Niketan Class 4 Science Chapter 3 আমাৰ শৰীৰ

Niketan Class 4 Science Chapter 3 আমাৰ শৰীৰ, Sankardev Sishu Niketan Chapter 3 আমাৰ শৰীৰ Class 4 General Science Question Answer to each chapter is provided in the list of SEBA so that you can easily browse through different chapters and select needs one. Assam Board Sankardev Sishu Niketan Class 4 সাধাৰণ বিজ্ঞান Question Answer can be of great value to excel in the examination.

আমাৰ শৰীৰ

Chapter – 3

সাধাৰণ বিজ্ঞান

SANKARDEV SISHU NIKETAN

১। মানুহৰ শৰীৰত কেইটা ইন্দ্ৰিয় আছে আৰু কি কি ?

উত্তৰঃ মানুহৰ শৰীৰত ৫টা  ইন্দ্ৰিয় আছে আৰু সেইকেইটা হ’ল― চকু, কাণ, নাক, জিভা আৰু ছাল। 

২। মানুহৰ আভ্যন্তৰীণ অংগসমূহ কি কি ? 

উত্তৰঃ মানুহৰ আভ্যন্তৰীণ অংগসমুহ হ’ল হাওঁফাওঁ , বৃক্ক, কলিজা, পাকস্থলী,আদি। 

৩। আমি উশাহত কি গেছ লওঁ আৰু নিশাহত কি গেছ এৰি দিও ? 

উত্তৰঃ আমি উশাহত অক্সিজেন গেছ লওঁ আৰু নিশাহত কাৰ্বন-ডাই-অক্সাইড গেছ এৰি দিও। 

৪। কি অংগৰ সহায়ত তেজ পৰিশোধন হ’য় ?

উত্তৰঃ বৃক্কই তেজ চেকি পৰিশোধন হ’য়। 

৫। কিহৰ সহায়ত শৰীৰৰ সকলোবোৰ অংগৰ ক্ৰিয়া নিয়ন্ত্ৰণ হ’য় ?

উত্তৰঃ মগজুৱে আমাৰ শৰীৰৰ সকলোবোৰ অংগৰ ক্ৰিয়া নিয়ন্ত্ৰণ কৰে। 

৬। দাঁতৰ প্ৰাথমিক যতন কেনেকৈ লৱ লাগে ?

উত্তৰঃ দাঁত সদায় পৰিষ্কাৰ- পৰিচন্নকৈ ৰাখিব লাগে। 

অনুশীলনী

১। জ্ঞানেন্দ্ৰীয় কাক বোলে ?

উত্তৰঃ যিবোৰ ইন্দ্ৰিয়ৰ জৰিয়তে মানুহে জ্ঞান লাভ কৰে তেনেবোৰ  ইন্দ্ৰিয়ক জ্ঞানেন্দ্ৰীয় বোলে।

২। আমাৰ শৰীৰৰ আভ্যন্তৰীণ অংগবোৰৰ নাম লিখা ?

উত্তৰঃ আমাৰ শৰীৰৰ আভ্যন্তৰীণ অংগবোৰৰ নাম হ’ল― হাওঁফাওঁ, বৃক্ক, কলিজা, পাকস্থলী, খাদ্যনলী, আৰু মগজু আদি। 

৩। উশাহ-নিশাহ লওঁতে বুকুখন উঠা নমা কৰে কিয় ?

উত্তৰঃ মানুহৰ বুকুৰ ভিতৰত দুটা হাওঁফাওঁ থাকে। 

উশাহত লোৱা বায়ু হাওঁফাওঁৰ ভিতৰত সোমালে ই ফুলি উঠে আৰু নিশাহত  হাওঁফাওঁৰ পৰা বায়ু ওলাই গ’লে  ই সংকুচিত হয়। সেয়ে আমি উশাহ লওঁতে বুকুখন উঠা নমা কৰে। 

৪। ধমনী আৰু সিৰাৰ পার্থক্য লিখা ?

