Niketan Class 4 Science Chapter 12 আমাৰ পৰিবেশৰ বৈচিত্র্যময় প্রাণীবোৰ

Niketan Class 4 Science Chapter 12 আমাৰ পৰিবেশৰ বৈচিত্র্যময় প্রাণীবোৰ, Sankardev Sishu Niketan Chapter 12 আমাৰ পৰিবেশৰ বৈচিত্র্যময় প্রাণীবোৰ Class 4 General Science Question Answer to each chapter is provided in the list of SEBA so that you can easily browse through different chapters and select needs one. Assam Board Sankardev Sishu Niketan Class 4 সাধাৰণ বিজ্ঞান Question Answer can be of great value to excel in the examination.

Join Telegram channel
Follow us:
facebook sharing button
whatsappp sharing button
instagram sharing button

আমাৰ পৰিবেশৰ বৈচিত্র্যময় প্রাণীবোৰ (পোক-পতংগ)

Chapter – 12

সাধাৰণ বিজ্ঞান

SANKARDEV SISHU NIKETAN

১। পৰিৱেশৰ ওপৰত প্ৰাণীৰ প্ৰভাৱ কেনেকুৱা?

উত্তৰঃ কিছুমান প্রাণীয়ে পৰিবেশ নিকা কৰে।

২। পতংগই মানুহক কেনেকৈ সহায় কৰে? 

উত্তৰঃ প্ৰায়বোৰ পতংগই মানুহক প্রত্যক্ষ বা পৰোক্ষভাৱে সহায় কৰে।

WhatsApp Group Join Now
Telegram Group Join Now
Instagram Join Now

৩। কেঁচুৰ দেহৰ গঠন কেনেকুৱা?

উত্তৰঃ কেঁচুৰ দেহটো সৰু সৰু আঙুঠিৰে গঠিত।

৪। কেচুমতা কাক বোলে?

উত্তৰঃ কেঁচুৰ বিষ্ঠাকে কেঁচুমতা বোলে। 

৫। উইপোকে মাটিৰ কিমান ওপৰলৈ হাফলু সাজে? 

উত্তৰঃ উই পোকে মাটিৰ তেৰ মিটাৰ পৰ্যন্ত ওখ হাফলু সাজে।

৬। পতঙ্গ মাংসহাৰী আছেনে?

উত্তৰঃ কিছুমান পতংগ মাংসহাৰী।

অনুশীলনী

১। গেলা-পচা বা মৰাশ খাই পৰিৱেশ নিকা কৰা পাঁচবিধ প্ৰাণীৰ নাম লিখাঁ। 

উত্তৰঃ গেলা-পচা বা মৰাশ খাই পৰিৱেশ নিকা কৰা পাঁচবিধ প্ৰাণী হ’ল–শগুণ, কাউৰী, শিয়াল, কুকুৰ, সাপ।

২। মৌ-মাখিয়ে কেনেদৰে মৌজোল তৈয়াৰ কৰে? 

উত্তৰঃ মৌ-মাখিয়ে নানা ফুলৰ পৰা ৰস সংগ্ৰহ কৰি তোলে। ৰস মৌ মাখিৰ মুখৰ পৰা ওলোৱা লালটিৰ লগত লগ হৈ মৌ বা মৌজাল তৈয়াৰ হয়।

৩। সাপে পৰিবেশ নিকা কৰাত কেনেকুৱা ভূমিকা লয় ?

উত্তৰঃ সাপে নিগনি, বিষাক্ত কীট-পতংগ আৰু শস্য অইনষ্টকাৰী পোক পৰুৱা খাই আমাক উপকাৰ কৰাৰ লগতে পৰিবেশ নিকা কৰাত সহায় কৰে।

৪। কেচুক কিয় খেতিয়কৰ পৰম বন্ধু বোলে?

