🪔 Diwali Maha Offer Class 10 & 12 Bundles @ ₹299 ₹599
Ends in:
03d
14h
35m
40s

Class 5 Environment Chapter 16 আমাৰ চুবুৰীয়া ৰাজ্যসমূহ

Class 5 Environment Chapter 16 আমাৰ চুবুৰীয়া ৰাজ্যসমূহ, SEBA Chapter 16 আমাৰ চুবুৰীয়া ৰাজ্যসমূহ Class 5 Environment Study Question Answer to each chapter is provided in the list of SEBA Class 5 Environment Chapter 16 আমাৰ চুবুৰীয়া ৰাজ্যসমূহ Notes so that you can easily browse through different chapters and select needs one. Assam Board Class 5 পৰিৱেশ অধ্যয়ন Question Answer can be of great value to excel in the examination.

আমাৰ চুবুৰীয়া ৰাজ্যসমূহ

Chapter – 16

অনুশীলনী

১। উত্তৰ লিখা-

(ক) উত্তৰ-পূব ভাৰতৰ ৰাজ্যসমূহৰ নাম লিখা।

উত্তৰঃ উত্তৰ-পূব ভাৰতৰ ৰাজ্যসমূহৰ নাম হ’ল- অৰুণাচল প্রদেশ, অসম, মেঘালয়, মিজোৰাম, নাগালেণ্ড,

মণিপুৰ, ত্রিপুৰা, ছিকিম।

(খ) উত্তৰ-পূব ভাৰতৰ কেইটামান জনগোষ্ঠীৰ নাম লিখা।

উত্তৰঃ উত্তৰ-পূব ভাৰতৰ কেইটামান জনগোষ্ঠীৰ নাম হল–

উত্তৰ-পূব ভাৰতৰ ৰাজ্যসমূহজাতি-জনগোষ্ঠীৰ নাম
অৰুণাচল প্রদেশআদি, নিচি, গাল’, আপাটানি আদি।
অসমডিমাচা, বড়ো, কার্বি, আহোম, মিছিং, দেউৰী, সোণোৱাল কছাৰী, শৰণীয়া কছাৰী, ঠেঙাল কছাৰী, তিৱা, চুটীয়া, ৰাভা, হাজং, কোচ ৰাজবংশী, চাহ জনগোষ্ঠী আদি।
মেঘালয়খাচি, গাৰো, জয়ন্তীয়া আদি।
মিজোৰামমিজো, মাৰ আদি।
নাগালেণ্ডআংগামী, চেমা, আও, ৰেংমা, কন্যাক আদি।
মণিপুৰমণিপুৰী, কুকি, কাবুই আদি।
ত্রিপুৰাত্ৰিপুৰী, চাকমা, জামাতীয়া, মগ, ৰাংখল আদি।
ছিকিমলেপচা, নেপালী আদি।

(গ) উত্তৰ-পূব ভাৰতক সাতভনীৰ দেশ বুলি কিয় কোৱা হয়?

উত্তৰঃ আমাৰ ভাৰতবৰ্ষ এখন বিশাল দেশ। বিশাল ভাৰতবৰ্ষৰ উত্তৰ-পূব কোণত আমাৰ অসম ৰাজ্যখন অৱস্থিত। অসমৰ কাষতে থকা আন কেইখন ৰাজ্য হ’ল অৰুণাচল প্রদেশ, মণিপুৰ, মেঘালয়, মিজোৰাম, নাগালেণ্ড আৰু ত্ৰিপুৰা। এই কেইখন আমাৰ চুবুৰীয়া ৰাজ্য। অসমকে ধৰি এই সাতোখন ৰাজ্যক সাতভনীৰ দেশ বোলা হয়।

(ঘ) উত্তৰ-পূব ভাৰতৰ তিনিখন স্বাস্থ্যকৰ ঠাইৰ নাম লিখা।

উত্তৰঃ উত্তৰ-পূব ভাৰতৰ তিনিখন স্বাস্থ্যকৰ ঠাইৰ নাম হল অৰুণাচলৰ টাৱাং, অসমৰ হাফলং, মেঘালয়ৰ শ্বিলং।

২। ‘ক’ অংশৰ লগত ‘খ’ অংশ মিলাই লিখা।

ক অংশখ অংশ
অৰুণাচল প্রদেশক’হিমা
নাগালেণ্ডইম্ফল
ত্রিপুৰাআইজল
মণিপুৰইটানগৰ
মিজোৰামআগৰতলা

উত্তৰঃ

ক অংশখ অংশ
অৰুণাচল প্রদেশইটানগৰ
নাগালেণ্ডক’হিমা
ত্রিপুৰাআগৰতলা
মণিপুৰইম্ফল
মিজোৰামআইজল

