Class 3 Environment Chapter 7 আমাৰ উৎসৱ

Class 3 Environment Chapter 7 আমাৰ উৎসৱ, SEBA Chapter 7 আমাৰ উৎসৱ Class 3 Environment Study Question Answer to each chapter is provided in the list of SEBA so that you can easily browse through different chapters and select needs one. Assam Board Class 3 পৰিৱেশ অধ্যয়ন Question Answer can be of great value to excel in the examination.

আমাৰ উৎসৱ

Chapter – 7

পৰিৱেশ অধ্যয়ন

অনুশীলনীৰ প্রশ্নোত্তৰ

প্রশ্ন ১। উত্তৰ লিখা :

(ক) তুমি কি কি উৎসৱ পালন কৰা ? 

উত্তৰ : জন্মদিন, বিয়া, সবাহ, বিহু, দুর্গাপূজা, লক্ষ্মীপূজা, সৰস্বতী পূজা, ঈদ, গণতন্ত্র দিৱস, স্বাধীনতা দিৱস আদি পালন কৰোঁ। 

(খ) তুমি পালন কৰা উৎসৱসমূহত কি কি বস্তু লোৱা আৰু কি কি খোৱা ?

উত্তৰ : পূজা, বিয়া, অন্নপ্রাশন, সবাহ আদি উৎসৱবোৰত আমি নতুন নতুন জোতা-মোজা, চোলা আদি লও আৰু এইবোৰত আমি জিলাপি, ভাজা, চকলেট আদি খাও। বিহুত আমি লাৰু, পিঠা, দৈ, চিৰা আদি খাওঁ।

(গ) এই উৎসবসমূহৰ যোগেদি মনত আনন্দ লগাৰ উপৰি তোমাৰ আন কি লাভ হয় ?

উত্তৰ : এই উৎসৱসমূহৰ যোগেদি আমাৰ মাজত মিলাপ্ৰীতি আৰু একতাৰ ভাৱ বৃদ্ধি হয়। এই উৎসৱ সমূহে সমাজত চলি অহা সংস্কৃতি ৰক্ষা কৰে।

(ঘ) মুছলমানসকলৰ পৱিত্ৰ উৎসৱ কি কি ?

উত্তৰ : ঈদ, মহম, ফাতেহা-ই-দোরাজ দহম মহৰম আদি। 

(ঙ) খ্ৰীষ্টানসকলৰ প্ৰধান উৎসৱটোৰ নাম কি ? 

উত্তৰ : খ্ৰীষ্টমাছ বা বৰদিন।

প্রশ্ন ২। দুটাকৈ উৎসৱৰ নাম লিখা—ঘৰুৱাভাৱে পালন কৰা, ৰাজহুৱাভাৱে পালন কৰা আৰু ৰাষ্ট্রীয়ভাবে পালন কৰা।

উত্তৰ : ঘৰুৱাভাবে পালন কৰা দুটা উৎসৱ হ’ল– 

(১) বিয়া। 

(২) অন্নপ্রাশন। 

ৰাজহুৱাভাৱে পালন কৰা দুটা উৎসৱ হ’ল –

(১) বিহু।

(২) দুর্গাপূজা।

ৰাষ্ট্ৰীয়ভাৱে পালন কৰা দুটা উৎসৱ হ’ল—

(১) গণতন্ত্র দিৱস। আৰু 

(২) স্বাধীনতা দিৱস।

প্রশ্ন ৩। ধৰ্মৰ লগত জড়িত দুটা উৎসৱৰ নাম লিখা। 

উত্তৰ : দুর্গাপূজা, সৰস্বতী পূজা। লিখা।

প্রশ্ন ৪। খেতি-বাতিৰ লগত জড়িত দুটা উৎসৱৰ নাম লিখা।

উত্তৰ : কাতিবিহু, বাঁশপূজা।

প্রশ্ন ৫। বিদ্যালয়ত পালন কৰা উৎসৱসমূহৰ নাম লিখা।

উত্তৰ : সৰস্বতী পূজা, গণতন্ত্র দিৱস, স্বাধীনতা দিৱস, শংকৰদেৱৰ জন্মোৎসৱ, মাধৱদেৱৰ তিথি, শিশু দিৱস, শিক্ষক দিৱস আদি। 

প্রশ্ন ৬। তুমি ভালপোৱা এটা উৎসৱৰ নাম লিখা।

উত্তৰ : বহাগ বিহু।

প্রশ্ন ৭। আৰু ৮। নিজে কৰা।

অতিৰিক্ত প্রশ্নোত্তৰ

প্রশ্ন ১। বিহুক কেইটা ভাগত ভগাব পাৰি আৰু কি কি ? 

উত্তৰ : বিহুক তিনিটা ভাগত ভগাব পাৰি—

(১) বহাগ বিহু।

(২) কাতি বিহু।

(৩) ভোগালী বিহু।

প্রশ্ন ২। ৰাজহুৱাভাৱে পালন কৰা উৎসৱৰ নাম লিখা।

উত্তৰ : বিহু, মে-ডাম-মেফি, ঈদ, দুর্গাপূজা, মহৰম, আলি-আই লৃগাং আদি।

প্রশ্ন ৩। ৰাষ্ট্ৰীয় পতাকা কেতিয়া উত্তোলন কৰা হয় ?

উত্তৰ : ৰাষ্ট্ৰীয় দিবসত ৰাষ্ট্ৰীয় পতাকা উত্তোলন কৰা হয়। 

প্রশ্ন ৪। বিশ্ব পৰিবেশ দিৱস কেতিয়া পালন কৰে ?