উত্তৰঃ কেচুৰ দেহটো সৰু সৰু আঙুঠিৰে গঠিত। কেচুৱে মাটিত অসংখ্য গাঁত কৰি মাটিডৰা কোমল কৰে। এই গাতবোৰেদি পানী আৰু বায়ু মাটিৰ ভিতৰলৈ সোমায়। গাঁত খান্দোতে ইহঁতে মাটিৰ সৈতে মাটিত মিহলি গছ-পাত আদি জৈৱ পদাৰ্থবোৰ খায় আৰু বিষ্ঠাৰূপে উলিয়াই দিয়ে। বিষ্ঠাবোৰ কুণ্ডলী পকোৱা। ইয়াক কেচুমটা বোলে। কেঁচুমটাত যথেষ্ট পৰিমাণে অজৈৱ ৰাসায়নিক পদার্থ মিহলি হৈ থাকে। সেইবাবে, মাটিডৰা সাৰুৱা হয়। সেয়েহে কেঁচুক খেতিয়কৰ পৰম বন্ধু বোলে। 

৫। মহে কামুৰিলে কিয় খজুৱায় ?

উত্তৰঃ মহে কামুৰিলে কিছুমান জুলীয়া পদার্থ সিহঁতে তেজৰ লগত মিহলাই দিয়ে। এই জুলীয়া বস্তুটোৰ কাৰণেই ছালত টোপোৰা বান্ধে আৰু খজুৱায়৷

৬। মাখিয়ে কেনেদৰে আহাৰ ভক্ষণ কৰে বুজাই লিখাঁ ?

উত্তৰঃ মাখিবোৰৰ দাঁতৰ আলু নাই বাবে ইহঁতে পনীয়া বস্তুৰ ওপৰত নিৰ্ভৰশীল। সিহঁতৰ শুৰৰ দৰে এঠাযুক্ত এখন জিভা থাকে। যেতিয়া সিহঁত আহাৰৰ ওপৰত পৰে মুখৰ লালটি তাৰ ওপৰত বিয়পাই দিয়ে। লালটিয়ে আহাৰবোৰ গলাই পেলায় আৰু এইদৰে সিহঁতে জিভাৰ মাজেদি আহাৰ ভিতৰলৈ টানি নিব পাৰে। 

৭। বাঘ ঝিলীৰ চিকাৰ পদ্ধতি উল্লেখ কৰা।

উত্তৰঃ বাঘ ঝিলী অতি চমকপ্রদ চিকাৰী আৰু ইহঁতে চিকাৰৰ পিছত দ্রুত গতিত যাব পাৰে। এইবিধ ঝিলীৰ পলুবিলাক মাটিত গাত খান্দি থাকে আৰু তাৰ কাষেদি পাৰ হৈ যোৱা পতংগক নখেৰে খামুচি ধৰিবলৈ চোপ লয়। 

৮। জোনাকী পৰুৱাৰ পলুৱে কি কি খায় ?

উত্তৰঃ জোনাকী পৰুৱাৰ পলুবোৰে কুমজেলেকুৱা, শামুক আদি খায়।

৯। পলুৱে কেনেদৰে আঁহ তৈয়াৰ কৰে?

উত্তৰঃ পলুৰ মুখৰ পৰা ওলোৱা লালটি বায়ুৰ সংস্পৰ্শত আহি আঁহ তৈয়াৰ হয়।

১০। এক একৰ মাটিত কিমান কেঁচু বাস কৰিব পাৰে? 

উত্তৰঃ এক একৰ মাটিত প্ৰায় ৫৩ হাজাৰ কেচু বাস কৰিব পাৰে।

১১। উঁই পোকে মাটিৰ পৰা কিমান মিটাৰ পৰ্য্যন্ত ওখ হাফলু সাজিব পাৰে? 

উত্তৰঃ উঁই পোকে মাটিৰ পৰা ১৩ মিটাৰ পৰ্য্যন্ত ওখ হাফলু সাজিব পাৰে।

Leave a Comment

This site uses Akismet to reduce spam. Learn how your comment data is processed.

This will close in 0 seconds

Scroll to Top