Benudhar Rajkhowa Biography | বেণুধৰ ৰাজখোৱাৰ জীৱনী

অসমীয়া সাহিত্য আৰু ভাষা-গৱেষণাৰ ক্ষেত্ৰত বেণুধৰ ৰাজখোৱা (Benudhar Rajkhowa) এগৰাকী বিশিষ্ট ব্যক্তিত্ব। তেওঁৰ সাহিত্য সাধনাই অসমীয়াত আধুনিক নাট্য আন্দোলনৰ এক নতুন অধ্যায়ৰ সূচনা কৰিছিল। নাট্যচর্চাৰ জৰিয়তে সমাজৰ ত্ৰুটি-বিচ্যুতিৰ ওপৰত ব্যংগাত্মকভাৱে আঙুলিয়াই তেওঁ এক সুস্থ সমাজৰ স্বপ্ন দেখা কৰিছিল।১৮৮৯ চনৰ পৰাই তেওঁ নাটক ৰচনাৰ ক্ষেত্ৰত আগ্ৰহী হৈছিল। পদ্মনাথ গোহাঞিবৰুৱাৰ সহায়ত “বিজুলী” নামৰ আলোচনীৰ প্ৰচাৰত তেওঁ গুৰুত্বপূৰ্ণ ভূমিকা গ্ৰহণ কৰিছিল। তেওঁৰ ৰচনাসমূহত সমাজ জীৱনৰ গভীৰ পর্যবেক্ষণ, উপহাসৰ কৌশল আৰু প্ৰহসনমূলক পৰিস্থিতিৰ চমৎকাৰ সৃষ্টি দেখা যায়। এই গুৰুত্বপূৰ্ণ অৱদানের স্বীকৃতি হিচাপে ১৯২৬ চনৰ ধুবুৰীত অনুষ্ঠিত অসম সাহিত্য সভাৰ অধিবেশনত তেওঁক সভাপতি ৰূপে আদৰণি জনোৱা হৈছিল। ইংৰাজ চৰকাৰৰ পৰা তেওঁ “ৰায়চাহাব” খিতাপ লাভ কৰিছিল। লগতে, শিৱসাগৰৰ আধুনিক মঞ্চ আন্দোলনৰ লগতো তেওঁ ওতপ্ৰোতভাৱে জড়িত আছিল।

Benudhar Rajkhowa Biography | বেণুধৰ ৰাজখোৱাৰ জীৱনী

বেণুধৰ ৰাজখোৱা (Benudhar Rajkhowa) ৰ জন্ম, পৰিয়াল আৰু ব্যক্তিগত জীৱন

Join Telegram channel

Table of Contents

১৮৭২ চনৰ ১১ ডিচেম্বৰত খোৱাং নামৰ এখন গাঁওত, দিহিং নৈৰ পাৰত, বেণুধৰ ৰাজখোৱাৰ জন্ম হৈছিল। তেওঁৰ পিতৃ আছিল সুচান্দৰাম ৰাজখোৱা আৰু মাতৃ হীৰাৱতী ৰাজখোৱা। পৰিয়ালত তেওঁ তৃতীয় ভ্ৰাতৃ আছিল; তেওঁৰ দুই ভ্রাতৃ আছিল চন্দ্ৰধৰ ৰাজখোৱা আৰু সূৰ্যধৰ ৰাজখোৱা।

১৯৩২ চনত তেওঁ দুতিৰাম বৰুৱাৰ জ্যেষ্ঠ কন্যা ৰত্নকুমাৰী বৰুৱাৰ সৈতে বৈবাহিক জীবন আৰম্ভ কৰে। এই দম্পতীৰ তিনিজন পুত্ৰ আৰু এজনী কন্যা সন্তান আছিল, যিয়ে তেওঁলোকৰ জীৱনক পৰিপূৰ্ণ কৰি তোলে।

