SEBA Class 7 Mathematics Chapter 14 সমমিতি

SEBA Class 7 Mathematics Chapter 14 সমমিতি Question Answer, SEBA Class 7 Maths Notes in Assamese Medium, SEBA Class 7 Maths Solutions in Assamese to each chapter is provided in the list so that you can easily browse throughout different chapter Assam Board SEBA Class 7 Mathematics Chapter 14 সমমিতি Notes and select needs one.

SEBA Class 7 Mathematics Chapter 14 সমমিতি

Join Telegram channel

Also, you can read the SCERT book online in these sections Solutions by Expert Teachers as per SCERT (CBSE) Book guidelines. SEBA Class 7 Mathematics Chapter 14 সমমিতি Question Answer. These solutions are part of SCERT All Subject Solutions. Here we have given SEBA Class 7 Mathematics Chapter 14 সমমিতি Solutions for All Subject, You can practice these here.

সমমিতি

Chapter – 14

অনুশীলনী – 14.1

1. উদ্ভিদজগতত দেখিবলৈ পোৱা সমমিতিৰ পাঁচটা উদাহৰণ দিয়া।

উত্তৰঃ (i) কচুপাত।

(ii) আঁহতৰ পাত।

(iii) বেঙেনাৰ পাত।

(iv) লাওপাত।

(v) শেৱালী ফুলৰ পাত।

2. তোমাৰ ঘৰত থকা সামগ্ৰীসমূহৰ পাঁচবিধৰ নাম উল্লেখ কৰা য’ত সমমিতি দেখা যায়।

WhatsApp Group Join Now
Telegram Group Join Now
Instagram Join Now

উত্তৰঃ (i) কাহী।

(ii) বাতি।

(iii) কাঁচৰ গিলাচ।

(iv) প্লেট।

(v) কেৰাহী।

3. এটা সামন্তৰিকৰ সমমিতি ৰেখা আঁকি দেখুওৱা।

উত্তৰঃ 

4. এটা জ্যামিতিক আকৃতিৰ উদাহৰণ দিয়া যাৰ কোনো সমমিতি ৰেখা নাই।

উত্তৰঃ বিষমবাহু ত্ৰিভুজ।

5. এটা সুষম ষড়ভুজৰ সমমিতি ৰেখাৰ সংখ্যা কিমান? ষড়ভুজ আঁকি সমমিতিৰ ৰেখা কেইটামান দেখুওৱা।

উত্তৰঃ 6 ডাল।

6. বৃত্ত এটাৰ সমমিতি ৰেখাৰ সংখ্যা কিমান?

উত্তৰঃ অসংখ্য।

উত্তৰঃ দুডাল।

৪. তলত দিয়া চিত্রসমূহৰ পৰা সমমিত আৰু অসমমিত চিত্ৰবোৰ বাছি উলিওৱা–

উত্তৰঃ সমমিত আকৃতিসমূহ (ii), (iii), (iv), (vii), (viii)

অসমমিত আকৃতিসমূহ (i), (v), (vi) (ix)

অনুশীলনী – 14.2

1. নিম্নোক্ত আকৃতিসমূহৰ পৰা চিহ্নিত ঘূৰণ কেন্দ্ৰ সাপেক্ষে একাধিক ক্ৰমৰ ঘূর্ণন সমমিতি থকা আকৃতিবোৰ বাছি উলিওৱা আৰু ঘূর্ণন সমমিতিৰ ক্ৰমবোৰ উল্লেখ কৰা।

উত্তৰঃ ঘূর্ণন সমমিতি ক্রমঃ (i) 1, (ii) 2, (iii) 2, (iv) 4, (v) 3, (vi) 8, (vii) 1, (vii) 2, (ix) 1, (x) 5, (xi) 6, (xii) 3

2. তলৰ আকৃতিবোৰৰ ঘূর্ণন সমমিতি পৰীক্ষা কৰা। লগতে ঘূর্ণন কেন্দ্র, ঘূর্ণন সমমিতিৰ কোণ আৰু ক্ৰমবোৰ উল্লেখ কৰা।

উত্তৰঃ ঘূর্ণন কেন্দ্ৰ চিত্ৰটোৰ ওপৰ আৰু তলৰ অংশ দুটাৰ সোঁমাজৰ বিন্দুটো, ঘূর্ণন কোণ 180°, সমমিতিৰ ক্ৰম 2।

উত্তৰঃ ঘূর্ণন কেন্দ্র অংশ তিনিটাৰ সোঁমাজৰ বিন্দুটো, ঘূর্ণন কোণ 120°, সমমিতিৰ ক্ৰম 3।

উত্তৰঃ ঘূর্ণন কেন্দ্ৰৰ সোঁমাজৰ বিন্দুটো, ঘূর্ণন কোণ 45°, সমমিতিৰ ক্ৰম ৪।

অনুশীলনী – 14.3

1. দুটা আকৃতিৰ উল্লেখ কৰা যাৰ ৰৈখিক আৰু ঘূর্ণন উভয় প্ৰকাৰৰ সমমিতি আছে।

উত্তৰঃ ৰম্বাছ আৰু আয়ত।

2. ৰৈখিকভাৱে সমমিত এনে এটি ত্রিভুজ আঁকা যাৰ ঘূর্ণন সমমিতিৰ ক্ৰম 1 তকৈ অধিক।

উত্তৰঃ সমবাহু ত্রিভুজ।

3. ৰৈখিকভাৱে সমমিত নোহোৱা এনে এটি চতুর্ভুজ আঁকা যাৰ ঘূর্ণন সমমিতিৰ ক্ৰম 1 তকৈ বেছি।

উত্তৰঃ সামান্তৰিক।

4. এটা চতুর্ভুজ আঁকা যাৰ সমমিতি ৰেখা এডাল আৰু ঘূর্ণন সমমিতিৰ ক্ৰম 1।

উত্তৰঃ চিলা।

5. এনে ত্রিভুজ আছেনে যাৰ ঘূর্ণন সমমিতিৰ ক্ৰম 2।

উত্তৰঃ ঘূর্ণন সমমিতিৰ ক্ৰম 2 হ’ব পৰা ত্রিভুজ নাই।

6. ইংৰাজী বর্ণমালা S বৰ্ণটোৰ ঘূর্ণন সমমিতিৰ ক্ৰম কি? ইয়াৰ ৰৈখিক সমমিতি আছেনে?

