Niketan Class 5 Social Chapter 3 আদিম মানৱ আৰু সভ্যতাৰ বিকাশ

Niketan Class 5 Social Chapter 3 আদিম মানৱ আৰু সভ্যতাৰ বিকাশ, Sankardev Sishu Niketan Chapter 3 আদিম মানৱ আৰু সভ্যতাৰ বিকাশ Class 5 Social Science Question Answer to each chapter is provided in the list so that you can easily browse through different chapters and select needs one.

Niketan Class 5 Social Chapter 3 আদিম মানৱ আৰু সভ্যতাৰ বিকাশ

Join Telegram channel

Sankardev Class 5 সমাজ বিজ্ঞান Question Answer can be of great value to excel in the examination. Assam Board Sankardev Sishu Niketan Class V Social Science Chapter 3 আদিম মানৱ আৰু সভ্যতাৰ বিকাশ gives you a better knowledge of all the chapters. You can get solutions to questions of both basic and advanced levels.

আদিম মানৱ আৰু সভ্যতাৰ বিকাশ

Chapter – 3

সমাজ বিজ্ঞান

SANKARDEV SISHU NIKETAN

প্রশ্ন ১। চমু উত্তৰ দিয়া –

( ক ) কোন চাৰিবিধ প্রাণীক বন মানুহ বােলা হয় ? 

উত্তৰঃ গৰিলা , চিম্পাঞ্জী , গিবন আৰু ওৰাং — এই চাৰিবিধ প্রাণীক বন মানুহ বােলে ।

( খ ) আদিম মানৱৰ মূল সমস্যা কি কি আছিল ? 

উত্তৰঃ আদিম মানৱৰ মূল সমস্যা আছিল তিনিটা— 

( ১ ) জীয়াই থাকিবলৈ খাদ্য সংগ্রহ ।

( ২ ) বতাহ , বৰষুণ বা আন প্রাকৃতিক দুর্যোগৰ পৰা ৰক্ষা পােৱাৰ ব্যৱস্থা । আৰু 

( ৩ ) জীৱ – জন্তুৰ আক্ৰমণৰ পৰা নিজকে ৰক্ষা কৰা । 

( গ ) পৃথিৱীৰ উপৰিভাগ চেচা হােৱাৰ ফলত কি পৰিৱৰ্তন ঘটিছে ? 

উত্তৰঃ পৃথিৱীৰ উপৰিভাগ চেচা হােৱাৰ ফলত সাগৰ – মহাসাগৰ , নদ- নদী , খাল বিল , পাহাৰ – পর্বত আদিৰ সৃষ্টি হৈছে । কালক্ৰমত জলাশয়বােৰত উদ্ভিদ আৰু সৰু সুৰা প্ৰাণীৰ সৃষ্টি হয় আৰু ভূ – ভাগৰ কীট – পতংগ আৰু জীৱ – জন্তুৰ লগতে মানুহৰাে জন্ম হয় ।

( ঘ ) আদিম যুগৰ মানুহে কি কি খাই জীৱন – ধাৰণ কৰিছিল ? 

উত্তৰঃ আদিম মানুহে ফল – মূল , কেঁচা মাংস , পােক – পৰুৱা আদি খাইজীৱন – ধাৰণ কৰিছিল । 

প্রশ্ন ২। জুইৰ আৱিষ্কাৰেই মানৱ সভ্যতাৰ আৰম্ভণি বুলি কিয় কোৱা হয় ? 

উত্তৰঃ মানৱ সভ্যতাৰ ইতিহাসত জুইৰ আৱিষ্কাৰ এটা যুগান্তকাৰী ঘটনা।জুইৰ আৱিষ্কাৰৰ আগেয়ে খাদ্যাভ্যাস আৰু জীৱন – ধাৰণ প্ৰণালীৰ ক্ষেত্ৰত ইতৰ প্রাণী আৰু মানুহৰ মাজত বিশেষ পার্থক্য নাছিল । কিন্তু জুই ধৰাৰ কৌশলটো আয়ত্ত কৰাৰ পাছৰে পৰা আদিম মানৱৰ জীৱন – যাত্ৰাৰ ভালেখিনি উন্নতি হয় । ন-ন কামত তেওঁলােকে জুইৰ ব্যৱহাৰ কৰিবলৈ শিকিলে । আদিম মানৱে প্রথমাৱস্থাত ভোক নিবাৰণৰ বাবে ফল – মূল , জীৱ – জন্তুৰ মঙহ , পােক – পৰুৱা আদি কেঁচাই কেঁচাই খাইছিল । কিন্তু জুইৰ আৱিষ্কাৰৰ পৰা তেওঁলােকে জীৱ – জন্তুৰ মঙহকে ধৰি বিভিন্ন খাদ্যবস্তু জুইত পুৰি বা সেকি খাবলৈ শিকে । কালক্ৰমত জুইৰ সহায়ত চিকাৰৰ বাবে ধাতুৰ বিভিন্ন অস্ত্র – পাতি আৰু অন্যান্য প্রয়ােজনীয় আহিলাও সাজিবলৈ শিকিছিল । এনেবােৰ কার্যই তেওঁলােকক ক্রমাগতভাৱে এক উন্নত জীৱন দান কৰিছিল । সেইবাবেই জুইৰ আৱিষ্কাৰক মানৱ সভ্যতাৰ আৰম্ভণি বুলি কোৱা হয় । 

