Class 10 Political and Economies Chapter 4 অৰ্থনৈতিক উন্নয়ন

Class 10 Political and Economies Chapter – 4 অৰ্থনৈতিক উন্নয়ন – সমাধান answer to each chapter is provided in the list so that you can easily browse throughout different chapter Class 10 Political and Economies Chapter – 4 অৰ্থনৈতিক উন্নয়ন – সমাধান and select needs one.

Class 10 Political and Economies Chapter – 4 অৰ্থনৈতিক উন্নয়ন – সমাধান

Also, you can read SCERT book online in these sections Solutions by Expert Teachers as per SCERT (CBSE) Book guidelines. These solutions are part of SCERT All Subject Solutions. Here we have given Class 10 Political and Economies Chapter – 4 অৰ্থনৈতিক উন্নয়ন – সমাধান Solutions for All Subject, You can practice these here.

NEW VIDEO CLASSE

দশম শ্ৰেণীৰ সমাজ বিজ্ঞান পাঠ্যক্ৰমৰ ভিডিঅ’ উপলব্ধ

সহজ ব্যাখ্যা, অধ্যায়ভিত্তিক Video আৰু নোটসমূহ পাবলৈ তলৰ বিকল্পসমূহ বাছক

অৰ্থনৈতিক উন্নয়ন

( ECONOMIC DEVELOPMENT )

ADDITIONAL QUESTIONS ANSWER

Short Types Questions Answer

প্রশ্ন ১। এটা বিত্তীয় বছৰ কোনটো মাহৰ পৰা কোনটো মাহলৈকে ধৰা হয়? 

উত্তৰঃ ১ এপ্ৰিলৰ পৰা ৩১ মাৰ্চলৈকে।

প্রশ্ন ২। জাতীয় আয় কি?

উত্তৰঃ এটা বিত্তীয় বছৰত ( ১ এপ্ৰিলৰ পৰা ৩১ মাৰ্চলৈ) দেশ এখনত উৎপাদিত ছোৱা সৰ্বমুঠ সা-সামগ্ৰীৰ মুদ্রাগত মুলাই হ’ল জাতীয় আয়।

প্রশ্ন ৩। জনমূৰি আয় কি?

উত্তৰঃ জাতীয় আয়ক দেশখনৰ মুঠ জনসংখ্যাৰে ভাগ কৰিলে জনমুৰি আয় পোৱা যায়। 

প্রশ্ন ৪। UNDP ৰ সম্পূর্ণ অর্থ কি?

উত্তৰঃ United Nations Development Programme চমুকৈ ৰাষ্ট্ৰসংঘৰ উন্নয়ন কাৰ্যসূচী।

প্রশ্ন ৫। HDI ৰ সম্পূর্ণ অর্থ কি?

উত্তৰঃ Human Development Index.

প্রশ্ন ৬। মানৱ উন্নয়ন বুলিলে কি বুজা?

উত্তৰঃ মানৱ উন্নয়নে জনসাধাৰণৰ স্বাস্থ্য, শিক্ষা, জীৱন-ধাৰণৰ মানদণ্ড, আর্থ- সামাজিক, ৰাজনৈতিক পৰিৱেশ আদিৰ উন্নয়ন বুজায়।

প্রশ্ন ৭। NITI (নিটি) আয়োগ কি?

উত্তৰঃ NITI আয়োগ হ’ল ভাৰতবৰ্ষৰ ৰূপান্তৰণৰ বাবে ৰাষ্ট্ৰীয় অনুষ্ঠান।

প্রশ্ন ৮। NITI ৰ সম্পূৰ্ণ নামটো কি?

উত্তৰঃ National Institute for Transforming India.

প্রশ্ন ৯। নীতি আয়োগৰ প্ৰথমখন বৈঠক ক’ত আৰু কেতিয়া অনুষ্ঠিত হৈছিল? 

উত্তৰঃ ২০১৫ চনৰ ৭ ফেব্ৰুৱাৰীৰ দিনা দিল্লীত অনুষ্ঠিত হয়।

প্রশ্ন ১০। সেউজ বিপ্লৱ কাক বোলে?

