SEBA Class 7 Social Science MCQ Chapter 12 সংবিধান Assamese Medium As Per SCERT New Syllabus to each chapter is provided in the list so that you can easily browse through different chapters SEBA Class 7 Social Science MCQ Chapter 12 সংবিধান and select need one. SCERT Class 7 Samaj Bichitra Multiple Choice Assamese Medium Download PDF. SCERT Class 7 Social Science (সমাজ বিচিত্রা) Objective Type Solutions.
SEBA Class 7 Social Science MCQ Chapter 12 সংবিধান
Also, you can read the SCERT book online in these sections Solutions by Expert Teachers as per State Council of Educational Research and Training (SCERT) Book guidelines. SCERT Class 7 Social Science (Samaj Bichitra) MCQs in Assamese are part of All Subject Solutions. Here we have given SCERT Class 7 Samaj Bichitra MCQ in Assamese for All Chapters, You can practice these here.
সংবিধান
Chapter: 12
| MCQ |
১। ‘Constitution’ শব্দটো কোন ভাষাৰ শব্দৰ পৰা আহিছে?
(ক) গ্ৰীক।
(খ) লেটিন।
(গ) ফৰাচী।
(ঘ) ইংৰাজী।
উত্তৰঃ (খ) লেটিন।
২। লেটিন শব্দ ‘Constitutio’ ৰ অৰ্থ কি?
(ক) আইন।
(খ) নিয়ম বা আদেশ।
(গ) অধিকাৰ।
(ঘ) শাসন।
উত্তৰঃ (খ) নিয়ম বা আদেশ।
৩। পৃথিৱীৰ প্ৰথম লিখিত সংবিধান কোনখন দেশৰ?
(ক) ইংলেণ্ড।
(খ) ভাৰত।
(গ) আমেৰিকা।
(ঘ) ফ্ৰান্স।
উত্তৰঃ (গ) আমেৰিকা।
৪। তলৰ কোনখন দেশত অলিখিত সংবিধান প্ৰচলিত?
(ক) আমেৰিকা।
(খ) ভাৰত।
(গ) চীন।
(ঘ) ইংলেণ্ড।
উত্তৰঃ (ঘ) ইংলেণ্ড।
৫। প্ৰয়োজনত সময়ে সময়ে সলনি কৰাৰ সুবিধা থকাৰ বাবে সংবিধানক কি বুলি কোৱা হয়?
(ক) নিৰ্জীৱ দলিল।
(খ) জীৱন্ত দলিল।
(গ) পুৰণি দলিল।
(ঘ) স্থায়ী দলিল।
উত্তৰঃ (খ) জীৱন্ত দলিল।
৬। ভাৰতীয় সংবিধানৰ কিমান নং অনুচ্ছেদত সমতাৰ অধিকাৰৰ বিষয়ে কোৱা হৈছে?
(ক) ১২ নং।
(খ) ১৪ নং।
(গ) ১৫ নং।
(ঘ) ১৮ নং।
উত্তৰঃ (খ) ১৪ নং।
৭। ভাৰতৰ সংবিধান সভা কেতিয়া গঠন কৰা হৈছিল?
(ক) ১৯৪৫ চনত।
(খ) ১৯৪৬ চনত।
(গ) ১৯৪৭ চনত।
(ঘ) ১৯৪৮ চনত।
উত্তৰঃ (খ) ১৯৪৬ চনত।
৮। ভাৰতৰ সংবিধানৰ খচৰা কমিটিৰ (Drafting Committee) সভাপতি কোন আছিল?
(ক) ড° ৰাজেন্দ্ৰ প্ৰসাদ।
(খ) জৱাহৰলাল নেহৰু।
(গ) ড° বি আৰ আম্বেদকাৰ।
(ঘ) চৰ্দাৰ বল্লভভাই পেটেল।
উত্তৰঃ (গ) ড° বি আৰ আম্বেদকাৰ।
৯। খচৰা সমিতিত সভাপতিকে ধৰি কিমানজন সদস্য আছিল?
(ক) ৫ জন।
(খ) ৬ জন।
(গ) ৭ জন।
(ঘ) ৮ জন।
উত্তৰঃ (গ) ৭ জন।
১০। ভাৰতৰ সংবিধানখন কেতিয়া গ্ৰহণ বা গৃহীত কৰা হৈছিল?
(ক) ২৬ জানুৱাৰী, ১৯৫০ চনত।
(খ) ১৫ আগষ্ট, ১৯৪৭ চনত।
(গ) ২৬ নৱেম্বৰ, ১৯৪৯ চনত।
(ঘ) ২৬ নৱেম্বৰ, ১৯৫০ চনত।
উত্তৰঃ (গ) ২৬ নৱেম্বৰ, ১৯৪৯ চনত।
১১। প্ৰতিবছৰে কিমান তাৰিখে ভাৰতত ‘সংবিধান দিৱস’ পালন কৰা হয়?
(ক) ২৬ জানুৱাৰী।
(খ) ২৬ নৱেম্বৰ।
(গ) ১৫ আগষ্ট।
(ঘ) ২৫ আগষ্ট।
উত্তৰঃ (খ) ২৬ নৱেম্বৰ।
১২। ভাৰতৰ সংবিধানখন কেতিয়াৰ পৰা কাৰ্যকৰী কৰা হৈছিল?
(ক) ২৬ জানুৱাৰী, ১৯৫০ চনৰ পৰা।
(খ) ২৬ নৱেম্বৰ, ১৯৪৯ চনৰ পৰা।
(গ) ১৫ আগষ্ট, ১৯৪৭ চনৰ পৰা।
(ঘ) ২৬ জানুৱাৰী, ১৯৪৯ চনৰ পৰা।
উত্তৰঃ (ক) ২৬ জানুৱাৰী, ১৯৫০ চনৰ পৰা।
১৩। খচৰা সমিতিত থকা একমাত্ৰ অসমীয়া সদস্যজনৰ নাম কি আছিল?
(ক) গোপীনাথ বৰদলৈ।
(খ) ছৈয়দ মহম্মদ ছাদুল্লা।
(গ) নিবাৰণ চন্দ্ৰ লস্কৰ।
(ঘ) কুলধৰ চলিহা।
উত্তৰঃ (খ) ছৈয়দ মহম্মদ ছাদুল্লা।
১৪। ভাৰতীয় সংবিধানৰ পাতনিটোক কি বুলি কোৱা হয়?
(ক) অনুসূচী।
(খ) অধ্যায়।
(গ) প্ৰস্তাৱনা।
(ঘ) অনুচ্ছেদ।
উত্তৰঃ (গ) প্ৰস্তাৱনা।
১৫। লিখিত ভাৰতীয় সংবিধানত কিমানটা অনুচ্ছেদ আৰু অনুসূচী সন্নিৱিষ্ট আছে?
(ক) ৩৯৫ টা অনুচ্ছেদ, ৮ টা অনুসূচী।
(খ) ৪৪৮ টা অনুচ্ছেদ, ১২ টা অনুসূচী।
(গ) ৩৯৫ টা অনুচ্ছেদ, ১০ টা অনুসূচী।
(ঘ) ৪৪৮ টা অনুচ্ছেদ, ৮ টা অনুসূচী।
উত্তৰঃ (খ) ৪৪৮ টা অনুচ্ছেদ, ১২ টা অনুসূচী।

Hi, I’m Dev Kirtonia, Founder & CEO of Dev Library. A website that provides all SCERT, NCERT 3 to 12, and BA, B.com, B.Sc, and Computer Science with Post Graduate Notes & Suggestions, Novel, eBooks, Biography, Quotes, Study Materials, and more.

