Class 3 Environment Chapter 4 বিচিত্র প্রাণী

Class 3 Environment Chapter 4 বিচিত্র প্রাণী, SEBA Chapter 4 বিচিত্র প্রাণী Class 3 Environment Study Question Answer to each chapter is provided in the list of SEBA so that you can easily browse through different chapters and select needs one. Assam Board Class 3 পৰিৱেশ অধ্যয়ন Question Answer can be of great value to excel in the examination.

বিচিত্র প্রাণী

Chapter – 4

পৰিৱেশ অধ্যয়ন

অনুশীলনীৰ প্রশ্নোত্তৰ

১। উত্তৰ লিখা :

(ক) মাটি আৰু পানী দুয়ো ঠাইতে থাকিব পৰা এটা প্ৰাণীৰ নাম লিখা।

উত্তৰ : ভেকুলী।

(খ) দুবিধ মাংসভোজী প্ৰাণীৰ নাম লিখা।

উত্তৰ : বাঘ, সিংহ।

(গ) উৰিব নোৱাৰা দুটা চৰাইৰ নাম লিখা। 

উত্তৰ : উটপখী আৰু পেংগুইন।

(ঘ) এটা চিকাৰী চৰাইৰ নাম লিখা।

উত্তৰ : চিলনী।

(ঙ) বেগাই দৌৰিব পৰা এটা চৰাইৰ নাম লিখা।

উত্তৰ : উটপখী।

২। ‘ক’ অংশৰ লগত ‘খ’ অংশ আঁচ টানি মিলোৱা :

‘ক’‘খ’
ভেকুলীমাংসভোজী
শিয়ালসর্বভোজী
কাউৰীতৃণভোজী
হৰিণাউভচৰ

উত্তৰ :

‘ক’‘খ’
ভেকুলীউভচৰ
শিয়ালমাংসভোজী
কাউৰীসর্বভোজী
হৰিণাতৃণভোজী

৩। খালী ঠাই পূৰ কৰা : 

(ক) জেঠী আৰু ভেকুলীয়ে ––––––খায়।

উত্তৰ : জেঠী আৰু ভেকুলীয়ে পোক-পতংগ খায়। 

(খ) মাছে ––––––সহায়ত পানীত সাঁতুৰিব পাৰে। 

উত্তৰ : মাছে ফান আৰু ফিচাৰ সহায়ত পানীত সাঁতুৰিব পাৰে। 

(গ) ––––––চৰায়ে বহু দূৰলৈ উৰিব পাৰে।

উত্তৰ : পাৰ, কাউৰী, বালিমাহী চৰায়ে বহু দূৰলৈ উৰিব পাৰে।

(ঘ) উটপখীয়ে ––––––দৌৰিব পাৰে।

উত্তৰ : উটপখীয়ে বেগাই দৌৰিব পাৰে।

৪। পার্থক্য লিখা :

(ক) তৃণভোজী আৰু মাংসভোজী প্রাণী।

উত্তৰ : যিবোৰ প্ৰাণীয়ে ঘাঁহ-বন, গছৰ পাত আদি খায় তাকে তৃণভোজী প্রাণী বোলে। যেনে— গৰু, ছাগলী। আনহাতে, যিবোৰ প্রাণীয়ে মাংস খায় তাকে মাংসভোজী প্রাণী বোলে। যেনে—বাঘ, সিংহ।

(খ) বনৰীয়া প্ৰাণী আৰু ঘৰচীয়া প্ৰাণী। 

উত্তৰ : কিছুমান প্রাণী বনত থাকে তাকে বনৰীয়া প্ৰাণী বুলি কোৱা হয়। যেনে—বাঘ, সিংহ। আনহাতে, কিছুমান প্রাণীক মানুহে ঘৰত পোহে তাকে ঘৰচীয়া প্ৰাণী বুলি কয়। যেনে—গৰু, ছাগলী, হাঁহ, পাৰ আদি। 

৫। হাঁহৰ ঠোঁটত থকা ফুটা দুটাৰ কাম কি ?

উত্তৰ : হাঁহে খাদ্যত মিহলি হৈ থকা বোকা-পানীবোৰ ঠোঁটত থকা ফুটা দুটাৰে বাহিৰলৈ উলিয়াই দিয়ে। 

৬। ভেকুলীৰ জিভাখন ক’ত লাগি থাকে ?