উত্তৰ : ৫ জুনত।

প্রশ্ন ৫। চ্যুকাফা দিৱস কেতিয়া পালন কৰে?

উত্তৰ : ২ ডিচেম্বৰত।

প্রশ্ন ৬। ২৪ নৱেম্বৰত কি দিৱস পালন কৰে ?

উত্তৰ : লাচিত দিৱস।

প্রশ্ন ৭। শিক্ষক দিৱস কিমান তারিখে পালন কৰে ?

উত্তৰ : ৫ চেপ্তেম্বৰত।

প্রশ্ন ৮। ১৪ নৱেম্বৰত কি দিৱস পালন কৰে?

উত্তৰ : শিশু দিৱস।

প্রশ্ন ৯। শিল্পী দিৱস কেতিয়া পালন কৰে ? 

উত্তৰ : ১৭ জানুৱাৰীত।

প্রশ্ন ১০। তলত দিয়া ব্যক্তিকেইগৰাকী কি দিৱসৰ লগত জড়িত লিখা। 

মহাবীৰ জৈন, বুদ্ধদেৱ, যীশুখ্রীষ্ট, গুৰুনানক, মহাত্মা গান্ধী, জৱাহৰলাল নেহৰু, ড০ সৰ্বপল্লী ৰাধাকৃষ্ণণ।

উত্তৰ :

ব্যক্তিৰ নামউৎসৱ
মহাবীৰ জৈনমহাবীৰ জয়ন্তী
বুদ্ধদেৱবুদ্ধ পূর্ণিমা
যীশুখ্ৰীষ্টখ্রীষ্টমাছ বা ববদিন
গুৰুনানকগুৰুনানক জয়ন্তী
মহাত্মা গান্ধীগান্ধী জয়ন্তী
জৱাহৰলাল নেহৰুশিশু দিৱস
ড° সৰ্বপল্লী ৰাধাকৃষ্ণণশিক্ষক দিবস

প্রশ্ন ১১। জোনবিল নামৰ বিলখন ক’ত আছে। 

উত্তৰ : মাৰিগাওঁ জিলাৰ জাগীৰোডৰ ওচৰত জোনবিল নামৰ বিলখন আছে।

প্রশ্ন ১২। দৰং জিলা আৰু নামনি অসমৰ এটা উৎসৱৰ নাম লিখা।

উত্তৰ : মহ খেদা উৎসৱ।

প্রশ্ন ১৩। মহ খেদা উৎসৱ কেতিয়া পালন কৰে? 

উত্তৰ : আঘোন মাহৰ পূৰ্ণিমা ৰাতিত।

প্রশ্ন ১৪। শুদ্ধ উত্তৰটো বাচি উলিওৱা :

(ক) ঘৰুৱা উৎসৱ—সবাহ / স্বাধীনতা দিৱস।

উত্তৰ : ঘৰুৱা উৎসৱ—সবাহ।

(খ) বাঁশ পূজা–ধর্ম/কৃষিৰ লগত জড়িত। 

উত্তৰ : বাঁশ পূজা— কৃষিৰ লগত জড়িত।

(গ) বিহু আমাৰ দুটা/তিনিটা। 

উত্তৰ : বিহু আমাৰ তিনিটা।

(ঘ) বিশ্ব পরিবেশ দিবস ৫ ডিচেম্বৰ/জুন তাৰিখে পালন কৰে। 

উত্তৰ : বিশ্ব পৰিবেশ দিৱস ৫ জুন তাৰিখে পালন কৰে। 

(ঙ) শিশু দিবস ১৪/২৪ নৱেম্বৰ তাৰিখে পালন কৰে। 

উত্তৰ : শিশু দিবস ১৪ নৱেম্বৰ তাৰিখে পালন কৰে। 

(চ) ৰাষ্ট্ৰীয় সংগীতটো লক্ষ্মীনাথ বেজৱৰুৱা/ ৰবীন্দ্ৰনাথ ঠাকুৰে ৰচনা কৰিছিল।

উত্তৰ : ৰাষ্ট্ৰীয় সংগীতটো ৰবীন্দ্ৰনাথ ঠাকুৰে ৰচনা কৰিছিল। 

প্রশ্ন ১৫। হিন্দু সকলে পালন কৰা এটা উৎসৱৰ নাম লিখা। 

উত্তৰ : সৰস্বতী পূজা।

প্রশ্ন ১৬। মিচিং সকলে পালন কৰা এটা উৎসৱৰ নাম লিখা। 

উত্তৰ : আলি-আই লৃগাং।

প্রশ্ন ১৭। স্বাধীনতা দিৱস কিমান তাৰিখে পালন কৰে ? 

উত্তৰ : ১৫ আগষ্টত।

প্রশ্ন ১৮। তিনিজন মহৎ লোকৰ নাম লিখা।

উত্তৰ : শংকৰদেৱ, মাধৱদেৱ, হৰিদেৱ। 

প্রশ্ন ১৯। বৰদিন কিমান তাৰিখে পালন কৰে? 

উত্তৰ : ২৫ ডিচেম্বৰ।

প্রশ্ন ২০। ভাৰতৰ ৰাষ্ট্ৰীয় সংগীতটো কি ? 

উত্তৰ : ‘জনগণমন’ ‘অধিনায়ক জয় হে…….. ।

NEW VIDEO CLASS

Subject Ka Complete Video Solution Dekhein

Step-by-step easy concept explanation aur full questions Answer ke liye watch karein ya app download karein:

Leave a Reply

This site uses Akismet to reduce spam. Learn how your comment data is processed.

Scroll to Top