উত্তৰঃ S ৰ ঘূর্ণন সমমিতিৰ ক্ৰম 2, ৰৈখিক সমমিতি নাই।

7. 3 সাংখ্যিক চিনটোৰ ঘূর্ণন সমমিতিৰ ক্ৰম কিমান। ইয়াৰ সমমিতি ৰেখা আছেনে?

উত্তৰঃ 3 ঘূর্ণন সমমিতিৰ ক্ৰম 1, সমমিতি ৰেখা এডাল।

৪. কাগজত 6969 লিখি লোৱা। ইয়াক এটা জ্যামিতিক আকৃতি হিচাপে গণ্য কৰি আকৃতিটোৰ ঘূর্ণন সমমিতিৰ ক্ৰম উলিওৱা। আকৃতিটোৰ ৰৈখিক সমমিতি আছেনে?

উত্তৰঃ 6969 ৰ ঘূর্ণন সমমিতিৰ ক্ৰম 2 ৰৈখিক সমমিতি নাই।

9. কোনো ঘূর্ণন কেন্দ্র সাপেক্ষে চিত্র এটাক 120° ঘড়ীৰ কাঁটাৰ দিশত ঘূৰালে চিত্ৰটোক আৰম্ভণিৰ অৱস্থানত থকাৰ দৰে একে দেখি। আন কি কি কোণৰ বাবে চিত্ৰটোক পূৰ্বৰ দৰে একে দেখা যাব? চিত্ৰটোৰ ঘূর্ণন সমমিতিৰ ক্ৰম কিমান?

উত্তৰঃ চিত্রটোত 120°, 240° আৰু 360° ঘূর্ণন কোণত একে দেখা যাব। গতিকে ঘূর্ণন সমমিতিৰ ক্রম 3।

10. ঘূর্ণন কোণ 72° হোৱাকৈ 1 তকৈ বেছি ক্ৰমৰ ঘূর্ণন সমমিতি থকা আকৃতি পোৱা যাবনে?

উত্তৰঃ 72° ঘূর্ণন কোণ হোৱাকৈ 1তকৈ বেছি ক্ৰমৰ ঘূর্ণন সমমিতি থকা আকৃতি সুষম পঞ্চভূজ।

11. ঘূর্ণন কোণ 17° হোৱাকৈ 1 তকৈ বেছি ঘূর্ণন সমমিতি থকা আকৃতি আছেনে?

উত্তৰঃ 17° ঘূর্ণন কোণ হোৱাকৈ 1 তকৈ বেছি ঘূর্ণন সমমিতিৰ ক্ৰম থকা আকৃতি পোৱা নাযাব।

12. নিম্নোক্ত তালিকাখন সম্পূৰ্ণ কৰা–

আকৃতিঘূৰ্ণন কেন্দ্ৰৰ অৱস্থানঘূৰ্ণন কোণবোৰঘূৰ্ণন সমমিতিৰ ক্ৰম
আয়ত
বৰ্গ
ৰম্বাছ
সামান্তৰিক
ট্রেপিজিয়াম
সুষম পঞ্চভুজ
সমবাহু
সমদ্বিবাহু ত্রিভুজ
বিষম বাহু ত্রিভুজ
বৃত্ত
অর্দ্ধবৃত্ত

উত্তৰঃ 

আকৃতিঘূৰ্ণন কেন্দ্ৰৰ অৱস্থানঘূৰ্ণন কোণবোৰঘূৰ্ণন সমমিতিৰ ক্ৰম
আয়তদুই কৰ্ণৰ ছেদবিন্দু180°, 360°2
বৰ্গদুই কৰ্ণৰ ছেদবিন্দু90°, 180°, 270°, 360°4
ৰম্বাছদুই কৰ্ণৰ ছেদবিন্দু180°, 390°2
সামান্তৰিকসামান্তৰিক দুই কৰ্ণৰ ছেদবিন্দু180°, 360°2
ট্রেপিজিয়ামদুই কৰ্ণৰ ছেদবিন্দু (অন্য বিন্দুও ল’ব পাৰি)360°1
সুষম পঞ্চভুজকৰ্ণৰ ছেদবিন্দু72°, 144°, 216°, 288°, 360°5
সমবাহুবাহুৰ লম্ব দ্বিখণ্ডকবোৰৰ ছেদবিন্দু120°, 240°, 360°3
সমদ্বিবাহু ত্রিভুজত্রিভুজটোৰ যিকোনো বিন্দু360°13
বিষম বাহু ত্রিভুজত্রিভুজটোৰ যিকোনো বিন্দু360°13
বৃত্তবৃক্ত কেন্দ্রঅসীম সংখ্যকঅসীম
অর্দ্ধবৃত্তঅৰ্দ্ধবৃত্তটোৰ যিকোনো বিন্দু360°1

Leave a Comment

Your email address will not be published. Required fields are marked *

Scroll to Top