উত্তৰ : ভেকুলীৰ জিভাখন মুখৰ সমুখৰ ভাগত লাগি থাকে। 

৭। বুকুত ভৰ দি বগাই যোৱা তিনিবিধ প্ৰাণীৰ নাম লিখা। 

উত্তৰ : জেঠী, ঘৰিয়াল আৰু কাছ।

৮। খাদ্যাভ্যাসৰ ওপৰত ভিত্তি কৰি প্ৰাণীসমূহক কেইভাগত ভগাব পাৰি ? ভাগ কেইটাৰ নাম লিখা। 

উত্তৰ : খাদ্যাভ্যাসৰ ওপৰত ভিত্তি কৰি প্ৰাণীসমূহক তিনিটা ভাগত ভাগ কৰা হৈছে। ভাগকেইটা হ’ল—

(১) তৃণভোজী প্রাণী।

(২) মাংসভোজী প্রাণী।

(৩) সর্বভোজী প্রাণী।

৯। চৰায়ে কিয় আকাশত উৰিব পাৰে ?

উত্তৰ : চৰাইৰ দেহটো মাকোৰ নিচিনা, হাড়বোৰ, ফোঁপোলা হোৱা বাবে গাটো পাতল। চৰাইৰ ডেউকা আৰু নেজত পাখি থাকে। এনে পাখি থকা ডেউকাৰ বাবে চৰায়ে আকাশত উৰিব পাৰে।

১০। নিজে কৰা।

অতিৰিক্ত প্রশ্নোত্তৰ

১। (ক) উভচৰ প্ৰাণী কাক বোলে ?

উত্তৰ : মাটি আৰু পানী উভয়তে থাকিব পৰা প্ৰাণীকেই উভচৰ প্রাণী বোলে।

(খ) মাছে কিহৰ সহায়ত সাঁতুৰিব পাৰে ?

উত্তৰ : মাছৰ দেহৰ দুয়োফালে থকা ফান আৰু পিছ অংশত থকা ফিচাৰ সহায়ত মাছে পানীত সাঁতুৰিব পাৰে।

(গ) চাৰিটা ঘৰচীয়া প্ৰাণীৰ নাম লিখা। 

উত্তৰ : গৰু, ছাগলী, হাঁহ আৰু কুকুৰা।

(ঘ) গৰু, ছাগলী, ঘোঁৰা আদি প্রাণীবোৰে কি খাদ্য খাই জীয়াই থাকে?

উত্তৰ : গৰু, ছাগলী, ঘোঁৰা আদি প্ৰাণীবোৰে ঘাঁহ-বন, গছৰ পাত আদি খাই জীয়াই থাকে।

(ঙ) পাঁচোটা তৃণভোজী প্ৰাণীৰ নাম লিখা।

উত্তৰ : হৰিণা, হাতী, গঁড়, জেব্রা আৰু জিৰাফ। 

(চ) পাৰ, ঘনচিৰিকা, ভাটৌ আদিয়ে কি খায় ?

উত্তৰ : পাৰ, ঘনচিৰিকা, ভাটৌ আদিয়ে শস্য আৰু ফল-মূল খায়।

(ছ) পাৰ চৰাইৰ ঠোঁট কেনেকুৱা ? 

উত্তৰ : পাৰ চৰাইৰ ঠোঁট চুটি, জোঙা আৰু টান।

(জ) মাছৰোকা চৰায়ে কি খায় ? 

উত্তৰ : মাছৰোকা চৰায়ে মাছ খায়।

(ঝ) বগলীয়ে কেনেকৈ পানীৰ তলৰ পৰা মাছ ধৰি খাব পাৰে ? 

উত্তৰ : বগলীৰ ঠেং আৰু ঠোঁট বৰ দীঘল হোৱাৰ কাৰণে একাঠু পানীত ডুব নোযোৱাকৈ থাকিব পাৰে আৰু এনেদৰে বগলীয়ে পানীৰ তলৰ পৰা মাছ ধৰি খাব পাৰে।

(ঞ) ফেঁচা, চিলনী, শেন আদিয়ে কি খায় ?

উত্তৰ : ফেঁচা, চিলনী, শেন আদিয়ে মাংস খায়।

প্রশ্ন ২। ফেঁচা, চিলনী, শেন, শগুণ আদিক কিয় চিকাৰী চৰাই বুলি কয়?

উত্তৰ : ফেঁচা, চিলনী, শেন, শগুণ আদিক চিকাৰী চৰাই বুলি কয় কাৰণ ইহঁতৰ ঠোঁটবোৰ ধাৰ থকা আৰু বেকা, ঠেঙৰ নখবোৰ চোকা আৰু হাঁকোটাৰ দৰে। ইহঁতৰ হাতৰ পৰা চিকাৰ ওলাই যাব নোৱাৰে। এই কাৰণে এই চৰাইবোৰক চিকাৰী চৰাই বুলি কোৱা হয়।

প্রশ্ন ৩। সর্বভোজী প্রাণী কাক বোলে ?