প্রশ্ন ৩। আদিম মানৱে জুইৰ সহায়ত কি কি কৰিছিল ? 

উত্তৰঃ আদিম মানৱে জুইৰ সহায়ত তিনি প্রকাৰৰ কাম কৰিছিল— 

( ১ ) জুইৰ ভয় দেখুৱাই তেওঁলােকে হিংস্র জীৱ – জন্তুক খেদিছিল । 

( ২ ) জুইৰ তাপ লৈ তেওঁলােকে প্রচণ্ড শীতৰ পৰা নিজকে ৰক্ষা কৰিবলৈ শিকিছিল ।

( ৩ ) জন্তুৰ মঙহ পুৰি বা সেকি খাবলৈ শিকিছিল। 

প্রশ্ন ৪। আধুনিক কালত জুয়ে মানুহক কি ধৰণে সহায় কৰে লিখা । 

উত্তৰঃ আধুনিক কালত জুয়ে মানুহক বিভিন্ন ধৰণে সহায় কৰে । পৃথিৱীৰ অধিকাংশ মানুহে আজিও ৰন্ধনৰ কামত জুই ব্যৱহাৰ কৰে । আমাৰ দৈনন্দিন জীৱনত প্রয়ােজন হােৱা দা – কুঠাৰ , কাঁচি , যাঠি , মৈদা আদি বিভিন্ন আহিলা গঢ়াৰ বাবে কমাৰসকলে জুই ব্যৱহাৰ কৰে । সেইদৰে কাঁহ – পিতলৰ বাচন – বৰ্তনেই হওক বা মাটিৰ পাত্ৰই হওক , জুইৰ সহায়তহে এইবােৰ গঢ়া হয় । সােণাৰীসকলে জুইৰ সহায়তহে গহনা – গাঁথৰি গঢ়ে । বিভিন্ন কল – কাৰখানা তথা উদ্যোগতে জুইৰ ব্যৱহাৰ চলে । আনকি আদিম মানৱৰ দৰে আধুনিক যুগৰ মানুহেও শীতৰপৰা ৰক্ষা পাবলৈ আৰু হিংস্র তথা অন্যায়কাৰী জীৱ – জন্তুক ভয় খুৱাবলৈ জুইৰ সহায় লয় । 

প্রশ্ন ৫। আদিম মানৱে খহটা সঁজুলিৰ সলনি মিহি আৰু জোঙা সঁজুলি ব্যৱহাৰ কৰিছিল কিয় ? 

উত্তৰঃ আদিম মানৱবােৰ চিকাৰী আছিল । খহটা সঁজুলিতকৈ মিহি আৰু জোঙা সঁজুলিৰে চিকাৰ কৰাটো সহজ । সেইবাবেই আদিম মানৱে খহটা সঁজুলিৰ সলনি মিহি আৰু জোঙা সঁজুলি ব্যৱহাৰ কৰিছিল ।

প্রশ্ন ৬। আদিম মানৱে দলবান্ধি থকাটো সুবিধাজনক বুলি কিয় ভাবিছিল ? 

উত্তৰঃ আদিম মানৱে হাবিয়ে – জংঘলে ঘূৰি ফুৰােতে প্ৰায়েই হাবিৰ হিংস্র জন্তু , বিষাক্ত সাপ আদিৰ আক্ৰমণৰ সন্মুখীন হ’বলগীয়া হৈছিল । এই আক্রমণৰ পৰা নিজকে বচাবলৈ দলবান্ধি থকাটো সুবিধাজনক । আনহাতে অকলশৰে জন্তু চিকাৰ কৰিবলৈ টান । কিন্তু দলবান্ধি চিকাৰ কৰিবলৈ সহজ হয় । এইবােৰ কাৰণতে আদিম মানৱে দলবান্ধি থকাটো সুবিধাজনক বুলি ভাবিছিল । 

প্রশ্ন ৭। আদিম মানৱে গুহাবাসী হােৱাৰ ফলত তেওঁলােকৰ জীৱনলৈ কেনে পৰিৱৰ্তন আহিছিল ? 

