Class 10 Geography Chapter 4 অসমৰ ভূগোল answer to each chapter is provided in the list so that you can easily browse throughout different chapter Class 10 Geography Chapter 4 অসমৰ ভূগোল – সমাধান and select needs one.
Class 10 Geography Chapter 4 অসমৰ ভূগোল
Also, you can read SCERT book online in these sections Solutions by Expert Teachers as per SCERT (CBSE) Book guidelines. These solutions are part of SCERT All Subject Solutions. Here we have given Class 10 Geography Chapter 4 অসমৰ ভূগোল – সমাধান Solutions for All Subject, You can practice these here.
অসমৰ ভূগোল
দ্বিতীয় খণ্ড (Geography)
১। অসমৰ মাটিকালি , জনসংখ্যা আৰু জনসংখ্যা ঘনত্বৰ বিষয়ে তথ্য সহকাৰে চমুকৈ লিখা ।
উত্তৰঃ অসমৰ মুঠ মাটিকালি হৈছে প্রায় ৭৮,৪৩৮ বর্গ কিলােমিটাৰ যি ভাৰতবৰ্ষৰ মুঠ মাটিকালিৰ প্রায় ২.৪ শতাংশ ভূমি সামৰি লৈছে । ২০১১ চনৰ লােকপিয়ল অনুসৰি অসমৰ মুঠ জনসংখ্যা হৈছে ৩১২.০৫ লাখ বা ৩১ নিযুত যিয়ে ভাৰতবৰ্ষৰ মুঠ জনসংখ্যা প্রায় ২.৬ শতাংশ গঠন কৰিছে ।
এই জনসংখ্যাৰ ভিতৰত ১৫৯.৩৯ লাখ পুৰুষ আৰু ১৫২.৬৬ লাখ মহিলা । ১৯০১ চনত অসমত জনসংখ্যা ঘনত্ব আছিল প্রতি বর্গ কিলােমিটাৰত ৪২ জন যি ২০১১ চনলৈ বৃদ্ধি হৈ প্রতি বর্গ কিলােমিটাৰত ৩৯৮ জন হয়গৈ ।
অসমৰ জনসংখ্যা প্রায় ৮৫ শতাংশ জনসংখ্যাই ব্ৰহ্মপুত্ৰ উপত্যকাত বাস কৰে যত । ২০০১ চন আৰু ২০১১ চনৰ লােকপিয়লৰ তথ্য মতে জনসংখ্যা ঘনত্ব আছিল প্রতি বর্গ কিঃ মিঃত ক্রমে ১২২০ জন । আৰু ১৫০২ জন ।
২। অসমৰ শিক্ষিতৰ হাৰ কিদৰে বৃদ্ধি হৈছে চমুকৈ উল্লেখ কৰা ।
উত্তৰঃ ২০০১ চনৰ লােকপিয়লৰ তথ্যমতে অসমত শিক্ষিত লােকৰ হাৰ আছিল মাত্র ৬৩.২৫ শতাংশ যি এটা দশকৰ ভিতৰত ১০ শতাংশ বৃদ্ধি হৈ ২০১১ চনত ৭২.১৯ শতাংশ হয়। ই হ’ল এক বুজন পৰিমাণৰ বৃদ্ধি ।
৩। ২০১১ চনৰ তথ্য মতে অসমত কেইখন প্রথম শ্রেণীৰ আৰু কেইখন দ্বিতীয় শ্রেণীৰ চহৰ আছে ?
উত্তৰঃ ২০১১ চনৰ লােকপিয়লৰ তথ্য মতে অসমত ৭ খন প্রথম শ্রেণীৰ আৰু ৬ খন দ্বিতীয় শ্রেণীৰ চহৰ আছে । “ প্রথম শ্রেণীৰ চহৰ ” শব্দটোৰে এক লাখ বা ততােধিক জনসংখ্যা থকা চহৰসমূহক বুজোৱাৰ বিপৰীতে “ দ্বিতীয় শ্রেণীৰ চহৰ ” শব্দটোৰ দ্বাৰা ৫০ হাজাৰৰ পৰা ১ লাখৰ ভিতৰত জনসংখ্যা থকা চহৰসমূহক বুজোৱা হৈছে ।
৪। ১৯০১ চনৰ পৰা ২০১১ চনলৈ অসমৰ জনসংখ্যা বৃদ্ধিৰ বিষয়ে আলােচনা কৰা ।
উত্তৰঃ প্রদত্ত তথ্য মতে ১৯০১ চনত অসমৰ জনসংখ্যা আছিল ৩ নিযুত যিয়ে ভাৰতৰ মুঠ জনসংখ্যা প্রায় ১.৩৮ শতাংশ গঠন কৰিছিল । ইয়াৰ পিছত ১৯৪১ চনত ৰাজ্যখনৰ জনসংখ্যা বৃদ্ধি হৈ ৭ নিযুতৰ ঘৰত উপনীত হয়গৈ । ইয়াৰ পৰা দেখা যায় যে ১৯০১ চন আৰু ১৯৪১ চনৰ মাজত অসমৰ জনসংখ্যা দুগুণতকৈও অধিকভাৱে বৃদ্ধি হৈছিল ।
কিন্তু , স্বাধীনােত্তৰ সময়ছােৱাত , ১৯৫১ চনৰ পৰা সীমান্তৰে হােৱা আন্তঃ প্ৰব্ৰজনৰ ফলত ৰাজ্যখনৰ জনসংখ্যা অধিক দ্রুতভাৱে বৃদ্ধিহ’বলৈ ধৰে । ১৯৫১-৬১ আৰু ১৯৬১-৭১ চনৰ সময়ছােৱাত ৰাজ্যখনৰ জনসংখ্যা বৃদ্ধিৰ হাৰ আছিল ক্রমে ৩৪.৯৮ শতাংশ আৰু ৩৪.৯৫ শতাংশ ।
অৱশ্যে ইয়াৰ পৰৱর্তী দশকসমূহত অর্থাৎ ১৯৭১-৮১ , ১৯৮১-৯১ , ১৯৯১-২০০১ , ২০০১-২০১১ৰ দশকত বাংলাদেশৰ পৰা হােৱা প্ৰব্ৰজন নিয়ন্ত্রণ কৰাৰ লগতে মৃত্যু হাৰৰ বৃদ্ধিৰ ফলত ৰাজ্যখনৰ জনসংখ্যা বৃদ্ধিৰ হাৰ সামান্যভাৱে হ্রাস হয় ।
২০০১-২০১১ৰ দশকত এই বৃদ্ধিৰ হাৰ আছিল মাত্র ১৭.৭ শতাংশ যি স্বাধীনতাৰ পিছৰ দশকসমূহত ৩০ শতাংশৰাে অধিক আছিল । বর্তমান ৰাজ্যখনৰ মুঠ জনসংখ্যা হৈছে ৩১ নিযুত যি ১৯০১ চনত মাত্র ৩ নিযুত আছিল আৰু এই বৃদ্ধি আছিল প্রায় দহগুণ ।
৫। ভৌগােলিক অঞ্চলভেদে উপযুক্ত মানচিত্ৰৰ সহায়ত অসমৰ জনসংখ্যাৰ বিতৰণ পর্যালােচনা কৰা ।
উত্তৰঃ ভৌগােলিক অঞ্চলভেদে অসমৰ জনসংখ্যাক জনসংখ্যা ঘনত্ব আৰু আকাৰ অনুসৰি ৰাজ্যখনক তিনিটা অঞ্চলত ভাগ কৰাৰ দ্বাৰা ব্যাখ্যা কৰিব পৰা যায় । তলত ইয়াক মানচিত্ৰ সহকাৰে দেখুৱা হ’ল-

( ক ) ব্রহ্মপুত্র উপত্যকা অঞ্চল :- ই হৈছে অসমৰ সৰ্বাধিক জনসংখ্যাপূর্ণ অঞ্চল য’ত ৰাজ্যখনৰ প্রায় ৮৫ শতাংশ লােকে বাস কৰে । ২০১১ বৰ্ষৰ লােকপিয়লৰ তথ্য অনুসৰি অঞ্চলটোত জনসংখ্যা ঘনত্ব হ’ল প্রতি বর্গ কিঃমিত ১৫০২ জন ।
অঞ্চলটোত জনসংখ্যা ঘনত্ব অধিক হােৱাৰ মূলতে হ’ল ইয়াৰ অনকূল জলবায়ু , সমতল ভূ – অৱয়ৱ , সুচল পৰিবহণ তথা যােগাযােগ ব্যৱস্থাৰ সুবিধা , যথেষ্ট সংখ্যক নদীৰ উপস্থিতি আদি ।
ব্রহ্মপুত্র উপত্যকা অঞ্চলটোক আকৌ নিম্নোল্লিখিত অঞ্চলসমূহত ভাগ কৰা হৈছেঃ
( i ) উজনি বহ্মপুত্র উপত্যকা অঞ্চল :- ব্ৰহ্মপুত্ৰ উপত্যকাৰ প্রায় ২১ শতাংশ জনসংখ্যাই উজনি ব্ৰহ্মপুত্র উপত্যকা অঞ্চলত বাস কৰে আৰু ইয়াত জনসংখ্যা ঘনত্ব হ’ল প্রতি বর্গ কিঃমিঃত ৩৭২ জন ।
( ii ) মধ্য ব্রহ্মপুত্র উপত্যকা অঞ্চল :- ব্রহ্মপুত্র উপত্যকাৰ মুঠ জনসংখ্যাৰ ২৭ শতাংশ জনসংখ্যাই মধ্য ব্রহ্মপুত্র উপত্যকা অঞ্চলত বাস কৰে । এই অঞ্চলটোৰ জনসংখ্যা ঘনত্ব হ’ল প্রতি বর্গ কিঃমিঃত ৫০০ জন ।
( iii ) নামনি ব্রহ্মপুত্র উপত্যকা অঞ্চল :- নামনি ব্রহ্মপুত্র উপত্যকা অঞ্চলতে জনসংখ্যা সর্বাধিক পুঞ্জীভৱণ হােৱা দেখা যায় । ব্ৰহ্মপুত্ৰ উপত্যকাৰ মুঠ জনসংখ্যা প্রায় ৩৬ শতাংশ লােকে ইয়াত বাস কৰে আৰু ইয়াত জনসংখ্যা ঘনত্ব হৈছে প্রতি বর্গ কিঃ মিঃত ৬৩১ জন ।
( খ ) বৰাক উপত্যকা অঞ্চল :- ২০১১ বৰ্ষৰ লােকপিয়লৰ তথ্য মতে ৰাজ্যখনৰ মুঠ জনসংখ্যা প্রায় ১১ শতাংশ লােকে এই অঞ্চলটোত বাস কৰে । ২০১১ বৰ্ষৰ তথ্য মতে এই অঞ্চলটোত জনসংখ্যা ঘনত্ব হ’ল প্রতি বর্গ কিঃমিঃত ৫৪৫ জন ।
অঞ্চলটোত জনসংখ্যা ঘনত্ব অধিক হােৱাৰ প্ৰধান কাৰণসমূহ হ’ল ইয়াৰ অনুকূল জলবায়ু সাৰুৱা পলসুৱা মাটি , সুচল পৰিবহণ তথা যােগাযােগ ব্যৱস্থা আদি ।
( গ ) পার্বত্য অঞ্চল :- এই অঞ্চলটো ব্ৰহ্মপুত্ৰ আৰু বৰাক উপত্যকাৰ মাজত অৱস্থিত কাৰ্বি আংলং আৰু ডিমা হাছাও নামৰ দুখন পাহাৰীয়া জিলাৰে গঠিত।ৰাজ্যখনৰ মুঠ জনসংখ্যা প্রায় প্রায় ৩.৭৫ শতাংশ লােকে ইয়াত বাস কৰে ইয়াত জনসংখ্যা ঘনত্ব হৈছেপ্রতি বর্গ কিঃমিঃত ৬৮ জন ।
অঞ্চলটোত জনসংখ্যা ঘনত্ব কম হােৱাৰ প্ৰধান কাৰণ হ’ল ইয়াৰ প্রতিকূল ভূপ্রাকৃতিক অৱস্থা ।
৬। অসমৰ জনসংখ্যা বিতৰণৰ ভিন্নতাৰ কাৰণবােৰ উদাহৰণসহ চমুকৈ আলােচনা কৰা ।
উত্তৰঃ ২০১১ বৰ্ষৰ লােকপিয়লৰ তথ্য অনুসৰি অসমৰ মুঠ জনসংখ্যা হৈছে ৩১ নিযুত আৰু ইয়াৰ জনসংখ্যা ঘনত্ব হ’ল প্রতি বর্গ কিঃমিঃত ৩৯৮ জন । এই জনসংখ্যা প্রায় ৮৫ শতাংশ লােকে ব্রহ্মপুত্র উপত্যকাত আৰু ১১ শতাংশ লােকে বৰাক উপত্যকা অঞ্চলত বাস কৰে ।
আনহাতে ৰাজ্যখনৰ বাকী ৩.৭৫ শতাংশ লােকে কাৰ্বি আংলং আৰু ডিমা হাছাও জিলা দুখনেৰে গঠিত পার্বত্য বা পাহাৰীয়া অঞ্চলটোত বাস কৰে । ৰাজ্যখনৰ অঞ্চলভেদে জনসংখ্যা ঘনত্বৰ মাজত যথেষ্ট তাৰতম্য দেখা যায় ।
