Understanding India Unit 10 ভাৰতীয় সংবিধানৰ মূল বৈশিষ্ট্যসমূহ

Understanding India Unit 10 ভাৰতীয় সংবিধানৰ মূল বৈশিষ্ট্যসমূহ Notes, College and University Answer Bank for BA, B.com, B.sc, and Post Graduate Notes and Guide Available here, Understanding India Unit 10 ভাৰতীয় সংবিধানৰ মূল বৈশিষ্ট্যসমূহ Solutions to each Unit are provided in the list of UG-CBCS Central University & State University Syllabus so that you can easily browse through different College and University Guide and Notes here. Understanding India Unit 10 ভাৰতীয় সংবিধানৰ মূল বৈশিষ্ট্যসমূহ Question Answer can be of great value to excel in the examination.

Understanding India Unit 10 ভাৰতীয় সংবিধানৰ মূল বৈশিষ্ট্যসমূহ

Join Telegram channel

Understanding India Unit 10 ভাৰতীয় সংবিধানৰ মূল বৈশিষ্ট্যসমূহ Notes cover all the exercise questions in UGC Syllabus. Understanding India Unit 10 ভাৰতীয় সংবিধানৰ মূল বৈশিষ্ট্যসমূহ Solutions provided here ensures a smooth and easy understanding of all the concepts. Understand the concepts behind every Unit and score well in the board exams.

ভাৰতীয় সংবিধানৰ মূল বৈশিষ্ট্যসমূহ

UNDERSTANDING INDIA

(ভাৰতৰ বোধগম্যতা)

অতি চমু প্ৰশ্নোওৰ

১। ভাৰতীয় সংবিধানৰ মৌলিক গাঁথনি কি?

উত্তৰঃ ভাৰতীয় সংবিধানে লিখিত আৰু যুক্তৰাষ্ট্ৰীয় গাঁথনি অনুসৰণ কৰে।

২। ভাৰতীয় সংবিধানৰ স্বৰূপ কি?

উত্তৰঃ ভাৰতীয় সংবিধান কঠিনতা আৰু নমনীয়তাৰ মিশ্রণ।

৩। ভাৰতীয় সংবিধানত কর্তৃত্বৰ উৎস কি?

উত্তৰঃ ভাৰতীয় সংবিধানে ইয়াৰ কর্তৃত্ব ভাৰতৰ জনসাধাৰণৰ পৰা লাভ কৰে।

WhatsApp Group Join Now
Telegram Group Join Now
Instagram Join Now

8। ভাৰতীয় সংবিধানৰ পথ প্রদর্শক নীতিসমূহ কি কি?

উত্তৰঃ ভাৰতীয় সংবিধান ন্যায়, স্বাধীনতা, সমতা, আৰু ভ্রাতৃত্ববোধৰ নীতিৰ দ্বাৰা পৰিচালিত।

৫। ভাৰতীয় সংবিধানৰ চৰকাৰী ভাষা কি? 

উত্তৰঃ ভাৰতীয় সংবিধানত হিন্দী আৰু ইংৰাজীক চৰকাৰী ভাষা হিচাপে স্বীকৃতি দিয়া হৈছে।

৬। ভাৰতীয় সংবিধানত কি কি মৌলিক অধিকাৰ সন্নিবিষ্ট কৰা হৈছে?

উত্তৰঃ মৌলিক অধিকাৰসমূহৰ ভিতৰত সমতাৰ অধিকাৰ, বাক স্বাধীনতা, জীৱনৰ অধিকাৰ, বৈষম্যৰ বিৰুদ্ধে সুৰক্ষা আদি অন্তর্ভুক্ত।

৭। মৌলিক গাঁথনি মতবাদ কোনে আগবঢ়াইছিল?

উত্তৰঃ মৌলিক গাঁথনি মতবাদ ভাৰতৰ উচ্চতম ন্যায়ালয়ে আগবঢ়াইছিল।

৮। ভাৰতীয় সংবিধানৰ কোনটো অনুচ্ছেদে সমতাৰ অধিকাৰ নিশ্চিত কৰিছে?

উত্তৰঃ ১৪ নং অনুচ্ছেদে।

৯। কোনটো মৌলিক অধিকাৰে বাক আৰু মত প্ৰকাশৰ স্বাধীনতাৰ অধিকাৰ নিশ্চিত কৰে?

উত্তৰঃ ভাৰতীয় সংবিধানৰ ১৯ (a) অনুচ্ছেদৰ অধীনত বাক স্বাধীনতাৰ অধিকাৰ নিশ্চিত কৰা হৈছে।

১০। ভাৰতীয় সংবিধানৰ কোনটো অনুচ্ছেদত মৌলিক কৰ্তব্যৰ কথা উল্লেখ আছে?

উত্তৰঃ অনুচ্ছেদ ৫১ (a)।

১১। ৰাষ্ট্ৰ পৰিচালনাৰ নীতিৰ নিৰ্দেশনাত্মক নীতিসমূহ কাৰ্যকৰী কৰাৰ বাবে কোন দায়বদ্ধ?

উত্তৰঃ ৰাষ্ট্ৰ পৰিচালনাৰ নীতিৰ নিৰ্দেশনাত্মক নীতিসমূহ কার্যকৰী কৰা আৰু পূৰণৰ দিশত চেষ্টা কৰাটো কেন্দ্ৰীয় আৰু ৰাজ্য দুয়োটা পর্যায়তে চৰকাৰৰ দায়িত্ব।

১২। যুক্তৰাষ্ট্ৰীয গাঁথনি কি?

উত্তৰঃ কেন্দ্ৰীয় চৰকাৰ আৰু আঞ্চলিক বা ৰাজ্য চৰকাৰৰ মাজত ক্ষমতা বিভক্ত কৰা চৰকাৰৰ ব্যৱস্থাক যুক্তৰাষ্ট্ৰীয় গাঁথনি বোলে।

১৩। কোনখন দেশৰ যুক্তৰাষ্ট্ৰীয় গাঁথনি আছে?

উত্তৰঃ ভাৰত, আমেৰিকা, কানাডা, আৰু অষ্ট্ৰেলিয়া যুক্তৰাষ্ট্ৰীয় গাঁথনি থকা দেশৰ উদাহৰণ।

১৪। ন্যায়পালিকাৰ স্বাধীনতা কি?

উত্তৰঃ ন্যায়পালিকা এই অৰ্থত স্বাধীন যে ই বিধান বা কার্যবাহী প্ৰভাৱৰ অধীন নহয়। ন্যায়াধীশসকলে চৰকাৰৰ ইচ্ছা অনুসৰি বা শাসকীয় দলৰ পক্ষত কাম নকৰে বা ৰায়দান নকৰে।

১৫। সংসদীয় ব্যৱস্থা কি?

উত্তৰঃ সংসদীয় ব্যৱস্থা হ’ল এনে এক চৰকাৰৰ ব্যৱস্থা য’ত কার্যবাহী শাখাই বিধায়িনী শাখাৰ ওচৰত জবাবদিহি হয় আৰু চৰকাৰৰ মুৰব্বী সাধাৰণতে বিধায়িনী দলৰ সংখ্যাগৰিষ্ঠ দলৰ নেতা হয়।

১৬। কিমান চনত ভাৰতৰ স্বাধীনতা আইন প্রণয়ন হৈছিল?

উত্তৰঃ ১৯৪৭ চনত।

১৭। ভাৰতত কেতিয়াৰ পৰা এখন সার্বভৌম, গণতান্ত্রিক, প্রজাতন্ত্র স্থাপিত হৈছিল?

উত্তৰঃ ১৯৫০ চনৰ ২৬ জানুৱাৰীৰ পৰা।

১৮। ভাৰতীয় সংবিধান মতে মৌলিক অধিকাৰৰ সংখ্যা কিমান?

উত্তৰঃ ছয়।

১৯। কিমান নং সংশোধনীয়ে সম্পত্তিৰ অধিকাৰ নাইকিয়া কৰিছে?

উত্তৰঃ ৪৪তম সংশোধনীয়ে সম্পত্তিৰ অধিকাৰ নাইকিয়া কৰিছে।

২০। সংবিধানৰ কোনটো সংশোধনীয়ে নাগৰিকৰ বাবে মৌলিক কৰ্তব্য সংযোজন কৰিছে?

উত্তৰঃ ৪২ নং সংশোধনীয়ে।

২১। সংবিধানৰ কিমান নং অনুচ্ছেদলৈকে মৌলিক অধিকাৰৰ উল্লেখ আছে?

উত্তৰঃ ১২ ৰ পৰা ৩৫ নং অনুচ্ছেদলৈকে।

২২। নির্দেশাত্মক নীতিসমূহ আদালতত গ্রাহ্যনে?

উত্তৰঃ নহয়।

২৩। স্বাধীনতাৰ অধিকাৰ সংবিধানৰ কোনটো অনুচ্ছেদত উল্লেখ আছে।

উত্তৰঃ ১৯ নং ৰ পৰা ২২ নং অনুচ্ছেদত।

২৪। নির্দেশাত্মক নীতিসমূহ কাৰ্যকৰী কৰিবলৈ চৰকাৰ বাধ্যনে?

উত্তৰঃ নহয়।

২৫। সংবিধানত নির্দেশাত্মক নীতি সংযোজনাৰ মূল প্ৰেৰণা ক’ৰ পৰা পোৱা গৈছে?

উত্তৰঃ আয়াৰলেণ্ডৰ ১৯৩৭ চনৰ সংবিধানৰ পৰা।

২৬। ৰাষ্ট্ৰ পৰিচালনাৰ নিৰ্দেশাত্মক নীতিৰ প্ৰধান উদ্দেশ্য কি?

উত্তৰঃ সমাজবাদী ৰাষ্ট্ৰ তৈয়াৰ কৰা।

চমু আৰু ৰচনাধর্মী প্রশ্নোত্তৰ

১। প্রস্তাৱনা কাক বোলে? প্রস্তাৱনাত সন্নিবিষ্ট নীতি আৰু আদৰ্শসমূহ আলোচনা কৰা।

উত্তৰঃ বিশ্বৰ অন্যান্য ৰাষ্ট্ৰৰ সংবিধানত সন্নিৱিষ্ট থকাৰ দৰে ভাৰতবৰ্ষৰ সংবিধানখনৰ আৰম্ভণিতে এটা প্রস্তাৱনা সংযোজিত আছে। ভাৰতবৰ্ষৰ সংবিধান ৰচকসকলে আমেৰিকা যুক্তৰাষ্ট্ৰ, অষ্ট্ৰেলিয়া, ফ্রান্স, ইটালি আৰু পশ্চিম জার্মানী আদি ৰাষ্ট্ৰৰ সংবিধানত অন্তর্ভুক্ত কৰা প্ৰস্তাৱনাৰ দ্বাৰা অনুপ্রাণিত হৈ ভাৰতৰ সংবিধানত প্ৰস্তাৱনা এটা সন্নিৱিষ্ট কৰিছে। ভাৰতৰ সংবিধানৰ আৰম্ভণিত সন্নিৱিষ্ট প্রস্তাৱনাটোকে সংবিধানৰ মূল অংশ বুলি গণ্য কৰা হোৱা নাছিল, তথাপি ইয়াক সংবিধানৰ চাবিকাঠী তথা আত্মা বুলি গণ্য কৰা হৈছিল।

ভাৰতবৰ্ষৰ সংবিধানৰ প্ৰস্তাৱনা এনে ধৰণৰ- “আমি ভাৰতবাসীৰ সকলো লোকে, ভাৰতবৰ্ষক এখন সার্বভৌম, সমাজবাদী, ধৰ্মনিৰপেক্ষ, গণতান্ত্রিক, গণৰাজ্য হিচাপে প্রতিষ্ঠা কৰিম বুলি দৃঢ় সংকল্প কৰি আৰু ভাৰতবৰ্ষৰ সকলো লোকক সামাজিক, ৰাজনৈতিক আৰু অর্থনৈতিক ন্যায়, চিন্তা, প্রকাশ, বিশ্বাস, ধৰ্ম আৰু উপাসনাৰ স্বাধীনতা, সম-মর্যাদা আৰু সমান সুযোগ দিম বুলি তেওঁলোক সকলোৰে মাজত ব্যক্তি মর্যাদা, জাতীয় ঐক্য আৰু সংহতি নিশ্চিতকাৰী ভাতৃত্বভাৱ বৃদ্ধি কৰিবলৈ আজি ১৯৪৯ চনৰ নৱেম্বৰ মাহৰ ২৬ তাৰিখে আমাৰ সংবিধান সভাই গ্রহণ কৰা আৰু লিপিবদ্ধ কৰা এই সংবিধানখন আমাক নিজকে প্রদান কৰিলোঁ।”

প্ৰস্তাৱনাৰ মৌলিক নীতিসমূহ তলত উল্লেখ কৰা ধৰণে আলোচনা কৰিব পৰা যায়-

(ক) সার্বভৌমত্বঃ ভাৰতবৰ্ষৰ সংবিধানৰ প্ৰস্তাৱনাত ভাৰতবৰ্ষক এখন সার্বভৌম ৰাষ্ট্ৰৰ মর্যাদা প্রদান কৰিছে। প্রস্তাৱনাত সংযোজিত সার্বভৌমত্ব শব্দৰ জৰিয়তে ভাৰতবৰ্ষ যে আভ্যন্তৰিক আৰু বাহ্যিক দিশত সম্পূর্ণ স্বাধীন তাক প্রতিপন্ন কৰিছে। আভ্যন্তৰিক সার্বভৌমত্বৰ অৰ্থ হ’ল ভাৰতবৰ্ষ বাহ্যিক শক্তিৰ বশৱৰ্তী নোহোৱাকৈ সাধাৰণ আৰু সাংবিধানিক দুয়োবিধ আইন ৰচনা কৰিব নাইবা সংশোধন কৰিব পাৰে।

(খ) সমাজবাদীঃ ভাৰতবৰ্ষৰ সমূহ জনসাধাৰণৰ মাজত ৰাষ্ট্ৰীয় আয়, সম্পদ আৰু সম্পত্তিৰ সমবিতৰণ তথা সকলো ধৰণৰ শোষণৰ অৱসান ঘটাই সামাজিক, অর্থনৈতিক আৰু ৰাজনৈতিক ন্যায় প্রতিষ্ঠা কৰাৰ উদ্দেশ্যে ৪২তম সংবিধান সংশোধনৰ জৰিয়তে “সমাজবাদী” শব্দটো প্রস্তাৱনাত সংযোজন কৰিছে।

(গ) ধৰ্মনিৰপেক্ষঃ ভাৰতবৰ্ষৰ সংবিধানৰ প্ৰস্তাৱনাৰ এটা মূল নীতি হ’ল ধৰ্মনিৰপেক্ষতা। ‘ধর্মনিৰপেক্ষ’ শব্দটো সংবিধান ৰচনা কৰাৰ সময়ত প্ৰস্তাৱনাত সন্নিৱিষ্ট কৰা হোৱা নাছিল, কিন্তু ১৯৭৬ চনত ৪২তম সংশোধনৰ জৰিয়তে এই শব্দটো প্রস্তাৱনাত সংযোজন কৰা হৈছে। ভাৰতবৰ্ষক ধৰ্মনিৰপেক্ষ ৰাষ্ট্ৰ বুলি কোৱাৰ মূলতঃ হ’ল ভাৰতবৰ্ষত সকলো জনসাধাৰণক উপাসনা আৰু ধৰ্মীয় কাৰ্য কৰাৰ ক্ষেত্ৰত সম্পূৰ্ণ অধিকাৰ প্ৰদান কৰা হৈছে।

(ঘ) গণতন্ত্রঃ সংবিধানত সন্নিবিষ্ট থকা প্ৰস্তাৱনাৰ আন এটা নীতি হ’ল ভাৰতবৰ্ষক এখন গণতান্ত্রিক ৰাষ্ট্ৰ হিচাপে প্রতিষ্ঠা কৰি বিচৰা হৈছে। ভাৰতবৰ্ষত গণতান্ত্রিক পদ্ধতিৰ জৰিয়তে চৰকাৰক ক্ষমতাত অধিষ্ঠিত কৰাৰ ব্যৱস্থা কৰা হৈছে। ভাৰতৰ সংবিধানত সকলো ভাৰতীয় নাগৰিকক সমান ৰাজনৈতিক অধিকাৰ, সার্বজনীন প্রাপ্তবয়স্ক ভোটাধিকাৰ, নিৰ্বাচনত প্রতিদ্বন্দ্বিতা কৰা, সংস্থা গঠন কৰা তথা চৰকাৰৰ কাৰ্যক সমালোচনা কৰা অধিকাৰৰ বিষয়ে বর্ণিত আছে।

(ঙ) গণৰাজ্যঃ গণৰাজ্যত নির্বাচিত ৰাষ্ট্ৰপ্ৰধানৰ ব্যৱস্থা থাকে অর্থাৎ ৰাষ্ট্রপ্রধানজন বংশানুক্রমিক হিচাপে ক্ষমতাত অধিষ্ঠিত নহয়। সেই নীতিৰ আধাৰত প্ৰস্তাৱনাত ‘গণৰাজ্য’ শব্দটো সন্নিৱিষ্ট কৰা হৈছে। ভাৰতত ৰাষ্ট্ৰৰ শাসন ব্যৱস্থাৰ শীৰ্ষত ৰাষ্ট্ৰপ্ৰধান হিচাপে ৰাষ্ট্ৰপতি থাকিব আৰু তেওঁক নির্বাচনৰ জৰিয়তে ক্ষমতাত অধিষ্ঠিত কৰাৰ ব্যৱস্থা কৰা হৈছে।

