়াও সুদৃঢ়ভাবে গঢ়ি উঠিব নোৱাৰে। এই ফালৰপৰা চাবলৈ গ’লে আমি গণতন্ত্রক পূর্ণাঙ্গ মানৱ দেহৰ লগত তুলনা কৰিব পাৰো আৰু স্থানীয় অনুষ্ঠানবিলাক মানব দেহৰ শিশু বুলি ক’ব পাৰো।

চতুর্থতে, স্থানীয় স্বায়ত্ত শাসন ব্যৱস্থাক আমি গণতন্ত্ৰৰ কঠিয়াতলি বুলি ক’লে ভুল নহ’ব। কাৰণ এই শাসন ব্যৱস্থাৰ যোগেদিয়েই গণতন্ত্ৰৰ সাফল্যৰ বাবে উপযুক্ত নাগৰিক গঢ়ি তোলা হয়।

পঞ্চমতে, ক’বলৈ গ’লে গণতন্ত্র আৰু স্থানীয় শাসন একেটা মুদ্ৰাৰে ইপিঠি সিপিঠিৰ নিচিনা। কাৰণ, এটাৰ লগত আনটোৰ সম্বন্ধ অতি ওচৰ। অৰ্থাৎ দুয়োটাই সদায় সমান্তৰালভাৱে গতি কৰে বুলি ক’ব পাৰি।

ষষ্ঠতে, স্থানীয় শাসন ব্যৱস্থাই জনসাধাৰণৰ চেতনাবোধ, দায়িত্ববোধ আৰু সজাগতা বৃদ্ধি কৰাত সদায় অগ্ৰণী ভূমিকা লৈ আহিছে। সেয়েছে, স্থানীয় প্রশাসন ব্যৱস্থাকে গণতন্ত্ৰৰ সাফল্যৰ মাপকাঠি বুলি কোৱা হয়। কাৰণ, এজন নিৰক্ষৰ গ্ৰামাঞ্চলৰ লোকৰ বাবে ৰাষ্ট্ৰীয় বা আন্তৰাষ্ট্ৰীয় সমস্যা সম্বন্ধে সহজে জানিব বা বুজিব পৰাতো সম্ভৱ নহয়। কিন্তু অন্যহাতেদি তেওঁ নিজৰ অঞ্চলটোৰ সমস্যা সম্বন্ধে অতি সহজে উপলব্ধি কৰিব পাৰে আৰু সেয়ে হ’লে তেওঁ নিজ অঞ্চলৰ সমস্যাবিলাক সমাধান কৰিবৰ বাবে আগ্ৰহ প্ৰকাশ কৰিব পাৰে। এইদৰে যেতিয়াই এজন লোকে নিজ অঞ্চলৰ সমস্যাৰ প্ৰতি সচেতন হৈ এইবিলাকৰ অৱশ্যে সমাধানৰ প্ৰতি আগ্ৰহ প্ৰকাশ কৰে তেতিয়াই তেওঁ ক্ৰমে ৰাজ্যিক ও ৰাষ্ট্ৰীয় সমস্যাবিলাকৰ সমাধানৰ প্ৰতিও আগ্রহান্বিত হৈ পৰিব বুলি আশা কৰিব পাৰি আৰু ইয়াতেই নিহিত হৈ আছে স্থানীয় স্বায়ত্ব শাসন ব্যৱস্থাৰ সাফল্য।

৬১। স্থানীয় স্বায়ত্ত্ব চৰকাৰৰ মূল বৈশিষ্ট্যসমূহ আলোচনা কৰা। 

উত্তৰঃ স্থানীয় স্বায়ত্ব চৰকাৰৰ মূল বৈশিষ্ট্যসমূহ হ’ল—

(ক) বৈধ সত্ত্বা : স্থানীয় শাসনৰ কর্তৃপক্ষবোৰৰ এক বৈধ সত্ত্বা আছে। আইনৰ দৃষ্টিত এই স্থানীয় স্বায়ত্ব শাসিত গোটবিলাকৰ সুকীয়া অস্তিত্ব আৰু ক্ষমতা আছে। স্থানীয় কর্তৃপক্ষই যুগুত কৰি লোৱা নীতি-নিয়মবোৰ ইয়াৰ নিজৰ এলেকাৰ ভিতৰত প্ৰযোজ্য হয়। ইয়াৰ কোনো সুকীয়া আইন প্ৰণয়নকাৰী কৰ্তৃপক্ষ নাই।

(খ) স্থানীয় সমস্যাৰ লগত জড়িত : স্থানীয় চৰকাৰ কেৱল স্থানীয় সমস্যাবিলাকৰ লগতহে জড়িত। স্থানীয় সমস্যাবিলাক স্থানীয় লোকসকলৰ লগত জড়িত হোৱাৰ বাবে এইবিলাক স্থানীয় লোকৰ দ্বাৰা গঠন হোৱা প্ৰশাসনীয় অনুষ্ঠানৰ দ্বাৰা সফলতাৰে সমাধান কৰাতো অতি সহজ। কাৰণ, স্থানীয় লোকসকল নিজ এলেকাৰ সমস্যাৱলীৰ লগত দৈনন্দিন ওতঃপ্রোতঃ ভাৱে জড়িত হৈ থকা বাবে এইবিলাকৰ সমাধান কেনেদৰে সহজতে কৰাতো সম্ভৱ সেই বিষয়ে স্থানীয় কর্তৃপক্ষই ভালদৰে জানে। আকৌ, এই সমস্যাবিলাক তেওঁলোকৰ নিজৰ সমস্যাৱলী বুলি অনুভৱ কৰি সমাধান কৰিবলৈ সদায় আগবাঢ়ি আহিছে।

(গ) স্থানীয় বৰঙণি : স্থানীয় চৰকাৰৰ ব্যয়ৰ বুজন অংশ স্থানীয় বাসিন্দাসকলে বহন কৰিব লাগে। স্থানীয় অনুষ্ঠানে আগবঢ়োৱা বিভিন্ন সেৱাৰ বাবে স্থানীয় বাসিন্দাসকলৰ পৰা কৰ- কাটল, মাছুল সংগ্ৰহ কৰি পুঁজি গঠন কৰে। স্থানীয় আইন প্ৰণয়ন কৰি ৰাজ্যিক চৰকাৰে কি কি উৎসৰ পৰা কি হাৰত কৰ-কাটল বা মাছুল সংগ্ৰহ কৰিব এই বিষয়ে নিৰ্ধাৰিত কৰি দিয়ে। ৰাজ্যিক চৰকাৰে স্থানীয় আইনত উল্লেখ কৰা অনুসৰি স্থানীয় কর্তৃপক্ষই কৰ-কাটল বা মাছুল সংগ্ৰহ কৰিবলৈ কৰ্তৃত্ব পায়। গতিকে এখন স্থানীয় অনুষ্ঠানৰ পুঁজি স্থানীয় বাসিন্দাসকলৰ পৰা সংগ্ৰহ কৰা কৰ-কাটল আৰু মাছুলৰ দ্বাৰা গঠিত হয়।

(ঘ) সামাজিক সন্থা : স্থানীয় কর্তৃপক্ষ হ’ল এক সামাজিক সস্থা। ইয়াৰ সংগঠিত সত্ত্বা আছে। ইয়াৰ সমূহ নাগৰিক পৃথক এটা অস্তিত্ব আছে। আইনৰ দৃষ্টিকোণৰ পৰা চালে স্থানীয় প্ৰশাসনৰ বিধিসম্মত অৱস্থিতি আছে। ই নিজৰ কাৰণে নিজে আইন-কানুন ৰচনা কৰি লব। পাৰে আৰু এইবোৰ নিজ এলেকাত বলবৎ থাকে। তদুপৰি ইয়াৰ নিজা সমূহীয়া নামমুদ্রা আছে আৰু এই সমুহীয়া নামমুদ্ৰাৰ অবিহনে স্থানীয় কর্তৃপক্ষসমূহৰ কোনো কামেই বৈধন হয়। অৱশ্যে এইটো নিঃসন্দেহে সত্য যে ৰাজ্যিক চৰকাৰে যিকোনো সময়তে এই স্থানীয় কৰ্তৃপক্ষৰ বিলোপ সাধন কৰিব পাৰে কিন্তু কাৰ্যতঃ সামাজিক সন্থা হিচাপে স্থানীয় কর্তৃপক্ষ বর্তি থাকিব পাৰে।

(ঙ) অসার্বভৌম : স্থানীয় চৰকাৰক নিজৰ কাম-কাজ পৰিচালনাৰ বাবে কর্তৃত্ব দিয়া হৈছে। যদিও এই চৰকাৰক দিয়া ক্ষমতা আৰু কৰ্তৃত্ব অবাধ বুলি ক’ব নোৱাৰি। মুঠৰ ওপৰত ক’বলৈ হ’লে, স্থানীয় চৰকাৰৰ কোনো মৌলিক কর্তৃত্ব বা ক্ষমতা নাই। স্থানীয় চৰকাৰৰ গঠন, ক্ষমতা, কার্যাৱলী ইত্যাদি সকলোবিলাক ৰাজ্যিক বিধান সভাই আইন প্ৰণয়নৰ জৰিয়তে নিৰ্ধাৰণ কৰি দিয়ে। আকৌ আইন প্ৰণয়নৰ জৰিয়তে ৰাজ্য চৰকাৰে স্থানীয় চৰকাৰক দিয়া কর্তৃত্ব তথা ক্ষমতাৰ বিলুপ্তি ঘটাব পাৰে। গতিকে ক’ব পৰা যায় যে স্থানীয় চৰকাৰৰ স্থিতি ৰাজ্যি চৰকাৰৰ ইচ্ছাৰ ওপৰতে নিৰ্ভৰ কৰে।

(চ) ক্ষমতাৰ পৃথকীকৰণ নহয় : ক্ষমতাৰ বিভাজন নীতিৰ ওপৰত নিৰ্ভৰ কৰি স্থানীয় নিকায় আৰু কেন্দ্ৰীয় বা ৰাজ্যিক চৰকাৰৰ মাজৰ পাৰ্থক্যৰ প্ৰতি লক্ষ্য কৰিব পাৰি। কেন্দ্ৰীয় চৰকাৰৰ ক্ষেত্ৰত দেখা যায় যে কাৰ্যপালিকা আৰু বিধানমণ্ডলৰ প্ৰধান কাম হৈছে ক্ৰমে আইন প্ৰণয়ন কৰা আৰু কাৰ্যকৰী কৰাৰ জৰিয়তে শাসন কার্যৰ পৰিচালনা কৰা। ক্ষমতাৰ এই পৃথকীকৰণ একেবাৰে সু-স্পষ্ট। অৱশ্যে দুয়োটাৰে মাজত সমন্বয় ৰক্ষা কৰা হয়। কিন্তু স্থানীয় নিকায়ত এনে ধৰণৰ ক্ষমতাৰ পৃথকীকৰণ নাই। নিকায়ৰ সদস্যসকলে প্ৰশাসনিক কার্য সম্পাদন কৰাৰ উপৰিও আৱশ্যক অনুসৰি আইন, উপবিধি আদিও তৈয়াৰ কৰে।

(ছ) স্থানীয় প্ৰশাসনৰ প্ৰকৃতি পৃথক : স্থানীয় প্ৰশাসনৰ প্ৰকৃতি কেন্দ্ৰীয় বা ৰাজ্যিক চৰকাৰৰ পৰা পৃথক। কেন্দ্ৰীয় প্রশাসনে দায়িত্ব লোৱা কামবিলাকত সমগ্ৰ দেশবাসীৰ সমূহীয়া স্বাৰ্থ নিহিত, যেনে— বৈদেশিক নীতি নিৰ্ধাৰণ, প্ৰতিৰক্ষা, মুদ্রা, ৰেলৱে, ডাক-তাঁৰ, অন্য ৰাষ্ট্ৰৰ সৈতে বন্ধুত্ব আৰু শান্তিপূর্ণ সম্বন্ধ স্থাপন কৰা। এনে ধৰণৰ সকলোবিলাক কার্য কেন্দ্রীয় চৰকাৰৰ গণ্ডীৰ ভিতৰত পৰে। এইবিলাকত প্ৰশাসনিক ক্ষমতাও থাকিব লাগে। এই কার্যবিলাক সমাধা কৰিবৰ বাবে কেন্দ্ৰীয় চৰকাৰৰহে যথোচিত জ্ঞান, ক্ষমতা আৰু সুবিধা আছে। এই বিষয়বোৰৰ পৰা সমগ্ৰ দেশবাসী উপকৃত আৰু অপকৃত হয়। কিন্তু স্থানীয় প্ৰশাসনৰ ওপৰত ন্যস্ত কৰা কাৰ্যসমূহ সাধাৰণতে স্থানীয় জনগণৰ স্বাৰ্থৰ কাৰণেহে, যেনে— ৰাস্তা-ঘাট নির্মাণ, খোৱা পানীৰ যোগান, জন্ম-মৃত্যুৰ হিচাপ, সংক্ৰামক ৰোগ নিবাৰণ ইত্যাদি। এনে ধৰণৰ সেৱাৰ কাৰ্যসমূহ সম্পাদন কৰাৰ অৰ্থে কেন্দ্ৰীয় চৰকাৰক দায়ী কৰা অনুচিত। এই ধৰণৰ কাৰ্যসমূহৰ সম্পাদনৰ দায়িত্ব সাধাৰণতে স্থানীয় নিকায়সমূহৰ ওপৰত ন্যস্ত কৰা হয়। স্থানীয় প্রশাসনে এইদৰে স্থানীয় সমস্যাসমূহক লৈহে কাম কৰে।

(জ) প্ৰশাসনীয় চৰিত্ৰ : স্থানীয় চৰকাৰ সাধাৰণ অভিজ্ঞতাসম্পন্ন লোকৰ দ্বাৰা গঠিত হয়। এই চৰকাৰৰ কাম-কাজ পৰিচালনাৰ বাবে তেনে কোনো বিশেষ বৃত্তিধাৰী লোক বা কাৰিকৰী অভিজ্ঞতা সম্পন্ন লোক নাথাকে। সাধাৰণ জ্ঞানৰ অধিকাৰী লোকসকলেই এই চৰকাৰৰ সকলোবিলাক কাম-কাজ পৰিচালনা কৰে।

(ঝ) জটিলতা কম : স্থানীয় স্বায়ত্ব শাসন ব্যৱস্থাত জটিলতা কম। ক্ষুদ্র একোটা এলেকাভুক্ত লোকসকলে শয়ত্ব শাসনৰ কর্তৃপক্ষবোৰ গঠন কৰে। তেওঁলোকে আলোচনাৰ জৰিয়তে অতি সহজতে সিদ্ধান্তত উপনীত হোৱাৰ সুযোগ লাভ কৰিব পাৰে। ইয়াৰ কাম কৰাৰ পদ্ধতিও যথেষ্ট সহজ আৰু সৰল প্ৰকৃতিৰ কেন্দ্ৰীয় বা ৰাজ্যিক চৰকাৰৰ নিচিনা ৰঙাফিটাৰ মেৰপাক, দীৰ্ঘসূত্রিতা আদিৰ দ্বাৰা স্বায়ত্ব শাসন দূষিত হৈ পৰাৰ সম্ভাবনা কম।

(ঞ) সাময়িক আৰু অবৈতনিক কাম : স্থানীয় প্রশাসন আংশিক সময়ৰ অবৈতনিক কাম। পূৰ্ণকালীন কাম ইয়াৰ নাথাকে। স্থানীয় প্ৰশাসনৰ অধীনত হোৱা অধিকাংশ কামকে অবৈতনিক আৰু সাময়িক কৰ্মচাৰীসকলৰ দ্বাৰা সম্পাদন কৰোৱা হয়। ৰাজনীতিৰ প্ৰাথমিক জ্ঞান নথকা লোকো স্থানীয় কর্তৃপক্ষলৈ নিৰ্বাচিত হয়। ৰাজ্যিক বা কেন্দ্ৰীয় বিধানমণ্ডলৰ সদস্যসকলক দিয়াৰ দৰে স্থানীয় কৰ্তৃপক্ষৰ সদস্য আৰু সভাপতিসকলক বেতন আদি দিয়াৰ কোনো ব্যবস্থা নাই। এই কাৰণে এই কামৰ বাবে আগবাঢ়ি অহাৰ অৰ্থে যোগ্য আৰু অভিজ্ঞতাসম্পন্ন লোকসকলক আকর্ষণ কৰিব নোৱাৰে।

