Niketan Class 4 Science Chapter 6 শাক-পাচলি

Niketan Class 4 Science Chapter 6 শাক-পাচলি, Sankardev Sishu Niketan Chapter 6 শাক-পাচলি Class 4 General Science Question Answer to each chapter is provided in the list of SEBA so that you can easily browse through different chapters and select needs one. Assam Board Sankardev Sishu Niketan Class 4 সাধাৰণ বিজ্ঞান Question Answer can be of great value to excel in the examination.

Join Telegram channel
Follow us:
facebook sharing button
whatsappp sharing button
instagram sharing button

শাক-পাচলি

Chapter – 6

সাধাৰণ বিজ্ঞান

SANKARDEV SISHU NIKETAN

১। খেতিৰ বাবে মাটিডৰা কেনেকুৱা হ’ব লাগে?

উত্তৰঃ খেতিৰ বাবে মাটিডৰা ৰ’দ পৰা হ’ব লাগে। 

২। সকলো শাকৰ গুটি একে কোমলনে?

উত্তৰঃ কিছুমান শাকৰ গুটি বা বীজৰ বাকলি টান। 

WhatsApp Group Join Now
Telegram Group Join Now
Instagram Join Now

৩। উদ্ভিদৰ শ্ৰীবৃদ্ধিৰ বাবে কি কি উপাদানৰ প্ৰয়োজন? 

উত্তৰঃ উদ্ভিদৰ শ্ৰীবৃদ্ধিৰ বাবে বায়ু, পানী, সাৰ, তাপ আৰু সূৰ্য্যৰ পোহৰৰ আৱশ্যক।

অনুশীলনী 

১। উদ্ভিদৰ কি কি অংশ পাচলি হিচাপে পাওঁ? 

উত্তৰঃ উদ্ভিদৰ ডাল, পাত, ফল, মূল, শিপা গা-গছ আদি অংশ পাচলি হিচাপে পাওঁ।

২। বতৰ অনুসৰি কিয় ভিন্ন ভিন্ন শস্যৰ খেতি কৰা হয়?

উত্তৰঃ কিছুমান শাক-পাচলিৰ খেতিৰ বাবে বতৰ গৰম হব লাগে, পানীৰ পৰিমাণো সৰহকৈ লাগে। তেনেবোৰ শাক-পাচলিৰ খেতি বাৰিষাকালত কৰা হয়। আনহাতে কিছুমান শাক-পাচলিৰ খেতিৰ বাবে বতৰ ঠাণ্ডা আৰু শুকান হব লাগে। পানীৰ  পৰিমাণো কমকৈ লাগে। তেনেবোৰ খেতি খৰালি কালত কৰা হয়। সেয়েহে বতৰ অনুসৰি ভিন্ন ভিন্ন  শস্যৰ খেতি কৰা হয়?

৩। বাৰিষা আৰু খৰালি কালত হোৱা দহবিধকৈ শাক-পাচলিৰ নাম লিখা। 

উত্তৰঃ বাৰিষাকালত হোৱা—জিকা, তিয়ঁহ, ভেন্দি, লেচেৰা, কোমোৰা, ধুণ্ডুলি, পটল, ভাতকেৰেলা, তিতাকেৰেলা আৰু ভোল।

খৰালিকালত হোৱা –পানীলাও, ফুলকবি, ওলকবি, বন্ধাকবি, গাজৰ, বিলাহী, ধনীয়া, পালেং, বিট আৰু মূলা।

৪। তলত দিয়া শাক-পাচলিবোৰৰ কি অংশ খোৱা হয় লিখাঃ

উত্তৰঃ

লাইপাত অংশ
পালেংপাত অংশ
পানীলাওফল অংশ
গাজৰশিপা অংশ
কোমোৰাফল অংশ
বকফুলফুল অংশ
মূলাশিপা অংশ
ওলকবিগা-গছ অংশ
কচুগা-গছ / শিপা অংশ
বিনফল অংশ
মটৰফল অংশ
উৰহীফল অংশ
স্কোৱাচফল অংশ
বিলাহীফল অংশ

৫। কিছুমান বীজ গজিবলৈ পানীত তিয়াই ৰখা হয় কিয়?

উত্তৰঃ কিছুমান বীজৰ বাকলিটো অতিকৈ টান। ফলত তেনেবোৰ বীজে সহজে গজালি নেমেলে। সেয়েহে তেনেবোৰ বীজৰ বাকলিটো কোমল কৰিবলৈ আৰু সহজে গজাবলৈ পানীত তিয়াই ৰখা হয়।

৬। উদ্ভিদৰ শ্ৰীবৃদ্ধিৰ বাবে কি কি প্রয়োজন?

উত্তৰঃ উদ্ভিদৰ শ্ৰীবৃদ্ধিৰ বাবে বায়ু, পানী, সাৰ, তাপ আৰু সূৰ্য্যৰ পোহৰৰ প্ৰয়োজন।

Leave a Comment

This site uses Akismet to reduce spam. Learn how your comment data is processed.

This will close in 0 seconds

Scroll to Top