উত্তৰঃ মানৱ জাতিৰ ইতিহাসত গুহাবাসী হােৱাটো এটা ডাঙৰ পৰিৱৰ্তন আছিল । গুহাত আশ্ৰয় লৈ থাকিলে শত্রু বা হিংস্র জীৱ – জন্তুৱে আক্রমণ কৰিব নােৱাৰে । প্রচণ্ড শীতৰপৰা গুহাবাসীয়ে ৰক্ষা পায় । আনহাতে , একেটা গুহাত থকা লােকসকলৰ মাজত ভাৱৰ আদান – প্রদান সহজে হয় । তেওঁলােকৰ খােৱা – বােৱা , থকা – মেলা একেধৰণৰ হােৱাটোৱেই স্বাভাৱিক । হাজাৰ হাজাৰ বছৰ পূর্বে এয়া আছিল আদিম মানৱৰ জীৱন যাত্রা । এইটো পৰিয়াল ব্যৱস্থাৰ আদিম ৰূপ । 

প্রশ্ন ৮। স্থায়ীভাবে বসতি কৰিবলৈ লােৱাত আদিম মানৱৰ জীৱনলৈ কেনে পৰিৱৰ্তন আহিছিল ? 

উত্তৰঃ পশুপালন আৰু খেতি – বাতি কৰিবলৈ শিকাৰ পাছত আদিম মানৱে অঘৰী জীৱন এৰি স্থায়ীভাৱে বসতি কৰিবলৈ লৈছিল । ইয়ে তেওঁলােকৰ জীৱনলৈ বহুত পৰিৱৰ্তন আনিছিল । স্থায়ীভাৱে বসতি কৰিবলৈ লােৱাত কেইবাটাও পৰিয়াল ওচৰা – উচৰিকৈ থকাটো তেওঁলােকে সুবিধাজনক বুলি ভাবিবলৈ লৈছিল । বসবাস কৰিবলৈ নিৰাপদ স্থান বাছি লৈছিল । মতা আৰু মাইকীসকলে কাম ভাগ কৰি ল’বলৈ শিকিছিল । সাধাৰণতে মতাসকলে জন্তুৰে হাল বােৱা কাম কৰিছিল আৰু শস্য ৰােৱা , গুটি সিঁচা আৰু শস্য চপােৱা কাম তিৰােতাসকলে কৰিছিল । তেওঁলােকে ৰ’দ – বৰষুণ , বতাহ আদিৰ পৰা ৰক্ষা পাবলৈ গছৰ ডাল – পাত , খেৰ আদিৰে একো একোটা আশ্রয় স্থান বা ঘৰ সাজি লৈছিল । এনেকৈয়ে একেটা অঞ্চলত বহুঘৰ মানুহ লগ লাগি গাঁৱৰ উৎপত্তি হৈছিল । 

প্রশ্ন ৯। আদিম মানৱে পশুপালন কৰিবলৈ শিকিলে কেনেকৈ ? 

উত্তৰঃ আদিম মানৱে খাদ্যৰ সন্ধানত চিকাৰলৈ গৈ পশু বধ কৰিছিল । তেওঁলােকৰ ভিতৰৰে কিছুমানে চিকাৰলৈ গৈ পশুৰ পােৱালিবােৰ বধ নকৰি লগত লৈ আহি সেইবােৰক ডাঙৰ হ’বলৈ দিছিল । এনেদৰেই আদিম মানৱে পশুপালন কৰিবলৈ শিকিছিল ।