(ট) মহিলা বাবে বিশেষ সুৰক্ষা ব্যৱস্থা : এই স্থানীয় শাসনব্যবস্থাত নাৰীৰ অধিকাৰ তথা স্বাৰ্থ সুৰক্ষাৰ বাবে বিশেষ সংৰক্ষণ ব্যৱস্থা হাতত লোৱা হৈছে। বিশেষকৈ সংবিধানৰ ৭৩ তম্ আৰু ৭৪ তম সংশোধনীৰ পাছত প্ৰত্যেক স্বায়ত্ব শাসিত অঞ্চলৰ মুঠ আসনৰ এক তৃতীয়াংশ (বর্তমান ৫০%) আসন মহিলাৰ বাবে সংৰক্ষিত কৰি ৰখা হৈছে। এই ব্যৱস্থা অনুসৰিয়েই ১৯৯৫-৯৬ চনত গুৱাহাটী পৌৰনিগমৰ মহিলা মেয়ৰ নিৰ্বাচন কৰা হৈছিল।

(ঠ) সমাজৰ অনগ্ৰসৰ শ্ৰেণীৰ বাবে বিশেষ সুৰক্ষা ব্যৱস্থা : সংবিধানৰ ৭৩ তম্ আৰু ৭৪ তম্ সংশোধনী আইনৰ আধাৰত সমাজৰ অনগ্ৰসৰ শ্ৰেণীৰ লোকৰ বাবেও আসন সংৰক্ষণৰ ব্যৱস্থা কৰিছে। মুঠ আসন আৰু অনুসূচিত জাতি আৰু জনজাতিৰ মুঠ জনসংখ্যাক লৈ এই আসন সংৰক্ষণ কৰা হৈছে। তদুপৰি, অনুসূচিত জাতি আৰু জনজাতিৰ বাবে সংৰক্ষিত মুঠ আসনৰ ১/৩ অংশ (এক তৃতীয়াংশ) সংশ্লিষ্ট অনুসূচিত জাতি আৰু জনজাতিৰ মহিলাৰ বাবে সংৰক্ষিত থাকিব।

৬২। ঔপনিৱেশিক আমলৰ স্থানীয় প্ৰশাসনৰ বিকাশ সম্পর্কে আলোচনা কৰা। 

উত্তৰঃ ভাৰতবৰ্ষত স্থানীয় চৰকাৰক সাধাৰণতে স্থানীয় স্বায়ত্ব শাসন বুলি কোৱা হয়। প্রকৃততে, বৃটিছ শাসনৰ কালছোৱাত স্থানীয় অনুষ্ঠানবিলাকৰ যোগেদি ভাৰতীয়সকলক স্থানীয় সমস্যাবিলাকত অংশগ্ৰহণৰ যি সুবিধা প্ৰদান কৰিছিল সেইবিলাককে ভাৰতীয় লোকৰ বাবে স্বায়ত্ব শাসন বুলি অভিহিত কৰা হৈছিল। কাৰণ, সেই সময়ত কেন্দ্র বা ৰাজ্যিক স্তৰত কোনো ধৰণৰ স্বায়ত্ব শাসনৰ ব্যৱস্থা নাছিল।

ভাৰতবৰ্ষত স্থানীয় চৰকাৰ ব্যৱস্থা অনাদিকালৰ পৰাই প্ৰৱৰ্তিত হৈ আহিছে বুলি ক’ব পৰা যায়। ভাৰতবৰ্ষত গ্ৰাম্য চৰকাৰ বা পঞ্চায়ত যি বুলিয়েই কোৱা নহওঁক কিয় স্থানীয় চৰকাৰৰ এনে অনুষ্ঠানবিলাকৰ জন্ম বৃত্তান্ত বিচাৰি পোৱাতো সহজ নহয়। অতীতত এই অনুষ্ঠানবিলাকে বিভিন্ন দিশত নিজৰ ক্ষমতা প্রয়োগ কৰিবলৈ সক্ষম হৈছিল। এই অনুষ্ঠানবিলাকে যিবিলাক দিশত বিশেষভাৱে নিজৰ ক্ষমতা প্ৰয়োগ কৰিবলৈ সক্ষম হৈছিল সেইবিলাকৰ ভিতৰত শিল্প, বাণিজ্য, প্রশাসন, সামাজিক, শিক্ষা, ধর্মীয় আদি উল্লেখ কৰিব পাৰে।

গ্ৰাম্য অঞ্চলত যিদৰে গ্ৰাম্য স্বায়ত্ব শাসন প্ৰৱৰ্তন হোৱাৰ আভাস পোৱা গৈছে ঠিক সেইদৰে চহৰ অঞ্চলতো সেই সময়ত স্বায়ত্ব শাসন ব্যৱস্থা প্ৰবৰ্তন হোৱাৰ আভাস পোৱা যায়। এই ক্ষেত্ৰত খৃষ্টপূর্ব ৩ শতিকাত চহৰ অঞ্চলত গঢ়ি উঠা স্বায়ত্ব শাসনৰ বৰ্ণনা দাঙি ধৰা মেগেচথেনিচে (Magesthenis) উল্লেখ কৰিছিল যে একোখন চহৰ ৬ টা কর্তৃপক্ষত ভাগ কৰা হৈছিল। প্রথম ভাগক ঔদ্যোগিক কলা পৰিচালনাৰ ভাৰ দিয়া হৈছিল। দ্বিতীয় ভাগক বিদেশী। পৰিব্ৰাজকসকলৰ দায়িত্ব দিয়া হৈছিল। তৃতীয় ভাগক জন্ম-মৃত্যুৰ পঞ্জীয়নৰ ভাৰ দিয়া হৈছিল। চতুৰ্থ ভাগক ব্যৱসায় আৰু বাণিজ্যৰ দায়িত্ব দিয়া হৈছিল। চহৰৰ বিভিন্ন শিল্পীৰ কলা আৰু ভাস্কৰ্যৰ দায়িত্ব পঞ্চম ভাগটোৰ ওপৰত অৰ্পণ কৰা হৈছিল আৰু ষষ্ঠ ভাগটোক বিত্তীয় বিষয়ৰ ওপৰত দায়িত্ব দিয়া হৈছিল।

মোগলসকলৰ শাসনকালতো ভাৰতবৰ্ষত স্থানীয় চৰকাৰ ব্যৱস্থাৰ উমান পোৱা যায়। মোগল শাসনকালত একোখন চহৰৰ প্ৰশাসনিক দায়িত্ব একোজন বিষয়াৰ ওপৰত দিয়া হৈছিল। এই বিষয়াজনক ‘কটোৱাল’ (Kotual) বুলি কোৱা হৈছিল। এই বিষয়াজনে বিচাৰ, আইন শৃঙ্খলা আৰু বিত্তীয় কাম-কাজৰ ক্ষেত্ৰত সৰ্বোচ্চ ক্ষমতা প্রয়োগ কৰাৰ উপৰিও সকলোধৰণৰ পৌৰ কাম-কাজ পৰিচালনা কৰিছিল।

কৌটিলৰ অৰ্থশাস্ত্ৰ আৰু দক্ষিণ ভাৰতৰ বিভিন্ন ঠাইত উদ্ভাৱন কৰা লিপি-বিলাকৰ পৰাও প্রাচীন ভাৰতত স্বায়ত্ব শাসনৰ প্ৰবৰ্তনৰ বিষয়ে আভাস পোৱা যায়।

সেইদৰে বৈদিক যুগতো স্বায়ত্ব শাসন ব্যৱস্থা প্ৰবৰ্তন হৈছিল বুলি ক’ব পৰা যায়। সেই সময়ছোৱাত জনসাধাৰণৰ উমৈহতীয়া স্বাৰ্থ পূৰণ কৰাৰ অৰ্থে কিছুমান সংস্থা গঠন কৰা হৈছিল। এই সংস্থাবিলাকে নিজৰ পৰিধিৰ ভিতৰত স্বতন্ত্রভাৱে কাম-কাজ চলোৱাৰ বাবে ক্ষমতা লাভ কৰিছিল। এই সংস্থাবিলাকে আইন প্রণয়ন কৰা, জনসাধাৰণৰ বিভিন্ন অভাৱ-অভিযোগৰ প্ৰতি চকু ৰখা, আইন শৃঙ্খলা অটুট ৰখা আদি ক্ষমতাৰ উপৰিও ন্যায়িক আৰু বিত্তীয় ক্ষমতা লাভ কৰিছিল। নগৰ অঞ্চলত গঠন কৰা পৌৰসভাৰ মুখ্য কাম আছিল বেপাৰ-বাণিজ্য সুৰক্ষিত কৰি ৰখা আৰু নাগৰিকসকলক বিভিন্ন ধৰণৰ সা-সুবিধা প্ৰদান কৰা।

অষ্টম আৰু নৱম শতিকাৰ আগভাগত পাণ্ড্য আৰু পল্লবসকলৰ শাসনকালতো একপ্ৰকাৰৰ স্থানীয় স্বায়ত্ত শাসিত সংস্থাৰ শাসনকাল প্ৰৱৰ্তিত হৈছিল। অৱশ্যে এই স্থানীয় অনুষ্ঠানবিলাকে চোলসকলৰ শাসন কালতহে উল্লেখযোগ্য ভূমিকা পালন কৰিবলৈ সক্ষম হৈছিল। স্থানীয় স্বায়ত্ব শাসন কালত চোলসকলৰ প্ৰশাসন ব্যৱস্থাৰ এক বিশেষ বৈশিষ্ট্য আছিল এওঁলোকৰ শাসনকালত কিছুমান গ্রাম্য সভা গঠন কৰা হৈছিল আৰু এইবিলাকক গাঁও শাসনৰ সম্পূৰ্ণ দায়িত্ব আৰু ক্ষমতা অর্পণ কৰা হৈছিল। এই সভাবিলাকক আনকি ৰাজহ সংগ্ৰহ কৰাৰ ক্ষমতাও দিয়া হৈছিল। কেন্দ্ৰীয় চৰকাৰে এই সভাবিলাকৰ কাম-কাজত অনাৱশ্যক হস্তক্ষেপ কৰা নাছিল।

আকৌ, দক্ষিণ ভাৰতৰ বিভিন্ন অঞ্চলত উদ্ধাৰ কৰা লিপিবিলাকৰ পৰা মাদ্রাজ অঞ্চলত এক সুসংগঠিত স্থানীয় চৰকাৰ ব্যৱস্থা প্ৰৱৰ্তী থকাৰ উমান পোৱা গৈছিল। এই অঞ্চলৰ গ্ৰাম্য- প্রশাসন গ্রাম্যসভাৰ দ্বাৰা পৰিচালনা কৰা হৈছিল। এই গ্রাম্যসভা-বিলাকক দুটা ভাগত বিভক্ত কৰা হৈছিল— এবিধক উৰ’ আৰু আনবিধক ‘সভা’ বুলি কোৱা হৈছিল। যিবিলাক গাঁওত ব্ৰাহ্মণ সম্প্ৰদায়ৰ জনসাধাৰণৰ সংখ্যা কম আছিল সেই গাঁওবিলাকত ‘উৰ’ আৰু যিবিলাক গাঁওত ব্ৰাহ্মণ পৰিয়ালৰ সংখ্যা অধিক আছিল সেইবিলাকত ‘সভা’ গঠন কৰা হৈছিল। সেয়েহে এই সভাবিলাকে কিছুমান সমিতিৰ কাম-কাজ পৰিচালনা কৰিবলগীয়া হৈছিল। এই সমিতি সমূহৰ বিলাকৰ ভিতৰত বিশেষভাবে উল্লেখ কৰিব পাৰি— উদ্যান সমিতি, ন্যায়িক সমিতি, পুখুৰী সমিতি, সোণ সম্পর্কীয় সমিতি ইত্যাদি। এই সমিতিৰ সদস্যবিলাকক ‘কুদুম্বচ’ নামৰ এটা অনুষ্ঠানে মনোনীত কৰা সদস্যসকলে নির্বাচন কৰিছিল। সমিতিৰ সদস্যসকলক নির্বাচন কৰাৰ বাবে একোখন গাঁওক ত্ৰিশটা কুদুস্বতে বিভক্ত কৰা হৈছিল। প্ৰত্যেক কুদুম্বচে একোজনকৈ সদস্য নির্বাচিত কৰিছিল।

গ্রাম্য অঞ্চলৰ ভূমি নিয়ন্ত্ৰণ আৰু পৰিচালনা, জলসিঞ্চন, ধর্মীয় অনুষ্ঠান পৰিচালনা, স্বাস্থ্য সেৱা আদি স্থানীয় বিষয়বিলাক এই দুই স্থানীয় অনুষ্ঠানে চোৱা-চিতা কৰিছিল। উৰ আৰু সভাৰ বাহিৰেও ‘নাদু’ আৰু ‘নগৰম্’ নামৰ আন দুটা স্থানীয় অনুষ্ঠানৰো উল্লেখ পোৱা যায়। মাদ্ৰাজৰ যিবিলাক গাঁৱত অধিক ব্ৰাহ্মণ আছিল তাত ‘সভা’ গঠন কৰা হৈছিল। ব্ৰাহ্মণ পৰিয়ালৰ জনসাধাৰণ কম থকা গাঁৱত ‘উৰ’ গঠন কৰা হৈছিল। যি অঞ্চলত বেপাৰ বাণিজ্য কৰা লোকৰ সংখ্যা বেছি আছিল তাত ‘নগৰম্’ নামৰ অনুষ্ঠান গঠন কৰা হৈছিল। আকৌ জিলা পৰ্যায়ত নাদু নামৰ অনুষ্ঠান গঠন কৰা হৈছিল।

গতিকে দেখা যায় যে ইংৰাজসকল ভাৰতবৰ্ষলৈ অহাৰ আগতে ভাৰতবৰ্ষত এক বিশেষ প্ৰকৃতিৰ স্থানীয় অনুষ্ঠান প্ৰচলিত আছিল। ইংৰাজ বিষয়া চাৰ চাৰ্লছ মেটকাফ এলফিনষ্টোন আদিয়ে ভাৰত বৰ্ষত প্রাচীনকালত এক সুস্থ সবল স্থানীয় স্বায়ত্ত শাসন প্ৰচলিত আছিল বুলি মত দাঙি ধৰিছিল। শুক্রাচাৰ্য্যৰ নীতিসাৰতো একে ধৰণৰ মন্তব্য দাঙি ধৰা হৈছিল ভাৰতবৰ্ষৰ প্ৰাচীন আৰু মধ্যযুগত প্রচলিত স্থানীয় অনুষ্ঠানবিলাক ভাৰতবৰ্ষৰ শাসনভাৰ ইংৰাজৰ হাতলৈ যোৱাৰ সময়ৰপৰা লাহে লাহে লোপ পাবলৈ ধৰে। ইংৰাজসকলে ভাৰতবৰ্ষৰ শাসনভাৰ হস্তগত কৰিয়েই এক কেন্দ্ৰীভূত শাসন প্রতিষ্ঠা কৰাৰ ফলত সেই সময়ত প্রবর্তিত স্থানীয় অনুষ্ঠানবোৰ দুৰ্বল হৈ পৰে আৰু লাহে লাহে লোপ পাবলৈ আৰম্ভ কৰে। ইংৰাজসকলে প্ৰচলন কৰা ফৌজদাৰী আৰু দেৱানী আদালতে পঞ্চায়তৰ ন্যায় বিচাৰ কৰা ক্ষমতা লোপ পায়। আনহাতে, ইংৰাজসকলে ভাৰতবৰ্ষত এক আধুনিক স্থানীয় স্বায়ত্ত শাসন প্রৱৰ্তন কৰাৰ ফলত মধ্যযুগীয় স্থানীয় স্বায়ত্ত শাসনৰ অনুষ্ঠানবোৰ ক্ৰমাৎ ধ্বংসৰ মুখত পৰে।

৬৩। বলবস্তু ৰায় মেহতা কমিটিৰ বিভিন্ন পৰামৰ্শাৱলী আলোচনা কৰা। 

উত্তৰঃ বলবন্ত  ৰায় মেহতা কমিটিৰ বিভিন্ন পৰামৰ্শাৱলীসমূহ হ’ল—

(ক) আঁচনিৰ অগ্ৰাধিকাৰ : গ্রাম্য এলেকাৰ জনসাধাৰণৰ অপৰিহাৰ্য বিষয় বিলাকক অগ্ৰাধিকাৰ দিয়াত মেহতা সমিতিয়ে গুৰুত্ব আৰোপ কৰিছিল। গ্রাম্য এলেকাৰ অৰ্থনৈতিক উন্নয়নৰ বাবে কৃষি, স্বাস্থ্য বিশুদ্ধ খোৱা পানী যোগান, গ্রাম্য উদ্যোগ ইত্যাদিৰ উন্নতি সাধনত অগ্ৰাধিকাৰ দিবলৈ সমিতিয়ে পৰামৰ্শ আগবঢ়াইছিল।

