Class 5 Environment Chapter 4 জীৱন ধাৰণৰ প্ৰণালী

Class 5 Environment Chapter 4 জীৱন ধাৰণৰ প্ৰণালী, SEBA Chapter 4 জীৱন ধাৰণৰ প্ৰণালী Class 5 Environment Study Question Answer to each chapter is provided in the list of SEBA so that you can easily browse through different chapters and select needs one. Assam Board Class 5 পৰিৱেশ অধ্যয়ন Question Answer can be of great value to excel in the examination.

জীৱন ধাৰণৰ প্ৰণালী

Join Telegram channel
Follow us:
facebook sharing button
whatsappp sharing button
instagram sharing button

Chapter – 4

অনুশীলনী

১। উত্তৰ লিখা-

(ক) গাঁৱৰ বাসিন্দাসকলৰ প্ৰধান জীবিকা কি? তেওঁলোকে কি কি শস্যৰ খেতি কৰে?

উত্তৰঃ গাঁৱৰ বাসিন্দাসকলৰ প্ৰধান জীৱিকাৰ উপায় হ’ল কৃষি। সাধাৰণতে গাঁৱৰ লোকসকলে ধান,সৰিয়হ, তিল, কুঁহিয়াৰ,মাহ, নানা প্ৰকাৰৰ শাক-পাচলিৰ খেতি কৰে।

(খ) চৰ অঞ্চলত বাস কৰা লোকসকলে কি কি শস্যৰ খেতি কৰে?

উত্তৰঃ চৰ অঞ্চলত বসবাস কৰা লোকসকলে সাধাৰণতে ৰবি শস্যৰ খেতি কৰে। চৰ অঞ্চলৰ মাটি পলসযুক্ত বালিচহীয়া হোৱা বাবে তাত খৰালি কালত প্ৰচুৰ পৰিমাণে মাহ, সৰিয়হ, জলকীয়া, বেঙেনা, তৰমুজ আদিৰ খেতি হয়।

(গ) জুম খেতি কাক বোলে? এই কৃষি পদ্ধতিৰে কি কি শস্যৰ খেতি কৰা হয়?

উত্তৰঃ পাহাৰৰ এঢলীয়া ঠাইত কোৰেৰে মাটি খান্দি ঢাপ কৰি কৰা খেতিকে জুম খেতি বোলে। এই কৃষি পদ্ধতিৰে ধান, মাকৈ, তিল, আদা, হালধি আদি খেতি কৰা হয়।

WhatsApp Group Join Now
Telegram Group Join Now
Instagram Join Now

(ঘ) নৈ পাৰৰ লোকসকলে কিদৰে জীৱন নির্বাহ কৰে?

উত্তৰঃ নৈৰ পাৰত বসবাস কৰা লোকসকলে কৃষিকাৰ্যৰ লগতে মাছ ধৰিও জীৱিকা নিৰ্বাহ কৰে।গৰু, ছাগলী, হাঁহ-কুকুৰা, গাহৰি আদি পালন কৰিও এই অঞ্চলৰ মানুহে জীৱিকা নিৰ্বাহ কৰে।

(ঙ) চাহ বাগিচাৰ শ্ৰমিকসকল কি কি কামৰ লগত জড়িত থাকে?

উত্তৰঃ চাহ বাগিচাৰ শ্ৰমিকসকল বাগিচাৰ কুমলীয়া পাত চিঙা, উদ্যোগলৈ বস্তু অনা-নিয়া কৰা, যন্ত্র পাতি চলোৱা আদি বিভিন্ন কামৰ লগত জড়িত থাকে।

২। ‘ক’ অংশৰ লগত ‘খ’ অংশ মিলোৱা-

‘ক’‘খ’
প্রাকৃতিক দিশৰপৰা অসম এখনঅঘৰী জীৱন-যাপন কৰিছিল।
অসমৰ ভৈয়াম আৰু পাহাৰ দুয়ো অঞ্চলতেচহকী ৰাজ্য।
আদিম মানুহেৰবি শস্যৰ খেতি কৰে।
চৰ অঞ্চলত বসবাস কৰা লোকসকলে সাধাৰণতেচাহ বাগিচা দেখা যায়।