প্রশ্ন ১০। আদিম মানৱৰ কৃষি পদ্ধতি সম্পর্কে চমুকৈ লিখা । 

উত্তৰঃ আদিম মানৱে নিজৰ অভিজ্ঞতাৰপৰা শিকিছিল যে গছৰ ফল আৰু গুটিৰ পৰা পুলি হয়। সেই পুলি এদিন ডাঙৰ গছ হয় , সেই গছত গুটি আৰু ফল লাগে । নদীৰ পাৰত কোমল মাটিত পুলিবােৰ যে লহপহকৈ বাঢ়ে , সেইটোও তেওঁলােকে লক্ষ্য কৰিছিল । এনে অভিজ্ঞতাৰ ভিত্তিত তেওঁলােকে ফলৰ বীজ সংগ্রহ কৰি কোমল মাটিত বীজ সিঁচি দি খেতি কৰিবলৈ শিকিলে । প্ৰথম অৱস্থাত তেওঁলােকে গছৰ ডাল , জোঙা শিল , জন্তুৰ দাঁত , হাড় আদি ব্যৱহাৰ কৰি মাটি কোমল কৰি লৈছিল , পাছলৈ কাঠৰ নাঙলেৰে মাটি চহ কৰি শস্যৰ বীজ সিঁচিবলৈ শিকিছিল । 

প্রশ্ন ১১। চকাৰ আৱিষ্কাৰে আদিম মানৱৰ জীৱন- যাত্ৰাত কেনে পৰিৱর্তন আনিছিল ? 

উত্তৰঃ চকাৰ আৱিষ্কাৰ হৈছিল নৱপ্ৰস্তৰ যুগত । এই আৱিষ্কাৰে আদিম মানৱৰ জীৱনলৈ বিৰাট পৰিৱৰ্তন আনিছিল । চকাৰ সহায়ত তেওঁলােকে গধুৰ বস্তু এঠাইৰ পৰা আন ঠাইলৈ অতি কম কষ্টেৰে নিব পৰা হ’ল , চকা লগােৱা গাড়ী জন্তুৰে টনােৱা হ’ল । পূৰ্বতে তেওঁলােকে খালী হাতেৰে মাটিৰ পাত্র নির্মাণ কৰিছিল । চকা আৱিষ্কাৰ হােৱাৰ পাছত তেওঁলােকে সহজতে চাকত মাটিৰ পাত্ৰ তৈয়াৰ কৰিব পৰা হ’ল । চকাই তেওঁলােকক গতি দিলে , কমশক্তিতে অধিক কাম কৰিবলৈ সহায় কৰি তুলিলে । তেওঁলােকে জন্তুৰে টনা চকা লগােৱা গাড়ীৰে বস্তু অনা – নিয়া কৰিবলৈ ধৰাত পৰিবহন ব্যৱস্থাৰ উন্নতি হ’ল ।

প্রশ্ন ১২। মানুহে নদীৰ পাৰত বসবাস কৰিবলৈ লােৱাৰ কাৰণ কি ? 

উত্তৰঃ নদীৰ পাৰৰ মাটি কোমল আৰু সাৰুৱা । এনে মাটিত খেতি – বাতি ভাল হয় । আনহাতে খােৱাৰ বাবে , খেতি – বাতিৰ বাবে বা অন্য কামতাে প্রয়ােজন হােৱা পানী নদীত সহজেই পােৱা যায় । নাও , ভেল আদিৰ সহায়ত নদীৰে যাতায়াত কৰাতাে সুবিধা থাকে । এনেবােৰ কাৰণতে নদীৰ পাৰত বসবাস কৰিবলৈ লৈছিল । 

প্রশ্ন ১৩। গাঁৱৰ উৎপত্তি কেনেকৈ হ’ল ? এটি থুলমূল ধাৰণা দিয়া । 

উত্তৰঃ পশুপালন আৰু খেতি কৰিবলৈ শিকাৰ পাছত আদিম মানৱে অঘৰী জীৱন এৰিব লগা হৈছিল । কাৰণ পােহনীয়া জন্তুবােক সদায় লগত লৈ ঘূৰি ফুৰাটো সম্ভৱ নহয় । আনহাতে , শস্যৰ বীজ সিচাৰ পৰা ফচল গােটোৱালৈ এচোৱা দীঘলীয়া সময়ৰ প্রয়ােজন । আকৌ চপােৱা ফচলবােৰাে লগত লৈ ঘূৰি ফুৰাত অসুবিধা । ফলত আদিম মানৱে স্থায়ীভাৱে বসতি কৰিব লগা হৈছিল । কিন্তু তেওঁলােকে বুজি পাইছিল যে ইয়াত এঘৰ তাত এঘৰ থকাতকৈ একে ঠাইতে কেইবাঘৰো মানুহ লগ হৈ থকাটো বেছি সুবিধাজনক । সেয়েহে , সুবিধাজনক আৰু নিৰাপদ স্থান বাছি লৈ তেওঁলােকে কেইবাটাও পৰিয়াল গছ ডাল – পাত , খেৰ আদিৰে একো একোটা আশ্রয় , স্থান বা ঘৰ সাজি ওচৰা – উচৰিকৈ থাকিবলৈ লৈছিল । এনেকৈ একোটা অঞ্চলত বহু ঘৰ মানুহ লগ লাগি গাঁৱৰ উৎপত্তি হল । 