(খ) তিনিতৰপীয়া পঞ্চায়ত ব্যৱস্থাৰ প্ৰৱৰ্তন কৰা : মেহতা সমিতিয়ে গ্ৰাম্য এলেকা বিলাকত তিনিতৰপীয়া পঞ্চায়ত ব্যৱস্থা প্ৰৱৰ্তনৰ জৰিয়তে স্থানীয় উন্নয়নমূলক কার্যকলাপসমূহ স্থানীয় স্বায়ত্ব শাসিত সংস্থাবিলাকৰ ওপৰত ন্যস্ত কৰাৰ পৰামৰ্শ আগবঢ়াইছিল। এই তিনি তৰপীয়া পঞ্চায়ত ব্যৱস্থা হৈছে ক্ৰমে এনেধৰণৰ—

(১) গাঁও পঞ্চায়ত : গ্রাম্য এলেকাত প্রাপ্তবয়স্ক ভোটাধিকাৰৰ ভিত্তিত নিৰ্বাচিত প্ৰতিনিধিৰ সৈতে গ্রাম্য পঞ্চায়ত গঠনৰ পৰামৰ্শ আগবঢ়াইছিল। গ্রাম্য পঞ্চায়ত বিলাকত মহিলাৰ লগতে অনুসূচীত জাতি আৰু অনুসূচীত জনজাতিৰ লোকৰ বাবে আসন সংৰক্ষণ ব্যৱস্থা থাকিব লাগে। পঞ্চায়ত পৰ্যায়ত পানী যোগান ব্যৱস্থা, ৰাস্তা-ঘাট নির্মাণ, ভূমি পৰিচালনা কৰা, ভূমিৰ নথি-পত্ৰ আৰু পৰিসংখ্যাৰ ব্যৱস্থাপনা, সংগ্ৰহ আৰু সংৰক্ষণৰ লগতে সকলো উন্নয়নমূলক কার্য সম্পাদনাৰ দায়িত্ব এই পঞ্চায়তৰ ওপৰত ন্যস্ত কৰিব লাগে।

(২) পঞ্চায়ত সমিতি : খণ্ড পৰ্যায়ত এখন পঞ্চায়ত সমিতি থাকিব লাগে। পঞ্চায়ত সমিতিবোৰ গাঁও পঞ্চায়ত সমিতিৰ প্ৰশাসনিক ক্ষেত্ৰ। সামূহিক উন্নয়ন খণ্ডৰ এলেকাই পঞ্চায়ত সমিতিৰ প্ৰশাসনিক ক্ষেত্র। পঞ্চায়ত সমিতিবোৰ গাঁও পঞ্চায়তৰ পৰা পৰোক্ষভাৱে নির্বাচিত সদস্যৰে গঠিত হ’ব সদস্যৰ সংখ্যা ২০ জন। মেহতা কমিটিয়ে পঞ্চায়ত সমিতিক কিছুমান উন্নয়নমূলক কাৰ্য কৰিবলৈ নিৰ্দেশ দিছে যেনে— কৃষি, কুটীৰ শিল্প আৰু শিল্পবিদ্যা, বিশুদ্ধ খোৱাপানীৰ যোগান, স্বাস্থ্য-চিকিৎসা সাহায্য, দুর্ভিক্ষ সাহায্য, প্রাকৃতিক দুৰ্যোগৰ ফলত দুর্গতসকললৈ সাহায্য, তীর্থযাত্রী আৰু উৎসব, যোগাযোগ, বিদ্যালয় পৰিচালনা, মহিলাৰ কল্যাণ আৰু শিশু, অন্যান্য পিচপৰা শ্ৰেণী, গাঁও পঞ্চায়তৰ বাজেট অনুমোদন ইত্যাদি। অনুসূচিত জাতি, অনুসূচিত জনজাতিৰ লগতে জনসংখ্যাৰ অনুপাতে মহিলাৰ বাবেও পঞ্চায়ত সমিতিত আসন সংৰক্ষণৰ ব্যৱস্থা থাকিব লাগে। পঞ্চায়ত সমিতিৰ সচিবৰ দায়িত্বত থাকিব খণ্ড উন্নয়ন প্ৰাধিকাৰী (BDO)।

(৩) জিলা পৰিষদ : জিলা পৰিষদখন জিলা ভিত্তিত গঠন কৰা হ’য়। জিলা পৰিষদখন পঞ্চায়ত সমিতিৰ সভাপতি সকল, সমিতিৰ এলেকাক প্ৰতিনিধিত্ব কৰা বিধান সভা আৰু সংসদৰ সদস্য সকল আৰু জিলাৰ উচ্চ পদস্থ বিষয়াসকলক লৈ গঠিত হ’ব লাগে। জিলা সমাহর্তাজনেই জিলা পৰিষদৰ সভাপতি হ’ব লাগে। জিলা পৰিষদখনে উপদেষ্টা বোর্ডৰ ভূমিকা পালন কৰিব লাগে। উপদেষ্টা বোর্ড হিচাপে জিলা পৰিষদে পৰিকল্পনা প্ৰস্তুতকৰণৰ লগতে পঞ্চায়ত সমিতিবোৰৰ মাজত সমন্বয়ৰক্ষকৰ ভূমিকা পালন কৰিব লাগে। কৰ সংগ্ৰহ আৰু কৰ নিৰ্ধাৰণৰ ক্ষেত্ৰত জিলা পৰিষদৰ কোনো ধৰণৰ ক্ষমতা থাকিব নালাগে। মেহতা সমিতিয়ে জিলা পৰিষদক নিজৰ অধিকাৰ ক্ষেত্ৰৰ ভিতৰত থাকি পঞ্চায়ত সমিতিৰ বাজেট পৰীক্ষা আৰু অনুমোদন কৰা, পঞ্চায়ত সমিতিবোৰৰ মাজত সাহায্য দিয়া, পঞ্চায়ত সমিতিৰ কিছুমান বিশেষ উদ্‌গনিমূলক সাহায্যৰ বাবে চৰকাৰলৈ বিবেচনাৰ বাবে প্ৰেৰণ, পঞ্চায়ত সমিতিৰ কাৰ্যৰ পৰিদৰ্শন আৰু কৰ্মচাৰীসকলৰ শৃংখলা ৰক্ষা কৰা আদি কাম সম্পাদন কৰাৰ পৰামৰ্শ আগবঢ়াইছে। জিলা পৰিষদ কাৰ্যবাহী গোট নহয়।

(গ) আঁচনিৰ কাৰ্যকাৰিতা : আঁচনিৰ কাৰ্যকাৰিতাৰ বিষয়ত সমিতিৰ পৰামৰ্শ আছিল যে ৰাজ্য চৰকাৰ বিলাকক বিস্তাৰিতভাৱে লক্ষ্য স্থিৰ কৰা সাধাৰণ পদ্ধতি নিৰ্ধাৰণ কৰা আৰু প্রয়োগ কৰি পাব পৰা কাৰিকৰী সাহায্য গ্ৰহণ কৰাৰ ক্ষমতা প্ৰদান কৰিব লাগে। কেন্দ্ৰই নিৰ্ধাৰণ কৰি দিয়া অগ্ৰাধিকাৰৰ ভিত্তিত খণ্ড পৰ্যায়ৰ কৰ্মচাৰীৰ পৰামৰ্শ অনুসৰি স্থানীয় জনপ্রতিনিধিয়ে আঁচনি কাৰ্যকৰী কৰিব লাগে। মেহতা সমিতিয়ে পূর্বে প্রচলিত আঁচনি ৰূপায়ণৰ তিনিটা পৰ্যায় ক্রমে প্রাক সম্প্ৰসাৰণ, আভ্যন্তৰীণ বিকাশ আৰু সম্প্ৰসাৰণৰ পিছৰ পৰ্যায়ৰ সলনি নতুন পর্যায় ব্যৱস্থাৰ উদ্ভাৱন কৰিব লাগে বুলি পৰামৰ্শ আগবঢ়াইছিল।

(ঘ) আঁচনি প্রশাসক : মেহতা সমিতিয়ে এজন গ্রাম সেৱকৰ কাৰ্যৰ পৰিসৰ ৮০০ জনসংখ্যাৰ এলেকাৰ ভিতৰতে সীমাবদ্ধ থাকিব লাগে বুলি পৰামৰ্শ আগবঢ়াইছিল। পঞ্চায়ত প্রতিনিধিবর্গ গ্ৰামসেৱক সকলৰ মাজত এক ঘনিষ্ঠ সম্বন্ধ থাকিব লাগে। অনুৰূপধৰণে, সম্প্ৰসাৰণ বিষয়া

 আৰু প্ৰাধিকাৰী খণ্ড উন্নয়ন সকলৰ মাজতো এক নিবিড় সম্পর্ক আৰু সহযোগিতা থাকিব লাগে। জিলা পৰ্যায়ত জিলা উন্নয়ন প্ৰাধিকাৰী জনে সমন্বয়কৰ ভূমিকা পালন কৰিব লাগে। এই ব’ৰ্ডখন সকলো বিলাক দপ্তৰৰ মুৰব্বীক লৈ গঠন কৰিব লাগে। উন্নয়ন আয়ুক্তজন ৰাজ্যিক পৰ্যায়ৰ সমন্বয়ৰক্ষী ব’ৰ্ডৰ সচিবৰ দায়িত্বত থাকিব। মেহতা সমিতিৰ মতে, ‘উন্নয়ন’ বিভাগটো ৰাজ্যৰ মুখ্যমন্ত্ৰীৰ তদাৰকত থাকিব লাগে।

(ঙ) গ্রাম সেৱক সকলক যাৱতীয় প্রশিক্ষণ প্রদান কৰি উপযুক্তভাৱে প্রশিক্ষণপ্রাপ্ত ক তুলিব লাগে। 

উল্লেখযোগ্য যে গ্রাম্য এলেকাৰ উন্নয়নৰ কাৰণে তিনিখলপীয়া স্থানীয় স্বায়ত্ব শাসন ব্যৱস্থাৰ প্ৰৱৰ্তন কৰাটোৱেই বলৱন্ত ৰায় মেহতা সমিতিৰ মূল পৰামৰ্শ আছিল। মেহতা সমিতিৰ এই পৰামৰ্শাৱলী ১৯৫৮ চনৰ ৰাষ্ট্ৰীয় বিকাশ আয়োগে গ্ৰহণ কৰি প্ৰায়বিলাক ৰাজ্যতে আইন প্ৰণয়ন কৰি তিনিতৰপীয়া পঞ্চায়ত ব্যৱস্থা প্ৰৱৰ্তন কৰাৰ দিহা কৰিছিল। ১৯৫৯ চনৰ অক্টোবৰ মাহত ৰাজস্থানত পোনপ্ৰথমে গণতান্ত্রিক বিকেন্দ্ৰীকৰণৰ অৱধাৰণাটোক বাস্তবায়িত কৰি তুলি বাবে তিনিখলপীয়া পঞ্চায়তীৰাজ অনুষ্ঠান গঠন কৰা হয় আৰু তাৰ পিছতেই ৰাজস্থানক অনুসৰণ কৰি ভাৰতৰ ৯ খন ৰাজ্যত ক্ৰমে অন্ধ্ৰপ্ৰদেশ, বিহাৰ, মধ্যপ্রদেশ, উত্তৰ প্ৰদেশ গুজৰাট, বোম্বে আদিত অনুৰূপধৰণৰ তিনিতৰপীয়া পঞ্চায়তীৰাজ অনুষ্ঠান গঠন কৰা হয়।

৬৪। পঞ্চায়তিৰাজ প্ৰতিষ্ঠানৰ উন্নয়নত অশোক মেহতা কমিটিৰ ভূমিকা সম্পর্কে আলোচন কৰা।

উত্তৰঃ অশোক মেহতা সমিতিয়ে পূৰ্বৰ তিনিতৰপীয়া পঞ্চায়তীৰাজ অনুষ্ঠানৰ পৰিবৰ্ত্তে দুতৰপীয়া পঞ্চায়তীৰাজ অনুষ্ঠানৰ পোষকতা কৰে। স্থানীয় চৰকাৰৰ একেবাৰে নিম্নক্তবৰ মণ্ডল পঞ্চায়ত আৰু স্থানীয় চৰকাৰৰ শীৰ্ষত জিলা পৰিষদ। সমিতিয়ে এই বুলি পৰামৰ্শ দিছিল যে ৰাজ্যিক চৰকাৰৰ পিছতে বিকেন্দ্ৰীকৰণৰ প্ৰথম বিন্দু হ’ব জিলা পৰ্যায়ৰ জিলা পৰিষদ আৰু তাৰ পিছতে মণ্ডল পঞ্চায়ত।

(ক) মণ্ডল পঞ্চায়ত : সাধাৰণতে ১৫০০০ ৰ পৰা ২০০০০ জন বসতিপূর্ণ এলেকায় মণ্ডল পঞ্চায়ত গঠন কৰিব লাগে। কৃষক সকলৰ মাজৰ পৰা প্ৰতিনিধিসকলক জনসাধাৰণে প্রত্যক্ষভাৱে নির্বাচন কৰিব। তেওঁলোকৰ দুগৰাকী প্ৰতিনিধি থাকিব। অনুসূচীত জাতি আৰু অনুসুচীত জনজাতিৰ বাবে জনসংখ্যাৰ ভিত্তিত আসন সংৰক্ষণৰ ব্যৱস্থা থাকিব। মণ্ডল পঞ্চায়তৰ সভাপতিসকলক জনসাধাৰণে প্ৰত্যক্ষভাৱে নির্বাচিত কৰিব। এখন মণ্ডল পঞ্চায়তে কেনার গাঁও আৰু পশ্চাদভূমিৰ (Hinterland) মাজত যোগসূত্ৰ স্থাপন কৰি সামৰি ল’ব আৰু ইয়াৰ  দ্বাৰাই জিলা পৰ্যায়ত বিকেন্দ্ৰীকৰণ হ’ব পাৰে।

(খ) জিলা পৰিষদ : জিলা পৰিষদ হ’ল স্থানীয় প্ৰশাসনৰ শীৰ্ষস্তৰৰ সংগঠন। এই জিলা পৰিষদ পঞ্চায়তৰ সভাপতিসকল, বৃহৎ পৌৰ নিগমৰ মনোনীত সদস্যসকল, সীমামূৰীয়া নির্বাচনী ৱাৰ্ডৰ লগতে জিলা কো-অপাৰেটিভ ফেডাৰেচন, দুগৰাকী মহিলা, এজন প্ৰগ্ৰামোন্নয়নত বিশেষ জ্ঞান থকা ব্যক্তি আৰু এজন শিক্ষকতাৰ বৃত্তিৰ লগত জড়িত থকা লোকক লোৱা হ’ব। অনুসূচীত জাতি আৰু অনুসূচীত জনজাতিৰ জন সংখ্যাৰ অনুপাতে তেওঁলোকৰ বাবে আসন সংৰক্ষণৰ ব্যৱস্থা কৰিব লাগে। জিলা পৰিষদ এলেকাৰ সকলো বিধান সভাৰ সদস্য আৰু সাংসদ ইয়াৰ পদেন সদস্য হ’ব লাগে। সদস্যসকলৰ মাজৰ পৰা এজন সভাপতি নির্বাচন কৰি ল’ব লাগে।

(১) মণ্ডল পঞ্চায়ত আৰু জিলা পৰিষদ উভয়ৰে কাৰ্যকাল ৪ বছৰীয়া হ’ব লাগে বুলি সমিতিয়ে পৰামৰ্শ আগবঢ়াইছিল।

(২) অশোক মেহতা সমিতিয়ে অঞ্চল পঞ্চায়ত আৰু জিলা পৰিষদ উভয় পর্যায়তে সমিতি গঠনৰ ব্যৱস্থাক উৎসাহিত কৰিছিল।

(৩) পঞ্চায়তীৰাজ অনুষ্ঠানবিলাকৰ নিৰ্বাচনত ৰাজনৈতিক দলবিলাকৰ সক্ৰিয় অংশ গ্ৰহণৰ হকে অশোক মেহতা সমিতিয়ে পৰামৰ্শ আগবঢ়াইছিল।

(৪) পঞ্চায়তীৰাজ অনুষ্ঠানবিলাকৰ স্বতন্ত্ৰতা ৰক্ষাৰ লগতে ইয়াৰ নিৰ্বাচন সুচাৰৰূপে আৰু সময়মতে অনুষ্ঠিত কৰিবৰ বাবে সমিতিয়ে ৰাজ্যিক নির্বাচনী আয়োগৰ দ্বাৰা পঞ্চায়তীৰাজ অনুষ্ঠান বিলাকৰ নিৰ্বাচন অনুষ্ঠিত কৰাৰ পোষকতা কৰিছিল।