উত্তৰঃ আধুনিক প্রযুক্তিবিদ্যা প্রয়োগ কৰি কৃষি খণ্ডৰ উৎপাদনৰ পৰিমাণ বৃদ্ধিয়েই হ’ল সেউজ বিপ্লব।

অতি চমু উত্তৰৰ প্রশ্ন :

১। ব্যাখ্যা কৰা ( এটা বাক্যত ):

( ক ) অর্থনৈতিক বিকাশ। 

উত্তৰঃ অর্থনৈতিক বিকাশ হ’ল এটা নির্দিষ্ট সময়ত দেশ এখনত হােৱা উৎপাদিত দ্রব্য তথা দেশ এখনৰ জনমূৰি আয় বৃদ্ধি আৰু জাতীয় আয়।

( খ ) অর্থনৈতিক উন্নয়ন। 

উত্তৰঃ অর্থনৈতিক উন্নয়ন হৈছে এটা গুণগত ধাৰণা যিটো অর্থনৈতিক বিকাশৰ লগতে গুৰুত্বপূৰ্ণ ক্ষেত্রসমূহত সাধন হােৱা দীর্ঘম্যাদী সামাজিক দেশ এখনৰ অর্থনৈতিক পৰিৱর্তনসমূহৰ লগত জড়িত। যেনে – সাংস্কৃতিক, স্বাস্থ্য শিক্ষা, ইত্যাদিৰ পৰিবৰ্তন সম্ভৱ হয় তেনে উন্নয়নকে অর্থনৈতিক উন্নয়ন বোলে।

( গ ) মানব উন্নয়ন। 

উত্তৰঃ মানৱ উন্নয়ন মানে হ’ল অর্থনৈতিক , সামাজিক , সাংস্কৃতিক আৰু ৰাজনৈতিক পছন্দসমূহৰ দৰে জনসাধাৰণৰ সামূহিক উন্নয়ন মাজেদি জীৱন-যাত্ৰাৰ মান বৃদ্ধি হোৱাটো বুজায়। 

( ঘ ) অর্থনৈতিক পৰিকল্পনা ৷ 

উত্তৰঃ অর্থনৈতিক পৰিকল্পনা হৈছে এছোৱা সময়ৰ ভিতৰত কেতবােৰ সুনির্দিষ্ট লক্ষ্যত উপনীত হােৱাৰ উদ্দেশ্যে এক কেন্দ্রীয় পৰিকল্পনা কর্তৃপক্ষৰ দ্বাৰা দেশৰ অৰ্থনীতিৰ নিয়ন্ত্রণ তথা দিগ দর্শন কৰা। 

( ঙ ) গণতান্ত্রিক পৰিকল্পনা। 

উত্তৰঃ গণতান্ত্রিক পৰিকল্পনা হ’ল এনে এক পৰিকল্পনা য’ত পৰিকল্পনাৰ যুগুতকৰণৰ বিভিন্ন পর্যায়ত জনসাধাৰণে সক্রিয়ভাৱে অংশগ্রহণ কৰাৰ সুযােগ লাভ কৰে। 

( চ ) উদাৰীকৰণ। 

উত্তৰঃ উদাৰীকৰণ মানে হ’ল দেশ এখনৰ আৰ্থিক ব্যৱস্থাৰ ওপৰত থকা ৰাষ্ট্ৰৰ নিয়ন্ত্ৰণৰ শিথিলকৰণ। 

( ছ ) ব্যক্তিগতকৰণ। 

উত্তৰঃ ব্যক্তিগতকৰণ মানে হৈছে চৰকাৰী  নিয়ন্ত্রণত থকা প্রতিষ্ঠানসমূহ ব্যক্তিগত বা বেচৰকাৰী খণ্ডলৈ মুকলি কৰি দিয়া। 

( জ ) গােলকীকৰণ বা বিশ্বায়ন। 

উত্তৰঃ গােলকীকৰণ হৈছে দেশ এখনৰ অৰ্থনীতিৰ সৈতে বিশ্বৰ অন্যান্য দেশৰ অৰ্থনীতিৰ সংযােগ স্থাপন বা সংহতি সাধন কৰাটোৱে। 

চমু উত্তৰৰ প্ৰশ্ন:

২। অর্থনৈতিক বিকাশ আৰু অর্থনৈতিক উন্নয়নৰ দুটা প্রধান পার্থক্য উল্লেখ কৰা। 

উত্তৰঃ অর্থনৈতিক বিকাশ আৰু অর্থনৈতিক উন্নয়নৰ দুটা প্রধান পার্থক্য হলঃ

ক্ৰমিক নংপাৰ্থক্যৰ ভিত্তিঅৰ্থনৈতিক বিকাশঅৰ্থনৈতিক উন্নয়ন
(a)অৰ্থদেশ এখনৰ উৎপাদিত দ্ৰব্য সেৱা, বিশেষকৈ জনমূৰী আয়ৰ বৃদ্ধি হোৱা।অৰ্থনৈতিক বিকাশে ধৰি গুৰুত্বপূৰ্ণ ক্ষেত্ৰ সমূহত হোৱা দীঘম্যাদী অৰ্থনৈতিক তথা সামাজিক পৰিৱৰ্তন।
(b)ধাৰণাই এটা সংখ্যাগত বা পৰিমানগত সীমিত ধাৰণা।ই এটা গুণগত তথা বিস্তাৰিত ধাৰণা।
(c)সম্পৰ্কএই বিকাশ অৰ্থনৈতিক উন্নয়নৰ সৈতে সংলগ্ন হব পাৰে অথবা নহবও পাৰে।ই উন্নয়ন সদায় অৰ্থনৈতিক বিকাশৰ সৈতে সংলগ্ন হৈ থাকে।
(d)পৰিসৰই কোনো প্ৰতিষ্ঠানিক পৰিবৰ্তনৰ সৈতে জড়িত নহয়।শিক্ষা, স্বাস্থ্য, বেংক ব্যৱস্থা, ভূমিৰ ভোগদখল আদিৰ হোৱা পৰিৱৰ্তন ইয়াৰ অংশ বিশেষ।

৩। মানব উন্নয়নৰ তিনিটা সূচক কি কি ? 

উত্তৰঃ মানৱ উন্নয়ন সূচক তিনিটা হলঃ 

( ক ) প্রত্যাশিত আয়ুস।

( খ ) শিক্ষা বা সাক্ষৰতা।

( গ ) জীৱন ধাৰণৰ মান। 

৪। সমষ্টিগত পছন্দৰ বিস্তাৰ সাধন হৈছে বুলিলে কি বুজিবা ? 

উত্তৰঃ সমষ্টিগত পছন্দৰ বিস্তাৰ সাধন হৈছে মানৱ উন্নয়নৰ প্রাথমিক ভিত্তি। জনসাধাৰণৰ পছন্দ হৈছে মানৱ উন্নয়নৰ মধ্যবিন্দু। জনসাধাৰণৰ সমষ্টিগত পছন্দই অর্থনৈতিক , সামাজিক , সাংস্কৃতিক আৰু ৰাজনৈতিক পছন্দক সামৰি লয়। দেশ এখনৰ প্ৰকৃত সম্পদ হ’ল দেশখনৰ জনসাধাৰণ। জনসাধাৰণৰ সমষ্টিগত পছন্দক তিনিটা কাৰকে প্রভাৱান্বিত কৰে। 

এইকেইটা হলঃ 

( ক ) প্রত্যাশিত আয়ুস।

( খ ) সাক্ষৰতা। 

( গ ) জীৱন ধাৰণৰ মানদণ্ড। 

৫। ভাৰতবৰ্ষৰ পঞ্চবার্ষিক পৰিকল্পনাৰ তিনিটা মূল লক্ষ্য উল্লেখ কৰা। 

উত্তৰঃ ভাৰতবৰ্ষৰ পঞ্চবার্ষিক পৰিকল্পনাৰ তিনিটা মূল লক্ষ্য হলঃ 

( ক ) অর্থনৈতিক উন্নয়নৰ হাৰ ক্ষীপ্ৰতৰ কৰা। 

( খ ) নিয়োগৰ সা – সুবিধা বৃদ্ধি কৰা। 

( গ ) দৰিদ্ৰতা নির্মূল কৰা। 

( ঘ ) আঞ্চলিক বৈষম্য দূৰ কৰা।

( ঙ ) আর্থ – সামাজিক বৈষম্য দূৰ কৰা। 

৬। নিটি ( NITI ) আয়ােগৰ সদস্যসকল কোন কোন ? 