এই নীতিসমূহৰ উপৰিও প্রস্তাৱনাত লক্ষ্য তথা আদর্শসমূহ প্রতিফলিত হৈছে।

প্ৰস্তাৱনাৰ নীতিত অন্তর্ভুক্ত থকা লক্ষ্য তথা আদর্শসমূহঃ ভাৰতীয় সংবিধানৰ প্ৰণেতাসকলে নাগৰিকৰ অধিকাৰ সু-প্রতিষ্ঠিত কৰাৰ উদ্দেশ্যে প্রস্তাৱনাৰ নীতিৰ লগত কেতবোৰ লক্ষ্য তথা আদৰ্শৰ বিষয়ে উল্লেখ কৰিছে।

এই আদর্শ আৰু লক্ষ্যসমূহ হ’ল-

(ক) ন্যায়ঃ ভাৰতবৰ্ষৰ সংবিধানৰ প্রস্তাৱনাত ন্যায় প্রতিষ্ঠা কৰাৰ ওপৰত অতিশয় গুৰুত্ব আৰোপ কৰা হৈছে। প্রস্তাৱনাত তিনি প্ৰকাৰৰ ন্যায় বর্ণিত আছে। যেনে-

(a) সামাজিক ন্যায়।

(b) অর্থনৈতিক ন্যায়। আৰু

(c) ৰাজনৈতিক ন্যায়।

(a) সামাজিক ন্যায়ঃ ভাৰতীয় নাগৰিকক সামাজিক ন্যায় প্ৰদানৰ অৰ্থে সকলো লোকৰ বাবে বিচাৰৰ কাৰণে একে ধৰণৰ আইন আৰু আদালতৰ ব্যৱস্থা কৰা হৈছে। আইনৰ চকুত সকলো ভাৰতীয় নাগৰিকে সমান। ভাৰতত সকলো ধৰণৰ অস্পৃশ্যতা বৰ্জন কৰা হৈছে।

(b) অর্থনৈতিক ন্যায়ঃ প্রস্তাৱনাৰ আন এটা উল্লেখযোগ্য আদর্শ তথা লক্ষ্য হৈছে অর্থনৈতিক ন্যায় প্রতিষ্ঠা কৰা। নাগৰিকৰ অৰ্থনৈতিক ন্যায় প্রদানৰ বাবে সমান কামৰ কাৰণে সমান মজুৰিৰ ব্যৱস্থা কৰা, মজুৰি দিয়াৰ ক্ষেত্ৰত মতা মাইকীৰ মাজত বৈষম্য নকৰা, ৰাষ্ট্ৰীয় আয় আৰু উৎপাদন সম বিতৰণৰ জৰিয়তে শান্তিপূর্ণ উপায়েৰে সমাজবাদ প্রতিষ্ঠাৰ ব্যৱস্থা কৰা।

(c) ৰাজনৈতিক ন্যায়ঃ ভাৰতীয় সংবিধানৰ প্ৰস্তাৱনাৰ আন এক আদর্শ তথা লক্ষ্য হৈছে ৰাজনৈতিক ন্যায় প্ৰদান কৰা। ৰাজনৈতিক দিশত ন্যায় প্রতিষ্ঠা কৰাৰ উদ্দেশ্যে জাতি ধর্ম, বর্ণ, লিংগ নির্বিশেষে প্রত্যেকজন প্রাপ্তবয়স্ক নাগৰিকক ৰাজনীতিত অংশ গ্রহণ, নির্বাচনত প্রতিদ্বন্দ্বিতা আৰু ভোটদানৰ অধিকাৰ প্ৰদান কৰা হৈছে।

(খ) স্বাধীনতাঃ ভাৰতবৰ্ষৰ সংবিধানৰ প্ৰস্তাৱনাত প্রতিজন নাগৰিকৰ চিন্তা, প্রকাশ, বিশ্বাস আৰু উপাসনাৰ স্বাধীনতা প্রদানৰ বিষয়ে বর্ণিত আছে ‘স্বাধীনতা’ হ’ল ভাৰতীয় সংবিধানৰ প্রস্তাৱনাত থকা এটা আদর্শ তথা লক্ষ্য। ভাৰতীয় নাগৰিকসকলে স্বতন্ত্রভাৱে চিন্তা-চর্চা কৰিব পাৰে আৰু বিভিন্ন বাতৰি কাকত আলোচনী তথা সভা-সমিতিৰ জৰিয়তে নিজৰ মতামত ব্যক্ত কৰিব পাৰে। ভাৰতৰ প্ৰত্যেকজন নাগৰিকক নিজৰ বিশ্বাস অনুসৰি ধর্ম গ্রহণ, ধর্ম চর্চা, প্ৰাৰ্থনা আৰু ধৰ্ম প্ৰচাৰৰ অধিকাৰ প্ৰদান কৰা হৈছে।

(গ) সমতাঃ ভাৰতবৰ্ষৰ সংবিধানৰ প্ৰস্তাৱনাৰ আন এটা আদর্শ তথা লক্ষ্য হ’ল ভাৰতীয় নাগৰিকৰ মাজত সমতা স্থাপন কৰা। সংবিধানত সন্নিবিষ্ট মৌলিক অধিকাৰসমূহত সামাজিক, অর্থনৈতিক আৰু ৰাজনৈতিক সমতা প্রদানৰ বিষয়ে বর্ণিত আছে। অস্পৃশ্যতা দূৰীকৰণ, চৰকাৰৰ অধীনত নিযুক্তি তথা ভোটদানৰ ক্ষেত্ৰত সম অধিকাৰ প্ৰদানৰ জৰিয়তে সমতা স্থাপনৰ প্ৰয়াস কৰা হৈছে। ইয়াৰ উপৰি আইনৰ দৃষ্টিত সকলো সমান। ভাৰতৰ কোনো নাগৰিকক জাতি, বর্ণ, ধর্ম আদি কাৰণে ন্যায় বিচাৰৰ পৰা বঞ্চিত কৰিব পৰা নাযায়।

(ঘ) ভ্রাতৃত্ববোধঃ ভাৰতবৰ্ষৰ সংবিধানৰ প্ৰস্তাৱনাৰ আন এটা মন কৰিবলগীয়া আদর্শ তথা লক্ষ্য হ’ল ‘ভ্রাতৃত্ববোধ’। ভাৰতবর্ষ এখন বিশাল গণতান্ত্রিক ৰাষ্ট্ৰ। ইয়াত বিভিন্ন জাতি, উপজাতি, ধর্ম, ভাষা আদিৰ লোক বাস কৰে। এনে এখন বিশাল গণতান্ত্রিক ৰাষ্ট্ৰৰ নাগৰিকসকলৰ মাজত ভ্রাতৃত্ববোধ গঢ়ি তোলা অতিশয় প্রয়োজন। ইয়াৰ প্ৰত্যেকজন নাগৰিকে অনুভৱ কৰা প্রয়োজন যে তেওঁলোক হ’ল একে মাতৃভূমিব সন্তান।

(ঙ) একতা আৰু অখণ্ডতাঃ ভাৰতীয় সংবিধানৰ প্রণেতাসকলে প্রস্তাৱনাত নাগৰিকসকলৰ মাজত বিবাদ আৰু অনৈক্য দূৰ কৰি জাতীয় একতাৰ সৃষ্টি তথা ৰাষ্ট্ৰীয় অখণ্ডতা সুৰক্ষিত কৰাৰ ইচ্ছা প্রকাশ কৰিছে। ৰাষ্ট্ৰৰ সাৰ্বভৌমত্ব ৰক্ষা কৰিবলৈ জাতীয় একতা অতি বাঞ্ছনীয়।

২। ১৯১৯ চনৰ ভাৰত চৰকাৰৰ আইনখনৰ বিষয়ে বর্ণনা কৰা।

উত্তৰঃ ভাৰত চৰকাৰৰ আইন ১৯১৯ বা মণ্ট-ফোর্ড সংস্কাৰঃ ভাৰত পৰিষদ আইন, ১৯০৯ য়ে ভাৰতীয়সকলৰ আকাংক্ষা পূৰণ কৰিব পৰা নাছিল। তদুপৰি, ১৯০৯ চনৰ পৰা ১৯১৮ চনৰ সময়ছোৱাত সংস্কাৰ সাধনৰ প্ৰয়োজনীয়তা দেখা দিছিল। ১৯১৬ চনৰ লক্ষ্ণৌ চুক্তি অনুসৰি কংগ্ৰেছ আৰু মুছলিম লীগে লগ লাগি জাতীয় স্বার্থৰ বাবে একত্রিতভাৱে স্বাধীনতা আন্দোলনত অংশগ্রহণ কৰাৰ সিদ্ধান্ত গ্রহণ কৰিছিল। ইতিমধ্যে প্রথম বিশ্বযুদ্ধ আৰম্ভ হৈছিল আৰু ব্রিটিছ চৰকাৰক যুদ্ধত সহায় আগবঢ়োৱাৰ বিনিময়ত ভাৰতীয়সকলে অধিক পৰিমাণৰ স্বায়ত্ত শাসনৰ দাবী কৰিছিল। এনে পৰিস্থিতিত ভাৰতীয়সকলৰ আশা-আকাংক্ষা পূৰণ কৰাৰ উদ্দেশ্যে ভাৰত চৰকাৰৰ আইন, ১৯১৯ প্রণয়ন কৰা হৈছিল। ভাৰত সচিব মণ্টেণ্ড আৰু ভাইফ্ৰয় চেম্‌ছফোর্ডে এই আইনখন প্রণয়ন কৰাৰ বিশেষ তৎপৰতা দেখুৱাৰ বাবে তেওঁলোকৰ নাম অনুসৰি উক্ত আইনখনক মণ্টেণ্ড চেমছফোর্ড সংস্কাৰ নাইবা সংক্ষেপে মণ্ট-ফোর্ড সংস্কাৰ বুলিও জনা যায়। “ভাৰত চৰকাৰৰ আইন, ১৯১৯” য়ে ভাৰতৰ শাসন ব্যৱস্থাত যথেষ্ট পৰিৱৰ্তন সাধন কৰিছিল।

১৯১৯ চনৰ আইনৰ প্ৰস্তাৱনাত উল্লেখ কৰা বিষয়সমূহ হ’ল-

(ক) ব্রিটিছ-ভাৰত ব্রিটিছ সাম্ৰাজ্যৰ অবিচ্ছেদ্য অংগ হৈ থাকিব।

(খ) ব্ৰিটিছ সংসদৰ ঘোষিত নীতিৰ আদৰ্শ হ’ব ভাৰতত দায়িত্বশীল চৰকাৰ প্ৰতিষ্ঠা কৰা।

(গ) দায়িত্বশীল চৰকাৰ কাৰ্যক্ষম কৰাৰ বাবে দুটা ব্যৱস্থাৰ ওপৰত গুৰুত্ব আৰোপ কৰা হ’বঃ

(a) প্রশাসনীয় সকলো স্তৰতে ভাৰতীয়সকলৰ অংশগ্রহণ বৃদ্ধি কৰা হ’ব।

(b) পর্যায়ক্রমে স্বায়ত্ত-শাসন অনুষ্ঠানবোৰৰ বিকাশ সাধন কৰা হ’ব।

(ঘ) দায়িত্বশীল চৰকাৰে প্ৰগতিশীল দৃষ্টিভংগীৰে কাৰ্য সমাপন কৰিব লাগিব।

ভাৰত চৰকাৰৰ আইন, ১৯১৯ ৰ মূল বিধানসমূহ হ’ল-

(ক) ভাৰত সচিব আৰু তেওঁৰ পৰিষদৰ ক্ষমতা বহু পৰিমাণে হ্রাস কৰা হ’ব।

(খ) পূৰ্বৰ এক-সদনীয় আইন পৰিষদৰ সলনি কেন্দ্রত দ্বি-সদনীয় বিধানমণ্ডলৰ ব্যৱস্থা কৰা হ’ব।

(গ) ভোটদাতাৰ অৰ্হতা হিচাপে উচ্চ পৰিমাণৰ আয় আৰু ভূমিৰ অধিকাৰক গ্ৰহণ কৰা হ’ব।

(ঘ) গৱর্ণব জেনেৰেল সংসদৰ অধিৱেশন আহ্বান নাইবা স্থগিত আৰু সংসদ ভংগ কৰাৰ অধিকাৰ লাভ কৰিব।

(ঙ) কেন্দ্রীয় বিধানমণ্ডলৰ ক্ষমতা বৃদ্ধি কৰা হ’ব। এই বিধানমণ্ডলখনে সমগ্ৰ ভাৰতবৰ্ষৰ জনসাধাৰণৰ বাবে আইন ৰচনা কৰিব। অৱশ্যে, কেন্দ্রীয় বিধানমণ্ডলে গ্রহণ কৰা বিধেয়কবোৰ মহামান্য সম্রাটৰ অনুমোদন লাভ কৰাৰ পিছতহে আইনত পৰিণত হ’ব।

(চ) বাজেটৰ ওপৰত কেন্দ্রীয় সংসদক আলোচনা কৰাৰ অধিকাৰ প্ৰদান কৰা হ’ব; কিন্তু গৱৰ্ণৰ জেনেৰেলে সংসদৰ সিদ্ধান্ত সম্পূর্ণৰূপে অৱজ্ঞা কৰিব পাৰিব।

৩। ১৯৩৫ চনৰ ভাৰত চৰকাৰৰ আইনখনৰ ছটা মূল বিধান লিখা।

উত্তৰঃ ভাইচৰয় লর্ড আৰউইনে ভাৰতৰ ৰাজনৈতিক পৰিস্থিতি অধ্যয়ন কৰাৰ বাবে জন চাইমনৰ নেতৃত্বত এখন আয়োগ গঠন কৰি দিছিল। এই আয়োগখনক ‘চাইমন আয়োগ’ বোলা হয়। “চাইমন আয়োগে ১৯৩০ চনৰ মে’ মাহত ইয়াৰ প্ৰতিবেদন চৰকাৰৰ ওচৰত দাখিল কৰিছিল।

চাইমন আয়োগৰ প্ৰতিবেদন গান্ধী আৰউইন চুক্তি আৰু ইংৰাজ চৰকাৰে ১৯৩০ চনৰ মাৰ্চ মাহত সংবিধান সংস্কাৰৰ ওপৰত প্ৰকাশ কৰা শ্বেতপত্ৰৰ ওপৰত ভিত্তি কৰি ব্ৰিটিছ সংসদে ১৯৩৫ চনৰ ভাৰত চৰকাৰ আইনখন প্রণয়ন কৰিছিল। অৱশ্যে, এই আইনখন প্রণয়ন কৰাৰ সময়ত চৰকাৰে প্ৰকাশ কৰা শ্বেতপত্ৰখনৰ ওপৰত বেছি গুৰুত্ব আৰোপ কৰা হৈছিল। চৰকাৰে প্রকাশ কৰা শ্বেতপত্ৰখন পৰীক্ষা কৰি চোৱাৰ বাবে কমনচ্ সভা আৰু লৰ্ডচ্ সভাৰ পৰা ১৬ জনকৈ মনোনীত সদস্যক লৈ এখন যৌথ বাচনি কমিটি গঠন কৰি দিছিল। এই কমিটিখনে শ্বেতপত্ৰৰ ওপৰত কেতবোৰ সংশোধনী প্রস্তাৱ আগবঢ়াইছিল। ইয়াৰ পিছত শ্বেতপত্ৰখনৰ ওপৰত ভিত্তি কৰি ১৯৩৫ চনৰ ৫ ফেব্ৰুৱাৰীৰ দিনা এখন বিধেয়ক কমনচ সভা উত্থাপন কৰা হৈছিল। এই বিধেয়কখন ২ আগষ্টত ৰাজকীয় সন্মতি লাভ কৰাৰ পিছত আইনত পৰিণত হৈছিল। এইখনেই হ’ল বিখ্যাত “ভাৰত চৰকাৰ আইন ১৯৩৫”।

এই আইনখনে ভাৰতৰ সংবিধানৰ বিকাশত বিশেষ গুরুত্বপূর্ণ ভূমিকা পালন কৰিছিল।

ভাৰত চৰকাৰ আইন, ১৯৩৫ ৰ মূল বিধানসমূহঃ

(ক) ভাৰত সচিবৰ উপদেষ্টা পৰিষদখন উঠাই দিছিল আৰু ভাৰত চৰকাৰৰ ওপৰত বৃটিছ চৰকাৰৰ নিয়ন্ত্ৰণৰ মাত্রা হ্রাস কৰা হৈছিল।

(খ) ভাৰতবৰ্ষত যুক্তৰাষ্ট্ৰীয় চৰকাৰ ব্যৱস্থা প্ৰৱৰ্তন কৰা হৈছিল। ইয়াৰ বাবে –

(a) যুক্তৰাষ্ট্ৰীয় তালিকা।

(b) প্রাদেশিক তালিকা। আৰু

(c) সমৱতী তালিকা নামৰ তিনিখন তালিকাৰ জৰিয়তে যুক্তৰাষ্ট্ৰীয় আৰু প্রাদেশিক বিধানমণ্ডলসমূহৰ মাজত প্রশাসনীয় ক্ষমতাসমূহ বিভাজন কৰি দিছিল। সমৱৰ্তী তালিকাত উল্লেখিত বিষয়সমূহৰ ওপৰত দুয়োখন বিধানমণ্ডলক আইন প্রণয়নব ক্ষমতা দিয়া হৈছিল আৰু অৱশিষ্ট বিষয়ৰ ওপৰত সিদ্ধান্ত ল’বৰ বাবে গৱৰ্ণৰ জেনেৰেলক দায়িত্ব প্রদান কৰা হৈছিল।

