Class 5 Environment Chapter 6 অসমৰ প্ৰাকৃতিক সম্পদ আৰু সংৰক্ষণ

Class 5 Environment Chapter 6 অসমৰ প্ৰাকৃতিক সম্পদ আৰু সংৰক্ষণ, SEBA Chapter 6 অসমৰ প্ৰাকৃতিক সম্পদ আৰু সংৰক্ষণ Class 5 Environment Study Question Answer to each chapter is provided in the list of SEBA so that you can easily browse through different chapters and select needs one. Assam Board Class 5 পৰিৱেশ অধ্যয়ন Question Answer can be of great value to excel in the examination.

অসমৰ প্ৰাকৃতিক সম্পদ আৰু সংৰক্ষণ

Join Telegram channel

Chapter – 6

অনুশীলনী

১। উত্তৰ লিখা-

(ক) প্রাকৃতিক সম্পদ বুলিলে কি বুজা?

উত্তৰঃ প্ৰকৃতিৰপৰা আহৰণ কৰিব পৰা মানুহৰ ব্যৱহাৰৰ উপযোগী সামগ্ৰীবোৰক প্রাকৃতিক সম্পদ বুলি কোৱা হয়।

(খ) নবীকৰণক্ষম আৰু অনবীকৰণক্ষম সম্পদ বুলিলে কি বুজা?

উত্তৰঃবায়ু, মাটি, উদ্ভিদ, সৌৰশক্তি আদিৰ দৰে কিছুমান প্রাকৃতিক সম্পদ বাৰে বাৰে ব্যৱহাৰ কৰি থাকিলেও শেষ নহয়, এইবোৰক নবীকৰণক্ষম সম্পদ বোলে। আৰু  কয়লা, খনিজ পদার্থ, খাৰুৱা তেল আদি এবাৰ আহৰণ কৰি ব্যৱহাৰ কৰাৰ পাছত এই সম্পদ পুনৰ সৃষ্টি হ’বলৈ বহুত দীঘলীয়া সময় লাগে। এইবোৰক অনবীকৰণক্ষম সম্পদ বোলে।

(গ) অসমৰ ৰাষ্ট্ৰীয় উদ্যান কেইখনৰ নাম লিখা।

উত্তৰঃ অসমৰ ৰাষ্ট্ৰীয় উদ্যান কেইখনৰ নাম হল কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যান,মানাহ ৰাষ্ট্ৰীয় উদ্যান,নামেৰি ৰাষ্ট্ৰীয় উদ্যান,ডিব্ৰু-চৈখোৱা ৰাষ্ট্ৰীয় উদ্যান,ওৰাং ৰাষ্ট্ৰীয় উদ্যান,ৰাইমনা ৰাষ্ট্ৰীয় উদ্যান আৰু দিহিং-পাটকাই ৰাষ্ট্ৰীয় উদ্যান।

(ঘ) অসমৰ কোনকেইখন জিলাত চূণশিল পোৱা যায়।

উত্তৰঃ অসমৰ দুইখন জিলাত চূণশিল পোৱা যায় সেইবোৰ হল ডিমা-হাছাও জিলাৰ উমৰাংছু আৰু কাৰ্বি আংলং জিলাৰ কয়লাজান।

(ঙ) অসমৰ বনাঞ্চলত থকা চাৰিবিধ প্ৰাণীৰ নাম উল্লেখ কৰা।

উত্তৰঃ অসমৰ বনাঞ্চলত থকা চাৰিবিধ প্ৰাণীৰ নাম হল গড়, হাতী,বাঘ আৰু বনৰীয়া ঘোঁৰা।

২। চমুটোকা লিখা-

(ক) অভয়াৰণ্য।

উত্তৰঃ জৈৱবৈচিত্র্যৰ ওপৰত ভিত্তি কৰি চৰকাৰে প্ৰাকৃতিকভাৱে যথেষ্ট গুৰুত্বপূৰ্ণ একোটা এলেকাক অভয়াৰণ্য বুলি ঘোষণা কৰে। ইয়াত বন্যপ্রাণী আৰু গছ-গছনিক বিশেষভাৱে ৰক্ষণাবেক্ষণ দিয়া হয়। অভয়াৰণ্যত থকা গছ-গছনি যাতে বিনা অনুমতিত কোনেও কাটি লৈ যাব নোৱাৰে আৰু বন্যপ্রাণীবোৰ বধ কৰিব নোৱাৰে তাৰ প্ৰতি চোকা দৃষ্টি ৰখা হয়।

(খ) সংৰক্ষিত বনাঞ্চল।

উত্তৰঃ বনজ সম্পদত চহকী প্রাকৃতিক অঞ্চল কিছুমানক চৰকাৰে সংৰক্ষিত বনাঞ্চল হিচাপে ঘোষণা কৰে। এই সংৰক্ষিত বনাঞ্চলসমূহত থকা উদ্ভিদ আৰু বন্যপ্ৰাণীৰ সুৰক্ষাৰ ব্যৱস্থা বন বিভাগে লয়। 

(গ) উদ্ভিদ উদ্যান।

উত্তৰঃ উদ্ভিদ উদ্যান হ’ল এনে কিছু সংৰক্ষিত অঞ্চল য’ত বিভিন্ন প্ৰজাতিৰ উদ্ভিদ সংৰক্ষণ কৰি ৰখা হয়। এই উদ্ভিদ উদ্যানত দর্শনার্থীয়ে চিনি পাবৰ বাবে প্রত্যেকডাল উদ্ভিদৰ লগত স্থানীয় নামৰ লগতে বৈজ্ঞানিক নামৰ ফলক লগোৱা থাকে। উদ্ভিদ উদ্যানবোৰ চাবলৈ দেশ-বিদেশৰ পৰ্যটক আছে। গুৱাহাটীৰ চিৰিয়াখানাৰ চৌহদত উদ্ভিদ উদ্যান আছে।

