Niketan Class 4 Science Chapter 13 সকল যন্ত্র

Niketan Class 4 Science Chapter 13 সকল যন্ত্র, Sankardev Sishu Niketan Chapter 13 সকল যন্ত্র Class 4 General Science Question Answer to each chapter is provided in the list of SEBA so that you can easily browse through different chapters and select needs one. Assam Board Sankardev Sishu Niketan Class 4 সাধাৰণ বিজ্ঞান Question Answer can be of great value to excel in the examination.

Join Telegram channel

সকল যন্ত্র

Chapter – 13

সাধাৰণ বিজ্ঞান

SANKARDEV SISHU NIKETAN

১। যন্ত্ৰৰ পৰা আমাৰ কি লাভ হয়?

উত্তৰঃ যন্ত্ৰৰ সহায়ত আমি সহজে কাম কৰিব পাৰোঁ। 

২। সৰল যন্ত্র মূলত কেইবিধ আৰু কি কি?

উত্তৰঃ সৰল যন্ত্ৰ মুলতঃ তিনিধি—

ক) চকা 

খ) লিভাৰ 

গ) হেলনীয়া তল 

৩। চকাই কিদৰে সহায় কৰে?

উত্তৰঃ চকাই ঘর্ষণজনিত বাধা নোহোৱা কৰাত সহায় কৰে।

৪। লিভাৰৰ সহায়ত আমাৰ কি লাভ হয়?

উত্তৰঃ লিভাৰ সহায়ত কম বল প্রয়োগ কৰি ডাঙৰ কাম কৰিব পাৰি।

৫। হেলনীয়া তল কেলেই ব্যৱহাৰ কৰা হয়?

উত্তৰঃ গধুৰ বস্তু উঠাবলৈ হেলনীয়া তল ব্যৱহাৰ কৰা হয়।

অনুশীলনী

১। যন্ত্র কাক বোলে?

উত্তৰঃ অংগ-প্ৰত্যংগৰ বলেৰে নোৱাৰা কামবোৰ কৰিবলৈ যিবোৰ আহিলাৰ প্ৰয়োজন,তেনেবোৰ আহিলাক যন্ত্র বোলে। 

২। সৰল যন্ত্ৰ কেইবিধ আৰু কি কি ?

উত্তৰঃ সৰল যন্ত্ৰ মূলতঃ তিনিবিধ। সেইবোৰ হ’ল—

ক) চকা 

খ) লিভাৰ 

গ) হেলনীয়া তল।

৩। চকা ব্যৱহাৰ কৰা কেইবিধমান যন্ত্ৰৰ নাম লিখা ?

উত্তৰঃ চকা ব্যৱহাৰ কৰা কেইবিধমান যন্ত্ৰ হ’ল—ট্ৰেক্টৰ, মটৰ গাড়ী, ধান বনা কল।

৪। হেলনীয়া তল কি? এই তলে আমাক কেনেদৰে সহায় কৰে? 

উত্তৰঃ এখন কাঠ বা তেনে কোনো কঠিন বস্তুৰ এটা মূৰ সমতলত বা মাটিত ৰাখি আনটো মূৰ ওখকৈ ৰাখিলে যিখন তল পোৱা যায়, তেনেকুৱা তলকে হেলনীয়া তল বোলে।

এনে তলৰ জৰিয়তে চাপৰ ঠাইৰ পৰা ওখ ঠাইলৈ কম বল প্রয়োগ কৰি গধুৰ বস্তু চেঁাঁচৰাই নিব পাৰি।

৫। ঘৰত ব্যৱহাৰ কৰা কেইবিধমান লিভাৰ শ্ৰেণীৰ সৰল যন্ত্ৰৰ নাম লিখা ?

উত্তৰঃ  ঘৰত ব্যৱহাৰ কৰা কেইবিধমান লিভাৰ শ্ৰেণীৰ সৰল যন্ত্ৰ হ’ল–কেঁচি, চেপেনা, বেলচা, তামোল কটা চক্টা আদি।

৬। কেইবিধমান সৰল আৰু জটিল যন্ত্ৰৰ নাম লিখা ?

উত্তৰঃ সৰল য :- ঢেঁকী, বেলচা, কেঁচি, চেপেনা আদি।

জটিল য :- মটৰ ইঞ্জিন, চাইকেল, মটৰ গাড়ী, ট্ৰেক্টৰ আদি।

Leave a Comment

Your email address will not be published. Required fields are marked *

Scroll to Top