Niketan Class 4 Science Chapter 5 সেউজ সম্পদ

Niketan Class 4 Science Chapter 5 সেউজ সম্পদ, Sankardev Sishu Niketan Chapter 5 সেউজ সম্পদ Class 4 General Science Question Answer to each chapter is provided in the list of SEBA so that you can easily browse through different chapters and select needs one. Assam Board Sankardev Sishu Niketan Class 4 সাধাৰণ বিজ্ঞান Question Answer can be of great value to excel in the examination.

Join Telegram channel
Follow us:
facebook sharing button
whatsappp sharing button
instagram sharing button

সেউজ সম্পদ

Chapter – 5

সাধাৰণ বিজ্ঞান

SANKARDEV SISHU NIKETAN

১। উদ্ভিদ কেই প্ৰকাৰৰ ?

উত্তৰঃ উদ্ভিদ চাৰি প্ৰকাৰৰ । তৃণ বা ঘাঁ বন, গুল্ম, বৃক্ষ আৰু লতা। 

উদ্ভিদৰ পৰা বিভিন্ন খাদ্যবস্তু পাওঁ।

২। কিহৰ পৰা আচবাব সামগ্ৰী প্ৰস্তুত কৰা হয়। 

WhatsApp Group Join Now
Telegram Group Join Now
Instagram Join Now

উত্তৰঃ উদ্ভিদৰ পৰা বিভিন্ন আচবাব সামগ্রী প্রস্তুত কৰা হয়।

৩। উদ্ভিদ বৈশিষ্ট কি কি?

উত্তৰঃ সেউজীয়া উদ্ভিদৰ পাতত হৰিৎকণা থাকে। উদ্ভিদে নিজৰ খাদ্য নিজে তৈয়াৰ কৰে। উদ্ভিদে বায়ু নিৰ্মল কৰে।

৪। নতুন উদ্ভিদ কেনেকৈ হয় ?

উত্তৰঃ ফুলৰ পৰা ফল হয়। ফলৰ ভিতৰত বীজ থাকে। বীজৰ পৰা নতুন উদ্ভিদ হয়।

৫। উদ্ভিদে চেনীজাতীয় খাদ্য কেনেকৈ তৈয়াৰ কৰে? 

উত্তৰঃ পত্ৰহৰিতে সূৰ্য্যৰ ৰশ্মিৰ পৰা শক্তি ধৰি ৰাখিব পাৰে। এই শক্তিৰ সহায়ত পাতে চেনিজাতীয় খাদ্য তৈয়াৰ কৰে।

অনুশীলনী

১। চাৰি প্ৰকাৰৰ উদ্ভিদৰ প্ৰতিটোৰে চাৰিটাকৈ

উদাহৰণ দিয়া। (পাঠ্যপুথিত নথকা)

উত্তৰঃ

বৃক্ষ – শাল, চেগুন, তিতাচপা, কঠাল

তৃণ— ঘাঁহ, দুৱৰি, ধানৰ কঠিয়া ঘেহু।

গুল্ম—ডালিম, মধুৰিআম, নেমুটেঙা,

লতা—লেচেৰা, কোমোৰা, পটল, তিতাকেৰেলা।

২। উদ্ভিদ কেইপ্ৰকাৰৰ আৰু কি কি?

উত্তৰঃ উদ্ভিদ ৪ প্ৰকাৰৰ―

ক) তৃণ 

খ) গুল্ম 

গ) বৃক্ষ 

ঘ) লতা 

৩। উদ্ভিদে খাদ্য প্রস্তুত কৰোতে কি গেছ এৰি দিয়ে ?

উত্তৰঃ উদ্ভিদে খাদ্য প্রস্তুত কৰোতে অক্সিজেন গেছ এৰি দিয়ে।

৪। গছৰ পাতৰ ৰং কিয় সেউজীয়া হয়? 

উত্তৰঃ গছৰ পাতত পত্ৰহৰিং কনা (ক্ল’ৰফিল) নামৰ এবিধ সেউজীয়া ৰঞ্জক পদার্থ থাকে বাবে গছৰ পাতৰ ৰং সেউজীয়া হয়।

৫। উদ্ভিদে কেনেদৰে আহাৰ তৈয়াৰ কৰে লিখা।

উত্তৰঃ উদ্ভিদৰ শিপাই মাটিৰ পৰা পানী আৰু খনিজ লৱন শুহি লয়। দিনৰ ভাগত সূৰ্য্যৰ পোহৰত গছৰ পাতে পত্ৰহৰিত্ৰ সহায়ত পানী আৰু কাৰ্বন ডাই-অক্সাইড লগ লগাই চেনী জাতীয় খাদ্য তৈয়াৰ কৰে। এনেদৰে উদ্ভিদে খাদ্য তৈয়াৰ কৰি লয়।

৬। ঘৰ সজাত ব্যৱহাৰ কৰা তিনিবিধ উদ্ভিদৰ নাম লিখা ?