(গ) কেন্দ্ৰত দ্বৈত শাসনৰ ব্যৱস্থা কৰা হৈছিল। সেই অনুসৰি প্ৰতিৰক্ষা, বৈদেশিক সম্পর্ক, জনজাতীয় অঞ্চলব প্রশাসন আদিৰ পৰিচালনাৰ দায়িত্ব গৱৰ্ণৰ জেনেৰেলৰ ওপৰত ন্যস্ত কৰা হৈছিল। গৱৰ্ণৰ জেনেৰেলৰ ওপৰত ন্যস্ত নকৰা অন্যান্য বিষয়সমূহৰ ওপৰত তেওঁ মন্ত্রীপৰিষদৰ উপদেশ অনুসৰি কাম কৰিব লাগিছিল।

(ঘ) কেন্দ্রত দ্বি-সদনীয় বিধানমণ্ডলৰ ব্যৱস্থা প্রবর্তন কৰা হৈছিল। যুক্তৰাষ্ট্ৰীয় সভাখনৰ কাৰ্যকাল আছিল ৫ বছৰ আৰু উচ্চ সদন বা ৰাজ্যসভাখন স্থায়ী কৰাৰ ব্যৱস্থা কৰা হৈছিল। অৱশ্যে, কেন্দ্রীয় বিধানমণ্ডলৰ ক্ষমতা অতিশয় সীমিত কৰা হৈছিল।

(ঙ) যুক্তৰাষ্ট্ৰীয় আদালতৰ ব্যৱস্থা কৰা হৈছিল। এই ন্যায়ালয়ে মৌলিক আৰু আপিল বিচাৰৰ ক্ষেত্ৰাধিকাৰ লাভ কৰিছিল। অৱশ্যে লণ্ডনৰ “প্রীভি কাউন্সিল”ৰ ওচৰতহে সর্বোচ্চ ন্যায়িক ক্ষমতা ন্যস্ত কৰা হৈছিল।

৪। ১৯৪৭ চনৰ ভাৰত চৰকাৰৰ আইনখনৰ বিষয়ে লিখা।

উত্তৰঃ ভাৰতীয় স্বাধীনতা আইন, ১৯৪৭: ভাৰতীয় স্বাধীনতা আইন, ১৯৪৭ ব্রিটিছ সংসদে ভাৰতৰ কাৰণে প্রণয়ন কৰা অন্তিম আইন। এই আইনখনত ভাৰতবৰ্ষক স্বাধীনতা দিয়াৰ লগতে দ্বি-খণ্ডিত কৰি ভাৰত আৰু পাকিস্তান নামৰ দুখন ৰাষ্ট্ৰৰ জন্ম দিয়াৰ বিষয়ে উল্লেখ আছিল। ১৯৪৭ চনৰ ভাৰত স্বাধীনতা আইনখনে ভাৰতৰ সংবিধানৰ ক্ৰমবিকাশৰ পথত এটা নতুন যুগৰ সূচনা কৰিছিল।

১৯৪৭ চনৰ ভাৰত স্বাধীনতা আইনৰ মূল বিধানসমূহ (Main provisions) হ’ল-

(ক) ১৯৪৭ চনৰ ১৫ আগষ্টৰ পৰা ভাৰতবৰ্ষক দ্বি-খণ্ডিত কৰি ভাৰত আৰু পাকিস্তান নামৰ দুখন পৃথক স্বাধীন স্বায়ত্ত শাসিত ৰাষ্ট্ৰৰ সৃষ্টি কৰা হ’ব।

(খ) ৰাষ্ট্ৰ দুখনৰ পৰিসীমা নির্ধাৰণ কৰি দিয়া হ’ব, কিন্তু ৰাষ্ট্ৰ দুখনক নিজৰ মাজত বুজাবুজিৰ মাধ্যমেৰে কোনো অঞ্চল সংযোজন নাইবা বাহিৰত ৰখাৰ ক্ষমতা দিয়া হ’ব।

(গ) প্রত্যেকখন স্বায়ত্ত শাসিত ৰাষ্ট্ৰৰ বাবে এজনকৈ গৱৰ্ণৰ জেনেৰেল থাকিব।

(ঘ) ভাৰত আৰু পাকিস্তানৰ সংবিধান সভা দুখনে সংশ্লিষ্ট ৰাষ্ট্ৰৰ সংবিধান ৰচনা কৰা নিকায় (Body) হিচাপে কাৰ্যনিৰ্বাহ কৰাৰ উপৰিও ৰাষ্ট্ৰ দুখনৰ আইন প্রণয়ন কৰা নিকায় হিচাপেও কার্য পালন কৰিব।

(ঙ) “ভাৰত সম্রাট” (Emperor of India) খিতাপৰ অৱসান ঘটোৱা হ’ব।

৫। ভাৰতীয় সংবিধানৰ তাৎপর্য আলোচনা কৰা।

উত্তৰঃ ভাৰতবৰ্ষৰ সংবিধান প্রণেতাসকলে প্রস্তাৱনাৰ মাধ্যমত ভাৰতীয় সংবিধানৰ উদ্দেশ্যসমূহ প্রকাশ কৰিছে। সংবিধানত সন্নিৱিষ্ট প্রস্তাৱনাটো চুটি হ’লেও ইয়াৰ যথেষ্ট তাৎপর্য আছে। প্রস্তাৱনাৰ আৰম্ভণিত উল্লেখিত “আমি ভাৰতৰ লোকসমূহ” কথাষাৰৰ জৰিয়তে সংবিধানখন ভাৰতবৰ্ষৰ সকলো জনসাধাৰণৰ দ্বাৰা ৰচিত আৰু অর্পিত বুলি ক’ব বিচৰা হৈছে। ইয়াৰ ফলশ্রুতিত ই যথেষ্ট সমালোচনাৰ পাত্র হৈছে। সমালোচকসকলৰ মতে সংবিধানখন মাত্র কিছুমান মুষ্ঠিমেয় নাগৰিকৰ দ্বাৰা পৰোক্ষভাৱে নির্বাচিত গণ-পৰিষদৰ সদস্যৰ জৰিয়তে ৰচিত হৈছে। গতিকে সংবিধানখন সমগ্র দেশৰ জনসাধাৰণৰ সংবিধান হ’ব নোৱাৰে। ইয়াৰ উত্তৰত ক’ব পৰা যায় যে সংবিধানখন বলবৎ হোৱা দিনৰ পৰা ১৪ বাৰ সাধাৰণ নির্বাচন হোৱাৰ পিছতো নির্বাচিত সদস্যসকলে এই পর্যন্ত সংবিধানৰ মৌলিক নীতিসমূহৰ পৰিৱৰ্তন কৰিব বিচৰা নাই। গতিকে “আমি ভাৰতৰ লোকসমূহ” কথাষাৰৰ জৰিয়তে প্ৰস্তাৱনাটো আৰম্ভ কৰাটো যথোচিত হৈছে।

ভাৰতীয় সংবিধানত সংযোজিত প্রস্তাৱনাৰ আন এটা তাৎপর্য হ’ল ইয়াত বর্ণিত ন্যায়, স্বাধীনতা, সমতা, ভ্রাতৃত্ববোধ আদি নীতিসমূহ। এনেবোৰ নীতিৰ অন্তর্ভুক্তিৰ ফলশ্রুতিত ক’ব পৰা যায়, ভাৰতবৰ্ষ এখন মংগলকামী আৰু গণতান্ত্রিক বাষ্ট্র। ভাৰতৰ নাগৰিকসকলক সামাজিক, অর্থনৈতিক আৰু ৰাজনৈতিক ন্যায় প্ৰদানৰ বিষয়ে প্রস্তাৱনাত উনুকিয়াইছে। আনহাতে, প্রস্তাৱনাত সন্নিৱিষ্ট থকা চিন্তাচর্চা প্রকাশ, ধর্ম গ্রহণ, ধর্ম চর্চা আদিৰ স্বাধীনতাৰ অতিশয় তাৎপর্য আছে। সংবিধান ৰচকসকলে ৰাষ্ট্ৰীয় ঐক্য, সংহতি তথা অখণ্ডতা ৰক্ষাৰ ক্ষেত্ৰত প্ৰস্তাৱনাৰ জৰিয়তে গুৰুত্ব প্রদান কৰিছে।

ইয়াৰোপৰি, সংবিধানৰ ৪২ তম সংশোধনৰ জৰিয়তে অন্তর্ভুক্ত কৰা “সমাজবাদী” আৰু “ধৰ্মনিৰপেক্ষ” শব্দ দুটাই যথেষ্ট তাৎপর্য বহন কৰিছে। “সমাজবাদী” শব্দৰ দ্বাৰা ধনী-দুখীয়াৰ ব্যৱধান হ্রাস কৰিব বিচৰা হৈছে আৰু ভাৰতৰ সকলো ধৰ্মাৱলম্বী লোকৰ মাজত মিলা প্রীতি অক্ষুণ্ণ ৰক্ষাৰ উদ্দেশ্যে “ধর্মনিৰপেক্ষ” শব্দটো প্রস্তাৱনাত সংযোজিত কৰি ভাৰতবৰ্ষক এখন ধৰ্মনিৰপেক্ষ ৰাষ্ট্ৰ হিচাপে গঢ়ি তুলিব বিচৰাৰ যথেষ্ট তাৎপর্য আছে।

তদুপৰি, মূল সংবিধানৰ কিছুমান অংশৰ প্ৰকৃত অর্থ ব্যাখ্যাৰ ক্ষেত্ৰত মাজে সময়ে জটিলতাৰ সৃষ্টি হয় নাইবা আদালতে সেই অংশবোৰ ব্যাখ্যা দিয়াৰ ক্ষেত্ৰত অসুবিধাৰ সন্মুখীন হয়। এনে ক্ষেত্রত প্রস্তাৱনাত সন্নিৱিষ্ট নীতি আৰু আদর্শসমূহৰ আলমত সংবিধানৰ জটিল অংশবোৰৰ শুদ্ধ অর্থ বিচাৰি পোৱাত সহজ আৰু সম্ভৱপৰ হয়।

ভাৰতবৰ্ষৰ সংবিধানৰ প্রস্তাৱনাত মূল সংবিধানৰ লক্ষ্য আৰু উদ্দেশ্যসমূহ নিহিত হৈ থাকে। সেইবাবে ইয়াক সংবিধানৰ আত্মা আৰু চাবিকাঠী বুলি অভিহিত কৰা হয়। পণ্ডিত ঠাকুৰদাস ভাগৱৰ মতে – প্রস্তাৱনাটো হ’ল সংবিধানৰ আটাইতকৈ মূল্যৱান অংশ, সংবিধানৰ চাবিকাঠী আৰু সংবিধানখনৰ মূল নিৰূপণৰ বাবে উপযুক্ত মাপকাঠী।

৬। প্রস্তাৱনা ভাৰতীয় সংবিধানৰ অংশ হয়নে?

উত্তৰঃ প্ৰস্তাৱনা ভাৰতীয় সংবিধানৰ অংশ হয় নে নহয় সেই বিষয়ত সংবিধান বিশেষজ্ঞসকলৰ মাজত মতভেদৰ সৃষ্টি হৈছিল। এনে মতভেদৰ অৱসান ঘটে কেশবানন্দ গোচৰৰ ৰায়দানৰ জৰিয়তে। কেশবানন্দ গোচৰৰ ৰায়দানত উচ্চতম ন্যায়ালয়ৰ ৭ জনক বেঞ্চত সর্বসন্মতিক্রমে প্রস্তাৱনাক ভাৰতীয় সংবিধানৰ অংশ বুলি ঘোষণা কৰিছে। তদুপৰি প্ৰস্তাৱনাক ৩৬৮ নং অনুচ্ছেদ অনুসৰি সংশোধন কৰিব পৰা যাব, কিন্তু ইয়াৰ মূল গাঁথনি (Basic Structure) ৰ সলনি কৰিব পৰা নাযায় বুলি ৰায়দান কৰিছে। উচ্চতম ন্যায়ালয়ত অৱসৰপ্ৰাপ্ত মুখ্য ন্যায়াধীশৰ মতে আমাৰ সংবিধানৰ প্রস্তাৱনাটো হ’ল অতিশয় প্রয়োজনীয়। সংবিধানৰ অৰ্থ ব্যাখ্যা কৰাৰ ক্ষেত্রত প্রস্তাৱনাত বর্ণিত মহান উদ্দেশ্যসমূহক আধাৰ হিচাপে গ্রহণ কৰা উচিত।

বর্তমান প্রস্তাৱনাটো হ’ল সংবিধানৰ অংশ। সংবিধানৰ ৩৬৮ নং অনুচ্ছেদ অনুসৰি প্রস্তাৱনাটো সংশোধন কৰিব পৰা যায়, কিন্তু সংবিধানৰ মূল গাঁথনিৰ লগত জড়িত থকা অংশ সংশোধন কৰিব পৰা নাযায়।

৭। ভাৰতীয় সংবিধানৰ প্ৰধান বৈশিষ্ট্যসমূহ ব্যাখ্যা কৰা।

উত্তৰঃ পৃথিৱীৰ প্ৰত্যেক ৰাষ্ট্ৰৰ প্ৰত্যেক সংবিধানৰ নিজা নিজা বৈশিষ্ট্য থকাৰ দৰে ভাৰতৰ সংবিধানখনৰো কিছুমান বৈশিষ্ট্য পৰিলক্ষিত হয়।

তলত সেইবোৰ চমুকৈ আলোচনা কৰা হ’ল- 

(ক) লিখিত সংবিধানঃ ভাৰতবৰ্ষৰ সংবিধানখন এখন লিখিত সংবিধান আৰু ইয়াৰ দলিত আকাৰত পোৱা যায়। ডাঃ বি. আৰ. আম্বেদকাৰক সভাপতি হিচাপে লৈ সাতজনীয়া খচৰা সমিতি (Drafting Committee) এখনে সংবিধানৰ খচৰা প্ৰস্তুত কৰিছিল। ১৯৪৯ চনৰ ২৬ নৱেম্বৰ তাৰিখে সংবিধান সভাৰ সভাপতি ড° ৰাজেন্দ্র প্রসাদে সংবিধানখনত স্বাক্ষৰ দান কৰে। আৰু ১৯৫০ চনৰ ২৬ জানুৱাৰীৰ পৰা সংবিধানখন বলবৎ কৰা হয়।

(খ) দীর্ঘতম সংবিধানঃ পৃথিৱীৰ ভিতৰত ভাৰতবৰ্ষৰ সংবিধানখনে আটাইতকৈ দীঘল সংবিধান। মূল সংবিধানত ৩৯৫ টা অনুচ্ছেদ, ২২ টা অধ্যায় আৰু ৮ টা অনুসূচী সন্নিৱিষ্ট কৰা আছিল।

কিন্তু বিভিন্ন সংশোধনৰ ফলশ্রুতিত ২০০০ চনত অনুচ্ছেদৰ সংখ্যা ৪৪২ টা অনুসূচীৰ সংখ্যা ১২ টা লৈ বৃদ্ধি হয়।

(গ) প্ৰস্তাৱনাৰ অন্তর্ভুক্তিঃ ভাৰতীয় সংবিধানৰ আৰম্ভণিত এটা প্ৰস্তাৱনা সংযোজন কৰা আছে। প্রস্তাৱনাটো হ’ল সংবিধানৰ আত্মা আৰু চাবিকাঠি। ইয়াৰ যোগেদি আমাৰ সংবিধানৰ মৌলিক নীতি আৰু আদর্শবোৰ প্ৰকাশ পাইছে।

(ঘ) সংবিধানৰ শ্ৰেষ্ঠতাঃ ভাৰতীয় সংবিধানৰ এটা উল্লেখযোগ্য বৈশিষ্ট্য হ’ল সংবিধানৰ শ্রেষ্ঠতা। ভাৰতত কেন্দ্রীয় আৰু ৰাজ্যিক চৰকাৰসমূহ – প্রশাসনিক, বিধায়িনী আৰু ন্যায়িক ক্ষমতাবোৰ সংবিধানৰ পৰা আহৰণ কৰিছে। কেন্দ্ৰীয় আৰু ৰাজ্যিক উভয় চৰকাৰ সংবিধানৰ অধীনস্থ আৰু সংবিধানৰ দ্বাৰা নিয়ন্ত্রিত।

(ঙ) সার্বভৌম, গণতান্ত্রিক, গণৰাজ্যঃ ভাৰতবৰ্ষক সার্বভৌম, গণতান্ত্রিক, গণৰাজ্য ৰূপে প্রতিষ্ঠা কৰাৰ প্ৰয়াস ভাৰতীয় সংবিধানৰ আন এটা মন কৰিবলগীয়া বৈশিষ্ট্য।

সার্বভৌম শব্দৰ দ্বাৰা আভ্যন্তৰীণ আৰু বাহ্যিক দিশত ভাৰতৰ পূৰ্ণ স্বতন্ত্ৰতাৰ বিষয়ে ইংগিত দিয়া হৈছে। ভাৰতবৰ্ষক এখন গণতান্ত্রিক ৰাষ্ট্ৰ ৰূপে প্রতিষ্ঠা কৰা হৈছে। ভাৰতবৰ্ষক সকলো ক্ষমতাৰ উৎস হ’ল জনসাধাৰণ। প্রস্তাৱনাত লিপিৱদ্ধ থকা গণৰাজ্য শব্দৰ জৰিয়তে ভাৰতত বংশানুক্রমিক ৰাষ্ট্ৰ প্ৰধানৰ পৰিৱৰ্তে নির্দিষ্ট সময়ৰ বাবে নিৰ্বাচিত ৰাষ্ট্রপ্রধানৰ ব্যৱস্থা কৰা হৈছে।