ব্রহ্মপুত্র উপত্যকাত জনসংখ্যা ঘনত্ব প্রতি বর্গ কিঃমিঃত ১৫০২ জন হােৱাৰ বিপৰীতে বৰাক উপত্যকাত হ’ল প্রতি বর্গ কিঃমিঃত ৫৪৫ জন আৰু পার্বত্য অঞ্চলত প্রতি বর্গ কিঃমিঃত ৬৮ জন । এইদৰে অসমৰ জনসংখ্যাৰ বিতৰণৰ ক্ষেত্ৰত যথেষ্ট ভিন্নতা দেখা পাওঁ । এই ভিন্নতাৰ বাবে দায়ী প্রধান কাৰকসমূহ হ’ল :-
( ক ) জলবায়ুৰ ক্ষেত্ৰত থকা ভিন্নতা ।
( খ ) ভূ – প্রাকৃতিক তাৰতম্যতা ।
( গ ) অঞ্চলসমূহৰ অর্থনৈতিক বিকাশৰ ক্ষেত্ৰত থকা ভিন্নতা ।
( ঘ ) পৰিবহণ তথা যােগাযােগ ব্যৱস্থাৰ বিকাশৰ ক্ষেত্ৰত থকা ভিন্নতা ।
( ঙ ) বিভিন্ন সম্পদৰ উপলব্ধতাৰ ক্ষেত্ৰত থকা ভিন্নতা ।
ব্রহ্মপুত্র উপত্যকাত সমতল ভূমি , সাৰুৱা মাটি , সুচল কৃষিকার্য আৰু যাতায়াত ব্যৱস্থাৰ বাবে ইয়াত জনসংখ্যাৰ ঘনত্ব অধিক ।
একে জনসংখ্যা ঘনত্ব অধিক হােৱা দেখা যায়।ইয়াৰ বিপৰীতে কিন্তু অনুপযুক্ত ভূ – অৱয়ৱ তথা ভূ – প্রাকৃতিক অৱস্থাৰ বাবে ডিমা হাছাও আৰু কাৰ্বি আংলং জিলা দুখনেৰে গঠিত পার্বত্য অঞ্চলটোত জনবসতিৰ উপস্থিতি তেনেই সেৰেঙা হােৱা দেখা যায় ।
২০১১ বৰ্ষৰ লােকপিয়লৰ তথ্যমতে কামৰূপ ( মহানগৰ ) জিলাত প্রতি বর্গ কিঃমিঃত ২,০১০ জনেৰে জনসংখ্যা ঘনত্ব ৰাজ্যখনৰ ভিতৰত সর্বাধিক হােৱাৰ বিপৰীতে প্রতি বর্গ কিঃমিঃত মাত্র ৪৪ জন লােকেৰে ডিমা হাছাও জিলাত জনসংখ্যা ঘনত্ব আছিল সর্বনিম্ন , যিটোৱে দেখুৱায় যে উত্তম সা – সুবিধা আৰু সুযােগে অধিক লােকক আকর্ষণ কৰে আৰু প্ৰতিকূল ভূ – প্রাকৃতিক অৱস্থাৰ পিছপৰা অঞ্চলসমূহে মানৱ বসতি প্ৰতিৰােধ কৰে ।
৭। ২০১১ চনৰ তথ্য মতে অসমৰ জিলাসমূহৰ ভিতৰত আটাইতকৈ বেছি জনসংখ্যা আৰু জনসংখ্যা ঘনত্ব থকা আৰু আটাইতকৈ কম জনসংখ্যা আৰু জনসংখ্যা ঘনত্ব থকা জিলাখনৰ নাম উল্লেখ কৰা ।
উত্তৰঃ ২০১১ চনৰ লােকপিয়লৰ তথ্য মতে ২,৮২৬,০০৬ জন লােকে বসবাস কৰা নগাঁও জিলা অসমৰ সৰ্বাধিক জনসংখ্যাৰ জিলা হােৱাৰ বিপৰীতে ২,১৩,৫২৯ জন লােকে বসবাস কৰা ডিমা হাছাও জিলা হৈছে অসমৰ ভিতৰত সর্বনিম্ন জনসংখ্যাৰ জিলা ।
আনহাতে , প্রতি বর্গ কিঃ মিঃত ২,০১০ জন লােকে বসবাস কৰা কামৰূপ ( মহানগৰ ) জিলা অসমৰ সৰ্বাধিক জনসংখ্যা ঘনত্ব থকা জিলা হােৱাৰ বিপৰীতে প্রতি বর্গ কিঃ মিঃত ৪৪ জন লােকে বসবাস কৰা ডিমা হাছাও জিলা হৈছে অসমৰ সর্বনিম্ন জনসংখ্যা ঘনত্ব থকা জিলা ।
৮। অসমৰ জনসংখ্যা বৃদ্ধিৰ কাৰণবােৰ চমুকৈ আলােচনা কৰা ৷
উত্তৰঃ অসমৰ জনসংখ্যা বৃদ্ধিৰ বাবে দায়ী কাৰণসমূহ হলঃ
( ক ) প্রাকৃতিক কাৰণ :- প্রাকৃতিক কাৰণ বুলি ক’লে মৃত্যুৰ হাৰ’হ্রাস হােৱা আৰু জন্মৰ হাৰ বৃদ্ধি হােৱাকে বুজা যায় । যােৱা কেইটামান দশকৰ সময়ছােৱাত সু – চিকিৎসা ব্যৱস্থাৰ উপলব্ধতা , জীৱন ধাৰণৰ মানদণ্ডৰ ক্ষেত্ৰত হােৱা বিকাশ আৰু অর্থনৈতিক বিকাশৰ বাবে ৰাজ্যখনত মৃত্যুৰ হাৰ হ্রাস হােৱাৰ লগতে জন্মৰ হাৰ বৃদ্ধি পাইছে ।
ৰাজ্যখনৰ এই জন্ম আৰু মৃত্যুৰ হাৰ ভাৰতৰ জন্ম – মৃত্যুৰ হাৰৰ সৈতে প্রায় সমান ।
( খ ) জনপ্ৰব্ৰজন :- অসমৰ জনসংখ্যাৰ অবাধ বৃদ্ধিৰ বাবে দায়ী প্রধান কাৰণটো হ’ল ৰাজ্যখনলৈ হােৱা জনপ্রব্রজন । ১৮২৬ চনৰ পৰাই ৰাজ্যখনলৈ প্ৰব্ৰজন ঘটিছিল যদিও ১৯ শতিকাৰ আদিভাগৰ পৰাহে এই প্ৰব্ৰজনৰ সোঁত অধিক সক্রিয় হৈ পৰিছিল । দেশ বিভাজনৰ সময়ছােৱাত পূর্ব পাকিস্তানৰ পৰা বৃহৎ সংখ্যক হিন্দু শৰণাৰ্থীৰ অসমলৈ প্ৰব্ৰজন ঘটিছিল ।
১৯৫১ চনৰ পৰা ২০০১ চনলৈ বাংলাদেশৰ পৰা ৰাজ্যখনলৈ অবাধ জনপ্ৰব্ৰজন ঘটিছিল । এই সময়ছােৱাত ভাৰতৰ ১৮৫ শতাংশ জনসংখ্যা বৃদ্ধিৰ হাৰৰ বিপৰীতে অসমৰ জনসংখ্যা বৃদ্ধিৰ হাৰ আছিল ২৩২ শতাংশ । অৱশ্যে শেহতীয়া বৰ্ষসমূহত এই বৃদ্ধি কিছু পৰিমাণে হ্রাস হৈছে।
৯। অসমলৈ প্রাচীন কালৰ পৰা বর্তমান সময়লৈকে হােৱা জনপ্ৰব্ৰজনৰ সোঁতবােৰ একাদিক্রমে উল্লেখ কৰা ।
উত্তৰঃ প্রাচীন কালৰ পৰা বৰ্তমান সময়লৈকে অসমলৈ বিভিন্ন সময়ত বিভিন্ন জনগােষ্ঠীৰ প্ৰব্ৰজন ঘটিছিল । এইদৰে সময়ে সময়ে অসমলৈ হােৱা জন প্ৰব্ৰজনৰ আঁতবােৰ একাদিক্রমে তলত উল্লেখ কৰা হ’ল :
( ক ) অষ্ট্ৰিক জনগােষ্ঠী :- অসমলৈ জনপ্ৰব্ৰজন ঘটা প্ৰথমটো জনস্রোত আছিল অষ্ট্রিক জনগােষ্ঠীৰ লােকসকল । সম্ভৱতঃ তেওঁলােক দক্ষিণ – পূর্ব এছিয়াৰ পৰা আহিছিল।বর্তমান মেঘালয় ( ১৯৭০ চনত অসমৰ পৰা পৃথক হৈ যােৱা ৰাজ্য ) ত বসবাস কৰা খাছীয়া আৰু জয়ন্তীয়াসকল এইজনগােষ্ঠীৰ লােক ।
এই জনগােষ্ঠীৰ লােকসকলৰ কিছুসংখ্যক মেঘালয়ৰ সীমামূৰীয়া অসমৰ কাৰ্বি আংলং আৰু ডিমা হাছাও জিলাত বসবাস কৰা দেখা যায় । কাছাৰ জিলাৰ জয়ন্তীয়ালােক সকলাে এই জনগােষ্ঠীৰে লােক ।
( খ ) মংগােলীয় জনগােষ্ঠী :- অসমলৈ আগমন ঘটা দ্বিতীয়টো জনস্রোত তিব্বতীয়া বৰ্মন ভাষা কোৱা মংগােলীয় জনগােষ্ঠীৰ লােকসকল ৷ তেওঁলােক মধ্য এছিয়াৰ পৰা হিমালয় অতিক্রম কৰি অসমলৈ আহিছিল আৰু অসমৰ বিভিন্ন অংশত থিতাপি লৈছিল।
খাছীয়া আৰু জয়ন্তীয়াসকলক বাদ দি অসমত বর্তমান সময়তবসবাস কৰাসকলােবােৰ জনজাতি এই জনগােষ্ঠীৰ অন্তৰ্গত ।
এই জনগােষ্ঠীৰ অন্তৰ্গত প্রধান জনজাতিসমূহ হৈছে সমতল বা ভৈয়ামত বাস কৰা বড়াে , মিছিং , ৰাভা , তিৱা , দেউৰী , সােণােৱাল , কছাৰী , মেছ , কাছাৰৰ বৰ্মনসকল আৰু পাহাৰত বাস কৰা কাৰ্বি , ডিমাছা কছাৰী , গাৰ , কুকি , মাৰ , হাজং , ৰেংমা নাগা আৰু জেমি নাগাসকল ।
( গ ) আর্যসকল :- মংগােলীয়সকলৰ পিছত অসমলৈ প্ৰব্ৰজন ঘটা জনস্রোতটো আছিল সিন্ধু – আর্য ভাষা কোৱা লােকসকল । এই আৰ্যসকল ককেছীয় জনগােষ্ঠীৰ অন্তৰ্গত লােক । পােন প্রথমতে স্থানীয় ৰজা বা শাসকসকলৰ নিমন্ত্রণক্রমে অসমলৈ আহিছিল ।
পিছলৈ তেওঁলােকৰ বহুতেই নিজে নিজে আৰু অন্য কিছুমানে ৰাজ্যখনৰ ব্ৰহ্মপুত্ৰ আৰু বৰাক উপত্যকাৰ অর্থনৈতিক সম্ভাৱনাসমূহৰ দ্বাৰা আকর্ষিত হৈ অসমলৈ আহিছিল । অসমত বসবাস কৰা অজনজাতীয় লােকৰ সৰহসংখ্যক লােকেই এইজনগােষ্ঠীৰ অন্তৰ্গত।
( ঘ ) মুছলমান সৈন্যসকল :- ১৩ শতিকাৰ আদি ভাগত সিন্ধু – আর্য জনগােষ্ঠীৰ অন্তৰ্গত সৈন্যসকলৰ এটা মুছলমান ধৰ্মাৱলম্বী গােটে কুটুবুদ্দিনৰ এগৰাকী মুছলমান সেনাপতি মহম্মদ বিন বখতিয়াৰ খিলীজিৰ নেতৃত্বত তিব্বত জয় কৰিবলৈ যােৱাৰ পথত অসমত প্ৰৱেশ কৰি অসম আক্ৰমণ কৰিছিল ।
ইয়াৰ পৰৱর্তী বছৰসমূহত , উত্তৰ ভাৰতৰ মােগল ৰজাসকলৰ পৃষ্ঠপােষকতাত মুছলমান সেনাপতিসকলে কেইবা বাৰাে অসম অভিযান কৰিছিল । এই সৈন্যসকলৰ কিছুমানে স্বেচ্ছাই ইয়াত থাকি গৈছিল , কিছুমান বন্দীৰূপে আৰু অন্য কিছুমান স্থানীয় ৰজা আৰু স্থানীয় লােকৰ বিভিন্ন কামৰ প্রয়ােজন নিয়ােজিত হৈ ৰৈ গৈছিল ।
পিছলৈ এই ক্ষুদ্র মুছলমান জনবসতিৰ বৃদ্ধি হৈ ব্ৰহ্মপুত্ৰ আৰু বৰাক উপত্যকাত এক বৃহৎ মুছলমান সমাজ প্রতিষ্ঠা হৈছিল ।
( ঙ ) আহােমসকল :- মুছলমান সৈন্যসকলৰ পিছত অসমলৈ আগমন ঘটা পৰৱৰ্তী জনস্রোতটো আছিল আহােমসকল । আহােমসকলেই অসমলৈ ব্রজিত হােৱা সবাতােকৈ গুৰুত্বপূৰ্ণজনগােষ্ঠী । আহােমসকল মূলতঃ মংগােলীয় জনগােষ্ঠীৰ । আহোম সকলৰ মুলতঃ মংগােলীয় জনগোষ্ঠীৰ লোক ।
