Niketan Class 4 Science Chapter 17 অসমৰ অভয়াৰণ্য আৰু বন্যপ্রাণী

Niketan Class 4 Science Chapter 17 অসমৰ অভয়াৰণ্য আৰু বন্যপ্রাণী, Sankardev Sishu Niketan Chapter 17 অসমৰ অভয়াৰণ্য আৰু বন্যপ্রাণী Class 4 General Science Question Answer to each chapter is provided in the list of SEBA so that you can easily browse through different chapters and select needs one. Assam Board Sankardev Sishu Niketan Class 4 সাধাৰণ বিজ্ঞান Question Answer can be of great value to excel in the examination.

Join Telegram channel
Follow us:
facebook sharing button
whatsappp sharing button
instagram sharing button

অসমৰ অভয়াৰণ্য আৰু বন্যপ্রাণী

Chapter – 17

সাধাৰণ বিজ্ঞান

SANKARDEV SISHU NIKETAN

১। কিহৰ বাবে বনভূমি ধ্বংস হৈছে?

উত্তৰঃ জনসংখ্যা বৃদ্ধি আৰু মানৱ সভ্যতা বিকাশৰ লগে লগে বনভূমি ধ্বসে হৈছে আৰু ইয়ে উদ্ভিদজগত আৰু প্ৰাণী জগতত সমস্যাৰ সৃষ্টি কৰিছে।

২। আমি মানুহবোৰে বন্যপ্ৰাণীৰ বাবে কেনেকুৱা হোৱা উচিত? 

উত্তৰঃ বন্যপ্রাণী সংৰক্ষণৰ বাবে চৰকাৰীভাৱে আঁচনি লোৱাৰ লগতে প্রত্যেক মানুহে প্ৰাণীৰ প্ৰতি দয়ালু হোৱাটো বাঞ্চনীয়।

WhatsApp Group Join Now
Telegram Group Join Now
Instagram Join Now

৩। কিহৰ বাবে অসম বন্যপ্ৰাণীৰ বাবে বিশ্ববিখ্যাত?

উত্তৰঃ আপুৰুগীয়া বন্যপ্ৰাণীৰ বাসস্থান হিচাপে অসম বিশ্ববিখ্যাত।

৪। কেনেবোৰ চৰাইক বিশ্বজোৰ প্ৰয়োজনীয়তা থকা চৰাই হিচাপে চিহ্নিত কৰা হয়?

উত্তৰঃ যিবোৰ চৰাইৰ সংখ্যা বৰকৈ কমি গৈছে সেইবোৰ বিশ্বজোবা প্রয়োজনীয়তা থকা চৰাই (ৱাৰ্ড অৱ গ্লোবেল ইস্পটেঞ্চ) বুলি চিহ্নিত কৰা হৈছে।

অনুশীলনী

১। উদ্ভিদ বা বন্যপ্রাণীসমূহ আমি কিয় সংৰক্ষণ কৰিব লাগে ?

উত্তৰঃ উদ্ভিদ বা বন্যপ্রাণীসমূহে সদায় প্রাকৃতিক ভাৰসাম্য ৰক্ষা কৰি চলি থাকে। উদ্ভিদ অবিহনে কোনো মানুহ জীয়াই থাকিব নোৱাৰে তথা বন্যপ্রাণী সমূহেও আমাক বিভিন্ন ধৰণে সহায় কৰে। সেয়ে উদ্ভিদ আৰু বন্যপ্ৰাণীসমূহ আমি সংৰক্ষণ কৰিব লাগে।

২ ৱাৰ্ড অৱ গ্লোৱেল ইম্প’ৰটেঞ্চৰ অন্তৰ্ভুক্ত অসমৰ চৰাই চাৰিবিধ কি কি ?

উত্তৰঃ ৱাৰ্ড অৱ গ্লোৱেল ইম্প’ৰটেঞ্চৰ অন্তৰ্ভুক্ত অসমৰ চৰাই চাৰিবিধ হ’ল—দেওহাঁহ,হাড়গিলা; উলুমৰা আৰু ভেলা চৰাই।

৩। প্রাচীন কালত বন্যপ্রাণী সংৰক্ষণ কেনেদৰে কৰা হৈছিল?

উত্তৰঃ প্রাচীন কালত সকলো জীৱৰ প্রতি দয়া, বন্যপ্ৰাণীক মৰমৰ চকুৰে চোৱা আদি বোধ বাক্যৰে বন্যপ্রাণী সংৰক্ষণ কৰা হৈছিল।

৪। অসমৰ প্ৰধান ৰাষ্ট্ৰীয় উদ্যান দুখন কি কি?

উত্তৰঃ অসমৰ প্ৰধান ৰাষ্ট্ৰীয় উদ্যান দুখন হ’ল-

ক) কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যান।

খ) মানাহ ৰাষ্ট্ৰীয় উদ্যান।

৫। অসমৰ ব্যাঘ্ৰ প্ৰকল্প থকা ৰাষ্ট্ৰীয় উদ্যানখনৰ নাম কি?

উত্তৰঃ অসমৰ ব্যাঘ্ৰ প্ৰকল্প থকা ৰাষ্ট্ৰীয় উদ্যানখনৰ নাম হ’ল—মানাহ ৰাষ্ট্ৰীয় উদ্যান।

অতিৰিক্ত প্রশ্নোত্তৰ

১। কাজিৰঙা আৰু মানাহক কেতিয়া ৰাষ্ট্ৰীয় উদ্যান হিচাপে ঘোষণা কৰা হৈছিল? 

উত্তৰঃ ১৯৭৪ চনৰ ১ জানুৱাৰীত কাজিৰঙাক ৰাষ্ট্ৰীয় উদ্যান আৰু ১৯৯০ চনত মানাহক ৰাষ্ট্ৰীয় উদ্যান হিচাপে ঘোষণা কৰা হৈছিল।

২। অসমৰ ৫খন ৰাষ্ট্ৰীয় উদ্যানৰ নাম লিখা ? 

উত্তৰঃ অসমৰ ৫খন ৰাষ্ট্ৰীয় উদ্যান হ’ল—

ক) কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যান।

খ) মানাহ ৰাষ্ট্ৰীয় উদ্যান।

গ) ডিব্ৰু-চৈখোৱা ৰাষ্ট্ৰীয় উদ্যান।

ঘ) ওৰাং ৰাষ্ট্ৰীয় উদ্যান। 

ঙ) নামেৰি ৰাষ্ট্ৰীয় উদ্যান।

৩। অসমৰ ৫ খন অভয়াৰণ্যৰ নাম লিখা-

উত্তৰঃ অসমৰ ৫খন অভয়াৰণ্য হ’ল—

ক) পবিতৰা অভয়াৰণ্য।

খ) গৰমপানী অভয়ারণ্য।

গ) লাওখোৱা অভয়াৰণ্য।

ঘ) নামেৰী অভয়াৰণ্য। 

ঙ) বৰাইল অভয়াৰণ্য।

৪। অসমৰ এখন পক্ষী অভয়াৰণ্যৰ নাম লিখা?

উত্তৰঃ অসমৰ এখন পক্ষী অভয়াৰণ্যৰ নাম হ’ল—দীপৰ বিল পক্ষী অভয়াৰণ্য।

Leave a Comment

This site uses Akismet to reduce spam. Learn how your comment data is processed.

This will close in 0 seconds

Scroll to Top