(চ) ধৰ্মনিৰপেক্ষতাঃ ধৰ্মনিৰপেক্ষতা ভাৰতীয় সংবিধানৰ আন এটা অন্যতম বৈশিষ্ট্য। ‘ধর্মনিৰপেক্ষ’ শব্দটো প্রথম অৱস্থাত সংবিধানত সন্নিৱিষ্ট নাছিল। ১৯৭৬ চনত ৪২ তম সংবিধান সংশোধনৰ জৰিয়তে ‘ধৰ্মনিৰপেক্ষ’ শব্দটো সংবিধানত সংযোজন কৰা হৈছে। ভাৰতবৰ্ষত কোনো ধৰ্মক ৰাষ্ট্ৰীয় ধর্ম হিচাপে স্বীকৃতি দিয়া হোৱা নাই। ভাৰতীয় নাগৰিকসকলে যিকোনো ধর্ম গ্রহণ, প্ৰচাৰ আৰু উপাসনা কৰিব পাৰে।

৮। মৌলিক অধিকাৰ কাক বোলে? ভাৰতীয় নাগৰিকৰ মৌলিক অধিকাৰবোৰ আলোচনা কৰা।

উত্তৰঃ গণতান্ত্রিক ৰাষ্ট্ৰ এখনত বসবাস কৰা নাগৰিকৰ স্বতন্ত্রতা ৰক্ষা আৰু প্ৰতিভা বিকাশৰ বাবে কিছুমান অধিকাৰ ভোগ কৰিব দিয়া অতিশয় প্রয়োজন। এনেবোৰ অধিকাৰক সাধাৰণতে মৌলিক অধিকাৰ বোলা হয়। মৌলিক অধিকাৰবোৰ মূলতঃ পৌৰ অধিকাৰ। এনেবোৰ অধিকাৰক মৌলিক অধিকাৰ বুলি কোৱাৰ মূলতঃ হ’ল অধিকাৰবোৰ সংবিধানত লিপিবদ্ধ কৰা থাকে আৰু সাধাৰণ আইন প্রণয়ন পদ্ধতিৰে ইয়াক সংশোধন কৰিব নোৱাৰি। আনহাতে অধিকাৰকাবোৰক মৌলিক বুলি কোৱাৰ আন এটা কাৰণ হ’ল এইবোৰ বাদযোগ্য (Justiciable) অর্থাৎ ন্যায়ালয়ৰ জৰিয়তে বলবৎ কৰিব পৰা যায় আৰু ৰাষ্ট্ৰৰ সকলো শ্ৰেণীৰ নাগৰিকে উপভোগ কৰিব পাৰে।

ভাৰতীয় সংবিধানত সন্নিৱিষ্ট মৌলিক অধিকাৰসমূহঃ ভাৰতবৰ্ষত সংবিধানৰ তৃতীয় অধ্যায়ত মৌলিক অধিকাৰসমূহ লিপিবদ্ধ কৰা আছে। সংবিধান বলবৎ কৰা সময়ত সংবিধানত সাত বিধ মৌলিক অধিকাৰ বর্ণিত আছিল। কিন্তু ১৯৭৮ চনত ৪৪ তম সংবিধান সংশোধনৰ জৰিয়তে সম্পত্তিৰ অধিকাৰ (Right to property) বাতিল কৰাৰ ফলশ্রুতিত বৰ্তমান ভাৰতীয় নাগৰিকসকলে ছয়বিধ মৌলিক অধিকাৰ ভোগ কৰিব পাৰে। সম্পত্তিৰ অধিকাৰ বৰ্তমান বিধিগত অধিকাৰ, মৌলিক অধিকাৰ নহয়।

বৰ্তমান ভাৰতীয় নাগৰিকে উপভোগ কৰা মৌলিক অধিকাৰসমূহ হ’ল-

(ক) সমতাৰ অধিকাৰ (১৪ ৰ পৰা ১৮ নং অনুচ্ছেদলৈ)।

(খ) স্বাধীনতাৰ অধিকাৰ (১৯ ৰপৰা ২২ নং অনুচ্ছেদত)।

(গ) শোষণৰ বিৰুদ্ধে অধিকাৰ (২৩ ৰ আৰু ২৪ নং অনুচ্ছেদ)।

(ঘ) ধর্মীয় স্বাধীনতাৰ অধিকাৰ (২৫ ৰ পৰা ২৮ নং অনুচ্ছেদত)।

(ঙ) সাংস্কৃতিক আৰু শিক্ষাৰ অধিকাৰ (২৯ ৰ আৰু ৩০ নং অনুচ্ছেদত)।

(চ) সাংবিধানিক নিৰাময়ৰ অধিকৰা (৩২ ৰ আৰু ২২৬ নং অনুচ্ছেদ)।

(ক) সমতাৰ অধিকাৰঃ সংবিধানৰ ১৪ ৰ পৰা ১৮নং অনুচ্ছেদলৈ নাগৰিকৰ সমতাৰ অধিকাৰ উল্লেখ কৰা হৈছে। ভাৰতবৰ্ষৰ চাৰিসীমাৰ ভিতৰত বাস কৰা সকলো লোকেই আইনৰ দৃষ্টিত সমান ব্যৱহাৰ (Equality before law) পাব আৰু আইনে সকলো লোককে সমান ৰক্ষণাবেক্ষণ (Equal protection of laws) দিব।

১৫ নং অনুচ্ছেদৰ জৰিয়তে ভাৰতবৰ্ষত বাস কৰা বিভিন্ন সম্প্রদায়ৰ লোকৰ মাজত সমতা প্রতিষ্ঠা কৰিব বিচৰা হৈছে। ধর্ম, জাতি, বর্ণ, লিংগ, জন্মস্থান আদিৰ নির্বিশেষে কোনো লোকক দোকান-পোহৰ, সার্বজনীন ভোজনালয়, ৰাজহুৱা আমোদ-প্রমোদৰ স্থানত প্রৱেশ, ৰাজহুৱা পুখুৰী, কুৱা, গাঁ ধোৱা ঘাট, বাট-পথ আদি ব্যৱহাৰত চৰকাৰে কোনো ধৰণৰ বৈষম্যমূলক নীতি গ্রহণ কৰিব নোৱাৰিব।

১৬ নং অনুচ্ছেদ অনুযায়ী চৰকাৰৰ অধীনৰ চাকৰিৰ পদত নিয়োজিত ক্ষেত্রত সকলো নাগৰিকে সুযোগৰ সমতা থাকিব। এই ক্ষেত্ৰতো কোনো কাৰণত কোনো ধৰণৰ বৈষম্যমূলক নীতি গ্রহণ কৰিব নোৱাৰিব।

১৭ নং অনুচ্ছেদত অস্পৃশ্যতা দূৰীকৰণৰ বিষয় উল্লেখ আছে। সংবিধান প্রণেতাসকলে অস্পৃশ্যতা দূৰীকৰণৰ জৰিয়তে সমতা স্থাপন কৰাৰ প্ৰয়াস কৰিছে। অস্পৃশ্য বুলি কোনো লোকক ঘৃণা কৰা সংবিধান বিৰোধী।

১৮ নং অনুচ্ছেদ অনুসৰি সামৰিক আৰু শিক্ষাগত উপাধিৰ বাহিৰে ৰাষ্ট্ৰই কোনো নাগৰিকক আন উপাধি প্রদান কৰিব নোৱাৰিব নাইবা ভাৰতীয় নাগৰিকে বিদেশী ৰাষ্ট্ৰৰ পৰা উপাধি গ্রহণ কৰিব নোৱাৰিব।

(খ) স্বাধীনতাৰ অধিকাৰঃ সংবিধানৰ ১৯ নং অনুচ্ছেদৰ পৰা ২২ নং অনুচ্ছেদত স্বাধীনতাৰ অধিকাৰ সন্নিবিষ্ট আছে। স্বাধীনতাৰ অধিকাৰৰ ১৯নং অনুচ্ছেদটো অতিশয় গুৰুত্বপূর্ণ। এই অনুচ্ছেদৰ অধীনত বৰ্তমান ছয় প্ৰকাৰৰ অধিকাৰ অন্তর্ভুক্ত আছে। এই অধিকাৰসমূহ হ’লঃ 

(a) কথা কোৱা আৰু প্ৰকাশৰ স্বাধীনতা।

(b) নিৰস্ত্ৰ আৰু শান্তিপূর্ণভাৱে সমবেত হোৱাৰ স্বাধীনতা।

(c) সংস্থা আৰু সংঘ গঠন কৰা স্বাধীনতা।

(d) ভাৰতবৰ্ষৰ চাৰিসীমাৰ ভিতৰত স্বাধীনভাবে ঘূৰি ফুৰাৰ অধিকাৰ।

(e) ভাৰতবৰ্ষৰ যিকোনো অঞ্চলত বসবাস আৰু স্থায়ীভাৱে থকাৰ অধিকাৰ।

(f) যিকোনো চাকৰি নাইবা জীৱন নির্বাহৰ উপায়, বাণিজ্য তথা ব্যৱসায় কৰাৰ অধিকাৰ।

সংবিধানৰ ২২ নং অনুচ্ছেদত উল্লেখ আছে যে-

(a) কোনো লোকক গ্রেপ্তাৰ কৰিলে তেওঁক গ্ৰেপ্তাৰ কৰাৰ কাৰণ যিমান সোনকালে সম্ভৱ জনাব লাগিব,

(b) গ্রেপ্তাৰ কৰা ব্যক্তিজনক ২৪ ঘণ্টাৰ ভিতৰত (গ্ৰেপ্তাৰ কৰা ঠাইৰ পৰা ন্যায়াধীশৰ ওচৰত হাজিৰ কৰাৰ বাবে দৰকাৰ হোৱা সময় বাদ দি) কোনো ন্যায়াধীশৰ ওচৰত হাজিৰ কৰিব লাগিব।

(c) ন্যায়াধীশৰ অনুমতি সাপেক্ষে ২৪ ঘণ্টাতকৈ বেছি সময় আটক কৰি ৰাখিব পাৰিব। অৱশ্যে নিবাৰক নিৰোধ আইনৰ জৰিয়তে আটক কৰা ব্যক্তিৰ ওপৰোক্ত চর্তসমূহ প্রযোজ্য নহয়।

(গ) শোষণৰ বিৰুদ্ধে অধিকাৰঃ সংবিধানৰ ২৩ নং আৰু ২৪ নং অনুচ্ছেদত শোষণৰ বিৰুদ্ধে অধিকাৰ লিপিবদ্ধ কৰা আছে। ভাৰতবৰ্ষ স্বাধীনতা লাভ কৰা পূৰ্বৰে পৰা ভাৰতৰ সমাজ ব্যৱস্থাত প্রচলিত থকা দুর্বল শ্ৰেণীৰ লোকৰ ওপৰত অত্যাচাৰ, উৎপীৰণ, ব্যাভিচাৰ আৰু শোষণ প্রতিহত কৰা উদ্দেশ্যে সংবিধান ৰচকসকলে “শোষণৰ বিৰুদ্ধে অধিকাৰ” সংবিধানত সন্নিৱিষ্ট কৰিছে।

সংবিধানৰ ২৩ নং অনুচ্ছেদ অনুসৰি-

(a) মানুহক পণ্য দ্ৰব্যৰ দৰে ক্রয়-বিক্রয় কৰা।

(b) কোনো লোকক বিনা বেতনে কামত নিয়োগ কৰা।

(c) জোৰ জুলুম কৰি মানুহৰ পৰা শ্ৰম আদায় কৰা নিষিদ্ধ কৰা হৈছে আৰু কোনো ব্যক্তি এনে নিষেধাজ্ঞা ভংগ কৰিলে আইনমতে জগৰীয়া হয়।

সংবিধানৰ ২৪ নং অনুচ্ছেদত ১৪ বছৰৰ কম বয়সীয়া ল’ৰা-ছোৱালীক কল-কাৰখানা, খনি নাইবা আন বিপদসংকুল কামত নিয়োগ কৰা নিষিদ্ধ কৰিছে। এনে নিষেধাজ্ঞা ভংগ কৰা ব্যক্তিক আইন অনুসৰি শাস্তি বিহাৰ ব্যৱস্থা কৰা হৈছে।

(ঘ) ধর্মীয় স্বাধীনতাৰ অধিকাৰঃ ভাৰতবৰ্ষ এখন ধর্ম নিৰপেক্ষ ৰাষ্ট্ৰ, আৰু সেই নীতিৰ ভিত্তিত ‘ধৰ্মৰ স্বাধীনতাৰ অধিকাৰ’ক সংবিধান প্রণেতাসকলে সংবিধানত সন্নিবিষ্ট কৰিছে। সংবিধানৰ ২৫ নং অনুচ্ছেদৰ পৰা ২৮ নং অনুচ্ছেদত ধর্মীয় স্বাধীনতাৰ বিষয়ে বর্ণনা কৰা আছে। সংবিধানৰ ২৫ নং অনুচ্ছেদত বর্ণিত আছে যে প্রত্যেক নাগৰিকে নিজৰ বিবেক আৰু বিশ্বাস অনুসৰি ধৰ্ম গ্ৰহণ, পূজা-পাতল আৰু ধৰ্ম প্ৰচাৰ কৰিব পাৰিব। সংবিধানৰ ২৬ নং অনুচ্ছেদত উল্লেখ আছে- ৰাজহুৱা শৃংখলা, জনস্বাস্থ্য আদি বিন্যস্ত নোহোৱাকৈ সকলো সম্প্ৰদায়ৰ লোকে ধৰ্ম আৰু উপাসনাৰ উদ্দেশ্যে ধর্মীয় অনুষ্ঠান স্থাপন আৰু পৰিচালনা কৰিব পাৰিব। ধর্ম বিষয়ত নিজৰ কাৰ্যালয় পৰিচালনা কৰিব পাৰিব আৰু ধর্মানুষ্ঠানৰ বাবে স্থাৱৰ তথা অস্থাৱৰ সম্পত্তি ৰাখিব আৰু আইন অনুসৰি পৰিচালনা কৰাৰ অধিকাৰ থাকিব। সংবিধানৰ ২৭ নং অনুচ্ছেদত বর্ণিত আছে যে কোনো বিশেষ ধৰ্মৰ বাবে বাধ্যতামূলকভাৱে কৰ আদায় কৰিব নোৱাৰিব আৰু ২৮ নং অনুচ্ছেদ অনুসৰি চৰকাৰী সাহায্যপ্রাপ্ত শিক্ষানুষ্ঠানবোৰত ধৰ্মীয় শিক্ষা দিব নোৱাৰিব।

অৱশ্যে ধৰ্মৰ অধিকাৰ অবাধ নহয়। ৰাজহুৱা শৃংখলা, নৈতিকতা আৰু জনস্বাস্থ্যৰ পৰিপন্থী হ’লে চৰকাৰে ধৰ্মৰ অধিকাৰৰ ক্ষেত্ৰত বাধা আৰোপ কৰিব পাৰে।

(ঙ) সাংস্কৃতিক আৰু শিক্ষাৰ অধিকাৰঃ সংবিধানৰ ২৯ নং আৰু ৩০ নং অনুচ্ছেদত বিভিন্ন শ্ৰেণীৰ ভাৰতীয় নাগৰিকৰ কৃষ্টি, সংস্কৃতি আৰু শিক্ষাৰ স্বাধীনতাৰ বিষয়ে নিশ্চয়তা কৰা হৈছে। সংবিধানৰ ২৯ নং অনুচ্ছেদত ভাৰতবৰ্ষৰ ৰাজ্যক্ষেত্ৰৰ ভিতৰত বসবাস কৰা সকলো নাগৰিকে নিজৰ নিজৰ ভাষা, লিপি আৰু সংস্কৃতি ৰক্ষা কৰিব পৰা অধিকাৰৰ বিষয়ে বর্ণিত আছে। ৰাষ্ট্ৰৰ দ্বাৰা পৰিচালিত নাইবা চৰকাৰী সাহায্যপ্রাপ্ত শিক্ষানুষ্ঠানত জাতি, ধর্ম, বর্ণ, ভাষাৰ ভিত্তিত ভেদাভেদ আনি এনে শিক্ষানুষ্ঠানবোৰত নামভৰ্তিৰ পৰা কোনো নাগৰিকক বঞ্চিত কৰিব পৰা নাযায়। সংবিধানৰ ৩০ নং অনুচ্ছেদ অনুসৰি ধৰ্মীয় আৰু ভাষিক সংখ্যালঘুসকলে নিজৰ পছন্দ অনুযায়ী শিক্ষানুষ্ঠান স্থাপন আৰু পৰিচালনা কৰিব পাৰিব। সংখ্যালঘুসকলে স্থাপন কৰা শিক্ষানুষ্ঠানসমূহত চৰকাৰে সাহায্য দিয়াৰ ক্ষেত্ৰত বৈষম্যমূলক নীতি গ্রহণ কৰিব নোৱাৰিব।

(চ) সাংবিধানিক নিৰাময়ৰ অধিকাৰঃ ভাৰতীয় সংবিধান সভাৰ সভাপতি ডঃ আম্বেদকাৰে সাংবিধানিক নিৰাময় অধিকাৰক আটাইতকৈ গুৰুত্বপূৰ্ণ অধিকাৰ বুলি অভিহিত কৰিছে। এই অধিকাৰটো সংবিধানৰ ৩২ নং আৰু ২২৬ নং অনুচ্ছেদত বর্ণিত আছে। সাংবিধানিক নিৰাময় অধিকাৰ সংবিধানত লিপিবদ্ধ থকাৰ ফলশ্ৰুতিত চৰকাৰ তথা কোনো ব্যক্তি নাইবা অনুষ্ঠান প্রতিষ্ঠানে অন্যায়ভাৱে নাগৰিকৰ মৌলিক অধিকাৰসমূহৰ ওপৰত হস্তক্ষেপ কৰিব নোৱাৰে। মৌলিক অধিকাৰৰ ওপৰত চৰকাৰে অন্যায়ভাৱে হস্তক্ষেপ কৰিলে নাগৰিকে যথোচিত ন্যায় বিচাৰি আদালতৰ ওচৰ চাপিব পাৰে।