তেওঁলােক ১২২৮ খ্রীঃত চুকাফাৰ নেতৃত্বত উত্তৰ ম্যানমাৰৰ চান মালভূমিৰ পৰা পাটকাই পর্বত পাৰ হৈ অসমলৈ আহিছিল । পােন প্রথমতে তেওঁলােকে উজনি অসমত বসতি স্থাপন কৰিছিল আৰু তাতেই আহােম ৰাজ্য প্রতিষ্ঠা কৰিছিল । পৰৱর্তী সময়ত তেওঁলােকে সমগ্র ব্রহ্মপুত্র উপত্যকাকে নিজৰ নিয়ন্ত্রণাধীন কৰিছিল।
আহােমসকলে প্রায় ৬০০ বছৰ অসমত ৰাজত্ব কৰিছিল আৰু অসমৰ সমাজ – সংস্কৃতিলৈ বৃহভাৱে অৱদান আগবঢ়াইছিল । বর্তমান সময়ত উজনি আৰু মধ্য অসমত আহােম জনবসতি পৰিলক্ষিত হয় ।
( চ ) ব্রিটিছশাসনৰ সময়ত হােৱা জনপ্ৰব্ৰজন :- ব্রিটিছে ১৮২৬ খ্রীঃত অসম অধিকাৰ কৰিছিল । অসম অধিকাৰ কৰাৰ পিছত তেওঁলােকক প্রশাসনীয় , অর্থনৈতিক আৰু বাণিজ্যিক কার্যকলাপ সমূহ চলাবলৈ কিছুমান শিক্ষিত তথা দক্ষতাসম্পন্ন ব্যক্তিৰ প্ৰয়ােজন হৈছিল ।
সেয়েহে ব্রিটিছসকলে তেওঁলােকৰ হৈ কাম কৰিবলৈ বংগ , বিহাৰ , উত্তৰ প্রদেশ , ৰাজস্থান , নেপাল আদি ঠাইৰ পৰা শিক্ষিত লােকক অসমলৈ আনিছিল । পৰৱৰ্তী সময়ত ব্রিটিছসকলে অসমত চাহখেতি আৰম্ভ কৰাত তেওঁলােকে মধ্য ভাৰতৰ ছােটানাগপুৰ মালভূমি অঞ্চলৰ পৰা এই চাহ বাগিছাসমূহত কাম কৰিবলৈ জনজাতীয় লােককিছুমানক অসমলৈ আনিছিল।
( ছ ) বাংলাদেশৰ পৰা হােৱা জনপ্ৰব্ৰজন :- ১৯ শতিকাৰ শেষৰ দশকৰ পৰা স্বাধীনতাৰ আগলৈকে পূর্বৰ পূব বংগ ( বর্তমান বাংলাদেশ ) ৰ পৰা ভূমিহীন মুছলমানসকলৰ অসমলৈ প্ৰব্ৰজন ঘটিছিল । ১৯৪৭ চনৰ আগষ্টৰ পিছত নতুনকৈ সৃষ্টি হােৱা পূর্ব পাকিস্তানৰ পৰা বহুতাে হিন্দু শৰণাৰ্থীৰ অসমলৈ ব্রজন হৈছিল ।
ইয়াৰে মুছলমান কৃষকসকলে সাৰুৱা সমতল ভূমিত থিতাপি লােৱাৰ বিপৰীতে হিন্দু প্ৰব্ৰজনকাৰীসকলে ব্যৱসায় বাণিজ্যৰ সুবিধা থকা অঞ্চলসমূহত থিতাপি লৈছিল ৷ অসমত অধিক সুযােগ – সুবিধা লাভ কৰাৰ ফলস্বৰূপেই আজিলৈকে বাংলাদেশৰ পৰা অসমলৈ জনপ্ৰব্ৰজন সংঘটিত হৈয়ে আছে ।
( জ ) আন্তঃৰাজ্যিক জনপ্ৰব্ৰজন :- অর্থনৈতিক , সামাজিক তথা শৈক্ষিক আদি বিভিন্ন কাৰণত ভাৰতৰ বিভিন্ন ৰাজ্যসমূহৰ পৰাও অসমলৈ বহুতাে লােকৰ প্ৰব্ৰজন ঘটিছে । এই লােকসকলৰ প্ৰধানকৈ ৰাজস্থান , পঞ্জাব , পশ্চিমবংগ , মণিপুৰ আদি ৰাজ্যৰ পৰা আগমন ঘটিছে ।
১০। অসমৰ আহােমসকলৰ জনগােষ্ঠীয় পৰিচয়দাঙি ধৰা ।
উত্তৰঃ ১৩ শতিকাত আহােমসকলৰ অসমলৈ আগমন ঘটিছিল । তেওঁলােক মংগােলীয় জনগােষ্ঠীৰ অন্তৰ্গত । ১২২৮ খ্রীঃত চুকাফাৰ নেতৃত্বত তেওঁলােকে আহি অসমত উপস্থিত হৈছিল । তেওঁলােকে উত্তৰ ম্যানমাৰৰ চান মালভূমি অঞ্চলৰ পৰা পাটকাই পর্বত পাৰ হৈ অসমত প্ৰৱেশ কৰিছিল ।
তেওঁলােকে নিজকে উজনি অসমত প্রতিষ্ঠা কৰিছিল আৰু পৰৱর্তী সময়ত সমগ্ৰ অসমৰাজ্য জয় কৰিছিল । আহােমসকলে প্রায় ৬০০ বছৰ কাল অসম শাসন কৰিছিল আৰু অসমৰ সমাজ সংস্কৃতিলৈ যথেষ্ট অৱদান আগবঢ়াই থৈ গৈছিল । তেওঁলােকে ৰাজ্যখনৰ লােক ধর্মীয় , সামাজিক , সাংস্কৃতিক আৰু ৰাজনৈতিক পৰিচয়ক বৃহৎভাৱে প্ৰভাৱান্বিত কৰিছিল ।
অসমৰ তিনিচুকীয়া , ডিব্ৰুগড় , শিৱসাগৰ , যােৰহাট , গােলাঘাট , লখিমপুৰ , ধুবুৰী , মৰিগাঁও , নগাঁও আৰু শোণিতপুৰ জিলাত এই জনগােষ্ঠীৰ লােকসকলে বাস কৰা দেখা যায় ।
১১। পৰিবহণ ব্যৱস্থাই অসমৰ অর্থনৈতিক উন্নতিত কিদৰে সহায় কৰিছেচমুকৈ আলােচনা কৰা ।
উত্তৰঃ পৰিবহণ ব্যৱস্থা হৈছে দেশ বা অঞ্চল এটাৰ অর্থনৈতিক উন্নয়নৰ এটা গুৰুত্বপূর্ণ কাৰক । ই প্ৰধানকৈ দেশ এখনৰ বিভিন্ন অংশসমূহৰ মাজত সংযােগ স্থাপন কৰাৰ লগতে যােগাযােগ ব্যৱস্থা উন্নত কৰি তােলে । এই সম্পদসমূহৰ বিনিময়ৰ লগতে জ্ঞান , সংস্কৃতি তথা সভ্যতাৰ আদান – প্রদানত সহায় কৰে ।
সেয়েহে , ৰেলপথ , জলপথ , বাট – পথ আৰু আকাশী পথেৰে গঠিত দক্ষ যাতায়ত বা পৰিবহণ ব্যৱস্থা হৈছে দেশ এখনৰ জীৱন ৰেখা । কৃষি , উদ্যোগ , ব্যৱসায় বাণিজ্য , যােগাযােগ আদিৰ দৰে অর্থনৈতিক খণ্ডসমূহৰ বিকাশ নিৰ্ভৰ কৰে দক্ষ পৰিবহণ ব্যৱস্থাৰ ওপৰত । অসমৰ দৰে ৰাজ্য এখনৰ ক্ষেত্ৰত ই একেবাৰে সত্য কথা ।
অসম ৰাজ্যখন সৌভাগ্যশালী বুলি অভিহিত কৰিব পৰাৰ কাৰণ এয়ে যে ইয়াত বিস্তৃত ভূমি , অসংখ্য নদনদী , সমতল ভূ – অৱয়ৱ , চহকীসম্পদ , অত্যধিক মানৱ সম্ভাৱনা আদিৰ দৰে বহুতাে গুৰুত্বপূর্ণ সম্পদৰ উপস্থিতি দেখা যায় । এই সকলােবােৰ সম্পদক কেৱল দক্ষ পৰিবহণ ব্যৱস্থাৰ সহায়তহে বিকশিত কৰিব পৰা যায় ।
অসমক উত্তৰ পূবৰ অন্য ৰাজ্যসমূহৰ প্ৰৱেশদ্বাৰ হিচাপে গণ্য কৰা হয় । সেয়েহে , সমগ্র উত্তৰ – পূবৰ উন্নয়ন অসমৰ পৰিবহণ ব্যৱস্থাৰ ওপৰত নিৰ্ভৰ কৰে । এই ৰাজ্যসমূহৰ অৰ্থনীতিত প্রয়ােজন হােৱা বিভিন্ন দ্রব্যসমূহ পৰিবহণ ব্যৱস্থাৰ বিভিন্ন মাধ্যমেৰে অসমৰ মাজেৰে পৰিবাহিত হয় ।
এইটোৱে ৰাজ্যখনৰ অর্থনীতি অধিকভাৱে বৃদ্ধি কৰিছে । অসম ভাৰতৰ পূর্ব কোণত অৱস্থিত । এই ৰাজ্যখনক পৰিবহণ ব্যৱস্থাইহে ভাৰতবৰ্ষৰ অন্য অংশৰ সৈতে সংলগ্ন কৰিছে । ৰাজ্যখনৰ অর্থনৈতিক উন্নয়নৰ বাবে প্রয়ােজন হােৱা যথেষ্ট সংখ্যক আর্থিক সামগ্রী ৰাজ্যখনৰ বাহিৰৰ পৰা আমদানি কৰিবলগীয়া হয় ।
আনহাতে চাহপাত , খাৰুৱা তেল , প্রাকৃতিক গেছ , চূণশিল আদি স্থানীয়ভাৱে উৎপাদিত দ্রব্যসমূহ ৰাজ্যৰ বাহিৰলৈ ৰপ্তানি কৰিবলগীয়া হয় , যিবােৰ কেৱল দক্ষ পৰিবহণ ব্যৱস্থাৰ মাধ্যমেৰেহে সম্পন্ন হয় । অন্যার্থত , অসমৰ অর্থনৈতিক উন্নয়ন সাধনৰ ক্ষেত্ৰত পৰিবহণ ব্যৱস্থাই গুৰুত্বপূর্ণ ভূমিকা পালন কৰি আহিছে ৷
১২। অসমৰ জল পৰিবহণৰ বিষয়ে এটি চমুটোকা লিখা ।
উত্তৰঃ অসমৰ জল পৰিবহণ ব্যৱস্থা মূলতঃ আভ্যন্তৰীণ জল পৰিবহণ ব্যৱস্থা । ভাৰতৰ মুঠ জল সম্পদৰ ৩২ শতাংশ জল সম্পদৰ অধিকাৰী ব্ৰহ্মপুত্ৰ আৰু বৰাক নদীৰ লগতে ইয়াৰ অসংখ্য উপনৈ মিলি বিস্তৃত জলপথ সৃষ্টি কৰিছে ।
১৯৮৮ চনত শদিয়াৰ পৰা ধুবুৰীলৈ ব্ৰহ্মপুত্ৰৰ ৮৯১ কিঃমিঃ নাব্য জলপথক দেশৰ দ্বিতীয়টো ৰাষ্ট্ৰীয় জলপথ বুলি ঘােষণা কৰা হৈছে । আনহাতে ২০১৩ চনত বৰাক নদীৰ ১২১ কিঃমিঃ নাব্য জলপথক যষ্ঠটো ৰাষ্ট্ৰীয় জলপথ বুলি ঘােষণা কৰা হৈছে । এই জলপথ দুটাই সমগ্ৰ উত্তৰ পূৰ্বাঞ্চলৰ অর্থনৈতিক উন্নয়নত অৰিহণা যােগাই আহিছে ।
অসমৰ এই আভ্যন্তৰীণ জলপথ দুটাৰ উন্নয়নৰ কাৰণে কেন্দ্রীয় আভ্যন্তৰীণ জল পৰিবহণ নিগম আৰু আভ্যন্তৰীণ জল পৰিবহণ সঞ্চালকালয় নামৰ দুটা সংস্থাই চোৱা – চিতাৰ দায়িত্ব লৈছে ।
অসমৰ আভ্যন্তৰীণ জল পৰিবহণ ব্যৱস্থাৰ স্থল পৰিবহণ ব্যৱস্থাৰ তুলনাত নিম্নোক্ত সুবিধাসমূহ উপলব্ধ :
( ক ) ইন্ধনৰ কম খৰচ ।
( খ ) বায়ু প্ৰদূষণৰ সমস্যা নাথাকে ।
( গ ) স্থলপথৰ অনুন্নত অঞ্চলত যথেষ্ট সংখ্যক যাত্রী পােৱা যায় ।
( ঘ ) প্রাকৃতিক দুর্যোগৰ সময়ত গুৰুত্বপূর্ণ ভূমিকা পালন কৰে ।
( ঙ ) ৰাস্তা নির্মাণ , মেৰামতি আদি সমস্যাবােৰ নাথাকে ।
( চ ) বস্তু-বাহানি আৰু যাত্রী অতি সহজে চলাচল কৰিব পাৰে ।
১৩। অসমৰ পৰিবহণ ব্যৱস্থাৰ উন্নয়নৰঅন্তৰায় হিচাপে দেখা দিয়া পাঁচটা প্রধান কাৰণ উল্লেখ কৰা ।
