SEBA Class 7 Social Science MCQ Chapter 14 কিনা-বেচাৰ মাধ্যমৰূপে বজাৰ Assamese Medium As Per SCERT New Syllabus to each chapter is provided in the list so that you can easily browse through different chapters SEBA Class 7 Social Science MCQ Chapter 14 কিনা-বেচাৰ মাধ্যমৰূপে বজাৰ and select need one. SCERT Class 7 Samaj Bichitra Multiple Choice Assamese Medium Download PDF. SCERT Class 7 Social Science (সমাজ বিচিত্রা) Objective Type Solutions.
SEBA Class 7 Social Science MCQ Chapter 14 কিনা-বেচাৰ মাধ্যমৰূপে বজাৰ
Also, you can read the SCERT book online in these sections Solutions by Expert Teachers as per State Council of Educational Research and Training (SCERT) Book guidelines. SCERT Class 7 Social Science (Samaj Bichitra) MCQs in Assamese are part of All Subject Solutions. Here we have given SCERT Class 7 Samaj Bichitra MCQ in Assamese for All Chapters, You can practice these here.
কিনা-বেচাৰ মাধ্যমৰূপে বজাৰ
Chapter: 14
| MCQ |
১। বজাৰত যিবোৰ উৎপাদিত বস্তু বেচা-কিনাৰ বাবে ব্যৱহাৰ কৰা হয়, সেইবোৰক কি বোলা হয়?
(ক) দৰ।
(খ) মুদ্ৰা।
(গ) পণ্য বা দ্ৰব্য-সামগ্ৰী।
(ঘ) বজাৰ।
উত্তৰঃ (গ) পণ্য বা দ্ৰব্য-সামগ্ৰী।
২। কোনো বস্তু বা সেৱাৰ বিনিময়ত দিবলগীয়া মূল্যক কি বোলে?
(ক) বজাৰ।
(খ) দৰ।
(গ) লাভ।
(ঘ) যোগান।
উত্তৰঃ (খ) দৰ।
৩। যিয়ে দ্ৰব্য-সামগ্ৰী বা পণ্য বেচে বা বিক্ৰী কৰে তেওঁক কি বোলা হয়?
(ক) ক্ৰেতা।
(খ) গ্ৰাহক।
(গ) বিক্ৰেতা।
(ঘ) উৎপাদক।
উত্তৰঃ (গ) বিক্ৰেতা।
৪। যিয়ে দ্ৰব্য-সামগ্ৰী কিনে বা ক্ৰয় কৰে তেওঁক কি বোলা হয়?
(ক) ক্ৰেতা।
(খ) বিক্ৰেতা।
(গ) শ্ৰমিক।
(ঘ) যোগানকাৰী।
উত্তৰঃ (ক) ক্ৰেতা।
৫। প্ৰতিদিনে বহা বজাৰক কি বজাৰ বুলি কোৱা হয়?
(ক) সাপ্তাহিক বজাৰ।
(খ) দৈনিক বজাৰ।
(গ) পষেকীয়া বজাৰ।
(ঘ) আন্তঃৰাষ্ট্ৰীয় বজাৰ।
উত্তৰঃ (খ) দৈনিক বজাৰ।
৬। নিৰ্দিষ্ট স্থানত স্থায়ীভাৱে অৰ্থাৎ সদায়ে থকা দোকান-বজাৰক কি বজাৰ বোলা হয়?
(ক) দৈনিক বজাৰ।
(খ) অস্থায়ী বজাৰ।
(গ) স্থায়ী বজাৰ।
(ঘ) সাপ্তাহিক বজাৰ।
উত্তৰঃ (গ) স্থায়ী বজাৰ।
৭। সপ্তাহটোৰ এটা নিৰ্দিষ্ট বাৰত কোনো এক নিৰ্দিষ্ট ঠাইত অস্থায়ীভাৱে বহা বজাৰক কি বজাৰ কোৱা হয়?
(ক) দৈনিক বজাৰ।
(খ) স্থায়ী বজাৰ।
(গ) সাপ্তাহিক বজাৰ।
(ঘ) পষেকীয়া বজাৰ।
উত্তৰঃ (গ) সাপ্তাহিক বজাৰ।
৮। গোৱালপাৰা জিলাৰ দৰংগিৰি কলৰ বজাৰখন কিহৰ বাবে জনাজাত?
