হেম বৰুৱা (Hem Barua) আছিল এগৰাকী বহুপ্ৰতিভাধৰ সাহিত্যিক, যি জনৰ গ্ৰন্থসমূহ অসমীয়া সাহিত্যৰ ইতিহাসত এক মূল্যবান অৱদান হিচাপে পৰিগণিত। সাহিত্য, ইতিহাস, অনুবাদ, আৰু ৰাজনৈতিক চিন্তাৰে পূৰ্ণ তেওঁৰ ৰচনাসমূহ এতিয়াও পাঠকৰ অনুপ্ৰেৰণা। তেওঁ অসমীয়া আৰু ইংৰাজী উভয় ভাষাতে কবিতা, ভ্ৰমণ বিবৰণ, সমালোচনামূলক ৰচনা আদি সৃষ্টি কৰি সাহিত্য জগতত এক উজ্জ্বল অৱদান ৰাখিছে। মৃত্যুৰ আগলৈকে তেওঁ ৩৫খন গ্ৰন্থ ৰচনা কৰে। ‘মমতাৰ চিঠি’, ‘আইতা’, আৰু ‘জাৰৰ দিনৰ সপোন’ তেওঁৰ জনপ্ৰিয় কাব্যসমূহৰ ভিতৰত অন্যতম। তেওঁৰ উল্লেখযোগ্য কাব্য-সংকলন বালিছন্দা (১৯৫৯) আৰু মনময়ূৰী (১৯৬৫) আছিল।
স্বাধীনতা আন্দোলনৰ সময়ত ১৯৪২ চনৰ ‘বিয়াল্লিছৰ আন্দোলন’ত সক্ৰিয়ভাৱে অংশ লৈ তেওঁ কাৰাবাস ভোগ কৰিছিল। স্বাধীনতা লাভৰ পাছত তেওঁ সমাজবাদী মতবাদৰ সৈতে জড়িত হৈ ৰাজনৈতিক ক্ষেত্ৰতো সক্ৰিয় অৱদান আগবঢ়ায়। ১৯৫৭ চনত তেওঁ গুৱাহাটী লোকসভা সমষ্টিৰ পৰা সাংসদ হিচাপে নিৰ্বাচিত হয় আৰু পৰৱৰ্তী ১৪ বছৰ ধৰি সংসদ সদস্য হিচাপে কাৰ্যনিৰ্বাহ কৰে। এই সময়চোৱাত তেওঁ ইউৰোপ, আমেৰিকা, ৰুছ প্রভৃতি দেশ ভ্ৰমণ কৰি আন্তর্জাতিক পৰিসৰতো অভিজ্ঞতা অৰ্জন কৰে।

- পূর্ণ নাম: হেমকান্ত শৰ্মা বৰুৱা
- জন্ম তাৰিখ: ২২ এপ্ৰিল, ১৯১৫
- জন্মস্থান: তেজপুৰ, অসম
- মৃত্যু: ৯ এপ্ৰিল, ১৯৭৭
- মৃত্যুস্থান: উত্তৰ শৰণীয়া, অসম
- ৰাষ্ট্ৰীয়তা: ভাৰতীয়
- নাগৰিকত্ব: ভাৰত
- পেচা: কবি, সাহিত্যিক, সাংসদ, শিক্ষাবিদ
- সংযুক্ত সংস্থা:
- জগন্নাথ বৰুৱা মহাবিদ্যালয়
- বি. বৰুৱা মহাবিদ্যালয়
- প্ৰসিদ্ধ কৃতিত্ব:
- মমতাৰ চিঠি
- আইতা
- জাৰৰ দিনৰ সপোন
- গৃহনগৰ: তেজপুৰ
- চৰিত্ৰগত অৱদান:
- ভাৰতৰ স্বাধীনতা আন্দোলনত সক্ৰিয় অংশগ্ৰহণ
- সাম্যবাদী চিন্তাধাৰাৰ প্ৰচাৰ আৰু প্ৰসাৰ
- জীৱন সংগিনী: অণু বৰুৱা
হেম বৰুৱাৰৰ জন্ম আৰু শিক্ষা | Birth and Education of Hem Barua