বেণুধৰ ৰাজখোৱা (Benudhar Rajkhowa) ৰ শিক্ষা জীৱন

বেণুধৰ ৰাজখোৱাৰ পিতৃ চুছন্দৰাম ৰাজখোৱা এজন মৌজাদাৰ আছিল। তেওঁ ১৮৭৭ চনত জয়পুৰ চহৰৰ মৌজাদাৰ হিচাপে নিযুক্তি লাভ কৰে। যদিও জয়পুৰত শিক্ষাৰ সু-ব্যৱস্থা নাছিল, সেই বাবে তেওঁৰ সন্তান সূৰ্যধৰ আৰু বেণুধৰক ডিব্ৰুগড়লৈ পঢ়িবলৈ পঠিয়োৱা হয়। ডিব্ৰুগড়ত অধ্যয়ন কৰি বেণুধৰ ৰাজখোৱা ১৮৮৯ চনত দ্বিতীয় বিভাগত এণ্ট্ৰেন্স পৰীক্ষা উত্তীৰ্ণ কৰে। তাৰ পিছত তেওঁ উচ্চ শিক্ষাৰ বাবে কলিকতাৰ প্ৰেছিডেন্সী কলেজত ভৰ্তি হয়।

ডিব্ৰুগড়ত তেওঁ প্ৰাথমিক আৰু মাধ্যমিক শিক্ষা লাভ কৰি, ১৮৯৬ চনত কলিকতাৰ পৰা স্নাতক ডিগ্ৰী লাভ কৰে। তাৰ পাছত বেণুধৰ অসমলৈ উভতি আহে আৰু ৰাজ্যৰ বিভিন্ন চৰকাৰী বিভাগত কৰ্মৰত থাকে। শেষত, ১৯৩১ চনত উপায়ুক্তৰ পদৰ পৰা অৱসৰ গ্ৰহণ কৰে। উল্লেখযোগ্যভাৱে, বেণুধৰ ৰাজখুৱা ১৯২৬ চনত ধুবুৰীত অনুষ্ঠিত অসম সাহিত্য সভাৰ নৱম অধিবেশনত সভাপতির দায়িত্ব পালন কৰিছিল।

বেণুধৰ ৰাজখোৱা (Benudhar Rajkhowa) ৰ সাহিত্যিক অৱদানৰ 

বেণুধৰ ৰাজখোৱা অসমৰ আধুনিক সাহিত্যৰ অন্যতম পথপ্ৰদৰ্শক। তেওঁৰ সাহিত্য সাধনাই অসমীয়া কবিতা, নাটক, শিশুসাহিত্য আদি ক্ষেত্ৰসমূহত এক নবজাগৰণ আনিছিল। তেওঁ সামাজিক, ধৰ্মীয়, নৈতিক, ৰাজনৈতিক আৰু সাংস্কৃতিক মূল্যবোধৰ ওপৰত আধাৰিত নানা চৰিত্ৰ আৰু ঘটনা কেন্দ্ৰ কৰি সুন্দৰ ৰূপত সাহিত্য সৃষ্টি কৰিছিল। তলত তেখেতৰ উল্লেখযোগ্য কাব্য আৰু নাট্যকৃতিৰ তালিকা দিয়া হ’ল—

কবিতা আৰু নাটকসমূহঃ

  • চন্দ্ৰ সম্ভৱ (১৮৯৫)
  • পঞ্চ কবিতা (১৮৯৫)
  • দশগীত (১৮৯৯)
  • সৰু লৰাৰ গান (১৯০১)
  • ডেকা-গাভৰু (১৮৮৯)
  • সেউতি কিৰণ (১৮৯৪)
  • অসমীয়া ভাই (১৯০১)
  • দৰবাৰ (১৯০২)
  • দুৰ্যোধনৰ উৰুভঙ্গ (১৯০৩)
  • কলিযুগ (১৯০৪)
  • বাঁহী (১৯০৬)
  • দক্ষযজ্ঞ (১৯০৮)
  • কুৰি শতিকাৰ সভ্যতা (১৯০৮)
  • লখিমী তিৰোতা (১৯০৯)
  • অশিক্ষিতা ঘৈণী (১৯১২)
  • বিপ্ৰ দামোদৰ (অসমীয়া খণ্ড) (১৯১৭)
  • তিনি-ঘৈণী (১৯২৮)
  • চোৰৰ সৃষ্টি (১৯৩১)
  • যমপুৰী (১৯৩১)
  • টোপনিৰ পৰিণাম (১৯৩২)

অনুবাদ কবিতাসমূহ

WhatsApp Group Join Now
Telegram Group Join Now
Instagram Join Now
  • বিপ্ৰ দামোদৰ (1918)
  • পবিত্ৰ নাম-ঘোষা (1920)
  • কান-খোৱা (1920)
  • গুণমালা (1923)

