Class 3 Environment Chapter 5 পানী

Class 3 Environment Chapter 5 পানী, SEBA Chapter 5 পানী Class 3 Environment Study Question Answer to each chapter is provided in the list of SEBA so that you can easily browse through different chapters and select needs one. Assam Board Class 3 পৰিৱেশ অধ্যয়ন Question Answer can be of great value to excel in the examination.

পানী

Chapter – 5

পৰিৱেশ অধ্যয়ন

অনুশীলনীৰ প্রশ্নোত্তৰ

১। উত্তৰ লিখা :

(ক) কি কি উৎসৰ পৰা পানী পোৱা যায় ? 

উত্তৰ : বৰষুণ, খাল, বিল, পুখুৰী, হ্রদ, নদ-নদী জান-জুৰি আদিব পৰা পানী পোৱা যায়।

(খ) তোমালোকৰ গাওঁ বা চহৰৰ মাজেৰে কোনো নদী বৈ গৈছে নেকি? যদি গৈছে তার নাম লিখা। 

উত্তৰ : মোৰ গাওঁৰ ওচৰত দুটা নদী বৈ গৈছে। নামবোৰ হ’ল—পাগলাদিয়া নদী, বুঢ়াদিয়া নদী।

(গ) তোমালোকৰ অঞ্চলত বা ওচৰ পাজৰে থকা বিল, জান-জুৰিৰ নাম লিখা।

উত্তৰ : দিপৰ বিল, চান্দ বিল, কাপলা বিল, কাণাখুন্দা জান। 

২। তলৰ শব্দ শৃংখলটোত থকা পানীৰ উৎসবোৰ বাচি উলিয়াই তাত O চিনেৰে ঘেৰ দিয়া।

উত্তৰ : 

প্রশ্ন ৩। পানী ব্যৱহাৰ হোৱা তিনিটা কামৰ বিষয়ে লিখা। 

উত্তৰ : পানী বিভিন্ন কামত ব্যৱহাৰ কৰা হয়। যেনে― বাচন ধোৱা, গা-ধোৱা, কাপোৰ ধোৱা, বাগিচাত পানী দিয়া আদি। 

প্রশ্ন ৪। পানী ব্যৱহাৰ নকৰাকৈ কৰিব পৰা তিনিটা কামৰ, বিষয়ে লিখা।

উত্তৰ : পানী ব্যৱহাৰ নকৰাকৈ কৰিব পৰা তিনিটা কাম হ’ল―

(১) শালবোৱা।

(২) মৰণা মৰা।

(৩) চোতাল সৰা।

প্রশ্ন ৫। তলত দিয়াবোৰত অমিলটো বাছি উলিয়াই তাত O চিনেৰে ঘেৰ দিয়া।

(ক) গা-ধোৱা, কাপোৰ ধোৱা, সাঁতোৰা, মূৰ ফণিওৱা ।

উত্তৰ : গা-ধোৱা, কাপোৰ ধোৱা, সাঁতোৰা, মূৰ ফণিওৱা ৷

(খ) নদী, পাহাৰ, পুখুৰী, নিজৰা, বিল। 

উত্তৰ : নদী পাহাৰ পুখুৰী, নিজৰা, বিল।

(গ) মাছ, হাঁহ, বান্দৰ, ঘঁৰিয়াল, কাছ। 

উত্তৰ : মাছ, হাঁহ, বান্দৰ ঘঁৰিয়াল, কাছ।

(ঘ) জাহাজ, নাও, ৰেলগাড়ী, ফেৰী। 

উত্তৰ : জাহাজ, নাও, ৰেলগাড়ী ফেীৰী।

(ঙ) নার্জী, পদুম, ভেট, মেটেকা।

উত্তৰ : নাৰ্জী পদুম, ভেট, মেটেকা।

প্রশ্ন ৬। তোমাৰ ঘৰৰ খোৱা পানী ক’ৰ পৰা সংগ্ৰহ কৰা? 

