Understanding India Unit 3 প্ৰাচীন ভাৰতৰ ধৰ্ম আৰু দৰ্শন-বৈদিক, বৌদ্ধ, জৈন ধর্ম Notes, College and University Answer Bank for BA, B.com, B.sc, and Post Graduate Notes and Guide Available here, Understanding India Unit 3 প্ৰাচীন ভাৰতৰ ধৰ্ম আৰু দৰ্শন-বৈদিক, বৌদ্ধ, জৈন ধর্ম Solutions to each Unit are provided in the list of UG-CBCS Central University & State University Syllabus so that you can easily browse through different College and University Guide and Notes here. Understanding India Unit 3 প্ৰাচীন ভাৰতৰ ধৰ্ম আৰু দৰ্শন-বৈদিক, বৌদ্ধ, জৈন ধর্ম Question Answer can be of great value to excel in the examination.
Understanding India Unit 3 প্ৰাচীন ভাৰতৰ ধৰ্ম আৰু দৰ্শন-বৈদিক, বৌদ্ধ, জৈন ধর্ম
Understanding India Unit 3 প্ৰাচীন ভাৰতৰ ধৰ্ম আৰু দৰ্শন-বৈদিক, বৌদ্ধ, জৈন ধর্ম Notes cover all the exercise questions in UGC Syllabus. Understanding India Unit 3 প্ৰাচীন ভাৰতৰ ধৰ্ম আৰু দৰ্শন-বৈদিক, বৌদ্ধ, জৈন ধর্ম Solutions provided here ensures a smooth and easy understanding of all the concepts. Understand the concepts behind every Unit and score well in the board exams.
প্ৰাচীন ভাৰতৰ ধৰ্ম আৰু দৰ্শন-বৈদিক, বৌদ্ধ, জৈন ধর্ম
UNDERSTANDING INDIA
(ভাৰতৰ বোধগম্যতা)
অতি চমু প্ৰশ্নোওৰ |
১। ঋতম্ক কিয় পানী বা জল বোলা হয়?
উত্তৰঃ পানীয়ে যিহেতু সকলোৰে ধাৰণৰ মূল, গতিকে ঋতম্ক পানী বা জল বোলা হয়।
২। ‘ঋত’ কাক বোলে?
উত্তৰঃ ‘ঋত’হ’ল জাগতিক আৰু নৈতিক নিয়ম- যি নিয়মৰ দ্বাৰা সকলো জাগতিক আৰু নৈতিক ঘটনা বা কামকাজ পৰিচালিত হয়।
৩। ঋতৰ ধাৰণা গ্রীক দৰ্শনৰ কোনটো তত্ত্বৰ লগত সামঞ্জস্য আছে?
উত্তৰঃ গ্ৰীক দৰ্শনৰ ‘Being আৰু Becoming’ৰ লগত।
8। বেদত ঋতমৰ দ্বাৰা কি বুজোৱা হৈছে?
উত্তৰঃ ভগৱান বিষ্ণুক বুজাইছে যি সর্বেশ্বৰ এই জগতখনক সুস্থিৰ আৰু সুচাৰুৰূপে পালন কৰে।
৫। যজ্ঞ শব্দটো কিহৰ পৰা উৎপত্তি হৈছে?
উত্তৰঃ যজ।
৬। গীতাত ‘স্থিতপ্রজ্ঞ’ৰ অৰ্থ কি?
উত্তৰঃ কোনো লোকে যেতিয়া আনন্দ-বিষাদ, দুখ-যন্ত্রণা আদি সকলো মানসিক অৱস্থাতেই সুস্থিৰ হৈ থাকে তেনেলোককে গীতাত স্থিতপ্রজ্ঞ বোলা হয়।
৭। গীতাই কি নীতিশিক্ষা প্রদান কৰে?
উত্তৰঃ গীতাই নিষ্কাম কৰ্মৰ শিক্ষা দিয়ে।
৮। গীতাৰ মতে মানুহৰ ধৰ্ম কি?
উত্তৰঃ গীতাৰ মতে কর্মই মানুহৰ ধৰ্ম।
৯। প্রবৃত্তি মার্গ মানে কি?
উত্তৰঃ প্রবৃত্তি মার্গে কৰ্ম কৰাৰ ইচ্ছাক বুজায়।
১০। অদৃষ্টবাদ কাক বোলে?
উত্তৰঃ অদৃষ্টবাদ অনুসৰি মানুহৰ জীৱনত যি ঘটাৰ সি ঘটিব, ইয়াক প্ৰতিৰোধ কৰা মানুহৰ সাধ্যাতীত।
১১। ‘বর্ণ’ শব্দটো কোন ধাতুৰ পৰা আহিছে?
উত্তৰঃ ‘বর্ণ’ শব্দটো সংস্কৃত ‘বৃ’ ধাতুৰ পৰা আহিছে।
১২। গীতাত কেইটা অধ্যায় আছে?
উত্তৰঃ ১৮ টা অধ্যায় আছে।
১৩। গীতাত কেইটা শ্লোক আছে?
উত্তৰঃ ৭০০ টা শ্লোক আছে।
১৪। গীতাৰ মতে কোনে বৰ্ণ ব্যৱস্থাটো প্রতিষ্ঠা কৰিছে?
উত্তৰঃ গীতাৰ মতে ত্রিগুণ অনুযায়ী বর্ণ ব্যৱস্থাটো প্রতিষ্ঠা কৰা হৈছে।
১৫। জৈন মতবাদত কিমানজন তীর্থংকৰৰ উপদেশ পোৱা যায়?
উত্তৰঃ জৈন মতবাদত চব্বিশজন তীর্থংকৰৰ উপদেশ পোৱা যায়।
১৬। প্রথমজন তীর্থংকৰৰ নাম কি?
উত্তৰঃ ঋষভদেৱ হ’ল প্রথমজন তীর্থংকৰ।
১৭। জৈন শব্দটোৰ অৰ্থ কি?
উত্তৰঃ জৈন শব্দটোৰ অৰ্থ হ’ল বিজেতা।
১৮। শেষৰ তীৰ্থংকৰজনৰ নাম কি?
উত্তৰঃ শেষৰ তীৰ্থংকৰজনৰ নাম হ’ল মহাবীৰ।
১৯। জৈন দৰ্শনৰ ভাগ দুটা কি কি?
উত্তৰঃ জৈন দৰ্শনৰ ভাগ দুটা হ’ল- শ্বেতাম্বৰ আৰু দিগম্বৰ।
২০। জৈন দর্শনমতে জ্ঞানৰ প্ৰকাৰ দুটা কি কি?
উত্তৰঃ জৈন দর্শনমতে জ্ঞানৰ প্ৰকাৰ দুটা হ’ল- অপৰোক্ষ আৰু পৰোক্ষ।
২১। শ্রুত মানে কি?
উত্তৰঃ আপ্তবচনৰ পৰা লাভ কৰা জ্ঞানেই শ্রুত।
২২। জৈনসকলে কি কি প্রমাণ স্বীকাৰ কৰে?
উত্তৰঃ জৈনসকলে তিনি প্ৰকাৰৰ প্ৰমাণ স্বীকাৰ কৰে- প্রত্যক্ষ, অনুমান আৰু শব্দ।
২৩। অনেকান্তবাদ কাক বোলে?
উত্তৰঃ একে বস্তুৱেই বিভিন্ন ব্যক্তিৰ কাষত বিভিন্ন প্রকাৰে দেখা দিয়ে। ইয়াকে অনেকান্তক বোলা হয়।
২৪। অনেকান্তবাদৰ লগত কি জড়িত হৈ আছে?
উত্তৰঃ অনেকান্তবাদৰ লগত সৎবাদ জড়িত হৈ আছে।
২৫। আত্মাৰ ভাগ দুটা কি কি?
উত্তৰঃ আত্মাৰ ভাগ দুটা হ’ল- মুক্ত আৰু বন্ধ।
২৬। মুক্ত আত্মা কাক বোলে?
উত্তৰঃ যিবোৰ আত্মাই মুক্তি পাইছে সেইবোৰক মুক্ত আত্মা বোলে।
২৭। বৌদ্ধ দৰ্শনৰ মতে প্ৰথম আৰ্য সত্য কি?
উত্তৰঃ দুখ।
২৮। বৌদ্ধ দর্শনৰ দ্বিতীয় আর্য সত্য কি?
উত্তৰঃ দুখৰ কাৰণ।
২৯। বুদ্ধৰ শিক্ষণৰ দিশ বা উপায় কি?
উত্তৰঃ বুদ্ধৰ শিক্ষণৰ দিশ বা উপায় হ’ল ত্রিপিটক।
৩০। বৌদ্ধ দর্শনৰ তৃতীয় আর্য সত্য কি?
উত্তৰঃ দুখৰ নিবৃতি।
৩১। বৌদ্ধ দর্শনৰ মতে জীৱনৰ দুখৰ প্ৰধান কাৰণ কি?
উত্তৰঃ জন্ম।
৩২। বৌদ্ধ দৰ্শনৰ মতে বস্তুবোৰ উপভোগ কৰাৰ কাৰণ কি?
উত্তৰঃ বাসনা।
৩৩। বৌদ্ধ দর্শনৰ মতে ভ্রূণৰ কাৰণ কি?
উত্তৰঃ পূর্বজন্মৰ চেতনা।
৩৪। বৌদ্ধ দর্শনক কিয় নাস্তিক দর্শন বোলা হয়?
উত্তৰঃ বৌদ্ধ দর্শনক নাস্তিক দর্শন বোলা হয় কাৰণ বৌদ্ধ দর্শনে বেদৰ অস্তিত্বক অস্বীকাৰ কৰিছে।
৩৫। বৈদিক ধৰ্মত পৰম দেৱতা কোন?
উত্তৰঃ বৈদিক ধৰ্মত ইন্দ্ৰই পৰম ঈশ্বৰ।
৩৬। বৈদিক দর্শনত চূড়ান্ত বাস্তৱতা কি?
উত্তৰঃ ব্রহ্মা।
৩৭। “বুদ্ধ” শব্দৰ অৰ্থ কি?
উত্তৰঃ আলোকিত এজন বা জাগ্রত হোৱা এজন।
৩৮। হিন্দু ধৰ্মৰ মূল ধাৰণা কি কি?
উত্তৰঃ হিন্দু ধর্মই ধর্ম (ন্যায়বোধ আৰু নৈতিক কর্তব্য), কর্ম (কাৰণ আৰু ফলৰ নিয়ম) আৰু মোক্ষ (পুনর্জন্মৰ চক্ৰৰ পৰা মুক্তি) আদি বিভিন্ন ধাৰণা সামৰি লৈছে।
৩৯। বৈদিক দর্শনত আত্মাৰ ধাৰণা কি?
উত্তৰঃ আত্মাই ব্যক্তিগত আত্মা বা আত্মাক বুজায়। বৈদিক দর্শনে আত্মন চিৰন্তন আৰু চূড়ান্ত বাস্তৱ ব্ৰহ্মৰ সৈতে একে বুলি শিক্ষা দিয়ে।
৪০। বৈদিক দর্শন মতে জীৱনৰ লক্ষ্য কি?
উত্তৰঃ বৈদিক দৰ্শনত জীৱনৰ লক্ষ্য হৈছে জন্ম-মৃত্যুৰ চক্ৰৰ পৰা মুক্তি আৰু চূড়ান্ত বাস্তৱৰ সৈতে মিলন মোক্ষ লাভ কৰা।
৪১। প্রধান উপনিষদ আৰু ইয়াৰ দার্শনিক শিক্ষা কি কি?
উত্তৰঃ প্রধান উপনিষদসমূহৰ ভিতৰত বৃহদাৰণ্যক, ছা ন্দোগ্য, আৰু কথোপনিষদ অন্যতম। তেওঁলোকে বাস্তৱৰ প্রকৃতি, আত্মা, ব্যক্তি আৰু বিশ্বব্রহ্মাণ্ডৰ মাজৰ সম্পৰ্ক আদি ধাৰণাসমূহ অন্বেষণ কৰে।
৪২। ‘নির্বাণ’ৰ ব্যুৎপত্তিগত অর্থ কি?
উত্তৰঃ ‘নির্বাণ’ৰ ব্যুৎপক্তিগত অর্থ হৈছে ‘নুমাই যোৱা’, ‘বিলীন হোবা’ নাইবা ‘শীতল হৈ পৰা’।
৪৩। বুদ্ধই কেই প্ৰকাৰৰ আৰ্যসত্যৰ কথা কৈছে?
উত্তৰঃ বুদ্ধই চাৰি প্ৰকাৰৰ আৰ্য্য সত্যৰ কথা কৈছে।
৪৪। বুদ্ধৰ মতে আত্মা কি?
উত্তৰঃ বুদ্ধৰ মতে, আত্মা অনিত্য। ই হৈছে ক্রমশঃ মানসিক ও শাৰীৰিক প্ৰক্ৰিয়াৰ অনুক্ৰম, যি অনিত্য। ই হৈছে জ্ঞান বা জ্ঞাত বিষয়ৰ এক প্রবাহ।
৪৫। গীতাত ‘পুৰুষোত্তম’ শব্দৰ দ্বাৰা কি বুজাইছে?
উত্তৰঃ বিশ্বজগতৰ সৃষ্টিৰ বাবে নিজ শক্তিৰ মাধ্যমেৰে সৃষ্টিকাৰ্যৰ অৱতাৰণা কৰাৰ সময়ত ব্রহ্ম ক্রিয়াশীল হয় বুলি ধাৰণা কৰিব পাৰি। গীতাত ব্ৰহ্মৰ এই ক্রিয়াশীল অৱস্থাটোকেই পুৰুষোত্তম বোলা হয়।
৪৬। পুৰুষাৰ্থ কাক বোলে?
উত্তৰঃ ভাৰতীয় দর্শনত জীৱনৰ সৰ্বোচ্চ লক্ষ্যকে পুৰুষাৰ্থ বোলা হয়। পুৰুষ বা ব্যক্তিয়ে যি কামনা কৰে সেয়াই পুৰুষার্থ। ধর্ম, অর্থ, কাম আৰু মোক্ষক পুৰুষাৰ্থ বুলি কোৱা হয়। এই কেইটাক চতুবর্গ বুলিও কোৱা হয়। প্রত্যেক মানুহৰ লক্ষ্য ভিন্ ভিন্ হ’ব পাৰে। কোনোৱে ধর্ম আৰু কোনোৱে হয়তো অর্থ বিচাৰে। অর্থ আৰু কামক গৌণ পুৰুষাৰ্থ আৰু ধৰ্ম আৰু মোক্ষক মূখ্য পুৰুষাৰ্থ বোলা হয়।
চমু প্ৰশ্নোত্তৰ |
১। ধম্মপাদে নির্বাণৰ সম্পর্কে কি উল্লেখ কৰিছে?
উত্তৰঃ ধম্মপাদে নির্বাণৰ বিষয়ে প্রকাশ কৰে যে, ‘নির্বাণ আশীৰ্বাদৰ এক অৱস্থা, সুখৰ মুকুট পূর্ণ শান্তি, ঘৃণা, লোভ আৰু প্ৰতাৰণাৰ পৰা মুক্ত। ই সেই প্ৰকাৰৰ সুখ বা আনন্দ যি সাধাৰণ আনন্দৰ পৰা পৃথক। ই হৈছে কৃপা পূর্ণ অন্ত।
২। বৌদ্ধ দর্শনৰ মতে, “সম্যক সমাধি” য়ে কি বুজায়?
উত্তৰঃ সমাধি হ’ল মনৰ এক শান্ত আৰু স্থিৰ অৱস্থা। যিলোকে আবেগ আৰু অন্য চিন্তাৰ পৰা মুক্ত হয় তেঁৱেই একাগ্ৰতাৰ দুখৰ সমাপ্তিলৈ লক্ষ্য ৰাখি সত্য সন্ধানৰ দুর্গম পথ অতিক্রম কৰাৰ উপযুক্ত মার্গ।
৩। বৌদ্ধৰ অষ্টাংগিক বা অষ্ট মার্গ মানে কি?
উত্তৰঃ বুদ্ধৰ চাৰিটা আৰ্যসত্যৰ চতুৰ্থটো হ’ল দুখ নিবৃত্তিৰ উপায়। বুদ্ধ দুখৰ নিবৃত্তি বা মুক্তি লাভৰ কাৰণে আঠটা নিয়ম অনুসৰণ কৰিছিল আৰু আনকো অনুসৰণ কৰিবলৈ উপদেশ দিছিল। এই আঠটা নিয়মক ‘অষ্টাংগিক মার্গ’ বুলি কোৱা হয়।
8। বৌদ্ধ দর্শনৰ মহাযান শাখাৰ মতে নির্বাণ কি?