উত্তৰঃ অসমত এক দক্ষ পৰিবহণ ব্যৱস্থা বিকাশৰ প্রবল সম্ভাৱনা আছে আৰু ইয়াৰ আৱশ্যকতাও যথেষ্ট । কিন্তু এই খণ্ডৰ উন্নয়নৰ ক্ষেত্রত কিছুমান সমস্যাই প্রতিবন্ধকতা হিচাপে দেখা দিছে ।
অসমৰ পৰিবহন ব্যৱস্থাৰ উন্নয়নৰ অন্তৰায় হিচাপে দেখা দিয়া কাৰণকেইটা তলত উল্লেখ কৰা হ’ল-
( ক ) পাহাৰ , মালভূমি , সমভূমি , প্লাবন ভূমি , জলাশয় আদিৰে বৈশিষ্ট্যপূর্ণ অসমৰ ভিন্ন ভূ – প্রকৃতিৰ বাবে যাতায়ত ব্যৱস্থা সম্প্ৰসাৰণ কৰা ক্ষেত্ৰত যথেষ্ট অসুবিধা হয় ।
( খ ) অসমক ইয়াৰ পশ্চিমৰ ঠেক ভূখণ্ডৰ দ্বাৰা ভাৰতৰ লগত সংলগ্ন কৰা হৈছে বাবে পৰিবহণৰ ক্ষেত্ৰত কিছু অসুবিধাৰ সৃষ্টি হয় ।
( গ ) বাট – পথ নির্মাণ আৰু মেৰামতিৰ বাবে কিছুমান অঞ্চলৰ মাটিৰ গুণাগুণ উপযুক্ত নহয় । তদুপৰি , প্ৰচুৰ ৰষুণৰ বাবে বাট – পথ অতি সহজে নষ্ট হয় । বাট – পথ নির্মাণত আধুনিক প্রযুক্তি আৰু কৌশল প্রয়ােগ নকৰাৰ ফলত অতি কম দিনৰ ভিতৰতে বাট – পথৰ শােচনীয় অৱস্থা হয় ।
( ঘ ) ঔদ্যোগিক বিকাশৰ ক্ষেত্ৰত অসম পিছপৰি থকা বাবে ইয়াৰ পৰিবহণ ব্যৱস্থাটোও অনুন্নত হৈ আছে ।
( ঙ ) অসমৰ পৰ্যটন উদ্যোগৰ বিকাশত যথেষ্ট গুৰুত্ব নিদিয়া বাবে পৰিবহণ ব্যৱস্থাটোও উন্নত হােৱা নাই ।
( চ ) অসম ৰাষ্ট্ৰীয় আৰু আন্তঃৰাষ্ট্ৰীয় বাণিজ্যৰ ক্ষেত্ৰত সফলতা অর্জন কৰিব পৰা নাই আৰু তাৰ লগে লগে পৰিবহণ ব্যৱস্থাও উন্নত হােৱা নাই ।
( ছ ) উগ্রপন্থী সমস্যাৰ ফলত সৃষ্টি হােৱা অস্থিৰতাৰ বাবে ৰাজ্যখনত দেশী আৰু বিদেশী বিনিয়ােগকাৰী হ্রাস হােৱা বাবে ব্যৱসায় আৰু বাণিজ্যৰ ক্ষেত্ৰত যথেষ্ট অসুবিধাৰ সৃষ্টি হৈছে । ইয়াৰ ফলত পৰিবহণ ব্যৱস্থাও বাধাগ্রস্ত হৈছে ।
( জ ) অসমৰ পৰিবহণ ব্যৱস্থাৰ প্ৰসাৰ সংখ্যাগতভাৱে হৈছে যদিও গুণগত দিশত ব্যৱস্থাটো সিমান আগবাঢ়িব পৰা নাই । লগতে গােটেই পৰিবহণ ব্যৱস্থাটোৰ কাৰ্যকৰী আৰু কাৰিকৰী দক্ষতাৰ অভাৱ পৰিলক্ষিত হৈছে ।
( ঝ ) পৰিবহণ ব্যৱস্থাৰ সামগ্রিক উন্নতিৰ বাবে পথ পৰিবহণ , জল পৰিবহণ , ৰে’ল পৰিবহণ আৰু বিমান পৰিবহণৰ মাজত যি এক সমন্বয়ৰ প্রয়ােজন সেই সমন্বয় অসমত দেখিবলৈ পােৱা নাযায় ।
( ঞ ) পৰিবহণৰ উন্নতি আৰু প্ৰসাৰৰ বাবে চৰকাৰী আঁচনিসমূহ সময়মতে আৰু সঠিকভাৱে ৰূপায়ণ নকৰা বাবে ইয়াৰ উন্নয়ন সম্ভৱ হৈ উঠা নাই ।
১৪। সম্পদ বুলিলে কি বুজায় ? অসমৰ প্রধান প্রাকৃতিক সম্পদবােৰ কি কি ?
উত্তৰঃ যিবােৰ দ্ৰব্যই প্রত্যক্ষভাৱে বা পৰােক্ষভাৱে মানুহৰ অভাৱ আৰু চাহিদা পূৰণ কৰে তাকে সম্পদ বুলি জনা যায় । আনহাতে, যিবােৰ সম্পদক প্রকৃতিয়ে প্রাকৃতিকভাৱে সৃষ্টি কৰে তাকে প্রাকৃতিক সম্পদ বােলে ।
অসমৰ প্ৰাকৃতিক সম্পদসমূহ হলঃ
( ক ) ভূমি সম্পদ :- অসমৰ ভূমিক বিভিন্ন ভাগত ভগাব পাৰি।ইয়াৰ ভিতৰত পলসুৱা মাটি অতি গুৰুত্বপূর্ণ সম্পদ। নতুন পলসূৱা মাটি ব্ৰহ্মপুত্ৰ আৰু বৰাক নদীৰ প্লাৱন ভূমি আৰু সমভূমি অঞ্চলবােৰত পােৱা যায় । এই মাটি ধান , মৰাপাট , মাহ আৰু শাক – পাচলিৰ খেতিৰ বাবে উপযােগী ।
পুৰণি পলসুৱা মাটি ব্ৰহ্মপুত্ৰ আৰু বৰাক উপত্যকাৰ সমভূমিৰ তুলনামূলকভাৱে ওখ অঞ্চলত পােৱা যায় । এই মাটি ধান,মৰাপাট,মাহ,আৰু শাক-পাচলি খেতিৰ বাবে উপযোগী ।
( খ ) বনজ সম্পদ :- জনসংখ্যা বৃদ্ধিৰ ফলত অসমৰ বনজ সম্পদ যথেষ্ট হ্রাস পাইছে যদিও অসম বনজ সম্পদত চহকী । সকলাে প্ৰকাৰৰ ক্রান্তীয় অৰণ্য ইয়াত পােৱা যায় যাক বিভিন্ন প্রকাৰৰ চৰাই আৰু জন্তুয়ে চহকী কৰিছে ।
ইয়াত মূল্যৱান ওখ ওখ গছ – গছনি যেনে – নাহৰ , চোম , শিৰীষ , আমাৰি , শিমলু ইত্যাদি আৰু চাপৰ গছ – গছনি আৰু ঘাঁহবন যেনে :- বাঁহ , বেত , তৰা , কৌপাত , টেকীয়া আদি পােৱা যায় । খৰি কাঠ , খেৰ , শাক – পাচলি , ফল – মূল , ঔষধি উদ্ভিদ ইত্যাদি এইবােৰৰ পৰাই আহৰণ কৰা হয় ।
সংৰক্ষিত বনাঞ্চলকে ধৰি অসমৰ হাবিত বিভিন্ন প্রকাৰৰ জন্তু যেনেঃ এশিঙীয়া গঁড় , হাতী , বাঘ , ভালুক , বনৰীয়া ম’হ , হৰিণ , বান্দৰ , বিভিন্ন প্রকাৰৰ সৰীসৃপ ইত্যাদি পােৱা যায় ।
( গ ) খনিজ সম্পদ :- অসম খনিজ সম্পদত চহকী যদিও অসুবিধাজনক অৱস্থিতি আৰু প্ৰতিকূল অৱস্থাৰ বাবে ভালদৰে আহৰণ কৰিব পৰা নাই । অসমৰ উল্লেখযােগ্য খনিজ সম্পদবােৰ হ’ল কয়লা , খনিজ তেল , প্রাকৃতিক গেছ আৰু চূণশিল ।
উল্লেখযােগ্য তৈল ক্ষেত্রসমূহ হ’ল ডিগবৈ , নাহৰকটীয়া , লাকুৱা , গেলেকী , হােলা আৰু আমগুৰি । এই তৈল ক্ষেত্ৰসমূহত প্রাকৃতিক গেছ পােৱা যায় । মাকুম , ডিলী – জয়পুৰ , চৰাইপুং – জান , কলিয়াজান , উমৰাংচু , গৰমপানী , শিঙিমাৰী অঞ্চলত কয়লা পােৱা যায় ।
পাহাৰীয়া জিলাকাৰ্বি আংলং আৰু ডিমা হাছাও জিলাত চুণশিল পােৱা যায় । অসমত পােৱা আন আন খনিজ সম্পদসমূহ হ’ল লােৰ আৰ , ফেলণ্ডাৰ , কোৱাৰ্টজ আৰু খনিজ মৃত্তিকা ।
( ঘ ) জলজ সম্পদ :- অসম পৃষ্ঠ জলসম্পদ আৰু ভূতল জলসম্পদ উভয়তে চহকী । ব্রহ্মপুত্র আৰু বৰাক নদী আৰু ইয়াৰ উপনৈ , প্রচুৰ পৰিমাণৰ বৃষ্টিপাত , লগতে বিল , জলাশয় , পিতনি , হ্রদ আদিৰ জলৰাশিয়ে দেশৰ প্রায় এক তৃতীয়াংশ জল সম্পদ বহনেৰে অসমক চহকী কৰিছে । বিভিন্ন ধৰণৰ মাছ আৰু জলজ উদ্ভিদ এই জলৰাশিত পােৱা যায় ।
১৫। অসমৰ প্ৰধান তৈলক্ষত্রসমূহ উল্লেখ কৰা ৷
উত্তৰঃ ভাৰতবৰ্ষত পোন প্রথমে ডিগবৈত তৈলক্ষেত্র আৱিষ্কাৰ আৰু বিকাশ সাধন কৰা হয় আৰু ই অসমত অৱস্থিত । ১৮৮৯ চনত এই তৈলক্ষেত্ৰত খনন কাৰ্য আৰম্ভ হয়। পিছলৈ নাহৰকটীয়া , মৰাণ , হুগ্রীজান , ৰুদ্ৰসাগৰ , লাকোৱা , গেলেকী , বৰহেলা আৰু আমগুৰি তৈলক্ষেত্ৰৰ পৰা তেল উৎপাদন কৰা হয় ।
১৬। অসমৰ জলসম্পদৰ বিষয়ে চমুকৈ লিখা ।
উত্তৰঃ প্ৰচুৰ পৰিমাণৰ বৃষ্টিপাত , অসংখ্য উপনৈ , বৃহৎ পৰিমাণৰ জলাশয় আদিয়ে অসমৰ ভূ – তল জল আৰু পৃষ্ঠতল জল সম্পদ চহকী কৰিছে । অসমৰ প্রধান নদী দুখন ব্ৰহ্মপুত্ৰ আৰু বৰাকত যথেষ্ট পৰিমাণৰ জলসম্পদ পােৱা হয় । দুয়ােখন নদী আৰু ইহঁতৰ উপনদীয়ে দেশৰ ভিতৰত এক তৃতীয়াংশ জলসম্পদ বহন কৰিছে ।
ইয়াৰ উপৰি সমগ্ৰ ৰাজ্যখনতে বহুতাে সৰু ডাঙৰ জলাহ আৰু পুখুৰী আছে । অসমত তিনি হাজাৰৰাে অধিক আর্দ্রভূমি আছে । এই জলাশয়বােৰত বিভিন্ন প্রকাৰৰ মাছ অন্যান্য জলজ প্রাণী আৰু উদ্ভিদ পােৱা যায় ।
এই নদ – নদীসমূহৰ জলৰাশি কৃষিকাৰ্যৰ লগতে ঘৰুৱা প্রয়ােজন আৰু ঔদ্যোগিক ক্ষেত্ৰত ব্যৱহাৰ কৰা হয় । এই নদীসমূহক ৰাজ্যৰ জল পৰিবহণ ব্যৱস্থাৰ কাৰণেও ব্যৱহাৰ কৰা হয়।ব্রহ্মপুত্র আৰু ৰাক উপত্যকাতাে ভূ – তলীয় জল প্ৰচুৰ পৰিমাণে পােৱা যায় ।
সমভূমি অঞ্চলত ভূ – তল জল ভূপৃষ্ঠৰ পৰা ৫ মিটাৰ গভীৰতাত পােৱা যায় । এই জলভাগাে কৃষি , উদ্যোগ আৰু ঘৰুৱা প্ৰয়ােজনত ব্যৱহাৰ কৰা হয় । কিন্তু মন কৰিবলগীয়া কথা এয়ে যে অসমত প্ৰচুৰ পৃষ্ঠ জলসম্পদ আৰু ভূতল জলসম্পদ আছে যদিও ইয়াৰ উপযুক্ত ব্যৱহাৰ এতিয়াও হােৱা নাই ।
১৭। অসমৰ প্রাকৃতিক সম্পদসমূহৰ অৱক্ষয়ৰ কাৰণবােৰ কি কি ?