উত্তৰঃ ঘৰ সজাত ব্যৱহাৰ কৰা তিনিবিধ উদ্ভিদ হৈছে–আম, শাল, বনচোম। 

৭। ‘ক’ অংশৰ লগত ‘খ’ অংশ মিলোৱা :

‘ক’‘খ’
ক) সৰিয়হচাহ
খ) কুঁহিয়াৰচেনি
গ) ঘেঁহুআটা
ঘ) চাহপাতকাপোৰ
ঙ) কপাহতেল

উত্তৰঃ 

‘ক’‘খ’
ক) সৰিয়হতেল
খ) কুঁহিয়াৰচেনি
গ) ঘেঁহুআটা
ঘ) চাহপাতচাহ
ঙ) কপাহকাপোৰ

৮। তলৰ কেইবিধমান ঔষধি উদ্ভিদৰ নাম আৰু সেইবোৰৰ ব্যৱহাৰৰ বিষয়ে তালিকা প্ৰস্তুত কৰা। 

উত্তৰঃ

ঔ ষধি উদ্ভিদৰ নামব্যৱহাৰ
১) তুলসী১) কাহ হলে ঔষধ ৰূপে২) পূজা – পাৰ্বনত৩) কটা – চিঙা হ’লে তেজ নোলোৱাৰ বাবে
২) ভেদাইলতা১) পেটৰ অসুখ হ’লে
৩) মাণিমুনি১) পেটৰ অসুখ হ’লে২) দেহত ফোহা হ’লে সেইবোৰ পকাবলৈ

অতিৰিক্ত প্রশ্নোত্তৰ

১। সালোক সংশ্লেষণ কাক বোলে?

উত্তৰঃ উদ্ভিদৰ শিপাই মাটিৰ পৰা শুহি লোৱা পানী আৰু খনিজ লৱনৰ সহায়ত, সূৰ্য্যৰ তাপৰ সহযোগত পত্ৰহৰিত্ৰৰ উপস্থিতিত পানী আৰু কার্বন-ডাই-অক্সাইড লগ লগাই খাদ্য প্রস্তুত কৰা প্ৰক্ৰিয়াটোক সালোক-সংশ্লেষণ বোলে।

২। সপুষ্পক আৰু অপুষ্পক উদ্ভিদ কাক বোলে? উদাহৰণ দিয়া।

উত্তৰঃ  যিবোৰ উদ্ভিদৰ ফুল আৰু ফল হয়, তেনেবোৰ উদ্ভিদক সপুষ্পক উদ্ভিদ বোলে।

যেনে :- লাও, আম, কঠাল আদি।

আনহাতে, যিবোৰ উদ্ভিদৰ ফুল-ফল নহয়, তেনেবোৰ উদ্ভিদক অপুষ্পক উদ্ভিদ বোলে। যেনে: শেলাই, ঢেকীয়া আদি।

৩। ঔষধি উদ্ভিদ কাক বোলে? উদাহৰণ দিয়া ?

উত্তৰঃ যিবোৰ উদ্ভিদৰ ঔষধি গুণ আছে, তেনেবোৰ উদ্ভিদক ঔষধি উদ্ভিদ বোলে। যেনেঃ তুলসী, নৰসিংহ, ভেদাইলতা আদি।

৪। আমলখিত যথেষ্ট পৰিমাণে কি ভিটামিন থাকে।

উত্তৰঃ আমলখিত যথেষ্ট পৰিমাণে C ভিটামিন থাকে।

৫। C ভিটামিন থকা কেইবিধমান খাদ্যৰ নাম লিখা। 

উত্তৰঃ C ‘ভিটামিন থকা কেইবিধমান খাদ্য হ’ল—নেমু, কমলা, আমলখি, মধুৰিআম।

Leave a Comment

This site uses Akismet to reduce spam. Learn how your comment data is processed.

This will close in 0 seconds

Scroll to Top