উত্তৰঃ মহাযান সম্প্রদায়, যাক ডাঙৰ বাহন, ডাঙৰ জাহাজ হিচাপে ধৰা হয়, সিয়ে বহু বেছি সংখ্যক মানুহ থকাৰ ব্যৱস্থা কৰিব পাৰে আৰু তেওঁলোকক অতি সাৱধানে আৰু নিৰাপদে সংসাৰ সাগৰৰ কষ্টকৰ পানীৰ পৰা নিৰ্বাণৰ সমীপলৈ লৈ যাব পাৰে। মহাযান সম্প্রদায়ে নির্বাণক আর্শীবাদ বা কৃপাৰ এক সদর্থক অবস্থা হিচাপে স্বীকাৰ কৰে। নির্বাণত প্রশান্তি, চিত্তপ্রশান্ততা আৰু নিৰাসক্তি বিৰাজ কৰে।
৫। দুই প্ৰকাৰৰ নিৰ্বাণ কি কি?
উত্তৰঃ দুই প্ৰকাৰৰ নিৰ্বাণ হ’ল- উপাধি শেষ আৰু অনুপাধি শেষ। উপাধি শেষ নির্বাণত মানুহৰ কেৱল আসক্তিসমূহৰ বিলুপ্তি ঘটে আৰু অনুপাধি শেষ নির্বাণত সকলো অস্তিত্বৰে বিলুপ্তি ঘটে। আমি যেতিয়া কওঁ যে মানুহে এইখন জগততে নির্বাণ লাভ কৰিব পাৰে, তেতিয়া আমি উপাধি শেষক বুজো। ই হৈছে অৰহত্ব যি হৈ পৰে পৰিনির্বাণ। পৰিনিৰ্বাণৰ অৰ্থ হৈছে অস্তিত্বৰ চৰম সম্পূর্ণতা।
৬। বৌদ্ধৰ মতে শুদ্ধ সমাধি কি?
উত্তৰঃ শুদ্ধ সমাধি নির্বাণৰ সর্বশেষ স্তৰ। ইয়াত সমাধিৰ চাৰিটা অৱস্থাৰ উল্লেখ আছে। প্রথম অৱস্থাত ভোগবাসনা চৰিতাৰ্থ কৰা কামুকতাসমূহ অপসাৰিত কৰা হয়। কাৰণ এই সমূহেই বিভেদজনিত কর্মজন্মৰ অৱস্থা। দ্বিতীয় অৱস্থা গভীৰ শান্তিৰ অৱস্থা। তৃতীয় স্তৰ মানসিক চৈতন্যৰ অৱস্থা, যাৰ সকলো ধৰণৰ আবেগ অপসাৰিত কৰা হয়। সর্বশেষ অৱস্থাই হ’ল সম্পূর্ণ প্রশান্তিৰ আৰু স্ব-অনুভূতিৰ স্তৰ। মুঠতে এইটো এটা সম্পূর্ণ জ্ঞানৰ অৱস্থা।
৭। বৌদ্ধ দর্শন মতে আত্মাৰ ধাৰণা চমুকৈ ব্যাখ্যা কৰা।
উত্তৰঃ বৌদ্ধ দর্শন মতে স্থায়ী কোনো আত্মা নাই। পৰিৱৰ্তনশীলতা এটা সার্বিক নিয়ম। কোনোৱে এই নিয়মৰ পৰা মুক্ত নহয়। সাধাৰণতে আমি ভাবো যে মানুহৰ ভিতৰত এটা স্থায়ী আত্মা আছে আৰু দেহৰ পৰিৱৰ্তন হ’লেও আত্মা অপৰিৱর্তনীয় হৈ থাকে। আত্মাৰ জন্ম-মৃত্যু নাই। বুদ্ধৰ মতে জগতত যিহেতু কোনো স্থায়ী বস্তু নাই, গতিকে আত্মা বুলিও নিত্য সত্তা নাই। অৱশ্যে বৌদ্ধ দর্শনত ‘আত্মা’ বুলি এটা স্থায়ী পদাথর্ক অস্বীকাৰ কৰিলেও ব্যক্তিৰ জীৱনৰ বিভিন্ন আনুক্রমিক অৱস্থাৰ অবিচ্ছেদ্য প্রবাহ বুদ্ধই অস্বীকাৰ কৰা নাই। এই অবিচ্ছেদ্য প্রবাহ অনুসৰি এটা জীৱনে আন এটা জীৱনৰ সূচনা কৰে। যেনেকৈ এটা চাকিৰ জুইৰ পৰা আন এটা চাকি জ্বলাব পাৰি, সেইদৰে এটা জীৱনৰ শেষ অৱস্থাই নতুন এটা জীৱন উৎপত্তি কৰিব পাৰে। তাৰ বাহিৰে নিত্য আত্মা নাই।
৮। ধর্ম বুলিলে কি বুজা?
উত্তৰঃ ধৃ-ধাতুৰ পৰা ধৰ্মৰ উৎপত্তি। ‘ধৃ’ মানে ধাৰণ কৰা। যি গুণ বা শক্তিৰ দ্বাৰা ধাৰণ কৰা হয় সেয়াই ধর্ম। ঋক বেদত ধর্ম শব্দটো যজ্ঞধর্ম অৰ্থত ব্যৱহৃত হৈছে। ধৰ্মৰ এটা অর্থ হ’ল মানুহৰ কৰ্তব্য কর্মসমূহ।’ সমাজ কল্যাণেই ধৰ্মৰ লক্ষ্য। নিজা কর্তব্য তথা কর্ম সম্পাদন কৰি মানুহে নিজৰ স্বৰূপ বা ধৰ্ম উপলব্ধি কৰিব পাৰে।
৯। বেদৰ বিভিন্ন অংশবোৰ কি কি?
উত্তৰঃ ভাৰতীয় দৰ্শনৰ অন্তৰ্গত আস্তিক সম্প্রদায়সমূহে বেদৰ আনুগত্যতাক বিশ্বাস কৰে। উপনিষদসমূহ বেদৰেই অংশ। বেদ মুঠতে চাৰিখন ঋক্বেদ, সামবেদ, যজুর্বেদ আৰু অথর্ববেদ। বেদৰ চাৰিটা অংশ আছে। সেয়া হ’ল- সংহিতা, ব্রাহ্মণ, আৰণ্যক আৰু উপনিষদ। উপনিষদ সর্বশেষ অংশ। সংহিতা হ’ল বৈদিক মন্ত্র আৰু স্তোত্ৰৰ সংকলন। এই সংকলনত ব্ৰাহ্মাণৰ বৈদিক যাগ-যজ্ঞৰ বিভিন্ন প্ৰক্ৰিয়াৰ আলোচনা কৰা হৈছে। আৰণ্যকত যজ্ঞ সম্পর্কে ৰূপক কল্পনা আৰু প্রতীক উপাসনাৰ নির্দেশ আছে। আৰণ্যক যজ্ঞৰ বাবে বিভিন্ন দ্রৱ্যৰ সংগ্ৰহৰ কোনো আড়ম্বৰ নাই। সাধকে মানস উপকৰণেৰে তেওঁৰ জ্ঞান-যজ্ঞ সম্পাদন কৰে। বৈদিক যুগত সর্বশেষ সৃষ্টি উপনিষদত বিভিন্ন দার্শনিক সমস্যা সম্পর্কে আলোচনা কৰা হৈছে। উপনিষদৰ বেছিভাগ আৰণ্যকৰ অংশ। সামবেদে ঋক্বেদৰ স্তুতিসমূহক অন্তর্ভুক্ত কৰিছে। অর্ধ্ববেদত ঋক্বেদৰ বহুতো মন্ত্র নিহিত হৈ আছে। বেদসমূহে ধর্মীয় চিন্তাধাৰাত বিভিন্ন পর্যায় প্রতিনিধিত্ব কৰে।
১০। উপনিষদক কিয় বেদান্ত বোলা হয়? আলোচনা কৰা।
উত্তৰঃ উপনিষদক ভাৰতীয় আধ্যাত্মিকতাৰ মূল ভেঁটি বুলিব পাৰি। উপনিষদেই হৈছে বেদান্ত দর্শনৰ মূল উৎস। বেদান্তক বেদব অন্ত বোলা হয়। সমগ্র বৈদিক চিন্তাধাৰাৰ পূৰ্ণ বিকাশ উপনিষদতে ঘটিছে। বিভিন্ন কাৰণত উপনিষদক বেদান্ত বোলা হয়।
ইয়াৰ কাৰণকেইটা তলত উল্লেখ কৰা হ’ল-
(ক) উপনিষদ হৈছে বৈদিক যুগৰ শেষ ৰচনা। বৈদিক যুগত ৰচনাক তিনি প্ৰকাৰত ভাগ কৰিব পাৰি-সংহিতা, ব্রাহ্মণ আৰু উপনিষদ। উপনিষদত দার্শনিক তত্ত্বসমূহৰ বিচাৰ কৰা হৈছে।
(খ) পাঠ্যবিধি অনুসাৰেও উপনিষদৰ স্থান সর্বশেষত। মানুহৰ জীৱন চাৰিটা আশ্ৰমত ভাগ কৰা হৈছে- ব্রহ্মচর্য, গার্হস্থ্য, বান প্রস্থ আৰু সন্ন্যাস। মানুহে ব্রহ্মচর্য আশ্রমত সংহিতা পাঠ কৰিব। গার্হস্থ্য কালত ব্রাহ্মণ পাঠৰ নির্দেশ দিয়া হৈছে। জীবনব বিয়লি বেলাত মানুহে উপনিষদ অধ্যয়ন কৰে।
(গ) উপনিষদতেই বৈদিক চিন্তাৰ পৰিপূৰ্ণ বিকাশ আৰু পৰিণতি লাভ কৰা বুলি ক’ব পাৰি। উপনিষদৰ সাৰতত্ত্ব উপলব্ধি নকৰালৈকে মানুহ পূর্ণজ্ঞানী হ’ব নোৱাৰে। বৈদিক চিন্তাৰ চৰম প্ৰকাশ হিচাপে উপনিষদক বেদান্ত বোলা হয়।
যদিও উপনিষদক বেদান্ত বোলা হয়, তথাপি বেদান্ত দর্শনে কেৱল উপনিষদকে নুবুজায়। যিবোৰ গ্ৰন্থত ব্ৰহ্মজ্ঞানৰ বিষয়ে আলোচিত হৈছে, সেই সকলো গ্রন্থই বেদান্ত দর্শনত অন্তর্গত। বেদান্ত দর্শনে ভাগবত গীতা আৰু ব্ৰহ্মসূত্ৰক সামৰি লৈছে। উপনিষদ, ভগবতগীতা আৰু ব্রহ্মসূত্র – এই তিনিওটাই হৈছে বেদান্ত দর্শনব মূল ভেঁটি।
১১। বেদৰ বিভিন্ন প্ৰকাৰৰ বিষয়ে লিখা।
উত্তৰঃ বেদ হৈছে হিন্দ ধৰ্মৰ আটাইতকৈ প্রাচীন আৰু পবিত্র শাস্ত্র, ঐশ্বৰিক উৎপত্তিৰ আৰু চিৰন্তন প্রকৃতিৰ বুলি গণ্য কৰা হয়। ভাৰতীয় আধ্যাত্মিক আৰু দার্শনিক চিন্তাৰ ভোঁট আৰু ধর্মীয় পদ্ধতিৰ চূড়ান্ত কর্তৃত্ব হিচাপে শ্রদ্ধা কৰা হয়। “বেদ” শব্দটো সংস্কৃত মূল “vid”ৰ পৰা উদ্ভৱ হৈছে, যাৰ অৰ্থ জ্ঞান বা প্রজ্ঞা। চাৰিখন মূল বেদ আছে, প্রত্যেকখনেই জীৱন, আচাৰ-ব্যৱহাৰ আৰু আধ্যাত্মিকতাৰ বিভিন্ন দিশ সামৰি লোৱা কেইবাটাও গ্ৰন্থৰে গঠিত।
এই বেদসমূহ হ’ল-
(ক) ঋক্বেদঃ চাৰিখন বেদৰ ভিতৰত ঋক্বেদ আটাইতকৈ পুৰণি আৰু গুৰুত্বপূর্ণ। এই বেদত বিভিন্ন দেৱতা, প্রাকৃতিক শক্তি, জীৱনৰ দিশসমূহৰ প্ৰতি উৎসর্গিত গীত (সূক্ত) আছে। গীতবোৰ মূলতঃ প্রশংসা আৰু আমন্ত্রণ যিবোৰ অনুষ্ঠান আৰু অনুষ্ঠানৰ সময়ত জপ কৰিবলৈ লোৱা হয়। ঋদেখন দহখন পুথিত বিভক্ত, যাক “মণ্ডল” বুলি কোৱা হয় আৰু ইয়াত ১,০২৮টা গীতৰ সংকলন আছে, য’ত মুঠ প্রায় ১০, ৬০০ শ্লোক সন্নিবিষ্ট কৰা হৈছে।
(খ) সামবেদঃ ঋক্বেদৰ পৰা উদ্ভৱ হোৱা সুৰ আৰু গীতৰ সংকলন হৈছে সামবেদ। ইয়াক সুৰৰ বেদ বুলি গণ্য কৰা হয় আৰু ইয়াক প্রধানকৈ যজ্ঞৰ সময়ত গান গোৱাৰ বাবে ব্যৱহাৰ কৰা হয়। সামবেদত থকা শ্লোকবোৰ নতুন ৰচনা নহয় বৰঞ্চ ঋক্বেদৰ পৰা লৈ পুনৰ সজ্জিত কৰি সুৰীয়া আৰু ছন্দময় ৰূপত জপ কৰিবলৈ কৰা হৈছে। সুৰসমূহক “সমন” বুলি জনা যায় আৰু ইয়াৰ দ্বাৰা বৈদিক আচাৰ-ব্যৱহাৰত সংগীত আৰু নান্দনিক মাত্রা যোগ কৰা হয়। সামবেদ দুটা ভাগত বিভক্তজ্ঞ “আর্চিকা” য’ত সুৰৰ বিষয়ে আলোচনা কৰা হৈছে আৰু য’ত গীতসমূহ সন্নিবিষ্ট কৰা হৈছে।
(গ) যজুৰবেদঃ যজুৰবেদ হৈছে যুগৰবেদ যজ্ঞত আচাৰ-ব্যৱহাৰ আৰু যাক্-যজ্ঞ (যজ্ঞ) সম্পাদনৰ ওপৰত গুৰুত্ব আৰোপ কৰা বেদ। ইয়াত পুৰোহিতসকলে এই অনুষ্ঠানসমূহ পৰিচালনা কৰাৰ সময়ত ব্যৱহাৰ কৰা নির্দেশনা আৰু সূত্রসমূহ প্রদান কৰা হৈছে। যজুৰবেদক দুটা প্রধান শাখাত বিভক্ত “শুক্ল যজুৰবেদ” (শ্বেত যজুর্বেদ) আৰু “কৃষ্ণ যজুৰবেদ” (ক’লা যজুৰবেদ)। প্রথমটোত পদ্যবোৰ মূল ৰূপত আছে, আনহাতে দ্বিতীয়টোত অতিৰিক্ত গদ্যৰ ব্যাখ্যা আৰু স্পষ্টীকৰণ সন্নিবিষ্ট কৰা হৈছে।
(ঘ) অথর্ববেদঃ অথর্ববেদক চতুর্থ বেদ বুলি গণ্য কৰা হয় আৰু ইয়াৰ বিষয়বস্তু আৰু কেন্দ্রবিন্দুৰ দিশৰ পৰা প্ৰথম তিনিটাৰ পৰা পৃথক। ইয়াত জীৱনৰ বিভিন্ন ব্যৱহাৰিক দিশৰ সৈতে জড়িত গীত, মন্ত্ৰ আৰু মন্ত্র সন্নিবিষ্ট কৰা হৈছে, য’ত নিৰাময়, চিকিৎসা, ঘৰুৱা অনুষ্ঠান, কু-শক্তিৰ পৰা সুৰক্ষা আদি অন্তর্ভুক্ত। অথর্ববেদত বৈদিক জ্ঞানৰ অধিক লোককথা আৰু যাদুকৰী দিশ প্ৰতিফলিত হৈছে। ইয়াত আশীর্বাদ, অভিশাপ, মন্ত্র, প্রতিকাৰৰ পদ সন্নিবিষ্ট কৰা হৈছে আৰু ইয়াত দৈনন্দিন জীৱনত সমন্বয় আৰু মংগল বজাই ৰখাৰ গুৰুত্বৰ ওপৰত গুৰুত্ব আৰোপ কৰা হৈছে।
প্রতিখন বেদত ব্রাহ্মহ্মণ (আচাৰ-ব্যৱহাৰৰ গ্ৰন্থ) আৰু অৰণ্যক (অৰণ্যৰ আচাৰ-ব্যৱহাৰ আৰু অনুষ্ঠানৰ ওপৰত লিখা গ্ৰন্থ) ও সংযুক্ত কৰা হৈছে যিয়ে আচাৰ-ব্যৱহাৰ আৰু যজ্ঞৰ দাৰ্শনিক আৰু আধ্যাত্মিক দিশৰ বিষয়ে অধিক বিশদভাৱে উল্লেখ কৰিছে। চাৰিওখন বেদ আৰু ইয়াৰ লগত জড়িত গ্রন্থসমূহে একেলগে বৈদিক জ্ঞানৰ আধাৰ গঠন কৰে আৰু সহস্রাব্দ ধৰি ভাৰতীয় সংস্কৃতি, ধর্ম, দর্শনক গভীৰভাৱে প্ৰভাৱিত কৰি আহিছে। কেৱল আধ্যাত্মিক তাৎপৰ্যৰ বাবেই নহয়, ভাষিক, কাব্যিক আৰু দার্শনিক সমৃদ্ধিৰ বাবেও তেওঁলোকক শ্রদ্ধা কৰা হয়।
১২। জৈন দর্শন বুলিলে কি বুজা?