(৫) ৰাজ্য চৰকাৰে পঞ্চায়তীৰাজ অনুষ্ঠানবিলাকৰ কাৰ্যপালিকাৰ ওপৰত ৰাজনৈতিক ক্ষেত্ৰত ততোধিক হস্তক্ষেপ কৰা উচিত নহয় বুলি মেহতা সমিতিয়ে পৰামৰ্শ আগবঢ়াইছিল। ইয়াৰোপৰি যদি কোনো পঞ্চায়ত অনুষ্ঠানক নাকচ কৰা হয় তেন্তে পিছৰ ৬ মাহৰ ভিতৰত নিৰ্বাচন অনুষ্ঠিত কৰিব লাগে বুলি সমিতিয়ে মতামত আগবঢ়াইছিল।

(৬) সমিতিয়ে পৰামৰ্শ দিছিল যে জিলা পৰ্যায়ত আঁচনিবিলাক প্ৰস্তুতকৰণৰ বাবে বৃত্তিগত ভাৱে দক্ষতাসম্পন্ন এটি দল জিলা পৰ্যায়ত নিযুক্ত কৰিব লাগে বুলি অশোক মেহতা সমিতিয়ে প্ৰতিবেদনত উল্লেখ কৰিছিল।

(৭) সমিতিখনে পৰামৰ্শ আগবঢ়াইছিল যে পঞ্চায়তীৰাজ অনুষ্ঠানবিলাকৰ নিজৰ বিত্তীয় উৎসৰ বাবে কৰ আৰোপ কৰাৰ ক্ষমতা থাকিব আৰু সেই কৰৰ পৰা পঞ্চায়তীৰাজ পুঁজি ৰাজ্য চৰকাৰৰ পৰা আনি বৃদ্ধি কৰিব পৰা হ’ব। এই সমিতিয়ে জীৱিকা কৰ, আমোদ-প্রমোদৰ কৰ আৰু কিছুমান বিশেষ ভূমি আৰু আৱকাৰী কৰ গৃহ কৰ ধাৰ্য কৰাৰ উদ্দেশ্যৰে সংবিধান। সংশোধনৰ পোষকতা কৰিছিল।

(৮) মেহতা সমিতিয়ে জনসাধাৰণৰ আৰ্থ-সামাজিক স্বাৰ্থ সুৰক্ষাৰ বাবে গোট গঠনৰ ওপৰত গুৰুত্ব দিছিল। প্রত্যেক জিলা পৰিষদত সামাজিক ন্যায় সমিতি গঠন কৰি এই গোটবোৰৰ কল্যাণৰ বাবে আগ্ৰহী কৰি তুলিবলৈ পৰামৰ্শ দিছিল।

(৯) সর্বশেষত অশোক মেহতা সমিতিৰ প্ৰতিবেদনে পঞ্চায়তীৰাজ অনুষ্ঠানবিলাকক সাংবিধানিক মর্যাদা দিয়াৰ হকে পৰামৰ্শ আগবঢ়াইছিল। 

এনেদৰে মেহতা সমিতিৰ প্ৰতিবেদনখনে পঞ্চায়তীৰাজ অনুষ্ঠানসমূহৰ বিকাশৰ ক্ষেত্ৰত মেহতা সমিতিৰ প্ৰতিবেদনখনক পুনৰুজ্জীৱিত কৰি তোলে। বলৱন্ত ৰায় মেহতা আৰু অশোক মেহতাই ভাৰতৰ স্থানীয় স্বায়ত্ব শাসন ব্যৱস্থাত দুটা সৱল ভেঁটি নির্মাণ কৰিছিল।

৬৫। গাঁও পঞ্চায়তৰ ক্ষমতা আৰু কাৰ্যাৱলী সম্পর্কে আলোচনা কৰা।

উত্তৰঃ পঞ্চায়তীৰাজ ব্যৱস্থাৰ একেবাৰে তৃণমূল পৰ্যায়ৰ অনুষ্ঠানটোৱেই হৈছে গাঁও পঞ্চায়ত। স্থানীয় এলেকাৰ উন্নয়নৰ ক্ষেত্ৰত গাঁও পঞ্চায়তেই অধিক দায়বদ্ধশীল। গ্রামীণ এলেকাৰ উন্নয়নৰ বাবে ৰূপায়িত আঁচনিসমূহৰ সফল ৰূপায়ণৰ ক্ষেত্ৰতো গাঁও পঞ্চায়তবিলাক দায়বদ্ধ। তলত সাধাৰণভাৱে গাঁও পঞ্চায়তৰ ক্ষমতা আৰু কাৰ্যাৱলীবিলাক আলোচনা কৰা হ’ল—

(ক) সাধাৰণ কাৰ্যাৱলী : পঞ্চায়ত এলেকাত উন্নয়নৰ কাৰণে বাৰ্ষিক পৰিকল্পনা যুগুত কৰা বাজেট গাঁও পঞ্চায়তৰ বাৰ্ষিক বাজেট প্রণয়ন কৰা। প্রাকৃতিক দুৰ্যোগৰ ক্ষেত্ৰত জনগণলৈ সাহায্য দানৰ ব্যৱস্থা কৰা, ৰাজহুৱা সম্পত্তিৰ ক্ষেত্ৰত যিকোনো ধৰণৰ হস্তক্ষেপত বাধা দিয়া সামুহিক কাৰ্যৰ প্ৰতি জনগণৰ আগ্ৰহ বৃদ্ধি কৰা আৰু বিনামূলীয়া শ্ৰমদানৰ বাবে জনগণক আকৰ্ষিত কৰা। গাঁও সম্পৰ্কীয় আৱশ্যকীয় পৰিসংখ্যা যুগুত কৰা।

(খ) কৃষি আৰু কৃষিৰ সম্প্ৰসাৰণ সম্পৰ্কীয় কার্য : কৃষি, যোগাযোগ জলসিঞ্চন আৰু অন্যান্য কৃষি উৎপাদনৰ লগত জড়িত চৰকাৰী বিভাগসমূহৰ লগত সহযোগিতাৰে কৃষি আঁচনি যুগুত কৰা এইবিলাকৰ ৰূপায়ণৰ বাবে ব্যৱস্থা গ্ৰহণ কৰা পতিত মাটিৰ উন্নয়নৰ ব্যৱস্থা গ্ৰহণ কৰা আৰু গাঁৱৰ চৰণীয়া পথাৰ সংৰক্ষণ আৰু উন্নীতকৰণ, পৰিচালনা কৰা আৰু এইবিলাক কর্তৃত্বহীনভাৱে যাতে কোনো লোকে অধিগ্ৰহণ কৰিব নোৱাৰে, সেই বিষয়ে সতর্ক দৃষ্টি ৰখা।

(গ) পশু পালন, দুগ্ধশালাৰ উন্নয়ন, হাঁহ-কুকুৰা, মীনমহল সম্পর্কীয় কাৰ্য : পশুধন বৃদ্ধিৰ বাবে উপযুক্ত ব্যৱস্থা গ্ৰহণ কৰা, দুগ্ধ পাম, হাঁহ, কুকুৰা, গাহৰি আদি পালনৰ বাবে জনসাধাৰণক উৎসাহিত কৰা, দুগ্ধ উৎপাদন আঁচনি কার্যকৰী কৰাৰ ওপৰত গুৰুত্ব যথোচিত দিয়া; আৰু যাঁহনি পথাৰৰ ব্যৱস্থা কৰা।

(ঘ) মীনমহল সম্পৰ্কীয় কার্য : (ক) গাঁৱৰ মীনমহলৰ বিকাশ কৰা।

(ঙ) সামাজিক বনানিকৰণ : পথৰ দুয়োকাষে আৰু অন্যান্য ৰাজহুৱা স্থানত বৃক্ষ ৰোপণ কৰা আৰু ইয়াক সংৰক্ষণ কৰা খৰিৰ বাবে বৃক্ষ ৰোপণ কৰা আৰু পশুখাদ্যৰ বাবে উন্নত জাতৰ ঘাঁহ ৰোপণ কৰা; পাম বনানিকৰণৰ উন্নয়ন সাধন কৰা, সামাজিক বনানীকৰণৰ বাবে। যাৱতীয় ব্যৱস্থা গ্ৰহণ কৰা।

(চ) খাদী, গ্ৰাম্য আৰু কুটীৰ উদ্যোগ : গ্ৰাম্য আৰু কুটীৰ শিল্পৰ প্ৰসাৰ ঘটোৱা, গ্ৰাম্য জনগণৰ কল্যাণৰ বাবে তেওঁলোকৰ মাজত সজাগতা শিবিৰ, আলোচনা-চক্ৰ আৰু প্ৰশিক্ষণ কাৰ্যসূচী, কৃষি আৰু শিল্পজাত সামগ্ৰীৰ প্ৰদৰ্শনীৰ আয়োজন কৰা।

(ছ) গ্রাম্য বাসগৃহ : গাঁও পঞ্চায়তৰ অধীনৰ এলেকাত গৃহ নিৰ্মাণৰ বাবে ভূমি আবণ্টন কৰা। ঘৰ সজাৰ বাবে স্থান আৰু অন্যান্য ৰাজহুৱা সম্পত্তিৰ তথ্য-পাতি সংৰক্ষণ কৰা। 

(জ) বিশুদ্ধ খোৱা পানী যোগান : খোৱাপানী যোগানৰ বাবে কুঁৱা, পুখুৰী, নলীনাদ আদিৰ নির্মাণ, মেৰামতি আৰু পৰিচালনা কৰা, জলপ্ৰদূষণ ৰোধ আৰু নিয়ন্ত্ৰণ কৰা, গ্ৰাম্য পানীযোগান আঁচনিৰ তত্ত্বাৱধান লোৱা।

(ঝ) বাট-পথ, নলা-নৰ্দমা, দলং, জলপথ আৰু যোগাযোগৰ অন্য ব্যৱস্থাসমূহ : গ্রাম্য বাট- পথ, নলা-নৰ্দমা আৰু দলং আদিবোৰৰ নিৰ্মাণ আৰু তত্ত্বাৱধান কৰা, চৰকাৰ বা অন্যান্য অনুষ্ঠানে হস্তান্তৰ কৰা ভৱন আদি মেৰামতি কৰা। জলপথৰ মাধ্যম যেনে— নাও, ফেৰী, জাহাজ আদিৰ তত্ত্বাৱধান লোৱা।

(ঞ) গ্ৰাম্য বৈদ্যুতিকৰণ : বিজুলীচাকিৰ ব্যৱস্থা কৰিবৰ বাবে স্থান চিনাক্তকৰণ কৰা আৰু বাট-পথ তথা অন্যান্য ৰাজহুৱা ভৱন আৰু অন্যান্য ঠাইত বিজুলীচাকিৰ ব্যৱস্থা কৰা।

(ট) দৰিদ্ৰতা নির্মূলকৰণৰ কাৰ্যসূচী : দৰিদ্ৰতা দূৰীকৰণৰ আঁচনিবিলাকত গ্রাম্য জনগণৰ অংশগ্রহণ সুনিশ্চিত কৰাৰ বাবে জনগণৰ মাজত সজাগতা বৃদ্ধিকৰণৰ বাবে প্ৰচেষ্টা হাতত লোৱা, গাঁওসভাৰ মাধ্যমেৰে সংহত গ্ৰাম্য বিকাশ আঁচনিৰ অন্তৰ্গত বিভিন্ন আঁচনিৰ দ্বাৰা উপকৃত হ’বলগীয়া প্ৰকৃত হিতাধিকাৰী সকলক চিনাক্ত কৰা, বিভিন্ন আঁচনিসমূহৰ সফল ৰূপায়ণৰ বাবে জনগণৰ সহযোগৰ সুনিশ্চয়তা প্ৰদান কৰা।

(ঠ) প্রাথমিক তথা অন্যান্য শিক্ষামূলক কার্য : প্রাথমিক আৰু মাধ্যমিক শিক্ষাৰ প্ৰসাৰৰ বাবে জনগণৰ বৰ্ধিত অংশগ্ৰহণৰ লগতে জনগণৰ মাজত শিক্ষাৰ ক্ষেত্ৰত সজাগতা বৃদ্ধি কৰা আৰু প্ৰাথমিক বিদ্যালয়সমূহত ছাত্ৰ-ছাত্ৰী আৰু শিক্ষকৰ উপস্থিতি নিশ্চিতকৰণৰ ব্যৱস্থা লোৱা।

(ড) জনস্বাস্থ্য আৰু পৰিয়াল কল্যাণ : পৰিয়াল পৰিকল্পনা আঁচনি ৰূপায়ণ কৰা। সংক্রামক বোধ প্ৰতিৰোধ আৰু নিৰাময়ৰ বাবে উপযুক্ত ব্যৱস্থা কৰা, মাছ-মাংস আৰু অন্যান্য সহজতে নষ্ট হ’ব পৰা খাদ্য সামগ্ৰীৰ ওপৰত বিশেষ নীতি প্ৰৱৰ্তন কৰা মানুহ আৰু জীৱ-জন্তুৰ ৰোগৰ প্ৰতিষেধক ব্যৱস্থা কৰা; ভোজনালয় আৰু আমোদ-প্রমোদৰ বাবে প্ৰতিষ্ঠা কৰা অনুষ্ঠানসমূহ অনুজ্ঞাপত্ৰ প্ৰদান কৰা; গৰাকীবিহীন কুকুৰ নিধন কৰা; পশু চামৰা পৰিষ্কাৰ কৰা, শুকোৱা আৰু ৰং কৰা আদি কাৰ্যৰ তত্ত্বাৱধান কৰা; অপৰাধমূলক আৰু বিপদজনক ব্যৱসায়ৰ ওপৰত উপযুক্ত ব্যৱস্থা গ্ৰহণ কৰা; আৰু গাঁও পঞ্চায়তৰ অধীনস্থ এলেকাত জন্ম আৰু মৃত্যুৰ প্ৰমাণ পত্ৰ প্ৰদান কৰা।

(ঢ) মহিলা আৰু শিশুকল্যাণমূলক কার্য : মহিলা আৰু শিশুসকলৰ কল্যাণ সাধনৰ বাবে গ্ৰহণ কৰা আঁচনিসমূহৰ ৰূপায়ণত অংশগ্ৰহণ কৰা; বিদ্যালয়ত স্বাস্থ্য আৰু পৰিপুষ্টি বিষয় কাৰ্যসূচী লোৱাৰ বাবে উদ্‌গনি যোগোৱা; আৰু স্কুলীয়া ছাত্ৰ-ছাত্ৰীৰ শাৰীৰিক বিকাশৰ বাবে গ্ৰহণ কৰা আঁচনি বিলাকত অংশ গ্ৰহণ কৰা।

৬৬। ৭৪তম সংবিধান সংশোধনী আইনৰ মূল বৈশিষ্টসমূহ আলোচনা কৰা। 

উত্তৰঃ ৭৪ তম্ সংবিধান সংশোধনী আইনৰ মূল বৈশিষ্টসমূহ তলত আলোচনা কৰা হ’ল—

(ক) সাংবিধানিক মর্যাদা প্রদান : সংবিধানৰ ৭৪ তম সংশোধনীয়ে নগৰীয়া স্বায়ত্ত শাসিত অনুষ্ঠানসমূহক সংবিধানৰ নৱম-A অনুচ্ছেদৰ অধীনত গঠিত স্থানীয় প্ৰশাসনৰ সংগঠন হিচাপে সাংবিধানিক মর্যাদা প্ৰদান কৰিছে। এই সংশোধনী অনুসৰিয়েই স্থানীয় প্রশাসন ব্যৱস্থাক যুক্তৰাষ্ট্ৰীয় ব্যৱস্থাত কেন্দ্ৰ আৰু ৰাজ্য চৰকাৰৰ পিছতেই প্ৰশাসনৰ তৃতীয় ভৰৰ মৰ্যাদা দি বিকেন্দ্রীকৰণ। ব্যৱস্থাক অধিক ফলপ্রসু কৰি তোলা হৈছে।

(খ) তিনি তৰপীয়া নগৰীয়া স্বায়ত্ত শাসন ব্যবস্থা : ৭৪ তম সংশোধনী আইনখনে নগৰ। অঞ্চলত আকাৰ আৰু জনসংখ্যা অনুসৰি তিনি তৰপীয়া স্থানীয় শাসিত সংস্থা ক্ৰমে নগৰ পঞ্চায়ত, পৌৰসভা আৰু পৌৰনিগম গঠনৰ ব্যৱস্থা কৰিছে। অতি সৰু সৰু নগৰবিলাকৰ বাবে নগৰ পঞ্চায়ত, মধ্যম আকাৰৰ নগৰৰ বাবে পৌৰসভা, আৰু অতি বৃহৎ আকাৰৰ নগৰ মহানগৰসমূহৰ বাবে পৌৰনিগম গঠনৰ ব্যৱস্থা কৰিছে।