সংবিধানৰ ৩২ নং অনুচ্ছেদ অনুযায়ী উচ্চতম ন্যায়ালয়ে নাগৰিকৰ মৌলিক অধিকাৰসমূহ কাৰ্যকৰী কৰাৰ বাবে বন্ধী উপস্থাপন (Habeas Corpus), পৰমাধিদেশ (Mandamus), নিষেধাজ্ঞা (Prohibition), কৈফিয়ৎ তলবী (Quo Warranto), উৎপ্রেৰণ (Certiorari) আদি লেখ জাৰি কৰিব পাৰে। সংবিধানৰ ২২৬ নং অনুচ্ছেদ অনুসৰি ৰাজ্যিক উচ্চ ন্যায়ালয়সমূহে নিজৰ অধিকাৰভুক্ত অঞ্চলৰ নাগৰিকৰ মৌলিক অধিকাৰসমূহ বলবৎ কৰা কাৰণে বিভিন্ন নির্দেশ আদেশ দিয়াৰ উপৰিও ওপৰোক্ত লেখসমূহ জাৰি কৰিব পাৰে।

৯। ভাৰতীয় নাগৰিকৰ মৌলিক কৰ্তব্যবোৰৰ বৰ্ণণা কৰা।

উত্তৰঃ ভাৰতবৰ্ষৰ সংবিধানৰ চতুৰ্থ অধ্যায়ৰ ৫১ (ক) নং অনুচ্ছেদত নাগৰিকৰ মৌলিক কর্তব্যসমূহ সন্নিৱিষ্ট কৰা আছে। সংবিধান প্রণেতাসকলে মৌলিক অধিকাৰ সংবিধানত সংযোজন কৰা দৰে মৌলিক কৰ্তব্যসমূহ সন্নিৱিষ্ট কৰা নাছিল। ১৯৭৬ চনত ৪২তম সংবিধান সংশোধনৰ জৰিয়তে ১০ বিধ মৌলিক কৰ্তব্য সংবিধানৰ চতুৰ্থ অধ্যায়ৰ ৫১ (ক) নং অনুচ্ছেদত লিপিবদ্ধ কৰা আছিল। কিন্তু ২০০২ চনত ৮৬ তম সংবিধান সংশোধনৰ জৰিয়তে ৫১ (ক) (514) অনুচ্ছেদত (k) নতুনকৈ সংযোজন কৰাৰ ফলশ্রুতিত বর্তমান মৌলিক কর্তব্য ১১ বিধ হৈছে।

মৌলিক কর্তব্যসমূহ হ’ল-

(ক) সংবিধান মানি চলা আৰু জাতীয় পতাকা আৰু ৰাষ্ট্ৰীয় সংগীতৰ প্ৰতি সন্মান প্রদর্শন কৰা।

(খ) স্বাধীনতা লাভৰ বাবে চলোৱা জাতীয় আন্দোলনক অনুপ্রাণিত কৰা মহান আদর্শসমূহ পোষণ আৰু অনুসৰণ কৰা।

(গ) ভাৰতবৰ্ষৰ সাৰ্বভৌমত্ব, ঐক্য আৰু অখণ্ডতা অক্ষুণ্ণ ৰখা আৰু ৰক্ষা কৰা।

(ঘ) দেশখনক ৰক্ষা কৰা আৰু দেশমাতৃক আহ্বান ক্রমে বাষ্ট্রীয় সেৱা আগবঢ়োৱা।

(ঙ) ধর্মীয়, ভাষিক, আঞ্চলিক নাইবা সাম্প্রদায়িক অনৈক্য অতিক্রম কৰি সকলোৰে মাজত সমন্বয় আৰু ভ্ৰাতৃত্ব ভাৱৰ সৃষ্টি কৰা; নাৰীৰ মৰ্যাদা হানিকৰ আচৰণ ত্যাগ কৰা।

(চ) আমাৰ মিশ্রিত সংস্কৃতিৰ মূল্যৱান ঐতিহ্যৰ ওপৰত মূল্য আৰোপ কৰা আৰু তাৰ সংৰক্ষণ কৰা।

(ছ) হাবি-বননি, হ্রদ, নদী আৰু বনৰীয়া জীৱ-জন্তু আদি কৰি প্ৰাকৃতিক পৰিৱেশ সংৰক্ষণ আৰু উন্নতি সাধন কৰা তথা জীৱিত প্ৰাণীৰ প্ৰতি দয়া প্রদর্শন কৰা।

(জ) বৈজ্ঞানিক দৃষ্টিভংগী, মানৱতাবাদ আৰু অনুসন্ধিৎসা তথা সংস্কাৰৰ মনোভাৱৰ বিকাশ সাধন কৰা।

(ঝ) ৰাজহুৱা সম্পত্তি ৰক্ষণাবেক্ষণ কৰা আৰু হিংসাবৃত্তি পৰিহাৰ কৰা।

(ঞ) ব্যক্তিগত আৰু সামূহিক সকলো দিশৰ উৎকর্ষ সাধনৰ বাবে যত্নবান হোৱা, যাতে ৰাষ্ট্ৰই ক্রমবর্ধমানভাৱে প্রগতি আৰু সফলতাৰ উচ্চতৰ পৰ্যায়ত আগুৱাই যায়।

(ট) অভিভাৱকসকলে তেওঁলোকৰ ৬ বছৰৰ পৰা ১৪ বছৰ বয়সৰ শিশুসকলক শিক্ষা হণৰ সুযোগৰ ব্যৱস্থা কৰা।

১০। নির্দেশাত্মক নীতি বুলিলে কি বুজা? ভাৰতীয় সংবিধানত সন্নিৱিষ্ট ৰাষ্ট্ৰ পৰিচালনাৰ নিৰ্দেশাত্মক র্দেশাত্মক নীতিবোৰ ব্যাখ্যা কৰা।

উত্তৰঃ ভাৰতৰ সংবিধানৰ চতুৰ্থ অধ্যায়ত “ৰাষ্ট্ৰ পৰিচালনাৰ নিৰ্দেশাত্মক নীতি” শীর্ষক কেতবোৰ নীতি বা নিয়ম সন্নিৱিষ্ট কৰা হৈছে। চৰকাৰ, পৌৰ কর্তৃপক্ষ আদি ভাৰতীয় সংবিধানৰ অধীনত প্ৰশাসনীয় ক্ষমতা লাভ কৰা যিকোনো কর্তৃপক্ষৰ বাবে এই নীতিবোৰ পালনীয় আৰু এই নীতিবোৰ অনুসৰণ কৰি কাৰ্য নির্বাহ কৰিবলৈ পৰামৰ্শ দিয়া হৈছে। সেইবাবে এই নীতিবোৰক “নির্দেশাত্মক নীতি” (Directive Principle) বোলা হয়।

সংবিধানৰ চতুৰ্থ ভাগত ৩৬ নং তাৰ পৰা ৫১ নং অনুচ্ছেদলৈকে ৰাষ্ট্ৰৰ নিৰ্দেশাত্মক নীতিসমূহক কোনো ভাগ কৰা হোৱা নাই। তথাপি আদৰ্শৰ ভিত্তিত এই নীতি ভগোৱা হৈছে।

(ক) সমাজ কল্যাণমূলক নীতি।

(খ) গান্ধীবাদী নীতি।

(গ) অর্থনৈতিক নাইবা সমাজবাদী নীতি।

(ঘ) প্রশাসনীয় নীতি।

(ঙ) শিক্ষা সম্পর্কীয় আৰু সাংস্কৃতিক নীতি।

(চ) আন্তঃৰাষ্ট্ৰীয় নীতি।

(ক) সমাজ কল্যাণমূলক নীতিঃ ভাৰতবৰ্ষক এখন কল্যাণকামী ৰাষ্ট্ৰ হিচাপে প্রতিষ্ঠা কৰাৰ বাবে সমাজ কল্যাণমূলক নীতিসমূহৰ অতি প্রয়োজন। এই নীতিসমূহ সংবিধানৰ ৩৮, ৪২, ৪৬, ৪৭ আৰু ৪৮ নং অনুচ্ছেদত বর্ণিত আছে।

সমাজ কল্যাণমূলক নীতিসমূহ হ’ল-

(a) ৰাষ্ট্ৰই জনসাধাৰণৰ কল্যাণ সাধনৰ উদ্দেশ্যে সামাজিক, অর্থনৈতিক আৰু ৰাজনৈতিক ন্যায় নিশ্চিত তথা সুৰক্ষিত কৰাৰ বাবে যথাসাধ্য চেষ্টা কৰা। (অনুচ্ছেদ নং ৩৮)

(b) ৰাষ্ট্ৰই শ্ৰমিকসকলৰ বাবে কাম কৰাৰ উপযুক্ত পৰিৱেশ সৃষ্টি আৰু গর্ভৱতী মহিলাসকলক সাহায্য দিয়াৰ ব্যৱস্থা কৰা। (অনুচ্ছেদ নং ৪২)

(c) ৰাষ্ট্ৰই পিছপৰা শ্ৰেণীৰ বিশেষকৈ অনুসূচীত জাতি আৰু জনজাতিৰ লোকসকলৰ শিক্ষা আৰু আর্থিক স্বাৰ্থ ৰক্ষা কৰা। (অনুচ্ছেদ নং ৪৬)

(d) ৰাষ্ট্ৰই জনস্বাস্থ্যৰ উন্নতিৰ ব্যৱস্থা কৰা আৰু ৰাগীয়াল বস্তু ব্যৱহাৰ নিষিদ্ধ কৰাৰ ব্যৱস্থা কৰা। (অনুচ্ছেদ নং ৪৭)

(খ) গান্ধীবাদী নীতিঃ মহাত্মা গান্ধীৰ ভাবধাৰাৰ ওপৰত ভিত্তি কৰি নিৰ্দেশাত্মক নীতিত অন্তর্ভুক্ত কৰা নীতিসমূহক গান্ধীবাদী নীতিৰ শ্ৰেণীভুক্ত কৰা হৈছে। এই নীতিসমূহ সংবিধানৰ ৪০, ৪৩, ৪৬, ৪৭ আৰু ৪৮ নং অনুচ্ছেদত সন্নিৱিষ্ট কৰা হৈছে। এই নীতিসমূহ হ’ল-

(a) ৰাষ্ট্ৰই স্থানীয় প্রশাসনৰ গোট হিচাপে গাঁও পঞ্চায়ত গঠনৰ ব্যৱস্থা কৰা। (অনুচ্ছেদ নং ৪০)

(b) ৰাষ্ট্ৰই জনসাধাৰণৰ সামাজিক তথা সংস্কৃতি বিশেষকৈ কুটীৰ শিল্পসমূহৰ বিকাশ সাধনৰ ব্যৱস্থা কৰা। (অনুচ্ছেদ নং ৪৩ ৰ অন্তৰ্গত)

(c) ৰাষ্ট্ৰই পিছপৰা শ্ৰেণীৰ বিশেষকৈ অনুসচীত জাতি আৰু জনজাতিৰ লোকসকলৰ শিক্ষা আৰু আর্থিক স্বাৰ্থ ৰক্ষা কৰা। (অনুচ্ছেদ নং ৪৬)

(e) ৰাষ্ট্ৰই বৈজ্ঞানিক ভিত্তিত কৃষি আৰু পশুপালনৰ ব্যৱস্থা কৰা আৰু সংৰক্ষণ তথা প্রজননৰ ব্যৱস্থা কৰা আৰু গো-হত্যা বন্ধ কৰা। (অনুচ্ছেদ নং ৪৮)

(গ) অর্থনৈতিক নাইবা সমাজবাদী নীতিঃ ভাৰতবৰ্ষৰ সংবিধানৰ ৩৯, ৪১, ৪২, ৪৩ আৰু ৪৩ (ক) নং অনুচ্ছেদত বর্ণিত নীতিসমূহক অর্থনৈতিক নাইবা সমাজবাদী নীতিৰ শ্রেণীভুক্ত কৰিব পৰা যায়। এই নীতিসমূহ হ’ল-

(a) সংবিধানৰ ৩৯ নং অনুচ্ছেদত বর্ণিত নীতিসমূহঃ

(i) মতা আৰু তিৰোতা উভয়ৰ জীৱন নিৰ্বাহৰ বাবে উপযুক্ত আয়ৰ ব্যৱস্থা কৰা।

(ii) সমাজৰ সম্পদৰাশিৰ মালিকানা স্বত্ব আৰু নিয়ন্ত্রণ সামূহিক কল্যাণৰ উদ্দেশ্যে বিতৰণ কৰা।

(iii) অর্থনৈতিক ব্যৱস্থাৰ ক্ষেত্ৰত, জনসাধাৰণৰ কল্যাণৰ নামত যাতে ৰাষ্ট্ৰীয় সম্পদ আৰু উৎপাদনৰ আহিলাসমূহ কেন্দ্রীভূত নহয় তাৰ ব্যৱস্থা কৰা।

(iv) মতা-তিৰোতা নির্বিশেষে সমান কামৰ বাবে সমান মজুৰি দিয়া।

(v) শ্রমিকসকলৰ মতা-তিৰোতাৰ তথা কোমল বয়সৰ ল’ৰা-ছোৱালীৰ স্বাস্থ্য আৰু শক্তিৰ যাতে অপব্যৱহাৰ কৰা নহয়।

(vi) আর্থিক অনাটনৰ সুযোগ গ্রহণ কৰি যাতে কোনো নাগৰিকক বয়স আৰু শক্তিৰ সাধ্যৰ অনুপাততকৈ অধিক বল প্রয়োগ কৰা কামত নিয়োগ কৰা নহয়।

(vii) ল’ৰা-ছোৱালী আৰু যুৱক-যুৱতীসকলক শোষণৰ পৰা ৰক্ষা কৰা।

(b) ৰাষ্ট্ৰই আর্থিক ক্ষমতা অনুযায়ী সকলো শ্ৰেণীৰ বাবে কৰ্মৰ যোগান ধৰা, শিক্ষাৰ ব্যৱস্থা কৰা আৰু নিবনুৱা, বৃদ্ধ বয়স, ৰোগগ্রস্ত, অসমৰ্থতা আদিৰ বাবে চৰকাৰী সাহায্যৰ ব্যৱস্থা কৰা (অনুচ্ছেদ নং ৪১)।

(c) ৰাষ্ট্ৰই শ্রমিকসকলৰ বাবে কাম কৰাৰ উপযুক্ত পৰিৱেশ সৃষ্টি আৰু গৰ্ভৱতী মহিলাসকলক সাহায্য দিয়াৰ ব্যৱস্থা কৰা। (অনুচ্ছেদ নং ৪২)

(d) ৰাষ্ট্ৰই সকলো শ্ৰেণীৰ শ্ৰমিকৰ বাবে পর্যাপ্ত পৰিমাণৰ সু-জীৱন যাপনৰ, জিৰণিৰ আৰু জনসাধাৰণক সামাজিক তথা সংস্কৃতি, বিশেষকৈ কুটীৰ শিল্পসমূহৰ বিকাশ সাধনৰ ব্যৱস্থা কৰা। (অনুচ্ছেদ নং ৪৩)

(e) শ্রমিকসকলক উদ্যোগ পৰিচালনাত অংশগ্ৰহণৰ সুবিধা দিয়া। (অনুচ্ছেদ নং ৪৩ (ক)

(ঘ) প্রশাসনীয় নীতিঃ সংবিধানৰ ৪৪ আৰু ৫০ নং অনুচ্ছেদত উল্লেখিত নীতি দুটাক প্রশাসনীয় নীতিৰ অন্তর্ভুক্ত কৰা হৈছে। এই নীতি দুটা হ’লঃ

(a) ৰাষ্ট্ৰই সমগ্ৰ ভাৰতবৰ্ষৰ বাবে সমৰূপ দেৱানী বিধি প্ৰৱৰ্তন কৰা। (অনুচ্ছেদ নং ৪৪)

(b) কাৰ্যপালিকাৰ পৰা ন্যায় পালিকাক পৃথক কৰা। (অনুচ্ছেদ নং ৫০)

(ঙ) শিক্ষা সম্পৰ্কীয় আৰু সাংস্কৃতিক নীতিঃ সংবিধানৰ ৪৫ নং আৰু ৪৯ নং অনুচ্ছেদ দুটাত ক্রমান্বয়ে শিক্ষা সম্পৰ্কীয় আৰু সাংস্কৃতিক নীতিৰ বিষয়ে বর্ণিত আছে।

সংবিধানৰ ৪৫ নং অনুচ্ছেদত সংবিধান বলবৎ হোৱাৰ সময়ৰ পৰা ১০ বছৰৰ ভিতৰত ১৪ বছৰলৈকে সকলো ল’ৰা-ছোৱালীক বিনামূলীয়া বাধ্যতামূলক প্রাথমিক শিক্ষা প্রৱৰ্তনৰ বিষয়ে উল্লেখ আছিল। কিন্তু ২০০২ চনৰ ৮৬ তম সংশোধন অনুসৰি ৬ বছৰ বয়সৰ পৰা ১৪ বছৰ বয়সলৈ বিনামূলীয়া শিক্ষা মৌলিক অধিকাৰত সন্নিৱিষ্ট হোৱাৰ ফলশ্রুতিত বর্তমান ৪৫ নং অনুচ্ছেদত ৰাষ্ট্ৰই শিশুসকলৰ ৬ বছৰ বয়স পূর্ণ নোহোৱা পর্যন্ত যত্ন লোৱা আৰু শিক্ষাৰ ব্যৱস্থা কৰাৰ বিষয়ে উল্লেখ আছে।

