Niketan Class 4 Science Chapter 19 আমাৰ অলাগতিয়াল উদ্ভিদ আৰু ইয়াৰ যতন

Niketan Class 4 Science Chapter 19 আমাৰ অলাগতিয়াল উদ্ভিদ আৰু ইয়াৰ যতন, Sankardev Sishu Niketan Chapter 19 আমাৰ অলাগতিয়াল উদ্ভিদ আৰু ইয়াৰ যতন Class 4 General Science Question Answer to each chapter is provided in the list of SEBA so that you can easily browse through different chapters and select needs one. Assam Board Sankardev Sishu Niketan Class 4 সাধাৰণ বিজ্ঞান Question Answer can be of great value to excel in the examination.

Join Telegram channel
Follow us:
facebook sharing button
whatsappp sharing button
instagram sharing button

আমাৰ অলাগতিয়াল উদ্ভিদ আৰু ইয়াৰ যতন

Chapter – 19

সাধাৰণ বিজ্ঞান

SANKARDEV SISHU NIKETAN

১। আঁহ জাতীয় উদ্ভিদৰ পৰা আমি কি পাওঁ?

উত্তৰঃ আঁহ জাতীয় উদ্ভিদৰ পৰা আমি কালাৰ, ৰছী, বস্তা, থৈলা, দলিছা, তোচক, গাদী আদি তৈয়াৰ কৰোঁ।

২। ঘৰ আৰু আচবাব কিহেৰে বনোৱা হয়?

উত্তৰঃ কাঠ, বাঁহ, বেত আদিৰে ঘৰ আৰু আচৱাৰ সজা হয়।

WhatsApp Group Join Now
Telegram Group Join Now
Instagram Join Now

৩। উদ্ভিদৰ পৰা আমি কি তৈয়াৰ কৰো? 

উত্তৰঃ কিছুমান উদ্ভিদৰ পৰা আমি দৰকাৰী দ্রব্য প্ৰস্তুত কৰি লওঁ।

৪। উদ্ভিদৰ পৰা আমি কি পাওঁ?

উত্তৰঃ উদ্ভিদৰ পৰা মানুহ আৰু আন প্ৰাণীয়ে খোৱা বস্তু পায়। 

অনুশীলনী 

১। ঘাঁহ জাতীয় উদ্ভিদৰ পৰা আমি কি কি খোৱা বস্তু পাওঁ? 

উত্তৰঃ ঘাঁহ জাতীয় উদ্ভিদৰ পৰা আমি বিভিন্ন খাদ্য পাওঁ। যেনে ধান, ঘেঁহুৰ পৰা চাউল আৰু আটা, ৰহৰ, মচুৰ, মণ্ড আদিৰ পৰা দাইল, সৰিয়হ, তিল, বাদাম, বেলিফুল আদিৰ পৰা তেল পোৱা যায়।

২। এটা খেৰি ঘৰ সাজিবলৈ আমাক কি কি বস্তু লাগে ?

উত্তৰঃ এটা খেৰি ঘৰ সাজিবলৈ আমাক, বাঁহ, কাঠ, খেৰ, ইকৰা আদি বস্তু লাগে।

৩। বাঁহ বা ঘাঁহ জাতীয় উদ্ভিদৰ দ্বাৰাই যে কাগজ তৈয়াৰ কৰা হয়, তাক এটা পৰীক্ষাৰ সহায়ত বুজাই দিয়া?

উত্তৰঃ বাঁহ বা ঘাঁহ জাতীয় উদ্ভিদৰ দ্বাৰাই কাগজ তৈয়াৰ কৰিব পাৰি, তাক এটা পৰীক্ষাৰ সহায়ত বুজাব পাৰি—

ব্লটিং পেপাৰৰ টুকুৰা এটা কিছু সময় নেমুৰ ৰসত থৈ দিয়া হ’ল। এতিয়া এটা কাঁচৰ গিলাচত আধামান পানী লৈ তাত কাগজৰ টুকুৰাটো দি ঘোদালি দিয়া হ’ল। এখন আতচী কাঁচৰ সহায়ত চালে দেখা যাব যে পানীত কিছুমান সৰু সৰু আঁহ উটি-ভাহি আছে। এই আটাইবোৰ কাগজ কলত ব্যৱহাৰ কৰা বাঁহ বা তেনে ঘাঁহ জাতীয় উদ্ভিদৰ অংশ।

৪। পাঁচবিধ ঔষধি উদ্ভিদৰ নাম লিখা ?

উত্তৰঃ পাঁচবিধ ঔষধি উদ্ভিদ হ’ল—তুলসী, ভেদাইলতা, নিম, নৰসিংহ, অমৰা।

৫। সুগন্ধি আতৰ প্ৰস্তুত কৰিব পৰা দুবিধ উদ্ভিদৰ নাম লিখাঁ ?

উত্তৰঃ সুগন্ধি আতৰ প্ৰস্তুত কৰিব পৰা দুবিধ উদ্ভিদ হ’ল—চন্দন, অগৰু।

অতিৰিক্ত প্রশ্নোত্তৰ

১। ৰবৰ কেনেদৰে তৈয়াৰ কৰা হয়? 

উত্তৰঃ ৰবৰ গছৰ গাৰ পৰা এবিধ বগা ৰস (তৰুক্ষীৰ) ওলায়। এই ৰসৰ পৰা আমি ব্যৱহাৰ কৰা ৰবৰ তৈয়াৰ কৰা হয়।

২। তিনিবিধ আঁহজাতীয় উদ্ভিদৰ নাম লিখা ? 

উত্তৰঃ তিনিবিধ আঁহজাতীয় উদ্ভিদ হ’ল—–কপাহ, মৰাপাট, নাৰিকল।

৩। নাৰিকল বা মৰাপাটৰ আঁহেৰে তৈয়াৰী চাৰিবিধ সামগ্ৰীৰ নাম লিখা? 

উত্তৰঃ নাৰিকল বা মৰাপাটৰ আঁহেৰে তৈয়াৰী চাৰিবিধ সামগ্ৰী হ’ল—ৰছী, মোনা,বস্তা, দলিছা।

Leave a Comment

This site uses Akismet to reduce spam. Learn how your comment data is processed.

This will close in 0 seconds

Scroll to Top