HSLC 2023 Geography Question Paper Solved | দশম শ্ৰেণীৰ ভূগোল পুৰণি প্ৰশ্নকাকত সমাধান

HSLC 2023 Geography Question Paper Solved Assamese Medium | দশম শ্ৰেণীৰ ভূগোল পুৰণি প্ৰশ্নকাকত সমাধান, SEBA Class 10 Geography Old Question Paper Solved in Assamese, দশম শ্ৰেণীৰ ভূগোল 2023 ৰ প্ৰশ্নকাকত সমাধান কৰা হৈছে to each Paper is Assam Board Exam in the list of SEBA so that you can easily browse through different subjects and select needs one. Assam Board HSLC 2023 Geography Previous Years Question Paper Solved in Assamese can be of great value to excel in the examination.

HSLC 2023 Geography Question Paper Solved

HSLC 2023 Geography Question Paper Solved | দশম শ্ৰেণীৰ ভূগোল পুৰণি প্ৰশ্নকাকত সমাধান

Join Telegram channel

HSLC Old Question Paper provided is as per the 2023 Assam Board Exam and covers all the questions from the SEBA HSLC 2023 Question Paper. Access the detailed SEBA Class 10 Geography 2023 Paper provided here and get a good grip on the subject. Access the HSLC 2023 Geography Question Paper Solved, Class X Geography 2023 Old Paper Question Answer of Assamese in Page Format. Make use of them during your practice and score well in the exams.

ভূগোল পুৰণি প্ৰশ্নকাকত সমাধান

2023

GEOGRAPHY OLD PAPER

ALL QUESTION ANSWER

১। শুদ্ধ উত্তৰটো বাছি উলিওৱা।

(ক) তলত কোনটো খহনীয়া বৈশিষ্ট্য?

(i) বাৰখান।

(ii) হেংগিং ভেলী।

(iii) মৰেইন। 

(iv) ড্রামলিন।

উত্তৰঃ (ii) হেংগিং ভেলী।

(খ) তলত কোনটো সেউজগৃহ গেছ নহয়?

(i) মিথেন। 

(ii) কাৰ্বন ডাই-অক্সাইড। 

(iii) নাইট্রাস অক্সাইড।

(iv) ছালফাৰ ডাই-অক্সাইড।

উত্তৰঃ (iv) ছালফাৰ ডাই-অক্সাইড।

(গ) কংগো নদী অৱবাহিকা ক’ত অৱস্থিত?

(i) আফ্রিকা।

(ii) দক্ষিণ আমেৰিকা।

(iii) উত্তৰ আমেৰিকা।

(iv) এছিয়া।

উত্তৰঃ (i) আফ্রিকা।

(ঘ) আমেৰিকাৰ তলত উল্লেখ কৰা ৰাজ্যসমূহৰ ভিতৰত কোনখন ৰাজ্য আটাইতকৈ ডাঙৰ?

(i) ৱাশ্বিংটন। 

(ii) টেক্সাছ। 

(iii) অহাইঅ’। 

(iv) ক’লাৰাড’।

উত্তৰঃ (ii) টেক্সাছ।

(ঙ) জাপানৰ আটাইতকৈ ডাঙৰ দ্বীপটো কোনটো? 

(i) হনছু। 

(ii) হ’কাইডো। 

(iii) ছিক’কু। 

(iv) কিউছু। 

উত্তৰঃ (i) হনছু।

(চ) তলত কোনটো অংশক কংকন উপকূল বুলি কোৱা হয়?

(i) মঙলদৈ আৰু কেপ ক’ম’ৰিনৰ মাজত। 

(ii) গোদাবৰী আৰু কাৱেৰী মুখৰ মাজত।

(iii) বিশাখাপট্টনম আৰু চেন্নাইৰ মাজত।

(iv) মুম্বাই আৰু মঙলদৈৰ মাজত।

উত্তৰঃ (iv) মুম্বাই আৰু মঙলদৈৰ মাজত।

২। ইনচেলবার্গ কি?

উত্তৰঃ ইনছেলবার্গ হৈছে মৰুভূমিত থকা অকলশৰীয়া চাপৰ পাহাৰ। মৰুভূমিত বতাহে ঘৰ্ষণৰ জৰিয়তে এক অবক্ষয় ঘটায় আৰু এই অপঘর্ষণ প্রক্রিয়াই মৰুভূমিত ইনছেলবার্গ (inselberg), ইয়াৰদাং আদি অৱক্ষয়জনিত অৱয়বৰ সৃষ্টি কৰে। অৰ্থাৎ ইনছেলবার্গ হৈছে বিশেষ আকৃতিযুক্ত এক ভূ-অবয়ব।

৩। দুই প্ৰকাৰৰ গ্ৰাৱৰ নাম উল্লেখ কৰা।

উত্তৰঃ দুই প্ৰকাৰৰ গ্ৰাৱৰ নাম উল্লেখ কৰা হ’ল— 

(i) মাধ্য গ্ৰাৱ। 

(ii) প্রন্ত গ্ৰাৱ। 

৪। পৰিৱেশৰ এটা  অজৈৱিক উপাদান উল্লেখ কৰা।

উত্তৰঃ পৰিৱেশৰ এটা  অজৈৱিক উপাদান উল্লেখ— মাটি।

৫। সমজাতীয় অঞ্চলৰ উদাহৰণ দিয়া। 

উত্তৰঃ আমেৰিকান চামোয়া, ক’মৰ’ছ দ্বীপপুঞ্জ আৰু জাপান আদি সমজাতীয় অঞ্চলৰ উদাহৰণ।

৬। আমেৰিকাৰ ৰাজধানী কি?

উত্তৰঃ আমেৰিকাৰ ৰাজধানী হৈছে— ৱাছিংটন ডি. চি.।

৭। জাপানৰ ভূমিকা কিমান শতাংশ পাহাৰীয়া? 

উত্তৰঃ জাপানৰ ভূমিকা ৭৩ শতাংশ পাহাৰীয়া।

৮। ভাৰতৰ আটাইতকৈ জনবহুল চহৰৰ নাম লিখা।

উত্তৰঃ ভাৰতৰ আটাইতকৈ জনবহুল চহৰৰ নাম হ’ল— মুম্বাই।

৯। পাইডমণ্ট হিমবাহ কি?