(ক) এছিয়াৰ সৰ্ববৃহৎ কলৰ বজাৰ।
(খ) অসমৰ সৰ্ববৃহৎ কলৰ বজাৰ।
(গ) ভাৰতৰ সৰ্ববৃহৎ কলৰ বজাৰ।
(ঘ) দেশখনৰ ভিতৰতে এখন সৰ্ববৃহৎ কলৰ বজাৰ।
উত্তৰঃ (ঘ) দেশখনৰ ভিতৰতে এখন সৰ্ববৃহৎ কলৰ বজাৰ।
৯। অসমৰ চাহ বাগিচা থকা অঞ্চলবোৰত শ্ৰমিকসকলৰ সুবিধাৰ্থে সাধাৰণতে কি বজাৰ বহে?
(ক) দৈনিক বজাৰ।
(খ) পষেকীয়া বজাৰ।
(গ) স্থায়ী বজাৰ।
(ঘ) আন্তঃৰাষ্ট্ৰীয় বজাৰ।
উত্তৰঃ (খ) পষেকীয়া বজাৰ।
১০। আহোমৰ শাসনকালৰ শেষতীয়া সময়ছোৱাত অসমৰ বিভিন্ন অঞ্চলত স্থানীয় লোকসকলৰ সুবিধাৰ্থে কিহেৰে বজাৰৰ সেৱা আগবঢ়াইছিল?
(ক) মেলা, হাট।
(খ) শ্বপিং মল।
(গ) অনলাইন বজাৰ।
(ঘ) পষেকীয়া বজাৰ।
উত্তৰঃ (ক) মেলা, হাট।
১১। ব্ৰিটিছৰ শাসনকালত অসমৰ বিভিন্ন ঠাইত মাৰোৱাৰী ব্যৱসায়ীসকলে সৰু দোকান পাতি বেহা-বেপাৰ কৰিছিল। এইবোৰক কি বুলি কোৱা হৈছিল?
(ক) হাট।
(খ) মেলা।
(গ) গোলা।
(ঘ) বজাৰ।
উত্তৰঃ (গ) গোলা।
১২। গ্ৰাহকৰ ওচৰলৈ ঘৰে ঘৰে গৈ শাক-পাচলি, ফল-মূল আদি বিক্ৰী কৰা লোকসকলক কি বোলে?
(ক) পাইকাৰী ব্যৱসায়ী।
(খ) হকাৰ বা ফেৰীৱালা।
(গ) উৎপাদক।
(ঘ) গ্ৰাহক।
উত্তৰঃ (খ) হকাৰ বা ফেৰীৱালা।
১৩। ক্ৰেতা আৰু বিক্ৰেতাৰ ভূমিকাৰ ভিত্তিত বজাৰক কেইভাগত ভগাব পাৰি?
(ক) দুই।
(খ) তিনি।
(গ) চাৰি।
(ঘ) পাঁচ।
উত্তৰঃ (ক) দুই।
১৪। যিখন বজাৰত উৎপাদনকাৰীৰ পৰা সৰহ পৰিমাণৰ বস্তু কিনি পুনৰ বেপাৰী বা বিক্ৰেতাক বিক্ৰী কৰা হয়, তাক কি বজাৰ বোলে?
(ক) খুচুৰা বজাৰ।
(খ) পাইকাৰী বজাৰ।
(গ) দৈনিক বজাৰ।
(ঘ) পষেকীয়া বজাৰ।
উত্তৰঃ (খ) পাইকাৰী বজাৰ।
১৫। যিখন বজাৰত পাইকাৰী বজাৰৰপৰা দ্ৰব্য ক্ৰয় কৰি গ্ৰাহকক বিক্ৰী কৰা হয়, তাক কি বজাৰ বোলে?
(ক) পাইকাৰী বজাৰ।
(খ) খুচুৰা বজাৰ।
(গ) ৰাষ্ট্ৰীয় বজাৰ।
(ঘ) আন্তঃৰাষ্ট্ৰীয় বজাৰ।
উত্তৰঃ (খ) খুচুৰা বজাৰ।

Hi, I’m Dev Kirtonia, Founder & CEO of Dev Library. A website that provides all SCERT, NCERT 3 to 12, and BA, B.com, B.Sc, and Computer Science with Post Graduate Notes & Suggestions, Novel, eBooks, Biography, Quotes, Study Materials, and more.