হেম বৰুৱাৰ জন্ম ১৯১৫ চনৰ ২২ এপ্ৰিল তাৰিখে তেজপুৰত হৈছিল। তেওঁ উত্তৰ গুৱাহাটীস্থিত ভঁৰালী বৰুৱা বংশৰ বিনন্দী ৰাম শৰ্মা বৰুৱা আৰু পদ্মালোচনী দেৱীৰ জ্যেষ্ঠ পুত্ৰ আছিল। তেওঁক লৈ তেওঁলোকৰ সাতগৰাকী সন্তানৰ ভিতৰত তেওঁ আছিল প্ৰথমজন — তিনিজন ভায়েক আৰু চাৰিজনী ভনী।
হেম বৰুৱাই শিক্ষা জীৱনৰ আৰম্ভণি যোৰহাটৰ তৰাজান পাঠশালা আৰু যোৰহাট টাউন এম.ই. স্কুলৰ পৰা কৰে। পিছত তেওঁ তেজপুৰ চৰকাৰী উচ্চতৰ মাধ্যমিক বিদ্যালয়ত অধ্যয়ন কৰি ১৯৩২ চনত প্ৰৱেশিকা উত্তীৰ্ণ হয়। কটন কলেজত ১৯৩৪ চনত আই.এ. আৰু ১৯৩৬ চনত ইংৰাজী সাহিত্যত বি.এ. ডিগ্ৰী লাভ কৰে। তাৰ পাছত ১৯৩৮ চনত তেওঁ কলিকতা বিশ্ববিদ্যালয়ৰ পৰা এম.এ. ডিগ্ৰী লাভ কৰে। ব্যক্তিগত জীৱনত, ১৯৪৭ চনত হেম বৰুৱাই শ্ৰীমতী অণু বৰুৱাৰ সৈতে বৈবাহিক সম্পৰ্কত আবদ্ধ হয়।
হেম বৰুৱাৰ কৰ্ম জীৱন | Working Life of Hem Barua
কলিকতা বিশ্ববিদ্যালয়ৰ পৰা উত্তীৰ্ণ হোৱাৰ পাছত হেম বৰুৱাই প্ৰায় চাৰি বছৰ ধৰি নিয়মিত কাম-কাজ নোপোৱা অৱস্থাত সময় পাৰ কৰিলে। সেই সময়খিনিত তেওঁ বহুতো গ্ৰন্থ অধ্যয়ন কৰিছিল আৰু মাজে-মাজে টিউচন কৰি জীৱন যাপন চলাইছিল।
১৯৪১ চনত, ২৪ বছৰ বয়সতে তেওঁ যোৰহাটৰ জগন্নাথ বৰুৱা মহাবিদ্যালয়ত প্ৰবক্তা (lecturer) হিচাপে কৰ্মজীৱন আৰম্ভ কৰে। সেই সময়ত তেওঁ মহাবিদ্যালয়খনৰ অধ্যক্ষ কৃষ্ণকান্ত সন্দিকৈদেৱৰ নিকট সান্নিধ্য লাভ কৰে। সন্দিকৈদেৱৰ প্ৰেৰণা আৰু উৎসাহেৰে হেম বৰুৱাই তামিল ভাষাৰ বিখ্যাত গল্প “কন্নকী আৰু কাৱালান” অসমীয়ালৈ ৰূপান্তৰ কৰে। এই ভাঙনি গল্পটো “আৱাহন” আলোচনীত “কন্নকীৰ কাহিনী” হিচাপে প্ৰকাশিত হয়।
তেওঁ জগন্নাথ বৰুৱা মহাবিদ্যালয়ত মাত্ৰ এটা বছৰ কৰ্মনিৰ্বাহ কৰিবলৈ সক্ষম হয়, কাৰণ ১৯৪২ চনত “ভারত ত্যাগ আন্দোলন” আৰম্ভ হয়।
পাছলৈ, ১৯৪৪ চনত তৎকালীন ৰাজনীতিক গোপীনাথ বৰদলৈৰ অনুৰোধ অনুসৰি তেওঁ বি. বৰুৱা মহাবিদ্যালয়ত যোগদান কৰে। তাৰ ঠিক এটা বছৰৰ পিছতেই, ১৯৪৫ চনত তেওঁ অধ্যক্ষ হিচাপে নির্বাচিত হয়।