উত্তৰঃ সাধাৰণতে প্রাকৃতিক আৰু মানৱজনিত কাৰক উভয়ৰ বাবে প্রাকৃতিক সম্পদসমূহৰ অৱক্ষয় হয় । দুভার্গ্যবশতঃ প্রাকৃতিক সম্পদত চহকী অসমত মানুহে জধে – মধে প্রাকৃতিক সম্পদ ব্যৱহাৰ কৰাৰ ফলত ইয়াৰ অৱক্ষয় হৈছে ।
ইয়াৰ প্রধান কাৰণসমূহ হ’ল :–
( ক ) যােৱা কেইটামান দশকত অসমৰ জনসংখ্যা দ্রুতগতিত বৃদ্ধি পােৱাৰ ফলত মানুহৰ বসতি আৰু খাদ্য – শস্যৰ প্রয়ােজনীয়তা বৃদ্ধি পাইছে ৷ ফলত হাবি-বননি পৰিষ্কাৰ কৰিব লগা হৈছে , জলাশয় পুতিব লগা হৈছে আৰু উৰ্বৰ কৃষিভূমি বসতিৰ কাৰণে ব্যৱহাৰ কৰিব লগা হৈছে ।
( খ ) অনুচিতভাৱে ভূমিৰ ব্যৱহাৰে ভূমি ক্ষয় , ভূমিৰ উৰ্বৰতা হ্রাস , আৰু ভূমি প্রদূষণ বৃদ্ধি কৰিছে ।
( গ ) খাদ্য – শস্যৰ বৰ্দ্ধিত উৎপাদনৰ কাৰণে হাবি – বননি আৰু আর্দ্রভূমিসমূহ চাফা কৰি খেতি – বাতিৰ কাৰণে ব্যৱহাৰ কৰা হৈছে ৷
( ঘ ) ৰাসায়নিক সাৰ প্ৰয়ােগৰ ফলত কৃষিভূমিৰ উৰ্বৰতা শক্তি ক্রমান্বয়ে হ্রাস পাই আহিছে ।
( ঙ ) খনিজাত দ্রব্যসমূহ অবৈজ্ঞানিকভাৱে আহৰণ কৰি পৰিবহণ , উদ্যোগ আৰু শক্তিখণ্ডত অত্যধিক মাত্ৰাত ব্যৱহাৰ কৰাৰ ফলস্বৰূপে খনিজ সম্পদসমূহ ধ্বংসৰ মুখলৈ আগবাঢ়ি গৈ আছে ।
( চ ) অপৰিকল্পিত নগৰীকৰণ আৰু ঔদ্যোগিকৰণৰ ফলস্বৰূপে বায়ু , পানী আৰু ভূমি প্ৰদূষণ বৃদ্ধি কৰিছে ।
( ছ ) প্রাকৃতিক সম্পদৰ অসংগত ব্যৱহাৰে প্ৰাকৃতিক সম্পদৰ অৱক্ষয়ত উল্লেখযােগ্য ভূমিকা পালন কৰে ।
১৮। বর্ধিত জনসংখ্যাৰ প্রাকৃতিক সম্পদৰ ওপৰত কেনেদৰেপ্ৰভাৱ পেলাইছে ?
উত্তৰঃ অসমত প্ৰচুৰ পৰিমাণে ভূমি সম্পদ , অৰণ্য সম্পদ , খনিজ সম্পদ আৰু জলসম্পদ পােৱা যায় । কিন্তু বৰ্দ্ধিত হাৰত এই সম্পদসমূহৰ অৱক্ষয় হবলৈ ধৰিছে।ইয়াৰ প্ৰধান কাৰণটো হ’ল জনসংখ্যা বৃদ্ধিৰ ফলত হােৱা প্রাকৃতিক পৰিৱেশৰ ওপৰত জনসংখ্যাৰ হেচা।
বর্ধিত জনসংখ্যাই প্রাকৃতিক সম্পদৰ ওপৰত তলত দিয়া ধৰণে প্ৰভাৱ পেলাইছেঃ
( ক ) বর্ধিত জনসংখ্যাৰ কাৰণে অধিক বাসভূমিৰ প্রয়ােজন হৈছে । এই প্রয়ােজন পূৰাবলৈ হাবি-বননি পৰিষ্কাৰ কৰি , আদ্রভূমিবােৰ পুতিকৃষি ভূমিবােৰত মানুহে বসতিস্থাপন কৰিবলৈ লােৱাতপৰিৱেশৰ অৱক্ষয় হৈছে । ইয়াৰ ফলস্বৰূপে বনাঞ্চল , জলাশয় , আর্দ্রভূমি , কৃষিভূমি আদি মূল্যবান সম্পদবােৰ হ্রাস পাই আহিছে ।
( খ ) জনসংখ্যা বৃদ্ধি মানেই খাদ্য – শস্যৰ উৎপাদন বৃদ্ধিৰ প্রয়ােজন । কৃষি ভূমিবােৰ মানুহৰ বসতিৰ কাৰণে ব্যৱহাৰ হােৱাত বনাঞ্চল আৰু আদ্রভূমিবােৰ কৃষিৰ কাৰণে ব্যৱহাৰ কৰিবলগীয়া হৈছে । তদুপৰি , খেতিত ৰাসায়নিক সাৰ প্রয়ােগ কৰাত মাটিৰ উৰ্বৰতা শক্তি হ্রাস পােৱাৰ লগতে ভূমি প্ৰদূষণ আদিৰ সৃষ্টি হৈছে ।
( গ ) বর্ধিত জনসংখ্যাই পৰিবহণ , উদ্যোগ আৰু শক্তি খণ্ডৰ সমান্তৰাল বিকাশ সূচায় যাৰফলত অনবীকৰণযােগ্য খনিজ সম্পদসমূহৰ পৰিমাণ হ্রাস পাইছে । বায়ু , পানী আৰু ভূমি সম্পদবােৰ প্ৰদূষিত হৈছে ।
১৯। অসমৰ বৃহৎ জনসংখ্যা ৰাজ্যখনৰ বােজা ( সমস্যা ) নে সম্পদ ? আলােচনা কৰা ।
উত্তৰঃ অসমৰ বৃহৎ জনসংখ্যা ৰাজ্যখনৰ বাবে বােজা হৈ পৰাটো সত্য । কিন্তু এই বৃহৎ জনসংখ্যাক বােজা হ’বলৈ নিদি সম্পদ হিচাপে গঢ়ি তুলাৰ সঠিক পদক্ষেপ গ্রহণ কৰিব লাগিব । ২০১১ চনৰ লােকপিয়ল অনুসৰি অসমৰ জনসংখ্যা প্রায় ৬১ নিযুত । এয়া ভাৰতৰ মুঠ জনসংখ্যাৰ ২.৫৮ শতাংশ ।
অসমৰ প্ৰায় ৭৩ শতাংশ লােক শিক্ষিত । আকৌ পুৰুষৰ শিক্ষিত হাৰ ৭৮ শতাংশ হােৱাৰ বিপৰীতে মহিলাৰ শিক্ষিত হাৰ প্রায় ৬৭ শতাংশ । লক্ষ্যণীয় কথাটো এয়ে যে চীন দেশ বা জাপানৰ দৰে ভাৰত তথা অসমৰ জনসংখ্যা বয়ােবৃদ্ধ লােকৰ দ্বাৰা ভাৰাক্রান্ত হােৱা নাই ।
অসমৰ সৰ্বমুঠ জনসংখ্যাৰ ৩৫ শতাংশ লোক ১৫ বছৰৰ পৰা ৩৪ বছৰ বয়সৰ লােক অর্থাৎ এনে লােকৰ সংখ্যা ১০ নিযুতকৈ অধিক । এই যুৱ প্ৰজন্মৰ লােকসকলৰ মাজত প্ৰৱল কর্মদক্ষতাৰ সম্ভাৱনা আছে ।
তেওঁলােকক শিক্ষা – দীক্ষা , কাৰিকৰী দক্ষতা আদিৰ ক্ষেত্ৰত উপযুক্ত কৰি তােলাৰ সমান্তৰালভাৱে সমাজৰ দুর্বল শ্ৰেণীৰ লােক আৰু মহিলাসকলৰ ক্ষেত্ৰত সবলীকৰণৰ পদক্ষেপ গ্রহণ কৰিব লাগিব ।
এনে পদক্ষেপে মানৱ সম্পদ উন্নয়ন সম্ভৱ কৰি তুলিব । অর্থাৎ অসমৰ বৃহৎ জনসংখ্যা সম্প্রতি বােজা হােৱাৰ সত্ত্বেও কার্যকৰী পৰিকল্পনা গ্রহণেৰে ইয়াক সম্পদত পৰিণত কৰাটো সম্ভৱ ।
S.L. No. | Contents |
HISTORY (ইতিহাস) | |
পাঠ-1 | বংগ বিভাজন আৰু স্বদেশী আন্দোলন |
পাঠ-2 | মহাত্মা গান্ধী আৰু ভাৰতৰ স্বাধীনতা সংগ্রাম |
পাঠ-3 | অসমত ব্রিটিছ বিৰােধী জাগৰণ আৰু কৃষক বিদ্রোহ |
পাঠ-4 | ভাৰতৰ স্বাধীনতা আন্দোলন আৰু অসমত জাতীয় জাগৰণ |
পাঠ-5 | ভাৰত আৰু উত্তৰ – পূৰ্বাঞ্চলৰ সাংস্কৃতিক ঐতিহ্য |
GEOGRAPHY (ভূগােল) | |
পাঠ-1 | অর্থনৈতিক ভূগােল: বিষয়বস্তু আৰু সম্পদ |
পাঠ-2 | পৰিৱেশ আৰু পৰিৱেশৰ সমস্যা |
পাঠ-3 | পৃথিৱীৰ ভূগোল |
পাঠ-4 | অসমৰ ভূগোল |
POLITICAL SCIENCE AND ECONOMICS | |
পাঠ-1 | ভাৰতীয় গণতন্ত্ৰ |
পাঠ-2 | আন্তর্জাতিক সংস্থা – ৰাষ্ট্ৰসংঘ আৰু অন্যান্য |
পাঠ-3 | মুদ্রা আৰু বেংক ব্যৱস্থা |
পাঠ-4 | অৰ্থনৈতিক উন্নয়ন |
২০। অসমত মানৱ সম্পদ গঢ়িবলৈ কেনে পদক্ষেপ গ্রহণ কৰিব লাগে ?