উত্তৰঃ নিটি আয়ােগৰ সদস্যসকল হৈছেঃ 

( ক ) নিটি আয়ােগৰ অধ্যক্ষ হ’ল প্রধানমন্ত্রী। 

( খ ) প্রধানমন্ত্ৰীৰ দ্বাৰা নিযুক্ত দিয়া উপাধ্যক্ষ। 

( গ ) নিজৰ নিজৰ ক্ষেত্ৰত দক্ষতাসম্পন্ন তিনিগৰাকী পূর্ণকালীন সদস্য। 

( ঘ ) দুগৰাকী অংশকালীন সদস্য। 

( ঙ ) চাৰিগৰাকী কেন্দ্রীয় মন্ত্রী সদস্য হিচাপে নিযুক্ত।

( চ ) মুখ্য কাৰ্যবাহী বিষয়া হিচাপে নিযুক্ত এজন ভাৰতীয় প্রশাসনিক বিষয়া। 

( ছ ) পৰিচালনা পৰিষদৰ সদস্য হিচাপে আছে প্রতিখন ৰাজ্যৰ মুখ্যমন্ত্ৰীসকলৰ লগতে কেন্দ্রীয় শাসিত অঞ্চলসমূহৰ উপ – ৰাজ্যপালসকল।

দীঘল উত্তৰৰ প্রশ্ন:

৭। ভাৰতবৰ্ষৰ পৰিকল্পিত অর্থনৈতিক উন্নয়নৰ প্ৰথমছােৱা ( ১৯৫১-১৯৯১ ) আৰু দ্বিতীয়ছােৱা ( ১৯৯১ ৰপৰা বৰ্তমানলৈ ) ৰ মাজত থকা এটা মূল পার্থক্য ব্যাখ্যা কৰা। 

উত্তৰঃ ভাৰতবৰ্ষৰ পৰিকল্পিত অর্থনৈতিক উন্নয়নৰ প্ৰথমছোৱা আৰু দ্বিতীয়ছোৱাৰ মাজত থকা এটা মূল পার্থক্য হ’ল- ভাৰতবৰ্ষৰ পৰিকল্পিত অর্থনৈতিক উন্নয়নৰ প্রথমছােৱা ( ১৯৫১-৫২ ৰ পৰা ১৯৯০-৯১ ) ত ৰাজহুৱা খণ্ডই ভাৰতীয় অর্থনীতিত মুখ্য ভূমিকা পালন কৰিছিল। কিন্তু ভাৰতবৰ্ষৰ পৰিকল্পিত অর্থনৈতিক উন্নয়নৰ দ্বিতীয়ছােৱা ( ১৯৯১ ১২ চনৰ পৰা বৰ্তমানলৈ ) সময়ত ৰাজহুৱা খণ্ডৰ ভূমিকা যথেষ্ট পৰিমাণে হ্রাস হ’বলৈ ধৰে আৰু উদাৰীকৰণ , ব্যক্তিগতকৰণ তথা গােলকীকৰণ আদিৰ দৰে নতুন ধাৰণাসমূহে গতি লাভ কৰিবলৈ ধৰে। 

এই সময়ছোৱাত ভাৰতীয় অৰ্থনীতিৰ মূল লক্ষ্য আছিল—

(ক) অৰ্থনৈতিক উন্নয়নৰ হাৰ ক্ষীপ্ৰ কৰি তোলা।

(খ) আধুনিক প্রযুক্তি বিদ্যা প্ৰয়োগৰ ওপৰত গুৰুত্ব প্ৰদান কৰা।

(গ) আত্মনিৰ্ভৰশীলতা অৰ্জন কৰা।

(ঘ) সামাজিক ন্যায় প্ৰতিষ্ঠা কৰা।

৮। ভাৰতবৰ্ষত অর্থনৈতিক সংস্কাৰ প্ৰৱৰ্তনৰ তিনিটা মূল কাৰণ চমুকৈ ব্যাখ্যা কৰা। 

উত্তৰঃ ভাৰতবৰ্ষত অর্থনৈতিক সংস্কাৰ প্রৱর্তনৰ তিনিটা প্রধান কাৰণ হৈছেঃ 

( ক ) ৰাজহ ঘাটি :- বিত্তীয় ঘাটি হৈছে এটা অর্থনৈতিক পৰিঘটনা যত চৰকাৰী ব্যয় বৃদ্ধিৰ হাৰতকৈ চৰকাৰী আয় বৃদ্ধি কম হয়। ভাৰতবৰ্ষৰ পৰিকল্পিত অর্থনৈতিক উন্নয়নৰ প্ৰথমছােৱাত ভাৰতীয় অর্থনীতিয়ে বৃহৎ বিত্তীয় ঘাটিৰ সন্মুখীন হ’বলগীয়া হৈছিল। এই সময়ত ৰাজহুৱা খণ্ডৰ প্রতিষ্ঠানসমূহৰ অৱস্থা অতি শােচনীয় হৈ পৰিছিল। প্ৰায়বােৰ উদ্যোগেই লােকচান ভৰিবলগীয়া হৈছিল।