হেম বৰুৱাই নিখিল ভাৰত প্ৰাথমিক শিক্ষক সন্মিলনীৰ স্থায়ী সভাপতি হিচাপেও দায়িত্ব পালন কৰে। তেওঁৰ নেতৃত্বত শিক্ষকসকলৰ এখন প্ৰতিনিধি দলে তৎকালীন ৰাষ্ট্ৰপতি ড° সৰ্ব্বপল্লী ৰাধাকৃষ্ণনৰ ওচৰলৈ গৈ স্মাৰক পত্ৰ দাঙি ধৰে আৰু শিক্ষকসকলৰ বিভিন্ন সমস্যাৰ সমাধান বিচাৰে।
হেম বৰুৱাৰ ৰাজনৈতিক জীৱন | Political Life of Hem Barua
ৰাজনীতিত পদাৰ্পণ
তিতাবৰত অনুষ্ঠিত ছাত্ৰ ফেডাৰেছনৰ সভাপতি হিচাপে হেম বৰুৱাৰ ৰাজনৈতিক যাত্ৰাৰ আৰম্ভণি ঘটে। ১৯৪২ চনৰ স্বাধীনতা আন্দোলনৰ সময়ত দিয়া তেওঁৰ উত্তেজনাপূৰ্ণ ভাষণৰ বাবে তেওঁক কাৰাবাসৰ সাজা দিয়া হয়। কাৰাগাৰত থাকোতে তেওঁ বিভিন্ন গ্ৰন্থ অধ্যয়ন কৰে আৰু গোপীনাথ বৰদলৈ, ফখৰুদ্দিন আলি আহমেদ, বিষ্ণুৰাম মেধি, বিমলা প্ৰসাদ চলিহাৰ দৰে নেতাৰ সংস্পৰ্শলৈ আহে।
দল পৰিৱর্তন আৰু সামাজিক চিন্তাধাৰা
১৯৪৮ চনত হেম বৰুৱাই কংগ্ৰেছ দল ত্যাগ কৰি সমাজবাদী দলত যোগদান কৰে। পিছত তেওঁ প্ৰজাতান্ত্ৰিক সমাজবাদী দলৰ ৰাষ্ট্ৰীয় কাৰ্যনিৰ্বাহক হিচাপে নিযুক্তি লাভ কৰে।
নিৰ্বাচন আৰু সাংসদৰূপে যাত্ৰা
১৯৫২ আৰু ১৯৫৬ চনৰ নিৰ্বাচনত পৰাজিত হোৱাৰ পিছতো তেওঁ ১৯৫৭ আৰু ১৯৬২ চনত গুৱাহাটী লোকসভা সমষ্টিৰ পৰা লোকসভালৈ নিৰ্বাচিত হয়। ১৯৬৭ চনত তেওঁ মঙ্গলদৈ লোকসভা সমষ্টিৰ পৰা পুনৰ নিৰ্বাচিত হয় আৰু ১৯৭০ চনৰ ডিচেম্বৰ মাহলৈকে লোকসভাৰ সদস্য আছিল।
সংসদত প্ৰভাৱশালী ভূমিকা
সাংসদ হিচাপে হেম বৰুৱাই ৮০০তকৈ অধিক ভাষণ দিছিল। প্ৰথম অধিৱেশনতে তেওঁ অসমৰ বাবে ৰেলৱে জ’নৰ কাৰ্যালয় স্থাপন আৰু ব্ৰহ্মপুত্ৰত দলং নিৰ্মাণৰ প্ৰস্তাৱ উত্থাপন কৰে। দিল্লীৰ “টাইমছ অৱ ইণ্ডিয়া” আৰু “ট্ৰিবিউন” কাকতৰ শ্ৰেষ্ঠ সাংসদৰ তালিকাত তেওঁৰ নাম থাকিছিল।
ভাষা আন্দোলন আৰু সীমান্ত সমস্যা
১৯৬০ চনৰ ভাষা আন্দোলন আৰু ১৯৬২ চনৰ চীন-ভাৰত যুদ্ধৰ সময়ত হেম বৰুৱাই সংসদত অসমৰ সংকটজনক পৰিস্থিতিৰ কথা দৃঢ়ভাৱে উত্থাপন কৰে। চীনৰ অনুপ্ৰৱেশৰ সম্ভাৱনাৰ বিষয়ে তেওঁ তৎকালীন প্ৰধানমন্ত্ৰী জৱাহৰলাল নেহৰুক সঁকিয়নি দিছিল।
অন্য ৰাজ্যিক আন্দোলনত অংশগ্ৰহণ