উত্তৰঃ অসমত মানৱ সম্পদ গঢ়াৰ কাৰণে লােৱা পদক্ষেপসমূহ হ’ল :
( ক ) গ্রাম্যাঞ্চলত আৰু মহিলাসকলৰ মাজত শিক্ষাৰ প্ৰসাৰ ঘটোৱাৰ ব্যৱস্থা গ্রহণেৰে সাক্ষৰতাৰ হাৰ বৃদ্ধি কৰিব লাগিব ।
( খ ) চৰকাৰে শিক্ষা সম্প্রসাৰণৰ বাবে অধিক পুঁজি আৱণ্টন কৰিব লাগে ।
( গ ) চৰকাৰে অধিক বৃত্তিমূলক প্রশিক্ষণ প্রতিষ্ঠান আৰু ঔদ্যোগিক প্রশিক্ষণ প্রতিষ্ঠান স্থাপন কৰা উচিত ।
( ঘ ) চৰকাৰে ব্যক্তি আৰু প্ৰতিষ্ঠানৰ সহযােগত ৰাজ্যখনত যুৱচামৰ কাৰ্মসংস্থানৰ অৰ্হতা বৃদ্ধিৰ বাবে পাঠ্যক্ৰম আৰম্ভ কৰা উচিত যাতে তেওঁলােকে শিক্ষাগত অৰ্হতা , বুদ্ধিমত্তা আৰু কাৰিকৰী জ্ঞান লাভ কৰিব পাৰে ।
( ঙ ) চৰকাৰে ৰাজ্যখনৰ সুদক্ষ যুৱচামক তেওঁলােকৰ নিজাকৈ ব্যৱসায় আৰম্ভ কৰাৰ বাবে সমর্থন আগবঢ়াব লাগে ।
( চ ) ৰাজ্যখনৰ মেধাবী ল’ৰা – ছােৱালীবােৰক উচ্চশিক্ষাৰ বাবে উদগনি যােগাব লাগে । তেওঁলােকক অর্থনৈতিকভাবে এই ক্ষেত্ৰত সহায় – সহযােগিতা আগবঢ়োৱা প্রয়ােজন ।
( ছ ) চৰকাৰে ৰাজ্যখনত অধিক কেন্দ্রীয় বিশ্ববিদ্যালয় আৰু কাৰিকৰী প্ৰতিষ্ঠানৰ বাবে দাবী জনাব লাগে ।
( জ ) সমাজৰ পিছপৰা লোকসকল , বিশেষভাৱে সক্ষম ব্যক্তিসকল আৰু মহিলাসকলৰ সবলীকৰণৰ বাবে কার্যকৰী ব্যৱস্থা গ্ৰহণৰ প্রয়ােজন ।
২১। অসমৰ অৰ্থনীতিত কৃষিখণ্ডৰ ভূমিকা সম্পর্কে আলােচনা কৰা ।
উত্তৰঃ অসম এখন কৃষি প্রধান দেশ । ৰাজ্যখনৰ লােকসকলৰ প্রধান জীৱিকা হ’ল কৃষি । ৭৫ শতাংশ লােকে কৃষি কাৰ্যৰ দ্বাৰা জীৱিকা নির্বাহ কৰে । অসমৰ অর্থনৈতিক ভেটি হৈছে কৃষি আৰু কৃষি খণ্ডই হৈছে অসমৰ অৰ্থনীতিৰ মূল চালিকা শক্তি ।
অসমৰ মুঠ কর্ম নিয়ােজিত লােকৰ ভিতৰত ৫৩ শতাংশ লােকেই প্রত্যক্ষ বা পৰােক্ষভাৱে কৃষিৰ লগত জড়িত । অসমৰ উৎপন্ন শস্যৰ ভিত্ৰত চাহ , মৰাপাট , ৰবৰ আদিৰ ৰপ্তানি কৰি অধিক ৰাজহ উপার্জন কৰা হয় । দেশৰ ভিতৰত ৫০ শতাংশ চাহ অসমতেই উৎপাদন কৰা হয় ।
ইয়ে অসমৰ অর্থনীতি বুজন সংখ্যক উপার্জন আনি দিছে । অসমত কৃষিভিত্তিক উদ্যোগ কিছুমান যেনে – খাদ্য – সামগ্রী নির্মাণকাৰী উদ্যোগ , চাহ – উদ্যোগ , কাগজ উদ্যোগ , চেনি উদ্যোগ , তৈলবীজ উদ্যোগ আদি সম্পূৰ্ণৰূপে কৃষিজাত সামগ্ৰীৰ ওপৰত নিৰ্ভৰশীল ।
এইদৰে কৃষি অসমৰ অৰ্থনীতিৰ এটা প্রধান স্তম্ভৰূপে দেখা যায় । ইয়ে অসমৰ অৰ্থনীতিৰ স্বচ্ছলতা আনি দিছে ।
২২। অসমৰ কৃষি জলবায়ুবীয় অঞ্চলকেইটা কি কি ? এইকেইটাৰ বৈশিষ্ট্য চমুকৈ উল্লেখ কৰা ৷
উত্তৰঃ অসমৰ কৃষি জলবায়ুবীয় অঞ্চলসমূহ পৃষ্ঠভূমিৰ বৈশিষ্ট্য , বৰষুণ আৰু উত্তাপৰ পৰিমাণ , মাটিৰ প্ৰকাৰ আদিৰ ওপৰত ভিত্তি কৰি ৬ ভাগত ভাগ কৰা হৈছে ।
এই ভাগ ছয়টা তলত দিয়া ধৰণে ভাগ কৰা হৈছে:
কৃষি জলবায়ু অঞ্চল –
( ক ) নামনি ব্ৰহ্মপুত্ৰ উপত্যকা অঞ্চল :- ১। কামৰূপ , কামৰূপ ( মহানগৰ ) , নলবাৰী , বাক্সা , বৰপেটা , বঙাইগাঁও , চিৰাং , কোকৰাঝাৰ , ধুবুৰী আৰু গােৱালপাৰা এই দহখন জিলা এই অঞ্চলৰ অন্তর্গত ।
২৷ মুঠ কৃষিভূমি হ’ল ৯.৩০ লাখ হেক্টৰ ।
৩। এটাতকৈ অধিক শস্যৰ খেতি কৰা কৃষিভূমিৰ পৰিমাণ হৈছে । ৪.৬৯ লাখ হেক্টৰ বা মুঠ কৃষিভূমিৰ ৫০.৪৫ শতাংশ ।
( খ ) উত্তৰ পাৰৰ সমভূমি অঞ্চল :- ১। দৰং , ওদালগুৰি , শােণিতপুৰ , লখিমপুৰ আৰু ধেমাজি এই পাঁচখন জিলা এই অঞ্চলৰ অন্তর্গত ।
২। মুঠ কৃষিভূমি হ’ল ৫.৩৭ লাখ হেক্টৰ ।
৩। এটাতকৈ অধিক শস্যৰ খেতি কৰা কৃষিভূমিৰ পৰিমাণ হৈছে ৩.৩৬ লাখ হেক্টৰ বা মুঠ কৃষিভূমিৰ ৬২.৫৭ শতাংশ ।
গ ) মধ্য ব্ৰহ্মপুত্ৰ উপত্যকা অঞ্চল :- ১। নগাঁও আৰু মৰিগাঁও জিলাক আৱৰি আছে ।
২৷ মুঠ কৃষিভূমি হ’ল ৩.২৮ লাখ হেক্টৰ ।
৩। এটাতকৈ অধিক শস্যৰ খেতি কৰা কৃষিভূমিৰ পৰিমাণ হৈছে ০.৮৬ লাখ হেক্টৰ বা মুঠ কৃষিভূমিৰ ২৬.২১ শতাংশ ।
( ঘ ) উজনিব্ৰহ্মপুত্ৰ উপত্যকা অঞ্চল :- ১। তিনিচুকীয়া , ডিব্ৰুগড় , শিৱসাগৰ , যােৰহাট আৰু গােলাঘাট জিলা এই অঞ্চলৰ অন্তর্গত ।
২। মুঠ কৃষিভূমি ৬.২০ লাখ হেক্টৰ ।
৩। এটাতকৈ অধিক শস্যৰ খেতি কৰা কষিভূমিহ’ল ১.৯৪ লাখ হেক্টৰ বা মুঠ কৃষিভূমিৰ ৩১.২৯ শতাংশ ।
( ঙ ) বৰাক উপত্যকা অঞ্চল :- ১। কাছাৰ , কৰিমগঞ্জ আৰু হাইলাকান্দি জিলা এই অঞ্চলৰ অন্তৰ্গত ।
২। মুঠ কৃষিভূমি ২.৪২ লাখ হেক্টৰ ।
৩। এটাতকৈ অধিক শস্যৰ খেতি কৰা কৃষিভূমি হ’ল ১.০২ লাখ হেক্টৰ বা মুঠ কৃষিভূমিৰ ২.৫১ শতাংশ ।
( চ ) পার্বত্য অঞ্চল :- ১। কাৰ্বি আলং আৰু ডিমা হাচাও জিলা এই অঞ্চলৰ অন্তৰ্গত ।
২। মুঠ কৃষিভূমি হ’ল ১.৫৪ লাখ হেক্টৰ ।
৩। এটাতকৈ অধিক শস্যৰ খেতি কৰা কৃষিভূমি হ’ল ১.০১ লাখ হেক্টৰ বা মুঠ কৃষিভূমিৰ ৬৫.৫৮ শতাংশ ।
২৩। অসমত কি কি ধানৰ খেতি কৰা হয় ? এইকেইটাৰ বিষয়ে চমুকৈ লিখা ।
উত্তৰঃ অসমৰ প্ৰধান শস্য হ’ল ধান। ৰাজ্যখনৰ আটাইকেইটা কৃষি-বায়বীয় অঞ্চলতে ধান খেতি কৰা হয় । ২০১১-১২ চনৰ তথ্য তালিকা মতে অসমত মুঠ ২৫.৪৫ লাখ হেক্টৰ মাটিত ধান খেতি কৰা হৈছিল আৰু ৫০.৪৫ লাখ মেট্রিক টন ধান উৎপন্ন হৈছিল ।
অসমত প্ৰধানকৈ তিনি প্রকাৰৰ ধান খেতি কৰা হয় সেইবোৰ হ’ল-
( ক ) শালি ধান :- শালি ধান অসমত বিস্তৃতভাৱে কৰা হয় । অসমৰ মুঠ ধান খেতি কৰা মাটিৰ প্রায় ৭০ শতাংশ মাটিত শালি খেতি কৰা হয় । ব্ৰহ্মপুত্ৰ আৰু বৰাক উপত্যকাৰ সাৰুৱা পলসুৱা মাটিত শালি খেতি ভাল হয় । এই খেতি ৰােপণ পদ্ধতিৰে জুলাই – আগষ্ট মাহত আৰম্ভ কৰি নৱেম্বৰ – ডিচেম্বৰ মাহত চপােৱা হয় ।
( খ ) আহু ধান :- আহু খেতি সমভূমিৰ সাৰুৱা মাটিত কৰা হয় আৰু বিশেষকৈ নামনি ব্রহ্মপুত্র উপত্যকাৰ সমভূমি অঞ্চলত কৰা হয় । এই খেতি ফেব্ৰুৱাৰী – মার্চ মাহত সিচন আৰু ৰােপন উভয় পদ্ধতিৰে কৰা হয় আৰু জুন – জুলাই মাহত চপােৱা হয় ।
( গ ) বড়াে ধান :- বড়াে ধানৰ খেতি অসমৰ প্রায় আটাইকেইখন জিলাতে কৰা হয় । এই খেতি শীতকালত দঠাইবিলাকত কৰা হয় আৰু গৰমৰ সময়ত জুন – জুলাই মাহত বানপানী অহাৰ আগে আগে চপােৱা হয় । এই খেতি বানপীড়িত অঞ্চলৰ কৃষকসকলৰ মাজত অতিকৈ জনপ্রিয় ।
২৪। ধান কিয় অসমৰ প্ৰধানশস্য হিচাপে পৰিগণিত হৈছে ?
উত্তৰঃ ধানক অসমৰ প্ৰধান শস্য হিচাবে পৰিগণিত কৰা কাৰণসমূহ তলত উল্লেখ কৰা হলঃ
( ক ) ৰাজ্যখনৰ গােটেই ছয়টা কৃষি বায়বীয় অঞ্চলত ধান খেতি কৰা হয় । অন্যার্থত , ৰাজ্যখনৰ সকলাে জিলাতে ধান খেতি কৰা হয় । ধানৰ নিচিনাকৈ কোনাে শস্যৰ খেতি বিস্তৃতভাৱে কৰা নহয় ।
( খ ) ধান খেতিৰ বাবে অনুকূল জলবায়ু , পর্যাপ্ত পানী , উৰ্বৰ ভূমি , প্লাৱন ভূমি এই আটাইকেইটা কাৰক অসমত বিৰাজ কৰে ।
( গ ) অসমৰ মুঠ ৩৭.১০ লাখ হেক্টৰ ( ২০১১-১২ ) কৃষিভূমিৰ ২৫.৪৫ লাখ হেক্টৰ মাটিত ধান খেতি কৰা হয় । ৬৮ শতাংশ কৃষিভূমিত ধান খেতি কৰা হয় কাৰণে ধানক অসমৰ প্রধান শস্য বুলি কোৱা হয় ।
২৫। অসমত কি কি মাহজাতীয় শস্যৰ খেতি কৰা হয় ?
