🪔 Diwali Maha Offer Class 10 & 12 Bundles @ ₹299 ₹599
Ends in:
03d
14h
35m
40s

Class 5 Environment Chapter 1 আমাৰ পৰিৱেশ

Class 5 Environment Chapter 1 আমাৰ পৰিৱেশ, SEBA Chapter 1 আমাৰ পৰিৱেশ Class 5 Environment Study Question Answer to each chapter is provided in the list of SEBA so that you can easily browse through different chapters and select needs one. Assam Board Class 5 পৰিৱেশ অধ্যয়ন Question Answer can be of great value to excel in the examination.

আমাৰ পৰিৱেশ

Chapter – 1

অনুশীলনী

১। উত্তৰ লিখা-

(ক) পৰিৱেশৰ জৈৱিক উপাদানকেইটাৰ নাম কি কি?

উত্তৰঃ উদ্ভিদ, প্রাণী, চৰাই-চিৰিকটি, কীট-পতংগ, অণুজীৱ আজলাহদি হৈছে পৰিৱেশৰ জৈৱিক উপাদান।

(খ) পেংগুইন চৰাইৰ গাৰ গঠন কেনেকুৱা?

উত্তৰঃ পেংগুইন চৰাইৰ গাৰ গঠন সৰু সৰু পাখিৰে আৱৰা আৰু ডেউকা দুখন সৰু।

(গ) জলাহ অঞ্চল কাক বোলে?

উত্তৰঃ সাধাৰণতে সাময়িকভাবে বা স্থায়ীভাৱে জলমগ্ন হৈ থকা মাটিভাগেই হ’ল জলাহভূমি। ইয়াৰ উপৰি  হ্রদ, খাল-বিল, পুখুৰী, নদ-নদী, জান- জুৰি, ভূ-গৰ্ভৰ পানী আদি জলাহ  হিচাপে চিহ্নিত হৈ আহিছে।

(ঘ) পৰিৱেশৰ অজৈৱিক উপাদানসমূহ কি কি?

উত্তৰঃ বায়ু, মাটি, পানী, সূৰ্যৰ পোহৰ আদি আমাৰ পৰিৱেশৰ অজৈৱিক উপাদান।

(ঙ) মানবসৃষ্ট পৰিৱেশ বুলিলে কি বুজা?

উত্তৰঃ মানুহে নিজৰ প্ৰয়োজন অনুসৰি নতুন কৌশল প্রয়োগ কৰি নিৰ্মাণ কৰি যোৱাৰ ফলত কৃত্ৰিম পৰিৱেশৰ সৃষ্টি হয়। ইয়াকে মানবসৃষ্ট পৰিৱেশ বুলি কোৱা হয়। 

(চ) মৰুভূমিত কি কি প্রাণী আৰু উদ্ভিদ পোৱা যায়? এটাকৈ উদাহৰণ দিয়া।

উত্তৰঃ মৰুভূমিত পোৱা প্রাণীৰ নাম হল উট আৰু উদ্ভিদৰ নাম হল কেক্ টাছ।

(ছ) পৰিৱেশত পোহৰৰ ভূমিকা কি?

উত্তৰঃ পৰিৱেশত পোহৰৰ ভূমিকা হল উদ্ভিদে খাদ্য প্রস্তুত কৰোঁতে ব্যৱহাৰ কৰা এটা মুখ্য উপাদান হ’ল সূৰ্যৰ পোহৰ। এই সূৰ্যৰ পোহৰক শক্তি হিচাপে ব্যৱহাৰ কৰা হয়। 