অসমৰ বাহিৰতো তেওঁ বিভিন্ন আন্দোলনত সক্ৰিয়ভাৱে অংশগ্ৰহণ কৰিছিল। গুজৰাটৰ ভূজত পাকিস্তানক কচ্চ অঞ্চল সমৰ্পণৰ সময়ত হোৱা প্ৰতিবাদ আন্দোলনতো তেওঁ নেতৃত্ব দিয়ে।
দৃষ্টান্তমূলক সততা আৰু সংসদীয় নৈতিকতা
তেওঁৰ তীক্ষ্ণ যুক্তি আৰু সততাৰ বাবে জনপ্ৰিয় হেম বৰুৱাই কেন্দ্ৰীয় মন্ত্ৰী কে.ডি. মালৱিয়াৰ ওপৰত দুৰ্নীতিৰ অভিযোগ আনিছিল। মালৱিয়াই প্ৰতিবাদৰ স্বৰূপে তেওঁক প্ৰতিযোগিতামূলকভাৱে প্ৰত্যাহ্বান জনায়। হেম বৰুৱাই ক’লে, যদি অভিযোগ মিছা প্ৰমাণ হয়, তেওঁ নিজে পদত্যাগ কৰিব। কিন্তু অভিযোগ সত্য প্ৰমাণিত হোৱাৰ পিছত মালৱিয়া পদত্যাগ কৰে। এই ঘটনাই সংসদীয় নৈতিকতাৰ ক্ষেত্ৰত হেম বৰুৱাক এজন আদৰ্শ সংসদ সদস্য হিচাপে প্ৰতিষ্ঠা কৰিছিল।
হেম বৰুৱাৰ ৰাজনৈতিক জীৱন এক আদৰ্শপূৰ্ণ যাত্ৰা। সততা, বৌদ্ধিক দক্ষতা, যুক্তিবাদিতা আৰু সাহসেৰে ভৰপূৰ তেওঁৰ ভূমিকা কেৱল অসমৰেই নহয়, সমগ্ৰ ভাৰতৰ ৰাজনীতিত এক দীপ্তিমান অধ্যায় হিচাপে স্মৰণীয় হৈ ৰ’ল।
হেম বৰুৱাৰ সাহিত্যিক অৱদান | The literary contribution of Hem Barua
হেম বৰুৱাৰ সাহিত্যিক যাত্ৰাৰ আৰম্ভণি হৈছিল Idealism and Romance in Modern Drama নামৰ ইংৰাজী প্রবন্ধৰে, যি “আৱাহন” পত্রিকাৰ দশম বছৰৰ সপ্তম সংখ্যাত প্ৰকাশিত হৈছিল। বিশ্ববিদ্যালয়ৰ ছাত্ৰ থাকোতে তেওঁ হিয়াৰ মিলন নামৰ এটি চুটিগল্প আৱাহনত প্ৰকাশ কৰিছিল। আধুনিক নাট্য সাহিত্যত ৰিয়েলিজম আৰু ৰোমান্স বিষয়ক তেওঁৰ প্ৰথম প্ৰবন্ধখনে সাহিত্য মহলত যথেষ্ট সঁহাৰি লাভ কৰে।
তেওঁ অধ্যাপক হিচাপে কৰ্মৰত থাকোঁতে কন্নকী কলাভানৰ কাহিনী অসমীয়ালৈ কন্নকী নামে অনুবাদ কৰিছিল। সাংসদ হিচাপে বহুকেইখন দেশ ভ্ৰমণ কৰি সেই অভিজ্ঞতাৰ আধাৰত তেওঁ ৰচনা কৰিছিল সাগৰ দেখিছা, ৰঙা কৰবীৰ ফুল, ইজৰাইল, মেকং নৈ দেখিলোঁ আদিৰ দৰে বিখ্যাত ভ্ৰমণ গ্ৰন্থসমূহ। লগতে তেওঁ ১৯৭১ চনত ইংৰাজী দৈনিক Assam Express পত্রিকাৰ সম্পাদনাৰ দায়িত্ব গ্ৰহণ কৰিছিল। ১৯৭২ চনত ধুবুৰীত অনুষ্ঠিত অসম সাহিত্য সভাৰ অধিৱেশনত তেওঁ সভাপতিৰূপে দায়িত্ব পালন কৰিছিল।
