🪔 Diwali Maha Offer Class 10 & 12 Bundles @ ₹299 ₹599
Ends in:
03d
14h
35m
40s

Niketan Class 4 Science Chapter 7 বীজৰ কথা

Niketan Class 4 Science Chapter 7 বীজৰ কথা, Sankardev Sishu Niketan Chapter 7 বীজৰ কথা Class 4 General Science Question Answer to each chapter is provided in the list of SEBA so that you can easily browse through different chapters and select needs one. Assam Board Sankardev Sishu Niketan Class 4 সাধাৰণ বিজ্ঞান Question Answer can be of great value to excel in the examination.

বীজৰ কথা

Chapter – 7

সাধাৰণ বিজ্ঞান

SANKARDEV SISHU NIKETAN

১। আমাৰ লাগতিয়াল উদ্ভিদবোৰ কিহৰ পৰা হয় ?

উত্তৰঃ আমাৰ লাগতিয়াল উদ্ভিদবোৰ বেছিভাগ বীজৰ পৰা হয় ।

২। এজোপা গছৰ পৰা কিমান বীজ উৎপন্ন হয়?

উত্তৰঃ এজোপা গছৰ পৰা বহুত বীজ উৎপন্ন হয়।

৩। উদ্ভিদৰ বীজ মানুহে কি হিচাপে ব্যৱহাৰ হয় ?

উত্তৰঃ বেছিভাগ বীজ মানুহে খাদ্য হিচাপে খায়।

৪। বীজ কিহৰ বাবে সাঁচি ৰখা হয় ?

উত্তৰঃ কিছুমান বীজ পিছৰ খেতিৰ বাবে বাঁচি ৰখা হয়।

৫। বীজ কেলেই নগজে?

উত্তৰঃ বীজ পূৰঠ নহলে নগজে।

৬। কেনেকুৱা বীজ নগজে ?

উত্তৰঃ  পোকে খোৱা আৰু ৰোগ লগা বীজ নগজে।

৭। কিহে বহুতো বীজ ধ্বংস কৰে?

উত্তৰঃ এন্দুৰ আৰু চৰায়ে বহুতো বীজ ধ্বংস কৰে।

৮। বীজৰ পৰা নতুন উদ্ভিদ হবলৈ কিহৰ প্ৰয়োজন? 

উত্তৰঃ বীজৰ পৰা নতুন উদ্ভিদ হবলৈ বায়ু, পানী আৰু তাপৰ প্ৰয়োজন।

অনুশীলনী

১। বীজ গজিবৰ বাবে যে বায়ু, পানী আৰু তাপৰ প্ৰয়োজন তাক দেখুৱাবলৈ কৰা এটা পৰীক্ষা চিত্ৰসহ বুজাই লিখা।

উত্তৰঃ                  

বীজৰ পৰা নতুন উদ্ভিদ হবলৈ বায়ু, পানী আৰু তাপ উপযুক্ত পৰিমানে পাব লাগিব। এটা পৰীক্ষাৰ সহায়ত এই কথাটো প্ৰমাণ কৰিব পাৰি। আমাক তিনিটা বুটমাহ, তিনিটা আলপিন এপাত কাঠৰ স্কেল, ভেচলিন পানী আৰু বিকাৰ প্ৰয়োজন হব। চিত্রত দেখুওৱাৰ দৰে বুটমাহ তিনিটা স্কেল পাতত আলপিনেৰে বিন্ধাই লোৱা হ’ল। স্কেলপাতত আগতে ভেচলিন ঘঁহি লব লাগিব যাতে স্কেলপাতে পানী শুহি লব নোৱাৰে। এতিয়া পাত্ৰটোত স্কেল পাত থৈ মাজৰ গুটিটোলৈ আধা পানীৰ তলত আধা পানীৰ ওপৰত থাকে। কেইদিনমান পাত্ৰটো ৰ’দত থৈ পিছত চালে দেখা যাব যে ওপৰৰ গুটিটো গজালি ওলোৱা নাই কাৰণ ই বায়ু আৰু তাপ পাইছে পানী পোৱা নাই। তলৰ গুটিটো অলপ গজিছে কাৰণ ই পানী আৰুতাপ পাইছে কিন্তু উপযুক্ত ভাবে বায়ু পোৱা নাই, কিন্তু মাজৰ গুটিটোৰে সম্পূৰ্ণৰূপে গজালি ওলাইছে কাৰণ ই বায়ু, পানীৰ লগতে তাপো পাইছে। গতিকে বুজা যায় যে— বীজ গজিবৰ বাবে বায়ু, পানী আৰু তাপৰ প্ৰয়োজন। 

২। টেমাত, ভৰাই থোৱা বুটমাহ কিয় নগজে?

উত্তৰঃ বুটমাহ এটা টেমাত ভৰাই থলে ই বায়ু, পানী আৰু তাপ কোনো এটা উপাদানে সঠিক ৰূপত নাপায় বাবে বুটমাহটো নগজে। 

৩। পানী ডুব গৈ থকা বীজ গজিবনে?

উত্তৰঃ  পানীত ডুব গৈ থকা বীজ ভালদৰে নগজে কাৰণ পানীত ডুব গৈ থকা বীজটোৱে পানী আৰু কিছু পৰিমাণে তাপ পাব যদিও উপযুক্তভাবে বায়ু গ্ৰহণ কৰিব নোৱাৰিব। সেয়েহে বীজটো ভালদৰে নগজে।

৪। কি কি কাৰণত বীজ নগজে?

উত্তৰঃ বিভিন্ন কাৰণত বীজ নগজে। যেনে :-

ক) কুমলীয়া বীজ নগজে।

খ) অধিক তাপ আৰু বৰষুণ পালে বীজ নষ্ট হয়।

গ) পোক-পতংগই খোৱা বীজ নগজে। 

ঘ) এন্দুৰ আৰু চৰায়েও বীজ ধ্বংস কৰে।

৫। বীজৰ বিস্তাৰণ কি কি প্ৰকাৰে হব পাৰে?

উত্তৰঃ বীজৰ বিস্তাৰণ বিভিন্ন প্ৰকাৰে হব পাৰে। যেনে :–

ক) বতাহে বীজৰ বিস্তাৰণ ঘটায়।

খ) চৰাই – চিৰিকটিয়েও বীজৰ বিস্তাৰণ কৰে।

গ) নদীৰ সোতৰ দ্বাৰাও বীজ এঠাইৰ পৰা আন ঠাইলৈ যায়।

ঘ) কিছুমান বীজ ছিটিকি দূৰত পৰে।

ঙ) প্ৰাণীয়ে বীজৰ বিস্তাৰণ ঘটায়।

চ) মানুহে ফল খাই গুটি দূৰত পেলায়।

NEW VIDEO CLASS

Subject Ka Complete Video Solution Dekhein

Step-by-step easy concept explanation aur full questions Answer ke liye watch karein ya app download karein:

Leave a Reply

This site uses Akismet to reduce spam. Learn how your comment data is processed.

Scroll to Top