Niketan Class 5 Social Chapter 15 সৌৰজগতৰ কথা

Niketan Class 5 Social Chapter 15 সৌৰজগতৰ কথা, Sankardev Chapter 15 সৌৰজগতৰ কথা Class 5 Social Science Question Answer to each chapter is provided in the list so that you can easily browse through different chapters and select needs one.

Niketan Class 5 Social Chapter 15 সৌৰজগতৰ কথা

Join Telegram channel

Sankardev Class 5 সমাজ বিজ্ঞান Question Answer can be of great value to excel in the examination. Assam Board Sankardev Sishu Niketan Class V Social Science Chapter 15 সৌৰজগতৰ কথা gives you a better knowledge of all the chapters. You can get solutions to questions of both basic and advanced levels.

সৌৰজগতৰ কথা

Chapter – 15

সমাজ বিজ্ঞান

SANKARDEV SISHU NIKETAN

প্রশ্ন ১। চমু উত্তৰ দিয়া – 

( ক ) সৌৰজগত কাক বােলে ? 

উত্তৰঃ সূর্য আৰু ইয়াৰ সৈতে বান্ধ খাই থকা গ্রহ , উপগ্রহ , উল্কাপিণ্ড , ধূমকেতু , খণ্ডিত গ্রহপিণ্ড আদিক একেলগে সৌৰজগত বােলে ।

( খ ) মহাশূন্যৰ কোনবােৰ বস্তু ওপঙি থাকে ? 

উত্তৰঃ মহাশূন্যত নক্ষত্র , গ্রহ , উপগ্রহ , গ্রহানু , ধূমকেতু আদি ওপঙি থাকে ।

( গ ) জ্যোতিষ্ক কাক বােলে ? গ্রহ আৰু নক্ষত্রৰ মাজত পার্থক্য কি ? 

উত্তৰঃ যিবােৰ বস্তুৱে আকাশত থাকি পােহৰ বিলায় , সেইবােৰক জ্যোতিষ্ক বােলে । গ্ৰহ আৰু নক্ষত্ৰৰ মাজত পার্থক্য হৈছে — গ্রহবােৰৰ নিজা পােহৰ আৰু তাপ নাই , কিন্তু নক্ষত্ৰবােৰৰ নিজা পােহৰ আৰু তাপ আছে । গ্রহবােৰ গতিশীল , আনহাতে , নক্ষত্ৰবােৰৰ গতি নাই , সেইবােৰ স্থিৰ।

( ঘ ) গ্ৰহৰ নিজা পােহৰ নাই , তথাপি আকাশত গ্রহবােৰ উজলি থাকে কিয় ? 

উত্তৰঃ গ্রহৰ উপৰিভাগত নক্ষত্রৰ পােহৰ পৰি প্রতিফলিত হয় । সেইবাবেই আকাশত গ্রহবােৰ উজলি থাকে । 

( ঙ ) সূর্য থকা তাৰকাপুঞ্জটোৰ নাম কি ? এইটো নিশাৰ আকাশত কেনে দেখা যায় ? 

উত্তৰঃ হাতীপটি ( Milky way ) নিশাৰ আকাশত এইটো উত্তৰ দিশৰ পৰা দক্ষিণ দিশলৈ বৈ থকা এখন নদী যেন লাগে । 

( চ ) গ্রহাণুপুঞ্জ কি ? কোন দুটা গ্রহৰ মাজত গ্রহাণুপুঞ্জ পৰিলক্ষিত হয় ? 

উত্তৰঃ ক্ষুদ্র ক্ষুদ্র অসংখ্য খণ্ডিত গ্রহক গ্রহাণুপুঞ্জ বােলে । বৃহস্পতি আৰু মঙল গ্রহ ।

( ছ ) পপীয়া আৰু নেজাল তৰা কি ? 

উত্তৰঃ বৃহস্পতি আৰু মঙল গ্রহৰ মাজত দেখা পােৱা খণ্ডিত গ্রহৰ টুকুৰা মাজে সময়ে পৃথিৱীৰ বায়ুমণ্ডলত প্ৰৱেশ কৰে কিন্তু , মাটিত পৰাৰ আগতেই বায়ুমণ্ডলত ঘঁহনি খাই এইবােৰ জ্বলি শেষ হৈ যায় । এইবােৰক পপীয়া তৰা বােলে । নেজাল তৰা হৈছে মহাশূন্যৰ পৰা পৃথিৱীৰ বায়ুমণ্ডলত প্রৱেশ কৰি বায়ুমণ্ডলত ঘঁহনি খাই উজলি উঠা ধূমকেতু । ধূমকেতুৰ এটা অংশ উজলি থকা নেজ এডালৰ দৰে হয় । বাবে ইয়াক নেজাল তৰা বােলে ।

( জ ) অভ্যন্তৰীয় গ্রহকেইটা কি ? এইবােৰ কিহৰ দ্বাৰা গঠিত ? 