২। খালী ঠাই পূৰ কৰা-

(ক) _______________মৰুভূমিৰ প্ৰধান প্রাণী।

উত্তৰঃ উট।

(খ) বগা ভালুক _______________অঞ্চলত থাকে।

উত্তৰঃ মেৰু অঞ্চলত।

(গ) তৃণভূমি অঞ্চলত বৃহৎএলেকাজুৰি_______পোৱা যায়।

উত্তৰঃ তৃণভোজী আৰু মাংসভোজী প্রানী পোৱা যায়।

(ঘ) মৰুভূমিত_____________জাতীয় উদ্ভিদ হয়।

উত্তৰঃ কেক্ টাছ।

(ঙ) পোহৰ পৰিবেশৰ এটা____________ উপাদান।

উত্তৰঃ অজৈৱিক উপাদান।

৩। তলৰ উক্তিসমূহ শুদ্ধ কৰি লিখা-

(ক) বগা ভালুক/হবিণা/জেব্রা মেৰু অঞ্চলৰ প্রাণী।

উত্তৰঃ বগা ভালুক মেৰু অঞ্চলৰ প্রাণী।

(খ) ছীল/বল্লা হৰিণ/য়াকৰ দীঘল আৰু শাখা-প্রশাখাযুক্ত শিং থাকে।

উত্তৰঃ বল্লা হৰিণ শাখা-প্রশাখাযুক্ত শিং থাকে।

(গ) জিৰাফ/সিংহ/বাঘ এবিধ তৃণভোজী প্রাণী।

উত্তৰঃ জিৰাফ এবিধ তৃণভোজী প্রাণী।

৪। চমুটোকা লিখা- 

(ক) জলাহভূমি।

উত্তৰঃ সাধাৰণতে সাময়িকভাৱে বা স্থায়ীভাবে জলমগ্ন হৈ থকা মাটিভাগেই হ’ল জলাহভূমি।’ জলাহভূমি’ বা ‘আর্দ্রভূমি’ হৈছে প্রাকৃতিক পৰিৱেশৰ এক উত্তম উদাহৰণ। কিয়নো পানী আৰু মাটি এই দুই প্রধান উপাদানেৰে ইয়াৰ পৰিৱেশ গঢ় লৈ উঠে। খাদ্যৰ বাবে জলাহভূমিৰ প্ৰাণীবোৰে পৰস্পৰে পৰস্পৰৰ ওপৰত নিৰ্ভৰ কৰে।

(খ) অণুজীৱ।

উত্তৰঃ বেক্টেৰিয়া, ভাইৰাছ আদি জীৱ ইমানেই ক্ষুদ্র যে খালী চকুৰে ইহঁতক দেখা পোৱা নাযায়। এইবোৰক অণুবীক্ষণ যন্ত্ৰৰ সহায়তহে দেখা যায়। সেয়েহে ইহঁতক অণুজীৱ বোলে। ইহঁত বায়ু, পানী, মাটি সকলোতে থাকে। কিছুমান বেক্টেৰিয়াই মৃত উদ্ভিদ বা প্ৰাণীৰ পচন ঘটাই পচন সাৰ তৈয়াৰ কৰে।

(গ) পানী।

উত্তৰঃ পানী বা জলভাগ হ’ল পৰিৱেশৰ এবিধ অতি প্রয়োজনীয় অজৈৱিক উপাদান। পৃথিৱীৰ মুঠ পানীৰ বেছিভাগেই হৈছে সাগৰ আৰু মহাসাগৰৰ। ইয়াৰ উপৰি বৰষুণ, হ্রদ, খাল-বিল, পুখুৰী, নদ-নদী, জান- জুৰি, ভূ-গৰ্ভৰ পানী আদি হ’ল পানীৰ একো একোটা উৎস। পানীৰ অবিহনে কোনো জীৱ জীয়াই থাকিব নোৱাৰে।

(ঘ) বায়ু।

উত্তৰঃ আমাৰ চাৰিওফাল বায়ুৱে আৱৰি আছে। বায়ু থকাৰ বাবে আমাৰ পৃথিৱীখন উদ্ভিদ, প্রাণী আৰু মানুহৰ বসবাসৰ উপযোগী হৈছে, সেয়েহে বায়ু হ’ল পৰিৱেশৰ এটা গুৰুত্বপূৰ্ণ উপাদান। বায়ু কেইবাবিধো গেছৰ সমষ্টি। বায়ুত নাইট্র’জেন, অক্সিজেন, কার্বন-ডাই-অক্সাইড থকাৰ উপৰি জলীয় বাষ্প আৰু আন আন গেছ কম পৰিমাণে থাকে।

৫। এটা প্রাকৃতিক দৃশ্যৰ ছবি আঁকা।

উত্তৰঃ 

NEW VIDEO CLASS

Subject Ka Complete Video Solution Dekhein

Step-by-step easy concept explanation aur full questions Answer ke liye watch karein ya app download karein:

Leave a Reply

This site uses Akismet to reduce spam. Learn how your comment data is processed.

Scroll to Top