উত্তৰঃ ‘জৈন’ শব্দটো জিন শব্দৰ পৰা উৎপত্তি হৈছে। জিন শব্দৰ অৰ্থ হ’ল সাধনাৰ দ্বাৰা কামনা বাসনাক জয় কৰা। জৈন দর্শনত তীর্থংকৰ সকলোকে জিন বোলা হয়। জৈন দর্শন অনুসৰি ২৪ জন তীর্থংকৰৰ প্ৰচেষ্টাত জৈন দর্শন প্রতিষ্ঠিত হৈছে। এই তীর্থংকৰসকলৰ ভিতৰত প্ৰথমজন তীর্থংকৰ হ’ল ঋষভদেৱ আৰু শেষৰজন হ’ল মহাবীৰ। মহাবীৰেই হ’ল জৈন দর্শনৰ প্ৰৱৰ্ত্তক। জৈন দর্শনক নিম্নোক্ত দুটা ভাগত বিভক্ত কৰা হ’ল- শ্বেতাম্বৰ আৰু দিগম্বৰ। শ্বেতাম্বৰ আৰু দিগম্বৰ উভয় শাখাই জৈন দর্শনৰ মূল উপদেশসমূহ মানি চলে যদিও ত্যাগ আৰু বৈৰাগ্যৰ ক্ষেত্ৰত দিগম্বৰ জৈনসকল চৰমপন্থী, আনহাতে শ্বেতাম্বৰ জৈনসকল নৰমপন্থী। জৈন সাহিত্য অতিশয় সমৃদ্ধ। অধিকাংশ পুথিয়েই প্রাকৃত ভাষাত লিখা হৈছিল। শাস্ত্রীয় অনুশাসন আৰু নিয়মাৱলীসমূহ মহাবীৰে লিখা বুলি কোৱা হয়। এই অনুশাসন সকলোবোৰ জৈন সম্প্রদায়ে মানি চলে। জৈন দার্শনিক মতবাদক বহুত্ববাদ বুলি কোৱা হয়। আমি যি বস্তু দেখো সি বাস্তৱিক আৰু বহুত। জগতত দুই প্ৰকাৰৰ দ্রৱ্য আছে- জীৱ আৰু অজীৱ। জৈন নীতিশাস্ত্রত অহিংসাই সর্বশ্রেষ্ঠ স্থান অধিকাৰ কৰিছে। জৈন দর্শনক তিনি ভাগত ভগাব পাৰি- জ্ঞানবিজ্ঞান, পৰাবিজ্ঞান আৰু নীতিবিজ্ঞান।
ৰচনাধর্মী প্রশ্নোত্তৰ |
১। অনেকান্তবাদ সম্পর্কে আলোচনা কৰা।
উত্তৰঃ অনেকান্ত শব্দৰ অৰ্থ হ’ল জগতত অনেক বস্তু আছে আৰু প্রত্যেক বস্তুৰে অনেক ধর্ম বা গুণ আছে। জৈন মতে বস্তু অনন্ত ধর্মবিশিষ্ট। অনেকান্তবাদৰ দ্বাৰা জৈনসকলে ইয়াকে বুজাব বিচাৰে যে জ্ঞাত বস্তু মাত্রই অনন্ত ধর্মবিশিষ্ট। জৈনদর্শনৰ সত্তা সম্পর্কীয় এই মতবাদক বাস্তৱবাদী আৰু আপেক্ষিক বহুত্ববাদ বোলা হয়।
জৈনসকলৰ মতে জগতত অসংখ্য বস্তু আছে আৰু এই বস্তুবোৰৰ অসংখ্য গুণ বা ধর্ম থাকে। বস্তুৰ ধৰ্মক দুই ভাগত ভাগ কৰা হয়- সদর্থক আৰু নঞর্থক। যিবিলাক ধৰ্মৰ দ্বাৰা বস্তুটো গঠিত তাক সদর্থক ধর্ম বোলে। যেনে- এটা ঘটৰ ভাবাত্মক ধর্ম হ’ল তাৰ আকৃতি, প্রকৃতি, বর্ণ, জাতি ইত্যাদি। যিবিলাক ধৰ্মৰ অনুপস্থিতিৰ কাৰণে বস্তুটো আন বস্তুৰ পৰা ভিন্ন তাক নঞর্থক ধর্ম বোলা হয়। যেনে- ঘটটো ডাঙৰ নহয়, ঘটটো পট নহয় ইত্যাদি। সদর্থক ধৰ্মৰ অৰ্থ হ’ল বস্তুৰ স্বৰূপ জনা আৰু নঞর্থক ধৰ্মৰ অৰ্থ হ’ল বস্তুটো কি নহয় তাক জনা।
জৈন দর্শনত জীৱক আত্মাৰ পৰ্যায় বোলা হয়। জীৱ চেতন দ্রব্য যাৰ স্বৰূপ লক্ষণ আছে। জৈন দর্শনত জীৱক জ্ঞাতা, কর্তা আৰু ভোক্তা বুলি কোৱা হয়। জৈনমতে জীৱ বহুত। জীৱৰ বাসস্থান কেৱল মানুহ, পশু, গছ-গছনিতে নহয়, বৰং সমস্ত ধাতু আৰু পাহাৰ আদিতো জীৱে বাস কৰে। জৈনমতে কেৱল বস্তুৰে যে অনন্ত ধর্ম আছে এনে নহয় জীৱ আৰু অজীৱ উভয়ে অনন্ত ধর্মবিশিষ্ট। জীৱৰ ধৰ্ম জীৱত্ব, কর্তৃত্ব, প্রভৃতি; তাৰোপৰি জীৱৰ বিভিন্ন পর্যায় বা ক্রম আছে- আনন্দ, দুখ, সুখ, শোক তাপ ইত্যাদি। অজীৱৰ ধর্ম হ’ল- জ্ঞেয়ত্ব, ভোগত্ব প্রভৃতি। জীৱৰ দৰে অজীৱো বহু গুণ বিশিষ্ট।
জৈন দর্শনত ভৌতিক জড় পদার্থক পূদগল বুলি কোৱা হয়। জৈনমতে পূদগল ভৌতিক জড় তত্ত্ব যি স্বৰূপতঃ অনুৰূপ আৰু এই অণুৰ মিলনত সংঘাতৰ উদ্ভৱ হয়। স্কন্ধ বহুতো অণু আৰু পৰমাণুৰ দ্বাৰা গঠিত। অণুৰ সমষ্টিকে স্কন্ধ বোলা হয়। পূদগলৰ চাৰিটা গুণ আছে- স্পর্শ, ৰস, গোন্ধ আৰু ৰূপ। জৈনমতে চেতন জীৱ আৰু অচেতন পূদগল উভয়ে পৰস্পৰ ভিন্ন, স্বতন্ত্র আৰু নিত্য তত্ত্ব, উভয়েই সংখ্যাত বহুত। জৈন দৰ্শনৰ এই মতবাদক বহুত্ববাদী বাস্তৱবাদ বোলা হয়।
জৈনসকলে প্রত্যেক বস্তুৰে দুই ধৰণৰ ধৰ্ম স্বীকাৰ কৰে- নিত্য আৰু অনিত্য। বস্তু অনন্ত, ধর্ম বিশিষ্ট ইয়াৰে কিছুমান ধর্ম নিত্য আৰু কিছুমান ধর্ম অনিত্য। বস্তুৰ যিবোৰ ধৰ্মই বস্তুৰ স্বৰূপ প্রকাশ কৰে সেই স্বৰূপ ধর্মক বস্তুৰ গুণ বুলি কোৱা হয়। জৈন দর্শনে বস্তুৰ নিত্য ধর্মক গুণ আৰু অনিত্য ধর্মক পর্যায় বুলি অভিহিত কৰিছে। সেই কাৰণে জৈনমতে য’ত গুণ আৰু পর্যায় থাকে সিয়ে দ্রৱ্য। পৰমবস্তু প্ৰকৃততে নিত্য আৰু অনিত্য, সৎ আৰু অসৎ, এক আৰু বহু, জাতি আৰু বিশেষ উভয়ৰে সংমিশ্রণ।
জৈনমতে কোনো দার্শনিক তত্ত্বই নিৰপেক্ষ সত্য নহয় সকলো দার্শনিক তত্ত্বই আংশিক সত্য। কাৰণ প্ৰতিটো দার্শনিক তত্ত্বই একান্তবাদ। বস্তুৰ এটা অংশক তাৰ সম্পূর্ণ স্বৰূপ বুলি স্বীকাৰ কৰাটো একান্তবাদ। কোনো এটা বিশেষ মতবাদক যিসকলে চৰম সত্য বুলি ভাবে তেওঁলোক একান্তবাদী। জৈনসকলে বৌদ্ধ, সাংখ্য, বেদান্ত আদি দার্শনিকসকলক একান্তবাদী আৰু তেওঁলোকৰ দার্শনিক মতবাদক একান্তবাদ বুলি অভিহিত কৰিছে। অদ্বৈত বেদান্ত দর্শনত ব্রহ্মৰ নিত্যতাক একমাত্র সৎ বুলি কোৱা হৈছে আৰু পৰিৱৰ্তনক অসৎ বুলি ঘোষণা কৰা হৈছে।
বৌদ্ধ দর্শনত পৰিৱৰ্তনক একমাত্র সৎ আৰু নিত্যতাক অসৎ বুলি কোৱা হৈছে। জৈনমতে বেদান্ত দর্শন ব্রহ্মা একান্তবাদ আৰু বৌদ্ধ দর্শন ক্ষণিক একান্তবাদ দোষেৰে দূষিত। পৰম সত্তা সম্পর্কীয় প্রতিটো দৃষ্টিভংগী আংশিক আৰু আপেক্ষিক। জৈন অনেকান্তবাদ এনেকুৱা এটা দার্শনিক তত্ত্ব যি মতবাদ অনুসৰি কৰ্ম বন্ধনত আবদ্ধ জীৱৰ সকলো জ্ঞানেই আপেক্ষিক। সাধাৰণ মানুহৰ পক্ষে সকলো বস্তুক জনা বা এটা বস্তুৰ সকলো ধৰ্মক জনা অসম্ভৱ। এটা বস্তুৰ সকলো ধৰ্মক জনা মানে সর্বজ্ঞ হোৱা। একমাত্র কেৱল জ্ঞানী সকলে এটা বস্তুৰ সকলো ধর্মক জানিব পাৰে।
অনেকান্তবাদ অনুসাৰে একেই বস্তু একেলগে সৎ আৰু অসৎ, নিত্য আৰু অনিত্য, এক আৰু বহু হ’ব নোৱাৰে। অনেকান্তবাদ অনুসৰণ কৰিলে দেখা যায় যে আমাৰ সমস্ত জ্ঞানেই আপেক্ষিক আৰু আংশিক। জৈনসকলৰ মতে কোনো দার্শনিক মতবাদেই সম্পূর্ণ সত্য নহয়, সকলো দার্শনিক সিদ্ধান্তই আংশিক সত্য। গতিকে জৈন মতবাদবোৰো আংশিক সত্য। ইয়াৰ উত্তৰত জৈনসকলে কয় যে মানুহৰ সমস্ত জ্ঞানেই আংশিক হ’ব পাৰে কিন্তু তাৰ অৰ্থ এইটো নহয় যে মানুহে কেতিয়াও পূর্ণজ্ঞান লাভ কৰিব নোৱাৰে। যিসকল কেবল জ্ঞানৰ অধিকাৰী, একমাত্র তেওঁলোক পূর্ণজ্ঞান লাভ কৰিবলৈ সক্ষম। এইদৃষ্টিকোণৰ পৰা জৈন অনেকান্তবাদ অজ্ঞেয়তাবাদ আৰু সংশয়বাদৰ পৰা মুক্ত।
জৈনসকলে বৈচিত্র্যপূর্ণ জগতৰ বহুত্ব স্বীকাৰ কৰিছে। বিভিন্ন বস্তু যদি পৰস্পৰ সম্বন্ধযুক্ত হয়, তেনেহ’লে বস্তুবোৰ হৈ পৰে সমগ্ৰৰ অংশ হিচাপে অংশৰ সংহতি। অংশ সমগ্ৰৰ লগত আন্তৰ সম্বন্ধৰে সম্বন্ধিত। ইয়াৰ উত্তৰত জৈনসকলে কয় যে অনেকান্তবাদত কেতিয়াও কোৱা হোৱা নাই যে চৰম সত্য বুলি একো নাই। অনেকান্তবাদত এইটো কোৱা হৈছে যে সত্তাৰ অনন্ত ধৰ্মৰ ভিতৰত আমি কেৱল কেইটামান ধর্মকহে জানিব পাৰো। গতিকে এই অভিযোগ জৈনসকলৰ বিৰুদ্ধে গ্রহণযোগ্য নহয়।
জৈন অনেকান্তবাদৰ বিৰুদ্ধে উত্থাপিত অভিযোগবোৰৰ ভিতৰত অন্যতম অভিযোগ হ’ল- এই মতবাদ সকলো মতবাদৰ সমন্বয়ত গঠিত এক মতবাদ। কাৰণ এই মতবাদত কোনো তত্ত্বকেই সম্পূর্ণ সত্য বা মিথ্যা বুলি গ্রহণ কৰা নহয়। ইয়াত প্রতিটো মতবাদৰেই আংশিক সত্যতা স্বীকৃত হৈছে।
২। জৈন দৰ্শনৰ ত্ৰি-ৰত্নৰ ধাৰণাৰ ওপৰত এটি চমু বিৱৰণ দিয়া।
উত্তৰঃ জৈন দর্শনব ত্রি-বত্ন হ’ল- সম্যক দর্শন, সম্যক জ্ঞান আৰু সম্যক চৰিত্ৰ।
(ক) সম্যক দর্শনঃ শ্রদ্ধা, ভক্তি আৰু বিশ্বাসক সম্যক দর্শন বোলা হয়। সম্যক দর্শনৰ পূর্বতে হৈছে বিশ্বাস। এই বিশ্বাস দুই প্রকাৰৰ- স্বভাৱগত আৰু আর্জিত। স্বভাৱগত বিশ্বাস হ’ল সেই বিশ্বাস যি জন্মতে মানুহে গাতলৈ আহে আৰু আর্জিত বিশ্বাস হ’ল সেই বিশ্বাস যি পাছত ক্রমান্বয়ে শিক্ষা বা অভ্যাসৰ মাধ্যমেৰে অর্জন কৰে। জৈন দার্শনিকসকলে বিনা বিচাৰে তীর্থংকৰসকলক বিশ্বাস কৰিবলৈ মানা কৰিছে। যদি তেওঁলোকৰ উপদেশসমূহ যুক্তিসন্মত হয় তেতিয়াহে সেইবোৰক বিশ্বাস কৰা উচিত। জৈনসকলৰ মতে জৈন গুৰুসমূহৰ উপদেশ সমূহ যিমান পাৰি সিমানেই অধ্যয়ন কৰিব লাগে।
(খ) সম্যক জ্ঞানঃ মুক্তি লাভৰ বাবে সম্যক দর্শনৰ লগতে সম্যক জ্ঞানৰো প্রয়োজন। সম্যক জ্ঞান হ’ল তত্ত্বজ্ঞান-আত্মা, পূদগল আদি সম্পর্কে প্রকৃত জ্ঞান। তত্বজ্ঞানে জীৱব অজ্ঞানতাক দূৰ কৰি মুক্তি লাভত সহায় কৰে। জ্ঞান বিজ্ঞানৰ অধ্যয়নৰ জৰিয়তে প্রকৃত সত্যক জানিব পাৰি। যিজন ব্যক্তিয়ে সম্যক জ্ঞান লাভ কৰে তেওঁ মোক্ষ লাভৰ বাবে অনুপ্রাণিত হয়।
(গ) সম্যক চৰিত্ৰঃ জৈন দৰ্শনৰ ত্ৰিৰত্নৰ অন্তিমটো ৰত্ন হ’ল সম্যক চৰিত্ৰ। অন্য ব্যক্তিক বা জীৱ জন্তুক হিংসা নকৰি সেইবোৰৰ হিত সাধন কৰাৰ যি মনোভাৱ সেই মনোভাবেই হ’ল সম্যক চৰিত্ৰ। সম্যক চৰিত্ৰৰ বাবে নিম্নোক্ত নিয়মসমূহ অনুশীলন কৰাটো বাঞ্ছনীয়।
(১) পঞ্চব্রত পালনঃ এই পঞ্চ মহামন্ত্র হ’ল- অহিংসা, সত্য, অস্তেয়, ব্রহ্মহ্মচর্য, অপৰিগ্রহ।
(২) কোনো প্রাণীকে আঘাত কৰিব নালাগে। নম্র ভাষা-প্রয়োজন কৰিব লাগে। দীন-দুখীয়াক যিমান পাৰি সিমান দান কৰি সহায় কৰিব লাগে। বাক, চিন্তা আৰু অংগ সঞ্চালনত সংযমী হ’লেহে সম্যক চৰিত্ৰ গঠিত হয়।