উত্তৰ : যিবোৰ প্ৰাণী সকলো ধৰণৰ খাদ্য খায় তাকে সর্বভোজী প্রাণী বোলে। যেনে—মানুহ, কাউৰী আদি। 

প্রশ্ন ৪। পেংগুইনে কিহৰ সহায়ত সাঁতুৰিব পাৰে ?

উত্তৰ : পেংগুইনে ডেউকাৰ সহায়ত পানীত সাঁতুৰিব পাৰে ৷

প্রশ্ন ৫। খালী ঠাই পূৰ কৰা :

(ক) ভেকুলী ––––––প্রাণী।

উত্তৰ : ভেকুলী উভচৰ প্ৰাণী।

(খ) ঘৰচীয়া প্ৰাণীবোৰক থকা ঠাই ––––––ব্যৱস্থা কৰি দিয়ে।

উত্তৰ : ঘৰচীয়া প্ৰাণীবোৰক থকা ঠাই মানুহে ব্যৱস্থা কৰি দিয়ে।

(গ) নল গাহৰি ––––––প্রাণী। 

উত্তৰ : নল-গাহৰি তৃণভোজী প্রাণী।

(ঘ) হাঁহৰ ঠোঁট বহল আৰু ––––––৷

উত্তৰ : হাঁহৰ ঠোঁট বহল আৰু চেপেটা।

(ঙ) জিৰাফ ডাঙৰ হাবি আৰু ––––––ত থাকে।

উত্তৰ : জিৰাফ ডাঙৰ হাবি আৰু ওখ ঘাঁহনিত থাকে।

(চ) জেঠী ––––––যায়।

উত্তৰ : জেঠী বগাই যায়।

(ছ) কণামুচৰিয়ে ––––––খায়।

উত্তৰ : কণামুচবিয়ে মাছ খায়।

৬। ‘ক’ অংশৰ লগত ‘খ’ অংশ মিলাই লিখা।

‘ক’‘খ’
বনৰীয়া ম’হসর্বভোজী প্রাণী
মানুহমাংসভোজী প্রাণী
ভেকুলীতৃণভোজী প্রাণী
সিংহউভচৰ প্ৰাণী

উত্তৰ :

‘ক’‘খ’
বনৰীয়া ম’হতৃণভোজী প্রাণী
মানুহসর্বভোজী প্রাণী
ভেকুলীউভচৰ প্ৰাণী
সিংহমাংসভোজী প্রাণী

৭। শুদ্ধ উত্তৰটো বাছি উলিওৱা :

(ক) ঘোঁৰাই মাংস/ঘাঁহ খায়।

উত্তৰ : ঘোঁৰাই ঘাঁহ খায়।

(খ) হৰিণা, হাতী তৃণভোজী/মাংসভোজী প্রাণী। 

উত্তৰ : হৰিণা, হাতী তৃণভোজী প্রাণী।

(গ) উটপখীয়ে উৰিব পাৰে/ নোৱাৰে।

উত্তৰ : উটপখীয়ে উৰিব নোৱাৰে।

(ঘ) মাছ মাটিত/পানীত থাকে।

উত্তৰ : মাছ পানীত থাকে।

(ঙ) বগলীয়ে মাছ/মাংস খায়।

উত্তৰ : বগলীয়ে মাছ খায়।

(চ) শিয়াল সর্বভোজী/মাংসভোজী প্রাণী।

উত্তৰ : শিয়াল মাংসভোজী প্রাণী। 

(ছ) তেজপিয়া জপিয়াই/বগাই যায়।

উত্তৰ : তেজপিয়া বগাই যায়।

(জ) জেঠী আৰু ভেকুলীয়ে মাছ/পোক-পতংগ খায়।

উত্তৰ : জেঠী আৰু ভেকুলীয়ে পোক-পতংগ খায়।

(ঝ) শেন, শগুণে মাংস/মাছ খায়।

উত্তৰ : শেন, শগুণে মাংস খায়।

(ঞ) কাউৰী তৃণভোজী/সৰ্বভোজী প্রাণী।

উত্তৰ : কাউৰী সৰ্বভোজী প্রাণী।

NEW VIDEO CLASS

Subject Ka Complete Video Solution Dekhein

Step-by-step easy concept explanation aur full questions Answer ke liye watch karein ya app download karein:

Leave a Reply

This site uses Akismet to reduce spam. Learn how your comment data is processed.

Scroll to Top