SEBA Class 3 Environment Chapter 14 আজৰি সময়ৰ ব্যৱহাৰ

SEBA Class 3 Environment Chapter 14 আজৰি সময়ৰ ব্যৱহাৰ Question Answer Assamese Medium As Per New Syllabus to each chapter is provided in the list so that you can easily browse through different chapters SEBA Class 3 Environment Solutions and select need one. SEBA Class 3 Environmental Studies Question Answers Download PDF. SCERT Class 3 Environment Solutions.

SEBA Class 3 Environment Chapter 14 আজৰি সময়ৰ ব্যৱহাৰ

Also, you can read the NCERT book online in these sections Solutions by Expert Teachers as per Central Board of Secondary Education (CBSE) Book guidelines. SCERT Class 3 Environment Textbook Solutions are part of All Subject Solutions. Here we have given SEBA Class 3 Environment Question Answer for All Chapters, You can practice these here.

Chapter: 14

কুইজ

১। এটা খর্গ থকা গঁড় ক’ত পোৱা যায়?

উত্তৰঃ কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যানত।

২। ৰাষ্ট্ৰীয় সংগীতটো কোনে ৰচনা কৰিছিল?

উত্তৰঃ ৰবীন্দ্ৰনাথ ঠাকুৰে।

৩। অসমৰ জাতীয় সংগীতটো কোনে ৰচনা কৰিছিল?

উত্তৰঃ লক্ষ্মীনাথ বেজবৰুৱা।

৪। লাভলীনা বৰগোহাঁইয়ে কি খেল খেলে?

উত্তৰঃ বক্সিঙ।

৫। অসমৰ প্ৰধান নদীখনৰ নাম কি?

উত্তৰঃ ব্ৰহ্মপুত্ৰ।

৬। অসমৰ ৰাজ্যিক বৃক্ষৰ নাম কি?

উত্তৰঃ হোলোং (Hollong)।

৭। অসমৰ ৰাজধানীৰ নাম কি?

উত্তৰঃ দিছপুৰ।

৮। আটাইতকৈ বেগাই দৌৰিব পৰা চৰাইটোৰ নাম কি?

উত্তৰঃ উটপখী।

অনুশীলনী

১। উত্তৰ লিখা-

(ক) তুমি জনা অসমৰ এগৰাকী খেলুৱৈৰ নাম আৰু তেওঁ খেলা খেলবিধৰ নাম।

উত্তৰঃ অসমৰ এগৰাকী খেলুৱৈ হ’ল লাভলীনা বৰগোহাঁই আৰু তেওঁ বক্সিং খেলে।

(খ) তুমি জনা এখন শিশু আলোচনীৰ নাম।

উত্তৰঃ এখন শিশু আলোচনীৰ নাম হ’ল― জোনবাই।

(গ) তুমি পঢ়া এখন সাধুপুথিৰ নাম।

উত্তৰঃ বুঢ়ী আইৰ সাধু।

২। শুদ্ধ উত্তৰটোত ” চিন দিয়া-

(ক) আজৰি সময়ত কৰা কামে মনত আনন্দ দিয়ে/নিদিয়ে।

উত্তৰঃ দিয়ে।

(খ) আজৰি সময়ত কৰা ভ্ৰমণৰ যোগেদি বহুতো কথা শিকিব পাৰি/নোৱাৰি।

উত্তৰঃ পাৰি।

(গ) পুথিভঁৰালৰপৰা কিতাপ আনি ঘৰত পঢ়িব নোৱাৰি/পাৰি।

উত্তৰঃ পাৰি।

৩। খালী ঠাই পূৰ কৰা।

(ক) সময়বোৰ অবাবত __________ কৰিব নালাগে।

উত্তৰঃ সময়বোৰ অবাবত নষ্ট কৰিব নালাগে।

(খ) বাতৰি কাকত পঢ়ি দেশ-বিদেশৰ বহুতো _________ জানিব পাৰি।

উত্তৰঃ বাতৰি কাকত পঢ়ি দেশ-বিদেশৰ বহুতো খবৰ জানিব পাৰি।

8। দলত আলোচনা কৰি তলত দিয়া বিষয়কেইটাৰে দুটাকৈ বাক্য লিখা।

(ক) খেল-ধেমালি।

উত্তৰঃ (i) শিশুসকলে খেল-ধেমালি কৰি শাৰীৰিক আৰু মানসিকভাৱে সুস্থ থাকে।

(ii) বিদ্যালয়ত খেল-ধেমালিৰ ব্যৱস্থা থাকিলে ছাত্ৰ-ছাত্ৰী আনন্দিত হয়।

(খ) বাতৰি কাকত।

উত্তৰঃ (i) বাতৰি কাকতে আমাক দেশ-বিদেশৰ খবৰ দিয়ে।

(ii) দেউতাই প্ৰতিদিনে পুৱাই বাতৰি কাকত পঢ়ে।

(গ) ৰেডিঅ’।

উত্তৰঃ (i) ৰেডিঅ’ৰ পৰা আমি গান, খবৰ আৰু শিক্ষামূলক অনুষ্ঠান শুনো।

(ii) আগতে মানুহে ৰেডিঅ’ৰ জৰিয়তে বেছিকৈ বাতৰি জানিছিল।

Leave a Reply

This site uses Akismet to reduce spam. Learn how your comment data is processed.

Scroll to Top