(৩) দহ প্ৰকাৰৰ ধৰ্ম অনুশীলন কৰা উচিত। এই দহ প্ৰকাৰৰ ধৰ্ম হ’ল ক্রমান্বয়ে- ক্ষমা, নম্রতা, সৰলতা, সত্যতা, পৰিষ্কাৰ পৰিচ্ছন্নতা, ত্যাগ, বৈৰাগ্য, কঠোৰতা, আত্মসংযম আৰু ব্রহ্মহ্মচর্য।
বিভিন্ন প্ৰকাৰৰ শাৰীৰিক আৰু মানসিক দুখ-কষ্ট সহ্য কৰাৰ ওপৰত জৈন দর্শনে গুৰুত্ব দিছে। ভোক, পিয়াহ, গৰম, ঠাণ্ডা, পোক-পৰুৱাৰ দংশন আদিব দ্বাৰা সৃষ্টি হোৱা দুখ-কষ্টক দৃঢ়তাবে জয় কৰে।
পার্থিৱ বস্তুৰ প্রতি কোনো ধৰণৰ আসক্তি নাৰাখি সম্পূর্ণ বৈৰাগ্যৰ মনোভাৱ অৱলম্বন কৰা। সৎ আচৰণ গঢ়ি তুলিবৰ বাবে অভ্যাস কৰিব লাগে।
৩। পঞ্চমহাব্রত সম্পর্কে চমুকৈ আলোচনা কৰা।
উত্তৰঃ ভাৰতীয় আন আন দার্শনিক সম্প্রদায়ৰ দৰে জৈন দার্শনিক সম্প্রদায়ে মোক্ষৰ মাৰ্গ ৰচনা কৰিছে। এই ক্ষেত্ৰত জৈন দার্শনিকসকলে ত্ৰিৰত্নৰ কথা উল্লেখ কৰিছে। অর্থাৎ তেওঁলোকৰ মতে সম্যক দর্শন, সম্যক জ্ঞান আৰু সম্যক চৰিত্ৰ এই ত্ৰিৰত্ন আহৰণ কৰিব পাৰিলেহে মানুহে মুক্তি লাভ কৰিব পাৰিব।
এইক্ষেত্রত জৈনসকলে সম্যক চৰিত্ৰৰ ব্যাখ্যা দিবলৈ যাওঁতে নানাধৰণৰ ব্ৰত যেনে- সত্য, শৌচ, সংযম, তপ, ত্যাগ আদি পালনৰ উল্লেখ কৰিছে যদিও তেওঁলোকে বিশেষভাবে পাঁচটা ব্ৰতৰ ওপৰত অধিক গুৰুত্ব দিছে। এই ব্রত কেইটাকে একেলগে পঞ্চমহাব্রত নামে জনা যায়। গান্ধীৰ দৰ্শনত এই ব্রতসমূহৰ আমি মোক্ষৰ সৎগুণ হিচাপে উল্লেখ পাইছো। এই পঞ্চমহাব্রত হ’ল- অহিংসা, সত্যম, অস্তেয়ম, ব্রহ্মচর্যম আৰু অপৰিগ্রহ।
তলত এইকেইটাৰ থুলমূল বর্ণনা কৰা হ’ল-
(ক) অহিংসাঃ জীৱৰ প্ৰাণ নাশ নকৰাটোৱেই হ’ল অহিংসাৰ মূল কথা। জৈন দর্শনে গছ আদিতো জীৱ আছে বুলি কয়, এতেকে গছ আদি নাশ কৰাটোও বাৰণ। অৱশ্যে জৈনৰ এই অহিংসা সূত্র পালন কৰিবলৈ হ’লে আমাৰ জীৱনেই অসম্ভৱ হ’ব, কাৰণ জীয়াই থাকিবলৈ হ’লে খাদ্য (মাছ-মাংস নহ’লেও শাক-পাচলি আদি) খোৱাটো অপৰিহাৰ্য। এতেকে অহিংসা কথাটো সীমিত অর্থত ল’ব লাগিব। যিবোৰ জীৱ জন্তুৰ প্রাণনাশ নকৰিও আমাৰ জীৱন সম্ভৱ হ’ব পাৰে, সেইবোৰৰ প্ৰাণ হানি কৰা পাপ। এতেকে সৰ্বসাধাৰণ মানুহৰ বাবে খোৱাটো যেতিয়া অপৰিহাৰ্য, এতেকে শাক-পাচলিৰ ওপৰতেই জীৱন নির্বাহ কৰা ভাল, জন্তু আদিব প্রাণহানি অনাৱশ্যক।
(খ) গান্ধীজীয়ে জৈনৰ অহিংসাৰ এই ব্যাখ্যাক অহিংসাৰ নঞর্থক অর্থত প্রকাশ পাইছে বুলি কৈছে। এই ক্ষেত্রত জৈনসকলৰ দুটা সম্প্রদায় দিগম্বৰ আৰু শ্বেতাম্বৰৰ মাজত পাৰ্থক্য আছে। দিগম্বৰীসকলে অহিংসাৰ ব্ৰত কঠোৰভাৱে পালন কৰাটো বিচাৰে কিন্তু শ্বেতাম্বৰসকলে সাধাৰণ মানুহে পালন কৰিবৰ বাবে জনমতৰ কিছু সালসলনি কৰে।
(গ) সত্যমঃ সকলো দর্শনে সত্যৰ ওপৰত জোৰ দিয়া বাবে জৈন দর্শনেও সত্যৰ ওপৰত গুৰুত্ব দিছে। অকল সত্য কথা ক’লেই নহয় সত্যৰ লগে লগে প্রিয় আৰু ভাল কথা কোৱাও প্রয়োজন। সত্য হ’লেও সৎমাত ব্যৱহাৰ কৰাটো সৎ আচৰণৰ পৰিপন্থী, নির্দয় আৰু কর্কশ হোৱাটোক জৈন দর্শনে পছন্দ নকৰে। ধেমালি বা ব্যঙ্গ কৰাটোকো জৈন দর্শনে পৰিহাৰ কৰিবলৈ কয়। ধেমালিৰ চলৰে কেতিয়াও মিছা মাতিব নাপায়।
(ঘ) অস্তেয়ঃ জৈন দর্শনৰ মতে চুৰি কৰাটো মহাপাপ। সেইবাবে চুৰি নকৰিবলৈ ই বাৰে বাৰে দোহাৰে। আমাৰ জীৱনধাৰণ কৰিবৰ বাবে যিবোৰ বস্তু লাগতিয়াল, জৈনদর্শনে সেইবোৰক জীৱনৰে অংশ বুলি কয়। গতিকে কাৰোবাৰ কিবা বস্তু চোৰ কৰা মানে তেওঁ জীৱনকে হস্তক্ষেপ কৰা। এতেকে চোৰ কৰাৰ পৰা সততে বিৰত থকা উচিত।
(ঙ) ব্রহ্মচর্যঃ কামনা চৰিতাৰ্থৰ সংযম বা পৰিহাৰকে ব্ৰহ্মচর্য বোলে। জৈনসকলে ব্রহ্মচর্যৰ ব্রতটো সৎ আচৰণৰ বাবে অতিশয় লাগতিয়াল বুলি কয়। ব্রহ্মচর্যই অকল আত্মসংযমকেই নুবুজায়, লোকক সংযম কৰাটোও বুজায়। কেৱল কার্যতে সংযমী হ’লে নচলিব, মন আৰু চিন্তাতো সংযমী হ’ব লাগিব। আনকি পৰকালত সুখ বা ভোগৰ চিন্তাও বাদ দিব লাগিব।
(চ) অপৰিগ্ৰহঃ অপৰিগ্রহে সন্ন্যাস বুজায় অথাৎ জগতৰ কোনো ভোগৰ বস্তুতে ইন্দ্রিয়সক্ত নোহোৱাটো বুজায়। ইন্দ্রিয় সংযম জৈন দৰ্শনৰ এক অত্যাৱশ্যকীয় কথা। ইন্দ্রিয় শক্তিয়ে বন্ধনৰ সূচনা কৰে। ইয়াৰ দ্বাৰাই আমাৰ জীৱনত জন্ম মৃত্যুৰ সূত্রপাত হয়। যেতিয়ালৈকে এই ইন্দ্রিয় আসক্তি থাকিব তেতিয়ালৈকে মোক্ষৰ সম্ভৱ নহয়। এতেকে, ইয়াৰ প্ৰত্যাহাৰ মোক্ষৰ বাবে এক অপৰিহাৰ্য কথা। এনেকৈয়ে জৈনসকলে মুক্তিৰ পথত পঞ্চমহাৱতৰ আচৰণ বা ভূমিকা গুৰুত্বপূৰ্ণ হিচাপে বৰ্ণনা কৰিছে।
8। দ্বাদশ নিদানৰ সংযোজকসমূহ কি কি? ব্যাখ্যা কৰা।
উত্তৰঃ বৌদ্ধ দর্শনৰ দ্বিতীয় আর্যসত্যটো কার্য-কাৰন নীতিৰ ওপৰত প্রতিষ্ঠিত যাক বৌদ্ধ দর্শনত দ্বাদশ নিদান বোলা হয়।
ইয়াৰ বাৰটা সংযোজক হ’ল-
(ক) জৰামৰণঃ মানৱজীৱনত দুখ বা জৰামৰণ আছে। জীৱ জন্মগ্রহণ কৰে বাবেই জৰা মৰণত আক্রান্ত হয় আৰু অশেষ দুখ ভোগ কৰে।
(খ) জাতিঃ জৰা মৰণৰ কাৰণ হ’ল জাতি বা জন্ম। মানুহে এই জগতত জন্মগ্রহণ কৰে বাবেই জৰা মৰণানি দুখ ভোগ কৰে।
(গ) ভবঃ ভব শব্দৰ অৰ্থ হ’ল ‘ব্যাকুল হোৱা’। জন্ম বা জাতিৰ কাৰণ হ’ল ভব বা জন্ম গ্ৰহণৰ বাসনা।
(ঘ) উপাদানঃ উপাদান হ’ল জাগতিক বিষয়ৰ প্ৰতি আসক্তি। জাগতিক বিষয়ৰ প্ৰতি আসক্তি থকাৰ কাৰণে পুনঃ পুনঃ জন্মগ্রহণ কৰাৰ বাসনাৰ উদ্ভৱ হয়।
(ঙ) তৃষ্ণাঃ উপাদানৰ কাৰণ হ’ল তৃষ্ণা। ভোগ স্পৃহাৰ কাৰণে বিষয়ৰ প্ৰতি আসক্তি জন্মে।
(চ) বেদনাঃ তৃষ্ণাৰ কাৰণ হ’ল বেদনা বা অতীত ইন্দ্রিয় সুখৰ অভিজ্ঞতা।
(ছ) স্পর্শঃ স্পর্শ বেদনাৰ কাৰণ। বস্তুৰ লগত ইন্দ্ৰিয়ৰ সংযোগ নঘটিলে বেদনাৰ উদ্ভৱ নহয়।
(জ) যড়ায়তনঃ স্পৰ্শৰ কাৰণ ষড়ায়তন। ষড়ায়তন হ’ল ছয়টা ইন্দ্রিয়, পাঁচটা জ্ঞানেন্দ্রিয় আৰু মন। এই ছয়টা ইন্দ্ৰিয়ৰ কাৰণে বিষয়ৰ লগত ইন্দ্ৰিয়ৰ সংযোগ ঘটে।
(ঝ) নামৰূপঃ ষড়ায়তনৰ কাৰণ হ’ল নামৰূপ। দেহ-মনৰ জটিল সংগঠন থকাৰ কাৰণে ষড়ায়তনৰ উদ্ভৱ হয়।
(ঞ) বিজ্ঞানঃ নামৰূপৰ কাৰণ হ’ল বিজ্ঞান। বিজ্ঞান নাথাকিলে দেহ বা মনৰ সৃষ্টি নহয়।
(ট) সংস্কাৰঃ পূর্বজন্মৰ সংস্কাৰৰ কাৰণে বিজ্ঞান উদ্ভুত হয়। পূর্ব বা অতীত জীবনত যিবিলাক কর্ম সম্পাদিত হয় সেইবিলাক কর্ম এক প্ৰকাৰৰ শক্তি উৎপন্ন কৰে, যাক সংস্কাৰ বুলি কোৱা হয়।
(ঠ) অবিদ্যাঃ সংস্কাৰৰ কাৰণ হ’ল অবিদ্যা। অবিদ্যাৰ অৰ্থ সম্যক জ্ঞানৰ অভাৱ। বৌদ্ধ দর্শনত অবিদ্যা বুলিলে চাৰিটা আৰ্যসত্যৰ জ্ঞানৰ অভাৱক বুজোৱা হৈছে। অবিদ্যাবশতঃ মানুহে অনিত্য বস্তুক নিত্য বুলি ভাবে, মিথ্যাক সত্য বুলি ভাবে, অস্থায়ী সুখক স্থায়ী বুলি মন কৰে।
৫। শূন্যবাদৰ তাৎপর্য কি? চমুকৈ ব্যাখ্যা কৰা।
উত্তৰঃ মাধ্যমিক বা শূন্যবাদ মহাযান সম্প্রদায়ৰ অন্তর্গত। নাগার্জুন এই সম্প্রদায়ৰ প্ৰতিষ্ঠাপক বুলি জনা যায়। শূন্যবাদ দর্শনৰ অর্থ হৈছে, এই জগতখনৰ কোনো সত্তা নাই। বস্তুৰ জ্ঞান লাভ কৰাৰ লগত মূলতে তিনিটা বিষয় জড়িত হৈ আছে-
(ক) জ্ঞানৰ কৰ্তা।
(খ) জ্ঞানব বিষয়। আৰু
(গ) জ্ঞান।
জগতত সঁচা বুলি কোনো ধৰণৰ বস্তু নাই। বাহ্যিক আৰু আভ্যন্তৰীণ দুয়োখন জগতেই শূন্য। দুয়োখন জগততে যিবোৰ প্রত্যক্ষ কৰা হয় সেই সকলোবোৰ মিছা। গতিকে সকলো শূন্য। এয়ে মহাযান দৰ্শনৰ অন্তৰ্গত মাধ্যমিকসকলৰ শূন্যবাদী দর্শন।
মাধ্যমিকসকলৰ ‘শূন্য’ শব্দটোৰ ব্যৱহাৰ অতি গুৰুত্বপূর্ণ। আমি শূন্য বুলি ধৰিলে সাধাৰণতে একো নোহোৱাকৈ বুজো। শূন্যৰ পৰা একো পাব নোৱাৰি। মাধ্যমিক সকলো জগতৰ সকলো বস্তুৰ অস্তিত্বক অস্বীকাৰ কৰা নাই। অস্বীকাৰ কৰিছে কেৱল দৃশ্যমান জগতখনকহে। তেওঁলোকৰ মতে আমি দেখা জগতখন অলীক কল্পনা মাথোন। ই নিত্য নহয় অনিত্য আৰু বিনাশী। এই দৃশ্যমান জগতৰ অন্তৰালত অতীন্দ্রিয় সত্তা আছে আৰু ইয়াক বাহ্যিক জগতৰ কোনো বস্তুৰ দ্বাৰা ব্যাখ্যা কৰিব নোৱাৰি। এই অতীন্দ্রিয় সত্তাটোৱেই হৈছে পৰম সত্য। এই অতীন্দ্রিয় সত্তাক অনির্বচনীয় সত্তা বা শূন্য বুলি ক’ব পাৰি। যাৰ সত্তা আছে সি নিৰপেক্ষ। সত্তা নিৰপেক্ষ আৰু ই কাৰো ওপৰত নিৰ্ভৰশীল নহয়। দৃশ্যমান জগতৰ বস্তুসমূহ পৰনিৰ্ভৰশীল হোৱা হেতুকে ইহঁতৰ নিজা অস্তিত্ব আছে বুলি কোৱাটো কঠিন। যিহেতু জগতত থকা বিভিন্ন বস্তুসমূহক ব্যক্তিয়ে প্রত্যক্ষ কৰিব পাবে সেয়েহে ইহঁতৰ এটা বোধগম্য স্বৰূপ আছে। যাৰ বাবে ইহঁতৰ অস্তিত্বক অস্বীকাৰ কৰিব নোৱাৰি। অনির্বচনীয় জগতৰ বস্তুসমূহৰ অস্তিত্ব ব্যক্তিয়ে অনুভৱ কৰিব পাৰে যদিও ইয়াক যেতিয়া জানিবলৈ ইচ্ছা কৰা হয় তেতিয়া ব্যক্তি বুদ্ধি ভ্রষ্ট হোৱাটো নিতান্তই স্বাভাৱিক। ইয়াক সঁচা বা মিছা বুলি ক’ব নোৱাৰি, নাইবা সঁচা-মিছা কোনোটোৱেই নহয়, কেৱল অনির্বচনীয় পৰম সত্তা। মাধ্যমিকসকলৰ এই ব্যাখ্যাৰ পৰা ক’ব পাৰি যে তেওঁলোকে এই জগতখনক সম্পূর্ণভাৱে শূন্য বা মিছা বুলি কোৱা নাই।
৬। বৌদ্ধ ধৰ্মৰ দুটি শাখা কি কি?
