Niketan Class 4 Science Chapter 8 আমাৰ প্ৰাকৃতিক সম্পদ

Niketan Class 4 Science Chapter 8 আমাৰ প্ৰাকৃতিক সম্পদ, Sankardev Sishu Niketan Chapter 8 আমাৰ প্ৰাকৃতিক সম্পদ Class 4 General Science Question Answer to each chapter is provided in the list of SEBA so that you can easily browse through different chapters and select needs one. Assam Board Sankardev Sishu Niketan Class 4 সাধাৰণ বিজ্ঞান Question Answer can be of great value to excel in the examination.

Join Telegram channel
Follow us:
facebook sharing button
whatsappp sharing button
instagram sharing button

আমাৰ প্ৰাকৃতিক সম্পদ

Chapter – 8

সাধাৰণ বিজ্ঞান

SANKARDEV SISHU NIKETAN

১। সম্পদ বুলিলে কি বুজা?

উত্তৰঃ বিভিন্ন প্ৰকাৰৰ প্ৰয়োজন পূৰণ কৰিবলৈ যিবোৰ বস্তু পোৱা যায় বা যিবোৰ বস্তুৰ পৰা প্ৰয়োজনীয় সামগ্ৰী আহৰণ কৰা হয় সেইবোৰক সম্পদ বোলে। 

২। কৃষিজাত সম্পদ তিনিটা উদাহৰণ দিয়া?

উত্তৰঃ কৃষিজাত সম্পদ তিনিটা হ’ল- ধান, মাহ, ঘেঁহু।

WhatsApp Group Join Now
Telegram Group Join Now
Instagram Join Now

৩। সম্পদ ব্যৱহাৰত আমি কিয় সচেতন হব লাগে?

উত্তৰঃ সম্পদসমূহে মানুহৰ সকলো অভাৱ পূৰণ কৰিব পাৰে। মানুহ সম্পূৰ্ণৰূপে প্রাকৃতিক সম্পদৰ ওপৰত নিৰ্ভৰশীল। জনসংখ্যা বৃদ্ধিৰ ফলত প্ৰাকৃতিক সম্পদসমূহ দ্রুতগতিত হ্রাস হব ধৰিছে। এনেদৰে হ্ৰাস হৈ থাকিলে মানুহৰ বাবে ভবিষ্যতে যথেষ্ঠ অসুবিধাৰ সৃষ্টি হব। সেয়েহে সম্পদৰ ব্যৱহাৰত আমি সদায় সচেতন হব লাগে।

৪। ইন্ধন কাক বোলে? গোটা ইন্ধন, জুলীয়া ইন্ধন আৰু গেছীয় ইন্ধনৰ দুটাকৈ উদাহৰণ দিয়া?

উত্তৰঃ যিবোৰ বস্তু পুৰিলে তাপ শক্তি পোৱা যায়, সেইবোৰক ইন্ধন বোলে।

গোটা ইন্ধন :- কাঠ, কয়লা 

জুলীয়া ইন্ধন :- পেট্রল, ডিজেল

গেছীয় ইন্ধনঃ- প্রাকৃতিক গেছ, ওৱাটাৰ গেছ।

৫। এল.পি.জিত কি গেছ থাকে?

উত্তৰঃ এল.পি জিত বিউটেন গেছ থাকে।

৬। প্রাকৃতিক গেছত থকা প্ৰধান গেছটোৰ নাম কি ? 

উত্তৰঃ প্রাকৃতিক গেছত থকা প্ৰধান গেছটোৰ নাম হ’ল- মিথেন গেছ।

৭। কয়লাৰ পৰা কি কি গেছীয় ইন্ধন প্রস্তুত কৰিব পাৰি?

উত্তৰঃ কয়লাৰ পৰা প্ৰডিউচাৰ গেছ, ক’লগেছ, ওৱাটাৰ গেছ আদি গেছীয় ইন্ধন প্রস্তুত কৰিব পাৰি।

৮। পেট্রোলিয়াম শোধন কৰিলে পোৱা পাঁচটা ইন্ধনৰ নাম আৰু ব্যৱহাৰ লিখা ? 

উত্তৰঃ পেট্রোলিয়াম শোধন কৰিলে পোৱা পাঁচটা ইন্ধন হ’ল-পেট্ৰ’ল, কেৰাচিন, ডিজেল, মবিল, মম।

ব্যৱহাৰ :- পেট্ৰল আৰু ডিজেল গাড়ী-মটৰ চলাবলৈ ব্যৱহাৰ কৰা হয়। কেৰাচিন, লেম্প-চাকি আদি জ্বলাবলৈ ব্যৱহাৰ কৰা হয়। মবিল গাড়ীৰ ইঞ্জিনত ব্যৱহাৰ কৰা হয়। মম পোহৰ জ্বলাবলৈ ব্যৱহাৰ কৰা হয়।

৯। দেশৰ নাগৰিকসকল সম্পদ হয় নে ?

উত্তৰঃ এখন দেশৰ যিসকল নাগৰিকে বিভিন্ন কামকাজ কৰি দেশখনলৈ সমৃদ্ধি কঢ়িয়াই আনে, তেনেবোৰ নাগৰিকে দেশৰ বাবে সম্পদ।

১০।  দুটা খনিজ সম্পদৰ নাম লিখা ?

উত্তৰঃ দুটা খনিজ সম্পদ হ’ল—কয়লা, পেট্ৰ’লিয়াম।

অতিৰিক্ত প্রশ্নোত্তৰ

১। প্রাকৃতিক সম্পদ কাক বোলে? উদাহৰণ দিয়া?

উত্তৰঃ প্ৰকৃতিত পোৱা যিবোৰ বস্তুৱে পোনপটীয়াভাবে আমাৰ প্ৰয়োজন পূৰণ কৰে,সেইবোৰক প্ৰাকৃতিক সম্পদ বোলে। যেনেঃ- খেৰ, বাঁহ, বেত আদি ।

২। মেলেৰিয়াৰ ঔষধ কি গছৰ পৰা তৈয়াৰ কৰা হয় ? 

উত্তৰঃ মেলেৰিয়াৰ ঔষধ কুইনাইন গছৰ পৰা তৈয়াৰ কৰা হয়।

৩। আকৰিক কাক বোলে? তামৰ আকৰিক বিধৰ নাম কি?

উত্তৰঃ শিলৰ পৰা ধাতু নিষ্কাষন কৰিলে যি পোৱা যায়, তাকে আকৰিক বোলে। তামৰ আকৰিক বিধৰ নাম হ’ল—কপাৰ পাইৰেটিছ।

৪। পেট্রোলিয়ামক কিয় জুলীয়া সোণ বোলে?

উত্তৰঃ এখন দেশৰ অৰ্থনৈতিক অৱস্থা পেট্ৰ’লিয়ামৰ ভাণ্ডাৰৰ ওপৰত নিৰ্ভৰ কৰে। সেইবাবে পেট্ৰ’লিয়ামক জুলীয়া সোণ বোলে।

৫। কয়লা, পেট্ৰ’লিয়াম আদি কেনেদৰে সৃষ্টি হৈছে?

উত্তৰঃ হাজাৰ হাজাৰ বছৰ পূৰ্বেতৰপে তৰপে বননি আৰু অৰণ্য মাটিৰ তলত জাহ গৈছে। চাপ আৰু তাপৰ প্ৰভাৱত সেইবোৰ কালক্ৰমত কয়লা আৰু পেট্রোলিয়ামত পৰিণত হৈছে।

Leave a Comment

This site uses Akismet to reduce spam. Learn how your comment data is processed.

This will close in 0 seconds

Scroll to Top