প্রশ্ন ১৪। মানৱ সভ্যতাৰ ইতিহাসত ধাতুৰ গুৰুত্বপূর্ণ ভূমিকা আছে ‘ — কথাষাৰ চমুকৈ বুজাই লিখা । 

উত্তৰঃ মানৱ সভ্যতাৰ ইতিহাসত ধাতুৱে এক গুৰুত্বপূর্ণ ভূমিকা লৈ আহিছে । প্রায় ছহাজাৰ বছৰ পূৰ্বে তাম ধাতুৰ আৱিষ্কাৰ হৈছিল । তামৰ পৰা মানুহে ছুৰী কটাৰী , হাতুৰি আদিকে ধৰি বিভিন্ন সা – সঁজুলি তথা আহিলা – পাতি নির্মাণ কৰি লৈছিল । কিন্তু তামেৰে তৈয়াৰী সা – সঁজুলিবােৰ লেহুকা হােৱা বাবে মানুহে অসুবিধাৰ সন্মুখীন হৈছিল । তামৰ পাছতে টিন ধাতুৰ আৱিষ্কাৰ হৈছিল । তেতিয়া টিন আৰু তাম ধাতু মিহলাই ব্রঞ্জ নামৰ ধাতু এবিধ আৱিষ্কাৰ কৰি তাৰে অস্ত্র – শস্ত্র , বাচন – বৰ্তন আদি তৈয়াৰ কৰিছিল । প্রায় পাঁচ হাজাৰ বছৰ পূর্বে মানুহে ব্ৰঞ্জ ধাতুৰ বহুল ব্যৱহাৰ কৰিছিল । মানুহে আটাইতকৈ বেছি ব্যৱহাৰ কৰা ধাতুবিধ হৈছে লাে। প্রায় চাৰি হাজাৰ বছৰ আগতে লােৰ যুগ আৰম্ভ হৈছিল । এই ধাতুবােৰক বাদ দি মানৱ সভ্যতাৰ অগ্রগতিৰ কথা কল্পনাই কৰিব নােৱাৰি । ধাতুৰ পৰাই মানুহে ঘৰুৱা সা – সৰঞ্জাম, যুদ্ধৰ আহিলা – পাতি আদি প্রস্তুত কৰে । বর্তমান সময়ত পৰিবহন ব্যৱস্থা , যােগাযােগ ব্যৱস্থা , যাতায়াত ব্যৱস্থা , বিজুলী যােগান , প্রচাৰ মাধ্যম , কৃষিক্ষেত্র , উদ্যোগ ক্ষেত্র আদি সকলােতে ধাতুৰ ব্যাপক ব্যৱহাৰ দেখা যায় । গতিকে দেখা যায় , মানৱ সভ্যতাৰ ইতিহাসত ধাতুৰ গুৰুত্বপূর্ণ ভূমিকা আছে ।