ভাষাতাত্বিক গ্ৰন্থসমূহ

  • Brochure on the Assamese Language (1898)
  • Notes on the Sylhetee Dialect (1913)
  • অসমীয়া খণ্ডবাক্য কোষ (1917)
  • A Companion To Writers In Assam (1944)

উপন্যাস

  • মহাসতী জয়মতী (1928)

লোক-সাহিত্যৰ ওপৰত লিখা গ্ৰন্থসমূহ

  • Assamese Demonology (1905)
  • বিহু (1914)
  • Historical Sketches of Old Assam (1917)
  • Assamese Popular Superstitions (1920)

আত্মজীৱনী

  • “মোৰ জীৱন দাপোন” 

বেণুধৰ ৰাজখোৱা (Benudhar Rajkhowa) ৰ দেহাৱসান

আজিৱন সাহিত্য সাধনাৰ জৰিয়তে অসমীয়া সাহিত্যক সমৃদ্ধ কৰি যোৱা বেণুধৰ ৰাজখোৱাই ১৯৫৫ চনত পৰলোক গমন কৰে। তেখেতৰ অৱদান সদায় স্মৰণীয় হৈ থাকিব।

উপসংহাৰ

বেণুধৰ ৰাজখোৱা আছিল অসমীয়া সাহিত্যৰ এক উজ্জ্বল জ্যোতি, যি কাব্য, নাটক, অনুবাদ, ভাষাতত্ত্ব, লোক-সাহিত্য আৰু শিশুসাহিত্যৰ ক্ষেত্ৰত সমান দখলত আগবাঢ়ি গৈছিল। তেওঁ অসমীয়া নাট্য আন্দোলনৰ পথপ্ৰদৰ্শকহে নহয়, বৰং সাহিত্যক সমাজৰ এক প্ৰতিচ্ছবিৰূপে গঢ়ি তোলে। তেওঁৰ সাহিত্যত ব্যংগ, বাস্তৱতা আৰু নৈতিক শিক্ষাৰ অপূৰ্ব সংমিশ্ৰণ দেখা যায়। এজন নিষ্ঠাবান সাহিত্যিক, ভাষা-গৱেষক আৰু সমাজসেৱক হিচাপে তেওঁ অসমীয়াৰ হৃদয়ত চিৰস্মৰণীয় হৈ থাকিব। ১৯৫৫ চনত মৃত্যুৱে যদিও তেওঁৰ জীৱনক অন্ত পেলাইছিল, তেওঁৰ সাহিত্যিক অৱদান আৰু চিন্তাধাৰা যুগে যুগে পাঠকৰ অন্তৰত জীয়াই থাকিব।

FAQ

1: বেণুধৰ ৰাজখোৱাৰ জন্ম কেতিয়া হৈছিল?
A: ১৮৭২ চনৰ ১১ ডিচেম্বৰত।
2: বেণুধৰ ৰাজখোৱাৰ জন্মস্থান ক’ত?
A: খোৱাং গাঁও, দিহিং নৈৰ পাৰ, অসম।
3: বেণুধৰ ৰাজখোৱাই কোন কলেজত উচ্চ শিক্ষা লাভ কৰিছিল?
A: কলিকতাৰ প্রেসিডেন্সি কলেজত।
4: বেণুধৰ ৰাজখোৱাই কোন বছৰত এণ্ট্ৰেন্স পৰীক্ষা উত্তীৰ্ণ কৰে?
A: ১৮৮৯ চনত।

Read also: Dr. Nagen Saikia Biography | ড° নগেন শইকীয়াৰ জীৱনী 

5: বেণুধৰ ৰাজখোৱাৰ আত্মজীৱনীখনৰ নাম কি?
A: মোৰ জীৱন দাপোন
6: বেণুধৰ ৰাজখোৱাক ইংৰাজ চৰকাৰে কি খিতাপ দিছিল?
A: ৰায়চাহাব।
7: বেণুধৰ ৰাজখোৱাৰ দেহাৱসান কেতিয়া ঘটিছিল?
A: ১৯৫৫ চনত।

Leave a Comment

Your email address will not be published. Required fields are marked *

This will close in 0 seconds

This will close in 0 seconds

error: Content is protected !!
Scroll to Top