তেওঁৰ উল্লেখযোগ্য ইংৰাজী গ্ৰন্থ The Red River and the Blue Hill গ্ৰন্থখনত অসমৰ ইতিবৃত্ত, সমাজ, সংস্কৃতিৰ এক বিস্তৃত চিত্ৰ অঙ্কিত হৈছে।
“মমতাৰ চিঠি” – এক হৃদয়স্পৰ্শী কবিতা
হেম বৰুৱাৰ প্ৰসিদ্ধ কবিতা মমতাৰ চিঠি এগৰাকী বিধৱা নাৰীৰ আত্মব্যথা আৰু সামাজিক নিৰ্যাতনৰ প্ৰতিচ্ছবি। এই কবিতাটো অসমীয়া ভাষাৰ ক্লাছিক কবিতাসমূহৰ অন্যতম বুলি অনেক কাব্যৰসিক আৰু সমালোচকে স্বীকৃতি দিছে। কবিতাৰ সূচনাত বিখ্যাত ইংৰাজ কবি Ezra Pound ৰ উদ্ধৃতিও দিয়া আছে, যি কবিতাটোৰ গভীৰতা আৰু আন্তৰিকতাক অধিক উজাগৰ কৰে।
এই কবিতাৰ আধাৰত এখন অসমীয়া চলচ্চিত্ৰ নিৰ্মাণৰ পৰিকল্পনাও কৰা হৈছে, যাৰ কথা ২০১৯ চনৰ আগষ্ট মাহত নাট্যকাৰ নিৰ্মল দাসে প্ৰকাশ কৰে।
ভ্ৰমণ সাহিত্য – দেশ চাবলৈ মন…
হেম বৰুৱাৰ ভ্ৰমণ সাহিত্য কেৱল ভ্ৰমণৰ বৰ্ণনা নহয়, ই এক ব্যক্তিগত অভিজ্ঞতা, দৰ্শন আৰু সমাজচিন্তাৰ সমন্বয়। তেওঁৰ উল্লেখযোগ্য ভ্ৰমণ সাহিত্য গ্ৰন্থসমূহ হৈছে:
সাগৰ দেখিছা (1953): আমেৰিকাৰ চহৰসমূহত যাত্ৰা কৰি তেওঁ তাৰ জীৱনশৈলী, সমস্যা আৰু সমাজ ব্যৱস্থাৰ গভীৰ বিশ্লেষণ দাঙি ধৰে।
সানমিহলি: এই প্রবন্ধ সংকলনত ব্ৰহ্মদেশ আৰু চীন ভ্ৰমণৰ বৰ্ণনা অন্তৰ্ভুক্ত।
ৰঙা কৰবীৰ ফুল: ৰাছিয়া ভ্ৰমণৰ অভিজ্ঞতা প্ৰকাশ কৰি লিখা এই কিতাপখনত ৰাজনীতি, শিল্প, কৃষি আৰু সমাজৰ সমন্বয় পোৱা যায়।
ইজৰাইল: ইজৰাইলৰ সাধাৰণ মানুহৰ জীৱনৰ ওপৰত আধাৰিত, য’ত ধনী-দুখীয়াৰ পাৰ্থক্য ঘুচি এক সমানতা প্ৰচলিত বুলি উল্লেখ কৰিছে।
মেকং নৈ দেখিলোঁ: দক্ষিণ-পূৰ্ব এছিয়াৰ দেশসমূহ ভ্ৰমণ কৰি তেওঁ লিখিছে এই কিতাপখন, য’ত সংস্কৃতি, ইতিহাস আৰু মানুহৰ জীৱনচৰ্যাৰ বিষয়ে বৰ্ণনা দিয়া হৈছে।
হেম বৰুৱাই ভ্ৰমণ সাহিত্য সম্পৰ্কে কৈছিল, “দেশ ভ্ৰমণ আৰু কিতাপ পঢ়া – এই দুয়োটাই মানুহৰ আত্মা জানিবলৈ কৰা প্ৰয়াস।” তেওঁৰ এই দৃষ্টিভঙ্গীয়ে ভ্ৰমণ সাহিত্যক অধিক জীৱন্ত আৰু মানৱীয় কৰি তোলে।
সাহিত্যিক মূল্যায়ন
হেম বৰুৱাৰ সাহিত্যৰ মূল্যায়নত সাহিত্যিক ফণীন্দ্ৰ কুমাৰ দেৱচৌধুৰীয়ে লিখিছে—