উত্তৰঃ যিবোৰ ৰক্তবাহী নলীয়েদি তেজ হৃদপিণ্ডৰ পৰা শৰীৰৰ বিভিন্ন অংগ-পতংগলৈ ওলাই যায়, তেনেবোৰ ৰক্তবাহী নলীক  ধমনী। 

আনহাতে যিবোৰ ৰক্তবাহী নলীয়েদি শৰীৰৰ বিভিন্ন অংগ- পতংগৰ পৰা তেজ হৃদপিণ্ডলৈ ঘূৰাই আনে, তেনেবোৰ ৰক্তবাহী নলীক সিৰা বোলে। 

৫। মানুহৰ পাচন প্ৰণালী বৰ্ণনা কৰা ?

উত্তৰঃ মানুহে খোৱা আহাৰ মুখ গহ্বৰত থকা লালতি গ্ৰন্থিৰ পৰা ওলোৱা লালটিৰ সৈতে লগ লাগি পিছল হয়। পিছল হোৱা আহাৰ গিলি থোৱা হয়। গিলি থোৱা অহাৰ খাদ্য নলীৰ মাজেৰে গৈ পাকস্থলীত সোমায়। পাকস্থলীৰ পৰা ওলোৱা পাচক ৰসে খাদ্যবস্তু কিছু পৰিমাণে হজম কৰে; অথাৎখাদ্যৰ জটিল কণাবোৰ ভাঙি সৰল খাদ্যকণাত পৰিণত হয়। ইয়াৰ পিছতে এই সৰল খাদ্য কণা ক্ষুদ্ৰান্তত প্ৰৱেশ কৰে। ক্ষুদ্ৰান্তত থকা ৰক্ত নলিকাবোৰৰ সহায়ত তেজত মিহলি হয় হজম নোহোৱা আহাৰ মলভান্ডত জমা হয় আৰু শৌচ হিচাপে বাহিৰ ওলাই যায়। 

৬। মগজুৱে কি কি কাম কৰে ?

উত্তৰঃ মগজুৱে আমাৰ শৰীৰৰ ব্যাহিক আৰু আভ্যন্তৰীণ সকলো অংগৰ ক্ৰিয়া নিয়ন্ত্ৰণ কৰে।ভাৱ-চিন্তা কৰা, কিতাপ পঢ়ি বুজি পোৱা, অংগ পতংগ লৰচৰ কৰা, শীত-তাপ অনুভৱ কৰা আদি সকলোবোৰ কাম মগজুৱে কৰে। 

৭। দাঁত কেই প্ৰকাৰৰ ? প্ৰতিবিধ দাঁতৰ কাম লিখা ?

উত্তৰঃ দাঁত ৪ প্রকাৰৰ। সেইবোৰ হ’ল― 

ক)আগদাঁত বা কৰে কৃন্তক দাঁত। 

খ) বুকুৰ দাঁত বা ছেদক দাঁত। 

গ) পূৰুষ: প্ৰেষক দাঁত। 

ঘ) প্ৰেষক দাঁত।   

আগ দাঁতেৰে বস্তু ছিঙা হয়, বুকুৰ দাঁতেৰে টুকুৰা কৰা হয়, আৰু পুৰুষ বা প্ৰেষক আৰু প্ৰেষক দাঁতেৰে খাদ্য বস্তু চুৱাই গুড়ি কৰা হয়। 

৮। দাঁতৰ যতন কিয় ল’ৱ লাগে ?

উত্তৰঃ দাঁত মানুহৰ আভ্যন্তৰীণ আৰু অতিকৈ গুৰুত্বপূৰ্ণ অংগ। দাঁতৰ সহায়েৰে মানুহে খোৱা খাদ্য চোৱাই গুড়ি কৰি সৰল কৰি হজম কৰাত সহায় কৰে। সুস্থ সৰল দাঁত অবিহনে খাদ্যবস্তু খোৱাত অসবিধা হয়। সেয়ে আমি দাঁতৰ যতন লৱ লাগে। 

৯। মানুহৰ কলিজা বা হৃদপিণ্ডটোৰ কেইটা কোঠালী আছে ?