উত্তৰঃ যদি একটি উপত্যকাৰ হিমবাহ পাহাড় থেকে বেৰিয়ে সমতল ফোৰল্যান্ডে ছড়িয়ে পড়ে, তবে বৰফ প্রায়শই একটি লোব তৈৰি কৰতে ছড়িয়ে পড়ে। তাৰপৰা একে বলা হয় পাইডমন্ট হিমবাহ।

১০। ভূমধ্যসাগৰীয় অঞ্চলত অৱস্থিত দুখন দেশৰ নাম উল্লেখ কৰা।

উত্তৰঃ ভূমধ্যসাগৰীয় অঞ্চলত অৱস্থিত দুখন দেশৰ নাম উল্লেখ কৰা হল— 

(i) ফ্ৰান্স।

(ii) গ্ৰীচ।

১১। গোলকীয় উষ্ণতা বৃদ্ধিৰ দুটা পৰিণতি উল্লেখ কৰা।

উত্তৰঃ গোলকীয় উষ্ণতা বৃদ্ধিৰ দুটা পৰিণতি উল্লেখ হ’ল—

(i) বৰফ পানীলৈ পৰিনত হয়।

(ii) কৃষিৰ উৎপাদন হ্ৰাস পাব।

১২। পানী প্ৰদূষণৰ দুটা কাৰণ উল্লেখ কৰা।

উত্তৰঃ পানী প্ৰদূষণৰ দুটা কাৰণ উল্লেখ হল—

(a) নলা-নৰ্দমাৰ পৰা ওলোৱা ঘৰুৱা আৱৰ্জনাবোৰ বিশুদ্ধ পানীত মিহলি হৈ পানী প্ৰদূষণ কৰে।

(b) কল-কাৰখানাৰ পৰা ওলোৱা বিভিন্ন বিষাক্ত ৰাসায়নিক পদার্থ, এছিড, ক্ষাৰ, ধাতৱ লৱণ, ফিনল, চায়েনাইড, এমনিয়া, তেজষ্ক্রিয় পদার্থ আদিয়ে নদী বা জলাশয়ৰ পানী দূষিত কৰে।

১৩। “প্ৰাকৃতিক অঞ্চল”ৰ সংজ্ঞা দিয়ক।

উত্তৰঃ পৃথৱীৰ উপৰিভাগৰ যিবোৰ অংশৰ ভূ-অবয়ব, জলবায়ু, প্ৰাকৃতিক উদ্ভিদ আৰু মাটিৰ গুণাগুণ প্ৰায় একে ধৰণৰ, সেইবোৰক প্ৰাকৃতিক অঞ্চল বোলা হয়।

১৪। আমেৰিকাৰ চাউল আৰু চুগাৰ বেল্ট ক’ত অৱস্থিত?

উত্তৰঃ আমেৰিকাৰ চাউল আৰু চুগাৰ বেল্ট দক্ষিণৰ চাৰিখন ৰাজ্যৰে গঠিত —

(i) আর্কান্ সাছ। 

(ii) লুইজিয়ানা। 

(iii) মিচিচিপি।

(iv) টেক্সাছ।

১৫। আমেৰিকাৰ পশ্চিমে বৈ যোৱা দুখন নদীৰ কথা উল্লেখ কৰা।

উত্তৰঃ আমেৰিকাৰ পশ্চিমে বৈ যোৱা দুখন নদীৰ কথা উল্লেখ কৰা হ’ল—

(i) মিছিছিপি নদী।

(ii) মিছৰি নদী।

১৬। জাপানৰ হোকাইডো অঞ্চলৰ দুখন চহৰৰ নাম লিখা।

উত্তৰঃ জাপানৰ হোকাইডো অঞ্চলৰ দুখন চহৰৰ নাম—

(i) চাপ’ৰো। 

(ii) হাকোডাটে।

১৭। জাপানৰ পশ্চিম কাণ্টো কৃষি বিভাগৰ দুটা বৈশিষ্ট্য উল্লেখ কৰা।

উত্তৰঃ জাপানৰ পশ্চিম কাণ্টো কৃষি বিভাগৰ দুটা বৈশিষ্ট্য উল্লেখ—

এই অঞ্চলৰ মূল বৈশিষ্ট্য হৈছে — ইয়াৰ কৃষি ক্ষেত্ৰৰে বৰ সৰু সৰু। এই অঞ্চলৰ জলবায়ু কৃষিৰ অনুকূল, সেয়ে বছৰত দুই – তিনিটা খেতি কৰা হয়। কৃষিৰ প্রাচুর্যতাৰ কাৰণে অঞ্চলটো ঘন জনবসতিপূর্ণ। এই অঞ্চলত বাণিজ্যিক ভিত্তিত বিভিন্ন ফল – মূল, শাক – পাচলি, ফুল আদি উৎপাদন কৰাৰ লগতে গাখীৰ আৰু মাংসৰ বাবে পশুপালন কৰা হয়। অঞ্চলটোৰ পাহাৰৰ নামনিত বেদিকা প্রণালীৰে কৃষিকার্য কৰা হয় আৰু সমতল ভূমিত প্রচুৰ পৰিমাণে ধান খেতি কৰা হয়।

১৮। জাপানৰ কোনবোৰ ঔদ্যোগিক অঞ্চলত বস্ত্ৰ উদ্যোগ আৰু জাহাজ নিৰ্মাণ উদ্যোগ অৱস্থিত?