(গ)  প্রত্যক্ষ নির্ব্বাচন : ৭৪ তম সংশোধনী আইনখনে নগৰীয়া স্থানীয় স্বায়ত্ত শাসিত সংস্থাসমূহত প্রত্যক্ষ নির্বাচনৰ ব্যৱস্থা কৰিছে। অর্থাৎ নগৰীয়া স্থানীয় স্বায়ত্ব শাসনৰ লগত জড়িত অনুষ্ঠানসমূহৰ সদস্যসকলক পোনপটীয়াভাৱে নিৰ্বাচনৰ ব্যৱস্থা কৰা হৈছে।

(ঘ) আসন সংৰক্ষণৰ ব্যৱস্থা : অনুচ্ছেদ ২৪৩-T-এ নগৰ প্ৰশাসনৰ আটাইবোৰ নিকায়তে অনুসূচীত জাতি, জনজাতি আৰু মহিলাসকলৰ বাবে আসন সংৰক্ষণৰ দিহা কৰিছে। এই সংৰক্ষিত আসনৰ এক-তৃতীয়াংশ আসন অনুসূচীত জাতি আৰু অনুসূচীত জনজাতিৰ মহিলাৰ বাবে সংৰক্ষিত হ’ব। প্ৰত্যক্ষভাবে নির্বাচিত হ’ব লগা সম্পূর্ণ আসনৰ এক-তৃতীয়াংশ আসন। মহিলাসকলৰ বাবে সংৰক্ষিত হ’ব।

(ঙ) কার্যকাল : আইনখনৰ জৰিয়তে নগৰীয়া স্বায়ত্ব শাসিত সংস্থাবিলাকৰ কাৰ্যকাল ৫ বছৰীয়া কৰা হৈছে। কিন্তু কার্যকাল শেষ হোৱাৰ আগতেও ৰাজ্যিক চৰকাৰে নগৰীয়া স্বায়ত্ব শাসিত সংস্থাবিলাকৰ চৰকাৰ ভংগ কৰি দিব পাৰে। এই ক্ষেত্ৰত চৰকাৰ ভংগ হোৱাৰ ছয় মাহৰ ভিতৰত নতুনকৈ নিৰ্বাচন পাতি নগৰীয়া স্বায়ত্ব শাসিত সংস্থাবিলাক গঠন কৰাটো বাধ্যতামূলক।

(চ) ৱাৰ্ড সমিতি গঠন : ৭৪ তম সংশোধনী আইনখনে নগৰ এলেকাত ৱাৰ্ড সমিতি গঠনৰ ব্যৱস্থা কৰিছে। নগৰীয়া স্থানীয় প্ৰশাসনৰ অধীনত থকা প্ৰশাসনীয় এলেকা অনুসৰি এই ৱাৰ্ডসমূহ বিভক্ত কৰা হয়। সাধাৰণতে বৃহৎ পৰিসৰৰ নগৰৰ একোটা ৱাৰ্ডত ৩০,০০০ ৰ পৰা প্ৰায় ২,০০,০০০ পর্যন্ত জনসংখ্যা থাকে আৰু ক্ষুদ্ৰ আকাৰৰ নগৰ অঞ্চলবিলাকত ১৫০০ ৰ পৰা ৬০০০ পর্যন্ত জনসংখ্যা থাকিব।

(ছ) ৰাজ্যিক নির্বাচনী আয়োগ : এই সংশোধনী অধিনিয়মে নগৰীয়া স্থানীয় স্বায়ত্ত শাসিত সংস্থাবিলাকৰ নিৰ্বাচনৰ ভোটাৰ তালিকা প্ৰস্তুতকৰণকে আদি কৰি সকলো নগৰীয়া স্বায়ত্ত শাসিত অনুষ্ঠানৰ নিৰ্বাচন সুকলমে অনুষ্ঠিতকৰণৰ বাবে এগৰাকী ৰাজ্যিক নির্বাচনী আয়ুক্তক লৈ ৰাজ্যপালে গঠন কৰি দিয়া ৰাজ্যিক নির্বাচনী আয়োগৰ ওপৰত অধ্যক্ষতা, সঞ্চালনা আৰু নিয়ন্ত্ৰণৰ দায়িত্ব ন্যস্ত কৰিছে।

(জ) বিত্তীয় আয়োগ : নগৰীয়া স্ব-শাসিত সংস্থাসমূহৰ বিত্তীয় ব্যৱস্থাৰ ওপৰত সময়ে সময়ে পৰ্যালোচনা কৰিবলৈ আৰু এই ক্ষেত্ৰত ৰাজ্যপালক যাৱতীয় পৰামৰ্শ আগবঢ়াবলৈ লগতে অনুষ্ঠানসমূহক নিয়মীয়া বিত্ত যোগান ধৰাৰ বাবে সংশোধনী অধিনিয়মখনে এখন বিত্তীয় আয়োগ গঠনৰ ব্যৱস্থা কৰিছে।

(ঝ) কামৰ হস্তান্তৰকৰণ : বিকেন্দ্ৰীকৰণে কামৰ হস্তান্তৰকৰণক সূচায়। সংবিধানৰ ৭৪ তম সংশোধনীৰ আন এক গুৰুত্বপূর্ণ বৈশিষ্ট হ’ল যে সংবিধানৰ দ্বাদশ অনুসূচীৰ জৰিয়তে নগৰীয়া স্বায়ত্ত প্ৰশাসনলৈ ১৮ টা বিষয় হস্তান্তৰ কৰিছে আৰু এই বিষয়সমূহৰ ওপৰত নগৰীয়া স্থানীয় প্রশাসনক সম্পূৰ্ণৰূপে কৰ্তৃত্ব ন্যস্ত কৰিছে।

(ঞ) জিলা পৰিকল্পনা সমিতি : জিলাসমূহত সৰ্বতোপ্ৰকাৰৰ উন্নয়নৰ বাবে প্ৰতিখন জিলাতে জিলা পৰিকল্পনা সমিতি গঠনৰ ব্যৱস্থা কৰি সংবিধানৰ ৭৪ তম সংশোধনীয়ে ভাৰতৰ স্থানীয় শাসনব্যৱস্থাত এক ইতিহাসৰ সৃষ্টি কৰিছে। সংবিধানৰ ২৪৩-ZD নং অনুচ্ছেদত উল্লেখ আছে যে প্রত্যেক ৰাজ্যৰ স্থানীয় শাসন ব্যৱস্থাৰ বাবে জিলাবিলাকত জিলা পৰিকল্পনা সমিতি একোখন থাকিব লাগে। এই সমিতিখনৰ মূল উদ্দেশ্য হ’ল জিলাসমূহৰ অন্তৰ্গত স্থানীয় স্ব-শাসিত অনুষ্ঠানবোৰৰ উন্নয়নমূলক কাৰ্যসূচীৰ বাবে আঁচনি প্ৰস্তুত কৰা।

(ট) নগৰীয়া স্থানীয় শাসন ব্যৱস্থাত মহিলাৰ অংশগ্রহণ : ৭৪ তম সংশোধনীয়ে মহিলাসকলৰ বাবে স্থানীয় নিকায়বোৰত ৩৩% আসন সংৰক্ষণৰ ব্যৱস্থা কৰি দি মহিলাসকলক ওলাই আহিবলৈ সুযোগ প্ৰদান কৰিছে। মহিলাৰ অংশগ্ৰহণৰ প্ৰয়োজনীয়তাৰ প্ৰতি লক্ষ্য ৰাখিয়ে। কেন্দ্রীয় কেবিনেটে স্থানীয় শাসনত বর্তমানে মহিলাৰ বাবে ৩৩%-ৰ ঠাইত ৫০% আস সংৰক্ষণৰ ব্যৱস্থা কৰিলে। দেশৰ অন্য কিছুমান ৰাজ্যৰ লগতে অসমতো মহিলাৰ বাবে ৫০% আসন সংৰক্ষণৰ ব্যৱস্থা কৰা হৈছে। যাৰ ফলস্বৰূপে বর্তমানে মহিলাসকল শাসনব্যবস্থার। অংশগ্ৰহণ কৰিবলৈ ওলাই আহিবলৈ সক্ষম হৈছে।

৬৭। গাঁও পঞ্চায়ত আৰু গাঁও সভাৰ মাজৰ সম্পৰ্কৰ বিষয়ে সমালোচনা কৰা।

উত্তৰঃ গ্রাম সভা এখন সক্রিয় সংস্থা নহয়। গ্রাম সভাৰ সদস্যসকলৰ ৰাজনৈতিক জ্ঞানৰ অভাৱ আৰু চৰিত্ৰৰ পৰিপ্ৰেক্ষিতত গ্রাম সভাত সদস্যসকলৰ উপস্থিতিৰ সংখ্যা নিচেই কম পৰিলক্ষিত হয়। গ্রাম সভাত গ্ৰহণ কৰা প্ৰস্তাৱবোৰে গাঁও পঞ্চায়তৰ নেতৃবৃন্দক নিয়ন্ত্ৰণ কৰাত সহায় কৰে গ্রাম সভাৰ বৈঠক অনুষ্ঠিত কৰাৰ অধিকাৰ আছে। ই বিভিন্ন বিষয়ত গ্ৰহণ কৰা প্ৰস্তাৱবোৰৰ জৰিয়তে বেছি আকৰ্ষণীয় হৈ উঠিছে। অবশ্যে গ্রাম সভা এতিয়াও নিচেই চালুকীয় অবস্থাতে আছে। ই অধিক সবল হ’বলৈ সদস্যসকলৰ নিষ্ঠা আৰু সহযোগিতা নিতান্ত আৱশ্যক। স্থানীয় ৰাজনৈতিক শিক্ষা, উন্নয়নমূলক কাৰ্যসূচীত জনগণৰ সক্ৰিয় অংশগ্রহণ, পঞ্চায়তৰ নেতৃত্বক নিয়ন্ত্ৰণ আৰু লগতে গ্রাম সভাক প্ৰচাৰৰ জৰিয়তে অধিক সৱলীকৰণ কৰিব পৰাৰ স্থল আছে।

গ্রাম সভাৰ গুৰুত্বৰ প্ৰতি লক্ষ্য ৰাখি ইয়াৰ নিম্নলিখিত দিশ কেইটাৰ প্ৰতি যথোপযুক্ত মনোযোগ দিয়া উচিত।

(ক) গ্রাম সভাৰ বৈঠকৰ তাৰিখ আৰু স্থানৰ উল্লেখ কৰি বৈঠকৰ ১৫ দিনৰ আগেয়ে পর্যাপ্ত আৰু বহুল প্ৰচাৰৰ ব্যৱস্থা কৰিব লাগে। কিন্তু গ্রামসভাৰ বৈঠক আহ্বান কৰাৰ ক্ষেত্ৰত গাঁও পঞ্চায়তবিলাকে নীৰৱতা অৱলম্বন কৰিব খোজাৰ প্ৰৱণতা পৰিলক্ষিত হয়। থুলৰ অভাৱত যাতে সভাখন স্থগিত ৰাখিব পৰা হয় আৰু তেনেক্ষেত্ৰত পিছত থুলৰ আৱশ্যক নোহোৱাকৈ স্থগিত সভা অনুষ্ঠিত কৰিব পাৰে। সেই উদ্দেশ্যেৰে তেওঁলোকে বহুল প্ৰচাৰৰ ব্যৱস্থা নকৰাকৈয়ে গ্রামসভাৰ বৈঠক আহ্বান কৰা দেখা যায়।

(খ) কেৱল সংবিধানৰ বাধ্য-বাধকতা পালন কৰাৰ অৰ্থে গ্রামসভাৰ বৈঠক অনুষ্ঠিত কৰা অনুচিত। প্রকৃততে গ্রাম সভাখন অর্থবহ হোৱাৰ লগতেই জন অংশগ্রহণ সুনিশ্চিত কৰা উচিত। সেই উদ্দেশ্য আগত ৰাখি গ্রাম সভাৰ বৈঠক বিলাক এক সুবিধাজনক সময়ত আহ্বান কৰা প্রয়োজন যাতে স্থানীয় সকলো শ্ৰেণীৰ লোকে অংশগ্ৰহণ কৰিব পৰাৰ স্থল থাকে।

(গ) গ্রাম সভাৰ বৈঠকসমূহত বিভিন্ন চৰকাৰী বিভাগ, বিত্তীয় প্রতিষ্ঠান, সংগঠন আদিৰ সংশ্লিষ্ট চৰকাৰী আৰু বেচৰকাৰী বিষয়াবৰ্গৰ উপস্থিতিও সুনিশ্চিত কৰা নিতান্তই প্রয়োজনীয়। 

(ঘ) গ্রামসভাৰ সকলোবিলাক আলাপ-আলোচনা ইয়াৰ কাৰ্যবিৱৰণীত লিপিবদ্ধ হোৱা উচিত।

অৱশ্যে কোনো কোনো ক্ষেত্ৰত গাঁও পঞ্চায়তৰ সমগ্ৰ প্ৰশাসনীয় এলেকাক সামৰি লৈ গ্ৰামসভাৰ বৈঠক অনুষ্ঠিত কৰাটো সম্ভৱ নহ’ব পাৰে। এনে পৰিস্থিতিৰ পৰিপ্ৰেক্ষিতত দেশৰ বিভিন্ন অংশত গাঁও পঞ্চায়তৰ সমষ্টি পৰ্যায়ত গ্রাম সভাৰ বৈঠক অনুষ্ঠিত কৰা দেখা যায় । গ্রাম সভাবিলাকৰ বৈঠকবিলাকত মহিলাৰ উপস্থিতি সদায় ক্ষীণ হোৱা পৰিলক্ষিত হয়। এনে পৰিপ্ৰেক্ষিততে দেশৰ কিছুমান অঞ্চলত মহিলাৰ বাবে সুকীয়াভাবে গ্ৰাম্য সভা অনুষ্ঠিত কৰা দেখিবলৈ পোৱা যায়।

পঞ্চায়তীৰাজ ব্যৱস্থাৰ অন্তৰ্গত গ্রাম সভাবিলাকৰ সাৰ্থক আৰু অৰ্থবহ বৈঠকবিলাকৰ যোগেদিহে প্ৰশাসনৰ বিকেন্দ্ৰীকৰণ, প্ৰশাসনৰ স্বচ্ছতা, কর্তৃপক্ষসমূহৰ দায়বদ্ধতা, পৰিকল্পনাৰ বিকেন্দ্ৰীকৰণ, উন্নয়ন আৰু সম্পদ আহৰণ ইত্যাদি সকলো সম্ভৱ হ’ব পাৰে। গ্ৰামসভাৰ জৰিয়তে ৰাইজৰ অংশ গ্ৰহণেৰে কৰা ধাৰ্য কৰা পৰিকল্পনা, ৰাইজৰ অংশগ্রহণেৰে কৰা আঁচনিৰ ৰূপায়ন আৰু ৰাইজৰ অংশগ্রহণেৰে ইতিপূৰ্ব্বে কাৰ্যকৰী কৰা আঁচনিৰ মূল্যাঙ্কন হ’ব লাগে বুলি এক ধৰাবন্ধা নীতি প্রতিস্থাপিত হৈছে আৰু বাস্তৱক্ষেত্ৰত সেয়া গ্রাম সভাৰ জৰিয়তেহে সুনিশ্চিত কৰিব পৰা যাব।

৬৮। ভাৰতত গণতান্ত্রিক বিকেন্দ্ৰীকৰণৰ সুবিধাসমূহ উল্লেখ কৰা। 

উত্তৰঃ সম্প্ৰতি গণতান্ত্রিক বিকেন্দ্ৰীকৰণৰ এক গোলকীয় প্রপঞ্চ, মাত্রায়িত আৰু দৰিদ্ৰসকলৰ সৱলীকৰণৰ হকে বিভিন্ন অনুষ্ঠানৰ সক্ৰিয় ভূমিকাৰ পোষকতা কৰা এই বিকেন্দ্ৰীকৰণৰ নীতি বিকাশৰ এক তত্ত্ব ৰূপে পৰিগণিত হৈছে। এই বিকেন্দ্ৰীকৰণ হৈছে গণতন্ত্রক প্রকৃতার্থত প্রতিনিধিত্বমূলক আৰু উত্তৰদায়ী কৰি গঢ়ি তোলাৰ প্ৰধান প্ৰক্ৰিয়াস্বৰূপ। জি. শ্বাৰীৰ চেমা আৰু ডেনিচ. এ. ৰণ্ডিনেলি এ তেওঁলোকৰ ‘বিকেন্দ্ৰীকৰণ আৰু বিকাশ’ শীৰ্ষক গ্ৰন্থখনত। বিকেন্দ্ৰীকৰণৰ কিছুমান সুবিধাৰ বিষয়ে উল্লেখ কৰিছে। এই সুবিধাসমূহ নিম্নোক্তধৰণৰ—

