Niketan Class 4 Science Chapter 20 উদ্ভিদৰ বিভিন্ন অংগৰ কাম

Niketan Class 4 Science Chapter 20 উদ্ভিদৰ বিভিন্ন অংগৰ কাম, Sankardev Sishu Niketan Chapter 20 উদ্ভিদৰ বিভিন্ন অংগৰ কাম Class 4 General Science Question Answer to each chapter is provided in the list of SEBA so that you can easily browse through different chapters and select needs one. Assam Board Sankardev Sishu Niketan Class 4 সাধাৰণ বিজ্ঞান Question Answer can be of great value to excel in the examination.

Join Telegram channel
Follow us:
facebook sharing button
whatsappp sharing button
instagram sharing button

উদ্ভিদৰ বিভিন্ন অংগৰ কাম

Chapter – 20

সাধাৰণ বিজ্ঞান

SANKARDEV SISHU NIKETAN

১। উদ্ভিদৰ কি কি অংগ থাকে ?

উত্তৰঃ এজোপা সপুষ্পক উদ্ভিদৰ ডাল, পাত, ফুল, শিপা আদি বিভিন্ন অংগ থাকে।

২। উদ্ভিদৰ বিভিন্ন অংশৰ প্ৰয়োজন কি? 

উত্তৰঃ উদ্ভিদৰ বিভিন্ন অংশৰ বিভিন্ন কাম।

WhatsApp Group Join Now
Telegram Group Join Now
Instagram Join Now

৩। কিহৰ বাবে পোক-পৰুৱা ফুলৰ প্ৰতি আকর্ষিত হয় ? 

উত্তৰঃ পাহি ৰংচঙীয়া হোৱা বাবে পোক-পৰুৱা, পতংগ, চৰাই-চিৰিকটি আদি ফুলৰ প্রতি আকর্ষিত হয়।

৪। পুষ্পাক্ষই কিহক বহন কৰে? 

উত্তৰঃ পুষ্পাক্ষই বৃতি, দলমণ্ডল, পুংস্তৱক আৰু স্ত্ৰীস্তৱক আদিক বহন কৰে।

অনুশীলনী 

১। পাতৰ তিনিটা কাম উল্লেখ কৰা ?

উত্তৰঃ পাতৰ তিনিটা কাম হ’ল—

ক) পাতে আহাৰ তৈয়াৰ কৰে।

খ) পাতে শ্বাস-প্রশ্বাস লয়।

গ) পাতে অতিৰিক্ত পানীভাগ বাহিৰ কৰি দিয়ে।

২। শিপাৰ কাম কি?

উত্তৰঃ শিপাৰ কাম হ’ল-

ক) শিপাই মাটিৰ পৰা সাৰ-পানী শুহি লয়।

খ) শিপাই গছজোপাকে মাটিত খামুচি ধৰি ৰাখে যাতে গছজোপা উভালি পৰিৱ নোৱাৰে।

৩। মূলত্ৰ আৰু মূলৰোমৰ কাম কি? 

উত্তৰঃ শিপাই সাৰ-পানী বিচাৰি যাওঁতে যাতে মাটিত আঘাত নাপায় তাৰ ব্যৱস্থা মূলত্রই কৰে।মূলৰোমে মাটিৰ পৰা পানী আৰু সাৰ শুহি লয়।

৪। ফুলৰ বিভিন্ন অংশৰ কাম বহলাই লিখা ?

উত্তৰঃ ফুল এজোপাৰ বিভিন্ন অংশ থাকে। যেনে:- পুষ্পবৃত্তিকা, ঠাৰি,পুষ্পপত্র, বৃত্তি, দলমণ্ডল (পাহি), পুংস্তৱক আৰু স্ত্ৰীস্তবক।

ইয়াৰে পুষ্পবৃত্তিকাই ফুলপাহক ডালৰ লগ লগাই ধৰি ৰাখে আৰু পাতত প্ৰস্তুত হোৱা আহাৰ ফুললৈ কঢ়িয়াই নিয়ে। পুষ্পাক্ষ বৃত্তিয়ে কলি অৱস্থাত সম্পূৰ্ণকৈ আৱৰি ৰাখে যাতে তাৰ ভিতৰত থকা কোমল পাহি, পুংস্তৱক, স্ত্রীস্তৱক আদি ব’দু বতাহত শুকায় নাযায় আৰু পোক-পৰুৱাই সহজে নষ্ট কৰিব নোৱাৰে। 

অতিৰিক্ত প্রশ্নোত্তৰ

১। এজোপা সপুষ্পক উদ্ভিদৰ কি কি অংগ থাকে?

উত্তৰঃ এজোপা সপুষ্পক উদ্ভিদৰ বিভিন্ন অংগ থাকে। যেনে :- শিপা, গা-গছ, ডাল,পাত ফুল আদি।

২। উদ্ভিদৰ ডালৰ কাম লিখা ?

উত্তৰঃ উদ্ভিদৰ ডালৰ কাম হ’ল—

ক) ডালে পাত, ফুল আৰু ফল ধৰি ৰাখে। 

খ) পাতত প্ৰস্তুত হোৱা আহাৰ আৰু শিপাই শুহি অনা সাৰ-পানী ডালৰ মাজেৰে উদ্ভিদৰ শৰীৰৰ বিভিন্ন অংগলৈ যায়।

৩। শিপাৰ ভাগবোৰ কি কি?

উত্তৰঃ শিপাৰ ভাগবোৰ হ’ল— ঘাইশিপা, শাখা শিপা, মূলৰোম, মূলত্ৰ। 

৪। মূলত্ৰ আৰু মূলৰোম কি?

উত্তৰঃ উদ্ভিদৰ শিপাৰ একেবাৰে আগৰ অংশক মূলত বোলে।মূলত্ৰৰ কিছু ওপৰত মূলৰ গাৰ পৰা কিছুমান অতি মিহি নোম ওলায়।এইবোৰক মূলৰোম বোলে।

৫। গা-গছৰ কাম কি?

উত্তৰঃ গা-গছে ডাল, পাত, ফুল, আদি ধৰি ৰাখে আৰু পাতত প্ৰস্তুত হোৱা খাদ্য আৰু শিপাই শুহি অনা সাৰ-পানী বহন কৰে।

৬। পোক-পৰুৱা, পতংগ, চৰাই-চিৰিকটি আদি কিয় ফুলৰ প্ৰতি আকৰ্ষিত হয়?

উত্তৰঃ ফুলৰ পাহি ৰংচঙীয়া হোৱা বাবে পোক-পৰুৱা, পতংগ, চৰাই-চিৰিকটি আদি ফুলৰ প্ৰতি আকৰ্ষিত হয়।

৭। পুষ্পাক্ষই কিহক বহন কৰে?

উত্তৰঃ পুষ্পাক্ষই বৃতি, দলমণ্ডল, পুংস্তৱক আৰু স্ত্ৰীস্তৱক আদিক বহন কৰে।

Leave a Comment

This site uses Akismet to reduce spam. Learn how your comment data is processed.

This will close in 0 seconds

Scroll to Top