Niketan Class 4 Science Chapter 11 পোহৰ আৰু আন্ধাৰ

Niketan Class 4 Science Chapter 11 পোহৰ আৰু আন্ধাৰ, Sankardev Sishu Niketan Chapter 11 পোহৰ আৰু আন্ধাৰ Class 4 General Science Question Answer to each chapter is provided in the list of SEBA so that you can easily browse through different chapters and select needs one. Assam Board Sankardev Sishu Niketan Class 4 সাধাৰণ বিজ্ঞান Question Answer can be of great value to excel in the examination.

Join Telegram channel
Follow us:
facebook sharing button
whatsappp sharing button
instagram sharing button

পোহৰ আৰু আন্ধাৰ

Chapter – 11

সাধাৰণ বিজ্ঞান

SANKARDEV SISHU NIKETAN

১। সূৰ্যই পৃথিৱীৰ ওপৰত কেনেকুৱা প্ৰভাৱ পেলায় ?

উত্তৰঃ দিনত আমি সূৰ্য্যৰ পৰা পোহৰ পাওঁ। সূৰ্য্যৰ পোহৰ নথকা বাবে ৰাতি আন্ধাৰ হয়।

২। পোহৰৰ উৎসসমূহ কি?

উত্তৰঃ যিবিলাক বস্তুৰ পৰা আমি পোহৰ পাওঁ, সেইবিলাক পোহৰৰ উৎস।

WhatsApp Group Join Now
Telegram Group Join Now
Instagram Join Now

৩। সূৰ্যৰ পোহৰক কি বুলি কোৱা হয়?

উত্তৰঃ সূৰ্য্যৰ পোহৰক প্ৰাকৃতিক পোহৰ বা বগা পোহৰ বুলি কোৱা হয়।

৪। পোহৰৰ কণিকাক কি বোলে?

উত্তৰঃ পোহৰৰ কনিকাক ফটল বোলে। 

৫। চন্দ্ৰই কৰপৰা পোহৰ পৃথিৱীলৈ পঠায় ?

উত্তৰঃ চন্দ্ৰই সূৰ্য্যৰ পোহৰ পৃথিৱীলৈ পঠায়।

৬। বাদুলিয়ে কেনেকৈ খাদ্যৰ সন্ধান কৰে?

উত্তৰঃ বাদুলিয়ে নিশা নিজস্ব ছ’নাৰ ব্যৱহাৰ কৰি খাদ্যৰ সন্ধান কৰে।

অনুশীলনী

১। পোহৰৰ উৎস কেইবিধমানৰ নাম লিখাঁ।

উত্তৰঃ কেইবিধমান পোহৰৰ উৎস হ’ল–সূৰ্য্য, চন্দ্ৰ, চাকি, লেম্প, বৈদ্যুতিক বালব ইত্যাদি।

২। সূৰ্য্যৰ পোহৰ আৰ্চীত পৰি উভতি ছবিৰ সহায়েৰে দেখুওৱা?

উত্তৰঃ সূৰ্য্যৰ পোহৰ আৰ্চীত পৰি অন্য দিশলৈ উভতি যোৱাকে পোহৰৰ প্ৰতিফলন বোলে। এটা চিত্ৰৰ সহায়ত সেয়া দেখুওৱা হ’ল—

সূৰ্য্যৰ পোহৰ আৰ্চীত পৰি উভতি ছবিৰ সহায়েৰে দেখুওৱা

৩। সূৰ্য্যৰ পোহৰে আমাক কিদৰে সহায় কৰে?

উত্তৰঃ সূৰ্য্যৰ পোহৰে আমাক বিভিন্ন ধৰণে সহায় কৰে। সূৰ্য্যটো হৈছে সকলো শক্তিৰ ভাণ্ডাৰ দিনৰ পোহৰত আমি আমাৰ প্ৰয়োজনীয় সকলোখিনি কামেই কৰি লওঁ। উদ্ভিদে সূৰ্য্যৰ পোহৰত কাৰ্বন-ডাই-অক্সাইড গেছৰ সহায়ত আহাৰ প্ৰস্তুত কৰি মানুহৰ বাবে প্রয়োজনীয় অক্সিজেন গেছ প্ৰদান কৰে।

৪। জোনাকী পৰুৱাই কেনেদৰে আহাৰ বিচাৰে?

উত্তৰঃ জোনাকী পৰুৱাই নিজৰ গাৰ পৰাই পোহৰ উলিয়াই আহাৰ বিচাৰে।

৫। সূৰ্য্যৰ পোহৰক কি পোহৰ বোলে ?

উত্তৰঃ সূৰ্য্যৰ পোহৰক প্ৰাকৃতিক বা বগা পোহৰ বোলে।

৬। পোহৰৰ কনিকাক কি বোলে?

উত্তৰঃ পোহৰৰ কনিকাক ফটন বোলে।

৭। বাদুলিয়ে কেনেদৰে খাদ্যৰ সন্ধান কৰে?

উত্তৰঃ বাদুলিয়ে নিজস্ব ছ’নাৰ ব্যৱহাৰ কৰি খাদ্যৰ সন্ধান কৰে।

৮। বৈদ্যুতিক বালব কোনে কেতিয়া সাজি উলিয়াইছিল?

উত্তৰঃ বৈদ্যুতিক বালব টমাছ আলভা এডিছনে ১৮৭৯ চনত সাজি উলিয়াইছিল।

Leave a Comment

This site uses Akismet to reduce spam. Learn how your comment data is processed.

This will close in 0 seconds

Scroll to Top