সংবিধানৰ ৪৯ নং অনুচ্ছেদত ঐতিহাসিক আৰু ৰাষ্ট্ৰীয় গুৰুত্বপূৰ্ণ স্মৃতি চিহ্নবোৰ সংৰক্ষণ কৰাৰ বিষয়ে বর্ণিত আছে।

(চ) আন্তঃৰাষ্ট্ৰীয় নীতিঃ সংবিধানৰ ৫১ নং অনুচ্ছেদত আন্তঃৰাষ্ট্ৰীয় নীতি প্রতিফলিত হৈছে। এই নীতিসমূহ হ’ল-

(a) আন্তর্জাতিক শান্তি আৰু নিৰাপত্তাৰ উন্নতি সাধন কৰা।

(b) বিশ্বৰ ৰাষ্ট্ৰসমূহৰ লগত নিৰপেক্ষ আৰু সন্মানজনক সম্পর্ক ৰক্ষা কৰা।

(c) মধ্যস্থতাৰ জৰিয়তে আন্তর্জাতিক বিবাদ মীমাংসা কৰা।

১১। মৌলিক অধিকাৰ আৰু ৰাষ্ট্ৰ পৰিচালনাৰ নিৰ্দেশাত্মক নীতিৰ মাজত থকা পার্থক্যসমূহ আলোচনা কৰা।

উত্তৰঃ মৌলিক অধিকাৰ আৰু নির্দেশাত্মক নীতিসমূহৰ মাজত থকা পার্থক্যসমূহ হ’ল-

প্রথমতে, মৌলিক অধিকাৰসমূহে ৰাষ্ট্ৰ তথা চৰকাৰৰ কাৰ্যত সীমাবদ্ধতা আনি দিছে। সংবিধানত নাগৰিকৰ বাবে প্ৰদান কৰা মৌলিক অধিকাৰসমূহ হস্তক্ষেপ কৰি নাইবা ভংগ কৰি চৰকাৰে কোনো ধৰণৰ কাৰ্য কৰিব নোৱাৰিব। আনহাতে নির্দেশাত্মক নীতিসমূহে ৰাষ্ট্ৰ তথা চৰকাৰক কাম কৰিবৰ বাবে তথা কাৰ্যৰ জৰিয়তে নির্দিষ্ট লক্ষ্যত উপনীত হ’বৰ বাবে দায়িত্ব অর্পণ কৰিছে।

দ্বিতীয়তে, মৌলিক অধিকাৰসমূহ বাদযোগ্য কিন্তু নির্দেশাত্মক নীতিসমূহ বাদযোগ্য নহয়।

তৃতীয়তে, মৌলিক অধিকাৰসমূহ কাৰ্যকৰী কৰাৰ বাবে নতুন আইন প্রণয়ন কৰাৰ প্ৰয়োজন নহয়। অর্থাৎ মৌলিক অধিকাৰবোৰ আপোনা-আপুনি বলবৎ হৈ থাকে। কিন্তু, নির্দেশাত্মক নীতিসমূহ কাৰ্যকৰী কৰিবৰ বাবে আইন প্রণয়নৰ প্রয়োজন হয়।

নির্দেশাত্মক নীতিসমূহ আইন নোহোৱা পর্যন্ত বলবৎ কৰিব পৰা নাযায়।

চতুৰ্থতে, মৌলিক অধিকাৰসমূহ হ’ল কিছু পৰিমাণে নেতিবাচক প্রকৃতিৰ। এনে অধিকাৰসমূহে ৰাষ্ট্ৰ তথা চৰকাৰক কিছুমান কাম কৰাত সীমাবদ্ধতা আনি দিছে নাইবা নিষেধ কৰিছে।

আনহাতে, নির্দেশাত্মক নীতিসমূহ হ’ল ইতিবাচক (Positive) প্ৰকৃতিৰ। এনেবোৰ নীতিয়ে ৰাষ্ট্ৰ তথা চৰকাৰক জনসাধাৰণৰ বাবে কিছুমান কাৰ্য কৰিবৰ কাৰণে পৰামৰ্শ আগবঢ়াইছে।

পঞ্চমতে, সংবিধানৰ ৩৫২ নং অনুচ্ছেদ অনুসৰি ৰাষ্ট্ৰপতিয়ে দেশত জৰুৰীকালীন অৱস্থা ঘোষণা কৰিলে চৰকাৰে মৌলিক অধিকাৰসমূহ উপভোগৰ পৰা নাগৰিকক বঞ্চিত কৰিব পাৰে। কিন্তু জৰুৰী অৱস্থা চলি থকা সময়ত নির্দেশাত্মক নীতিসমূহ কাৰ্যকৰী কৰাৰ ক্ষেত্ৰত বাধা-নিষেধ আৰোপ কৰাৰ প্রশ্ন নুঠে।

ষষ্ঠতে, মৌলিক অধিকাৰসমূহ নাগৰিকৰ উদ্দেশ্যে প্রদান কৰা হৈছে। সংবিধানে প্রদান কৰা সকলোবোৰ অধিকাৰ ভাৰতীয় নাগৰিকে উপভোগ কৰিব পাৰে। আনহাতে, নির্দেশাত্মক নীতিসমূহ ৰাষ্ট্ৰৰ উদ্দেশ্যে দিয়া হৈছে। নির্দেশাত্মক নীতিসমূহ কাৰ্যকৰী কৰি ভাৰতবৰ্ষক এখন কল্যাণকামী ৰাষ্ট্ৰ হিচাপে প্রতিষ্ঠা কৰাৰ বাবে চৰকাৰ তথা ৰাষ্ট্ৰক নির্দেশ দিছে।

সপ্তমতে, মৌলিক অধিকাৰ আৰু নির্দেশাত্মক নীতিৰ মাজত সংঘাত ঘটিলে মৌলিক অধিকাৰৰ ন্যায়ালয়ে প্রাধান্য দিয়ে। মৌলিক অধিকাৰ লংঘন কৰি বিধানমণ্ডলে কোনো আইন ৰচনা কৰিলে ন্যায়ালয়ে তেনে আইন অসাংবিধানিক বুলি ঘোষণা কৰি বাতিল কৰিব পাৰে। ইয়াৰ পৰা প্রমাণ হয় যে নির্দেশাত্মক নীতিতকৈ মৌলিক অধিকাৰৰ প্ৰাধান্য বেছি।

অষ্টমতে, মৌলিক অধিকাৰৰ মুখ্য লক্ষ্য হ’ল সমতা, স্বাধীনতা, ধর্মীয় অধিকাৰ আৰু সাংস্কৃতিক তথা শিক্ষা বিষয়ক অধিকাৰৰ জৰিয়তে ৰাজনৈতিক গণতন্ত্র প্রতিষ্ঠা কৰা। আনহাতে, ৰাষ্ট্ৰৰ নির্দেশাত্মক নীতিৰ উদ্দেশ্য হ’ল জনসাধাৰণক অর্থনৈতিক স্বাধীনতা প্রদান কৰি ৰাজনৈতিক গণতন্ত্রৰ লগতে অর্থনৈতিক গণতন্ত্র প্রতিষ্ঠা কৰাৰ চেষ্টা কৰা।

বর্ণিত মৌলিক অধিকাৰ আৰু নির্দেশাত্মক নীতিৰ পাৰ্থক্যৰ পৰা নিঃসন্দেহে ক’ব পৰা যায় যে দুয়োটাৰে সাংবিধানিক দিশত যথেষ্ট তাৎপর্য আছে আৰু এটাই আনটোৰ পৰিপূৰক হিচাপে কাম কৰে।

১২। ন্যায়িক সমীক্ষা কি? ভাৰতত সাংবিধানিক সংশোধনী আৰু আইন প্রণয়নৰ প্ৰেক্ষাপটত ন্যায়িক সমীক্ষাৰ ধাৰণাটোৰ প্ৰাসংগিকতা পৰীক্ষা কৰা।

উত্তৰঃ ন্যায়িক পর্যালোচনাক সেইমতবাদ হিচাপে সংজ্ঞায়িত কৰা হয় যাৰ অধীনত ন্যায়পালিকাৰ দ্বাৰা কাৰ্যবাহী আৰু আইনী কার্যকলাপ পুনৰীক্ষণ কৰা হয়। ভাৰতত ৰাজ্যৰ তিনিটা অস্ত্ৰৰ ক্ষমতা পৃথকীকৰণৰ নীতি আছে, অর্থাৎ কার্যবাহী, আইনী আৰু ন্যায়পালিকা, ন্যায়পালিকাক আন দুটা অস্ত্ৰৰ কাৰ্যকলাপৰ ওপৰত পুনৰীক্ষণৰ ক্ষমতা দিয়া হৈছে।

ন্যায়িক সমীক্ষা হৈছে এনে এক প্ৰক্ৰিয়া যাৰ অধীনত কার্যবাহী বা আইনগত কার্যসমূহ ন্যায়পালিকাৰ দ্বাৰা পৰ্যালোচনাৰ আওতাত থাকে। ন্যায়িক পৰ্যালোচনাৰ কর্তৃত্ব থকা আদালতে উচ্চ কর্তৃপক্ষৰ সৈতে অসঙ্গতিপূর্ণ সংশোধনী, আইন আৰু চৰকাৰী কাৰ্যক বাতিল কৰিব পাৰে। ভাৰতৰ ক্ষেত্ৰত কাৰ্যবাহী সিদ্ধান্ত অবৈধ বুলি বা সংবিধানৰ চৰ্ত উলংঘা কৰাৰ বাবে কোনো বিধি বাতিল হ’ব পাৰে। ন্যায়িক সমীক্ষা হৈছে ক্ষমতা পৃথকীকৰণৰ অন্যতম নিয়ন্ত্রণ আৰু ভাৰসাম্য। ন্যায়পালিকাৰ ক্ষমতা যেতিয়া বিধানসভা আৰু কাৰ্যবাহী শাখাই নিজৰ কর্তৃত্ব অতিক্রম কৰে তেতিয়া বিধানসভা আৰু কাৰ্যবাহী শাখাৰ তত্ত্বাৱধান হয়। ন্যায়িক অধিকাৰ ক্ষেত্ৰৰ মাজত এই মতবাদৰ ভিন্নতা থাকে, গতিকে ন্যায়িক পর্যালোচনাৰ পদ্ধতি আৰু পৰিসৰ দেশৰ মাজত পৃথক হ’ব পাৰে। ভাৰতত ন্যায়িক পৰ্যালোচনা বা সমীক্ষা সাংবিধানিক আদালত অর্থাৎ ভাৰতৰ উচ্চতম ন্যায়ালয়ৰ লগতে ভাৰতৰ ২৫ খন উচ্চ ন্যায়ালয়ে কৰে। সাংবিধানিক বিধান আৰু আনকি সাংবিধানিক সংশোধনীও উলংঘা কৰা আইন, আইন আৰু চৰকাৰী কাৰ্যবাহী কার্যক আদালতে বাতিল কৰে যদিহে ই ভাৰতীয় সংবিধানৰ মৌলিক গাঁথনি উলংঘা কৰে। আইনগত আৰু প্রশাসনিক দুয়োটা কাৰ্যৰ বিষয়ত উচ্চতম ন্যায়ালয় আৰু বিভিন্ন ৰাজ্যৰ উচ্চ ন্যায়ালয়ৰ বাবে ন্যায়িক সমীক্ষাৰ ক্ষমতা উপলব্ধ। বহুলাংশে এই ক্ষমতা সংবিধানত প্রদান কৰা মৌলিক অধিকাৰৰ সুৰক্ষা আৰু বলৱৎকৰণৰ বাবে প্রয়োগ কৰা হৈছে। কম পৰিমাণে কেন্দ্ৰ-ৰাষ্ট্ৰৰ সম্পৰ্কৰ ক্ষেত্ৰত বিধানসভাৰ দক্ষতা সম্পর্কীয় বিষয়সমূহতো ন্যায়িক সমীক্ষাৰ ব্যৱহাৰ কৰা হৈছে।

যেতিয়া কার্যবাহী, ন্যায়পালিকা আৰু আইনসভাই সাংবিধানিক মূল্যবোধৰ ক্ষতি কৰে আৰু অধিকাৰ অস্বীকাৰ কৰে তেতিয়া ন্যায়িক সমীক্ষাই ৰক্ষক হিচাপে এক গুৰুত্বপূর্ণ ভূমিকা পালন কৰে। সংসদৰ নতুন ক্ষমতা প্রয়োগ কৰি আদালতৰ দ্বাৰা প্ৰয়োগ কৰিব লগা আইনৰ শাসন সংশোধন কৰিব নোৱাৰি। ইয়াত থকা, যিসকলে ৰাজহুৱা কর্তব্য পালন কৰি আছে, তেওঁলোক দায়বদ্ধ। তেওঁলোকে ভাৰতৰ সংবিধানৰ গণতান্ত্রিক ব্যৱস্থাৰ ভিতৰত কাম কৰিব লাগিব। উচ্চ ন্যায়ালয়ৰ ক্ষেত্ৰত অনুচ্ছেদ ২২৬ আৰু ২২৭ আৰু পুনৰীক্ষণৰ বাবে ভাৰতৰ সংবিধানৰ অনুচ্ছেদ ৩২ আৰু ১৩৬ ৰ অধীনত ন্যায়িক মূল্যায়নৰ প্রভাৱ ইমান দীঘলীয়া হৈ আহিছে।

১৩। ভাৰতীয় সংবিধানত মৌলিক অধিকাৰৰ তাৎপৰ্যৰ বিষয়ে আলোচনা কৰা।

উত্তৰঃ ভাৰতীয় সংবিধানত মৌলিক অধিকাৰৰ তাৎপৰ্যক উজ্জ্বল কৰি তোলা মূল দিশসমূহ তলত উল্লেখ কৰা হ’ল-

(ক) ব্যক্তিগত স্বাধীনতাৰ সুৰক্ষাঃ মৌলিক অধিকাৰে ব্যক্তিৰ মৌলিক স্বাধীনতা আৰু স্বতন্ত্রতা ৰক্ষা কৰে। এই অধিকাৰসমূহৰ ভিতৰত আছে সমতাৰ অধিকাৰ, বাক আৰু মত প্ৰকাশৰ স্বাধীনতা, জীৱন আৰু ব্যক্তিগত স্বাধীনতাৰ অধিকাৰ, বৈষম্যৰ বিৰুদ্ধে অধিকাৰ, ধৰ্মৰ স্বাধীনতা ইত্যাদি। এই অধিকাৰসমূহে ৰাষ্ট্ৰৰ যিকোনো স্বেচ্ছাচাৰী কাৰ্যৰ পৰা ৰক্ষাকৱচ প্ৰদান কৰে আৰু ব্যক্তিসকলে মৰ্যাদা আৰু স্বায়ত্তশাসনৰ সৈতে নিজৰ জীৱন যাপন কৰাৰ স্বাধীনতা লাভ কৰে।

(খ) সমতা আৰু বৈষম্যহীনতাঃ মৌলিক অধিকাৰসমূহে সমতাৰ ওপৰত গুৰুত্ব আৰোপ কৰে আৰু ধৰ্ম, জাতি, লিংগ বা জন্মস্থান আদি বিভিন্ন ভিত্তিত বৈষম্য নিষিদ্ধ কৰে। তেওঁলোকে আইনৰ অধীনত সম সুৰক্ষাৰ নিশ্চয়তা প্রদান কৰে আৰু সকলো নাগৰিকে সমান সুযোগ আৰু সম্পদৰ সুবিধা লাভ কৰাটো নিশ্চিত কৰে। সামাজিক ন্যায়ৰ প্ৰসাৰ, বৈষম্যমূলক প্রথাসমূহ ভাঙি পেলোৱা, আৰু অধিক অন্তর্ভুক্ত সমাজ গঢ়ি তোলাৰ ক্ষেত্ৰত এই অধিকাৰসমূহ অতি গুৰুত্বপূৰ্ণ।

(গ) সাংবিধানিক প্ৰতিকাৰৰ অধিকাৰঃ সংবিধানত সাংবিধানিক প্ৰতিকাৰৰ অধিকাৰ অন্তর্ভুক্ত কৰা হৈছে, যাৰ ফলত ব্যক্তিসকলে নিজৰ মৌলিক অধিকাৰ বলবৎ কৰাৰ বাবে আদালতৰ কাষ চাপিব পাৰে। এই বিধানে নাগৰিকসকলৰ অধিকাৰৰ কোনো ধৰণৰ উলংঘাৰ ক্ষেত্ৰত আইনী প্ৰতিকাৰ বিচাৰিবলৈ এক ফলপ্রসূ ব্যৱস্থা থকাটো নিশ্চিত কৰে। ই ব্যক্তিসকলক নিজৰ স্বাধীনতা ৰক্ষা কৰিবলৈ আৰু যিকোনো উলংঘাৰ বাবে ৰাষ্ট্ৰক জবাবদিহি কৰিবলৈ ক্ষমতা প্রদান কৰে।

(ঘ) ৰাজ্যিক ক্ষমতাৰ ভাৰসাম্য ৰক্ষা কৰাঃ মৌলিক অধিকাৰে ৰাষ্ট্ৰ ক্ষমতাৰ ওপৰত নিয়ন্ত্ৰণ হিচাপে কাম কৰে আৰু চৰকাৰক স্বৈৰাচাৰী হোৱাৰ পৰা ৰক্ষা কৰে। তেওঁলোকে ৰাষ্ট্ৰৰ কাৰ্যৰ সীমা নির্ধাৰণ কৰে, চৰকাৰে সংবিধানৰ পৰিসৰৰ ভিতৰত কাম কৰাটো নিশ্চিত কৰে আৰু নিজৰ নাগৰিকৰ অধিকাৰ আৰু স্বাধীনতাক সন্মান কৰে। মৌলিক অধিকাৰৰ অন্তর্ভুক্তিয়ে বাষ্ট্রই গণতান্ত্রিকভাৱে কাম কৰাটো নিশ্চিত কৰে আৰু আইনৰ শাসন বজাই ৰাখে।