( খ ) মুদ্রাস্ফীতি :- প্রাক্ – অর্থনৈতিক সংস্কাৰৰ সময়ছােৱাত ভাৰতীয় অর্থনীতি মুদ্রাস্ফীতিৰ বাবে অতি গভীৰভাৱে ক্ষতিগ্রস্ত হৈছিল। মুদ্রাস্ফীতিৰ উচ্চ হাৰে সামাজিক তথা আর্থিকভাৱে পিছপৰা সীমিত উপার্জনকাৰী লােকসকলৰ ওপৰত প্রতিকূল প্ৰভাৱ পেলাইছিল। 

( গ ) পৰিশােধেয় ধনৰ ভাৰসাম্যতা :- ৮০ দশকৰ পৰা ভাৰতৰ বৈদেশিক বাণিজ্যৰ ক্ষেত্ৰত পৰিশােধেয় ধনৰ ভাৰসাম্যতাত ব্যাঘাত জন্মিছিল। ভাৰতীয় অর্থনীতিত আমদানিতকৈও ৰপ্তানিৰ পৰিমাণ কমি যোৱাৰ ফলত ভাৰতীয় অর্থনীতিলৈ বিদেশী মুদ্ৰাৰ পৰিমাণ কমি গৈছিল। মূলধনৰ প্ৰৱাহত ভাৰসাম্যতাহীনতাই ভাৰতৰ বৈদেশিক বাণিজ্য ঘাটিৰ পৰিমাণ উদ্বেগজনকভাৱে বৃদ্ধি কৰিছিল। 

এনে এক পটভূমিতেই সেই সময়ৰ পি, ভি, নৰসিংহ ৰাওৰ নেতৃত্বাধীন কেন্দ্রীয় চৰকাৰে অৰ্থনৈতিক সংস্কাৰ কাৰ্যসূচী প্ৰৱৰ্তন কৰিলে।

৯। অর্থনৈতিক সংস্কাৰৰ তিনিটা সুফল উল্লেখ কৰা। 

উত্তৰঃ অর্থনৈতিক সংস্কাৰৰ তিনিটা সুফল-

( ক ) অর্থনৈতিক উন্নয়নৰ হাৰ :- অর্থনৈতিক সংস্কাৰৰ প্রৱর্তনৰ পূর্বে ভাৰতৰ অর্থনৈতিক উন্নয়নৰ বার্ষিক হাৰ আছিল ৩,৫ শতাংশ। কিন্তু নতুন সংস্কাৰৰ প্রৱর্তনৰ পিছত অর্থনৈতিক বার্ষিক উন্নয়নৰ হাৰ ২০০৫-২০০৮বর্ষত ৯.৪ শতাংশ আৰু ২০০৯-২০১৪ বৰ্ষত প্রায় ৯.২ শতাংশলৈ বৃদ্ধি হয়। 

( খ ) পাইকাৰী মূল্যৰ হ্রাস কৰা :- অর্থনৈতিক সংস্কাৰােত্তৰ সময়ছােৱাত পাইকাৰী মূল্যসূচী হ্রাস হৈছে। অৱশ্যে খুচুৰা মূল্যসূচী একে হাৰত হ্রাস হােৱা নাই। 

( গ ) বৈদেশিক বিনিময়যােগ্য মুদ্ৰাৰ পৰিমাণত হােৱা বৃদ্ধি :- ভাৰতত ১৯৯০-৯১ বৰ্ষত ৰিজাৰ্ভ বেংকত জমা থকা বৈদেশিক বিনিময়যােগ্য মুদ্ৰাৰ পৰিমাণ তেনেই কম আছিল যাৰ দ্বাৰা কেৱল ১৫ দিনৰ আমদানি কার্যহে সম্পাদন কৰা সম্ভৱ আছিল। কিন্তু ২০১৫ চনৰ মাৰ্চত এই পৰিমাণ বৃদ্ধি হৈ ৩২৮,৭ বিলিয়ন ডলাৰ হৈছে , যিয়ে পৰৱর্তী ৭ মাহৰ আমদানিৰ মূল্য সামৰি লৈছে। ভাৰতবৰ্ষৰ কেন্দ্ৰীয় বেংক ৰিজাৰ্ভ বেংকত জমা হোৱা বৈদেশীক বিনিময়যোগ্য মুদ্ৰাৰ পৰিমাণ বৃদ্ধি হৈছে। 