“প্ৰতিটো বাক্যতেই তেওঁৰ জীৱনৰ প্ৰতি গভীৰ প্রেম, মানুহৰ ওপৰত অপৰিসীম বিশ্বাস আৰু নিজৰ ওপৰত দৃঢ় আত্মবিশ্বাস প্ৰকাশ পাইছে। হেম বৰুৱা সেইসকল লেখকসকলৰ ভিতৰত, যি জীৱনক ভাল পাবলৈ শিকায়, শীৰ্ষস্থানত ৰখাৰ যোগ্য।”
হেম বৰুৱাৰ দেহাৱসান
১৯৭১ চনৰ নিৰ্বাচনত পৰাজয় লাভ কৰাৰ পাছত হেম বৰুৱাই ৰাজনৈতিক ক্ষেত্ৰৰ পৰা কিছু পৰিসৰ লৈ উত্তৰ শৰণীয়াৰ নিজৰ বাসগৃহত পত্নী অণু বৰুৱাৰ সৈতে শান্ত জীৱন অতিবাহিত কৰিবলৈ আৰম্ভ কৰে। বহু ৰাষ্ট্ৰীয় আন্দোলনত অংশগ্ৰহণ কৰা এই মহান নেতা ১৯৭৭ চনৰ ৯ এপ্ৰিল তাৰিখে নিজ বাসভৱনত শেষনিশ্বাস ত্যাগ কৰে। তেওঁৰ মৃত্যুৱে অসম তথা সমগ্ৰ দেশৰ জনজীৱনত এক গভীৰ শূন্যতাৰ সৃষ্টি কৰে।
Read also: Benudhar Rajkhowa Biography | বেণুধৰ ৰাজখোৱাৰ জীৱনী
হেম বৰুৱাৰ ৰচনা সমগ্ৰ
অসমীয়া ভাষাত প্ৰকাশিত মুখ্য গ্ৰন্থসমূহ
- ৫জন নেতা (১৯৪৭)
- ‘৪২ৰ গণবিপ্লৱত অসম (১৯৪৭)
- আধুনিক সাহিত্য (১৯৫০)
- সাগৰ দেখিছা (১৯৫৪)
- সানমিহলি (১৯৫৭)
- ৰঙা কৰবীৰ ফুল (১৯৫৯)
- বালিছন্দা (১৯৫৯)
- কিউপিড আৰু ছাইকী (১৯৫৯)
- কন্নকী (১৯৬০)
- এই গাঁও, এই গীত (১৯৬১)
- সাহিত্য আৰু সাহিত্য (১৯৬২)
- আঁচুফুল (১৯৬৪)
- মন-ময়ূৰী (১৯৬৫)
- ইজৰাইল (১৯৬৫)
- মেকং নৈ দেখিলো (১৯৬৭)
- ডাকপখিলী (১৯৬৮)
- বহাগতে পাতি যাওঁ বিয়া (১৯৬৯)
- পছোৱাৰ ৰেঙনি (১৯৬৯)
- স্মৃতি আৰু পাপৰি (১৯৭০)
- সত্য আৰু অহিংসাঃ গান্ধীজী (১৯৭১)
- ছিন্নমূল (১৯৭৩)
- তলসৰা (১৯৭৬)
- সাহিত্য আৰু সমস্যা (১৯৭৮)
ইংৰাজী ভাষাত প্ৰকাশিত মুখ্য গ্ৰন্থসমূহ
- The August Revolution in Assam (১৯৪৬)
- The Red River and the Blue Hill (১৯৫৪)
- Fairs and Festivals of Assam (১৯৫৬)
- Modern Assamese Poetry (১৯৬০)
- Idle Hours (১৯৬১)
- Assamese Literature (১৯৬২)
- Folk Songs of India (১৯৬৫)
- Lakshminath Bezbaruah (১৯৬৭)
অনুবাদ সাহিত্য
- ভাৰত: বৰ্তমান আৰু ভৱিষ্যত – মূল: জৱাহৰলাল নেহৰু
