SEBA Class 10 Political Science and Economics Important Chapter 2 অৰ্থনৈতিক উন্নয়ন

SEBA Class 10 Political Science and Economics Important Chapter 2 অৰ্থনৈতিক উন্নয়ন Question Answer Assamese Medium As Per New Syllabus to each chapter is provided in the list so that you can easily browse through different chapters SEBA Class 10 Political Science and Economics Important Chapter 2 অৰ্থনৈতিক উন্নয়ন and select need one. SEBA Class 10 Political Science and Economics Additional Notes Assamese Medium Download PDF. SEBA Class 10 Social Science (Part – 3 অৰ্থনীতি বিজ্ঞান) Important Solutions in Assamese.

SEBA Class 10 Political Science and Economics Important Chapter 2 অৰ্থনৈতিক উন্নয়ন

Also, you can read the NCERT book online in these sections Solutions by Expert Teachers as per Central Board of Secondary Education (CBSE) Book guidelines. SEBA Class 10 Political Science and Economics Additional Solutions Assamese Medium are part of All Subject Solutions. Here we have given SEBA Class 10th Political Science and Economics Important in Assamese for All Chapters, You can practice these here.

Chapter: 1

PART – 3 অৰ্থনীতি বিজ্ঞান
Important Question Answer

প্ৰশ্ন-উত্তৰ (Short Question & Answers):

১। প্ৰথমখন মানৱ উন্নয়ন প্ৰতিবেদন কেতিয়া প্ৰকাশ কৰা হৈছিল?

উত্তৰঃ প্ৰথমখন মানৱ উন্নয়ন প্ৰতিবেদন ১৯৯০ চনত প্ৰকাশ কৰা হৈছিল।

২। মানৱ উন্নয়ন সূচকাংক কোনে প্ৰস্তুত কৰে?

উত্তৰঃ ৰাষ্ট্ৰসংঘৰ উন্নয়ন কাৰ্যসূচী (UNDP) য়ে মানৱ উন্নয়ন সূচকাংক প্ৰস্তুত কৰে।

৩। নিটি (NITI) আয়োগ কেতিয়া গঠন কৰা হৈছিল?

উত্তৰঃ নিটি (NITI) আয়োগ ২০১৫ চনৰ ১ জানুৱাৰীত গঠন কৰা হৈছিল।

৪। নিটি (NITI) আয়োগৰ অধ্যক্ষ কোন?

উত্তৰঃ নিটি (NITI) আয়োগৰ অধ্যক্ষ হ’ল ভাৰতৰ প্ৰধানমন্ত্ৰী।

৫। ভাৰতবৰ্ষত প্ৰথম পঞ্চবাৰ্ষিক পৰিকল্পনা কেতিয়া আৰম্ভ হৈছিল?

উত্তৰঃ ভাৰতবৰ্ষত প্ৰথম পঞ্চবাৰ্ষিক পৰিকল্পনা ১৯৫১ চনৰ ১ এপ্ৰিলত আৰম্ভ হৈছিল।

৬। মানৱ উন্নয়নৰ তিনিটা মূল সূচক কি কি?

উত্তৰঃ মানৱ উন্নয়নৰ তিনিটা মূল সূচক হ’ল— প্ৰত্যাশিত আয়ুস, শিক্ষা আৰু জীৱন-যাত্ৰাৰ মান।

৭। ভাৰতত অৰ্থনৈতিক সংস্কাৰ নীতি কেতিয়া প্ৰৱৰ্তন কৰা হৈছিল?

উত্তৰঃ ভাৰতত অৰ্থনৈতিক সংস্কাৰ নীতি ১৯৯১ চনত প্ৰৱৰ্তন কৰা হৈছিল।

৮। ব্ৰুণ্ডলেণ্ড কমিশ্যন কেতিয়া গঠন কৰা হৈছিল?

উত্তৰঃ ব্ৰুণ্ডলেণ্ড কমিশ্যন ১৯৮৭ চনত গঠন কৰা হৈছিল।

৯। ‘ব্ৰুণ্ডলেণ্ড কমিশ্যন’ক আন কি নামেৰে জনা যায়?