উত্তৰঃ (i) ট’কিঅ’ — ইয়াকোহামা অঞ্চল।

(ii) ওছাকা — কোৱে — কিওটো অঞ্চল।

(iii) নাগোয়া অঞ্চল।

(iv) উত্তৰ কিউছিউ অঞ্চল।

১৯। ভাৰতৰ স্থল সীমা আৰু উপকূলীয় সীমাৰ দৈৰ্ঘ্য উল্লেখ কৰা।

উত্তৰঃ ভাৰতৰ স্থল সীমা দৈৰ্ঘ্য উল্লেখ হৈছে – ১৫,২০০ কিলোমিটাৰ।

উপকূলীয় সীমাৰ দৈৰ্ঘ্য উল্লেখ হৈছে – ৭,৫১৬.৬ কিলোমিটাৰ। 

২০। চোতানাগপুৰ ঔদ্যোগিক অঞ্চলৰ তাৎপর্য লিখা।

উত্তৰঃ চোতানাগপুৰ ঔদ্যোগিক অঞ্চলটো পশ্চিম বংগৰ পশ্চিম সীমান্তৰ আচানচোলৰ পৰা ঝাৰখণ্ডৰ ধনবাদ – বােকাৰােটা টানগৰ হৈ উৰিষ্যাৰ উত্তৰ অংশৰ ৰুবকেল্লা হৈ চম্বলপুৰ পর্যন্ত বিস্তৃত। এইটো অঞ্চলৰ প্ৰধান উদ্যোগ হৈছে খনি, জলবিদ্যুৎ, তাপবিদ্যুৎ আৰু ঘাইকৈ লাে তীখা শিল্প। দামােদৰ উপত্যকা অৱস্থানৰ কয়লা সম্ভাৰ আৰু ঝাৰখণ্ড আৰু উৰিষ্যাৰ আকৰিক লাে অঞ্চলটোৰ শিল্প উন্নয়নৰ প্রাথমিক তথা মৌলিক অৱস্থাপক। ভাৰতৰ সৰ্বমুঠ ১০ টা তীখা উৎপাদন কেন্দ্ৰৰ ভিতৰত ৫ টা কেন্দ্রই এই অঞ্চলত অৱস্থিত। লাে তীখা উদ্যোগৰ উপৰিও অঞ্চলটোত অভিযান্ত্রিক উদ্যোগ, যন্ত্রপাতি, ৰাসায়নিক সাৰ, চিমেন্ট, কাগজ, ৰেল–ইঞ্জিন, গুৰু বৈদ্যুতিক সৰঞ্জাম, ধাতুৰ আচবাব প্রভৃতি অনেক ধৰণৰ উদ্যোগ সুপ্রতিষ্ঠিত হৈ আছে।

21. হিমবাহ কাক বোলে? ভূ-আকৃতিক প্রক্রিয়াত ভূমিকা চমুকৈ বৰ্ণনা কৰা।

উত্তৰঃ ভূ-পৃষ্ঠত জমা হৈ থকা বৰফৰ স্থূপবােৰ মাটিৰ ঢাল অনুসৰি ক্ৰমে তললৈ নামি আহে। নামি অহাৰ গতিবেগ অতি ধীৰ। দিনটোৰ ভিতৰত কেইমিলিমিটাৰমানৰ পৰা কেইমিটাৰমানহে। অতিক্রম কৰে। এনেকৈ ধীৰ গতিৰে নামি অহা বৰফকে হিমবাহ বােলে।

ভূপৃষ্ঠত থকা স্থলাকৃতিবোৰৰ সৃষ্টি বহুতো প্ৰক্ৰিয়াৰ ওপৰত নিৰ্ভৰ কৰে। ইয়াৰে কিছুমান প্রক্রিয়া বাহ্যিক (Exogenic) আৰু অন্য কিছুমান আভ্যন্তৰীণ (Endogenic)। বাহ্যিক প্ৰক্ৰিয়া বা কাৰকবোৰৰ ভিতৰত বতাহ, বৰষুণ, নদ-নদী, হিমবাহ, সাগৰৰ ঢৌ আদি প্রধান। আনহাতে আভ্যন্তৰীণ কাৰক বুলি ক’লে প্ৰধানকৈ ভূমিকম্প আৰু আগ্নেয় উদ্‌গিৰণকে সামৰি লোৱা হয়। এই দুই শ্ৰেণীৰ প্ৰক্ৰিয়াই ক্রিয়া কৰাৰ ফলতেই ভূ-পৃষ্ঠত স্থলাকৃতিবিলাকৰ সৃষ্টি হৈছে। স্থলাকৃতিৰ সৃষ্টি আৰু বিকাশৰ লগত জড়িত এই প্ৰক্ৰিয়াবোৰক ভূ-আকৃতিক প্রক্রিয়া (Geomorphic process) বোলা হয়। বতাহ আৰু হিমবাহ ভূ-আকৃতিক প্রক্রিয়াবোৰৰ ভিতৰৰ দুটা প্রধান প্ৰক্ৰিয়া, যিয়ে ভূপৃষ্ঠৰ বিশেষ কেতবোৰ অঞ্চলত অহৰহ পৰিবৰ্তন সাধন কৰি আছে।

(ক) বতিহৰ কার্যঃ বতাহে পৃথিৱীৰ সকলো ঠাইতে নানা প্ৰকাৰে ক্ৰিয়া কৰে। মহাদেশ আৰু মহাসাগৰৰ সকলো অংশতে বতাহৰ ক্ৰিয়া কম-বেছি পৰিমাণে অনুভূত হয়। অৱশ্যে স্থলাকৃতিৰ সৃষ্টি আৰু পৰিবৰ্তনৰ ক্ষেত্ৰত পৃথিৱীৰ বিশেষ কিছুমান অঞ্চলতহে বতাহৰ ভূমিকা সুদূৰপ্ৰসাৰী হোৱা দেখা যায়। সাধাৰণতে মৰুভূমিবোৰত, য’ত উদ্ভিদৰ আৱৰণ অতি পাতলীয়া আৰু ভূ-পৃষ্ঠ প্ৰধানকৈ শুকান বালিৰে ভৰা, স্থলভাগৰ পৰিবর্তনকাৰী কাৰক হিচাপে বতাহ অতি সক্ৰিয়।

(খ) হিমবাহৰ কার্যঃ ভূপৃষ্ঠৰ বিশেষ কিছুমান অঞ্চল এতিয়াও বৰফৰ দ্বাৰা আবৃত হৈ আছে। দুই মেৰু অঞ্চলৰ লগতে হিমালয়, আল্লছ আদিৰ দৰে পৰ্বতৰ উচ্চাংশত বৃহৎ পৰিমাণৰ বৰফ জমা হৈ আছে। এইদৰে ভূ-পৃষ্ঠত থকা বৰফ ভূপবোৰে প্রায় ২৯ নিযুত ঘন কিল’মিটাৰ পৰিমাণৰ পানী বৰফ আকাৰে জমা কৰি ৰাখিছে।

ভূ-পৃষ্ঠত জমা হৈ থকা বৰফস্তূপবোৰ মাটিৰ ঢাল অনুসৰি ক্ৰমে তললৈ নামি আহে। নামি অহাৰ গতিবেগ অৱশ্যে অতি ধীৰ। দিনটোৰ ভিতৰত কেই মিলিমিটাৰমানৰ পৰা কেইমিটাৰমানহে অতিক্ৰম কৰে। এনেকৈ ধীৰ গতিৰে নামি অহা বৰফকে হিমবাহ (Glacier) বোলা হয়। 