- অসমৰ জনজাতি – মূল: সত্যেন বৰকটকী
- চৰ্দাৰ বল্লভভাই পেটেল – মূল: বিষ্ণু প্ৰভাকৰ
- The Age of Imperial Unity – সংকলক: কে. এম. মুনশি
উপসংহাৰ
হেম বৰুৱা এগৰাকী বহুপ্ৰতিভাশালী ব্যক্তিত্ব। তেওঁ কবিতা, ভ্ৰমণ সাহিত্য, সমালোচনা, অনুবাদ সাহিত্যৰ লগতে ৰাজনীতিতো এক দীপ্তিমান অধ্যায় ৰচনা কৰিছিল। সাহিত্যৰ জগতত তেওঁৰ শব্দসমূহ নিছল হৃদয়ৰ পৰা ওলোৱা বাণী, আৰু ৰাজনীতিত তেওঁৰ যুক্তি, সততা, আৰু সাহস আদৰ্শৰ প্ৰতীক। তেওঁৰ জীৱনৰ প্ৰতিটো অধ্যায়ত শিক্ষাৰ, চিন্তাৰ, আৰু সামাজিক দায়িত্ববোধৰ এক অদ্ভুত সঁহাৰি দেখা যায়। তেওঁ শুধু অসম নহয়, সমগ্ৰ ভাৰতবাসীৰ বাবে অনুপ্ৰেৰণাৰ উৎস। হেম বৰুৱাৰ সাহিত্য আৰু জীৱনদৰ্শনে নতুন প্ৰজন্মক সদায় সাহস, চিন্তা আৰু আদৰ্শৰ বাট দেখুৱাই যাব।
FAQs about Hem Barua
- হেম বৰুৱাৰ জন্ম কেতিয়া হৈছিল?
A: হেম বৰুৱাৰ জন্ম ১৯১৫ চনৰ ২২ এপ্ৰিল তাৰিখে তেজপুৰত হৈছিল।
2. হেম বৰুৱাই কোনবিলাক জনপ্ৰিয় কবিতা ৰচনা কৰিছিল?
A: “মমতাৰ চিঠি”, “আইতা”, আৰু “জাৰৰ দিনৰ সপোন” তেওঁৰ জনপ্ৰিয় কবিতাসমূহৰ ভিতৰত অন্যতম।
3. হেম বৰুৱাই কেইখন গ্ৰন্থ ৰচনা কৰিছিল?
A: মৃত্যুৰ আগলৈকে তেওঁ ৩৫খনৰো অধিক গ্ৰন্থ ৰচনা কৰিছিল।
4. তেওঁৰ জনপ্ৰিয় ভ্ৰমণ সাহিত্য ?
A: সাগৰ দেখিছা, ৰঙা কৰবীৰ ফুল, ইজৰাইল, মেকং নৈ দেখিলোঁ আদি তেওঁৰ জনপ্ৰিয় ভ্ৰমণ সাহিত্য গ্ৰন্থ।
5. ৰাজনৈতিক জগতত তেওঁৰ অৱদান কি আছিল?
A: তেওঁ তিনিবাৰ লোকসভালৈ নিৰ্বাচিত হৈছিল আৰু সংসদত ৮০০তকৈ অধিক ভাষণ দিছিল। সততা আৰু যুক্তিবাদিতাই তেওঁৰ বিশেষ বৈশিষ্ট্য আছিল।
Read also: Dr. Nagen Saikia Biography | ড° নগেন শইকীয়াৰ জীৱনী

My self Mahezubin Saikia. Working in Dev Library as a Content Writer. A website that provides all SCERT, NCERT 3 to 12, and BA, B.com, B.Sc, and Computer Science with Post Graduate Notes & Suggestions, Novel, eBooks, Health, Finance, Biography, Quotes, Study Materials, and more.