৩। খালী ঠাই পূৰ কৰা-

(ক) মেঘালয়ৰ ________________ পৃথিৱীৰ ভিতৰত আটাইতকৈ বেছিবৰষুণ হয়।

উত্তৰঃ মেঘালয়ৰ মৌছিনৰামত পৃথিৱীৰ ভিতৰতে আটাইতকৈ বেছি বৰষুণ হয়।

(খ) মণিপুৰ ৰাজ্যৰ ___________ হ্রদ প্রাকৃতিকভাবে হোৱা এক বৃহৎহ্রদ।

উত্তৰঃ মণিপুৰ ৰাজ্যৰ  লকটক হ্রদ প্রাকৃতিক ভাবে হোৱা এক বৃহৎহ্রদ। 

(গ) শ্বিলং এখন ________________ ঠাই।

উত্তৰঃ শ্বিলং এখন স্বাস্থ্যকৰ ঠাই। 

(ঘ) চাহ উৎপাদনৰ ক্ষেত্ৰত _____________ ভাৰতৰ ভিতৰতেই প্রথম।

উত্তৰঃ চাহ উৎপাদনৰ ক্ষেত্ৰত অসম ভাৰতৰ ভিতৰতেই প্রথম।

(ঙ) _____________ খাচিসকলৰ এটা উৎসৱৰ নাম।

উত্তৰঃ ‘নংক্রেন’ খাচিসকলৰ এটা উৎসৱৰ নাম।

৪। তলত দিয়া বাক্যকেইটাৰ পৰা অশুদ্ধ বাক্যবোৰ বাচি উলিয়াই শুদ্ধকৈ লিখা-

(ক) বর্তমান অৰুণাচল প্রদেশ আগতে নগা পাহাৰ নামেৰে অসমৰ অংগ আছিল।

উত্তৰঃ বর্তমান নাগালেণ্ড ৰাজ্যখন আগতে নগা পাহাৰ নামেৰে অসমৰ অংগ আছিল।

(খ) কার্বি আংলং জিলা সমভূমিৰে গঠিত।

উত্তৰঃ কার্বি আংলং জিলা মূলতঃ পাহাৰীয়া।

(গ) অৰুণাচল প্রদেশৰ দক্ষিণ অঞ্চলত হিমালয় পর্বতমালা অৱস্থিত।

উত্তৰঃ অৰুণাচল প্রদেশৰ উত্তৰ অঞ্চলত হিমালয় পর্বতমালা অৱস্থিত।

(ঘ) ত্ৰিপুৰা ৰাজ্যখন সমভূমিৰে আবৃত।

উত্তৰঃ পশ্চিম ত্ৰিপুৰা সমভূমিৰে আবৃত।

(৫) মিজোৰামত লকটক হ্রদ আছে।

উত্তৰঃ মণিপুৰত লকটক হ্রদ আছে।

৫। কোন কেইখন ৰাজ্যক একেলগে ‘উত্তৰ-পূব ভাৰত’ বুলি কোৱা হয়।

উত্তৰঃ অৰুণাচল প্রদেশ, মণিপুৰ, মেঘালয়, মিজোৰাম, নাগালেণ্ড আৰু ত্ৰিপুৰা এইকেইখন ৰাজ্যক একেলগে উত্তৰ-পূব ভাৰত বা উত্তৰ-পূৰ্বাঞ্চল বুলিও কোৱা হয়। 

৬। ভাৰতৰ উত্তৰ-পূবৰ ৰাজ্যসমূহ পর্যটকৰ বাবে কিয় আকর্ষণীয় লিখা।

উত্তৰঃ ভাৰতৰ উত্তৰ-পূবৰ ৰাজ্যসমূহ বহুতো আকর্ষণীয় আৰু প্ৰাকতিক ঐতিহ্যৰে ভৰপূৰ। উত্তৰ-পূব অঞ্চল বিভিন্ন নদ-নদী, হ্রদ, অভয়াৰণ্য, নদী-দ্বীপ আৰু পাহাৰীয়া অঞ্চলেৰে গঠিত। এনেধৰণৰ অনেক বৈশিষ্টৰে ভৰি থকাৰ বাবে উত্তৰ-পূবৰ ৰাজ্য সমূহ পৰ্যটকৰ বাবে আকর্ষণীয়।

NEW VIDEO CLASS

Subject Ka Complete Video Solution Dekhein

Step-by-step easy concept explanation aur full questions Answer ke liye watch karein ya app download karein:

Leave a Reply

This site uses Akismet to reduce spam. Learn how your comment data is processed.

Scroll to Top