(ক) ই ৰঙা ফিটাৰ মেৰপাকৰ পৰা প্রশাসন ব্যৱস্থাক মুক্ত কৰে।

(খ) গণতান্ত্রিক বিকেন্দ্ৰীকৰণৰ জৰিয়তেহে চৰকাৰী প্ৰাধিকাৰী আৰু স্থানীয় বাসিন্দাসকলৰ মাজৰ সঘন যোগাযোগ সম্ভৱপৰ হয়।

(গ) গণতান্ত্রিক বিকেন্দ্রীকৰণে ৰাষ্ট্ৰীয় নীতি আঁচনিসমূহ ৰাষ্ট্ৰৰ ৰাজধানীৰ পৰা অনগ্ৰসৰ অঞ্চলবিলাকলৈকে পর্যবেসিত হোৱাত সহায় কৰে।

(ঘ) বিকেন্দ্রীভূত প্রশাসন ব্যৱস্থাত সিদ্ধান্ত গ্ৰহণৰ প্ৰক্ৰিয়াত ৰাজনৈতিক, ধৰ্ম্মীয়, নৃ-গোষ্ঠ আৰু জনজাতীয় গোটসমূহৰ অধিক প্ৰতিনিধিত্বৰ নিশ্চয়তা প্ৰদান কৰে যিয়েই নেকি সম্প বিতৰণৰ ক্ষেত্ৰত সমন্যায় (Equity) প্রতিষ্ঠাত অৰিহণা যোগায়।

(ঙ)  গণতান্ত্রিক বিকেন্দ্ৰীকৰণৰ ব্যৱস্থাত স্থানীয় অনুষ্ঠানবিলাকৰ ব্যৱস্থাপকীয় আৰু কাৰি দক্ষতাৰ সামৰ্থ উন্নীত কৰাৰ স্থূল থাকে। 

(চ) ব্যৱস্থাপনাৰ শীৰ্ষ পৰ্যায়ৰ বিষয়াসকলৰ দৈনন্দিন কৰ্ম্মব্যস্ততাৰ পৰা সকাহ পোৱাৰ ফলস্বৰূপে তেওঁলোকে আন কেতবোৰ গুৰুত্বপূৰ্ণ কামত মনোনিবেশ কৰাৰ সুযোগ লাভ কৰে।

(ছ)  চৰকাৰৰ বিভিন্ন স্তৰৰ গোটবিলাকৰ মাজৰ সমন্বয় সাধন কৰাৰ নিশ্চয়তা প্রদান কৰে।  

(জ) গণতান্ত্রিক বিকেন্দ্ৰীকৰণে প্ৰশাসনত নাগৰিকৰ অংশগ্রহণ আৰু তথ্যৰ আদান প্রদানৰ আনুষ্ঠানিকতা প্ৰদান কৰে।

(ঝ) গণতান্ত্রিক বিকেন্দ্ৰীকৰণে প্ৰশাসনীয় সিদ্ধান্ত গ্ৰহণৰ প্ৰক্ৰিয়াত এলটি (Elite) সকলৰ আধিপত্যমূলক প্রভাৱ মষিমূৰ কৰাত সহায় কৰে।

(ঞ) গণতান্ত্রিক বিকেন্দ্ৰীকৰণে প্ৰশাসন ব্যৱস্থাটোক অধিক নমনীয় উদ্ভাৱনীমূলক আৰু সৃজনীমূলক চৰিত্ৰ প্ৰদান কৰে।

(ট) গণতান্ত্রিক বিকেন্দ্রীভূত প্রশাসনত কেন্দ্ৰীয় অভিকৰণ সমূহৰ তুলনাত স্থানীয় জনগণে অধিক পৰিমাণে চৰকাৰী নীতি আঁচনিৰ কাৰ্যকৰীকৰণ তদাৰকীকৰণ আৰু মূল্যায়ন কৰিব পাৰে।

(ঠ) সিদ্ধান্ত গ্ৰহণৰ প্ৰক্ৰিয়াত স্থানীয় জনগণৰ বৰ্ধিত অংশগ্রহণে ৰাজনৈতিক সুস্থিৰত বৃদ্ধিত অৰিহণা যোগাব।

(ড) গণতান্ত্রিক বিকেন্দ্ৰীকৰণে পৰিকল্পনাৰ ব্যয় সংকোচন কৰি জনসেবা তথা সামগ্ৰীসমূহৰ পৰিমাণ বৃদ্ধি কৰাৰ স্থল আছে।

৬৯। গণতান্ত্রিক বিকেন্দ্ৰীকৰণৰ ধাৰণাৰ গুৰুত্বপূৰ্ণ পন্থাসমূহ আলোচনা কৰা। 

উত্তৰঃ গণতান্ত্রিক বিকেন্দ্ৰীকৰণৰ ধাৰণাৰ গুৰুত্বপূৰ্ণ পন্থাসমূহ তলত আলোচনা কৰা হ’ল–

(ক) ই খাদ্য, গৃহ আৰু পানীৰ দৰে মৌলিক ৰাজহুৱা সামগ্ৰীসমূহৰ প্ৰদানৰ প্ৰয়োজনীয়তা লগতে ইয়াক যিমান সম্ভৱ সিমান প্ৰশাসনৰ স্থানীয় গোটৰ দ্বাৰা প্ৰদান কৰা। 

(খ) উন্নয়নশীল ৰাষ্ট্ৰৰ অধিকাংশ জনসাধাৰণে গ্রামীণ এলেকাত বসবাস কৰে, যিসমূহ পুৰৱৰ্তী চহৰীয়া আৰু গ্ৰামীণ এলেকাত অৱস্থিত আৰু ৰাষ্ট্ৰীয় ৰাজধানীৰ পৰা দূৰৈত অৱস্থিত। প্রশাসনে গ্রামীণ এলেকাত অধিক মনোনিৱেশ কৰাৰ লগতে এইসমূহক ৰাষ্ট্ৰৰ সৈতে সামুহিকভাৱে একত্ৰিত কৰিব লাগিব।

(গ) বহুতো দেশত, সামাজিক অসমতাই নৃতাত্ত্বিক, ভাষিক আৰু ধৰ্ম্মীয় পাৰ্থক্যৰ সৃষ্টি কৰে। আঞ্চলিক বিভিন্নতাৰ প্ৰতি সঁহাৰি জনাই প্ৰশাসনে বিকেন্দ্ৰীকৰণৰ ওপৰত অধিক ধ্যান আকৰ্ষণ কৰিব লাগিব।

(ঘ) আঞ্চলিক আৰু স্থানীয় সম্পদসমূহ এলেকা উন্নয়ন আৰু অৱস্থানৰ বাবে ব্যৱহাৰ কৰিব পাৰি। বিকেন্দ্ৰীকৰণে, সেয়েহে স্থানীয় সম্পদৰ সহায়ত স্থানীয় পৰিকল্পনা আৰু উন্নয়নৰ সহায় কৰে। পৰিকল্পনা সেয়েহে অধিক বাস্তবায়ন হৈ পৰে আৰু ৰাজনৈতিক সমর্থন লাভ কৰে। প্ৰশাসনিক দৃষ্টিভংগীৰ পৰা, স্থানীয় সিদ্ধান্ত গ্রহণক বহনশীল অংশগ্ৰহণৰ জৰিয়তে বৃদ্ধি হয়। বিকেন্দ্ৰীকৰণে স্থানীয় শক্তি মুকলি কৰাৰ আশা কৰাৰ লগতে উন্নয়নমূলক কাৰ্যৰ বাবে স্থানীয় সম্পদৰ স্থানীয় সম্প্রদায়ে লাহে লাহে ৰাজনৈতিক আৰু প্ৰশাসনিক প্ৰাপ্যতাৰ সৃষ্টি কৰে।

(ঙ) কেন্দ্ৰীয় ৰাজ্যিক সংস্থানসমূহৰ নীতি আৰু কাৰ্যসূচীৰ ৰূপায়নৰ বাবে “সময় আৰু জ্ঞানৰ স্থান”ৰ অভাৱ হয় যিটোৱে জনসাধাৰণৰ ‘প্রকৃত’ প্রয়োজনীয়তা আৰু অগ্ৰাধিকাৰক প্রতিফলিত কৰে।

(চ) ৰাজ্যসমূহ (আদেশ আৰু নিয়ন্ত্ৰণ নীতিসমূহৰ ভিত্তিত) বজাৰৰ পৰা গুণগতভাবে পৃথক আৰু স্বেচ্ছাসেৱী সংগঠনসমূহ। এই দিশত লক্ষ্য কৰি, ৰাজ্যসমূহৰ শিথিলতাৰ অভাৱ আৰু নিৰ্দিষ্ট ধৰণৰ সামগ্ৰী আৰু সেৱা প্ৰদান কৰে, বিশেষকৈ বৃহৎ তথ্য প্রয়োজনীয়তাৰ সৈতে। বিকেন্দ্ৰীকৰণে স্থানীয় প্রয়োজনীয়তা আৰু অগ্ৰাধিকাৰৰ সংশোধনযোগ্য প্ৰতিষ্ঠানৰ সৃষ্টি কৰে।

(ছ) অবাধ কর্তৃত্ব আৰু অপর্যাপ্ত পাৰিতোষিকে (দৰমহা, পদোন্নতিৰ নীতি আৰু তেনেধৰণৰ) চৰকাৰী বিষয়ৰীয়াৰ উদগনি যোগায়। তাত্ত্বিকভাবে, বিকেন্দ্ৰীকৰণে আনুষ্ঠানিক ব্যৱস্থাপনাৰ সৃষ্টি কৰি এই সুযোগসমূহৰ আওকাণ কৰিব পাৰে। নাগৰিক আৰু চৰকাৰী কৰ্মচাৰীৰ মাজত সম্পৰ্কৰ সৃষ্টি কৰি, প্ৰথমজনক দ্বিতীয়জনৰ ওপৰত প্ৰতিবন্ধকতা আৰোপ কৰাৰ ক্ষমতা প্ৰদান কৰা (যেনে— ভোটদান, উচ্চ-স্তৰৰ কৰ্তৃপক্ষৰ পুনৰ গঠন কৰি)।

৭০। গ্রাম সভাৰ কাৰ্যাৱলী ব্যাখ্যা কৰা।

উত্তৰঃ গ্রাম সভাৰ কাৰ্যাৱলীৰ ক্ষেত্ৰত ৰাজ্যসমূহৰ মাজত যথেষ্ট মিল দেখা যায়। ভাৰতবৰ্ষৰ মায়বোৰ ৰাজাতে গ্রাম সভাসমূহে মূলতঃ নিম্নোক্ত কার্যবলীসমূহ সম্পাদন কৰা দেখা যায়—

(ক) বাৰ্ষিক আয়-ব্যয়ৰ হিচাপ পৰীক্ষা কৰা।

(খ) নতুন কৰ ধাৰ্য কৰা অথবা প্রচলিত থকা কৰৰ বৃদ্ধিৰ প্ৰস্তাৱৰ ওপৰত বিচাৰ বিবেচনা কৰা।

(গ) বিভিন্ন গ্রামোন্ননয়নমূলক আঁচনিসমূহৰ ৰূপায়নৰ বাবে প্ৰকৃত হিতাধিকাৰী বাঁচনি কৰা। 

উল্লেখযোগ্য যে উপৰোক্ত গুৰুত্বপূৰ্ণ কাৰ্যাৱলীসমূহৰ উপৰিও গ্রাম সভাসমূহে ৰাজ্যভেদে ভিন ভিন কার্য সম্পাদন কৰিবলগীয়া হয়। উদাহৰণস্বৰূপে, ১৯৯৪ চনৰ অসম পঞ্চায়তীয় আইনেও ইয়াৰ ১০ নং দফাৰ জৰিয়তে গ্রাম সভা সমূহক কেতবোৰ দায়িত্ব অর্পণ কৰিছে সেইবোৰ হ’ল—

(১) স্বেচ্ছামূলক শ্রমক উৎসাহ উদ্দীপনা যোগোৱা আৰু সামূহিক কল্যাণকামী কা সম্পাদনৰ বাবে যাৱতীয় নগদ ধন বা অন্যান্য দান-বৰঙণিৰ বাবে জনসাধাৰণক আগ্ৰহী কি তোলা।

(২) গাঁও সমূহলৈ আগবঢ়োৱা উন্নয়নমূলক আঁচনিসমূহৰ সফল ৰূপায়নৰ বাবে হিতাধিকাৰ বাছি উলিওৱা। এইক্ষেত্ৰত যদিহে গ্রাম সভাই নিৰ্ধাৰিত সময়সীমাৰ ভিতৰত হিতাধিকাৰী বাি উলিওৱাত সফল হ’ব নোৱাৰে তেন্তে সংশ্লিষ্ট গাঁও পঞ্চায়তৰ সভাপতি আৰু উন্নয়নখণ্ড প্ৰাধিকাৰীৰ লগত আলোচনা কৰি গাঁও পঞ্চায়তৰ সম্পাদকে হিতাধিকাৰী চিনাক্ত কৰিব।

(৩) গাঁৱৰ উন্নয়নমূলক আঁচনিসমূহ ৰূপায়ণত সকলো প্ৰকাৰে সহায়-সহযোগিতা আগবঢ়োর আৰু গাঁৱত সেৱামূলক কাম-কাজসমূহ সম্পাদন কৰা।

উল্লেখনীয় যে অসম পঞ্চায়ত আইন ১৯৯৪ চনৰ ৪ নং দফাৰ (iii) ক, খ, গ আৰু যতো গ্রামসভাক কিছু অতিৰিক্ত দায়িত্ব অর্পণ কৰাৰ বিষয়েও প্ৰসংগক্রমে উল্লেখ কৰা হৈছে। 

সেইবোৰ হৈছে নিম্নোক্ত ধৰণৰ–

(ক) বিগত বছৰৰ গাঁও পঞ্চায়তৰ উন্নয়নমূলক কাম-কাজৰ লগত জড়িত প্রতিবেদন আৰু চলিত বছৰত ধাৰ্য কৰিবলৈ লোৱা বিভিন্ন উন্নয়নমূলক কাম-কাজৰ আঁচনিসমূহৰ ক্ষেত্ৰত বিচাৰ বিশ্লেষণ কৰি যাৱতীয় পৰামৰ্শ আগবঢ়োৱা।

(খ) গাঁৱৰ সকলো শ্ৰেণীৰ লোকৰ মাজত ঐক্য সম্প্ৰীতি ৰক্ষা কৰাত উৎসাহ আৰু উদ্দীপনা যোগোৱা।

(গ) উপৰোক্ত বিষয়সমূহৰ লগত জড়িত আনুষংগিক দিশবিলাকৰ বাবে আৱশ্যকীয় কাৰ্যসমূহ সম্পাদন কৰা।

৭১। নগৰ সমিতিৰ ক্ষমতা আৰু কাৰ্যাৱলীসমূহ আলোচনা কৰা।

উত্তৰঃ নগৰ সমিতিৰ ক্ষমতা আৰু কাৰ্যাৱলীসমূহ তলত আলোচনা কৰা হ’ল— 

প্রত্যেক নগৰ পঞ্চায়তে দুই ধৰণৰ কাৰ্য সম্পাদন কৰিব লাগে— বাধ্যতামূলক কাৰ্য আৰু স্বতন্ত্ৰতামূলক কার্য। নগৰ পঞ্চায়তে সম্পাদন কৰিবলগীয়া বাধ্যতামূলক কাৰ্যসমূহ হ’ল-

(ক) পানী যোগান : নগৰৰ পঞ্চায়তৰ প্রশাসনিক এলেকাভুক্ত সকলো লোকৰ বাবে বিশুদ্ধ খোৱাপানী যোগান ধৰাৰ বাবে প্ৰয়োজনীয় সকলো উৎসৰ ব্যৱস্থা কৰা। নগৰ পানী যোগান আঁচনি ৰূপায়ণৰ জৰিয়তে সকলো লোকৰ বাবে পানী যোগান সুনিশ্চিত কৰাটো নগৰ সমিতিৰ অন্যতম প্রধান কর্তব্য।

(খ) নলা-নৰ্দমাৰ ব্যৱস্থা : নগৰ পঞ্চায়তৰ আন গুৰুত্বপূৰ্ণ কাৰ্য হ’ল নগৰাঞ্চলৰ বাবে নলা-নৰ্দমাৰ ব্যৱস্থা কৰা। নলা-নৰ্দমাৰ ব্যৱস্থাকৰণৰ জৰিয়তে নগৰাঞ্চলৰ দুষিত পানী বাহিৰলৈ ওলাই যোৱাৰ ব্যৱস্থা কৰি নগৰখন চাফ-চিকুণকৈ ৰখাৰ দায়িত্ব নগৰ পঞ্চায়তৰ।