উত্তৰঃ ‘ব্ৰুণ্ডলেণ্ড কমিশ্যন’ক ‘বিশ্ব পৰিৱেশ আৰু উন্নয়ন কমিশ্যন’ নামেৰে জনা যায়।

১০। ভাৰতত সেউজ বিপ্লৱ (Green Revolution) কেতিয়া আৰম্ভ হৈছিল?

উত্তৰঃ ভাৰতত সেউজ বিপ্লৱ ষাঠিৰ দশকৰ মাজভাগত আৰম্ভ হৈছিল।

১১। NITI ৰ সম্পূৰ্ণ নাম কি?

উত্তৰঃ NITI ৰ সম্পূৰ্ণ নাম হ’ল- National Institution for Transforming India.

১২। বহনক্ষম উন্নয়নৰ (Sustainable Development) ধাৰণাটো কোনে আগবঢ়াইছিল?

উত্তৰঃ বহনক্ষম উন্নয়নৰ ধাৰণাটো ব্ৰুণ্ডলেণ্ড কমিশ্যনে আগবঢ়াইছিল।

১৩। অৰ্থনৈতিক সংস্কাৰৰ তিনিটা মূল নীতি কি কি?

উত্তৰঃ অৰ্থনৈতিক সংস্কাৰৰ তিনিটা মূল নীতি হ’ল- উদাৰীকৰণ, ব্যক্তিগতকৰণ আৰু গোলকীকৰণ।

১৪। ২০১৫ চনৰ মানৱ উন্নয়ন সূচক অনুসৰি ভাৰতৰ স্থান কিমান আছিল?

উত্তৰঃ ২০১৫ চনৰ মানৱ উন্নয়ন সূচক অনুসৰি পৃথিৱীৰ ১৮৮ খন দেশৰ ভিতৰত ভাৰতৰ স্থান ১৩০ তম আছিল।

১৫। এক সীমাপৰিহিত বিশ্ব (borderless world) ৰ ধাৰণা কিহৰ লগত জড়িত?

উত্তৰঃ এক সীমাপৰিহিত বিশ্বৰ ধাৰণা গোলকীকৰণৰ (Globalization) লগত জড়িত।

দীঘল প্ৰশ্ন-উত্তৰ (Long Question & Answers):

১। অৰ্থনৈতিক বিকাশ আৰু অৰ্থনৈতিক উন্নয়নৰ মাজৰ পাৰ্থক্য লিখা।

উত্তৰঃ অৰ্থনৈতিক বিকাশ আৰু অৰ্থনৈতিক উন্নয়নৰ মাজৰ পাৰ্থক্যসমূহ হ’ল-

অৰ্থনৈতিক বিকাশঅৰ্থনৈতিক উন্নয়ন
অৰ্থনৈতিক বিকাশৰ অৰ্থ সীমিত, আনহাতে অৰ্থনৈতিক উন্নয়নৰ অৰ্থ বহল।অৰ্থনৈতিক বিকাশ হ’লেই অৰ্থনৈতিক উন্নয়ন হোৱা নুবুজায়, কিন্তু অৰ্থনৈতিক উন্নয়ন হ’বলৈ অৰ্থনৈতিক বিকাশ অপৰিহাৰ্য।
অৰ্থনৈতিক বিকাশে কেৱল জাতীয় আয় বা জনমূৰি আয় বৃদ্ধিক বুজায়।কিন্তু অৰ্থনৈতিক উন্নয়নে জাতীয় আয় বৃদ্ধিৰ লগতে আয়ৰ সমবিতৰণ আৰু জনসাধাৰণৰ স্বাস্থ্য, শিক্ষা, জীৱন-ধাৰণৰ মানদণ্ডৰ আদি সামগ্ৰিক উন্নয়নকো বুজায়।

Leave a Reply

This site uses Akismet to reduce spam. Learn how your comment data is processed.

Scroll to Top