উত্তৰঃ

‘ক’‘খ’
প্রাকৃতিক দিশৰপৰা অসম এখনচহকী ৰাজ্য।
অসমৰ ভৈয়াম আৰু পাহাৰ দুয়ো অঞ্চলতেচাহ বাগিচা দেখা যায়।
আদিম মানুহেঅঘৰী জীৱন-যাপন কৰিছিল।
চৰ অঞ্চলত বসবাস কৰা লোকসকলে সাধাৰণতেৰবি শস্যৰ খেতি কৰে।

৩। খালী ঠাই পূৰ কৰা-

(ক) খৰালি কালত পাহাৰীয়া অঞ্চলত ____________ অভাৱ হয়।

উত্তৰঃ খৰালি কালত পাহাৰীয়া অঞ্চলত পানীৰ অভাৱ হয়।

(খ) ভৈয়াম অঞ্চলবোৰ সাধাৰণতে ____________ ভূমি।

উত্তৰঃ ভৈয়াম অঞ্চলবোৰ সাধাৰণতে সমতল ভূমি।

(গ) পাহাৰ অঞ্চলৰ লোকসকলে সাধাৰণতে ______________ কৰে।

উত্তৰঃ পাহাৰ অঞ্চলৰ লোকসকলে সাধাৰণতে জুম খেতি কৰে।

(ঘ) অসমত পাহাৰ আৰু ভৈয়াম দুয়ো অঞ্চলতে _________ দেখা যায়।

উত্তৰঃ অসমত পাহাৰ আৰু ভৈয়াম দুয়ো অঞ্চলতে চাহ বাগিচা দেখা যায়।

(ঙ) _____লোকসকলে কুটীৰ শিল্পব লগত জড়িত হৈ থাকে।

উত্তৰঃ গাওঁ অঞ্চলৰ লোকসকলে কুটীৰ শিল্পব লগত জড়িত হৈ থাকে।

৪। তলত দিয়া বাক্যকেইটাৰ পৰা অশুদ্ধবোৰ বাছি উলিয়াই শুদ্ধকৈ লিখা-

(ক) প্রাচীনকালত মানুহে স্থায়ীভাৱে ঘৰ সাজি উন্নত জীৱন-যাপন কৰিছিল।

উত্তৰঃ প্রাচীনকালত মানুহে অস্থায়ীভাৱে ঘৰ সাজি সাধাৰণ জীৱন-যাপন কৰিছিল।

(খ) উদ্যোগ, চাকৰি, ব্যৱসায় আদি নগৰ অঞ্চলৰ লোকসকলৰ জীবিকা নির্বাহৰ মূল উপায়।

উত্তৰঃ উদ্যোগ, চাকৰি, ব্যৱসায় আদি চহৰ অঞ্চলৰ লোকসকলৰ জীবিকা নির্বাহৰ মূল উপায়।

(গ) নগৰ অঞ্চলতকৈ গাঁও অঞ্চলত যান-বাহনৰ সংখ্যা কম।

উত্তৰঃ নগৰ অঞ্চলতকৈ গাঁও অঞ্চলত যান-বাহনৰ সংখ্যা কম।

(ঘ) কৃষিকৰ্মৰ বাহিৰেও গাঁও অঞ্চলৰ কিছুলোকে চাকৰিজীৱী হিচাপে জীৱিকা নির্বাহ কৰে।

উত্তৰঃ কৃষিকৰ্মৰ বাহিৰেও গাঁও অঞ্চলৰ কিছুসংখ্যক লোকে চাকৰি কৰিও জীৱিকা নিৰ্বাহ কৰে। 

(ঙ) চৰ অঞ্চলত বসবাস কৰা লোকসকলে সাধাৰণতে ৰবি শস্যৰ খেতি কৰে।

উত্তৰঃ চৰ অঞ্চলত বসবাস কৰা লোকসকলে সাধাৰণতে ৰবি শস্যৰ খেতি কৰে।

৫। জুইৰ আবিষ্কাৰ কেনেদৰে হৈছিল?

উত্তৰঃ আদিম কালৰ মানুহে খাদ্য সংগ্ৰহৰ বাবে হাবিত ঘূৰি ফুৰি থকা অৱস্থাত ঘটনাক্রমে দুটুকুৰা শিল ঘঁহনি খাই ফিৰিঙতিৰ উৎপত্তি হোৱা দেখিছিল। সেই ফিৰিঙতিয়ে শুকান ডাল-পাতৰ সংস্পৰ্শলৈ আহি জুইৰ সৃষ্টি কৰিছিল। এইদৰে জুইৰ আৱিষ্কাৰ হৈছিল। 

৬। আদিম কালৰ মানুহে কি কি কামৰ বাবে শিলৰ সঁজুলি ব্যৱহাৰ কৰিছিল?