(ঘ) ৰাষ্ট্ৰীয় উদ্যান।

উত্তৰঃ ৰাষ্ট্ৰীয় উদ্যানসমূহক সাধাৰণতে একেবাৰে ভিতৰ অঞ্চল আৰু দাঁতিকাষৰীয়া অঞ্চল হিচাপে দুটা ভাগত ভগোৱা হয়। পর্যটকসকলৰ বাবে ৰাষ্ট্ৰীয় উদ্যানৰ দাঁতিকাষৰীয়া অঞ্চলত দৰ্শনৰ সুবিধা থাকে। ৰাষ্ট্ৰীয় উদ্যানৰ একেবাৰে ভিতৰ অঞ্চলত জনসাধাৰণৰ বাবে প্ৰৱেশ নিষেধ থাকে। এই অঞ্চলটো সম্পূৰ্ণভাৱে বন্যপ্ৰাণীৰ বাবে সংৰক্ষিত। এই সংৰক্ষিত বনাঞ্চলবোৰ চাবলৈ অহা দেশ-বিদেশৰ পৰ্যটকৰপৰা চৰকাৰে ৰাজহ সংগ্ৰহ কৰে।

৩। খালী ঠাই পূৰ কৰা।

(ক) ২১ মার্চ দিনটো __________হিচাপে পালন কৰা হয়।

উত্তৰঃ ২১ মার্চ দিনটো ‘বিশ্ব বন দিৱস’ হিচাপে পালন কৰা হয়।

(খ) প্রাকৃতিকভাৱে পোৱা সকলো সামগ্রী_____নহয়।

উত্তৰঃ প্রাকৃতিকভাৱে পোৱা সকলো সামগ্রী সম্পদ নহয়।

(গ)_________________ ৰ কলয়াখনি অতি পুৰণি।

উত্তৰঃ মাকুমৰ কলয়াখনি অতি পুৰণি।

(ঘ) বিলাতী মাটি প্রস্তুত কৰিবলৈ______ব্যৱহাৰ কৰা হয়।

উত্তৰঃ বিলাতী মাটি প্রস্তুত কৰিবলৈ চূণশিল ব্যৱহাৰ কৰা হয়।

(ঙ)__________আৰু___________ অসমৰ দুখন প্রধান নৈ।

উত্তৰঃ বৰাক আৰু ব্ৰহ্মহপুত্ৰ অসমৰ দুখন প্রধান নৈ।

৪। জৈৱ সম্পদ সংৰক্ষণৰ প্রয়োজনীয়তাৰ বিষয়ে লিখা।

উত্তৰঃ বিভিন্ন প্রাকৃতিক দুর্যোগ, প্ৰদূষণ আদিৰ ফলত জৈৱ সম্পদবোৰ ধ্বংস হোৱা দেখা যায়। তদুপৰি বৰ্তমানৰ আধুনিকীকৰণ আৰু উদ্যোগীকৰণৰ যুগত জৈৱসম্পদসমূহ ধ্বংসৰ দিশত গতি কৰিছে। পাহাৰে-পৰ্বতে মানুহে বসতি কৰিবলৈ লোৱাৰ ফলত গছ-গছনি, পশু-পক্ষী আদি নোহোৱা হৈছে। সুপৰি কল্পিত, বিজ্ঞানভিত্তিক ব্যৱহাৰৰ দ্বাৰা প্ৰাকৃতিক সম্পদসমূহৰ সুৰক্ষা নিশ্চিত কৰা আৰু ধ্বংসপ্রাপ্ত সম্পদসমূহৰ পুনৰুদ্ধাৰৰ ব্যৱস্থা কৰে সেইবাবে জৈৱ সম্পদ সংৰক্ষণৰ প্রয়োজন হয়।

৫। পৰিবেশ সজাগতা আনিবলৈ তুমি ৩টা ব্যৱস্থাৰ কথা উল্লেখ কৰা।

উত্তৰঃ পৰিবেশ সজাগতা আনিবলৈ তুমি ৩টা ব্যৱস্থা হল-

(১) গছ-পুলি ৰোৱা হয় আৰু গছ পুলিৰ যত্ন লোৱাৰ বাবে ৰাইজৰ মাজত সচেতনতা বৃদ্ধি কৰা হয়।

(২) পানীৰ সংৰক্ষণ, সুৰক্ষা আৰু সঠিক ব্যৱহাৰৰ বিষয়ে সজাগতা আনিবলৈ সভা-সমিতি পতা হয়।

(৪) বন্যপ্রাণী সংৰক্ষণৰ বাবে সজাগতা বৃদ্ধি কৰা হয়।

৬। শুদ্ধ উত্তৰটো বিচাৰি লিখা-

(ক) তলৰ কোনখন ৰাষ্ট্ৰীয় উদ্যান হয়?

(১) ৰাইমনা। 

(২) গৰমপানী। 

(৩) পবিতৰা। 

(৪) চক্রশীলা।

উত্তৰঃ( ১) ৰাইমনা।

(খ) তলৰ কোনবিধ অসমৰ ৰাজ্যিক পক্ষী?

(১) মইনা।   

(২) ময়ূৰ।   

(৩) ধনেশ।   

(৪) দেওহাঁহ।

উত্তৰঃ (৪) দেওহাঁহ।

Leave a Comment

Your email address will not be published. Required fields are marked *

Scroll to Top