SEBA Class 10 Political Science and Economics Important Chapter 1 বিত্তীয় স্বাক্ষৰতা

SEBA Class 10 Political Science and Economics Important Chapter 1 বিত্তীয় স্বাক্ষৰতা Question Answer Assamese Medium As Per New Syllabus to each chapter is provided in the list so that you can easily browse through different chapters SEBA Class 10 Political Science and Economics Important Chapter 1 বিত্তীয় স্বাক্ষৰতা and select need one. SEBA Class 10 Political Science and Economics Additional Notes Assamese Medium Download PDF. SEBA Class 10 Social Science (Part – 3 অৰ্থনীতি বিজ্ঞান) Important Solutions in Assamese.

SEBA Class 10 Political Science and Economics Important Chapter 1 বিত্তীয় স্বাক্ষৰতা

Also, you can read the NCERT book online in these sections Solutions by Expert Teachers as per Central Board of Secondary Education (CBSE) Book guidelines. SEBA Class 10 Political Science and Economics Additional Solutions Assamese Medium are part of All Subject Solutions. Here we have given SEBA Class 10th Political Science and Economics Important in Assamese for All Chapters, You can practice these here.

Chapter: 1

PART – 3 অৰ্থনীতি বিজ্ঞান
Important Question Answer

চমু প্ৰশ্ন-উত্তৰ (Short Question & Answers):

১। NEFT ৰ সম্পূৰ্ণ নাম কি?

উত্তৰঃ NEFT ৰ সম্পূৰ্ণ নাম হ’ল- National Electronic Funds Transfer.

২। RTGS ৰ জৰিয়তে সৰ্বনিম্ন কিমান টকাৰ পৰা ধন স্থানান্তৰ কৰিব পাৰি?

উত্তৰঃ RTGS ৰ জৰিয়তে ২ লাখ টকাৰ পৰা ধন স্থানান্তৰ কৰিব পাৰি।

৩। IMPS সেৱা দিনটোত কিমান সময় উপলব্ধ থাকে?

উত্তৰঃ IMPS সেৱা দিনটোত 24×7 সময় উপলব্ধ থাকে।

৪। UPI কোনে উদ্ভাৱন কৰিছিল?

উত্তৰঃ UPI National Payments Corporation of India (NPCI) এ উদ্ভাৱন কৰিছিল।

৫। ভাৰতবৰ্ষৰ প্ৰথমটো বেংকৰ নাম কি আছিল আৰু ই কিমান চনত স্থাপিত হৈছিল?

উত্তৰঃ ভাৰতবৰ্ষৰ প্ৰথমটো বেংকৰ না বেংক অৱ হিন্দুস্থান আছিল, ই ১৭৭০ চনত স্থাপিত হৈছিল।

৬। ভাৰতীয় ৰিজাৰ্ভ বেংকৰ প্ৰধান কাৰ্যালয় ক’ত অৱস্থিত?

উত্তৰঃ ভাৰতীয় ৰিজাৰ্ভ বেংকৰ প্ৰধান কাৰ্যালয় মুম্বাইত অৱস্থিত।

৭। ভাৰতত কাগজী মুদ্ৰা ছপা কৰাৰ একচেতীয়া অধিকাৰ কাৰ আছে?

উত্তৰঃ ভাৰতত কাগজী মুদ্ৰা ছপা কৰাৰ একচেতীয়া অধিকাৰ কেন্দ্ৰীয় বেংক (ভাৰতীয় ৰিজাৰ্ভ বেংক)ৰ আছে।

৮। বাণিজ্যিক বেংকে কি কি তিনি প্ৰকাৰৰ সঞ্চয় সংগ্ৰহ কৰে?

উত্তৰঃ বাণিজ্যিক বেংকে চলিত আমানত, স্থিৰ আমানত আৰু সঞ্চয় আমানত এই তিনি প্ৰকাৰৰ সঞ্চয় সংগ্ৰহ কৰে।

৯। নাবার্ড (NABARD) কিমান চনত স্থাপন কৰা হৈছিল?

উত্তৰঃ নাবার্ড (NABARD) ১৯৮২ চনত স্থাপন কৰা হৈছিল।

১০। SIDBI ৰ সম্পূৰ্ণ নাম কি?

উত্তৰঃ SIDBI ৰ সম্পূৰ্ণ নাম হ’ল- Small Industries Development Bank of India.

১১। SEBI কিমান চনত স্থাপিত হৈছিল?

উত্তৰঃ SEBI ১৯৯২ চনত স্থাপিত হৈছিল।

১২। ভাৰতৰ দুটা প্ৰধান ষ্টক এক্সচেঞ্জ কি কি?

উত্তৰঃ ভাৰতৰ দুটা প্ৰধান ষ্টক এক্সচেঞ্জ হ’ল- National Stock Exchange (NSE) আৰু Bombay Stock Exchange (BSE)।

১৩। PAN কাৰ্ডত কিমানটা আখৰ আৰু সংখ্যাযুক্ত নম্বৰ থাকে?

উত্তৰঃ PAN কাৰ্ডত ১০ টা আখৰ আৰু সংখ্যাযুক্ত নম্বৰ থাকে।

১৪। আধাৰ (Aadhaar) কাৰ্ডত কিমানটা নম্বৰ থাকে?

উত্তৰঃ আধাৰ (Aadhaar) কাৰ্ডত ১২ টা নম্বৰ থাকে।

১৫। ফিছিং (Phishing) কি?

উত্তৰঃ ই-মেইল, মেছেজ বা ৱেবছাইট লিংক প্ৰেৰণ কৰি ব্যক্তিগত তথ্য চুৰি কৰিবলৈ বিচৰা প্ৰতাৰণাকে ফিছিং বোলে।

Leave a Reply

This site uses Akismet to reduce spam. Learn how your comment data is processed.

Scroll to Top