উত্তৰঃ বৌদ্ধ দর্শন দুটি শাখাত বিভক্ত হৈছে- হীনযান আৰু মহাযান। হীনযান আৰু মহাযান এই দুটি ধর্মীয় সম্প্রদায়ৰ মাজত মূলতঃ নির্বাণ সম্পর্কেই পার্থক্য দেখা যায়। হীনযান সম্প্রদায়ৰ মতে সাধকে নিজৰ মুক্তি আৰু দুখ নিবৃত্তিৰ কাৰণে নির্বাণ লাভৰ চেষ্টা কৰা উচিত। আনহাতে মহাযান সম্প্রদায়ৰ মতে নির্বাণ কেৱল নিজৰ দুখ নিৰোধৰ কাৰণে নহয়, নির্বাণত পূর্ণ জ্ঞান লাভ কৰা হয়। নির্বাণ প্রাপ্ত ব্যক্তিয়ে দুখত জৰ্জৰিত সমগ্ৰ মানৱ সমাজৰ মুক্তিৰ কাৰণে চেষ্টা কৰা উচিত।
হীনযান শাখাই ঈশ্বৰ বিশ্বাস নকৰে। এই মতবাদ অনুসৰি এটা সৰ্বব্যাপী নৈতিক নিয়ম বা ধর্মই বিশ্বজগতক এইভাবে নিয়ন্ত্রণ কৰে যাতে কোনো কৰ্মৰ পৰিণাম নষ্ট নহয় আৰু প্রত্যেক ব্যক্তিয়ে অতীতৰ কৰ্ম অনুযায়ী যথোচিত মন আৰু শৰীৰ লাভ কৰি জীৱনত যথাস্থান লাভ কৰে। নির্বাণ পার্থী প্রত্যেক ব্যক্তিকে তিনিটা পবিত্র সংকল্প ল’বলৈ পৰামৰ্শ দিয়া হয়। এই তিনিটা সংকল্প হ’ল ‘মই বুদ্ধত আশ্রয় লৈছো’, ‘মই ধর্মত আশ্রয় লৈছো’, ‘মই সংঘত আশ্রয় লৈছো’। বুদ্ধই দেখুওৱা মহান পন্থা অনুসৰণ কৰি এই জন্মত বা পৰজন্মত প্রত্যেক ব্যক্তিয়ে নির্বাণ লাভ কৰিব পাৰে বুলি হীনযান সম্প্রদায়ে বিশ্বাস কৰে।
বৌদ্ধ ধৰ্মৰ বিকাশৰ লগে লগে ক্রমে বহুতো লোকে এই ধর্ম গ্রহণ কৰিলে। বহুতেই বৌদ্ধ দর্শন বা ধৰ্মৰ মৌলিক নিয়মবোৰ বুজি নাপালে। বিভিন্ন জাতিৰ লোকৰ অভ্যাস, বিশ্বাস আৰু ঐতিহ্য বৌদ্ধ ধৰ্মৰ অন্তৰ্গত হোৱাৰ ফলত ইয়াৰ ৰূপ সলনি হ’ল। ফলত মহাযান সম্প্ৰদায়ৰ সৃষ্টি হ’ল। অনুকুলতাই মহাযান সম্প্ৰদায়ৰ প্ৰাণশক্তিৰ লক্ষণ আৰু তাৰ কাৰণেই তেওঁলোকৰ ধর্ম ইমান উন্নত।
বুদ্ধই নিজেই জাতি ধর্ম নির্বিশেষে সকলো জীৱৰ প্রতি উদাৰ মনোভাবেৰে সমগ্ৰ মানৱ জাতিৰ দুখ নিবৃত্তি আৰু মুক্তিৰ কাৰণে প্ৰয়াস কৰিছিল। জ্ঞানোদীপ্তিৰ পিছতো দীর্ঘকাল ধৰি বুদ্ধদেৱে জনকল্যাণ আৰু দুখ নিবৃত্তিৰ কাৰণে চেষ্টা কৰিছিল। বুদ্ধৰ মতে জ্ঞানোদীপ্ত লোকে নিজৰ মুক্তিৰ কাৰণেই নহয়, আনৰ মুক্তিৰ কাৰণেও প্রয়াস কৰা উচিত। মহাযান সম্প্ৰদায়ৰ মতে জীৱনৰ চৰম আদৰ্শ নিজৰ মুক্তিয়েই নহয় সমগ্ৰ মানৱ জাতিৰে কল্যাণ আৰু মুক্তিয়েই জ্ঞানোদীপ্ত লোকৰ কাম্য। সেইকাৰণেই মহাযান পন্থীসকলে নিজৰ পন্থা হীনযানতকৈ শ্রেষ্ঠ বুলি গণ্য কৰে।
৭। বৌদ্ধ দর্শনত নির্বাণৰ স্বৰূপ সম্পৰ্কীয় কি কি মতবাদ পোৱা যায়?
উত্তৰঃ বৌদ্ধ দর্শনত নিৰ্বাণৰ স্বৰূপ সম্পৰ্কীয় চাৰিটা মতবাদ পোৱা যায়-
(ক) নির্বাণ হ’ল অস্তিত্বৰ চিৰ বিলুপ্তি।
(খ) নির্বাণ এক চিৰন্তন আনন্দৰ অৱস্থা।
(গ) নির্বাণ অচিন্তনীয় অৱস্থা।
(ঘ) নির্বাণ এক অপৰিৱৰ্তনীয় অৱস্থা।
(ক) নির্বাণ হ’ল অস্তিত্বৰ চিৰবিলুপ্তিঃ নির্বাণ শব্দৰ আক্ষৰিক অৰ্থ হ’ল নুমাই যোৱা। এই অর্থত নির্বাণ বুলিলে বহুতে সত্তাৰ অত্যান্তিক বিনাশক বুজায়। নির্বাণ লাভ কৰিলে ভোগ তৃষ্ণৰ বিলোপ হয়, কামনা-বাসনাক জয় কৰা হয়। কিন্তু ভোগ তৃষ্ণাৰ নিৰোধ, কামনা বাসনাৰ বিনাশ মানে জীৱনৰে বিনাশ। কামনা-বাসনাবিহীন জীৱন আৰু প্রকৃত জীবন হৈ নাথাকে। আকৌ কামনা-বাসনাৰ বিলোপ হ’লে যিহেতু পুনর্জন্ম ৰুদ্ধ হয়, গতিকে পুনর্জন্ম ৰুদ্ধ হোৱাৰ অর্থই সত্তাৰ অত্যান্তিক বিনাশ হোৱা। বুদ্ধ দেৱৰ মতে শাশ্বত আত্মা বুলি একো নাই। গতিকে নির্বাণ বুলিলে সত্তাৰ চিৰবিলুপ্তিকেই বুজিব লাগিব।
কিন্তু নির্বাণ সম্পর্কীয় এই নেতিবাচক মন্তব্য গ্রহণযোগ্য নহয়। কাৰণ কামনা বাসনাৰ বিলুপ্তি আৰু মানৱসত্তাৰ বিলুপ্তি একে নহয়। নির্বাণ লাভ কৰিলে কামনা-বাসনাৰ বিনাশ ঘটে, মানৱ অস্তিত্বৰ বিলোপ নঘটে। বুদ্ধদেৱে সাধনাৰ বলত নির্বাণ লাভ কৰি ৮০ বছৰ পৰ্যন্ত অহিংসা আৰু মৈত্ৰীৰ বাণী সমগ্র বিশ্বজুৰি প্ৰচাৰ কৰিছিল। গতিকে নির্বাণ মানে অস্তিত্বৰ চিৰবিলুপ্তি নহয়।
(খ) নির্বাণ এক চিৰন্তন আনন্দৰ অৱস্থাঃ নির্বাণ হ’ল এক চিৰন্তন আনন্দৰ অৱস্থা। নির্বাণ কামনাহীন চিত্তৰ অনির্বচনীয় প্রশান্তি। নির্বাণ অৱস্থাত কোনো ৰাগ নাই, দ্বেষ নাই, মোহ নাই, তৃষ্ণা নাই। নির্বাণত এক দিব্য আনন্দৰ ৰাজ্যত উত্তৰণ কৰা হয়, যি আনন্দ বিশুদ্ধ আৰু প্রশান্ত। ৰাধাকৃষ্ণণৰ মতেও নির্বাণ হ’ল পূর্ণতাৰ গন্তব্য। মুঠতে এই অৱস্থাত নির্বাণক সদর্থক বা ভাৱাত্মক অৱস্থা হিচাপে দেখা যায়।
এই মতবাদৰ বিৰুদ্ধে অভিযোগ হ’ল শাশ্বত আনন্দৰ অৱস্থা স্বীকাৰ কৰিলে পৰোক্ষভাৱে এই শাশ্বত আত্মাৰ অস্তিত্ব স্বীকাৰ কৰিবলগীয়া হয়। কিন্তু বৌদ্ধ দর্শনত কোনো শাশ্বত আত্মাৰ অস্তিত্ব স্বীকৃত হোৱা নাই।
(গ) নির্বাণ অচিন্তনীয় অৱস্থাঃ নির্বাণ এক অচিন্তনীয় বা অবর্ণনীয় অৱস্থা। এই মতানুসাৰে নির্বাণ বাক্য, মন আৰু বুদ্ধিৰ অতীত। নির্বাণক ভাবাত্মক বা অভাবাত্মক কোনো ৰূপতে চিন্তা বা বর্ণনা কৰা নাযায়। নির্বাণৰ ক্ষেত্ৰত কোনো বিশেষ উক্তি কৰা সম্ভৱ নহয়। নির্বাণ বিশেষণহীন। নির্বাণ কি, তাক ভাষাত ব্যক্ত কৰিব নোৱাৰি, নির্বাণক কেবল অনুভূতিত উপলব্ধি কৰিব পাৰি।
(ঘ) নির্বাণ এক অপৰিৱৰ্তনীয় অৱস্থাঃ নির্বাণ হ’ল এক অপৰিবৰ্তনীয় অৱস্থা। এই অৱস্থাৰ উৎপত্তি আৰু বিনাশ নাই, এই অৱস্থা মৃত্যুৰ অধীনত নাই। ইশাশ্বত, অসংস্কৃত আৰু মৌলিক। ৰাধাকৃষ্ণণৰ মতে নির্বাণ হ’ল পৰমাত্মাৰ লগত একৰ অভিন্নতাত লীন হৈ যোৱা। নির্বাণ উৎপন্ন নহয়।
৮। সম্যক সমাধিৰ চাৰিটা স্তৰ কি কি?
উত্তৰঃ অষ্টাংগিক মার্গৰ অন্তিমটো মার্গ হ’ল সম্যক সমাধি। সমাধিৰ স্তৰত মনটো শান্ত আৰু স্থিৰ হৈ পৰে। ব্যক্তিৱে অসৎ কর্ম, অসৎ চিন্তা আৰু অসৎ কামনাৰ পৰা সম্পূর্ণ মুক্ত হৈ সমাধিৰ স্তৰত প্ৰৱেশ কৰে। সমাধিৰ নিম্নোক্ত চাৰিটা স্তৰ আছে।
(ক) আনন্দঃ আনন্দৰ স্তৰত নিৰ্বাণ প্রয়াসী সাধকে চাবি আর্যসত্যত মনক সমাহিত কৰি বিতৰ্কৰ মাধ্যমেদি মনত থকা সত্য সম্পর্কীয় সংশয়ক দূৰীভূত কৰি ধ্যানত নিমগ্ন হয়। এই স্তৰত সাধকৰ মনত বিশুদ্ধ চিন্তা, বিশুদ্ধ প্রীতি আৰু বিশুদ্ধ সুখহে থাকে।
(খ) উল্লাসঃ উল্লাস স্তৰত সাধকৰ মনৰ পৰা সকলো ধৰণৰ সংশয় দূৰীভূত হৈ চাৰি আৰ্যসত্যৰ প্ৰতি বিশ্বাসৰ জন্ম হয়।
(গ) আসক্তিহীনতাঃ আসক্তিহীনতাৰ স্তৰত নিৰ্বাণকামী সাধকৰ মনত সুখ আৰু আনন্দৰ প্রতি উদাসীন মনোভাৱৰ সৃষ্টি হয়। এই স্তৰত আত্মসচেতনতা পূর্ণ ৰূপত বিলুপ্ত নহয়, কেবল মনহে উদাসীন হৈ পৰে।
(ঘ) প্রশান্তিঃ প্রশান্তিৰ স্তৰত সাধকৰ মনত কোনো ধৰণৰ সুখ-দুখৰ অনুভূতি নাথাকে। এই অৱস্থা হ’ল প্রকৃত নির্বাণৰ অৱস্থা।
৯। বৌদ্ধ দর্শনৰ চাৰি আৰ্য সত্যৰ বিষয়ে আলোচনা কৰা।
উত্তৰঃ বৌদ্ধ দর্শনৰ চাৰি আৰ্য সত্যৰ বিষয়ে তলত আলোচনা কৰা হ’ল-
(ক) দুখঃ বুদ্ধদেৱৰ প্ৰথম আৰ্যসত্য আমি মানৱীয় জীৱনত দুখৰ প্রাধান্যৰ ছবিখন দেখা পাওঁ। জীৱন মানে দুখ বা যাতনাৰ বাহিৰে একো নহয়। জন্ম দুখৰ, বংশ দুখৰ, ৰোগ বা অসুখত আছে কষ্ট। মৃত্যুৰ যন্ত্রণা অসহনীয়। অপ্রিয় সংযোগ আৰু প্রিয় বিচ্ছেদ দুয়োটাই কষ্টকৰ। অতৃপ্ত বাসনাই দিয়ে কষ্ট। মুঠতে পঞ্চস্কন্ধৰ দ্বাৰা গঠিত এই মানৱীয় জীৱন দুখ ভোগৰ বাবেই সৃষ্টি হৈছে। মানৱ জীৱন যে দুখৰ এই কথাষাৰ গৌতম বুদ্ধৰ দৰ্শনতহে যে প্রথমবাৰৰ বাবে দেখা গৈছে এনে নহয়। চার্বাকক বাদ দি বাকী সকলো ভাৰতীয় দৰ্শনেই শাৰ্থিৱ জীৱন যে দুখৰ তাক স্বীকাৰ কৰিছে। যাৰ বাবে পাশ্চাত্য সমালোচকসকলে ভাৰতীয় দর্শনক “নিৰাশাবাদ” বা “দুখবাদী” আখ্যাৰে অভিযুক্ত কৰিছে। সাংখ্য দর্শনতো আধ্যাত্মিক, অধিভৌতিক আৰু অধিদৈহিক বুলি তিনিবিধ দুখৰ উল্লেখ আছে। কেৱল ভাৰতীয় দার্শনিকেই নহয় পার্থিব জীৱনটো, গভীৰভাৱে পৰ্যবেক্ষণ কৰা বহুতো পাশ্চাত্য দার্শনিকে মানৱ জীৱন যে দুখৰ তাক স্বীকাৰ কৰিছে। জীৱন যুদ্ধত মানুহে সদায় অভাৱ অভিযোগ, ক্ষুধা, ভয়, বিভিষীকা, উৎকণ্ঠা, দুর্বলতা, অসামর্থতা, বিপদ আদিৰ সন্মুখীন হয়। এইবিলাক বাস্তৱ দুখৰ ওপৰিও মানুহে ভূত, পিশাচ আদি কাল্পনিক ধাৰণাবোৰৰ পৰাও কিছুমান কাল্পনিক কষ্টও পায়। আকৌ মানুহেই মানুহৰ শত্রু হৈ অত্যাচাৰ, হিংসা, ঘৃণা, ঠগ, প্রৱঞ্চনা, যুদ্ধ, বিগ্রহ, আদিৰ সৃষ্টি কৰি জীৱনলৈ দুখ মাতি আনে। নানান প্রাকৃতিক দুর্যোগ, দাৰিদ্ৰ আদিৰ কৰ্মই পৃথিৱীৰ সকলো ঠাইৰে সকলো সময়ৰে দাৰ্শনিকসকলৰ দৃষ্টি আকর্ষণ নকৰাকৈ থকা নাই। কিন্তু তথাপি দর্শনৰ বুৰঞ্জীত গৌতম বুদ্ধই প্রথম আৰ্যসত্যত তেখেতৰ দৰে কোনো এজন দার্শনিকেই মানৱ জীৱনৰ দুখৰ ছবিখন ইমান কৰুণভাৱে আঁকি দেখুৱাব পৰা নাই। আমাৰ সুখ সমৃদ্ধিৰ বাবে আমি বহুতো উপায় অৱলম্বন কৰিব পাৰো। কিন্তু সুখ মানুহৰ বাবে মৰীচিকা মাথোন। পার্থিব বস্তুৰ ক্ষণিকতাই আমাক সদায় কষ্ট দি থাকে। বহুত বাসনা অতৃপ্ত হৈ ৰয়। আকৌ বাসনাৰ পৰিতৃপ্তি মাথোন নতুন কষ্টৰ সৃষ্টি কৰে। চিন্তাদগ্ধ, সুখৰ দ্বাৰা প্ৰৱঞ্চিত, প্রাকৃতিক শক্তিৰ হাতত পৰি জাতি, কৰ্তব্যৰ গধোৰ বুজাৰ দ্বাৰা আক্ৰান্ত মানৱৰ চকুৰ আগত আছে, মৃত্যুৰ বিভীষিকা আৰু লগতে ভৱিষ্যতৰ বংশধৰ সকলৰো মৃত্যুৰ ওচৰত হ’ব লগা একেই পৰাজয়ৰ কথা অনুভৱ কৰি চালে সকলোৱেকৈ উঠিব মানৱ জীবন এটা অভিশাপ বুলি। সেয়ে এতিয়াৰ জ্যোতি মহর্ষি বুদ্ধই তেওঁৰ প্রথম আর্যসত্যতকৈ উঠিছিল “সবং দুঃখং”- দুখ যান্ত্রণা বা জৰামৰণৰ জীৱন।