নদীৰ দৰে হিমবাহেও খনন, পৰিবহণ আৰু অৱক্ষেপণৰ যোগেদি নানা প্ৰকাৰৰ অৱয়বৰ সৃষ্টি কৰি ভূপৃষ্ঠৰ পৰিবৰ্তন সাধন কৰে। ইয়াৰ ফলত

সংশ্লিষ্ট ঠাইবোৰে ভূ-আকৃতিক দিশৰ পৰা সুকীয়া ৰূপ ধাৰণ কৰে। এইখিনিতে মন কৰিবলগীয়া কথা যে বৰফাবৃত অঞ্চলবোৰৰ পৰিৱেশ, পৰিস্থিতি অনুসৰি হিমবাহ প্ৰধানকৈ তিনি প্ৰকাৰৰ হ’ব পাৰে—

(ক) মহাদেশীয় হিমবাহঃ এই হিমবাহবোৰ মেৰু অঞ্চলৰ বৃহৎ এলেকাজুৰি বিস্তৃত হৈ আছে। উত্তৰ কানাডা, গ্ৰীণলেণ্ড, স্কান্দিনেভিয়া, এন্টার্কটিকা আদিত মহাদেশীয় হিমবাহবোৰ বিয়পি আছে। এই হিমবাহবোৰে ভূপৃষ্ঠৰ ঢাল অনুসৰি অতি ধীৰ গতিৰে নামি আহে।

(খ) পার্বত্য হিমবাহঃ সুউচ্চ পৰ্বতৰ উচ্চাংশত এই প্ৰকাৰৰ হিমবাহ দেখা যায়। প্ৰধানকৈ ইউৰোপৰ আল্পছ, উত্তৰ আমেৰিকাৰ ৰকি আৰু এছিয়া মহাদেশৰ হিমালয় পার্বত্য অঞ্চলত পার্বত্য হিমবাহ বিদ্যমান। সাধাৰণতে পার্বত্য বা উপত্যকা হিমবাহ দুশাৰী পৰ্বতৰ মাজৰ উপত্যকাৰে বৈ আহে।

(গ) গিৰিপদ হিমবাহঃ কেতিয়াবা কেইবাটাও উপত্যকা হিমবাহ পার্বত্য অঞ্চলৰ পৰা নামি আহি পৰ্বতৰ পাদদেশত মিলিত হৈ পৰ্বতৰ দাঁতিকাষৰীয়া নিম্নভূমিত বিয়পি পৰে। গিৰিমালা বা পৰ্বতৰ পাদদেশত (Piedmont) সৃষ্টি হয় কাৰণে এনে হিমবাহক গিৰিপদ বা শৈলপদী হিমবাহ বোলে।

২২। বনাঞ্চল ধ্বংসৰ পৰিৱেশৰ ওপৰত প্রভাৱৰ বিষয়ে এটা টোকা লিখা।

উত্তৰঃ (ক) জৈৱ বৈচিত্ৰ্যৰ ক্ষতিঃ পৃথিৱীৰ স্থলজ জৈৱ বৈচিত্ৰ্যৰ এক উল্লেখযোগ্য অংশ বনাঞ্চলত বাস কৰে। বনাঞ্চল ধ্বংসৰ ফলত বাসস্থান ধ্বংস হয়, যাৰ ফলত অগণন উদ্ভিদ আৰু প্ৰাণীৰ প্ৰজাতিৰ ক্ষতি হয়। এই প্ৰজাতিৰ বহুতো স্থানীয় হ’ব পাৰে আৰু ইয়াৰ প্ৰাকৃতিক পৰিৱেশ ধ্বংসৰ বাবে বিলুপ্তিৰ সন্মুখীন হ’ব পাৰে।

(খ) জলবায়ু পৰিৱৰ্তনঃ পৃথিৱীৰ জলবায়ু নিয়ন্ত্ৰণৰ ক্ষেত্ৰত গছ-গছনিয়ে গুৰুত্বপূৰ্ণ ভূমিকা পালন কৰে। ইহঁতে সালোক সংশ্লেষণৰ জৰিয়তে কাৰ্বন ডাই অক্সাইড (CO2) শোষণ কৰি কাৰ্বন ডুবাই ৰখাৰ দৰে কাম কৰে আৰু সেউজ গৃহ গেছৰ নিৰ্গমন হ্ৰাস কৰে। যেতিয়া বনাঞ্চলসমূহ পৰিষ্কাৰ কৰা হয়, তেতিয়া জমা হোৱা কাৰ্বন পুনৰ বায়ুমণ্ডললৈ নিৰ্গত হয়, যাৰ ফলত গোলকীয় উষ্ণতা বৃদ্ধি আৰু জলবায়ু পৰিৱৰ্তনত অৰিহণা যোগায়।

(গ) মাটি খহনীয়াঃ অৰণ্যই মাটিক নিজৰ বিস্তৃত শিপা ব্যৱস্থাৰে ঠাইত ৰাখি খহনীয়াৰ পৰা ৰক্ষা কৰে। বনাঞ্চল ধ্বংসৰ ফলত এই প্ৰক্ৰিয়াত ব্যাঘাত জন্মে, যাৰ ফলত মাটিৰ খহনীয়া বাঢ়ি যায়। গছ অবিহনে বৰষুণৰ পানীয়ে গছৰ বৃদ্ধিৰ বাবে প্ৰয়োজনীয় পুষ্টিকৰ উপাদানৰে সমৃদ্ধ ওপৰৰ মাটি ধুই পেলাব পাৰে। মাটি খহনীয়াৰ ফলত কৃষি উৎপাদনশীলতা হ্ৰাস পাব পাৰে আৰু পৰিৱেশ তন্ত্ৰৰ অৱক্ষয় ঘটিব পাৰে।