উত্তৰ : আমাৰ ঘৰৰ খোৱা পানী দমকলৰ পৰা সংগ্রহ কৰোঁ। 

প্রশ্ন ৭। পানী দূষিত হোৱাৰ তিনিটা কাৰণ লিখা। 

উত্তৰ : পানী দূষিত হোৱাৰ তিনিটা কাৰণ হ’ল—

(১) পুখুৰীত গা ধুলে, কাপোৰ ধুলে, গৰু-ম’হ পানীত নামিলে আৰু লেতেৰা বস্তু পানীত পেলালে পানী দূষিত হয়। 

(২) কল-কাৰখানাৰ পৰা ওলোৱা পানী নদ-নদী, জান-জুৰি আদিত পৰিলে পানী দূষিত হয়। 

(৩) কুঁৱা আৰু দমকলৰ চাৰিওফাল পকী নহলেও পানী দূষিত হয়।

প্রশ্ন ৮। নিজে ৰং কৰা।

অতিৰিক্ত প্রশ্নোত্তৰ

প্রশ্ন ১। পানী আমাৰ কিয় প্রয়োজন ?

উত্তৰ : সকলো প্রাণীকে জীয়াই থাকিবলৈ পানী লাগে। পানী নহ’লে গছ-গছনিও জীয়াই থাকিব নোৱাৰে। সেইবাবে পানী আমাৰ সকলোৰে অতি প্রয়োজনীয়।

প্রশ্ন ২। পানীক কিয় জীৱৰ প্ৰাণ বুলি কয় ? 

উত্তৰ : পানী নহ’লে কোনো জীৱই জীয়াই থাকিব নোৱাৰে বাবে পানীক জীৱৰ প্ৰাণ বুলি কয়। 

প্রশ্ন ৩। দমকল আৰু কুঁৱাৰ পানী আমি ক’ৰ পৰা পাওঁ ?

উত্তৰ : দমকল আৰু কুঁৱাৰ পানী আমি মাটিৰ তলত থকা নিজৰাৰ পৰা পাওঁ।

প্রশ্ন ৪। দূষিত পানী খোৱাৰ ফলত কি কি বেমাৰ হয় ?

উত্তৰ : দুষিত পানী খোৱাৰ ফলত কলেৰা, টাইফয়দ, জঞ্জি গ্রহণী আদি বেমাৰ হয়। 

প্রশ্ন ৫। তুমি জনা কেইখনমান নদীৰ নাম লিখা।

উত্তৰ : ব্রহ্মপুত্র, পাগলাদিয়া, মানাহ, কপিলী, কলং, গংগ কাৰেী, গোদাৱৰী আদি।

প্রশ্ন ৬। পানীৰ খৰচ কেনেকৈ হ্রাস কৰিব পাৰি আৰু সে পানীৰ ব্যৱহাৰ লিখা।

উত্তৰ : (১) ফল-মূল, শাক-পাচলি, চাউল-দাইল ধোৱা পানী পেলাই নিদি গছৰ পুলি, ফুল বোৱা টাবত দি পানীৰ খৰচ হ্রা কৰিব পাৰি।

(২) কাপোৰ আওডালা পানীখিনি পেলাই নিদি গা ধোৱা ঘৰ পকী চোতাল চাফা কৰা আদি কামত ব্যৱহাৰ কৰি পানীৰ খবা হ্ৰাস কৰিব পাৰি। 

প্রশ্ন ৭। পাত্ৰৰ পৰা খোৱা পানী উলিয়াওঁতে কি ব্যৱহাৰ কৰিব লাগে ? 

উত্তৰ : পাত্ৰৰ পৰা খোৱা পানী উলিয়াওঁতে দীঘল নাল থকা মগ ব্যৱহাৰ কৰিব লাগে।

প্রশ্ন ৮। খালী ঠাই পূৰ কৰা :

(ক) পানীয়েই ——–––প্রাণ। 

উত্তৰ : পানীয়েই প্ৰাণীৰ প্ৰাণ।

(খ) ঘঁৰিয়াল ——–––থকা প্ৰাণী। 

উত্তৰ : ঘঁৰিয়াল পানীত থকা প্ৰাণী

(গ) সাগৰ ——–––মহাসাগৰৰ পৰা পাওঁ।

উত্তৰ : সাগৰ মহাসাগৰৰ পৰা পানী পাওঁ। 

(ঘ) খোৱা পানী পৰিষ্কাৰ পাত্ৰত ৰাখি ——–––থ’ব লাগে ৷

উত্তৰ : খোৱা পানী পৰিষ্কাৰ পাত্ৰত ৰাখি ঢাকি থ’ব লাগে ৷

NEW VIDEO CLASS

Subject Ka Complete Video Solution Dekhein

Step-by-step easy concept explanation aur full questions Answer ke liye watch karein ya app download karein:

Leave a Reply

This site uses Akismet to reduce spam. Learn how your comment data is processed.

Scroll to Top