(গ) বাট-পথৰ আৱৰ্জনা সংগ্ৰহকৰণ : ৰাজহুৱা বাট-পথৰ দূষিত আৱৰ্জনাসমূহ সংগ্ৰহৰ ছৰিয়তে নগৰ অঞ্চল চাফ-চিকুনকৈ ৰখা; বাট-পথত পৰি থকা গৰাকীবিহীন পশু বা জীৱ- জন্তুৰ শৱদেহৰ উচিত ব্যৱস্থা কৰা।

(ঘ) বাট-পথত পোহৰৰ ব্যৱস্থা : ৰাষ্ট্ৰীয় আৰু ৰাজ্যিক ৰাজহুৱা ঘাইপথসমূহৰ বাহিৰে সংশ্লিষ্ট নগৰ পঞ্চায়তৰ অধীনত থকা বাকী বাট-পথসমূহত পোহৰৰ ব্যৱস্থা কৰা।

(ঙ) স্বাস্থ্য আৰু অনাময় ব্যৱস্থা : স্বাস্থ্য কল্যাণ কাৰ্যসূচী ৰূপায়ণ কৰা, স্বাস্থ্য সংক্রান্তীয় প্ৰতিৰোধক আৰু চিটাৰ ব্যৱস্থা কৰা; স্বাস্থ্য ৰক্ষা আৰু পৰিস্কাৰ-পৰিচ্ছন্নতাৰ বাৰে বিধিগত ব্যৱস্থা কৰা; আৰু চৰকাৰে লোৱা সম্পূর্ণ অনাময় আঁচনিৰ সফল কাৰ্যকৰীকৰণত সহায় কৰা।

৭২। নগৰ পঞ্চায়তৰ স্বেচ্ছাধীন কাৰ্যাৱলীসমূহ আলোচনা কৰা।

উত্তৰঃ নগৰ পঞ্চায়তৰ স্বেচ্ছাধীন কাৰ্যাৱলীসমূহ তলত আলোচনা কৰা হ’ল–

(ক) প্রাথমিক শিক্ষা : প্রাথমিক বিদ্যালয় স্থাপনকে ধৰি অন্যান্য শিক্ষামূলক কাম-কাজত উৎসাহ যোগোৱা; সকলো শিশুৱে যাতে বিনামূলীয়াকৈ প্ৰাথমিক শিক্ষা লাভ কৰিব পাৰে তাৰ বাবে সজাগতাৰ সৃষ্টি কৰা, আৰু শিক্ষামূলক কাম-কাজসমূহৰ যথাযথ তদাৰক কৰা ইত্যাদি।

(খ) সামাজিক আৰু অৰ্থনৈতিক উন্নয়ন পৰিকল্পনা : নগৰ পঞ্চায়তৰ এলেকাধীন অঞ্চলটোৰ সামাজিক আৰু অৰ্থনৈতিক উন্নয়নৰ বাবে যাৱতীয় পৰিকল্পনা প্ৰস্তুত কৰা। নগৰ পঞ্চায়তে নিজৰ অঞ্চলৰ সামাজিক আৰু অৰ্থনৈতিক দিশৰ লগত জড়িত সমস্যাসমূহ সমাধানৰ বাবে পৰিকল্পনা প্ৰস্তুত কৰি আঁচনি গ্ৰহণ কৰাৰ ক্ষেত্ৰত চৰকাৰক সহায় পাৰে।

(গ) বস্তি অঞ্চলৰ উন্নতকৰণ : নগৰ অঞ্চলৰ বক্তি এলেকাসমূহৰ পৰিবেশ উন্নতকর বাবে নগৰ পঞ্চায়তে ব্যৱস্থা গ্ৰহণ কৰিব পাৰে। বস্তিপ্রধান অঞ্চলসমূহত বিভিন্ন আঁচনি জৰিয়তে তেনে এলেকাসমূহৰ সম্প্ৰসাৰণ ৰোধ কৰিবৰ বাবে নগৰ পঞ্চায়তে যাৱতীয় পদক্ষে হাতত ল’ব পাৰে।

(ঘ) নগৰ বনানীকৰণ : নগৰ অঞ্চলত বনানীকৰণৰ বাবে বৃক্ষ ৰোপণৰ কাৰ্যসূচী ৰূপায় কৰা; বৃক্ষ ৰোপণৰ পৰিকল্পনা আৰু পৰিচালনা কৰা আৰু বৃক্ষ ধ্বংসৰ বিৰোধিতাৰ সামাজিক সচেতনতাৰ সৃষ্টি কৰা।

(ঙ) নগৰ দৰিদ্ৰতা দূৰীকৰণ : নগৰৰ দৰিদ্ৰতা দূৰীকৰণৰ বাবে কাৰ্যসূচী পৰিকল্পনা ৰূপায়ণ আৰু পৰিদৰ্শন কৰা।

(চ) মেলাৰ সংগঠন আৰু পৰিচালনা : নগৰ পঞ্চায়তৰ অধীনৰ এলেকাত মেলাৰ আহ্বান কৰা, মেলাসমূহৰ পৰিচালনা কৰা, আৰু হাট-বজাৰৰ ব্যৱস্থা আৰু পৰিচালনা কৰা।

(ছ) গা ধোৱা ঘাট : মানুহ, জীৱ-জন্তু আদিয়ে গা ধোৱা ঘাটসমূহ পৰিষ্কাৰকৈ ৰখা অ তাৰ বাবে কাৰ্যসূচী ৰূপায়ণ কৰি পৰিচালনা কৰা।

৭৩। পৌৰনিগমৰ কাৰ্যাৱলীসমূহ বিস্তৃতভাবে আলোচনা কৰা। 

উত্তৰঃ পৌৰনিগমৰ কাৰ্যাৱলীসমূহ বিস্তৃতভাৱে তলত আলোচনা কৰা হ’ল—

(ক) বাধ্যতামূলক কাৰ্যাৱলী : পৌৰ নিগমক সাধাৰণতে তলত উল্লেখ কৰা কাৰ্য বিলাককে ন্যস্ত কৰা হয়, খোৱাপানী যোগান; বিজুলী যোগান; পথ পৰিবহণ সেৱা, ৰাজত্ব পথ নিৰ্মাণ, মেৰামতি, নামাকৰণ কৰা ইত্যাদি: ৰাজহুৱা পথত বিজুলী চাকিৰ ব্যৱস্থা আৰু পৰিষ্কাৰ কৰি ৰখা, নলা নৰ্দমা নিৰ্মাণ আৰু পৰিষ্কাৰ কৰিব ৰথা আৰু ৰাজহুৱা স্থান প্ৰসাৱঘৰ আৰু শৌচাগাৰ নিৰ্মাণ কৰা, গেলা পঁচা বস্তু আৰু জাবৰ জোঁথৰ নিগম এলেকা পৰা আঁতৰাই পেলোৱা। বিপদজনক গৃহ ভাঙি পেলোৱা, ৰাস্তাত বাধা পৰিলে বাধা আ কৰা, চিকিৎসালয়, প্রসূতি গৃহ আৰু শিশু কল্যাণ কেন্দ্ৰ স্থাপন আৰু পৰিচালনা কৰা; মাৰাজা আৰু সংক্ৰামক ৰোগ বিয়পাত বাধা দিয়াৰ বাবে ব্যৱস্থা লোৱা; বসন্ত ৰোগ নিবাৰণৰ বাে বেজি, ছিতা আদি দিয়া; জন্ম মৃত্যুৰ পঞ্জীয়ন কৰা, শ্মশানৰ ব্যৱস্থা কৰা প্ৰাথমিক শিক্ষা প্রসারণ ব্যৱস্থা লোৱা; অগ্নিনির্বাপক ব্যৱস্থা গ্ৰহণ কৰা; আৰু নিগমৰ বছৰেকীয়া প্ৰতিবেদন যুক্ত কৰা।

(খ) ইচ্ছাধীন কাৰ্যাৱলী : ৰাজহুৱা উদ্যান, বাগিচা, পুথিভড়াল, যাদুঘৰ, নাট্যশালা, আখৰা ঘৰ, সংগ্ৰহালয় আৰু ষ্টেডিয়াম নির্মাণ কৰা, ৰাজা ভৱন নিৰ্মাণ কৰা, ৰাস্তাৰ দাঁতিত গছপুলি ৰোপণ কৰা আৰু যত্ন লোৱা; শাৰীৰিকভাবে অক্ষম লোকক সহায় কৰা গৰাকীহীন কুকুৰ, গাহৰী আৰু জন্তু আটক কৰা আৰু নিধন কৰা; বিশিষ্ট লোকক সম্মান প্ৰদৰ্শনৰ ব্যৱস্থা কৰা; বিবাহ পঞ্জীয়ন কৰা, বাসগৃহ আৰু ভূমি জৰীপ কৰা আৰু মেলা, প্ৰদৰ্শনী আদি অনুষ্ঠিত কৰা।

(গ) পৌৰ নিগমৰ আয়ৰ উৎস : পৌৰ নিগমৰ আয়ৰ উৎসক দুটা ভাগত ভগাব পাৰি— (১) কৰ আৰোপৰ জৰিয়তে সংগ্ৰহ কৰা ৰাজহ আৰু (২) অন্যান্য ধৰণে সংগ্ৰহ কৰা ৰাজহ। পৌৰ নিগমে অন্যান্য ধৰণে সংগ্ৰহ কৰা ৰাজহৰ ভিতৰত বিশেষভাৱে আছে মাছুল জৰিমনা, অনুদান আৰু দান বৰঙণি। অৱশ্যে নিগমে কৰৰ জৰিয়তেই অধিক পৰিমাণৰ ৰাজহ সংগ্ৰহ কৰে।

পৌৰ নিগম কৰ্তৃপক্ষক সাধাৰণতে তলত উল্লেখ কৰা কৰসমূহকে সংগ্ৰহ কৰিবলৈ ক্ষমতা দিয়া হয়:

সম্পত্তি কৰ; যানবাহন আৰু জীৱজন্তুৰ ওপৰত লগোৱা কৰ; জাননী কৰ (বাতৰি কাকতৰ বাহিৰে), ব্যৱসায় কৰ; শিক্ষা কৰ, আমোদ কৰ; বৈদ্যুতিক কৰ, আৰু প্ৰমোদ কৰ। এইবিলাকৰ উপৰিও সম্পত্তি হস্তান্তৰ আৰু স্থানান্তৰ কৰাৰ ক্ষেত্ৰত ৰাজ্য চৰকাৰে সংগ্ৰহ কৰা পুঁজি পৌৰ নিগমলৈ হস্তান্তৰ কৰে।

(ঘ) সমিতি : কেন্দ্রীয় আৰু ৰাজ্যিক চৰকাৰে যিবিলাক কাৰণত সমিতি গঠন কৰিবলৈ বাধ্য হৈছে ঠিক একেবিলাক কাৰণতে পৌৰ নিগমৰ পৰিষদবিলাকেও সমিতি গঠন কৰিবলৈ বাধ্য হৈছে। কেন্দ্ৰ আৰু ৰাজ্য চৰকাৰৰ কাম-কাজবিলাক বৃদ্ধি পাই যোৱাৰ লগে লগে পৌৰ নিগম বিলাকৰ কাম-কাজো বৃদ্ধি পাবলৈ ধৰিছে। কেৱল বৃদ্ধি পোৱাই নহয়, জটিল ধৰণৰো হৈ পৰিবলৈ ধৰিছে। সেয়ে কেন্দ্ৰীয় আৰু ৰাজ্য চৰকাৰৰ দৰে পৌৰ নিগমৰ পৰিষদবিলাকেও জটিল প্ৰকৃতিৰ কাম-কাজবিলাক দক্ষতাৰে বিচাৰ কৰাৰ অৰ্থে সমিতি গঠন কৰাতো অপৰিহাৰ্য হৈ পৰিছে। পৌৰ নিগম পৰিষদে গঠন কৰা সমিতিবিলাকক দুটা ভাগত ভাগ কৰিব পাৰি : (১) বিধিসম্মত সমিতি আৰু (২) অ-বিধিসম্মত সমিতি। বিধানসন্মত সমিতিবিলাক গঠন কৰিবলৈ নিগমৰ পৰিষদ বাধ্য। ইয়াৰ উপৰিও ৰাজ্য চৰকাৰৰ অনুমতি সাপেক্ষে বিশেষ কোনো কামৰ বাবে সমিতি গঠন কৰিবলৈ পৰিষদক কর্তৃত্ব দিয়ে।

উল্লেখযোগ্য যে এই সমিতিবিলাকৰ ভিতৰত ক্ষমতা আৰু কাৰ্যাৱলী উভয় ফালৰ পৰা স্থায়ী সমিতিখনেই আটাইতকৈ গুৰুত্বপূৰ্ণ আৰু শক্তিশালী।

স্থায়ী সমিতিখনৰ সদস্য সংখ্যা সকলোতে একে নহয়। এই সমিতিখনৰ সদস্য জনৰ পৰা ১৬ জনলৈকে হোৱা দেখা যায়। এই সমিতিখনৰ সদস্যসকলৰ কাউন্সিলাৰসকলে তেওঁলোকৰ মাজৰ পৰা নিৰ্বাচন কৰে। প্ৰতি বছৰে এই সমিতিখনৰ অন সংখ্যক সদস্যই অৱসৰ গ্ৰহণ কৰে। এই সমিতিখনে সংবিধানৰ জৰিয়তে ন্যস্ত কৰা স ক্ষমতা প্রয়োগ কৰাৰ লগতে যাৱতীয় কাম-কাজ পৰিচালনা কৰে।

এইবিলাকৰ উপৰিও স্থায়ী সমিতিখনে পৰিষদ আৰু আয়ুক্তজনৰ মাজত এক যোগ-সূত্র স্থাপন কৰে। এইখিনিতে উল্লেখ কৰিব পাৰি যে পৰিষদখনৰ আকাৰ যথেষ্ট ডাঙৰ হোৱাৰ বাবে পৰিষদখনে সঘনে সভা অনুষ্ঠিত কৰাতো সম্ভৱ নহয়। ফলত, পৰিষদখানে বিভিন্ন বিষয়বিলাকৰে লগতে প্ৰশাসনৰ লগত জড়িত বিষয়বিলাকো স্থায়ী সমিতিলৈ ঠেলি দিয়ে। স্থায়ী সমিতি গ্ৰহণ কৰা সিদ্ধান্তবিলাকৰ প্ৰায় সকলোতে পৰিষদৰ অনুমোদনৰ আৱশ্যক হয় যদিও সাধাৰণ সমিতিৰ সিদ্ধান্তকেই পৰিষদে গ্ৰহণ কৰা দেখা যায়। নিগমৰ আয়ুক্তজনে এই স্থায়ী সমিতিখন লগত এক নিকট সম্পৰ্ক ৰক্ষা কৰে।

৭৪। বিত্তীয় প্ৰশাসনৰ মূল কাৰ্যসমূহ কি কি? 

উত্তৰঃ বিত্তীয় প্ৰশাসনৰ মূল কাৰ্যসমূহ হৈছে—

(ক) বিত্তীয় পৰিকল্পনা : বিত্তীয় প্ৰশাসনক চৰকাৰৰ কেন্দ্ৰবিন্দু বুলিব পাৰি। ৰাজহ সম্পৰ্কে উদ্ভাৱন কৰা তত্ব সমাজৰ ওপৰত ৰাজহৰ প্ৰভাৱ, ধাৰ নীতি, আদি বিভিন্ন জটিল বিষয় লগত বিত্তীয় প্রশাসন জড়িত।

(খ) বাজেট নিৰ্দ্ধাৰণ : বাজেট হৈছে এখন কামৰ আঁচনি বা দলিল। যোৱা বছৰৰ ৰাজহ আৰু ব্যয়ৰ ভিত্তিত চলিত বছৰৰ আনুমানিক ব্যয় আৰু আয়াৰ বিষয় ইয়াত উল্লেখ কৰা হয়।

(গ) নিৰ্ধাৰিত পুঁজি উপযুক্তভাবে ব্যয় : বাজেটৰ নিৰ্ধাৰিত পুঁজি উপযুক্তভাৱে ব্যয় কৰি আৰু নিৰ্ধাৰিত কৰ সংগ্ৰহ কৰি বাজেট কার্যকৰণ কৰা হয়।

(ঘ) বিনিয়োগ সম্পর্কে নির্ণয় : কোষাগাৰ পৰিচালনা অর্থাৎ সংগ্ৰহ কৰা ৰাজহ হেৰুৱাব নোৱাৰাকৈ জমা কৰা হয় আৰু প্রয়োজন মতে বিতৰণ কৰা হয়।

(ঙ) ব্যয় নিয়ন্ত্রণ : দেশৰ বিত্তীয় প্ৰশাসনৰ বিষয়ত বিস্ত বিভাগে গুৰুত্বপূৰ্ণ ভূমিকা গ্রহণ কৰে। বিত্ত বিভাগে চৰকাৰী ধন খৰচৰ ওপৰত নিয়ন্ত্ৰণ চলায়। চৰকাৰৰ বিভিন্ন বিভাগৰ মাজত বিত্ত বিভাগে সমন্বয় ৰক্ষা কৰি খৰচৰ বিষয়ত নিয়ন্ত্ৰণ চলায়। চৰকাৰী ধন খৰচৰ বিষয়ত যাতে মিতব্যয়ীতা অৱলম্বন কৰা হয়, সেই বিষয়ত বিত্ত বিভাগে দৃষ্টি ৰাখে।

(চ) আয়-ব্যয় পৰীক্ষা : কাৰ্যপালিকাই পুঁজি সংগ্ৰহৰ আৰু খৰচৰ হিচাপ ৰক্ষা কৰে আৰু হিচাপৰ উপযুক্ত পৰীক্ষা কৰে।

৭৫। ৰাজেট কি কি নীতিৰ ওপৰত ভিত্তি কৰি তৈয়াৰ কৰা হয়? 