উত্তৰঃ অসমত বিভিন্ন প্ৰকাৰৰ মাহজাতীয় শস্যৰ খেতি কৰা হয় । যেনেঃ মাটি মাহ , মগু মাহ , মচুৰ মাহ , মটৰ মাহ , ৰহৰ মাহ , বুট মাহ আদি । ২০১১-১২ চনৰ তথ্য অনুসৰি সৰ্বমুঠ ১.৩২ হেক্টৰ মাটিত মাহজাতীয় শস্যৰ খেতি কৰা হয় আৰু ০.৭৬ লাখ মেট্ৰিক টন শস্য উৎপন্ন হয় ।
২৬। অসমৰ ঝুম খেতিৰ বিষয়ে চমুকৈ লিখা ।
উত্তৰঃ অসমৰ কৃষি পদ্ধতিৰ এটা উল্লেখযােগ্য বৈশিষ্ট্য হ’ল কাৰ্বি আলং আৰু ডিমা – হাচাও পাহাৰীয়া জিলা দুখনত কৰা ঝুম খেতি । কাৰ্বি আলং জিলাৰ ৫৪৫২ বর্গ কিল’মিটাৰ আৰু ডিমা হাছাও জিলাৰ ২৫৯৭ বর্গ কিল’মিটাৰ অঞ্চলত ঝুম খেতি কৰা হয় ।
ঝুম খেতি সাধাৰণে জনজাতীয় লােকসকলে পাহাৰৰ এঢলীয়া মাটিত জংগল পুৰি চাফা কৰি পৰম্পৰাগত পদ্ধতিৰে কৰে আৰু দুই তিনি বছৰলৈ মাটিৰ উৰ্বৰতা শেষ নােহােৱালৈকে কৰে । তাৰ পিছত তেওঁলােকে সেই ঠাই ত্যাগ কৰে আৰু একে খেতিৰ বাবে অন্য ঠাইলৈ গুচি যায় ।
ঝুম খেতি প্রত্যক্ষভাৱে পাহাৰীয়া জনজাতিসকলৰ সামাজিক , সাংস্কৃতিক আৰু জীৱন ধাৰণৰ লগত জড়িত । ই এক প্রকাৰ মিশ্রিত কৃষি যদিও ইয়াৰ পৰা ভাল উৎপাদন পােৱা নাযায় । ঝুম খেতিয়ে বন ধ্বংস , ভূমিক্ষয় , বায়ু প্ৰদূষণ , মাটিৰ উৰ্বৰতা হ্রাস আদিৰ নিচিনা পাৰিৱেশিক সমস্যাৰ সৃষ্টি কৰে ।
তদুপৰি ই প্ৰকৃতিৰ পাৰিপাৰ্শ্বিক ভাৰসাম্যতাক , যথেষ্ট প্রভাবিত কৰে যিটোয়ে বিভিন্ন প্রাকৃতিক দুর্যোগৰ সৃষ্টি কৰে ।
২৭। ২০১৪ চনৰ অসমৰ ঔদ্যোগিক আৰু বিনিয়ােগ নীতিৰ প্ৰধান লক্ষ্যবােৰ কি কি ?
উত্তৰঃ ২০১৪ চনৰ অসমৰঔদ্যোগিক আৰু বিনিয়ােগ নীতিৰ প্ৰধান লক্ষ্যবােৰ হ’লঃ
( ক ) ৰাজ্যখনত পণ্য উৎপাদনকাৰী খণ্ড আৰু সেৱা খণ্ডৰ লগতে বিভিন্ন অর্থনৈতিক কার্যকলাপৰ বিকাশ ঘটাই ৰাজ্যৰ মুঠ ঘৰুৱা উৎপাদন বৃদ্ধি কৰা ।
( খ ) ৰাজ্যখনত বিশেষকৈ গ্রাম্যাঞ্চলত জনমুৰি আয় আৰু নিয়ােগৰ সুবিধা বৃদ্ধি কৰা ।
( গ ) ৰাজ্যখনৰ অতি ক্ষুদ্র ক্ষুদ্ৰ আৰু মধ্যমীয়া উদ্যোগৰ বিকাশৰ বাবে বিনিয়ােগ বৃদ্ধি কৰা ।
( ঘ ) বৃহৎ সংখ্যক দক্ষ লােক সৃষ্টি কৰা ।
২৮। সেৱা খণ্ডৰ উদ্যোগ বুলিলে কি বুজায় ? উদাহৰণ দি বুজাই লিখা ।
উত্তৰঃ সেৱা খণ্ডৰ উদ্যোগসমূহ হ’ল সেইবােৰ উদ্যোগ যিবােৰে অস্পর্শনীয় সামগ্ৰী আৰু সেৱাসমূহৰ যােগানৰ জৰিয়তে ৰাজহ উপার্জন কৰে । প্রাথমিক আৰু দ্বিতীয়ক খণ্ডৰ উদ্যোগ সমূহৰ দ্বাৰা উৎপাদিত সামগ্ৰীসমূহ সেৱা খণ্ডৰ উদ্যোগ বা তৃতীয়ক খণ্ড উদ্যোগসমুহৰ জৰিয়তে দেশৰ জনসাধাৰণৰ ওচৰলৈ লৈ যােৱা হয় ।
নিম্নোল্লিখিত সেৱাখণ্ডৰ উদ্যোগসমূহে অসমত সুন্দৰভাৱে বিকাশ লাভ কৰিছে :
( ক ) বাণিজ্য ।
( খ ) পৰিবহণ আৰু যােগাযােগ ।
( গ ) পর্যটন উদ্যোগ ।
( ঘ ) হােটেল ব্যৱসায় ।
( ঙ ) বেংক আৰু বীমা সেৱা ।
( চ ) সকলাে ধৰণৰ ব্যৱসায় ।
( ছ ) লােক প্রশাসন । আৰু
( জ ) চিকিৎসা সেৱা ।
অসমত ব্যৱসায় অতি গুৰুত্বপূর্ণ । এই ক্ষেত্ৰত চাহ উদ্যোগ গুৰুত্বপূর্ণ ভূমিকা পালন কৰে । শেহতীয়া বৰ্ষসমূহত অসম উত্তৰ – পূৰ্বাঞ্চলৰ অন্য ৰাজ্যসমূহৰ প্ৰৱেশদ্বাৰ হােৱা বাবে ইয়াৰ পৰিবহণ আৰু যােগাযােগ ব্যৱস্থাই যথেষ্ট পৰিমাণৰ উদ্দীপনা লাভ কৰিছে যদিও অসমত ই সদায়ে অতি সংকটপূর্ণ হৈ আছে ।
অৱশ্যে ৰে’লপথ , বাটপথ , আকাশীপথ আৰু দূৰ । সংযােগব্যৱস্থা আদিৰ ক্ষেত্ৰতবৃহৎ উন্নয়ন হােৱা পৰিলক্ষিত হয়।বর্তমান অসমত ২৫ খন ৰাষ্ট্ৰীয় উদ্যান আৰু অভয়াৰণ্য , পুৰণি ধর্মীয় স্মৃতিসৌধ , বৃহৎ ব্রহ্মপুত্র আৰু প্রাকৃতিক পৰিৱেশ আছে যিয়ে পর্যটকসকলক আকর্ষিত কৰে আৰু ইয়ে পর্যটন উদ্যোগৰ উন্নতি সাধন কৰিছে ।
২৯। অসমৰ প্ৰধান কৃষিভিত্তিক উদ্যোগবােৰ কি কি ?
উত্তৰঃ অসমৰ প্ৰধান কৃষিভিত্তিক উদ্যোগবােৰ হ’লঃ
( ক ) বন উদ্যোগ ।
( খ ) চাহ উদ্যোগ ।
( গ ) ৰেচম উদ্যোগ ।
( ঘ ) ৰবৰ উদ্যোগ ।
( ঙ ) খাদ্য প্রস্তুতকৰণ উদ্যোগ ।
( চ ) কাগজ উদ্যোগ । আৰু
( ছ ) মীন পালন, পশু পালন আদিৰ দৰে আনুসংগিক উদ্যোগ ।
৩০। অসমৰ চাহ উদ্যোগৰ বিষয়ে চমুকৈ লিখা ।
উত্তৰঃ অসমৰ চাহ উদ্যোগক বৃহৎ কৃষিভিত্তিক উদ্যোগ বুলি ধৰা হয় । এই উদ্যোগে ৰাজ্যখনৰ অর্থনৈতিক ব্যৱস্থাত গুৰুত্বপূর্ণ ভূমিকা পালন কৰে।ইয়ে ভাল ৰাজহ আনি দিয়ে আৰু হাজাৰ হাজাৰ লােকক কর্মসংস্থান দিছে।ৰাজ্যখনৰ উপযুক্ত জলবায়ু আৰু মাটিৰ বৈশিষ্ট্যৰ বাবেই অসমত চাহ উদ্যোগ গঢ়ি উঠিছে ।
অসমত প্রায় ৭৬৫ খন চাহ বাগিচা আৰু ৭৮,০১১ খন সৰু চাহ বাগিচা আছে। অসমত প্রায় ৩১৮ হাজাৰ হেক্টৰ মাটিত চাহ খেতি কৰা হয় আৰু ২০১২ চনত অসমে প্রায় ৫৯০ হাজাৰ টন চাহ উৎপাদন কৰিছে । অসমত প্রতিদিনে প্রায় ৬.৮৬ লাখ লােকে চাহ উদ্যোগত কাম কৰে ।
ভাৰতৰ চাহ ব’ৰ্ডৰ তথ্যমতে অসমত ক্ষুদ্ৰ চাহ খেতিয়কসকলে ৮৮ হাজাৰ হেক্টৰ মাটিত চাহ খেতি কৰে আৰু প্রায় ১০৭ হাজাৰ টন চাহ উৎপাদন কৰে । গােটেই ভাৰতবৰ্ষৰ ভিতৰত ৫১ ৰ পৰা ৫৩ শতাংশ চাহ উৎপাদন কৰি অসম দেশৰ ভিতৰতে চাহ উৎপাদনত শীর্ষস্থান দখল কৰিছে ।
৩১। অসমৰ মীন উদ্যোগৰ বর্তমান অবস্থা কেনেকুৱা ?