উত্তৰঃ আদিম মানুহে বিভিন্ন কামত শিলৰদ্বাৰা নিৰ্মিত সঁজুলি ব্যৱহাৰ কৰিছিল। কিয়নো শিল সকলো ঠাইতে পোৱা গৈছিল। এই শিলৰ সঁজুলিবোৰ নিজৰ কামৰ উপযোগীকৈ গঢ় দি বিভিন্ন কামত, যেনে- চিকাৰ কৰিবলৈ, খাদ্যবস্তু কাটিবলৈ বা গুড়ি কৰিবলৈ ব্যৱহাৰ কৰিছিল। তেওঁলোকে ছবি আঁকিবলৈ শিলৰ জোঙা আৰু মিহি সঁজুলি ব্যৱহাৰ কৰিছিল।

৭। পার্থক্য লিখা- 

(ক) গাঁও আৰু চহৰ।

উত্তৰঃ গাঁও: গাঁওঅঞ্চলৰ বেছিসংখ্যক লোকেই কৃষি-কর্ম, কুটীৰ শিল্প, মীন পালন, হাঁহ-কুকুৰা পালন আদিৰ ওপৰত নিৰ্ভৰ কৰি সীমিত সা-সুবিধাৰে সমাজ পাতি বাস কৰে। অসমৰ ভৈয়াম আৰু পাহাৰ দুয়ো ঠাইতে গাঁওবোৰ আছে।

চহৰ: শিল্প বাণিজ্য, চাকৰি, ব্যৱসায় আদিৰ সুবিধা থকা আৰু উন্নত শিক্ষা, চিকিৎসা, যাতায়াত, বিজুলী, পানী আদিৰ ব্যৱস্থা থকা ঘন জনবসতিপূর্ণ অঞ্চলসমূহেই হ’ল চহৰ অঞ্চল। অসমত ভৈয়াম আৰু পাহাৰ দুয়ো ঠাইতে চহৰ অঞ্চল আছে।

(খ) ভৈয়াম আৰু পাহাৰ।

উত্তৰঃ ভৈয়াম: ভৈয়াম অঞ্চলবোৰ সাধাৰণতে সমতল ভূমি। সমতল ভূমিত নদ-নদী, খাল-বিল, পুখুৰী আদি থাকে। ভৈয়ামৰ মাটি পলসুৱা হোৱাৰ বাবে কৃষিৰ বাবে উপযোগী। ভৈয়ামৰ সমতল ভূমিত মানুহে গাঁও পাতি বসবাস কৰে। গাঁৱৰ বাসিন্দাসকলৰ প্ৰধান জীৱিকাৰ উপায় হ’ল কৃষি। সাধাৰণতে গাঁৱৰ মানুহে ধান, মাহ, মৰাপাট, সৰিয়হ, তিল, কুঁহিয়াৰ, নানা প্ৰকাৰৰ শাক-পাচলি আদিৰ খেতি কৰা দেখা যায়। গাঁও অঞ্চলৰ কিছু লোক কুটীৰ শিল্পৰ লগত জড়িত হৈ থাকে।

পাহাৰ: পাহাৰৰ ওখ-চাপৰ ঠাইত বসবাস কৰা লোকসকলে তেওঁলোকৰ জীৱিকা নিৰ্বাহৰ বাবে বিভিন্ন উপায় অৱলম্বন কৰে। খৰালি কালত পাহাৰীয়া অঞ্চলত পানীৰ অভাৱ হয়। এই অঞ্চলৰ লোকসকলে সাধাৰণতে জুম খেতি কৰা দেখা যায়। পাহাৰৰ এঢলীয়া ঠাইত কোৰেৰে মাটি খান্দি ঢাপ কৰি জুম খেতি কৰে। তেওঁলোকে কৰা খেতিৰ ভিতৰত ধান, মাকৈ, তিল, আদা, হালধি আদিয়েই প্রধান। জুম খেতি কৰাটো বৰ কষ্টকৰ। গাহৰি, গৰু, কুকুৰা আদি পুহিও পাহাৰীয়া অঞ্চলৰ লোকসকলে জীৱন নিৰ্বাহ কৰে। 

Leave a Comment

This site uses Akismet to reduce spam. Learn how your comment data is processed.

Scroll to Top