উত্তৰঃ অভ্যন্তৰীয় এইকেইটা হৈছে বুধ , শুক্র , পৃথিৱী আৰু মঙল এইবােৰ মূলতঃ লাে আৰু শিলৰ দ্বাৰা গঠিত । 

( ঝ ) বহিঃ গ্রহকেইটা কি ? এইবােৰ কিহৰ দ্বাৰা গঠিত ? 

উত্তৰঃ বৃহস্পতি , শনি , ইউৰেনাছ আৰু নেপচুন এইকেইটা বহিঃগ্রহ । এইবােৰ মূলতঃ হাইড্রজেন , হিলিয়াম , এম’নিয়া আৰু মিথেন গেছৰ দ্বাৰা গঠিত ।

( ঞ ) চন্দ্র কলংক কি ? 

উত্তৰঃ চন্দ্র কলংক হৈছে চন্দ্ৰৰ উপৰিভাগত থকা শুকান গহ্বৰৰ চিন ।

( ট ) ক্ষুদ্র গ্রহবােৰক কি বােলা হয় ? এতিয়ালৈকে আৱিষ্কৃত ক্ষুদ্র গ্রহকেইটাৰ নাম লিখা । 

উত্তৰঃ ক্ষুদ্র গ্রহবােৰক গ্রহানু বােলে । ছেৰিছ , প্লুটো আৰু এৰিছ ।

( ঠ ) মহাকাশলৈ যােৱা প্ৰথমজন মানুহৰ নাম কি ? তেওঁ কোন দেশৰ লােক ? 

উত্তৰঃ য়ুৰি গাগৰিন । ছােভিয়েট ৰাছিয়াৰ ।

( ড ) চন্দ্রত প্রথমে পদার্পণ কৰা লােক দুজনৰ নাম কি ? 

উত্তৰঃ নীল আর্মষ্ট্রং আৰু এডুইন এলড্রিন ।

( ঢ ) ভাৰতে মহাকাশলৈ প্ৰেৰণক প্রথম উপগ্ৰহটোৰ নাম কি ? এইটো ক’ৰপৰা উৎক্ষেপণ কৰা হৈছিল ? 

উত্তৰঃ আর্যভট্ট । ভাৰতীয় মহাকাশ গৱেষণা প্রতিষ্ঠানৰ পৰা । 

( ণ ) ধূমকেতু কাক বােলে ? কোনবােৰ ধূমকেতু নির্দিষ্ট সময়ৰ ব্যৱধানত পুনৰবাৰ দেখা পােৱা যায় ? 

উত্তৰঃ আকাশত পৰিভ্ৰমণ কৰা বৰফৰ শিলাখণ্ডকে ধূমকেতু বােলে । যিবােৰ ধূমকেতুৰ কক্ষপথ উপবৃত্তাকাৰ বা ডিম্বাকৃতিৰ , সেইবােৰ ধূমকেতুকে নির্দিষ্ট সময়ৰ ব্যৱধানত পুনৰবাৰ দেখা পােৱা যায় ।

( ত ) দিনত দেখা পােৱা জ্যোতিষ্কটোৰ নাম কি ? দিনত প্রায়বােৰ জ্যোতিষ্ক কিয় দেখা নাযায় ?

উত্তৰঃ সূর্য । দিনত সূৰ্যৰ তীব্র পােহৰত আনবােৰ জ্যোতিষ্ক অনুজ্জ্বল হৈ থাকে , সেইবাবে দিনত আনবােৰ জ্যোতিষ্ক দেখা নাযায় ।

( থ ) গ্রহৰ ঘূর্ণন গতি কি ? ইয়াৰ সৈতে সময় সম্পর্ক কি ? 