প্রশ্ন ১৫। খালী ঠাই পূৰণকৰা –

( ক ) এটা জ্বলন্ত …………. ৰূপে পৃথিৱীখনৰ জন্ম হৈছিল । 

উত্তৰঃ বাষ্পপিণ্ড।

( খ ) আদিম মানৱসকল আমাৰ …………….।

উত্তৰঃ উপৰিপুৰুষ।

( গ ) লাখ লাখ বছৰৰ আগতে হিমালয় পর্বতৰ ঠাইত আছিল বিশাল………………।

উত্তৰঃ সাগৰ।

( ঘ ) চিকাৰ কৰিবলৈ আদিম মানৱৰ হাতত একমাত্র অস্ত্র আছিল…………….. ।

উত্তৰঃ শিল।

( ঙ ) প্রায় দুই হাজাৰ বছৰ আগতে ……………… যুগ আৰম্ভ হৈছিল । 

উত্তৰঃ নৱ প্রস্তৰ।

( চ ) প্রাচীন প্রস্তৰ যুগৰ মানুহে অস্ত্রবােৰ ……………….ৰ পৰা তৈয়াৰ কৰি লৈছিল।

উত্তৰঃ শিল।

( ছ ) মানুহে আৱিষ্কাৰ কৰা প্ৰথম ধাতুটো আছিল ……………… ।

উত্তৰঃ তাম।

( জ ) বস্তুৰ সাল – সলনি কৰা পদ্ধতিটোক ……………….প্রথা বােলে । 

উত্তৰঃ বিনিময়।

( ঝ ) আদিম মানৱৰ বাবে ………………….ভাৱ প্ৰকাশৰ মাধ্যম হৈ পৰিছিল । 

উত্তৰঃ বিনিময়।

( ঞ ) জুইৰ আৱিষ্কাৰ হৈছিল ..………………প্রস্তৰ যুগত । 

উত্তৰঃ প্রাচীন।

( ট ) চকাৰ আৱিষ্কাৰ হৈছিল ……………….প্রস্তৰ যুগত । 

উত্তৰঃ নৱ।

প্রশ্ন ১৬। তুষাৰ যুগ কাক বােলে ? 

উত্তৰঃ কেইবা নিযুত বছৰৰ ব্যৱধানত পৃথিৱীখনৰ উপৰিভাগৰ ভালেমান অংশ বৰফে ঢাকি পেলাইছিল । ফলত গছ – গছনিবােৰ মৰি গৈছিল , প্রাণীবােৰ নিৰাপদ ঠাই বিচাৰি পলাই গৈছিল আৰু পলাই যাব নােৱাৰা প্রাণীবােৰ মৃত্যুমুখত পৰিছিল । এনে কালক তুষাৰ যুগ বুলি কোৱা হয় । 

প্রশ্ন ১৭। তুষাৰ যুগে আদিম মানৱৰ জীৱনলৈ কি পৰিৱৰ্তন আনিলে চমুকৈ লিখা । 

উত্তৰঃ তুষাৰ যুগে আদিম মানৱৰ জীৱনলৈ অনা পৰিৱৰ্তনবােৰ হ’ল— 

( ১ ) তুষাৰ যুগতে মানুহে দলে দলে গৰম ঠাই বিচাৰি এটা অঞ্চলৰ পৰা আনটো অঞ্চললৈ গৈছিল । 

( ২ ) এইটো যুগতে মানুহে খাদ্য বিচাৰি এখন ঠাইৰ পৰা আন এখন ঠাইলৈ যােৱা হ’ল । মানুহে হাবিত জীৱ – জন্তু চিকাৰ কৰিছিল , হাবিয়ে বননিয়ে পােৱা ফল – মূল খাইছিল । 

( ৩ ) তুষাৰ যুগতে মানুহে পশুপালন কৰিবলৈ শিকিছিল । কিছুমান মানুহে চিকাৰলৈ গৈ জন্তুৰ পােৱালি বধ নকৰি লগত লৈ আহিছিল আৰু সেইবােৰ ডাঙৰ হ’বলৈ দিছিল । এনেকৈয়ে আদিম মানৱে জন্তু পুহিবলৈ শিকিছিল । 

প্রশ্ন ১৮। নৱপ্রস্তৰ যুগত আধুনিক সভ্যতাৰ বীজ অংকুৰিত হৈছিল বুলি কিয় কোৱা হয় ? পাঁচটা কাৰণ লিখা । 

উত্তৰঃ নৱপ্ৰস্তৰ যুগত আধুনিক সভ্যতাৰ বীজ অংকুৰিত হৈছিল বুলি কোৱাৰ পাঁচটা কাৰণ হ’ল—

( ১ ) নৱপ্রস্তৰ যুগত মানুহে প্রথম জন্তুৰে নাঙল টানি মাটি চহাই কৃষি কৰ্ম আৰম্ভ কৰিছিল । 

( ২ ) এইটো যুগতে মানুহে আঁহৰ পৰা সূতা কাটি কাপােৰ ববলৈ শিকিছিল । 

( ৩ ) মানৱ সভ্যতালৈ অফুৰন্ত বৰঙণি যােগােৱা চকাৰ আৱিষ্কাৰ এই নৱপ্রস্তৰ যুগতে হৈছিল । 

( ৪ ) বস্তুৰ সলনি বস্তু দিয়া – লােৱা প্ৰথা অর্থাৎ বিনিময় প্রথা এইটো যুগতে আৰম্ভ হৈছিল । 

( ৫ ) নৱপ্রস্তৰ যুগত উৎপাদন আৰু বিতৰণ ব্যৱস্থাৰ প্রৱৰ্তন হৈছিল ।

Leave a Comment

Your email address will not be published. Required fields are marked *

Scroll to Top