উত্তৰঃ মানুহৰ কলিজা বা হৃদপিণ্ডটোৰ চাৰিটা কোঠালী আছে। 

১০। তলত দিয়া অংগসমূহৰ চিত্ৰ আঁকা আৰু ইহঁতৰ কাম-কাজ বৰ্ণনা কৰা ?

উত্তৰঃ মানুহে উশাহত লোৱা বায়ুৰ পৰা হাওঁফাওঁত চলাচল কৰা তেজে অক্সিজেন ভাগ শুহি লয় আৰু  কঢ়িয়াই নিয়ে। কোষসমূহত উৎপন্ন হোৱা কাৰ্বন-ডাই-অক্সাইড ভাগ তেজে হাওঁফাওঁতএৰি দিয়ে আৰু হাওঁফাওঁৱে নিশাহত এই কাৰ্বন-ডাই-অক্সাইড ভাগ শৰীৰৰ পৰা বাহিৰ কৰি দিয়ে। 

১০। তলত দিয়া অংগসমূহৰ চিত্ৰ আঁকা আৰু ইহঁতৰ কাম-কাজ বৰ্ণনা কৰা ?

বৃক্ক :- বৃক্কই মানুহৰ দেহত থকা তেজবোৰ চেকি তেজত থকাঅলাগতিয়াল পদাৰ্থবোৰ বাহিৰ কৰি দি তেজবিলাক পৰিশোধান কৰে। 

হৃৎপিণ্ড :- মানুহৰ ৰক্ত সঞ্চালন তন্ত্ৰত কেন্দ্ৰীয়ভাৱে থকা দৰকাৰী অংগটো হৈছে হৃদযন্ত্ৰ। হৃদযন্ত্ৰত ধমনী আৰু শিৰা থাকে। ধমনীবিলাকে হৃদযন্ত্ৰতৰ পৰা তেজ নি দেহৰ বিভিন্ন অংগলৈ যোগান ধৰে। আনহাতে শিৰাবোৰে বিভিন্ন অংগৰ পৰা তেজ হৃদযন্ত্ৰলৈ ওভোতাই আনে। এনেদৰে হৃদযন্ত্ৰই দেহৰ বিভিন্ন অংশৰ মাজত তেজৰ চলাচল কৰি ৰাখে। 

অতিৰিক্ত সম্ভাব্য প্ৰশ্নোত্তৰঃ-

১। ৰক্ত সঞ্চালন কাক বোলে ?

উত্তৰঃ আমাৰ শৰীৰত থকা তেজবোৰ যি প্ৰক্ৰিয়াৰ জৰিয়তে শৰীৰৰ বিভিন্ন অংগলৈ চলাচল কৰে, তাকে ৰক্ত সঞ্চালন বোলে। 

২। ৰক্ত সঞ্চালন তন্ত্ৰত কেন্দীয়ভাৱে থকা দৰকাৰী অংগটোৰ নাম কি ?

উত্তৰঃ ৰক্ত সঞ্চালন তন্ত্ৰত কেন্দীয়ভাৱে থকা দৰকাৰী অংগটোৰ নাম হ’ল- হৃদপিণ্ড বা কলিজা। 

৩। পাচনতন্ত্ৰৰ ছবি আঁকি বিভিন্ন অংশসমূহ চিনাক্ত কৰা ?

উত্তৰঃ                        

পাচনতন্ত্ৰৰ ছবি আঁকি বিভিন্ন অংশসমূহ চিনাক্ত কৰা ?
NEW VIDEO CLASS

Subject Ka Complete Video Solution Dekhein

Step-by-step easy concept explanation aur full questions Answer ke liye watch karein ya app download karein:

Leave a Reply

This site uses Akismet to reduce spam. Learn how your comment data is processed.

Scroll to Top