২৩। পৰিবেশ ভূগোল কি? ভূগোলৰ এটি শাখা হিচাপে ইয়াৰ গুৰুত্ব বিষয়ে চমুকৈ লিখা।

উত্তৰঃ ভূগোলবিজ্ঞানৰ যিটো শাখাত আমাৰ বাসস্থানত আৰু তাৰ সংলগ্ন অঞ্চলত বিৰাজ কৰা জৈৱ আৰু অজৈৱ উপাদানসমূহ আৰু সিহঁতৰ পৰস্পৰৰ ক্ৰিয়া-কৰ্মত গঢ়ি উঠা চাৰিওফালৰ অৱস্থাৰ বিষয়ে অধ্যয়ন কৰা হয় তাকে পৰিৱেশ ভূগোল বোলে।

ভূগােল বিষয়টোৰ এটা শাখা হিচাপে পৰিৱেশ ভূগােলৰ গুৰুত্ব অধিক। পৃথিৱীৰ বিভিন্ন ঠাইৰ পাৰিৱেশিক সমস্যা বৃদ্ধি পাই অহাৰ লগে লগে পৰিৱেশ ভূগােলৰ প্ৰাসংগিকতা বৃদ্ধি পাইছে। পৰিৱেশ বিজ্ঞান বিজ্ঞানৰ প্ৰায় প্ৰতিটো শাখাই কম – বেছি পৰিমাণে জড়িত হৈ আছে বাবে ইয়াক বিজ্ঞানৰ এক সমন্বিত অধ্যয়ন বুলিও ক’ব পাৰি। পৰিৱেশ ভূগােলে মানুহ আৰু মানুহৰ কৰ্মৰাজিক কেন্দ্ৰ কৰি অঞ্চলভেদে পৰিৱেশৰ স্থিতি, স্বৰূপ আৰু পৰিৱৰ্তন অধ্যয়ন কৰে। পৰিৱেশ ভূগােলত আলােচিত বিষয়সমূহ হৈছে — কোনাে এটা অঞ্চলত সংঘটিত বনাঞ্চল ধ্বংসৰ কাৰণ আৰু পৰিমাণ, বানপানী, গৰাখহনীয়া, ভূমিস্থলন আদি প্রাকৃতিক দুর্যোগ সংঘটিত হোৱা স্থান আৰু কাৰণ, প্ৰদূষণে কেনেদৰে পৰিৱেশ বিনষ্ট কৰে আদি সকলোবােৰ বিষয়। প্রাকৃতিক সম্পদৰ পৰিৱেশ – অনকূল ব্যৱহাৰ, পৰিৱেশৰ পৰিচালনা, বহনক্ষম উন্নয়ন আদি সকলােবােৰ পৰিৱেশ ভূগােল অধ্যয়নৰ বিষয়বস্তু। 

পৰিৱেশ ভূগােলে বিশেষকৈ উন্নয়ন যে পৰিৱেশ, সমাজ আৰু আর্থিক বিকাশৰ অনুকূলে পৰিচালিত হ’ব লাগে সেই কথাৰ ওপৰত মনযােগ দিয়ে। পৰিৱেশ ভূগোল অধ্যয়নৰ প্রধান উদ্দেশ্য হৈছে পৰিৱেশৰ ঐতিহাসিক বিকাশ, জনসংখ্যা বৃদ্ধি আৰু পৰিৱেশৰ লগত ইয়াৰ সম্পর্ক, প্রাকৃতিক দুর্যোগ আৰু ইয়াৰ ব্যৱস্থাপনা, অর্থনীতি আৰু সংস্কৃতিৰ সৈতে পৰিৱেশৰ সম্পর্ক আদি। এনেবােৰ বিষয় অধ্যয়ন কৰাৰ বাবে সাম্প্রতিক কালত পৰিৱেশ ভূগােলৰ গুৰুত্ব অধিক।

২৪। আঞ্চলিক ভূগোলৰ সংজ্ঞা দিয়া আৰু ইয়াৰ তাৎপৰ্য উল্লেখ কৰা।

উত্তৰঃ আঞ্চলিক ভূগোলে পৃথিৱীৰ একোটা অঞ্চল, ঠাই বা দেশ-মহাদেশৰ সামগ্রিক ভৌগোলিক চিত্রখন প্রতিফলিত কৰে। আঞ্চলিক ভূগোল অধ্যয়নে সংশ্লিষ্ট অঞ্চলটোৰ অন্তৰ্গত প্রাকৃতিক, সামাজিক, অর্থনৈতিক তথা যাতায়ত, পৰিবহণ আদি ব্যৱস্থাৰ বিতং বিৱৰণ দাঙি ধৰে। পৃথিৱীৰ প্ৰতিটো অঞ্চলৰে বা প্ৰতিখন ঠাইৰে এক নিজা নিজা অস্তিত্ব আৰু সুকীয়া বৈশিষ্ট্য আছে। ভিনান প্রাকৃতিক পৰিৱেশত সম্পদৰ স্থিতি আৰু গুণাগুণ বেলেগ বেলেগ হোৱা বাবে ইয়াৰ ওপৰত ভিত্তি কৰি গঢ়ি উঠা আর্থিক বিকাশো ভিন্ন হয়। সামাজিক পটভূমি, ৰীতি-নীতি, ভাৱ-ভাষা, পোছাক-পৰিচ্ছেদ, খাদ্যাভ্যাস আদিৰ ক্ষেত্ৰতো পৰিৱেশভেদে পার্থক্য থাকে। সেয়ে পৃথিবীৰ ভৌগোলিক বৈচিত্ৰ্যৰ বিষয়ে সঠিকভাৱে জানিবলৈ হ’লে ভূগোল অধ্যয়নত অঞ্চলৰ প্রয়োজনীয়তা আছে। কেইবাটাও অঞ্চল একেলগে অধ্যয়ন কৰিলে অঞ্চলবোৰৰ মাজত আঞ্চলিক উন্নয়নৰ বুজ ল’ব পাৰি।