উত্তৰঃ ৰাজেট প্রণয়নৰ বাবে প্ৰয়োজন হোৱা নীতিসমূহ হৈছে—

(ক) বাজেট পৰিকল্পনা : বাজেট পৰিকল্পনাৰ লগত সম্পৰ্কে ৰাখি প্ৰণয়ন কৰিব লাগে। কিয়নো পৰিকল্পনা আঁচনি বাজেটৰ লগত সম্পূৰ্ণ সম্পর্কযুক্ত। অর্থাৎ পৰিকল্পনা আঁচনি আৰু বাজেট একেটা মুদ্ৰাৰে দুয়ো পিঠি। গতিকে বাজেট প্রস্তুত কৰিবলৈ অৰ্থনৈতিক আৰু বিত্তীয় বিষয়ৰ বিশেষ কাৰিকৰী জ্ঞানৰ উপৰিও চৰকাৰী আৰু বেচৰকাৰী নিৰ্ভৰযোগ্য তথ্য আৰু পৰিসংখ্যাৰ প্ৰয়োজন হয়।

সু-পৰিকল্পিতভাৱে প্ৰস্তুত কৰা বাজেটৰ কাৰ্যকৰীকৰণৰ যোগেদি উৎপাদন বৃদ্ধি। মুদ্রাস্ফীতি হ্রাস ৰুদ্ধকৰণ, নিবনুৱা সমস্যা সমাধানৰ ব্যৱস্থা আদি প্রয়োজনীয় সামাজিক আৰু অৰ্থনৈতিক লক্ষ্যসমূহ লাভ কৰিব পাৰি।

(খ) হন্তলিত বাজেট : বাজেটৰ ৰাজহ আৰু ব্যয়ৰ পৰিমাণ সমান হোৱাকে হন্তলিত বাজেট বোলে। বাজেট প্রণয়নৰ ক্ষেত্ৰত ৰাজহৰ পৰিমাণতকৈ প্ৰকল্পিত ব্যয়ৰ পৰিমাণ বেছি হ’ব নালাগে। যদি প্রকল্পিত ৰাজহতকৈ ব্যয়ৰ পৰিমাণ কম হয় তেন্তে সেই বাজেটক বাহি বাজেট বুলি কোৱা হয় আৰু যদি আয়ৰ পৰিমাণতকৈ ব্যয়ৰ পৰিমাণ অধিক হয় তেন্তে সেই বাজেটক ঘাটি বাজেট বুলি কোৱা হয়। অর্থনৈতিক বিকাশৰ বাবে ঘাটি বাজেট প্রয়োজন হয় যদিও অত্যাধিক বা ধাৰাবাহিকভাৱে হোৱা অপৰিকল্পিত ঘাটি বাজেটৰ ফলত মূল্য বৃদ্ধি, মুদ্রাস্ফীতি আদিয়ে দেশৰ অন্যায় সাধনো কৰিব পাৰে।

(গ) নগদ ভিত্তিক বাজেট : বাজেট প্রণয়নৰ আন এটা ভিত্তি হ’ল নগদ ভিত্তিক বাজেট। প্রকৃত ব্যয় কৰিব লগা পৰিমাণৰ ওপৰত প্ৰকল্পিত ব্যয় আৰু আচলতে হ’ব পৰা আয় পৰিমাণৰ ওপৰত প্ৰকল্পিত আয় নিৰ্দ্ধাৰণ কৰি প্ৰস্তুত কৰা বাজেটক নগদ ভিত্তিক বোলা হয়। এই নীতিৰ ওপৰত ভিত্তি কৰি বাজেট অর্থাৎ বাজেট প্রণয়ন কৰিব পাৰি।

(ঘ) ৰাজহ আৰু মূলধন বাজেট : চলিত ব্যয় আৰু মূলধন প্রাপ্তিৰ ব্যয়ক নিৰ্দিষ্ট কৰি দেখুৱাই বাজেট প্রস্তুত কৰাও দেখা যায়। জমা, ঋণ, সম্পত্তি বিক্ৰীৰ ধন চলিত আয়ৰ অন্তৰ্ভুক্ত কৰা নহয়। সেইদৰে ঋণ পৰিশোধ বা পুঁজি বিনিয়োগ আদি ব্যয়কো চলিত ব্যয় বুলি ধৰা নহয়। চলিত আৰু মূলধন বিষয়বোৰৰ মাজত প্ৰভেদ দেখুৱাই বাজেট প্রস্তুত নকৰিলে বিত্তীয় বছৰটোৰ আচল ছবি দেখিবলৈ পোৱা নাযায়।

(ঙ) স্থূল বাজেট : সমস্ত জমা আৰু ব্যয় সুস্পষ্টভাৱে দেখুৱাই বাজেট প্রস্তুত কৰাকে স্থল বাজেট বোলা হয়। মুঠ হিচাপ দেখুৱাই বাজেট প্রস্তুত কৰিব নোৱাৰিলে শিথিল বিত্তীয় নিয়ন্ত্ৰণ  আৰু সম্পূৰ্ণ হিচাপ আদি নানা খেলি-মেলিৰ সৃষ্টি হ’ব পাৰে।

(চ) প্রকৃত প্রকল্পিত বাজেট : বাজেট প্রণয়নৰ ক্ষেত্ৰত আন এটা পালন কৰিবলগীয়া নীতি হ’ল প্রকৃত প্রকল্পিত বাজেট। বাজেটৰ প্ৰকল্পসমূহ অধিক পৰিমাণৰ বা নিম্ন পৰিমাণৰ নহৈ প্ৰকৃত মাত্ৰাৰ হ’ব লাগে। ইয়াৰ কোনোটোৰ ব্যতিক্ৰমৰ ফলত অবাঞ্চিত বিত্তীয় পৰিস্থিতিৰ সম্মুখীন হ’ব লগা হয়। চূড়ান্তভাৱে প্ৰকৃত প্রকল্প নিৰ্ণয় কৰা সহজ নহয় যদিও ৰাজহ আৰু ব্যয়ৰ প্ৰত্যেক বিষয়ৰ প্ৰকল্পই প্রকৃত প্রকল্পিত বাজেট প্রস্তুত কৰাত সহায়ক হয়।

(ছ) বাতিল নীতি : এই নীতিক বার্ষিক নীতি বুলিও জনা যায়। এই নীতি অনুসৰি বায় নোহোৱা কোনো অনুদান বছৰটো শেষ হোৱাৰ লগে লগে বাতিল হৈ যায়। ভৱিষ্যতৰ বাবে বা আগন্ধক বছৰৰ বাবে ইয়াক সঞ্চয় কৰি ৰাখিব নোৱাৰি। অৱশ্যে পুনৰ আইনগত কর্তৃত্ব পালে আগন্তুক বিত্তীয় বছৰত খৰচ কৰিবলৈ সক্ষম হয়।

গতিকে দেখা যায় যে বাজেট প্রণয়নৰ ক্ষেত্ৰত বহুতো নীতি মানি চলিব লগা হয়। আৰু বাজেট প্রস্তুত কৰাৰ ক্ষেত্ৰত উপযুক্ত প্ৰশাসনীয় আহিলাৰ দৰকাৰ হয়। চৰকাৰৰ বিভিন্ন বিভাগ আৰু শাখাবিলাকে সংক্রিয়ভাৱে সহায় সহযোগ আগবঢ়ালে এখন সুস্থ বাজেট প্রণয়ন কৰাটো সহজ হৈ পৰে।

৭৬। পাব্লিক এষ্টিমেট কমিটিৰ গঠন আৰু কাৰ্যাৱলী আলোচনা কৰা।

উত্তৰঃ ৰাজহুৱা প্ৰকল্প সমিতি প্ৰতি বছৰে গঠন কৰা হয়। লোকসভাৰ নিয়মাৱলীৰ ভিতৰত সদস্যৰ নিযুক্তি, গঠন আৰু কাৰ্য আদি নিৰ্ণয় কৰা হয়। ইয়াৰ মুঠ সদস্য সংখ্যা ৩০ জন। লোকসভাৰ সদস্যৰ মাজৰ পৰা এই সদস্যসকল আনুপাতিক প্ৰতিনিধিত্বৰ ভিত্তিত নির্বাচন কৰা হয়। সমিতিৰ সদস্যসকলৰ কাৰ্যকাল এবছৰ যদিও প্ৰতিবছৰে কেৱল এক-তৃতীয়াংশ সদস্যই পদত্যাগ কৰিব লাগে। সেই অৰ্থত এই সমিতি স্থায়ী বুলিব পাৰি। ৰাজ্যসভাৰ সদস্য এই সমিতিৰ সদস্য হ’ব নোৱাৰে।

সমিতিৰ অধ্যক্ষজনক লোকসভাৰ অধ্যক্ষই মনোনীত কৰে। কেতিয়াবা উপাধ্যক্ষই সমিতিৰ সভাপতি হয়। প্রথম ইংলণ্ডত ১৯১২ চনত পাব্লিক এষ্টিমেট কমিটি গঠন কৰা হয়। ভাৰতবৰ্ষত ১৯৩৭ চনত প্ৰকল্প সমিতি গঠনৰ প্ৰস্তাৱ কৰা হৈছিল যদিও ১৯৫০ চনতহে ভাৰতবৰ্ষত প্ৰথম ৰাজহুৱা প্ৰকল্প সমিতি গঠন কৰা হয়। ১৯৫৩ চনত ইয়াৰ কাৰ্য সম্প্ৰসাৰণ কৰা হৈছিল।

সংসদত উত্থাপিত সকলো প্রকল্প বা আঁচনি বিস্তাৰিতভাৱে পৰীক্ষা কৰাটো প্ৰকল্প সমিতিৰ প্রধান উদ্দেশ্য। সংসদত উত্থাপিত হোৱাৰ পূৰ্বেই চৰকাৰী আঁচনি পৰীক্ষা কৰাৰ প্ৰয়োজন আছে। সেই উদ্দেশ্যেই প্রকল্প সমিতি গঠন কৰা হৈছে।

পাব্লিক এষ্টিমেট কমিটি কার্যাৱলী :

(ক) পাব্লিক এষ্টিমেট কমিটিয়ে সংশ্লিষ্ট বিভাগৰ পৰা তথ্যপাতি সংগ্ৰহ কৰি সদস্যৰ মাজত বিতৰণ কৰে।

(খ) পাব্লিক এষ্টিমেট কমিটিযে মন্ত্রণালয়সমূহলৈ প্ৰেৰণ কৰিব লগা প্রশ্নসমূহ প্ৰস্তুত কৰাৰ পাছত অধ্যক্ষৰ নিৰ্দেশমতে প্ৰেৰণ কৰা হয়।

(গ) প্রকল্প অনুযায়ী পুঁজিৰ ব্যয় হৈছেনে নাই তাক পৰীক্ষা কৰাটো সমিতিৰ এটা প্ৰধান কার্য।

(ঘ) সংসদত উত্থাপন কৰিব লগা প্রকল্পসমূহ কেনেদৰে উত্থাপন কৰিলে ভাল হ’ব এই বিষয়ত সমিতিয়ে পৰামৰ্শ দিব লাগে।

(ঙ) বিভিন্ন বিষয়ত ওপৰত প্ৰকল্প সমিতিয়ে প্রশ্ন উত্থাপন কৰিব পাৰে। কোনো মন্ত্রণালয়, বিষয়া, বিভাগ আদিয়ে প্রশ্নৰ যাৱতীয় উত্তৰ দিয়াটো বাধ্যতামূলক।

(চ) পাব্লিক এষ্টিমেট কমিটিয়ে প্ৰকল্পৰ নীতিৰ লগত সংগতি ৰাখি মিতব্যয়িতাৰ বিষয়ত, দক্ষতা আৰু প্ৰশাসনীয় সংস্কাৰ আদি বিষয়ত পৰামৰ্শ দিয়ে।

(ছ) পাব্লিক এষ্টিমেট কমিটিয়ে প্ৰশাসনত মিতব্যয়িতা আৰু দক্ষতা লাভৰ বাবে ল’ব লগা বিকল্প ব্যৱস্থা আঙুলিয়াই দিয়াটোও প্রকল্প সমিতিৰ এটা প্ৰধান কাৰ্য।

এই কাৰ্যসমূহ সম্পাদন কৰিবলৈ যাওঁতে সমিতিয়ে প্রথম প্রকল্পসমূহ বাছি উলিয়ায়। সংশ্লিষ্ট বিভাগৰ পৰা তথ্যপাতি সংগ্ৰহ কৰি সদস্যৰ মাজত বিতৰণ কৰা হয়। মন্ত্ৰণালয়সমূহলৈ প্ৰেৰণ কৰিব লগা প্ৰশ্নসমূহ প্ৰস্তুত কৰাৰ পাছত অধ্যক্ষৰ নিৰ্দেশমতে প্ৰেৰণ কৰা হয়।

৭৭। চমু টোকা লিখা :

(ক) ৰাজকীয় বিকেন্দ্ৰীকৰণ আয়োগ।

উত্তৰঃ লৰ্ড ৰিপণৰ প্ৰস্তাৱৰ পিছত স্থানীয় প্ৰশাসনৰ ক্ৰমবিকাশৰ ক্ষেত্ৰত আন এক পদক্ষেপ আছিল ৰাজকীয় বিকেন্দ্ৰীকৰণ আয়োগৰ গঠন। ১৯০৭ চনত ভাৰত চৰকাৰ, প্ৰদেশিক চৰকাৰ আৰু স্থানীয় চৰকাৰৰ মাজৰ অৰ্থনৈতিক আৰু প্ৰশাসনীয় সম্পৰ্কৰ বিষয়ে অনুসন্ধান কৰা আৰু স্থানীয় স্বায়ত্ব শাসিত অনুষ্ঠানসমূহৰ বিষয়ে অধ্যয়ন কৰি পৰামৰ্শ আগবঢ়াবলৈ চাৰ্লছ হবহাউচৰ নেতৃত্বত ৰাজকীয় বিকেন্দ্ৰীকৰণ আয়োগ গঠন কৰা হৈছিল। 

এই আয়োগে সুদীর্ঘ দুবছৰ ধৰি ভাৰতৰ বিভিন্ন প্ৰদেশত থকা স্থানীয় স্বায়ত্ত শাসিত অনুষ্ঠানসমূহ অধ্যয়ন কৰি ১৯০৯ চনত ইয়াৰ প্ৰতিবেদন প্রকাশ কৰিছিল। আয়োগে ইয়াৰ প্ৰতিবেদনত স্থানীয় স্বায়ত্ত শাসন ব্যৱস্থাৰ বিফলতাৰ কাৰণসমূহ আঙুলিয়াই দেখুৱাইছিল এনেদৰে— (১) স্থানীয় নিকায়সমূহৰ ওপৰত অত্যাধিক চৰকাৰী নিয়ন্ত্রণ; (২) স্থানীয় নিকায়সমূহৰ সীমিত পৰিমাণৰ আয়ৰ উৎস; (৩) শিক্ষা আৰু প্ৰশিক্ষণৰ অভাৱ; (৪) সামান্য পৰিসৰৰ ভোটাধিকাৰৰ ব্যৱস্থা, (৫) যোগ্যতাসম্পন্ন আৰু দায়িত্বশীল লোকৰ অভাৱ আৰু (৬) প্রশাসনীয় সেৱা তথা ইয়াৰ লগত জড়িত বিষয়াসকলৰ ওপৰত স্থানীয় নিকায়ৰ অদক্ষ নিয়ন্ত্রণ।

Leave a Comment

Your email address will not be published. Required fields are marked *

Scroll to Top