১০। অর্থনৈতিক সংস্কাৰ প্ৰৱৰ্তনৰ ফলত সৃষ্টি হােৱা দুটা অসুবিধা চমুকৈ ব্যাখ্যা কৰা। 

উত্তৰঃ ভাৰতত অর্থনৈতিক সংস্কাৰ প্ৰৱর্তনৰ ফলত সৃষ্টি হােৱা দুটা অসুবিধাসমূহ হৈছেঃ 

( ক ) সীমিত ক্রয় ক্ষমতা :- অর্থনৈতিক সংস্কাৰে প্রতিযােগিতাৰ প্ৰসাৰ আৰু তীব্রতা দুয়ােটাই বৃদ্ধি কৰিছে। কিন্তু ক্রয় ক্ষমতাৰ নাটনিৰ বাবে সাধাৰণ জনগণই এইধৰণৰ সুবিধাসমূহ গ্ৰহণ কৰিব পৰা নাই। চৰকাৰী সাহাৰ্য হ্ৰাস পোৱা বাবে উৎপাদন মূল্যও বৃদ্ধি পাইছে।

( খ ) গােলকীকৰণৰ ব্যৱস্থাপনা :- যােৱা কেইবছৰত গােলকীকৰণৰ ব্যৱস্থাপনাৰ প্ৰয়ােজন অনুভৱ কৰা হৈছে। কাৰণ গােলকীকৰণৰ ফলত স্থানীয় উদ্যোগসমূহ বেয়াকৈ ক্ষতিগ্ৰস্ত হৈছে। কোনো ধৰণৰ পৰিস্থিতিতেই গােলকীকৰণ আৰু জাতীয় স্বার্থৰ পাৰস্পৰিক সংঘর্ষ হ’ব নালাগিব। 

১১। অসমৰ চলিত পঞ্চবার্ষিক পৰিকল্পনাৰ ছটা প্রধান লক্ষ্য উল্লেখ কৰা।

উত্তৰঃ অসমৰ চলিত পঞ্চবার্ষিক পৰিকল্পনাৰ প্ৰধান লক্ষ্যসমূহ হলঃ 

( ক ) ভাৰতীয় ৰাজ্যসমূহৰ দেশৰ উন্নতি উন্নত ৰাজ্যসমূহৰ সম পৰ্যায়লৈ আহিবলৈ অহা দুই-তিনিটা দশকৰ ভিতৰত অসমৰ উন্নয়নৰ হাৰ ১০ শতাংশলৈ বৃদ্ধি কৰা।

( খ ) দৰিদ্ৰতা দূৰ কৰিবৰ উদ্দেশ্যৰে বিভিন্ন আঁচনি গ্ৰহণ কৰা। 

( গ ) প্ৰযুক্তিবিদ্যা আৰু বিজ্ঞানসন্মত ব্যৱস্থাপনাৰ জৰিয়তে বানপানী আৰু গৰাখহনীয়াৰ সমস্যা সমাধান কৰা।

( ঘ ) কৃষিখণ্ডৰ বার্ষিক উন্নয়নৰ হাৰ ৬ শতাংশৰ পৰা ৮ শতাংশলৈ বৃদ্ধি কৰা। 

( ঙ ) শস্য উৎপাদনত আত্মনিৰ্ভৰশীলতা অর্জনৰ লগতে শক্তি পৰিবহণ তথা বিতৰণৰ ক্ষেত্ৰত আধুনিক প্রযুক্তিবিদ্যাৰ প্রয়ােগ কৰা। 

( চ ) স্বাস্থ্য তথা শিক্ষা খণ্ডত বিনিয়ােগৰ পৰিমাণ বৃদ্ধি কৰাৰ দ্বাৰা অসমৰ মানৱ উন্নয়নৰ সূচাংকৰ মান বৃদ্ধি কৰা। দক্ষতা বৃদ্ধিৰ আঁচনিৰ জৰিয়তে স্ব-নিয়োগৰ বাট মুকলি কৰা।

NEW VIDEO CLASS

Subject Ka Complete Video Solution Dekhein

Step-by-step easy concept explanation aur full questions Answer ke liye watch karein ya app download karein:

Leave a Reply

This site uses Akismet to reduce spam. Learn how your comment data is processed.

Scroll to Top