(ঙ) সংখ্যালঘু আৰু দুৰ্বল শ্ৰেণীৰ সুৰক্ষাঃ সংখ্যালঘু আৰু সমাজৰ দুৰ্বল শ্ৰেণীৰ অধিকাৰ সুৰক্ষিত কৰাৰ ক্ষেত্ৰত মৌলিক অধিকাৰসমূহে গুৰুত্বপূর্ণ ভূমিকা পালন কৰে। যিকোনো ধৰণৰ বৈষম্য, শোষণ বা অত্যাচাৰৰ পৰা সুৰক্ষা প্ৰদান কৰে। এই অধিকাৰসমূহে সামাজিক অন্তর্ভুক্তিক প্ৰসাৰিত কৰে, প্ৰান্তীয় সম্প্রদায়সমূহৰ উত্থান ঘটায়, আৰু অসুবিধাগ্রস্তসকলৰ কণ্ঠ শুনা আৰু সন্মান কৰাটো নিশ্চিত কৰে।

১৪। ভাৰতীয় সংবিধানত ৰাষ্ট্ৰ পৰিচালনাৰ নিৰ্দেশাত্মক নীতিসমূহৰ গুৰুত্বৰ বিষয়ে আলোচনা কৰা। 

উত্তৰঃ ৰাষ্ট্ৰ পৰিচালনাৰ নিৰ্দেশাত্মকৰ গুৰুত্বক উজ্জ্বল কৰি তোলা মূল কাৰণসমূহ তলত উল্লেখ কৰা হৈছেঃ

(ক) সামাজিক আৰু অর্থনৈতিক ন্যায়ঃ ৰাষ্ট্ৰ পৰিচালনাৰ নিৰ্দেশাত্মক সামাজিক আৰু অর্থনৈতিক ন্যায়ৰ ওপৰত গুৰুত্ব আৰোপ কৰে আৰু ন্যায়সংগত আৰু সমতাপূর্ণ সমাজ গঢ়ি তোলাৰ লক্ষ্য ৰাখে। আয় আৰু সম্পদৰ বৈষম্য হ্রাস, সম সুযোগৰ প্ৰসাৰ, সমাজৰ সকলো শ্ৰেণীৰ কল্যাণ নিশ্চিত কৰাৰ দিশত কাম কৰিবলৈ ৰাষ্ট্ৰক নির্দেশ দিয়ে। ৰাষ্ট্ৰ পৰিচালনাৰ নির্দেশাত্মক নীতিয়ে অধিক সর্বাংগীণ আৰু সমতাবাদী সমাজৰ বাবে এক দৃষ্টিভংগী প্রদান কৰে।

(খ) সমাজ কল্যাণৰ প্ৰসাৰঃ ৰাষ্ট্ৰ পৰিচালনাৰ নিৰ্দেশাত্মক নীতিয়ে জনসাধাৰণৰ কল্যাণ আৰু তেওঁলোকৰ জীৱনৰ মান উন্নত কৰাত অগ্রাধিকাৰ দিয়ে। তেওঁলোকে দৰিদ্রতা, নিবনুৱা সমস্যা, স্বাস্থ্যসেৱা, শিক্ষা, আৰু গৃহ নিৰ্মাণৰ দৰে সামাজিক সমস্যাসমূহৰ সমাধানৰ গুৰুত্বৰ ওপৰত আলোকপাত কৰে। এই নীতিসমূহে প্রান্তীয় লোকসকলক উন্নীতকৰণ, সামাজিক অৱস্থা উন্নত কৰা, সামগ্রিক সমাজ কল্যাণৰ প্ৰসাৰৰ বাবে নীতি আৰু কাৰ্যসূচী প্রস্তুত কৰাত ৰাষ্ট্ৰক পথ প্রদর্শন কৰে।

(গ) সুষম অর্থনৈতিক উন্নয়নঃ বাষ্ট্র পৰিচালনাৰ নির্দেশাত্মক নীতিয়ে সুষম অর্থনৈতিক উন্নয়ন আৰু সম্পদৰ ন্যায্য বিতৰণৰ প্ৰয়োজনীয়তাৰ ওপৰত গুৰুত্ব আৰোপ কৰে। তেওঁলোকে ৰাষ্ট্ৰক নির্দেশ দিয়ে যে বস্তুগত সম্পদৰ মালিকীস্বত্ব আৰু নিয়ন্ত্রণ যাতে কেইটামান হাতত কেন্দ্রীভূত নহয় আৰু অর্থনৈতিক সুযোগ সকলোৰে বাবে সুলভ হয়। এই নীতিসমূহৰ লক্ষ্য হৈছে আঞ্চলিক বৈষম্যসমূহ দূৰ কৰা আৰু অধিক সুষম আৰু অন্তর্ভুক্ত বৃদ্ধিৰ পথ প্রসাৰ কৰা।

(ঘ) সাংস্কৃতিক ঐতিহাৰ সুৰক্ষাঃ ভাৰতৰ চহকী সাংস্কৃতিক ঐতিহ্য সংৰক্ষণ আৰু সাংস্কৃতিক বৈচিত্র্যক প্ৰসাৰিত কৰাৰ গুৰুত্বক ৰাষ্ট্ৰ পৰিচালনাৰ নিৰ্দেশাত্মক নীতিয়ে স্বীকাৰ কৰে। ভাষা, কলা, সাংস্কৃতিক পৰম্পৰা ৰক্ষাৰ ওপৰত এই নীতিয়ে গুৰুত্ব আৰোপ কৰে। দেশৰ বিভিন্ন জনগোষ্ঠীৰ সাংস্কৃতিক পৰিচয় আৰু ঐতিহ্য ৰক্ষা আৰু প্ৰসাৰৰ ব্যৱস্থা গ্ৰহণৰ ক্ষেত্ৰত নীতিসমূহে ৰাষ্ট্ৰক পথ প্রদর্শন কৰে।

(ঙ) সামাজিক সম্প্রীতিৰ প্ৰসাৰ ভাৰতৰ বৈচিত্র্যময় জনসংখ্যাৰ মাজত সামাজিক সম্প্রীতি আৰু ভ্রাতৃত্ববোধৰ প্ৰসাৰৰ তাৎপৰ্যৰ ওপৰত ৰাষ্ট্ৰ পৰিচালনাৰ নিৰ্দেশাত্মক নীতিয়ে আলোকপাত কৰে। মানৱ মর্যাদাক অৱমাননা কৰা প্ৰথাক নিৰুৎসাহিত কৰিবলৈ, শান্তি আৰু সৌহার্দৰ প্ৰসাৰ ঘটাবলৈ আৰু সকলো নাগৰিকৰ মাজত ভাতৃত্ববোধৰ মনোভাৱ গঢ়ি তুলিবলৈ ৰাষ্ট্ৰক নির্দেশ দিয়ে। এই নীতিসমূহে সামাজিক সংহতি আৰু জাতীয় সংহতি বজাই ৰখাত গুৰুত্বপূর্ণ ভূমিকা পালন কৰে।

১৫। ভাৰতীয় সংবিধানত ন্যায়িক পৰ্যালোচনাৰ বিধানৰ তাৎপর্য আৰু শাসন ব্যৱস্থাত ইয়াৰ প্ৰভাৱৰ বিষয়ে আলোচনা কৰা। 

উত্তৰঃ ভাৰতীয় সংবিধানত ন্যায়িক পৰ্যালোচনাৰ বিধানৰ তাৎপৰ্য আৰু শাসন ব্যবস্থাত ইয়াৰ প্ৰভাৱ তলত উল্লেখ কৰা হৈছে-

(ক) সাংবিধানিক আধিপত্য বজাই ৰখাঃ ন্যায়িক পর্যালোচনাৰ ব্যৱস্থাই সংবিধানৰ আধিপত্য নিশ্চিত কৰে। সংবিধানৰ বিধানৰ সৈতে অসঙ্গতিপূর্ণ যিকোনো আইন বা কার্যক বাতিল কৰিবলৈ ই ন্যায়পালিকাক ক্ষমতা প্রদান কৰে। ইয়াৰ দ্বাৰা সাংবিধানিক কাঠামোৰ অখণ্ডতা বজাই ৰখাত সহায় হয় আৰু সংবিধানে নির্ধাৰণ কৰা সীমাৰ ভিতৰত চৰকাৰে কাম কৰাটো নিশ্চিত কৰে।

(খ) মৌলিক অধিকাৰ সুৰক্ষাঃ সংবিধানত সন্নিৱিষ্ট মৌলিক অধিকাৰসমূহ সুৰক্ষিত কৰাৰ ক্ষেত্ৰত ন্যায়িক পর্যালোচনাই গুৰুত্বপূর্ণ ভূমিকা পালন কৰে। ন্যায়পালিকাই ব্যক্তিগত স্বাধীনতাৰ ৰক্ষক হিচাপে কাম কৰে আৰু এই অধিকাৰসমূহ উলংঘা কৰা আইন আৰু কাৰ্যসমূহক বাতিল কৰাৰ কর্তৃত্ব আছে। ন্যায়িক পৰ্যালোচনাই নাগৰিকসকলৰ সমতা, বাক স্বাধীনতা, মত প্রকাশ, ধৰ্ম আদিৰ অধিকাৰ সুৰক্ষিত কৰাত সহায় কৰে, ইয়াৰ ফলপ্রসূ বলবৎকৰণ নিশ্চিত কৰে।

(গ) পৰীক্ষা আৰু ভাৰসাম্যঃ ন্যায়িক পর্যালোচনাই শাসন ব্যৱস্থাৰ ভিতৰত পৰীক্ষা আৰু ভাৰসাম্যৰ ব্যৱস্থা হিচাপে কাম কৰে। ই বিধায়িনী দল আৰু কাৰ্যবাহীৰ ক্ষমতাৰ প্ৰতি ভাৰসাম্য প্রদান কৰে, যাতে ইয়াৰ সাংবিধানিক সীমা অতিক্ৰম নকৰে।

(ঘ) ব্যাখ্যা আৰু স্পষ্টতাঃ ন্যায়িক পর্যালোচনাৰ ক্ষমতাই ন্যায়পালিকাক সংবিধানৰ ব্যাখ্যা আৰু ইয়াৰ বিধানসমূহ স্পষ্ট কৰিবলৈ অনুমতি দিয়ে। ন্যায়পালিকাই নিজৰ ৰায় আৰু ব্যাখ্যাৰ জৰিয়তে সাংবিধানিক আইনৰ বিকাশত অৰিহণা যোগায়, ব্যৱধান পূৰণ কৰে আৰু সাংবিধানিক নীতি প্রয়োগৰ ক্ষেত্ৰত পথ প্রদর্শন কৰে। ইয়াৰ ফলত আইনী ব্যৱস্থাত সামঞ্জস্য আৰু সংহতি বজাই ৰখাত সহায় হয়।

(ঙ) কাৰ্যবাহী আৰু বিধানসভাৰ অতিমাত্ৰা ৰোধ কৰাঃ ন্যায়িক পর্যালোচনাই চৰকাৰৰ কার্যবাহী আৰু বিধানসভা শাখাই ক্ষমতাৰ স্বেচ্ছাচাৰী ব্যৱহাৰৰ ওপৰত পৰীক্ষা হিচাপে কাম কৰে। ইয়াৰ দ্বাৰা চৰকাৰী কাৰ্যসমূহ সাংবিধানিক নীতিৰ সৈতে মিল থকাটো নিশ্চিত কৰা হয়, সাংবিধানিক অধিকাৰৰ কোনো ধৰণৰ অতিমাত্রা বা উলংঘা ৰোধ কৰা হয়। ইয়াৰ ফলত সুশাসন, ন্যায়পৰায়ণতা, আৰু আইনৰ শাসনৰ আনুগত্যৰ প্ৰসাৰত সহায় হয়।

১৬। ভাৰতৰ উচ্চতম ন্যায়ালয়ৰ ন্যায়িক সমীক্ষা ক্ষমতাৰ বিষয়ে আলোচনা কৰা।

উত্তৰঃ ন্যায়িক সমীক্ষাৰ ক্ষমতা উচ্চতম ন্যায়ালয়ৰ এটা প্রধান ক্ষমতা। এই ক্ষমতাৰ যোগেদি উচ্চতম ন্যায়ালয়ে কোনো অসাংবিধানিক আইন বা আদেশক অবৈধ বুলি নাকচ কৰিব পাৰে। জে. আব্রাহামে ন্যায়িক সমীক্ষা ক্ষমতাৰ বিষয়ে এনেদৰে কৈছে, “The judicial review is the power of any court to hold unconstitutional and hence unenforceable any law any official action that its deems to be inconsistent with the basis law of the state.”

সংবিধান হ’ল দেশৰ সৰ্বোচ্চ আইন। এই আইনৰ বিৰোদ্ধে প্রণয়ন কৰা আই সংবিধান বিৰোধী। গতিকে এনে সংবিধান বিৰোধী আইন নাকচ কৰা আৰু অকাৰ্যকৰী কৰা উচ্চতম ন্যায়ালয়ৰ এটা প্রধান ক্ষমতা। যুক্তৰাষ্ট্ৰত সর্বোচনচ ন্যায়ালয়ৰ এক নিৰপেক্ষ আৰু স্বাধীন ভূমিকা আছে। এনে এক পৰিপ্ৰেক্ষিতত ন্যায়িক সমীক্ষাৰ প্ৰয়োজনীয়তা আছে।

আমেৰিকাত হেমিল্টনে Federalist paper ত প্রথম ন্যায়িক সমীক্ষাৰ বিষয়ে আলোচনা কৰিছিল। মূখ্য বিচাৰপতি মার্শালে প্রথম মাৰৱাৰী বনাম মেডিচন গোচৰত এই ক্ষমতাৰ প্রয়োগ কৰিছিল। যদিও আমেৰিকাৰ সংবিধানত ন্যায়িক সমীক্ষাৰ বিষয়ে উল্লেখ নাই তথাপিও সংবিধানৰ ব্যাখ্যা কৰোঁতে এনে ক্ষমতাৰ উৎপত্তি হৈছে।

আমেৰিকাৰ সংবিধানৰ নিচিনাকৈ ভাৰতীয় সংবিধানতো ন্যায়িক সমীক্ষাৰ ক্ষমতাৰ বিষয়ে উল্লেখ নাই। তথাপিও আইনৰ ব্যাখ্যা কৰোঁতে এনে এক ক্ষমতা উচ্চতম ন্যায়ালয়ে উপভোগ কৰে। ভাৰতৰ সংসদৰ আইন প্ৰণয়নৰ ক্ষমতা আছে। কিন্তু সংসদে সংবিধানৰ নিয়মাৱলীৰ বিৰুদ্ধাচৰণ কৰিব নোৱাৰে। উচ্চতম ন্যায়ালয়ে সংসদে প্রণয়ন কৰা আইন সংবিধান বিৰোধী হ’লে অসাংবিধানিক বুলি নাকচ কৰিব পাৰে। এই ক্ষমতাৰ পৰাই ন্যায়িক সমীক্ষাৰ ক্ষমতা উচ্চতম ন্যায়ালয়ে আহৰণ কৰিছে।

ভাৰতৰ উচ্চতম ন্যায়ালয়ে এতিয়ালৈকে বহুবাৰ এই ক্ষমতাৰ প্ৰয়োগ কৰি সংসদীয় আইন আৰু কাৰ্যাৱলী আৰু কাৰ্যপালিকাৰ আদেশ নাকচ কৰিছে।

১৯৬৯ চনত ভাৰতৰ সংসদে ১৪ টা বেংক ৰাষ্ট্ৰীয়কৰণ কৰে। কিন্তু উচ্চতম ন্যায়ালয়ে এই আইন অসাংবিধানিক বুলি নাকচ কৰিছিল। উচ্চতম ন্যায়ালয়ৰ ৰায় আছিল যে সংসদে এই আইনৰ যোগেদি ৰাষ্ট্ৰীয়কৰণ কৰিবলৈ লোৱা বেংক বিলাকক ক্ষতিপূৰণ দিয়াৰ ক্ষেত্ৰত সংবিধান বিধি উলংঘা কৰিছে। ন্যায়াধীশ শ্বাহে বায়ত কৈছিল যে আইনখন বৈষম্যমূলক আৰু আইন অকর্তৃত্বশীল, সেয়েহে অবৈধ।

সেইদৰে ৰাজন্যবৰ্গক দিয়া মাননি উচ্ছেদ কৰা যি আদেশ আছিল উচ্চতম ন্যায়ালয়ে সংবিধানৰ বিৰোধী বুলি নাকচ কৰিছিল। ১৯৭০ চনৰ ৰাষ্ট্ৰপতিৰ আদেশটো অসাংবিধানিক অন্যায় আৰু সেয়েহে অকার্যকৰী বুলি ঘোষণা কৰা হৈছে। মূখ্য বিচাৰপতি এম, হিদয়তুল্লাৰ মতে ৰাষ্ট্ৰপতিৰ এই ক্ষমতা অনুচ্ছেদ ৩৬৬ (২) ৰ বাহিৰৰ।