২৫। উচ্চ পাৰ্বত্য অঞ্চলৰ পৰিবেশিক বৈশিষ্ট্যসমূহ চমুকৈ বৰ্ণনা কৰা।

উত্তৰঃ উচ্চতা বঢ়াৰ লগে লগে পার্বত্য অঞ্চলত এক বিশেষ প্রাকৃতিক অৱস্থা বিৰাজ কৰে। এছিয়া মহাদেশৰ হিমালয় পর্বত শ্ৰেণী, ইউৰোপৰ আল্লছ, উত্তৰ আমেৰিকাৰ ৰকি পর্বত আৰু দক্ষিণ আমেৰিকাৰ এণ্ডিজ পর্বত শ্রেণীয়ে বিস্তীর্ণ ঠাই আগুৰি আছে। ঠাইৰ উচ্চতা বৃদ্ধিৰ লগে লগে উষ্ণতা মন কৰিবলগীয়া ধৰণে হ্রাস পায়। উদাহৰণস্বৰূপে, এণ্ডিজ পৰ্বতৰ নামনিত যদিও নিৰক্ষীয় অৰণ্য অঞ্চল অৱস্থিত, অধিক উচ্চতাত থকা ইয়াৰ শৃংগবোৰ কিন্তু সদায় বৰফেৰে ঢাক খাই থাকে। বতাহৰ দিশৰ ওপৰত নিৰ্ভৰ কৰিও পার্বত্য অঞ্চলৰ জলবায়ু আৰু প্ৰাকৃতিক উদ্ভিদ বৈশিষ্ট্য সলনি হয়। হিমালয় পর্বতশ্রেণীৰ দক্ষিণ ঢালত মৌচুমী বতাহৰ প্ৰভাৱত যথেষ্ট বৰষুণ হয় বাবে এই অংশত ডাঠ অৰণ্যৰ সৃষ্টি হৈছে।

পার্বত্য অঞ্চলৰ কোনো কোনো ঠাইত আকৌ খনিজ দ্রব্যৰ উদ্‌ঘাটনো কৰা হৈছে। তদুপৰি প্ৰাকৃতিক সৌন্দৰ্য আৰু স্বাস্থ্যকৰ পৰিৱেশৰ বাবে পার্বত্য অঞ্চলৰ বহু ঠাই পার্বত্য নিবাস (Hill Station) আৰু পৰ্যটন কেন্দ্র (Tourist Centre) হিচাপে গঢ়ি উঠিছে। ভাৰতবৰ্ষৰ দাৰ্জিলিং, মুছৌৰী, নাইনিতাল, ছিমলা, শ্বিলং আদি এনে ধৰণে গঢ়ি উঠা একো একোটা পর্যটক কেন্দ্র।

২৬। উত্তৰ আমেৰিকা খনিজ সম্পদৰ চমু বিৱৰণ দাঙি ধৰা।

উত্তৰঃ উত্তৰ আমেৰিকা মহাদেশখন খনিজ সম্পদ আৰু অর্থনৈতিক উন্নয়ন অধিক উন্নত। মহাদেশখনৰ উপকূলীয় সমভূমি অঞ্চলটোত অধিক পৰিমাণে খনিজ তেল, প্রাকৃতিক গেছ, লৱণ আদি পােৱা যায়। মহাদেশখনত লো, নিকেল, ক’বাল্ট, মাইকা আদি খনিজ সম্পদ পােৱাৰ লগতে কানাডা, যুক্তৰাষ্ট্ৰ আৰু মেক্সিকোত প্ৰচুৰ পৰিমাণে কয়লা, পেট্রলিয়াম আৰু প্রাকৃতিক গেছ উৎপাদন হয়। খনিজ সম্পদৰ প্রাচুর্যতাৰ ওপৰৰ ভিত্তি কৰি বহুতাে উদ্যোগ গঢ়ি উঠিছে আৰু মহাদেশখনৰ কানাডা দেশখনে এই ক্ষেত্ৰত জলবিদ্যুৎ শক্তি উৎপাদনত যথেষ্ট অগ্রগতি লাভ কৰিছে।

২৭। আমেৰিকাৰ ভৌগোলিক তাৎপৰ্য্য চমুকৈ লিখা।

উত্তৰঃ আমেৰিকা যুক্তৰাষ্ট্ৰ দেশখন উত্তৰ আমেৰিকা মহাদেশত অৱস্থিত। এই দেশখনত উত্তৰ দিশত আছে কানাডা, পূৱ দিশত আছে আটলান্টিক মহাসাগৰ, দক্ষিণ দিশত আছে মেক্সিকো উপসাগৰৰ লগতে মেক্সিকো দেশ আৰু পশ্চিম দিশত প্রশান্ত মহাসাগৰ আছে। আমেৰিকা যুক্তৰাষ্ট্ৰৰ ৰাজধানী হৈছে কলােম্বিয়া জিলাৰ বাশিংটন ডি. চি.। 

আমেৰিকা যুক্তৰাষ্ট্ৰ দেশখনৰ মূল ভূখণ্ড ২৫° উত্তৰৰ পৰা ৪৩° উত্তৰ অক্ষাংশ আৰু ৬৬° পশ্চিমৰ পৰা ১২৫° পশ্চিম দ্রাঘিমাংশলৈকে বিস্তৃত। এই দেশখনত নাতিশীতােষ্ণ জলবায়ু বিৰাজ কৰে। আমেৰিকা যুক্তৰাষ্ট্র দেশখনৰ মুঠ মাটিকালি হৈছে ৯৬ লাখ বর্গ কিল’মিটাৰ অর্থাৎ ই পৃথিৱীৰ মাটিকালিৰ ৬.৩৭ শতাংশ। এই দেশখনৰ মুঠ জনসংখ্যা হৈছে প্রায় ৩০২ নিযুত। পৃথিৱীৰ মুঠ জনসংখ্যাৰ ৪৬ শতাংশ লােক আমেৰিকা যুক্তৰাষ্ট্ৰত বসবাস কৰে।

২৮। ভাৰতৰ কৃষিৰ তিনিটা বৈশিষ্ট্য উল্লেখ কৰা।

উত্তৰঃ ভাৰতৰ কৃষিৰ তিনিটা বৈশিষ্ট্য হ’ল—

(ক) ফলমূল আৰু শাক–পাচলি কৃষি অঞ্চলঃ কাশ্মীৰৰ পৰা উত্তৰ পূৱলৈকে বিস্তৃত হৈ আছে। এই অঞ্চলৰ উত্তৰ–পশ্চিম অংশত বার্ষিক বৃষ্টিপাত ৬০ ছেণ্টিমিটাৰতকৈও কম হয় আৰু পূৱ অংশত ২০০ ছেণ্টিমিটাৰ পর্যন্ত বৰষুণ হয়। পশ্চিম হিমালয়ৰ পাহাৰীয়া অঞ্চলত, বিভিন্ন নাতিশীতােষ্ণ ফল–মূল—আপেল, নৰা বগৰী, চেৰী, বগৰী, এপিকোট আদিৰ খেতি হয়। 