(খ) দুখ সমুদায়ঃ বৌদ্ধ দর্শনৰ আৰম্ভণিতে আমি মানৱ অস্তিত্বৰ দুখ বেদনাৰ প্ৰতি বুদ্ধৰ চিন্তাৰ কথা পঢ়িবলৈ পাওঁ। তেওঁ কৈছে- “অসহায় মানৱ জাতিয়ে কেৱল দুখ কষ্টই সহ্য কৰিব লাগিছে। মানুহৰ জন্ম হৈছে, জৰা অৱস্থা পাইছে আকৌ তাৰ পাছত মৃত্যুয়ে আঁতৰাই নিছে আৰু পুনৰ এই একেবোৰ দুখ কষ্ট পাবলৈ পুনর্জন্ম পাইছে।” এই জন্মচক্ৰৰ পৰা হাত সাৰিবৰ উপায় তেওঁলোকে নাজানে। ইয়াকেই তেওঁ প্রথম আর্যসত্যত দেখুৱাইছে। এই দুখ পৰা মানৱ জাতিক মুক্তি দিয়া আছিল বুদ্ধৰ উদ্দেশ্য। এই উদ্দেশ্য বৃদ্ধিৰ বাবে তেওঁ এই পার্থিব দুখ কষ্টবোৰ বা চমুকৈ জৰা-মৰণৰ কাৰ্যকাৰণ বিচাৰিবলৈ ধৰে। বুদ্ধই কার্যকাৰণ নিয়মত বিশ্বাস কৰিছিল। অর্থাৎ তেওঁৰ মতে কাৰণ নোহোৱাকৈ কোনো কার্যই হ’ব নোৱাৰে। ইয়াৰ ভিত্তিতে মহর্ষি বুদ্ধই মানৱ অস্তিত্বৰ জৰা-মৰণৰ উঁহ বিচাৰে আৰু তাৰ ফলতে আমি বৌদ্ধ দর্শনৰ তৃতীয় আর্যসত্যত ‘পৰচক্র’ বা ‘দ্বাদশ নিদানৰ’ কথা পাওঁ।
দ্বিতীয় আর্যসত্যত তেওঁ কৈছে যে- জৰামৰণ বা পার্থিব দুখ কষ্টৰ কাৰণ হৈছে মানুহৰ জন্ম বা জাতি কিন্তু এই জাতিও অকাৰণতে হ’ব নোৱাৰে। ইয়াৰো কাৰণ বিচাৰি তেওঁ কৈছে যে আমাৰ ইহঁজন্মৰ কাৰণ হৈছে আমাৰ পূৰ্বজন্ম বা ভৱ, বৌদ্ধ দর্শনৰ ‘ভৱ’ শব্দটোৱে কোনোৰ মতে অতীজৰ কৰ্মক বুজায়। পার্থিব বস্তুবোৰে যদি অনুভূতি জড়িত সংবেদনা অৰদি সৃষ্টি নকৰিলেহেঁতেন, সিবিলাকৰ প্ৰতি আমাৰ তৃষ্ণা বা হেঁপাহন’হলহেঁতেন। সেয়ে তৃষ্ণাৰ কাৰণ হ’ল বেদনা। কিন্তু এই বেদনাও কাৰণ নোহোৱাকৈ হ’ব নোৱাৰে। ইয়াৰ কাৰণ হ’ল স্পশ। অর্থাৎ ইন্দ্রিয় আৰু পার্থিব বস্তুৰ মাজত হোৱা স্পর্শ আৰু সম্বন্ধ। পার্থিব বস্তুবিলাকে সংবেদন বা অনুভূতি আদি সৃষ্টি কৰে। সেইবিলাকৰ লগত স্পর্শলৈ অহাৰ বাবেহে, ইয়াৰ কাৰণ হ’ল আকৌ ষড়ায়তন। পূর্বজন্মৰ কৃতকৰ্মৰ ফলত আমাৰ মনত যি সংস্কাৰ থাকি যায় তাৰ ফলতেই। চৈতন্যৰ সুত বৈ থাকে। আৰু এই সংস্কাৰ সৃষ্টি কৰা মূল কাৰণটো হ’ল অবিদ্যা আৰু অজ্ঞান চাৰি আৰ্যসত্য আমি যেতিয়ালৈকে উপলব্ধি নকৰো তেতিয়ালৈকে আমি অবিদ্যা বা অজ্ঞানতাত থাকো। ক্ষণিক সুখবোৰক প্ৰকৃত সুখ বুলি লৈ পার্থিব বস্তুৰ প্ৰতি আসক্ত হৈ থাকো। আৰু ফলত বাৰে বাৰে জন্ম হৈ জৰামৰণৰ কবলত পৰো।
দ্বাদশ নিদানৰ এই জন্মচক্ৰত তিনিটা জন্মৰ এক যোগসূত্র দেখা যায়। পূর্বজন্মৰ অবিদ্যান ফলত হোৱা সংস্কাৰেই ইহজন্মৰ বিজ্ঞান বা চৈতন্যকে আৰম্ভ কৰি নামৰূপ, ষড়ায়তন, স্পর্শ, বেদনা, তৃষ্ণা, উপাদান আৰু ভৱৰ সৃষ্টি কৰিছে। আৰু এই ভৱই আকৌ পৰজন্মৰ জাতিৰ ফলত জৰামৰণৰ সৃষ্টি কৰিব। দ্বিতীয় আর্যসত্যত আমি এটা কথা মন কৰিবলৈ পাও যে বৌদ্ধ দর্শন এক নাস্তিক দর্শন। যদিও বুদ্ধই বৈদিক জন্মান্তৰবাদ অস্বীকাৰ কৰা নাই। জন্মৰ কাৰণ যেতিয়া তেওঁ ভৱ বুলি কৈছে, তেওঁ ইয়াকে কৈছে যে পূর্বজন্মৰ কৰ্মইহে ইহজন্মৰ সম্ভৱ কৰে। বুদ্ধৰ এই কথাষাৰ উপনিষদীয় উক্তি- “সৎ কর্ম কুৰুতে তদভি সম্পদতে”- এজন মানুহে যেনেকৈ কর্ম কৰে তেনেকৈয়ে তেওঁ পুনৰ জন্ম পায়।
পঞ্চস্কন্ধ যুক্ত দেহাৰ সৃষ্টিয়েই হৈছে জন্ম বা জাতি। এজন মানুহৰ মৃত্যুৰ পিছত তেওঁৰ কৃতকৰ্মৰ ফলস্বৰূপ বিজ্ঞানেই পিছৰ জন্মৰ মাতৃৰ গৰ্ভত প্ৰৱেশ কৰি নতুন পঞ্চস্কন্ধৰ বিকাশ ঘটায়। তাৰ ফলতেই নামৰূপৰ সম্ভৱ হয়। বৌদ্ধ দর্শনত কোনো চিৰন্তন অবিনাশী শাশ্বত আত্মা পোৱা নাযায়। কিন্তু তথাপি গৌতমে এই বিজ্ঞান বা চৈতন্যৰ জড়িয়তে জন্মান্তৰবাদৰ সমৰ্থন কৰিবলৈ সম্ভৱ হৈছে। আনবিলাক দর্শনে কোৱাৰ দৰে বুদ্ধইও ক’লে যে অবিদ্যাই হ’ল সকলো অনৰ্থৰ মূল। কিন্তু আন দৰ্শনৰ অবিদ্যাৰ পৰা বৌদ্ধ দর্শনৰ অবিদ্যাৰ পাৰ্থক্য আছে। ‘মই’ বুলি এক শ্বাশ্বত বা সনাতন সত্তা আছে বা থকা জ্ঞানটোৱেই হৈছে বৌদ্ধ দর্শনৰ অজ্ঞান বা অবিদ্যা। ‘মই ভাৱ’ৰ সৃষ্টি কৰা অহংকাৰ ৰূপী এই অবিদ্যাৰ দোষ ইমানেই বেছি যে অশেষ কষ্ট ভোগ কৰা সত্বেও মানুহে পার্থিব জীৱনটো ভাল পায়। আৰু তাৰ ফলতেই ভৱচক্রত ঘূৰি থাকে। এই অবিদ্যা নাশৰ উদ্দেশ্যই বুদ্ধৰ নাস্তিক দর্শনত আমি নৈৰাত্মবাদ পঢ়িবলৈ পাও।
(গ) তৃতীয় আর্যসত্য (নির্বাণ): তৃতীয় আর্যসত্যত বুদ্ধই দুখ পিৰীত মানৱ জাতিক আশাৰ বাণী শুনাই নির্বাণৰ বাতৰি কৈছে, “নির্বাণ” শব্দটোৰ ধাতুগত অর্থ হ’ল- “নির্বাপিত হোৱা” বা “নুমাই যোৱা” বা চেঁচা পৰি যোৱা। নির্বাপিত হোৱাই ধ্বংস বুজাই, চেঁচা অৰ্থত ই সম্পূর্ণ ধ্বংস নুবুজায়, কেৱল উত্তপ্ত কামনা বাসনাবোৰৰ ধ্বংসহে বুজায়। নির্বাণ প্রাপ্ত মন হৈছে নির্বাপিত হোৱা জুইৰ শিখাৰ দৰে। বৌদ্ধ দর্শনৰ পণ্ডিতসকলে মানৱ জীৱনৰ পৰম লক্ষ্য স্থান এই নির্বাণ অৱস্থাৰ অৰ্থ ব্যাখ্যা কৰোতে বিভিন্ন ব্যাখ্যা দিছে। অধ্যাপক পালসেনে কৈছে যে বৌদ্ধ ধৰ্মৰ পালি ভাষাত লিখিত গ্রন্থসমূহ কিছুমানত নির্বাণ অৱস্থাতো এক পৰম আনন্দৰ অৱস্থা। কেতিয়াবা ই এক বর্ণনাতীত অস্তিত্বৰ কথা বুজাইছে আৰু আন কোনোবা এখন গ্ৰন্থত এই অনিত্য জগতখনৰ সকলো পৰিৱৰ্তনৰ সিপাৰে থকা একমাত্র নিত্য সত্য বুলিছে। বাস্তৱিকতে এই নির্বাণ অৱস্থাটোৰ যথার্থ ব্যাখ্যা আমাৰ যৌক্তিক চিন্তাৰে পাব নোৱাৰি। তথাপি প্ৰায়বোৰ লিখনিতে নির্বাণ মানে বুদ্ধই অবিদ্যা ঘৃণা আৰু মোহ ৰূপক অগ্নিনির্বাপিত কৰাকে বুজাইছে বুলি পোৱা যায়। আকৌ দুই ধৰণৰ নিৰ্বাণৰ কথাও পোৱা যায়। এবিধ হৈছে- উপবিশেষ নির্বাণঃ এইবিধ নির্বাণত মানৱ মনৰ কামনা বাসনাবোৰৰ বিলুপ্তি বুজাই, আনবিধ হ’ল অনুপবিশেষ নির্বাণঃ এই নির্বাণ প্রাপ্তিত অস্তিত্বৰ সম্পূর্ণ বিলুপ্তি বুজায়। চিলডাৰ্ছৰ মতে উপবিশেষ নির্বাণ পোৱাজনে এই পঞ্চস্কন্ধৰ দেহা ধাৰণ কৰি থাকে যদিও (ৰূপ স্কন্ধ, বেদনা স্কন্ধ, সংজ্ঞা স্কন্ধ, সংস্কাৰ স্কন্ধ, বিজ্ঞান স্কন্ধ) আসক্তিৰ সৃষ্টি কৰা কামনা বাসনাবোৰৰ পৰা তেওঁ সম্পূর্ণ মুক্ত।
বৌদ্ধ দর্শনৰ নিৰ্বাণ বা পৰিনির্বাণে উপনিষদৰ ব্ৰহ্মপ্রাপ্তি নুবুজায় যদিও একো অনুভূতি নথকা শূণ্যতাৰ কথাও ই নুবুজায়। পৰিনির্বাণেও সত্তাৰ পূৰ্ণতাপ্রাপ্তিহে বুজায়। সংঘাত আৰু সংগ্ৰামৰ পৰা মুক্ত ই এক মানসিক প্রশান্তি। কু-বাসনাবোৰৰ সংযমৰ লগে লগে হোৱা আধ্যাত্মিক প্রকৃতিৰ লক্ষ্যপ্রাপ্তিয়ে হৈছে নির্বাণ।
নির্বাণে সেয়ে জ্ঞানালাভক নুবুজায়। ই কেৱল মিছা অহং জ্ঞানৰ বিলুপ্তিৰ পিছত প্রকৃত সত্তাৰ উপলব্ধিয়েই বুজায়। বুদ্ধৰ মতে নির্বাণ প্রাপ্তজনৰ এই জ্ঞান থাকে যে তেওঁ এক শুদ্ধ জীক যাপন কৰিছে, যে তেওঁ পৰম স্থান লাভ কৰিছে আৰু তেওঁ ইয়াকো জানে যে তেওঁ মৰণশীলতাৰ পৰা মুক্ত হৈছে। গৌতম বুদ্ধই দার্শনিক তত্ববোৰৰ আলোচনা ভাল নাপাইছিল। যিবিলাক কথাই মানুহক নির্বাণপ্রাপ্তিত সহায় কৰে তেনে কথাহে তেওঁৰ আলোচনাৰ বিষয় আছিল। সেয়ে নির্বাণ অৱস্থাটোৰ একো বর্ণনা তেওঁ দিয়া নাছিল। সেয়ে পিছলৈ বৌদ্ধ ধৰ্মৰ বিভিন্ন সম্প্রদায়সমূহে নির্বাণৰো বিভিন্ন বর্ণনা দিয়ে।
নির্বাণৰ প্ৰকৃত স্বৰূপ সম্ভৱত ড° ৰাধাকৃষ্ণণৰ উক্তিতে পোৱা যায় যে- “নির্বাণ এনে এক পূৰ্ণতা প্রাপ্তিৰ অৱস্থা যি আমাৰ বাবে (অর্থাৎ সম্পূর্ণ মানৱৰ বাবে) বর্ণনাতীত। নির্বাণ সম্পর্কে কিবা ক’বলৈ হ’লে আমি ইয়াৰ অনির্বচনীয়তাক শব্দৰে বুজিব লাগিব। কিন্তু ইয়াৰ পূৰ্ণতা বুজিবলৈ সদর্থক বিধেয় প্রয়োগ কৰিব লাগিব আৰু সকলো সময়তে মনত ৰাখিব লাগিব যে এই বর্ণনাবোৰে আমাক নির্বাণৰ যথার্থ স্বৰূপ কেতিয়াও বুজাব নোৱাৰে।
