Niketan Class 4 Science Chapter 14 বিদ্যুৎ আৰু চুম্বক

Niketan Class 4 Science Chapter 14 বিদ্যুৎ আৰু চুম্বক, Sankardev Sishu Niketan Chapter 14 বিদ্যুৎ আৰু চুম্বক Class 4 General Science Question Answer to each chapter is provided in the list of SEBA so that you can easily browse through different chapters and select needs one. Assam Board Sankardev Sishu Niketan Class 4 সাধাৰণ বিজ্ঞান Question Answer can be of great value to excel in the examination.

Join Telegram channel
Follow us:
facebook sharing button
whatsappp sharing button
instagram sharing button

বিদ্যুৎ আৰু চুম্বক

Chapter – 14

সাধাৰণ বিজ্ঞান

SANKARDEV SISHU NIKETAN

১। স্থিৰ বিদ্যুৎ কাক বোলে ?

উত্তৰঃ যি বিদ্যুতৰ আধান স্থিৰ তাক স্থিৰ বিদ্যুৎ বোলে।

২। চল বিদ্যুতৰ আধানবিলাক কেনেকুৱা?

উত্তৰঃ চল বিদ্যুতৰ আধানবিলাক গতিশীল।

WhatsApp Group Join Now
Telegram Group Join Now
Instagram Join Now

৩। শক্তি কেনেকৈ উৎপাদন কৰা হয় ?

উত্তৰঃ পানীৰ সোঁতৰ শক্তিৰে টারবাইন ঘূৰাই শক্তি উৎপাদন কৰা হয়।

৪। চুম্বকে কিহক আকর্ষণ কৰে?

উত্তৰঃ লো জাতীয় পদার্থক চুম্বকে ষণ কৰে।

৫। চুম্বকৰ কেইটা মেৰু থাকে?

উত্তৰঃ চুম্বকৰ দুটা মেৰু থাকে।

অনুশীলনী

১। স্থিৰ বিদ্যুৎ বুলিলে কি বুজা ?

উত্তৰঃ যি বিদ্যুতৰ আধান স্থিৰ তাকে স্থিৰ বিদ্যুৎ বোলে।

২। বিদ্যুৎ আমি কেনেদৰে উৎপন্ন কৰিব পাৰো?

উত্তৰঃ পাহাৰ, পৰ্বত আদি ওখ ঠাইৰ পৰা জোৰেৰে নামি অহা পানীৰ সোঁতত ডাঙৰ ডাঙৰ চকৰি ঘূৰাই বিদ্যুৎ উৎপাদন কৰিব পৰা যায়। সৌৰচালিত পাংখাত দিনত সূৰ্য্যৰ পোহৰ সঞ্চয় কৰিও বিদ্যুৎ পাব পাৰি।

৩। টাৰবাইন কি?

উত্তৰঃ টাৰবাইন হ’ল বিদ্যুৎ উৎপাদন কৰিবলৈ ব্যৱহাৰ কৰাঁ ডাঙৰ ডাঙৰ এক প্ৰকাৰৰ চকৰি।

৪। ঘৰত বিজুলী শক্তিৰে চলোৱা কেইবিধমান আহিলাৰ নাম লিখা ? 

উত্তৰঃ ঘৰত বিজুলী শক্তিৰে চলোৱা কেইবিধমান আহিলা হ’ল—বৈদ্যুতিক বালব, টেলিভিচন, বিজুলী পাংখা, ৰেফ্রিজাৰেটৰ, পানী উঠোৱা যন্ত্ৰ, আদি।

৫। চুম্বকীয় আৰু অচুম্বকীয় পদার্থ কাক বোলে? উদাহৰণ দিয়া?

উত্তৰঃ যিবোৰ পদাৰ্থক চুম্বকে আকর্ষণ কৰে, তাকে চুম্বকীয় পদার্থ বোলে। যেনে : লো, গজাল, বেজী, পিন আদি। 

যিবোৰ পদাৰ্থক চুম্বকে আকৰ্ষণ নকৰে, তেনেবোৰ পদাৰ্থক অচুম্বকীয় পদার্থ বোলে।যেনে :- কাঠ, বাঁহ, কাগজ, বহী আদি।

৬। এডাল চুম্বকৰ মেৰু কেইটা? কি কি? 

উত্তৰঃ এডাল চুম্বকৰ মেৰুদুটা—

ক) উত্তৰ মেৰু।

খ) দক্ষিণ মেরু।

অতিৰিক্ত প্রশ্নোত্তৰ

১। চল বিদ্যুৎ কাক বোলে?

উত্তৰঃ যিবোৰ বিদ্যুতৰ আধানবোৰ গতিশীল, তেনে বিদ্যুতক চল বিদ্যুৎ বোলে।

২। বিদ্যুৎ শক্তিৰ উৎপাদন কেন্দ্ৰ থকা দুখন ঠাইৰ নাম লিখা ?

উত্তৰঃ বিদ্যুৎ শক্তিৰ উৎপাদন কেন্দ্র থকা দুখন ঠাই হ’ল—অসমৰ কাৰ্বি আংলং জিলাৰ উমৰাংচু, মেঘালয়ৰ উমত্রু।

৩। চুম্বকৰ সাধাৰণ ধর্মটো কি ?

উত্তৰঃ চুম্বকৰ সাধাৰণ ধৰ্মটো হ’ল— চুম্বকৰ একেজাতীয় মেৰুৰ মাজত বিকৰ্ষণ আৰু বিপৰীত জাতীয় মেৰুৰ মাজত আকর্ষণ হয়।

Leave a Comment

This site uses Akismet to reduce spam. Learn how your comment data is processed.

Scroll to Top