(খ) ধান–মৰাপাট–চাহ কৃষি অঞ্চলঃ অসমকে ধৰি অৰুণাচল প্রদেশ, ত্ৰিপুৰা, মেঘালয়, পশ্চিমবংগ, উৰিষ্যাৰ লগতে বিহাৰৰ উত্তৰ আৰু পূৱ অংশ আৰু উত্তৰ প্ৰদেশৰ তৰাই অঞ্চলক সামৰি লৈছে। এই অঞ্চলটো বিস্তীর্ণ নিম্নভূমি, নদীৰ ব–দ্বীপ আৰু উপত্যকাৰ পলসুৱা মাটিৰে পৰিপূৰ্ণ আৰু ইয়াত দক্ষিণ–পশ্চিম মৌচুমীৰ ফলত বৰষুণ হয়। এই অঞ্চলত থকা পলসুৱা মাটি, প্রচুৰ বৃষ্টিপাত আৰু গ্রীষ্মকালৰ উচ্চ উত্তাপৰ বাবে যথেষ্ট পৰিমাণে ধান উৎপাদন হয়। অসমৰ উজনি ব্রহ্মপুত্র উপত্যকা, ত্ৰিপুৰা আৰু উত্তৰংগত চাহ খেতি হয় আৰু গংগা সমভূমি আৰু ব–দ্বীপ অঞ্চলৰ লগতে পূৱ উপকূল অঞ্চলত মৰাপাটৰ খেতি কৰা হয়।

(গ) ঘেঁহু আৰু কুঁহিয়াৰ কৃষি অঞ্চলঃ বিহাৰৰ উত্তৰ অংশ, উত্তৰ প্রদেশ, পঞ্জাৱ, হাৰিয়ানা, মধ্যপ্রদেশৰ পশ্চিমাঞ্চল আৰু ৰাজস্থানৰ উত্তৰ–পূৱ অংশৰ ভিতৰত পৰে। এই অঞ্চলৰ মাটি পলসুৱা আৰু ইয়াত মধ্যম পৰিমাণৰ বৰষুণ হয়। এই কৃষি অঞ্চলটোৰ প্ৰধান শস্য হৈছে ঘেহু আৰু কুঁহিয়াৰ। এই অঞ্চলৰ শুকান ঠাইবােৰত জলসিঞ্চনৰ সহায়ত কৃষিকার্য কৰা হয়।

২৯। ভাৰতৰ অৱস্থিতিৰ বিশেষত্ব সম্পৰ্কে এটি চমু টোকা লিখা।

উত্তৰঃ আকৃতিৰ ফালৰপৰা ভাৰতবৰ্ষৰ স্থান পৃথিৱীৰ দেশসমূহৰ ভিতৰত সপ্তম। ভাৰতৰ জনসংখ্যা পৃথিৱীৰ দেশসমূহৰ ভিতৰত দ্বিতীয় সর্বাধিক। দেশখন সম্পূর্ণৰূপে উত্তৰ গোলার্ধত অৱস্থিত। ই এচিয়া মহাদেশব দক্ষিণে অবস্থিত, ভাৰত মহাসাগৰত আংশিকভাবে সোমাই থকা এটা বৃহৎ উপদ্বীপ।

ভাৰতবৰ্ষৰ মূল ভূমিখণ্ড ৮°৪’ উত্তৰ অক্ষাংশৰপৰা উত্তৰে ৩৭°’ উত্তৰ অক্ষাংশলৈ আৰু ৬৮°৭′ পূৱ দ্রাঘিমাৰপৰা ৯৭°২৫′ পূৱ দ্রাঘিমাংশলৈ বিস্তৃত। দেশখন উত্তৰৰপৰা দক্ষিণলৈ ৩,২১৪ কিঃমিঃ আৰু পূৱৰপৰা পশ্চিমলৈ ২,৯৩৩ কিঃমিঃ দীঘল। মুঠ মাটিকালি ৩২,৮০,৪৮৩ বৰ্গ কিঃমিঃ। ভাৰতৰ পৰিধি ২১,২৮৩ কিঃমিঃ। ইয়াৰে ৬,০৮৩ কিঃমিঃ উপকূল আৰু ১৫,২০০ কিঃমিঃ স্থলভাগৰ সীমান্তৰেখা।

৩০। বিশ্বৰ প্ৰধান ঘাঁহনি অঞ্চলৰ ওপৰত এটা টোকা লিখা।

উত্তৰঃ পৃথিৱীৰ প্ৰধান ঘাঁহনি অঞ্চলসমূহ উত্তৰ আমেৰিকাৰ মধ্যাংশ, ইউৰোপৰ পূৱ অংশ, এচিয়াৰ মধ্যাংশ, আর্জেন্টিনা, দক্ষিণ আফ্ৰিকাৰ কিছু অংশ আৰু অষ্ট্ৰেলিয়াৰ কিছু কিছু অংশত আছে। বিভিন্ন অঞ্চলত অৱস্থিত ঘাঁহনি অঞ্চলসমূহক বিভিন্ন নামেৰে জনা যায়। এচিয়া আৰু ইউৰোপ মহাদেশত এনে ঘাঁহনি অঞ্চলক ষ্টেপ্‌ছ (Stepps) নামে জনা যায়, উত্তৰ আমেৰিকাত প্রেইৰি (Prairies), দক্ষিণ আমেৰিকাৰ আর্জেন্টিনাত পম্পাছ (Pampas), দক্ষিণ আফ্রিকাত ভেল্ড (Veld) আৰু অষ্ট্রেলিয়াত ডাউনচ (Downs) নামে জনা যায়। দক্ষিণ আমেৰিকা মহাদেশৰ অন্তৰ্গত অৰিনিক’ নদীৰ অৱবাহিকাত লানোজ নামে ঘাঁহনি অঞ্চল আছে আৰু দক্ষিণৰ পাৰাগুৱে নদীৰ অৱবাহিকাত কম্পোজ আৰু পাৰাণা নদীৰ অৱবাহিকাত গ্ৰোনচাকো নামৰ বিখ্যাত ঘাঁহনি অঞ্চল আছে। ঘাঁহনি অঞ্চলত বসবাস কৰা লোকসকলৰ প্ৰধান বৃত্তি হৈছে পশুপালন। ঘাঁহনি অঞ্চলক, কেন্দ্ৰ কৰি দুগ্ধ শিল্পও গঢ়ি উঠিছে আৰু চামৰা উদ্যোগ তথা নোমৰ পৰা ঊণ উৎপাদন সহজ হৈছে।