ৰাষ্ট্ৰৰ নিৰ্দেশাত্মক নীতিৰ আধাৰত ৰাজ্যবিলাকে জমিদাৰী প্রথা উচ্ছেদৰ কাৰণে যি আইন প্রণয়ন কৰিছিল জমিদাৰসকলৰ আবেদনৰ ভিত্তিত উচ্চতম ন্যায়ালয়ে সেই আইন অবৈধ বুলি ঘোষণা কৰিছিল।

মৌলিক অধিকাৰ খর্ব কৰা বিষয়ত গোলক নাথ বনাম পঞ্জাৱ চৰকাৰৰ গোচৰৰ সন্দৰ্ভত উচ্চতম ন্যায়ালয়ে ৰায় দান কৰিছিল যে সংসদে মৌলিক অধিকাৰ খৰ্ব কৰিব নোৱাৰে।

অৱশ্যে এটা কথা স্পষ্ট যে উচ্চতম ন্যায়ালয়ে নিজে সংবিধান বহির্ভূত কার্যসমূহ বা আইন সমূহ সকলো বিচাৰ নকৰে। সংসদে প্রণয়ন কৰা আইনৰ বিৰুদ্ধে কোনোবাই প্রত্যাহ্বান জনালেহে উচ্চতম ন্যায়ালয়ে তেনে আইন বিচাৰ কৰে।

ভাৰতৰ উচ্চতম ন্যায়ালয়ে এতিয়ালৈকে ভালে সংখ্যক আইনৰ সংবিধান বিৰোধীবুলি নাকচ কৰিছে। অৱশ্যে আমেৰিকা যুক্তৰাষ্ট্ৰৰ দৰে ভাৰতৰ উচ্চতম ন্যায়ালয়ৰ ন্যায়িক সমীক্ষাৰ ক্ষমতা ব্যাপক নহয়। ভাৰতৰ উচ্চতম ন্যায়ালয়ে কোনো আইনৰ ন্যায়সংগত বিচাৰ কৰিব নোৱাৰে। ভাৰতবৰ্ষত Procedure established by law অনুসৰিহে ন্যায়ালয়ে আইনৰ বিচাৰ কৰে। ৰাজহুৱা স্বাৰ্থত চৰকাৰে নাগৰিকৰ সম্পত্তি অধিগ্রহণ কৰিব পাত্ৰৰ। চৰকাৰে ইয়াৰ বাবে যি ক্ষতিপূৰণ দিয়ে ন্যায়ালয়ে সেই ক্ষতিপূৰণ বঢ়াব নোৱাৰে। সংবিধানৰ ৫২ নং সংশোধনীয়ে উচ্চতম ন্যায়ালয়ৰ ক্ষমতা বহু পৰিমাণে সংকোচিত কৰিছে। এই সংশোধনী অনুসৰি ভাৰতৰ সংসদে যিবিলাক সংশোধন কৰে উচ্চতম ন্যায়ালয়ে সেই সংশোধনী প্রত্যাহ্বান জনাব নোৱাৰে।

উচ্চতম ন্যায়ালয়ে জমিদাৰী প্রথা উচ্ছেদ আইনক অবৈধ ঘোষণা কৰিছিল। কিন্তু সংসদে পুনৰ সংবিধান সংশোধন কৰি এই জমিদাৰী প্রথা বিলুপ্তিৰ ব্যৱস্থা কৰে। সেইদৰে গোৱক নাথ বিচাৰত উচ্চতম ন্যায়ালয়ে মৌলিক অধিকাৰ খৰ্ব কৰিব নোৱাৰে বুলি ৰায়দান কৰিছিল। কিন্তু সংসদে ২৪ আৰু ৪২ নং সংশোধনীৰ দ্বাৰা মৌলিক অধিকাৰ সংশোধন কৰাৰ কর্তৃত্ব লাভ কৰে। এনেদৰে সম্পত্তি অধিকাৰক মৌলিক অধিকাৰৰ পৰা বাদ দিয়া হৈছে।

কিন্তু সংসদে সংবিধান সংশোধন কৰি নিজৰ পথ নিষ্কণ্টক কৰিব পাৰিলেও সংবিদানৰ মৌলিক গাঁঠনিৰ সংশোধন কৰিব নোৱাৰে। ১৯৮০ চনৰ Minerva Mills বিচাৰত উচ্চতম ন্যায়ালয়ে ৰায়দান দিছিল যে সংসদে সংবিধান সংশোধনৰ নিৰ্বিৰোধ ক্ষমতা লাভ কৰিব নোৱাৰে। “Basic structure” বা মূল গাঁঠনি ৰক্ষা কৰিহে সংসদে সংবিধান সংশোধন কৰিব পাৰে।

১৭। ভাৰতীয় সংবিধানৰ সপ্তম অনুসূচীত থকা ক্ষমতা বিতৰণৰ তিনিওখন সূচীৰ বিষয়ে আলোচনা আগবঢ়োৱা।

উত্তৰঃ ভাৰতীয় সংবিধানৰ একাদশ অধ্যায়ত ভাৰতৰ কেন্দ্ৰীয় চৰকাৰ আৰু ৰাজ্য চৰকাৰসমূহৰ মাজৰ সম্পৰ্ক আলোচনা কৰা হৈছে। ভাৰতবৰ্ষত কেন্দ্ৰ ৰাজ্যৰ মাজত থকা প্রশাসনিক, আইন প্রণয়নিক আৰু ন্যায়িক সম্পর্কক পর্যালোচনা কৰিলে দেখা যায় সংবিধান প্রণেতাসকলে ভাৰতবৰ্ষত যুক্তৰাষ্ট্ৰীয় আৰু এককেন্দ্রীক শাসন-ব্যৱস্থাৰ এটা মিশ্রিত নীতি অৱলম্বন কৰিছে। সংবিধানত কেন্দ্ৰীয় চৰকাৰৰ হাতত থাকিবলগীয়া আৰু ৰাজ্যিক চৰকাৰৰ হাতত থাকিবলগীয়া ক্ষমতাসমূহৰ বিষয়ে সুন্দৰভাৱে বৰ্ণনা কৰা আছে। এই বিষয়সমূহ সংবিধানৰ সপ্তম অনুসূচীত তিনিখন সূচীৰ অন্তৰ্ভুক্ত হৈছে আৰু সেই সূচী কেইখন হ’ল- কেন্দ্ৰীয় সূচী, ৰাজ্যিক সূচী আৰু সমৱতী সূচী।

এই তিনিখন সূচীৰ উপৰিও অৱশিষ্ট সূচী হিচাবে আন এখন সূচী আছে য’ত ওপৰোক্ত তিনিখন সূচীত অন্তর্ভুক্ত নোহোৱা কেতবোৰ অৱশিষ্ট হোৱা বিষয়সমূহৰ ক্ষমতা কেনদ্ৰীয় চৰকাৰৰ হা আছে।

কেন্দ্রীয় সূচী (Union List): কেন্দ্ৰীয় সূচীত সমগ্ৰ দেশৰ স্বাৰ্থ জড়িত হৈ থকা মুঠ ৯৭ টা বিষয় সন্নিৱিষ্ট কৰাআছে। তাৰে ভিতৰত উল্লেখযোগ্য বিষয়সমূহ হ’ল- প্ৰতিৰক্ষা, প্ৰতিৰক্ষা বাহিনী, অস্ত্র-শস্ত্র, বৈদেশিক সম্পর্ক, নাগৰিকত্ব, ৰেল ব্যৱস্থা, বিমান বিভাগ, লোকপিয়ল জৰীপ, বৈদেশিক ঋণ, পৰমাণু শক্তি, ৰিজার্ভ বেংক, হিচাপ পৰীক্ষক, শিল্প নিয়ন্ত্রণ, জীৱন বীমা, খনি সাগৰত মাছ ধৰা, অৰ্কিডৰ খেতি, উৎপাদন আৰু ৰপ্তানি তেলৰ পুং, কথাছবি প্ৰদৰ্শনৰ অনুমতি, লোণ তৈয়াৰ, যোগান আৰু বিতৰণ, জাতীয় পুথিভঁৰাল, যাদুঘৰ আদি, বেনাৰস হিন্দু বিশ্ববিদ্যালয়, আলিগড় মুছলিম বিশ্ববিদ্যালয় আৰু দিল্লী বিশ্ববিদ্যালয়, ৰাষ্ট্ৰপতি আৰু উপৰাষ্ট্ৰপতিৰ নিৰ্বাচন, উচ্চতম ন্যায়ালয় বৈজ্ঞানিক আৰু কলা শিক্ষাৰ সংস্থা, সংসদৰ সদস্যসমূহৰ দৰমহা, কেন্দ্ৰীয় লোকসেৱা, ৰাষ্ট্ৰপতি, ৰাজ্যপাল, কেন্দ্রীয় মন্ত্ৰী আদিৰ দৰমহা ভাট্টা আদি, আয়কৰ, শুল্ক নিগম কৰ, বাতৰি কাকতৰ ক্রয়-বিক্রয় কৰ, ৰাজ্যিক সূচী আৰু সমবর্তী সূচীত অন্তর্ভূক্ত নকৰা অন্যান্য বিষয় কিছুমান। কেন্দ্ৰীয় চৰকাৰে কেন্দ্রীয় সুচীত থকা বিষয়বোৰৰ ওপৰত আইন প্রণয়ন কৰাৰ একচেটিয়া ক্ষমতা উপভোগ কৰে। কোনো পৰিস্থিতিতেই ৰাজ্যিক চৰকাৰসমূহে এই বিষয়বোৰৰ ক্ষেত্ৰত আইন প্রণয়ন কৰিব নোৱাৰে। অর্থাৎ কেন্দ্রীয় সূচীৰ ক্ষেত্ৰত সংসদে অর্থাৎ কেন্দ্রীয় আইন সভাই সর্বেসর্বা।

ৰাজ্যিক সূচী (State List): ভাৰতীয় সংবিধানে ৰাজ্যবোৰৰ বাবে এখন ৰাজ্যিক সূচীৰ ব্যৱস্থা ৰাখিছে য’ত মুঠ ৬৬টা বিষয় অন্তর্ভূক্ত কৰা হৈছে। এই তালিকাভুক্ত উল্লেখযোগ্য বিষয়সমূহ হৈছে- আইন আৰু শৃংখলা, আৰক্ষী, কাৰাগাৰ, স্থানীয় প্রশাসন, কৃষি, জনস্বাস্থ্য, বনজ সম্পদ, বিশ্ববিদ্যালয়, পশু চিকিৎসা আৰু পশুপালন, পানী যোগান, জলসিঞ্চন, মীনক্ষেত্র, আভ্যন্তৰীণ ব্যৱসায়-বাণিজ্য, বস্তু উৎপাদন আৰু যোগান, হাট বজাৰ, বিধানমণ্ডলৰ সদস্য, অধ্যক্ষ উপাধ্যক্ষৰ দৰমহা, ৰাজ্যিক লোকসেৱা আয়োগ, ৰাজ্যৰ মন্ত্ৰী আৰু কৰ্মচাৰী বেতন, সঞ্চিত নিধিৰ পৰা দিবলগা দৰমহা, কৃষি আয়কৰ, ৰাজহৰ নিৰ্ধাৰণ আৰু সংগ্রহ, স্থানীয় কৰ, বিজুলী শক্তি, যানবাহন কৰ ইত্যাদি।

সংবিধানে প্রদান কৰা কর্তৃত্ব অনুসৰি ৰাজ্যৰ আইন সভাসমূহে ৰাজ্যিক সূচীৰ অন্তর্ভুক্ত বিষয়সমূহৰ ওপৰত আইন ৰচনা কৰিব পাৰে। অৱশ্যে কিছুমান বিশেষ পৰিস্থিতিত কেন্দ্রীয় আইনসভায়ো ৰাজ্যিক সূচীৰ অন্তর্ভুক্ত বিষয়ৰ ওপৰত আইন প্রণয়ন কৰিব পাৰে। সংবিধানৰ ২০০ নং অনুচ্ছেদ মতে ৰাজ্যিক বিধানমণ্ডলত গৃহীত হোৱা কোনো কোনো আইন ৰাজ্যপালে ৰাষ্ট্ৰপতিৰ বিবেচনাৰ বাবে পঠিয়াব পাৰে। ২০১ নং অনুচ্ছেদ অনুসৰি তেনে বিধেয়কত সন্মতি প্রদান কৰা বা নকৰাটো ৰাষ্ট্ৰপতিৰ বিবেচনাৰ ওপৰত নিৰ্ভৰশীল। ৰাষ্ট্ৰপতিয়ে কোনো বিধেয়কত সন্মতি প্ৰদান নকৰি পুনৰ বিবেচনাৰ অৰ্থে ৰাজ্যিক বিধানমণ্ডললৈ ঘূৰাই পঠাব পাৰে। তেনেকৈ পঠোৱা বিধেয়কত ৰাজিক্য বিধানমণ্ডলে ৰাষ্ট্ৰপতিৰ নিৰ্দেশ কৰা মতে সংশোধন কৰি বা সংশোধন নকৰালৈয়ে গৃহীত কৰি পুনৰ ৰাষ্ট্ৰপতিৰ সন্মতিৰ বাবে প্ৰেৰণ কৰিব লাগে। তদুপৰি ৩০৪ নং অনুচ্ছেদ অনুসৰি ৰাষ্ট্ৰপতিৰ আগতীয়া অনুমোদন হ’লেহে ৰাজ্যিক বিধানমণ্ডলত বেহা-বেপাৰ আৰু লেনদেন সম্পৰ্কীয় আইন প্রণয়নৰ উদ্দেশ্যে বিধেয়ক উত্থাপন কৰিব পাৰি।

সমৱর্তী সূচী (Concurrent List): সমৱৰ্তী সূচীৰ অন্তর্ভুক্ত কোনো বিষয়ত কেন্দ্রীয় বা ৰাজ্যিক আইন সভাই আইন প্রণয়ন কৰিব পাৰে। সংবিধান প্রণয়নৰ সময়ত সমৱৰ্তীসূচীত ৪৭টা বিষয় অন্তর্ভুক্ত কৰা হৈছিল যদিও পিছলৈ ইয়াৰ সংখ্যা ৫২ টা লৈ বৃদ্ধি কৰা হয়। এই বিষয়সমূহৰ উল্লেখযোগ্যবোৰ হ’ল- ফৌজদাৰী আইন, জন্ম মৃত্যুৰ হিচাপ, বিবাহ আৰু বিবাহ বিচ্ছেদ, মূল্য নিয়ন্ত্রণ, কাৰাবন্দী, ন্যাস আৰু ন্যাসৰক্ষকসকল, শিক্ষা, বর্ণানী, কৃষিভূমিৰ বাহিৰে আন সম্পত্তি হস্তান্তৰ, পুনৰ সংস্থাপন, গৰু, গছ-গছনি আদিৰ সংক্ৰামক ৰোগ, মূল্য নিয়ন্ত্রণ, আদালতৰ প্ৰতি অৱমাননা, আন্তঃৰাজ্যিক ব্যৱসায়, বাণিজ্য, সংবাদপত্র আৰু ছপাশাল, সম্পত্তি অধিগ্রহণ, টিকট শুষ্ক ইত্যাদি। সমৱৰ্তী সূচীৰ অন্তর্ভুক্ত বিষয়সমূহত কেন্দ্রীয় বা ৰাজ্যিক আইনসভাই আইন প্রণয়ন কৰিব পাৰে। কিন্তু সমৱর্তী সূচীভুক্ত কোনো বিষয় সম্পর্কে ৰাজ্যিক আইনসভা দ্বাৰা প্রণীত কোনো আইনৰ লগত যদি সংসদৰ দ্বাৰা প্রণয়ন কৰা কোনো আইনৰ বিৰোধ হয়, তেনেক্ষেত্ৰত সংসদৰ দ্বাৰা প্ৰণয়ন হোৱা আইনহে বলবৎ থাকিব।

কেন্দ্রীয় সূচী, ৰাজ্যিক সূচী আৰু সমৱৰ্তী সূচীৰ অন্তর্ভুক্ত নোহোৱা বিষয়সমূহক অৱশিষ্ট বিষয় বোলা হয়। এই অৱশিষ্ট বিষয়বোৰৰ ওপৰত আইন প্রণয়নৰ ক্ষমতা কেন্দ্ৰীয় চৰকাৰৰ হাতত অর্পণ কৰা হৈছে। সেয়েহে কেন্দ্রীয় চৰকাৰৰ হাতত থকা এই ক্ষমতাক অৱশিষ্ট ক্ষমতা (Residuary Powers) বোলা হয়। কেন্দ্র আৰু ৰাজ্য চৰকাৰসমূহৰ মাজৰ আইন প্ৰণয়ন সম্পর্কে পর্যবেক্ষণ কৰিলে দেখা যায় কেন্দ্ৰীয় চৰকাৰে আইন প্ৰণয়নৰ ক্ষেত্ৰত সংশ্লিষ্ট ৰাজ্যৰ সন্মতি অবিহনে বিশেষকৈ দুটা বিষয়ত আইন প্রণয়ন কৰিব নোৱাৰে।

সেই বিষয় দুটা হ’ল-

(ক) কোনো ৰাজ্যৰ নাম বা ৰাজ্যৰ ক্ষেত্ৰ পৰিবৰ্তনৰ কাৰণে।

(খ) কোনো ৰাজ্যৰ ৰাজ্যক্ষেত্র হস্তান্তৰৰ জৰিয়তে আন্তর্জাতিক চুক্তি বা সন্ধিৰ চৰ্ত পূৰণ কৰাৰ বাবে সংশ্লিষ্ট ৰাজ্যৰ বিনা সন্মতি সংসদে কোনো আইন প্রণয়ন কৰিব নোৱাৰে।

Leave a Comment

Your email address will not be published. Required fields are marked *

Scroll to Top