(ঘ) চতুর্থ আর্যসত্যঃ এই পৃথিবীত জীৱন যাত্রা হৈছে এক অচিন দেশত কৰা তীর্থযাত্রীৰ দৰে, সেয়ে জ্ঞানীজনে জীৱনযাত্রা কেতিয়াও দীঘলীয়া কৰিব নুখুজে। বেছিভাগ ভাৰতীয় দৰ্শনৰ দৰেই বৌদ্ধ দর্শনৰ আদর্শ হৈছে জন্মচক্ৰৰ বন্ধনৰ পৰা হাত সাৰি অমৰত্বৰ আনন্দ লাভ কৰা। মহর্ষি বুদ্ধৰ দৰ্শন “আত্ম প্রত্যয়” আৰু “আত্ম ত্যাগ” এই দুই মতবাদৰ পৰা মুক্ত ছয়বছৰ কাল সন্ন্যাস অৱলম্বন কৰাৰ পাছত বুদ্ধই উপলব্ধি কৰিলে যে শাৰীৰিক শক্তি নাথাকিলে কেতিয়াও প্রকৃত পন্থা পাব নোৱাৰি। সেয়ে সন্ন্যাস বা আত্ম ত্যাগৰ বৈদিক আদৰ্শক তেওঁ সমর্থন নকৰিলে। আনহাতে কামনা-বাসনা চৰিতার্থই জীৱনৰ চৰম পুৰুষাৰ্থ বুলি কোৱা চার্বাক দর্শনৰ আদৰ্শও বুদ্ধই বিৰোধিতা কৰে। এই দুই প্রান্তৰ মাজেদি যোৱা এক মধ্যম পন্থা তেওঁ উদ্ভাৱন কৰে যি পন্থাই অজ্ঞ মানুহৰ জ্ঞান চকু মুকলি কৰি তেওঁক বোধ শক্তি প্রদান কৰে মানসিক প্রশান্তি দিয়াৰ লগে লগে উচ্চতম তত্ত্ব জ্ঞানে নির্বাণৰ উপলব্ধি দিয়ে। এই পন্থাই হ’ল “অষ্টাঙ্গিক মার্গ”- এই অষ্টাঙ্গিক মার্গ সম্যক কর্মান্তৰ, সম্যক আজীৱ, সম্যক বাক, সমাক স্মৃতি আৰু সম্যক সমাধি।
১০। বৌদ্ধৰ কৰ্মবাদৰ ওপৰত চমুটোকা লিখা।
উত্তৰঃ বুদ্ধৰ প্রতীত্যসমুৎপাদবাদে নির্ণয় কৰে যে এজন মানুহৰ বৰ্তমান জীৱন তেওঁৰ এক পূর্বৱতী অৱস্থাৰ পৰিণাম। অর্থাৎ মূল অর্থত ক’বলৈ গ’লে আমাৰ বৰ্তমান জীৱন পূর্বৱর্ত জীৱনৰ কৰ্মফল। আমাৰ ভৱিষ্যত জীৱনটো নির্ণয় কৰিব আমাৰ বর্তমান জীৱনে।
বুদ্ধৰ মতে কৰ্ম হ’ল আমাৰ জীৱনৰ মাজত বিভিন্ন যোগসূত্র স্থাপন কৰা এক সংযোগ। আমাৰ জীৱনৰ যোগসূত্ৰ ন্যায় দৰ্শনৰ অদৃষ্টৰ দৰে কোনো বাহ্যিক নিয়মে স্থাপন নকৰে। অদৃষ্টই আমাৰ জীৱন পৰিচালিত নকৰে। ঈশ্বৰৰ ইচ্ছাৰ ভিত্তিত আমাৰ জীৱন পৰিচালিত নহয়। লুইবনিজে কোৱাৰ দৰে, এক পূব প্রতিস্থিটো সামঞ্জস্যৰ ভিত্তিত আনৰ জীৱন পৰিচালিত নহয়। আমাৰ সকলো কৰ্ম পৰিচালিত হয় আমাৰ নিজস্ব স্বাধীন ইচ্ছাৰ দ্বাৰা। এই স্বাধীন ইচ্ছাৰ স্বৰূপ নির্ণীত হয় আমি আগতে কৰা কৰ্মৰ সন্দৰ্ভত। গতিকে আমাৰ কৰ্মফল জিনজৰে অর্জিত, ইয়াত বাহিৰা শক্তিৰ কোনো হাত নাই। এই কৰ্মৰ অৱসানো আমি নিজৰ চেষ্টাৰ বলতে সাধিব পাৰো। ঈশ্বৰ বা তেনে অন্য কোনো বাহ্যিক শক্তিয়ে আমাৰ কৰ্মৰ অন্ত পেলায় আমাক নির্বাণ কৰিব নোৱাৰে। ই আমাৰ স্বপার্জিত।
বিভিন্ন মানুহৰ ক্ষেত্ৰত স্বভাৱ পৰিবৰ্তন কাৰণটো হ’ল কর্ম। কৰ্মৰ পাৰ্থক্যৰ বাবে সকলো মানুহ এনে ধৰণৰ নহয়। আমাৰ যিহেতু কৃতকৰ্মৰ ফল বিনষ্ট নহয় সেয়েহে আমাৰ মাজত ভিন্নতাই দেখা দিয়ে। মানুহৰ মাজত ভিন্নতাৰ কথাটো সাংখ্য দর্শনে বিভিন্ন পুৰুষৰ অস্তিত্বৰ বাবে হোৱা বুলি কয়। কিন্তু বুদ্ধই এই কথা মানি নলয়।
কাৰ্য দুই প্ৰকাৰৰ। সকাম আৰু নিষ্কাম। বাসনাযুক্ত কর্মই সকাম কর্ম। এই কর্মই আমাৰ বন্ধন সূচনা কৰে। বাসনা বিমুক্ত কর্মই নিষ্কাম কর্ম। এই কর্মই আমাক সংসাৰ বন্ধনৰ পৰা মুক্ত কৰে। চাৰি আৰ্য সত্যৰ কথা জানি যেতিয়া আমি অনাসক্তভাৱে কর্মত ব্রত হওঁ সেই কর্মফলে আমাক স্পৰ্শ কৰিব নোৱাৰে আৰু তেতিয়া আমাৰ পুণৰ জন্মও নহয়। গীতাটো এই নিষ্কাম কৰ্মৰ ওপৰত অধিক জোৰ দিয়া হৈছে। নিষ্কাম কর্ম জ্ঞান আৰু ভক্তিতকৈ বেছি মূল্যৱান।
১১। ঝক্বেদত উল্লেখ কৰা প্ৰধান দেৱতা আৰু তেওঁলোকৰ বৈশিষ্ট্য কি কি?
উত্তৰঃ ঝক্কেদত বিভিন্ন দেৱতাক উৎসর্গিত গীত আছে আৰু ইয়াৰে বহুতো গীতৰ উল্লেখ সমগ্ৰ গ্ৰন্থতে বাৰে বাৰে উল্লেখ কৰা হৈছে।
ঝক্কেদত উল্লেখ কৰা কিছুমান প্রধান দেৱতা আৰু ইয়াৰ লগত জড়িত বৈশিষ্ট্যসমূহ তলত উল্লেখ কৰা হৈছে-
(ক) অগ্নিঃ অগ্নি দেৱতা আৰু ঝক্কেদত অন্যতম বিশিষ্ট দেৱতা। তেওঁক প্রায়ে মানুহ আৰু দেৱতাৰ মাজৰ দূত হিচাপে বর্ণনা কৰা হয়, যিয়ে তেওঁলোকৰ প্ৰসাদ আৰু প্ৰাৰ্থনাক আকাশী ৰাজ্যলৈ লৈ যায়। অগ্নি পোহৰ, তাপ আৰু ৰূপান্তৰৰ লগত জড়িত। তেওঁক আচাৰ-ব্যৱহাৰ আৰু বলিদানৰ সভাপতিত্ব কৰা ঐশ্বৰিক পুৰোহিত হিচাপেও দেখা যায়।
(খ) ইন্দ্ৰঃ ইন্দ্ৰ দেৱতাসকলৰ ৰজা, বজ্রপাত আৰু বৰষুণৰ দেৱতা। তেওঁ এজন শক্তিশালী যোদ্ধা যিয়ে বজ্রপাত ব্যৱহাৰ কৰে আৰু তেওঁৰ বীৰত্বপূৰ্ণ কৃতিত্ব আৰু দানৱ অথবা অসুৰৰ ওপৰত জয়ৰ বাবে প্ৰায়ে প্রশংসা কৰা হয়। শক্তি, সাহস, উৰ্বৰতা আদিৰ লগত ইন্দ্ৰৰ সম্পর্ক আছে। তেওঁক দেৱতা আৰু মানৱতাৰ ৰক্ষক হিচাপে গণ্য কৰা হয়।
(গ) সোমৰসঃ সোমৰস হ’ল দেৱতাসকলে উদ্ভিদৰ পৰা প্ৰস্তুত কৰা পবিত্র পানীয় ৰস। ঝক্কেদৰ গীতসমূহত প্ৰায়ে সোমৰসক অমৰত্ব আৰু প্ৰেৰণা প্রদান কৰা ঐশ্বৰিক সত্তা হিচাপে উদ্যাপন কৰা হয়। সোমৰসৰ সৈতে আনন্দ আৰু আধ্যাত্মিক জ্ঞানৰ সম্পৰ্ক আছে।
(ঘ) বৰুণঃ বৰুণ হৈছে মহাজাগতিক ব্যৱস্থাৰ দেৱতা আৰু নৈতিক আৰু প্রাকৃতিক নিয়মৰ ৰক্ষক। তেওঁ ন্যায়, সত্য আৰু মহাজাগতিক ব্যৱস্থাৰ সৈতে জড়িত। বৰুণক প্রায়ে সর্বজ্ঞানী আৰু সৰ্বদর্শী দেৱতা হিচাপে প্রশংসা কৰা হয় যিয়ে মানুহৰ কৰ্ম পর্যবেক্ষণ কৰে আৰু নৈতিক নীতি উলংঘা কৰাসকলক শাস্তি দিয়ে।
(ঙ) ঊষাঃ ঊষা হৈছে পুৱাৰ দেৱী আৰু ই পোহৰৰ আগমন আৰু নতুন দিনৰ আৰম্ভণিক প্রতিনিধিত্ব কৰে। সোণৰ ৰথেৰে জগতক জাগ্ৰত কৰা এগৰাকী উজ্জ্বল আৰু সুন্দৰ দেৱতা হিচাপে বর্ণনা কৰা হৈছে। ঊষা নবীকৰণ, আশা আৰু আন্ধাৰৰ ওপৰত পোহৰৰ জয়ৰ প্ৰতীক।
(চ) মিত্রঃ বন্ধুত্ব, চুক্তি, সম্প্ৰীতিৰ লগত জড়িত সৌৰ দেৱতা মিত্ৰ। বৰুণৰ সমান্তৰালকৈ তেওঁৰ উল্লেখ প্রায়ে পোৱা যায় আৰু এই দুই দেৱতাক যোৰ হিচাপে গণ্য কৰা হয়। মিত্ৰই আনুগত্য, আস্থা আৰু শপত আৰু চুক্তি পালনক প্রতিনিধিত্ব কৰে।
১২। বৈদিক সাহিত্যত উপনিষদৰ তাৎপৰ্যৰ বিষয়ে বর্ণনা কৰা?
উত্তৰঃ (ক) দার্শনিক শিক্ষাঃ উপনিষদত বাস্তৱব স্বৰূপ, আত্মা, আৰু চূড়ান্ত সত্যৰ গভীৰ দার্শনিক শিক্ষা আৰু অন্তর্দৃষ্টি সন্নিবিষ্ট কৰা হৈছে। জীৱনৰ উদ্দেশ্য, অস্তিত্বৰ স্বৰূপ আৰু ব্যক্তিগত আত্মা আৰু সাৰ্বজনীন চেতনাৰ মাজৰ সম্পৰ্কৰ বিষয়ে প্রশ্নবোৰ অন্বেষণ কৰে। উপনিষদসমূহে আধ্যাত্মিক ধাৰণাসমূহৰ মাজত গভীৰভাৱে সোমাই আধ্যাত্মিক উপলব্ধি আৰু মুক্তিৰ (মোক্ষ) বিভিন্ন পথ আগবঢ়াইছে।
(খ) আচাৰ-অনুষ্ঠান আৰু দৰ্শনৰ মাজৰ সেতুঃ উপনিষদসমূহে পূৰ্বৰ বৈদিক গ্রন্থসমূহৰ বাহ্যিক আচাৰ-ব্যৱহাৰ আৰু বলিদানৰ পৰা আত্মা আৰু মহাবিশ্বৰ অধিক অন্তর্দৃষ্টিসম্পন্ন আৰু দার্শনিক অন্বেষণলৈ মনোযোগৰ পৰিৱৰ্তনক প্রতিনিধিত্ব কৰে। বেদৰ আচাৰ-ব্যৱহাৰ আৰু গভীৰ আধ্যাত্মিক অন্তর্দৃষ্টি আৰু বোধগম্যতাৰ বিকাশৰ মাজত ইহঁতে এখন সেতুবন্ধন প্রদান কৰে।
(গ) গুৰু-শিষ্য পৰম্পৰাঃ উপনিষদত প্ৰায়ে আধ্যাত্মিক সাধক আৰু জ্ঞানপ্রাপ্ত গুক (গুক)ৰ মাজত হোৱা সংলাপ চিত্রিত কৰা হয়। তেওঁলোকে গুৰু-শিষ্য সম্পৰ্কৰ গুৰুত্ব আৰু প্রত্যক্ষ ব্যক্তিগত অভিজ্ঞতাৰ জৰিয়তে শিক্ষকৰ পৰা ছাত্ৰলৈ জ্ঞানৰ সঞ্চাৰণৰ ওপৰত গুৰুত্ব আৰোগ কৰে। উপনিষদসমূহে আত্ম উপলব্ধিৰ পথত উপলব্ধি কৰা শিক্ষকৰ পৰা পথ প্ৰদৰ্শন বিচৰাৰ পৰম্পৰা ৰক্ষা কৰে।
(ঘ) বেদান্তৰ মূল গ্রন্থঃ উপনিষদসমূহে হিন্দু ধৰ্মৰ ভিতৰত থকা দার্শনিক বিদ্যালয় বেদান্তৰ মূল গ্রন্থ গঠন কৰে। বেদান্তৰ অৰ্থ হৈছে ‘বেদৰ অন্ত’ বা ‘জ্ঞানৰ শিখৰ’ আৰু ইয়াৰ দ্বাৰা উপনিষদৰ পদ্ধতিগত অধ্যয়ন আৰু ব্যাখ্যাক বুজোৱা হয়। বেদান্ত দর্শনে বাস্তৱৰ স্বৰূপ আৰু ব্যক্তিগত আত্মা আৰু পাৰমিতাৰ মাজৰ সম্পৰ্ক ব্যাখ্যা কৰিবলৈ অদ্বৈতবাদ (অদ্বৈত), যোগ্যতাসম্পন্ন অদ্বৈতবাদ (বিশিষ্টদ্বৈত) আৰু দ্বৈতবাদ (দ্বৈত) আদি ধাৰণাসমূহৰ সন্ধান কৰে।
(ঙ) ভাৰতীয় চিন্তাধাৰাৰ ওপৰত প্ৰভাৱ উপনিষদে ভাৰতীয় চিন্তাধাৰাত গভীৰ প্ৰভাৱ পেলাইছে, কেৱল হিন্দু দর্শনক গঢ় দিয়াই নহয় ভাৰতৰ অন্যান্য ধর্মীয় আৰু দার্শনিক পৰম্পৰাকো প্রভাৱিত কৰিছে। তেওঁলোকে অদ্বৈত বেদান্ত, যোগ, বৌদ্ধ ধর্ম আদি চিন্তাধাৰাৰ বিকাশৰ বাবে অনুপ্রাণিত কৰিছে। উপনিষদত পোৱা ধাৰণা আৰু শিক্ষাসমূহ পণ্ডিত, আধ্যাত্মিক সাধক, দার্শনিকসকলে ব্যাপকভাৱে অধ্যয়ন, চিন্তা আৰু ব্যাখ্যা অব্যাহত ৰাখিছে।
১৩। বৈদিক দৰ্শনৰ মূল নীতিসমূহ কি কি?