৩১। জাপানৰ জনসংখ্যাৰ বৃদ্ধি আৰু বিতৰণ সম্পৰ্কে চমুকৈ লিখা।

উত্তৰঃ জাপান দেশখন জনসংখ্যাৰ ভিত্তিত পৃথিৱীৰ দশম বৃহৎ দেশৰূপে পৰিচিত। জাপান দেশখন অতি জনবসতিপূর্ণ। ৬১০ খ্রীষ্টাব্দত জাপান দেশৰ জনসংখ্যা আছিল আনুমানিক ৫ নিযুত আৰু এই জনসংখ্যা দিনক দিনে বৃদ্ধি পাই আছে । ১৮৮০ চনত জাপান দেশৰ জনসংখ্যা হৈছিলগৈ ৩৮ নিযুত, ১৯৪৫ চনত ৭২ নিযুত , ১৯৯৯ চনৰ লােকপিয়ল মতে এই জনসংখ্যা বৃদ্ধি পাই ১২৭ নিযুত হয় আৰু ২০০৭ চনৰ লােকপিয়ল মতে জনসংখ্যা বৃদ্ধি পাই প্রায় ১২৮ নিযুত হয়। 

তলৰ তালিকাত জাপানৰ জনসংখ্যা বৃদ্ধি দেখুওৱা হ’ল—

লোকপিয়ল বর্ষজনসংখ্যা (নিযুত হিচাপত)
১৮৮০৩৮
১৯০০৪৪
১৯২০৫৫
১৯৪৫৭২
১৯৬০৯৩
১৯৭৫১১২
১৯৯৯১২৭
২০০৭১২৮০

জাপানৰ জনসংখ্যা বিতৰণ সকলাে ঠাইতে সমান নহয়। ইয়াৰ প্রধান কাৰণ হৈছে ভূ – প্রকৃতি আৰু জলবায়ুৰ তাৰতম্যৰ লগতে অর্থনৈতিক উন্নয়নত থকা বৈষম্য। জাপানৰ পার্বত্য অঞ্চলবােৰ বসবাস তথা আর্থিক উন্নয়নৰ বাবে অনুপযােগেী আৰু সেইবাবে এনে অঞ্চলবােৰত জনবসতি অতি পাতল। আনহাতে জাপানৰ নদী – উপত্যকাৰ উপকূলীয় অঞ্চল আৰু সমভূমি অঞ্চলবােৰত কৃষিকাৰ্য , যােগাযােগ – পৰিবহণ , শিল্পোদ্যোগ আদিৰ যথেষ্ট সা – সুবিধা আছে আৰু সেয়ে এনে অঞ্চলবােৰ ঘন জনবসতি পূর্ণ। জাপানৰ জনসংখ্যাৰ গঢ় ঘনত্ব প্রতি বর্গ কিল’মিটাৰত ৩৩৮ জন কিন্তু পার্বত্য অঞ্চলত জনসংখ্যা ঘনত্ব ১০০ জনতকৈও কম। 

তলৰ মানচিত্রত জাপানৰ জনসংখ্যাৰ বিতৰণ দেখুওৱা হ’ল—

জাপানৰ জনসংখ্যাৰ বিতৰণ

৩২। ভাৰতৰ জলবায়ুৰ বৈশিষ্ট্য সম্পৰ্কে এটি চমু টোকা লিখা।

উত্তৰঃ ভাৰতবৰ্ষৰ ভিন্ন অঞ্চলত ভিন্ন প্ৰকাৰৰ জলবায়ু অনুভূত হয় জলবায়ুৰ প্ৰধান উপাদানসমূহ যেনে—উত্তাপ, বায়ুৰ চাপ, বতাহ আৰু আর্দ্রতা আদি ঠাই ভেদে বেলেগ বেলেগ। তাৰোপৰি ভাৰতৰ জলবায়ুৰ ভিন্নতা নিৰ্ভৰ কৰে—দেশখনৰ বিশালতা, বিভিন্ন ভূ-প্রকৃতি, উচ্চতাৰ পার্থক্য, সাগৰৰ পৰা দূৰত্ব, বিষুৱৰ পৰা দূৰত্ব আৰু গৌচুমী বায়ুৰ ওপৰত ৷

ভাৰতৰ প্ৰায় সোমাজেদি পাৰ হোৱা কৰ্কটক্রান্তি ৰেখাই দেশখনক উত্তৰ আৰু দক্ষিণ অংশত ভাগ কৰিছে আৰু ইয়াৰ উত্তৰ অংশটো পৰিছে। সমমণ্ডলত আৰু দক্ষিণ অংশটো গ্ৰীষ্মমণ্ডলত পৰিছে। সেই বাবে দক্ষিণ ভাৰতত অধিক গৰম অনুভূত হয়। তাৰোপৰি ভাৰতৰ ভিন্ন ভূ-প্রকৃতিয়ে ঠাইবোৰৰ মাজত উচ্চতাৰ তাৰতম্য আনিছে আৰু ইয়ে জলবায়ুত প্ৰভাৱ পেলাইছে। একে অক্ষাংশত অৱস্থিত যদিও উচ্চতাৰ তাৰতম্যৰ বাবে ঠাইবোৰত উত্তাপ, বায়ুৰ চাপ, বৰষুণৰ পৰিমাণ, আৰ্দ্ৰতাৰ পৰিমাণ কম-বেছি হয় আৰু সেইবাবে জলবায়ুও ভিন্ন হয়। অর্থাৎ ভাৰতত জলবায়ু ভিন্ন বৈশিষ্ট্যপূর্ণ।

৩৩। ভাৰতৰ এখন আৰ্হি মানচিত্ৰ অংকন কৰা আৰু তাত দিয়া সমূহ বহুওৱা।

(ক) ভাৰতৰ উপকূলীয় সমভূমি।

(খ) ডেৰাদুন।

উত্তৰঃ ছাত্র-ছাত্রীৰ নিজৰ চেষ্টা কৰা।

Leave a Comment

Your email address will not be published. Required fields are marked *

Scroll to Top