Niketan Class 4 Science Chapter 16 প্রাথমিক চিকিৎসা

Niketan Class 4 Science Chapter 16 প্রাথমিক চিকিৎসা, Sankardev Sishu Niketan Chapter 16 প্রাথমিক চিকিৎসা Class 4 General Science Question Answer to each chapter is provided in the list of SEBA so that you can easily browse through different chapters and select needs one. Assam Board Sankardev Sishu Niketan Class 4 সাধাৰণ বিজ্ঞান Question Answer can be of great value to excel in the examination.

Join Telegram channel
Follow us:
facebook sharing button
whatsappp sharing button
instagram sharing button

প্রাথমিক চিকিৎসা

Chapter – 16

সাধাৰণ বিজ্ঞান

SANKARDEV SISHU NIKETAN

১। কটা-ছিঙা হৈ তেজ ওলালে কি কৰিবা ?

উত্তৰঃ কটা-ছিঙা হৈ তেজ ওলালে—

ক) তেজ ওলোৱা বন্ধ কৰিবলৈ কটা ঠাইডোখৰ টিপা মাৰি ধৰিব লাগে। 

খ) কটা ঠাইডোখৰ চাফা পানীৰে ধুই দিব লাগে।

WhatsApp Group Join Now
Telegram Group Join Now
Instagram Join Now

গ) ধূলি-মাকতি পৰিব নোৱাৰাকৈ চাফা কাপোৰ বা বেণ্ডেজেৰে ঘাঁ-ডোখৰ পাতলকৈ বান্ধি দিব লাগে।

ঘ) নার্জি ফুলৰ আগ, বৰফ আদি দি তেজ বন্ধ কৰিব পাৰি।

ঙ) আন ডাঙৰ মানুহ বা ডাক্তৰক খৱৰ দিব লাগে।

২। হাত-ভৰি মোচোকা খালে কি কৰা উচিত? 

উত্তৰঃ হাত-ভৰি মোচোকা খালে –

ক) মোচোকা খোৱা ঠাইত লগে লগে পৰিষ্কাৰ ঠাণ্ডা পানী ঢালিব লাগে।

খ) বিষ কমোৱা মলম ঘঁহিব লাগে। 

গ) কেচা হালধি খুন্দি লগাই থব লাগে।

ঘ) বেছিকৈ উখহিলে বা বিষালে ডাঙৰ মানুহক বা ডাক্তৰক খবৰ দিব লাগে।

৩। জুয়ে পুৰিলে কেনে ধৰণৰ প্ৰাথমিক চিকিৎসা গ্রহণ কৰিব লাগে ?

উত্তৰঃ জুয়ে পুৰিলে— ক) জুয়ে পোৰা ঠাইডোখৰ মোহাৰি দিব নালাগে।

খ) জোলা বান্ধিলে ভাঙিব নালাগে।

গ) মলম লগাই দিব লাগে। 

ঘ) পোৰা ঠাইখিনিত চেচা পানী ঢালিব লাগে।

ঙ) জুয়ে পোৰা মানুহক যথেষ্ট পৰিমাণে পানী আৰু গাখীৰ খাবলৈ দিব লাগে।

চ) বেছিকৈ পুৰিলে ডাক্তৰৰ সহায় লব লাগে।

৪। পোক-পতংগই কামুৰিলে কি কৰিব?

উত্তৰঃ পোক-পতংগই কামুৰিলে –

ক) বিন্ধা বা কামোৰা ঠাইত শুং লাগি থাকিলে এৰুৱাই দিব লাগে।

খ) চূণ-পানী বা ডেটল ঘঁহি দিব লাগে। 

গ) এইখিনি কৰাৰ পিছতো যদি বিষ নকমে বা উখহিয়ে থাকে, তেন্তে ডাক্তৰৰ ওচৰলৈ যাব লাগে।

৫। প্রাথমিক চিকিৎসা বাকচত কি কি বস্তু সংগ্রহ কৰি ৰাখিব লাগে ?

উত্তৰঃ প্রাথমিক চিকিৎসা বাকচত বিশুদ্ধ কপাহ, বেঙেজ কাপোৰ, সৰু কেচী এখন, বীজাণুনাশক মলম, চাফা কাপোৰ, ডেটল, বাৰ্ণল আদি সংগ্ৰহ কৰি ৰাখিব লাগে।

অতিৰিক্ত প্রশ্নোত্তৰ

১। আকস্মিক দুর্ঘটনা কাক বোলে?

উত্তৰঃ খেলা-ধূলা কৰোঁতে বা আন কাম-কাজ কৰোঁতে হঠাৎ পোৱা আঘাতকে আকস্মিক দুর্ঘটনা বোলে।

২। প্রাথমিক চিকিৎসা কাক বোলে ?

উত্তৰঃ আঘাত, দুর্ঘটনা আদিৰ ক্ষেত্ৰত ডাক্তৰৰ পৰামৰ্শ পোৱাৰ আগতে কৰিব পৰা সাধাৰণ ব্যৱস্থাকে প্রাথমিক চিকিৎসা বোলে।

৩। মূর্ছা গলে কি কৰিবা ?

উত্তৰঃ মূর্ছা গলে—

ক) চকুৱে-মুখে পানী ছটিয়াব লাগে।

খ) চোলাৰ বুটাম, পেণ্টৰ বেল্ট খুলি দিব লাগে।

গ) ৰোগীৰ ওচৰত জুম বান্ধিব নালাগে।

ঘ) হাত-ভৰিৰ তলুৱা মোহাৰি দিব লাগে।

৪। পানীত ডুবিলে কি কৰিব লাগে ?

উত্তৰঃ পানীত ডুবিলে –

ক) পানীত ডুবা মানুহক তলমূৰকৈ শুৱাই দিব লাগে। 

খ) তিতা কাপোৰ সলাই দিব লাগে।

গ) চেতনা আনিবলৈ আঠু দুটা কোঁচ খুৱাই বুকুৰ ওচৰলৈ কেইবাৰমান 

অনা-নিয়া কৰিব লাগে।

Leave a Comment

This site uses Akismet to reduce spam. Learn how your comment data is processed.

This will close in 0 seconds

Scroll to Top