উত্তৰঃ বর্তমান সময়ত অসমৰ অর্থনৈতিক খণ্ডত মীন পালন বা মীন উদ্যোগে যথেষ্ট অগ্রগতি লাভ কৰিছে । ৰাজ্যখনত মীন উদ্যোগৰ বিকাশৰ বাবে যথেষ্ট সম্ভাৱনা আৰু পৰিৱেশ আছে ।
অসমত অসংখ্যা নদ – নদী , প্লাৱন ভূমি , বিল , জলাহ ভূমি আৰু পিটনি , পুখুৰী , খাল আদিৰ দৰে বহুতাে সৰু সৰু জলাশয় আছে য’ত যথেষ্ট পৰিমাণে মাছ পােৱা যায় । আনহাতে , ব্ৰহ্মপুত্ৰ আৰু বৰাক নদীৰ প্লাৱন ভূমিৰ জলাহবােৰতাে প্রাকৃতিকভাৱে প্ৰচুৰ পৰিমাণৰ মাছ উপলব্ধ হয় ।
মীন পালনৰ বৈজ্ঞানিক পদ্ধতি ব্যৱহাৰেৰে যে মীন উদ্যোগ খণ্ডত উৎপাদন বৃদ্ধি কৰিব পাৰি এই ক্ষেত্ৰত কোনােধৰণৰ সন্দেহ নাই । উপলব্ধ তথ্য অনুসৰি অসমত প্রায় ৬০ হেজাৰ হেক্টৰ মাটিকালি সামৰি লােৱা প্রায় ৪৩০ খন চৰকাৰী পঞ্জীয়নভুক্ত বিলৰ লগতে ৪০ হেজাৰ হেক্টৰ মাটিক সামৰি লােৱা প্রায় ৭৬৭ খন অপঞ্জীয়নভুক্ত অন্য বিল আছে ।
তদুপৰি যথেষ্ট সংখ্যক পুখুৰী , জলাহ , পিটনি , জলাশয় আদি আছে যিবােৰক মৎস্যক্ষেত্ৰ হিচাপে ব্যৱহাৰ কৰিব পৰা যায় । এইটো দেখা যায় যে যােৱা দহবছৰ ভিতৰত অসমত মাছৰ পােনা উৎপাদন ২.৫ গুণ বৃদ্ধি পাইছে যদিও মাছৰ উৎপাদন কেৱল ১.৫ গুণহে বৃদ্ধি পাইছে ।
যােৱা ২০১১-১২ বৰ্ষত জিলাভিত্তিক মাছৰ পােনা উৎপাদনৰ তথ্য মতে বৰপেটা জিলা শীর্ষস্থানত আছে । আৰু ইয়াৰ পিছতে আছে ক্রমে কৰিমগঞ্জ আৰু নগাঁও জিলা। এই তথ্যৰ পৰাই দেখা যায় যে মাছউৎপাদনৰ ক্ষেত্ৰত নগাঁও জিলা প্ৰথম স্থানত আছে আৰু ইয়াৰ পিছতে আছে ক্ৰমে কাছাৰ আৰু ধুবুৰী জিলা ।
অসমৰ মীন উদ্যোগ খণ্ডই ৰাজ্যখনৰ ঘৰুৱা উৎপাদনলৈ কেৱল দুই শতাংশহে বৰঙণি যােগাব পাৰিছে । বর্তমান অসমে বছৰি প্রায় ০.২০ লাখ টন মাছ দেশখনৰ অন্য ৰাজ্যৰ পৰা আমদানি কৰে ।
৩২। অসমৰ কৃষি উন্নয়নৰ সমস্যবােৰ উল্লেখ কৰা ।
উত্তৰঃ অসমৰ কৃষি উন্নয়নৰ সমস্যবােৰ হৈছেঃ
( ক ) ৰাজ্যখনৰ প্ৰায়বােৰ অংশৰে লােকসকলে পুৰণি পৰম্পৰাগত পদ্ধতিৰে কৃষিকার্য কৰাৰ ফলত কম পৰিমাণৰ শস্য উৎপাদন হয় ।
( খ ) কাৰ্বি আলং আৰু ডিমা হাছাও পার্বত্য জিলা দুখনৰ লােকসকলে ঝুম খেতি অব্যাহত ৰখাত ইয়াৰ দ্বাৰা নির্বনানীকৰণ , ভূমি অৱক্ষয় , মাটিৰ উৰ্বৰতা শক্তি হ্রাস , অতি নিম্ন পৰিমাণৰ উৎপাদন আদিৰ দৰে বহুতাে জটিল নেতিবাচক পৰিণতিৰ সৃষ্টি হৈছে ।
( গ ) অসমৰ কৃষকসকলৰ কৃষিভূমি সাধাৰণতে কম পৰিমাণৰ হােৱা বাবে এইবােৰত আধুনিক কৃষি সঁজুলি আৰু কৌশল ব্যৱহাৰ কৰাত প্রতিবন্ধকতাৰ সৃষ্টি হৈছে ।
( ঘ ) ৰাজ্যখনৰ কৃষিখণ্ডত উপলব্ধ হােৱা জলসিঞ্চন ব্যৱস্থা উন্নত নহয় আৰু এই জলসিঞ্চনৰ সুবিধাও পর্যাপ্ত নহয় ।
( ঙ ) ধান হৈছে ৰাজ্যখনৰ প্ৰধান শস্য । কিন্তু প্রায়বােৰ খেতিয়কেই ধান খেতিৰ ক্ষেত্ৰত পৰম্পৰাগত পদ্ধতি অনুসৰণ কৰাত ইয়াৰ উৎপাদনৰ পৰিমাণ সীমিত হৈ আছে ।
( চ ) ৰাজ্যখনত প্রতিবছৰে হােৱা বানপানীয়ে প্রায়ে মুঠ কৃষিভূমিৰ ২৫ শতাংশৰাে অধিক অঞ্চল প্লাৱিত কৰি শস্যসমূহ নষ্ট কৰে।এই বান পানীয়ে নদীত গৰাখহনীয়া সৃষ্টি কৰাৰ ফলত প্রতিবছৰে বুজন পৰিমাণৰ সাৰুৱা কৃষিভূমি অনুর্বৰ হয় ।
( ছ ) কৃষিজাত দ্রব্য বা শস্যসমূহ সংৰক্ষণ কৰা পদ্ধতিও পৰম্পৰাগত আৰু অনুপযুক্ত ।
( জ ) কৃষকসকলে তেওঁলােকৰ উৎপাদিত শস্যৰ উচিত মূল্য লাভ কৰিব নােৱাৰাৰ ফলত তেওঁলােক আর্থিকভাৱে দুর্বল হৈ আছে ।
( ঝ ) ৰাজ্যখনত এতিয়াও কৃষকসকলক কৃষিৰ ক্ষেত্ৰত ৰেহাইমূলক ঋণ , উন্নতমানৰ বীজ , আধুনিক সাৰ আৰু কৃষি সঁজুলি আদি প্ৰদানৰ ব্যৱস্থাৰ অভাৱ পৰিলক্ষিত হয় ।
( ঞ ) ৰাজ্যখনত এতিয়াও কৃষিখণ্ডত ৰেহাই মূলক ঋণ লাভ কৰাটো এক জটিল প্রক্রিয়া হৈ আছে ।
৩৩। অসমৰ ঔদ্যোগিক বিকাশ এতিয়াও কিয় মন্থৰ হৈ আছে তাৰ কাৰণসমূহ লিখা ।
উত্তৰঃ অসম ৰাজ্যখন যদিও বহুতাে খনিজ সম্পদৰ ভঁৰাল তথাপিই এতিয়ালৈ ঔদ্যোগিক উন্নয়নৰ ক্ষেত্ৰত অধিক অগ্রগতি লাভ কৰিব পৰা নাই । অসমৰ ঔদ্যোগিক বিকাশ মন্থৰ হৈ থকাৰ প্ৰধান কাৰণসমূহ হৈছেঃ
( ক ) ৰাজ্যখনৰ প্রাকৃতিক সম্পদসমূহৰ উপযুক্ত ব্যৱহাৰৰ জৰিয়তে ঔদ্যোগিক উন্নয়ন সাধন কৰিবলৈ সর্বাত্মক তথা সুসংহত পৰিকল্পনাৰ অভাৱ ।
( খ ) প্ৰচুৰ সম্ভাৱনা থকা সত্ত্বেও কৃষিভিত্তিক উদ্যোগ খণ্ডই অধিক অগ্রগতি লাভ কৰিব পৰা নাই ।
( গ ) ৰাজ্যখনে পর্যাপ্ত পুঁজিৰ অভাৱৰ সন্মুখীন হৈছে ।
( ঘ ) উদ্যোগ স্থাপনৰ ক্ষেত্ৰত মনােযােগ আৰু উদ্যোগী স্পৃহা সৃষ্টি কৰিবলৈ স্থানীয় লােক তথা যুৱচামৰ কর্মদক্ষতা বৃদ্ধি কৰাৰ ক্ষেত্ৰত উপযুক্ত প্রশিক্ষণ প্রদান কৰা পৰিকল্পনাৰ অভাৱ ।
( ঙ ) চৰকাৰৰ জটিল আৰু অনমনীয় ঔদ্যোগিক নীতি ।
( চ ) ঔদ্যোগিক খণ্ডত পৰিলক্ষিত হােৱা বিনিয়ােগৰ অভাৱ।ৰাজ্যখনৰ বিদ্রোহী সমস্যাৰ বাবে বাহিৰৰ বিনিয়ােগ কাৰীসকলে অসমৰ ঔদ্যোগিক খণ্ডত বিনিয়ােগ কৰিবলৈ আগ্রহ প্রকাশ নকৰে ।
( ছ ) ৰাজ্যখনত পর্যটন উদ্যোগৰ প্ৰচুৰ সম্ভাৱনা থকা সত্ত্বেও সম্পূৰ্ণৰূপে বিকশিত হােৱা নাই।
( জ ) পচনশীল কৃষিজাত দ্রব্যসমূহৰ সংৰক্ষণৰ তথা সঞ্চয়ৰ বাবে উপযুক্ত ভৰালৰ অভাৱৰ ফলত খাদ্য প্রস্তুতকাৰী উদ্যোগসমূহে আশানুৰূপ উন্নতি লাভ কৰিব পৰা নাই ।
( ঝ ) ৰাজ্যখনত ঔদ্যোগিক উন্নয়নৰ বাবে প্রয়ােজনীয় আন্তঃগাঁথনিৰ অভাৱ ।
৩৪। অসমৰ পৰ্যটন উদ্যোগৰ সমস্যাবােৰ উল্লেখ কৰা ।
উত্তৰঃ অসমৰ পৰ্যটন উদ্যোগৰ সমস্যাবােৰ হৈছেঃ
( ক ) চৰকাৰ আৰু ব্যক্তিগত পক্ষ উভয়ে এই খণ্ডত কৰা মূলধনৰ বিনিয়ােগ পর্যাপ্ত পৰিমাণৰ নহয় ।
( খ ) অনুন্নত পৰিবহণ ব্যৱস্থা ।
( গ ) পর্যটন স্থলীসমূহৰ উপযুক্ত উন্নয়নৰ বাবে সু – পৰিকল্পনাৰ অভাৱ ।
( ঘ ) ৰাজধানী চহৰখনৰ বাহিৰে অন্য স্থানসমূহৰ বুনিয়াদী সা – সুবিধাৰ শােচনীয় অৱস্থা ।
( ঙ ) ৰাজ্যখনৰ পর্যটন স্থলসমূহৰ বিষয়ে চলােৱা তেনেই সীমিত প্রচাৰ কাৰ্যসূচী ।
( চ ) ৰাজ্যখনৰ বিভিন্ন অংশলৈ আকাশী পৰিবহণ ব্যৱস্থাৰ অভাৱ ।
( ছ ) বিদ্রোহী সমস্যাৰ বাবে অসম ভ্ৰমণ কৰাৰ ক্ষেত্ৰত পর্যটকসকলে কৰা শংকাবােধ ।
৩৫। অসমৰ অর্থনৈতিক উন্নয়নৰ সম্ভাৱনাবােৰ কি কি ?
উত্তৰঃ অসম ৰাজ্যখন বহুতাে সম্পদত চহকী । অসমত পর্যাপ্ত পৰিমাণৰ ভূমিজ , বনজ , খনিজ আৰু মানৱ সম্পদ আছে । ইয়াত বিস্তৃত সমতল ভূমি , বৃহৎ নদ – নদী , বিশাল পৰিমাণৰ মাটিকালি আগুৰি থকা বৃহৎ অৰণ্য , বিশাল প্লাৱন ভূমি , অসংখ্য আর্দ্রভূমি , চাপৰ মালভূমিৰ দীঘলীয়া তথা বিস্তৃত ঢাল আদিৰ উপস্থিতি দেখা যায় ।
এই সকলােবােৰৰ যদি উপযুক্তভাৱে বিকাশ সাধন কৰা হয় তেতিয়া ৰাজ্যখনৰ অর্থনৈতিক উন্নয়নাে খৰতকীয়া হৈ পৰিব । ৰাজ্যখন কয়লা , তেল , প্রাকৃতিক গেছ আৰু চূণশিল আদিৰ দৰে খনিজ সম্পদত অতি চহকী । এই সম্পদসমূহৰ সঠিক ব্যৱহাৰ আৰু বিকাশৰ দ্বাৰা ৰাজ্যখনৰ উচ্চ পর্যায়ৰ ঔদ্যোগিক বিকাশ সাধন কৰিব পৰা যায় ।
চাহপাত উদ্যোগ , ব্বৰ উদ্যোগ , কাগজ উদ্যোগ , মৰাপাট উদ্যোগ , খাদ্য প্রস্তুতকাৰী উদ্যোগ আদিৰ দৰে কৃষিভিত্তিক উদ্যোগসমূহ উন্নয়ন তথা বিকাশৰ বৃহৎ সম্ভাৱনা আছে যদিও এই উদ্যোগসমূহে চৰকাৰৰ সমর্থন , শান্তিপূর্ণ বাতাৱৰণ আৰু জনসাধাৰণৰ সহায় – সহযােগিতাৰ যােগেদিহে অগ্রগতি লাভ কৰিব পাৰে বা লহপহকৈ বাঢ়িব পাৰে। কিন্তু ৰাজ্যখনত বর্তমান এইধৰণৰ সহায় – সহযােগিতাৰ পৰিৱেশৰ অভাৱ ।
এইটো একেবাৰে সত্য কথা যে ৰাজ্যখনৰ বৃহৎ পৰিমাণৰ মানৱ সম্ভাৱনা এতিয়াও সম্পূর্ণৰূপে বিকশিত হােৱা নাই । ৰাজ্যখনৰ ৩১ নিযুত লােকৰ ভিতৰত ১৫ ৰ পৰা ৩৪ বছৰ বয়সৰ প্রায় ১০ নিযুত যুৱ প্ৰজন্মৰ লােক আছে ।
তেওঁলােকৰ সম্ভাৱনাসমূহে এতিয়াওঁ সম্পূৰ্ণৰূপে বিকাশ লাভ কৰা নাই । এই লােককলক তেওঁলােকৰ শৈক্ষিক কার্যক্রমৰ সময়ছােৱাত উপযুক্ত কর্মদক্ষতা তথা বৃত্তিমূলক প্রশিক্ষণ আৰু সঠিক দিশ প্রদানৰ দ্বাৰা অধিক দক্ষ কৰি গঢ়ি তুলিব পাৰি ।

Hi, I’m Dev Kirtonia, Founder & CEO of Dev Library. A website that provides all SCERT, NCERT 3 to 12, and BA, B.com, B.Sc, and Computer Science with Post Graduate Notes & Suggestions, Novel, eBooks, Biography, Quotes, Study Materials, and more.