উত্তৰঃ গ্রহবােৰে নিজ মেৰুদণ্ডক কেন্দ্ৰ কৰি যি গতিত পশ্চিমৰ পৰা পূবলৈ সম্পূর্ণ এপাক ঘূৰে , সেই গতিকে গ্রহৰ ঘূর্ণন গতি বােলে । গ্ৰহৰ ঘূর্ণন গতিৰ সৈতে সময়ৰ সম্পর্ক এই যে এই ঘূর্ণন গতি পর্যবেক্ষণ কৰি দিন , মাহ বা বছৰৰ হিচাপ উলিওৱা হয় । যেনে— পৃথিৱীয়ে নিজ মেৰুদণ্ডত এপাক ঘূর্ণন সম্পূর্ণ কৰিবলৈ সময় লয় ২৩ ঘণ্টা ৫৬ মিনিট ৪ চেকেণ্ড । সেইবাবেই ২৪ ঘণ্টাত এদিন বুলি ধৰি লােৱা হৈছে । কিন্তু অন্য গ্রহৰ সম্পূর্ণ এপাক ঘূর্ণনক সময় পৃথিৱীত কম বা বেছিও হ’ব পাৰে । 

( দ ) গ্রহৰ পৰিভ্রমণ বুলিলে কি বুজা ? ইয়াৰ সৈতে সময় সম্পর্ক কি ? 

উত্তৰঃ গ্রহই নিজ কক্ষপথেৰে ( orbit ) সূর্যক প্রদক্ষিণ কৰাটোকে গ্রহৰ পৰিভ্রমণ বােলে । কোনাে এটা গ্রহই সূর্যক এবাৰ প্রদক্ষিণ কৰিবলৈ এটা নির্দিষ্ট সময় লাগে ; ইয়াক পৰিভ্রমণ কাল বােলা হয় । এই পৰিভ্ৰমণ কাল পর্যবেক্ষণ কৰি পৃথিৱীৰ দিন , মাহ , বছৰৰ হিচাপ উলিওৱা হয় । যেনে— পৃথিৱীয়ে সূর্যক এবাৰ প্রদক্ষিণ কৰিবলৈ সময় লয় ৩৬৫ দিন ৫ ঘণ্টা ৪০ মিনিট ৪৫.৫ চেকেণ্ড । পৃথিৱীত এই পৰিভ্ৰমণৰ সময়ছােৱা এবছৰ বুলি ধৰা হয় । কিন্তু পৃথিৱীৰ সময়ৰ লগত আন গ্রহৰ সময়ৰ মিল নাথাকিবও পাৰে । যেনে— বৃহস্পতি গ্রহৰ বাবে যি এবছৰ , সেই সময় পৃথিৱীৰ বাবে হয় ১২ বছৰ ।

প্রশ্ন ২। খালী ঠাই পূৰণ কৰা –

( ক ) আমাৰ সৌৰজগতখন হ’ল ……………… এটা ক্ষুদ্র অংশ মাথোঁ । 

উত্তৰঃ আমাৰ সৌৰজগতখন হ’ল বিশ্বব্রহ্মাণ্ডৰ এটা ক্ষুদ্র অংশ মাথোঁ । 

( খ ) জোনৰ পােহৰ পৃথিৱীত পৰিবলৈ সময় লাগে মাথােন…………….. ছেকেণ্ড । 

উত্তৰঃ জোনৰ পােহৰ পৃথিৱীত পৰিবলৈ সময় লাগে মাথােন ১.৩ ছেকেণ্ড । 

( গ ) ……………. পৃথিৱীৰ একমাত্র উপগ্রহ । 

উত্তৰঃ জোনটো পৃথিৱীৰ একমাত্র উপগ্রহ ।

( ঘ ) সৌৰজগতৰ গ্ৰহবােৰে ……………… প্রদক্ষিণ কৰে । 

উত্তৰঃ সৌৰজগতৰ গ্ৰহবােৰে সূৰ্যক প্রদক্ষিণ কৰে। 

( ঙ ) উপগ্রহই ……………… প্রদক্ষিণ কৰে । 

উত্তৰঃ উপগ্রহই গ্রহক প্রদক্ষিণ কৰে ।

( চ ) গ্রহৰ …………….. উপবৃত্তাকাৰ । 

উত্তৰঃ গ্ৰহৰ কক্ষপথ উপবৃত্তাকাৰ ।

( ছ ) বৃহস্পতিৰ বাবে যি সময় এবছৰ , সেই সময় পৃথিৱীৰ বাবে………………।

উত্তৰঃ বৃহস্পতিৰ বাবে যি সময় এবছৰ , সেই সময় পৃথিৱীৰ বাবে ১২ বছৰ ।

Leave a Comment

Your email address will not be published. Required fields are marked *

Scroll to Top