উত্তৰঃ বৈদিক দৰ্শনত হিন্দু ধৰ্মৰ প্রাচীন শাস্ত্ৰত পোৱা বহুতো ধাৰণা আৰু শিক্ষাক সামৰি লোৱা হৈছে।
বৈদিক দৰ্শনৰ ভিতৰত বিভিন্ন চিন্তাধাৰা আছে যদিও সাধাৰণতে গুৰুত্ব দিয়া কিছুমান মূল নীতি উল্লেখ কৰা হ’ল–
(ক) ব্রহ্মঃ ব্রহ্ম হৈছে পৰম বাস্তৱ, বিশ্বব্ৰহ্মাণ্ডৰ অন্তর্নিহিত আৰু অতিক্ৰম কৰা পৰম আৰু সৰ্বব্যাপী চেতনা। সেই উৎসৰ পৰাই সকলো উৎপত্তি হয় য’ত সকলো একত্রিত হয়। ব্রহ্মাক চিৰন্তন, অসীম আৰু ধাৰণাগত বুজাবুজিৰ বাহিৰত বুলি গণ্য কৰা হয়।
(খ) আত্মনঃ আত্মন মানে ব্যক্তিগত আত্মা বা আত্মাক বুজায়। বৈদিক দর্শন অনুসৰি আত্মা ব্ৰহ্মৰ পৰা পৃথক নহয় বৰঞ্চ মূলতঃ ইয়াৰ সৈতে একে। ব্রহ্ম হিচাপে আত্মাৰ প্ৰকৃত স্বৰূপ উপলব্ধি কৰিলে মুক্তি আৰু দুখ-কষ্টৰ অন্ত পৰে বুলি বিশ্বাস কৰা হয়।
(গ) মায়াঃ মায়া বুলিলে জগতৰ পৰিঘটনাৰ মায়াময় স্বৰূপক বুজায়। ব্ৰহ্মৰ শক্তিয়েই বাস্তৱৰ প্ৰকৃত স্বৰূপক আৱৰি ধৰে আৰু দ্বৈততা আৰু বহুত্বৰ আভাস সৃষ্টি কৰে। মায়াক অজ্ঞানৰ কাৰণ আৰু মোহ আৰু দুখৰ উৎস হিচাপে দেখা যায়।
(ঘ) কর্মঃ কর্ম হৈছে কাৰণ-ফলৰ নিয়ম, য’ত কোৱা হৈছে যে প্রতিটো কৰ্মৰ পৰিণতি থাকে। বৈদিক দর্শন অনুসৰি ব্যক্তিয়ে তেওঁলোকৰ কৰ্মৰ ইতিবাচক আৰু নেতিবাচক উভয় ধৰণৰ ফলাফল সঞ্চয় কৰে, যিয়ে তেওঁলোকৰ ভৱিষ্যতৰ অভিজ্ঞতা আৰু ভাগ্য নির্ধাৰণ কৰে। জন্ম-মৃত্যুৰ চক্ৰৰ পৰা (সংসাৰ) মুক্তি বিচৰা হয় কৰ্মৰ প্ৰভাৱক অতিক্ৰম কৰি।
(ঙ) সংসাৰঃ সংসাৰ হৈছে জন্ম, মৃত্যু আৰু পুনর্জন্মৰ চক্ৰ। ই হৈছে কৰ্মৰ প্ৰভাৱৰ বাবে আত্মাই অনুভৱ কৰা অস্তিত্বৰ অবিৰত চক্র। বৈদিক দর্শনে শিকায় যে সংসাৰ চক্ৰৰ পৰা মুক্ত হৈ ব্ৰহ্মৰ সৈতে মিলন লাভ কৰি মুক্তি (মোক্ষ) লাভ কৰা হয়।
(চ) যোগঃ যোগ অর্থাৎ “সংলগ্ন” বা “যোৰ কৰা” হৈছে ঐশ্বৰিকৰ সৈতে মিলন লাভ আৰু আত্মাৰ প্ৰকৃত স্বৰূপ উপলব্ধি কৰাৰ লক্ষ্যৰে ব্যৱহাৰিক আৰু আধ্যাত্মিক অনুশাসন। যোগৰ বিভিন্ন পথ নির্ধাৰিত, যেনে কর্মযোগ (নিস্বার্থ কৰ্মৰ পথ), ভক্তি যোগ (ভক্তি পথ), জ্ঞান যোগ (জ্ঞান আৰু প্ৰজাৰ পথ) আৰু ৰাজযোগ (ধ্যান আৰু নিয়ন্ত্ৰণৰ পথ মনটো)।
(ছ) ধর্মঃ জীৱনত ব্যক্তিৰ সামাজিক ভূমিকা আৰু স্থান অনুসৰি থকা নৈতিক আৰু নৈতিক কর্তব্য আৰু দায়িত্বক ধর্ম বুলি বুজায়। ইয়াত ধার্মিকতা, কর্তব্য আৰু সঠিক আচৰণ সামৰি লোৱা হৈছে। নিজৰ ধৰ্ম অনুসৰণ কৰিলে ব্যক্তিগত আৰু সমাজৰ সমন্বয়ৰ সৃষ্টি হয় বুলি বিশ্বাস কৰা হয়।
(জ) অহিংসাঃ অহিংসা মানে অহিংসা আৰু ই বৈদিক দর্শনব এক কেন্দ্রীয় নীতি। ইয়াৰ লগত চিন্তা আৰু কৰ্ম দুয়োটাতে যিকোনো জীৱৰ ক্ষতি কৰাৰ পৰা বিৰত থকাটো জড়িত হৈ আছে। আধ্যাত্মিক উন্নতি আৰু মমতা আৰু সমন্বয়ৰ পোষকতাৰ বাবে আহিমছাক অপৰিহাৰ্য বুলি গণ্য কৰা হয়।
১৪। বৌদ্ধ দর্শনৰ মূল শিক্ষা বুলিলে কি বুজা? চমুকৈ আলোচনা কৰা।
উত্তৰঃ বৌদ্ধ দর্শনৰ মূল শিক্ষা হ’ল নির্বাণৰ ধাৰণা। দুখ নিৰোধ বা দুখৰ অৱসানকে নির্বাণ বুলি কোৱা হয়। বুদ্ধই কৈছে যে যেতিয়া এজন ব্যক্তিয়ে নিজৰ ৰিপুবোৰক সংযমত ৰাখিব পাৰে, তেতিয়াই তেওঁ পূর্ণজ্ঞান লাভ কৰে। এইটো সম্ভৱ হয় যেতিয়া তেওঁ চাৰিটা আৰ্যসত্যক উপলব্ধি কৰিব পাৰে। বুদ্ধৰ মতে এই অৱস্থাটোকেই নির্বাণ বুলি জনা যায়। এইটো আনন্দ আৰু সুখৰ অৱস্থা।
নির্বাণ শব্দৰ বুৎপত্তিগত অর্থ নুমাই যোৱা বা বিলীন হোৱা। নেতিবাচক অর্থ অনুসৰি নির্বাণে সকলো দৈহিক আৰু মানসিক অস্তিত্বৰ বিলোপ হোৱাকে বুজায়। কিন্তু বুদ্ধই নির্বাণৰ অর্থ অস্তিত্বৰ চিৰ বিলুপ্তি বুলি কেতিয়াও কোৱা নাই। বুদ্ধৰ মতে নির্বাণে কেৱল দুখৰ নিবৃত্তি ঘটায় আৰু পুনর্জন্মৰ কাৰণসমূহৰ বিলোপ সাধন কৰে।
নির্বাণ মানে হ’ল শান্তিৰ অৱস্থা। ইয়াত নির্বাণক অনন্ত স্বাস্থ্য পৰম অন্তিম আৰু ভয়হীন অৱস্থা বুলি কৈছে। নির্বাণ শাশ্বতো নহয়, শূন্যও নহয়। বুদ্ধৰ মতে নির্বাণ অজ্ঞাত, এক আৰু অসৃষ্ট। এইটো এটা উপলব্ধিৰ অৱস্থা। নির্বাণক নিত্য, স্থিৰ, গতিহীন, অমৰ, জন্মহীন আৰু অবর্দ্ধিত বুলি বর্ণনা দিব পৰা যায়। ই যেন এক সুখ আৰু আনন্দৰ অবস্থা।
নির্বাণত দুটা অৱস্থাৰ উল্লেখ পোৱা যায়। এটাক উপাধিশেষ নির্বাণ আৰু আনটোক নিৰূপাধিশেষ নির্বাণ বুলি জনা যায়। নির্বাণৰ অৱস্থাত কোনো কামনা বা বাসনা নাথাকে। কেৱল শুদ্ধ চৈতন্যৰ অস্তিত্বহে থাকে। বুদ্ধৰ মতে বর্তমান জীৱনতে নির্বাণ লাভ কৰিব পৰা যায়। নির্বাণ হৈছে সম্পূর্ণ জ্ঞানৰ, সম্পূর্ণ শান্তি আৰু সম্পূর্ণ স্বপৰিচালিত এক অবর্ণনীয় অৱস্থা।
১৫। বৌদ্ধ দর্শনৰ পিটক সম্বন্ধে চমুকৈ আলোচনা কৰা।
উত্তৰঃ ভাৰতীয় দর্শনক দুটা ভাগত ভাগ কৰা হয়- আস্তিক আৰু নাস্তিক। আস্তিক সম্প্রদায়সমূহ হ’ল ন্যায়, বৈশেষিক, সাংখ্য, যোগ, মীমাংসা আৰু বেদান্ত। নাস্তিক সম্প্রদায়সমূহ হ’ল চার্বাক, বৌদ্ধ আৰু জৈন।
বৌদ্ধ দর্শন নাস্তিক সম্প্রদায়ৰ অন্তর্ভুক্ত। বুদ্ধ দর্শনৰ প্রতিষ্ঠাতা হ’ল, গৌতম বুদ্ধ। শৈশৱ কালতে বুদ্ধই মানৱ জীৱনৰ দুখকষ্টসমূহ যেনে- বেমাৰ, বৃদ্ধ, বয়স, মৃত্যু আদি দেখি খুব বেজাৰ পাইছিল। সেয়ে তেওঁ এই দুখ কষ্টৰ কাৰণ বিচাৰি আৰু সেইসমূহৰ পৰা পৰিত্ৰাণ পোৱাৰ উপায় বিচাৰিছিল। অৱশেষত তেওঁ এই সম্পর্কে জ্ঞান লাভ কৰে। ইয়াকে বৌদ্ধ দর্শনৰ চাৰিটা আৰ্যসত্যৰ আকাৰত জনা যায়। সাধাৰণতে বুদ্ধৰ শিক্ষাসমূহ পিটকত পোৱা যায়। বুদ্ধ দর্শনত তিনিটা পিটকৰ উল্লেখ আছে। সেইসমূহ হ’ল সুত্তপিটক, বিনয় পিটক আৰু অভিধম্ম পিটক। এইবোৰক একেলগে ত্রিপিটক বোলা হয় বা শিক্ষাৰ তিনিটা পাঁচি বুলি জনা যায়।
বৌদ্ধ দর্শনক প্রধানতঃ দুটা শ্ৰেণীত ভাগ কৰা হৈছে-
(ক) হীনযান। আৰু
(খ) মহাযান।
হীনযান সম্প্রদায়ে কেৱল নিজৰ বাবেহে নির্বাণ লাভ কৰাৰ নিৰ্দেশ দিয়ে। আনহাতে মহাযান সম্প্রদায়ে বিশ্বাস কৰে যে কেৱল নিজৰ বাবে নহয়, শুদ্ধ জ্ঞানত অৱতীৰ্ণ হবৰ বাবে দুখ পোৱা সকলোৰে বাবে নির্বাণৰ প্রয়োজনীয়তা আছে। সেই কাৰণে আমি ক’ব পাৰো যে বুদ্ধ দৰ্শনৰ প্ৰধান শিক্ষা হ’ল নির্বাণৰ ধাৰণা।
১৬। ত্রিপিটক সম্পর্কে চমুকৈ ব্যাখ্যা কৰা।
উত্তৰঃ বৌদ্ধ দর্শনে বেদৰ কর্তৃত্বক অস্বীকাৰ কৰিছে আৰু ই প্রকৃতিগতভাৱে নাস্তিক বা অবৈদিক দর্শন। বৌদ্ধদর্শন হৈছে বুদ্ধদেৱৰ শিক্ষা নাইবা বাণীসমূহৰ ব্যাখ্যা। প্রকৃতাৰ্থত বুদ্ধদেৱ আছিল এজন নৈতিক গুৰু যিয়ে মৌখিকভাৱে নিজৰ বাণীসমূহ প্ৰচাৰ কৰিছিল। তেওঁৰ শিক্ষা নাইবা বাণীসমূহ ত্রিপিটক নাইবা নীতিৰ তিনিটা খৰাহীৰ জৰিয়তে পাব পৰা যায়। এই তিনিটা পিটক হৈছে-
(ক) বিনয় পিটক।
(খ) সুত্তপিটক।
(গ) অভিধর্ম পিটক।
বিনয় পিটক সুনিয়মৰ ব্যাৱহাৰিক শাসন প্ৰণালীৰ সৈতে জড়িত। সত্ত পিটক সৰু সৰু গল্পৰ মাধ্যমত বুদ্ধদেৱৰ ধর্মোপদেশ, বাণী আৰু মত লিপিবদ্ধ কৰা হৈছে। আকৌ অভিধর্ম পিটকত বুদ্ধদেৱৰ বচনৰ ব্যাখ্যা, বিশ্লেষণ আৰু ভাষ্য অন্তর্ভুক্ত হৈছে। অভিধর্ম পিটক দার্শনিক আলোচনাৰ লগত জড়িত।
১৭। বৌদ্ধ দৰ্শনৰ অষ্টাংগিক মার্গৰ বিষয়ে লিখা।
উত্তৰঃ বুদ্ধই মুক্তি লাভৰ কাৰণে আঠোটা নিয়ম মানি চলিবলৈ পৰামৰ্শ দিছে। এই আঠোটা নিয়মক অষ্টাংগিক মার্গ বোলা হয়। এই আঠটা মাৰ্গৰ বিষয়ে তলত আলোচনা কৰা হ’ল-
(ক) শুদ্ধ দৃষ্টিভংগীঃ অজ্ঞতাৰ কাৰণে আত্মা আৰু বিশ্ব সম্পর্কে আমাৰ ভুল ধাৰণা হয়। অজ্ঞতাই আমাৰ দুখৰ মূল কাৰণ। গতিকে নৈতিক সংস্কাৰৰ কাৰণে প্রথমে সত্য সম্পর্কে শুদ্ধ জ্ঞান আহৰণ কৰা উচিত। চাবিটা মহান সত্য সম্পর্কে শুদ্ধজ্ঞান লাভ কৰিবলৈ শুদ্ধ দৃষ্টিভংগীৰ প্রয়োজন।
(খ) শুদ্ধ সংকল্পঃ মহান সত্য কেইটাৰ জ্ঞান আহৰণেই মুক্তিৰ কাৰণে যথেষ্ট নহয়, কিন্তু সেই জ্ঞানৰ আলমত নিজৰ জীৱনধাৰা সংস্কাৰ কৰিবলৈ সংকল্পিত হ’ব লাগিব। নির্বাণ লাভৰ কাৰণে আশা কৰা ব্যক্তিযে পার্থিৱ বস্তুৰ প্রতি আসক্তি ত্যাগ কৰিব লাগিব, কাৰো প্রতি বেয়া ভাব পোষণ বা আনৰ অনিষ্ট সাধন কৰিব নোৱাৰে।
(গ) শুদ্ধ বাকঃ শুদ্ধ সংকল্পই আমাৰ বাক বা কথা পৰিচালনা আৰু শাসন কৰা উচিত। মিছা কোৱা, আনক আঘাত দিয়া কথা আৰু অসংযত বাক্য সম্পূৰ্ণৰূপে পৰিহাৰ কৰা অতি আবশ্যকীয়।
(ঘ) শুদ্ধ আচৰণঃ শুদ্ধ সংকল্প শুদ্ধ বাক্যতে আবদ্ধ নাথাকে- শুদ্ধ আচৰণো ইয়াৰ অন্তর্গত। শুদ্ধ আচৰণত পঞ্চশীল থাকে, অর্থাৎ হত্যা, চুৰি, ইন্দ্রিয়াশক্তি, মিছা কোৱা স্বভার আৰু উন্মত্ততা সম্পূর্ণভাৱে পৰিহাৰ কৰিব লাগে।
(ঙ) শুদ্ধ জীবন যাপনঃ অসৎ বাক্য আৰু অসৎ কাৰ্য পৰিহাৰ কৰি জ্ঞানীলোকে সৎ উপায়েৰে জীৱিকা অৰ্জনৰ চেষ্টা কৰা উচিত। জীৱন ৰক্ষাৰ কাৰণেও অসৎ উপায় অবলম্বন কৰা উচিত নহয়।
(চ) শুদ্ধ প্রয়াসঃ মানুহে শুদ্ধ দৃষ্টিভংগী শুদ্ধ সংকল্প আৰু কাৰ্যৰ সংশোধিত জীৱন যাপনৰ চেষ্টা কৰিলেও আমাৰ পুৰণি কিছুমান বদ অভ্যাস আৰু অসৎ মনোবৃত্তিয়ে আমাক সৎ পথৰ পৰা অসৎ পথলৈ পৰিচালিত কৰে। মনটো সজ প্রবৃত্তিৰে পূৰ্ণ কৰা উচিত।
(ছ) শুদ্ধ স্মৃতিঃ শুদ্ধ পথত থাকিবলৈ হ’লে নিত্য সতর্কতাৰ প্রয়োজন। আত্মা, শৰীৰ বা পার্থিৱ বস্তুৰ স্বৰূপ উপলব্ধি কৰি লাভ কৰা জ্ঞানৰ ওপৰত অবিৰাম ধ্যানৰ প্ৰয়োজন। গতিকে সত্য সম্পর্কে শুদ্ধ দৃষ্টিভংগী অতি আবশ্যকীয়।
(জ) শুদ্ধ একাগ্রতাঃ ওপৰত উল্লেখিত সাতোটা নিয়মেৰে পৰিচালিত হৈ যি মানুহে আৱেগ আৰু অন্য চিন্তাৰ পৰা মুক্ত হয় তেওঁৱেই একাগ্ৰতাৰ দুখৰ সমাপ্তিলৈ লক্ষ্য ৰাখি সত্য সন্ধানৰ দুর্গম পথ অতিক্ৰম কৰাৰ উপযুক্ত। নির্বাণ লাভ কৰা ব্যক্তিৰ পূৰ্ণ জ্ঞান আৰু পূর্ণ সততা থাকে।